দ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

নাৰী-স্বাস্থ্য সম্পৰ্কে দুটামান জটিল, দুটামান সৰল কথা-(উদ্দীপ তালুকদাৰ)

 

খুব ডাঙৰ ডাঙৰ কথালৈ নগৈয়ো, অতি সহজেই বুজিব পাৰি যে সবলীকৰণৰ লগত স্বাস্থ্যৰ এটা প্ৰত্যক্ষ সম্বন্ধ আছে। সুস্থ শৰীৰহে সবল হ’ব, নাৰীয়ে যদি সমৰ কলা শিকি নিজৰ ৰক্ষা কৰিবলগীয়া হয় তাৰ আগতেই প্ৰয়োজন হ’ব সুস্থ শৰীৰ এটাৰ। নাৰী স্বাধীনতা কিমান দূৰলৈ, কি কি বিষয়ত আদিবোৰত কিছুমানৰ মতবিৰোধ থাকিলেও সকলো নাৰীয়েই এটা সুস্থ শৰীৰৰ অধিকাৰী হোৱা উচিত সেইখিনিত আপত্তি কৰা মানুহ নোলাব।

“সকলো নাৰীয়ে সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’ব লাগে,” এইখিনি কোৱাটো অতি সহজ। কিন্তু, তাক কাৰ্যত পৰিণত কৰাটো সহজ নহয়। কিয় নহয়, তাৰ কাৰণ বহুতো। কিন্তু, সেইবিলাক বিশ্লেষণলৈ যোৱাৰ আগতে কথাখিনি কিছু বস্তুনিষ্ঠ তথ্যান্বেষণেৰে নাৰী স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ কথাটো সিদ্ধ কৰি লোৱাটো প্ৰয়োজনীয়। ‘সকলো নাৰী’ বুলি কোৱাৰ লগে লগেই প্ৰথম গণ্ডগোলটো আহি পৰে। পাৰিসাংখ্যিক ভিত্তিৰে সৰলকৈয়ে ক’ব পাৰি, ‘সকলো’ মানে ১০০% মানে প্ৰতিজনী নাৰীকে সমানে সুস্থ স্বাস্থ্য দিয়াটো সম্ভৱেই নহয়। কাৰণ বহুবিধৰ বেমাৰ আছে, তাৰে আকৌ বহুতৰে নিৰাময় চিকিৎসা সম্ভৱেই নহয়, সেয়ে যিমান যি কৰিলেও বৰ্তমান সময়ত সকলোকে সমানে সুস্থ কৰি তোলাটো অসম্ভৱ। সেয়ে, সকলো নাৰী বুলি কোৱাতকৈ আমি চাব লাগিব, কোনবোৰ স্বাস্থ্যজনিত সমস্যা নাৰীৰ বেছি। তাৰে কোনকেইটা চিকিৎসা কৰিব পাৰি। সুখৰ কথা (অৱশ্যে তথ্যখিনি পোৱাৰ পাছত সিয়েই দুখৰ কথা হৈ পৰিব) যে নাৰীৰ কি কি স্বাস্থ্যজনিত সমস্যা বেছি, কেনেকুৱা চিকিৎসা দিয়াটো সম্ভৱ আদিৰ তথ্য আমি নতুনকৈ বিচাৰিব লগীয়া নাই, তাৰ নিৰ্ভৰযোগ্য তথ্য গৱেষকসকলৰ হাতত মজুত আছে। সেয়ে, আমি বৰ্তমান আমাৰ ৰাজ্যৰ আৰু দেশৰ নাৰীৰ স্বাস্থ্যসম্বন্ধীয় খতিয়ানত অলপ চকু ফুৰাব বিচাৰিছোঁ।

এইখিনিতে উল্লেখনীয় যে নাৰীৰ স্বাস্থ্য-সম্বন্ধীয় তথ্য বিচৰাৰ আগতে সেই তথ্যসমূহৰ বিষয়ে সম্যক জ্ঞান ৰখাটো প্ৰয়োজনীয়। কাৰণ, এনে তথ্য ‘সামূহিক স্বাস্থ্য বিজ্ঞানৰ’ অধীনৰ কাৰিকৰী সংজ্ঞাবদ্ধ হয়। নাৰীৰ স্বাস্থ্য সম্বন্ধীয় তেনে এটা মানক হৈছে ‘মাতৃ মৃত্যুৰ হাৰ’ (MMR – Maternal Mortality Rate), প্ৰতি লাখ জীৱন্ত শিশু জন্মৰ বিপৰীতে মৃত্যু হোৱা মাতৃৰ সংখ্যা। অৰ্থাৎ, বছৰটোত মৃত্যু হোৱা মাকৰ সংখ্যা / বছৰটোত জন্ম হোৱা মুঠ জীৱন্ত শিশু x ১০০০০। MMR-ক নাৰী স্বাস্থ্যৰ এটা উল্লেখযোগ্য মানক বুলি ধৰা যায়, কাৰণ মাতৃ মৃত্যুৰ সংখ্যাটো ৰাষ্ট্ৰখনৰ স্বাস্থ্য-সেৱাৰ মানৰ লগত, সামগ্ৰিক ভাৱে নাৰীৰ স্বাস্থ্য, নাৰীৰ প্ৰতি সামাজিক দায়িত্ববোধ আদি বহুতো কাৰকৰ ফলশ্ৰুতি।

২০১৬ চনৰ ভাৰতৰ MMR হৈছে ১৬৭ (চৰকাৰী মতে, ২০১৩-ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা), আনহাতে WHO-ৰ নিজা ক্ষেত্ৰ-অধ্যয়ন অনুসৰি ১৭৪ (বিশ্ব স্বাস্থ্য সমীক্ষা, ২০১৬) [১]। চৰকাৰী হিচাপবিলাক অলপ কম হয়েই, গতিকে অলপ ইফাল-সিফালখিনি বাদ দিব পাৰি। একেটা তথ্য-সূত্ৰতে আৰু পাব যে মাতৃ মৃত্যুৰ হাৰ বেছি হোৱাৰ মূল কাৰণ হৈছে শিশু জন্মৰ পাছৰ ৰক্তক্ষয় (PPH-Post Partum Haemorrhage)। PPH হৈছে শিশুটিৰ জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত হোৱা ৰক্তক্ষয়, যদি ৫০০ – ১০০০ মি.লি.-ৰ বেছি হয়। অসমত আকৌ ভাৰতৰ ভিতৰতে মাতৃ মৃত্যুৰ হাৰ আটাইতকৈ বেছি, ভাৰতৰ সামগ্ৰিক MMR ১৬৭, অসমত হৈছে ৩০০ (২০১৩, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা)। ব্ৰিটিছ জাৰ্নেল ‘ওফ মেডিচিন’ত প্ৰকাশিত এটা চুটি প্ৰবন্ধৰ মতে অসমত MMR বেছি হোৱাৰ এটা মূল কাৰণ হৈছে ঘাইকৈ নাৰীৰ স্বাস্থ্যজনিত অন্যান্য সমস্যা, যেনে সুষম খাদ্যৰ অভাৱ, ক্ষিপ্ৰ চিকিৎসাৰ অসুচলতা, অনাময় ব্যৱস্থাৰ অভাৱ আদি [৩]।

PPH-ৰ মূল কেবাটাও কাৰণ আছে তাৰ ভিতৰত এটা কাৰণ হৈছে ৰক্তহীনতা (Anaemia) [২]। ৰক্তহীনতা ভাৰতৰ দৰে দেশৰ নাৰীৰ এটা মুখ্য স্বাস্থ্যজনিত সমস্যা । ২০১২ চনত প্ৰকাশিত এটা সমীক্ষা অনুসৰি ভাৰতৰ ৭৫% সন্তানসম্ভৱা নাৰীয়ে ৰক্তহীনতাত ভোগে, আৰু ইয়াৰ মূল কাৰণ হৈছে লিংগ-বৈষম্যৰ বাবে পৰিয়ালত নাৰীৰ বাবে সুষমখাদ্যৰ অভাৱ [৪]।

নাৰীৰ স্বাস্থ্য সম্বন্ধীয় আন এটা গুৰুত্বপূৰ্ণ মানক হৈছে ‘সমুদায় উৰ্বৰতা হাৰ’ (TFR – Total Fertility Rate)। TFR-ৰ সংজ্ঞাটো অলপ জটিল, তাৰ আগতে ‘সাধাৰণ উৰ্বৰতা হাৰ’ৰ (General Fertility Rate বা Fertility Rate) বিষয়ে জানি লোৱাটো প্ৰয়োজনীয়। সাধাৰণ উৰ্বৰতা হাৰ হৈছে, একোটা বছৰত ১৫-৪৫ বছৰ বয়সৰ প্ৰতি এহেজাৰগৰাকী নাৰীৰ বিপৰীতে জন্ম হোৱা জীৱন্ত শিশুৰ সংখ্যা। এতিয়া আহিছোঁ, TFR-ৰ সংজ্ঞালৈ, জননক্ষম অৱস্থাত (৪৪ বছৰ বয়সলৈ এগৰাকী নাৰীক জননক্ষম বুলি ধৰা হয়) থকা প্ৰতি ১০০০ গৰাকী নাৰীয়ে বৰ্তমানৰ উৰ্বৰতাৰ হাৰ চলি থাকিলে কিমান সন্তানৰ জন্ম দিব, সেইটোৱেই হৈছে সমুদায় উৰ্বৰতাৰ হাৰ। মন কৰিব TFR কোনো নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰত পৰিসংখ্যা নহয়, ই বৰ্তমানৰ উৰ্বৰতাৰ হাৰ অনুসৰি চলি থাকিলে অনাগত দিনত প্ৰতিগৰাকী জননক্ষম নাৰীয়ে কিমান শিশু জন্ম দিব তাৰহে সংখ্যা। ২০১৩ চনৰ ভাৰতৰ TFR হৈছে ২.৩, অসমৰো TFR সেই সময়ত আছিল সমহাৰৰ। TFR যিমানে কম হয়, সিমানে ভাল বুলি ধৰা হয়, কাৰণ ই ভৱিষ্যত জনসংখ্যা নিৰ্দেশ কৰে, লগতে দেশখনে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপত কিমান সফল হৈছে সেইটোও নিৰ্দেশ কৰে। বেছি হাৰৰ TFR-য়ে সামগ্ৰিকভাৱে নাৰী স্বাস্থ্যৰ অনুন্নত অৱস্থা নিৰ্দেশ কৰে। বিকশিত দেশসমূহৰ TFR ০-ৰপৰা ১-ৰ ভিতৰত।

MMR আৰু TFR -দুয়োটাৰে মানলৈ চালেই বুজিব পাৰি ভাৰতত নাৰীৰ স্বাস্থ্যসম্বন্ধীয় কৰণীয় বহু আছে। ইয়াৰে বহু কাৰণ নিৰ্মূল কৰিবলৈ চৰকাৰী, আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যম প্ৰয়োজনীয়। কিন্তু, এইটো লেখাত প্ৰাতিষ্ঠানিক আসোঁৱাহসমূহ আৰু কৰণীয়ৰ কথা আলোচনা কৰা হোৱা নাই। কিন্তু, ব্যক্তিগত পৰ্যায়তে এনে কিছুবোৰ কথা আছে, যিবোৰে নাৰীৰ স্বাস্থ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, তেনে দিশবোৰলৈহে আঙুলি নিৰ্দেশ কৰাৰ প্ৰয়াস কৰা হৈছে।

সাধাৰণতে ঘৰ এখনত দেখা যায়, মাতৃগৰাকীয়ে নিজৰ ল’ৰা-ছোৱালীৰ লগতে স্বামী আৰু স্বামীৰ পৰিয়ালৰ অন্যান্যৰো খোৱা-বোৱা, পিন্ধা-উৰা আদিৰ যতন নিজৰ সামৰ্থ্য অনুসাৰে সুন্দৰকৈ লয়। কিন্তু, তাৰ মাজতে বহু ক্ষেত্ৰতে নিজৰ ক্ষেত্ৰতে উদাসীন হৈ পৰে। স্বচ্ছল পৰিয়াল এটাত বাৰু খোৱা-পিন্ধাৰ অসুবিধা নাথাকে, কিন্তু সৰু-সুৰা বেমাৰ আদিবোৰ মহিলাগৰাকীয়ে প্ৰায়ে উল্লেখেই নকৰে। বিশেষকৈ মধ্য-বয়সীয়া মাতৃ আদিৰ হ’ৰম’ন জড়িত কাৰণত হাড়ৰ দুৰ্বল অৱস্থা, জোৰাৰ বিষ আদি এইটো সময়তে আৰম্ভ হয়। ইয়াৰ এটা মূল কাৰণ হৈছে, কেলচিয়ামৰ অপৰ্যাপ্ততা, যিটো আকৌ হয় প্ৰয়োজন অনুপাতে সুষম আহাৰ নোখোৱাৰ ফলত। সেয়ে, ঘৰখনৰ বাকী সকলোৱে যিগৰাকী মহিলাই বাকীকেইজনৰ যতন লৈ আছে, তেওঁৰ স্বাস্থ্যৰ প্ৰতি, সৰু-সুৰা বেমাৰ-আজাৰৰ প্ৰতি মন দিয়াটো প্ৰয়োজনীয়। সেইখিনিয়ে অকল স্বাস্থ্যকে উদ্ধাৰ নকৰে, সামগ্ৰিকভাৱে ঘৰখনকে উজলাই তোলে।

নাৰীৰ সামগ্ৰিক স্বাস্থ্যৰ অৱনতিৰ এটা মূল কাৰণ হয় ৰক্তহীনতা (এনিমিয়া)। মাহেকীয়াৰ সময়ত সকলো নাৰীৰে এটা নিৰ্দিষ্ট পৰিমাণৰ তেজ ওলাই যায়। সাধাৰণ অৱস্থাত মাহেকীয়াৰ সময়ত নিৰ্গত তেজৰ পৰিমাণ ৮০ মিলি-তকৈ কম হয়, কিন্তু সুষম আহাৰৰ অভাৱত সেইখিনিয়েই লাহে লাহে এনিমিয়া-ত পৰিণত হয়। আকৌ, এবাৰ এনিমিয়া হোৱাৰ পাছত মাহেকীয়াৰ সময়ত আৰু বেছিকৈ তেজ যায়। গতিকে, এনিমিয়াৰ কাৰণে বেছি তেজ যোৱা, তাৰ ফলত আকৌ এনিমিয়া হোৱা, এনেকুৱা এটা চক্ৰ তৈয়াৰ হৈ যায়। এইবিধ এনিমিয়া  মূলতঃ ‘আইৰন ডেফিচিয়েন্সি এনিমিয়া’ হয়, অৰ্থাৎ আমাৰ দেহত লো-ৰ পৰিমাণ কম হোৱাৰ বাবে, সেয়ে ‘আইৰন টেবলেট’ খোৱাটো জৰুৰী, লগতে বেছি আইৰন থকা খোৱা-বস্তু।

মাহেকীয়াৰ লগত আমাৰ সমাজত প্ৰচলিত কিছুমান অন্ধবিশ্বাসৰ বাবেও সমস্যাবিলাক কিছু পৰিমাণে বাঢ়ি যায়। মাহেকীয়াৰ সময়ত একো নোছোৱা আদিয়ে বিশেষ প্ৰভাৱ নেপেলায়, বা তাৰ বাবে কামৰপৰা অব্যাহতি পোৱাটোৱে বৰং কিছু সকাহ দিয়ে যদিও, সাধাৰণতে একে সময়তে ইটো খাব নেপায়, সিটো খাব নেপায় আদি নিয়ম কিছুমানো সাঙুৰি দিয়া হয়। সেয়ে, কাম নকৰাৰ ‘আৰাম’খিনি আচলতে নোহোৱাই হৈ যায়। অৱশ্যে কথাটো এনেকুৱা যে, গোটেই মাহটো সুষম আহাৰ নাখাই, কষ্টৰ কাম কৰি, অকল তিনি-চাৰিদিন আৰাম কৰি, খুব ভালকৈ খালেও এনিমিয়া নকমিব, সেয়ে, সামগ্ৰিক স্বাস্থ্যৰ দিশটোহে জৰুৰী।

আমাৰ মহিলাসকলৰ একেবাৰে পাছত খোৱাৰ নিয়মটোও কেতিয়াবা স্বাস্থ্যৰ পৰিপন্থী হৈ পৰে। সাধাৰণতে আমি দৈনন্দিন খোৱা-বোৱাখিনিত ভাত-দাইল-ভাজি এনেকুৱা এটা নিয়মেৰে খাওঁ, য’ত ভাতৰপৰা ঘাইকৈ কাৰ্ব’হাইড্ৰেট, দাইলৰপৰা প্ৰ’টিন, ভাজিখিনিৰপৰা অন্যান্য ভিটামিন আৰু মিনাৰেল এনেকুৱা এটা নিয়মেৰে খাদ্যৰ সুষমতা নিয়ন্ত্ৰিত হৈ থাকে। ইয়াৰ লগতে সাপ্তাহিকভাৱে খোৱা মাছ-মাংস-কণী আদিয়ে ওপৰঞ্চি প্ৰ’টিন আৰু অন্যান্য খাদ্যপ্ৰাণৰ যোগান ধৰে। ভাজি / তৰকাৰীখিনি সলনা-সলনি কৰি খাই থকাটো জৰুৰী, যাতে বেলেগ বেলেগ খাদ্যৰ পুষ্টি সমানে পাই থাকোঁ। মহিলাসকলে আনকেইজনৰ শেষ হোৱাৰ পাছত খোৱাৰ বাবে কেতিয়াবা কেতিয়াবা নিজে ওপৰঞ্চিখিনি সঠিক পৰিমাণত খাবলৈ নাপায়। সেয়ে, পাছত খোৱাত বাৰু অসুবিধা নাই, কিন্তু নিজৰ বাটিকেইটাও আগতে সজাই থ’ব লাগে, ভালকৈ মৰম দিবলৈও নিজৰ স্বাস্থ্য সঠিক থাকিব লাগিব, এইটো মহিলাসকলে মনত ৰখা ভাল। গাখীৰৰ কোনো উপাদান দৈনন্দিন খাদ্যৰ লগত যোগ দিয়াটো অত্যন্ত জৰুৰী, কাৰণ গাখীৰত বহু পৰিমাণে কেলচিয়াম থাকে।

অৱশ্যে ‘ভাল বস্তু’ খাই থাকিব লাগে বুলি কোৱা হ’ল যদিও, বহু ক্ষেত্ৰত আকৌ ‘ভাল ভাল’ খোৱাৰ ফলত অন্যান্য শাৰীৰিক ৰোগে দেখা দিব পাৰে। সেয়ে, ভাল খাদ্য মানে মাছ-মাংস-কণী-গাখীৰেই বুলি বুজাতকৈ পৰিমিত পৰিমাণৰ আৰু বিবিধতা থকা খাদ্য বুলি বুজাটোহে উচিত।

খাদ্যসম্বন্ধে আমাৰ আৰু কিছুমান অদৰকাৰী বিশ্বাস আছে, যেনে ইটো হজম নহয়, সিটো বিজলুৱা, সিটো কিড্নিৰ কাৰণে ভাল, সিটো অমুকৰ কাৰণে বেয়া, এনেকুৱা কৰোঁতে কৰোঁতে কেতিয়াবা এনে পৰ্যায় পায়গৈ যে কেইবিধমান খাদ্যহে ঘৰ এখনত নিয়মীয়াকৈ চলি থাকে, আৰু বিবিধতা নোহোৱা হৈ যায়। যিটো ‘ভাল’ বুলি মানুহজনীয়ে ভাবে, অকল সেইটোহে চলি থাকে। কিন্তু, এদিন-দুদিন ‘বেয়া’/‘গৰম’ খাদ্য খালেও অসুবিধা নহয়, কাৰণ কোনো এবিধ বস্তু যদি খাদ্যৰ তালিকাত সোমাইছে, তেন্তে তাত কিবা নহয় কিবা কামৰ বস্তু আছেই। কোনো বিশেষ বেমাৰৰ বাবে কোনো খাদ্যৰ বাৰণ থাকিলে সেয়া বেলেগ কথা। মই আগতেই লিখিছোঁ সুষম খাদ্য মানে মূলতঃ বিবিধতা থকা খাদ্য, যিমানেই ভাতসাঁজৰ ‘মেনু’ সলনি হৈ থাকিব, সিমানেই আহাৰত সুষমতা বাঢ়ি গৈ থাকিব, তাৰ বাবে কোনবিধ পাচলিত কি ভিটামিন আছে সেয়া মুখস্থ নকৰিলেও হয়।

নাৰী স্বাস্থ্যৰ অৱনতিৰ এটা ডাঙৰ কাৰণ হৈছে অধিক সন্তানৰ সংখ্যা। অধিক সন্তানে নাৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ লগতে সামগ্ৰিকভাৱে পৰিয়ালটোত প্ৰভাৱ পেলায়। নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে দুটাতকৈ বেছি সন্তানৰ প্ৰতি মনোযোগ দিয়া, সমানে ডাঙৰ কৰা আদি সহজসাধ্য নহয়। ওপৰৰ TFR-ৰ তথ্যৰপৰাই বুজিব পাৰি, ভাৰতত এই সম্বন্ধে কৰিবলগীয়া বহু আছে। এইটো লেখাত এইসমস্যা সম্পৰ্কে বিশদ উল্লেখ নকৰোঁ এই কাৰণেই যে এই আলোচনীখনৰ যিখিনি পঢ়ুৱৈ তেওঁলোকৰ বাবে এইখিনি ইতিমধ্যে জনা কথা। যিসকলে কথাখিনি ভালকৈ হৃদয়ংগম কৰি পদক্ষেপ লোৱাটো জৰুৰী, তেওঁলোকক এনে লেখাৰদ্বাৰা ঢুকি পোৱা নাযায়েই। মই মাত্ৰ অনুৰোধ কৰিব পাৰোঁ, যেতিয়াই সুবিধা পায়, তেতিয়াই এই সমস্যাটো সম্পৰ্কে মানুহৰ লগত আলোচনা কৰক, কথা পাতক। ধৰ্ম, জাত, বিত্তীয় অৱস্থা আদিৰ দোহাই দি ফেচবুকাই থাকিলে সমস্যাটো সমাধান নহয়।

মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, নাৰীৰ স্বাস্থ্যসম্বন্ধে আজিকালিৰ মহিলা বহু সজাগ, লগতে পৰিয়ালবৰ্গও। মই ওপৰত উল্লেখ কৰা কথাকেইটা সাধাৰণ মধ্যবিত্তীয় পৰিয়ালত সিমান হয়তো দেখা নাযায়। কিন্তু, নিম্ন আৰু নিম্ন মধ্যবিত্তীয়, দূৰস্থ জাতি-জনজাতিৰ মাজত এনে সমস্যা বিদ্যমান। অধিক সন্তানৰ সমস্যা অকল বিত্তীয় নহয়, তাৰ লগতে সামাজিক সমস্যাও আহি পৰে।

তথ্য-সূত্ৰ

১.http://indianexpress.com/article/lifestyle/health/5-women-in-india-die-every-hour-during-childbirth-who-2856975/

২. http://www.sciencedirect.com/science/article/pii/S2090506814001158

৩. http://www.bmj.com/content/353/bmj.i1908

৪. https://academic.oup.com/cesifo/article-abstract/58/2/296/359512/Some-Facts-about-Boy-versus-Girl-Health-Indicators?redirectedFrom=fulltext

MMR সম্বন্ধীয় নীতি আয়োগৰ ৱেবছাইটত উপলব্ধ তথ্যৰ বাবে, http://niti.gov.in/content/maternal-mortality-ratio-mmr-100000-live-births

TFR সম্বন্ধীয় নীতি আয়োগৰ ৱেবছাইটত উপলব্ধ তথ্যৰ বাবে, http://niti.gov.in/content/total-fertility-rate-tfr-birth-woman

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *