নালীয়াপুলৰ বিপদ সংকেত (জ্যোতিপ্ৰসাদ আগৰৱালা)

[টোকা: জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 'নালীয়াপুলৰ বিপদ সংকেত' এটা বিখ্যাত বিবৃতি। এইটো বিবৃতি তেতিয়াই বহুকেইখন বাতৰি কাকতলৈ প্রেৰণ কৰা হৈছিল যদিও কোনেও প্রকাশ কৰা নাছিল। অসম প্রকাশন পৰিষদে প্রকাশ কৰা জ্যোতিপ্রসাদ ৰচনাৱলীত (সম্পাদনা, ড০ হীৰেন গোহাঁই, পৃষ্ঠা: ৫৪৩-৫৪৯) বিবৃতিটোৰ দুটা পাঠ পোৱা যায়।

তলত উক্ত বিবৃতিটো, 'মুক্তচিন্তা' গোটৰ সদস্য শ্ৰীযুত ৰঞ্জিত ভূঞাই গোটত দিয়া এটি ফ'ট-প'ষ্টৰ পৰা সংগ্ৰহ কৰি ইউনিক'ডলৈ ৰূপান্তৰ কৰা হৈছে। শ্ৰীযুত ভূঞাদেৱৰ জ্ঞাতসাৰে বিবৃতিটো আলোচনীৰ 'বিবিধ চিন্তা' শিতানত সান্নিৱিষ্ট কৰা হৈছে। -বিভাগীয় সম্পাদক।]

'আগকথা'

১৯৪৯ চনৰ জুলাই মাহত ডিব্ৰুগড় চহৰৰ নালীয়াপুলত ভাৰতীয় গণনাট্য সংঘৰ শান্তি সন্মিলন বহিছিল। এই সন্মিলন থানবান কৰাৰ কাৰণে চৰকাৰৰ সশস্ত্র বাহিনীয়ে চাৰিওপিনৰ পৰা আগুৰি ধৰি সভাত উপস্থিত ৰাইজৰ ওচৰত আক্ৰমণ চলায়। উত্তেজিত জনতাৰ আঘাতত এজন পুলিচ কৰ্ম্মচাৰীৰ মৃত্যু হয় আৰু ইয়াৰ পৰিণতিত প্ৰতিহিংসামূলক দমন চলোৱা পুলিচ বাহিনীৰ হাতত মৃত্যু হয় শোড়শী নাগ আৰু বীনা বৰা। এগৰাকী শ্ৰমিক। এই বীভৎস ঘটনাৰ প্ৰতিবাদ কৰি জ্যোতিপ্ৰসাদে এটি বিবৃতি কাকতত প্ৰকাশৰ বাবে পঠায়। বিবৃতিটোত চৰকাৰৰ এই দমননীতিৰ তীব্ৰ নিন্দা কৰা হয় আৰু বিবৃতিটোত কোৱা হয় যে হিংসামূলক দমন-নীতিৰ পৰিণতি কি হ'ব পাৰে বিয়াল্লিছৰ বুৰঞ্জীয়ে দেখুৱাইছে। এনে উদাহৰণ থকা সত্বেও হিংসামূলক দমন নীতিৰ এটা আদৰ্শবাদী দলক নিৰ্মূল কৰিব পাৰিম বুলি ভবাটো এক বিভ্ৰান্তি। তেওঁৰ মতে কংগ্ৰেছ গৱৰ্ণমেণ্টে বৃটিছৰ পৰা উত্তৰাধিকাৰীসূত্ৰে পোৱা বৃটিছৰ হিংসামূলক দমননীতিক প্ৰয়োগ কৰি অহিংসা প্ৰতিৰোধৰ অকাৰ্যকাৰিতা প্ৰমাণ কৰি দেখুৱাইছে। যদিও চৰকাৰে কমিউনিষ্টক হিংসামূলক উপায় অবলম্বন কৰা বুলি কোৱা হৈছে। কংগ্ৰেছও তাক ৰোধ কৰিবলৈ যাওঁতে হিংসামূলক দমননীতিকে নিষ্ঠুৰভাৱে প্ৰয়োগ কৰিছে। বিবৃতিটোত জ্যোতিপ্ৰসাদে দেশৰ ৰাষ্ট্ৰনীতি সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন তুলিছিল। বিয়াল্লিছৰ গণবিপ্লৱ তথা স্বাধীনতা সংগ্ৰামত আগ ভাগ লোৱা জ্যোতিপ্ৰসাদে কিয় দেশ স্বাধীন হোৱাৰ পিছত ৰাষ্ট্ৰনায়কসকলৰ নীতি আৰু কৰ্মত হতাশ হৈ পৰিছিল-কোনবোৰ মাৰাত্মক প্ৰশ্ন আৰু সন্দেহে তেওঁক খুলি খাইছিল তাৰ আভাস এই ৰচনাত পোৱা যায়। ইং ৩০-৭-৪৯ তাৰিখে তামোলবাৰী চাহ বাগিচাৰ পৰা পঠোৱা এই বিবৃতি তেতিয়া কাকতত প্ৰকাশ হোৱা নাছিল। 'জ্যোতিপ্ৰসাদ ৰচনাৱলী'ৰ প্ৰথম সংস্কৰণটো সন্নিবিষ্ট হোৱা নাছিল। বিবৃতিটো সত্তৰৰ দশকত সাম্প্ৰতিক সাময়িকীয়ে প্ৰথম প্ৰকাশ কৰিছিল‌। বিবৃতিৰ পূৰ্ণপাঠ দিয়া হল।

ডিব্ৰুগড়ৰ নালীয়াপুলত হোৱা পুলিচ আৰু জনতাৰ শোচনীয় সংঘৰ্ষই দেশৰ, ৰাইজৰ আৰু ৰাষ্ট্ৰৰ সকলো মঙ্গল চিন্তোতা মানুহক নিশ্চয় উদ্বিগ্ন কৰি তুলিছে।

বঙ্গদেশত প্ৰথমেই 'কমিউনিষ্ট' পাৰ্টিক 'বে-আইনী বুলি ঘোষণা কৰি 'কমিউনিষ্ট' দমনৰ পৰ্য্যায় আৰম্ভ কৰা আৰু আন আন বিক্ষোভ প্ৰদৰ্শনকাৰী জনতা, সমদল ইত্যাদিৰ ওপৰত নিৰ্ব্বিশেষে গুলি চলোৱা সূত্ৰে কলিকতাৰ Statesman কাকতে সম্পাদকীয় প্ৰৱন্ধত এই দমন নীতি প্ৰয়োগৰ পৰিনতিৰ বিষয়ে সাবধান কৰি এইদৰে মন্তব্য কৰিছিল, "এই দমন-নীতিৰ বিষয়ে এটা কথা সঁচা যে ইয়াক এবাৰ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে -তাক ক্ৰমাগত মাত্ৰা বঢ়াই নি ইমান দূৰলৈ অনুসৰণ কৰিবলগীয়া হয়গৈ যে শেষত ই মানুহৰ বাবে উৎকটভাৱে অসহনীয় (repulsive) হৈ পৰেগৈ আৰু এনে দমন-নীতি প্ৰয়োগকাৰীৰ উদ্দেশ্য সিদ্ধি নহৈ আনহাতে নিৰপেক্ষ ৰাইজো মানসিকতাত আঘাত পাই বিচলিত হৈ পৰে।"

আজি কিছুদিনৰ পৰা দেখিছোঁ Statesman-অৰ এই উক্তি ফলিয়াবলৈ ধৰিছে- ভাৰতৰ এমূৰৰপৰা আনমূৰলৈ এই দমন-নীতিৰ নিৰ্ব্বিচাৰ আৰু উন্মুত্ত প্ৰয়োগৰ ফলত -দেশত অশান্তি কমক চাৰি দিনে দিনে বাঢ়িহে যাবৰ উপক্ৰম হৈছে আৰু নিৰপেক্ষ দৰ্শকৰ মনলৈকো এটা তিক্ততা আনি দিছে।

ডিব্ৰুগড়ৰ নালীয়াপুলত এজন পুলিচ কৰ্ম্মচাৰী হত্যা কৰাটো এটা জঘন্য কাম নিশ্চয়। হত্যাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ যোৱাটো এবিধ গোকাট দুৰ্নীতি। ই এটা ভয়াবহ বিকৃতি। সেইদৰে আনফালে তাৰ প্ৰতিকাৰ কৰিবলৈ গৈ ল'ৰা-তিৰোতা থকা এটা জনতাৰ ওপৰত, দোষী-নিৰ্দোষী, নিৰ্ব্বিচাৰে এটা প্ৰতিহত্যাৰ অভিযান কৰাটোও এটা বীভৎস অভ্যাস। এইদৰে কথাই কথাই জনতাৰ ওপৰত নিৰ্ব্বিচাৰে গুলী চলোৱা বীভৎস অভ্যাসৰ বিষয়ে, শ্বাংহাইত International Settelment-অত বৃটিছ চিপাহীয়ে চীনা মজদুৰৰ ওপৰত কথাই কথাই গুলীবৰ্ষণৰ কৰা সূত্ৰে আলোচনা কৰি, H. G. Wells-এ তেওঁ পৃথিৱী বুৰঞ্জীত কৈছে যে বৃটিছৰ এই জনতাৰ ওপৰত কথাই কথাই গুলী চলোৱা বীভৎস অভ্যাসটোৰ ফলতেই এদিন সাম্ৰাজ্য ভাগি-ছিগি থান-বান হৈ যাব।

১৯৪২ চনত যেতিয়া বৃটিছ গৱৰ্ণমেণ্টৰ ভাৰতীয় জনতাৰ ওপৰত নিৰ্ব্বিচাৰ গুলী চলোৱাৰ চূড়ান্ত পালেগৈ, তেতিয়া মোৰ মনলৈ ৱেলছৰ এই কথা সদায়ে আহিছিল। ভাৰতৰ যে বৃটিছ সাম্ৰাজ্য সোনকালে ওৰ পৰিব- সেই কথা যেন বৃটিছে চলোৱা বন্দুকৰ দেশব্যাপী গুলিৰ আৱাজে চিয়ঁৰি চিয়ঁৰি কবলৈ ধৰিলে।

এটা মহাদৰ্শবাদী- জনতাৰ দূখ-কষ্ট আৰু ঐতিহাসিক অন্যায়ৰ সত্যৰ ভেটিত খোপনি লোৱা দলক যে বন্দুকৰ গুলিৰে, ফাঁচী, ফাটেক, এৰিয়েল বম্বিঙৰে-হিংসাত্মক দমন-নীতিৰ চূড়ান্ত কঠোৰতম প্ৰয়োগৰেও যে নিৰ্ম্মূল কৰিব নোৱাৰি‌ -আৰু সি দুগুণেহে জ্বলি উঠে তাৰ এক জ্বলন্ত প্ৰমান আমাৰ বিয়াল্লিছৰ বিপ্লৱ। পৃথিৱীৰ বুৰঞ্জীত হিংসামূলক দমন-নীতিৰ অকৃতকাৰ্য্যতাৰ ভাৰতৰ বিয়াল্লিছৰ বিপ্লৱ এটা পতিয়ন নিয়াব পৰা উদাহৰণ।

ইয়াৰ উপৰিও হিংসাত্মক দমন-নীতিয়ে তাৰ প্ৰয়োগত বাঢ়ি যোৱা প্ৰতিৰোধক দমাবলৈ মাত্ৰা বঢ়াই গৈ বীভৎস আৰু উৎকট ৰূপ লবলগীয়া হ'লগৈ -সেই উৎকটতাই জনতাৰ মনস্তত্ত্বত কেনেদৰে প্ৰতিক্ৰিয়া কৰে তাকো আমি বিয়াল্লিছত ভালকৈয়ে চকুৰ আগতেই দেখিলোঁ। দমনৰ উৎকটতাত নিশাহ বন্ধ হৈ সকলো ধৈৰ্য্য হেৰুৱাই জনতা একো নাই হৈ (desperate) পুলিচ কৰ্ম্মচাৰী হত্যা কৰা, ঘৰ-বাৰী পুৰি উৎখাৎ কৰা, ৰেল পেলাই শ শ নিৰপৰাধী মানুহৰ প্ৰাণ-নাশ কৰি এটা ভয়ঙ্কৰ প্ৰতিহিংসামূলক বিকৃতিলৈ যোৱাও আমি সকলোৱে দেখিলোঁ।

হিংসামূলক  দমন-নীতিৰ পৰিণিতি কি হ'ব পাৰে তাক বিয়াল্লিছৰ বুৰঞ্জীয়ে চিয়ঁৰি চিয়ঁৰি কৈ যোৱা সত্বেও আজি আমি হিংসামূলক  দমন-নীতিৰে এটা ঐতিহাসিক অন্যায়ৰ বিৰুদ্ধে পৃথিৱী জোৰা প্ৰতিৰোধ জগাই তোলা আদৰ্শবাদী দলক দমন বা নিৰ্ম্মূল কৰিব পাৰিম বুলি ভাবি লোৱাটো আজিৰ ভাৰত বুৰঞ্জীৰ আটাইতকৈ ডাঙৰ বিভ্ৰান্তি বুলিয়েই মোৰ দৃঢ় ধাৰণা হৈছে।

বোম্বাইৰপৰা ডিব্ৰুগড়লৈকে আজি এবছৰে চকু ফুৰাই চাই দেখিছোঁ আমাৰ জাতীয় গৱৰ্ণমেন্টৰ দমন-নীতিৰ ব্যৰ্থতা আৰু Statesman কাকতে দমন-নীতিৰ বিষয়ে কৰা উক্তিৰ সত্যতা।

অহিংস নীতিত দীক্ষিত কংগ্ৰেছে চলোৱা জাতীয় গৱৰ্ণমেণ্টৰ বিৰুদ্ধবাদীৰ সৈতে সংঘৰ্ষ কৰোতে আগৰ উৎপীড়ক আৰু সাম্ৰাজ্যবাদী বৃটিছ গৱৰ্ণমেণ্টৰ প্ৰণালীৰে অৱশ্যেই মৌলিক পাৰ্থক্য থাকিব লাগিব। কিন্তু সেই পাৰ্থক্য ক'ত? বা কোনখিনিত কৰা হৈছে? অহিংসাকেই যদি কংগ্ৰেছে এটা অভিনৱ কাৰ্য্যকৰী প্ৰতিৰোধ বিজ্ঞান বুলি ভাবে তেন্তে সেই প্ৰতিৰোধ বিজ্ঞানৰ আজি বিৰুদ্ধবাদীৰ সৈতে সংঘৰ্ষত আহোঁতে পৰীক্ষামূলককৈ হ'লেও ক'ৰবাত এদিনো প্ৰমাণ কৰি চোৱা হৈছেনে? যদি কৰা হৈছে -ক'ত, কাৰ সতে, কেতিয়া - আৰু তাৰ ফলাফল কি হ'ল বা নহ'ল তাক দেশক আৰু পৃথিৱীক জনোৱা হৈছেনে। ১৫ আগষ্টৰপৰা কংগ্ৰেছ গৱৰ্ণমেণ্ট বৃটিছৰপৰা উত্তৰাধিকাৰীসূত্ৰে পোৱা বৃটিছৰ হিংসামূলক দমন কৌশলকেই প্ৰয়োগ কৰি বিৰুদ্ধবাদী দলবোৰৰ সৈতে সংঘৰ্ষ কৰিছে -তাৰ দ্বাৰা অহিংস প্ৰতিৰোধ বিজ্ঞানৰ অকাৰ্য্যকাৰিতা আৰু ইয়াৰ কাৰ্য্যকাৰী মূল্য যে শূণ্য- ই মাথোন এটা ভাবপ্ৰবণ কল্পনাপ্ৰসূত ছায়াবাদীৰ (Mystic) পৰিকল্পনা -ইয়াৰ বৈজ্ঞানিক বা মনোবৈজ্ঞানিক একো অস্তিত্ব বা ভিত্তি নাই -বাস্তৱিক প্ৰয়োগৰ ফালৰ পৰা ই অনুপযোগী আৰু শাসনাস্ত্ৰ হিচাপে অকামিলা বুলিহে দেখুৱাব লগে লগে- হিংসাক তাতোকৈ তিনিগুণ হিংসাৰেহে আৰু হত্যাক ব্যাপক প্ৰতিহত্যাৰে নিয়ন্ত্ৰণলৈ আনিব পাৰি-এই কথাটোও স্বীকাৰ কৰা হৈছে। আৰু কাৰ্য্যকৰী ৰাজনীতিত অহিংস বিজ্ঞানৰ ঠাই নাই- হিংসা বিজ্ঞানেইহে ফলপ্ৰসূ আৰু একমাত্ৰ আইন -শৃঙ্খলা ৰক্ষাৰ উপায় আৰু শাসনৰ ভেটি সন্ত্ৰাসদৰ্শনৰ ওপৰতে ই প্রতিষ্ঠিত কৰিবই লাগিব-তাৰ বাহিৰে আন উপায় নাই। তাকো পৰোক্ষভাৱে স্বীকাৰ কৰি লোৱা হৈছে। অহিংসাৰ বাটেদি গৈ পৃথিৱীক যি এক অভিনৱ সংস্কৃতি -সভ্যতা, ৰাষ্ট্ৰ-পৰিকল্পনা, শাসনতন্ত্ৰ আৰু সমাজ-ব্যৱস্থা, অৰ্থনৈতিক-বৈপ্লৱিক পৰিবৰ্তন দিওঁ বুলি জগতৰ আগত আৰু আমাৰ জনসাধাৰণৰ আগত ঘোষণা কৰিছিলোঁ -এতিয়া তাৰ বিপৰীত বাটেদি যাব লাগিছোঁ। তাৰ মানে পৃথিৱীৰ আগলৈ যি উদ্দেশ্যৰে ওলাইছিলোঁ সেই উদ্দেশ্যেত আমি ব্যৰ্থ হলোঁ। পৃথিৱীৰ পুৰণি হিংসাত্মক অস্ত্ৰকে-আনে ইয়াক আমাৰ ওপৰত প্ৰয়োগ কৰোঁতে যাক আমি মানৱ প্ৰগতিৰ প্ৰতি এটা criminal attack কৰা বুলি আখ্যা দিছিলোঁ -তাকেই আজি আমাৰ ৰাষ্ট্ৰৰক্ষাৰ আমোঘ অস্ত্র বুলি জগতৰ আগত ঘোষণা কৰি সেই অস্ত্রৰ চূড়ান্ত প্ৰয়োগলৈ যাবলৈকো কুন্ঠাবোধ কৰা নাই।

ইয়াৰ উপৰিও আৰু এটা অদ্ভুত কথা হৈছে। কমিউনিষ্টৰ আদৰ্শ হৈছে শোষক, পুঁজিবাদী, জমিদাৰী, এইবোৰ উচ্ছেদ কৰি আৰ্থিক, সম্পাদিক, সামাজিক, সাম্যৰ প্ৰতিষ্ঠা কৰি শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰা। তেওঁলোকে তাকেই কৰিব খোজে বিপ্লৱেৰে। ইফালে কংগ্ৰেছৰ আদৰ্শ হ'লগৈ সেই একেই: শোষক, পুঁজিবাদী, জমিদাৰী উচ্ছেদ কৰি শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰা। কিন্তু কংগ্ৰেছৰ উপায় হৈছে অহিংসাত্মক। এতিয়া সময় আৰু সেই একে উদ্দেশ্যত উপনীত হোৱা প্ৰণালী লৈ দুয়োৰে কাজিয়া। এফালে কমিউনিষ্টে হিংসামূলক উপায় অৱলম্বন কৰা বুলি কোৱা হৈছে আৰু তাকে ৰোধ কৰিবলৈ কংগ্ৰেছেও হিংসামূলক দমন -নীতিৰে কমিউনিষ্টক উচ্ছেদ কৰিবলৈ বদ্ধপৰিকৰ। ধৰিলোৱা যাওক, কংগ্ৰেছ এই হিংসামূলক দমন-নীতি- তাৰ চূড়ান্ত প্ৰয়োগ কৰি কমিউনিষ্টক সমুলে নিৰ্ম্মূল কৰিবলৈ যিমান আগবাঢ়িব লাগে তিমানলৈ গ'ল। আৰু তাৰ ফলত যতবোৰ হিংসামূলক দমন-নীতিৰ লগত লাগি হোৱা সকলো পাশৱিক অত্যাচাৰো নকৰাকৈ থাকিব নোৱাৰিলে। শেষত ঘোৰ ৰক্তপাতৰ মাজেদি নিজৰ দেশৰেই হেজাৰ হেজাৰ মানুহক নিৰ্য্যাতন কৰি -শ শ মাৰি-কাটি 'কমিউনিষ্টক'ক উচ্ছেদ কৰা হল। আৰু এই উচ্ছেদ সাধনৰ পিছত কংগ্ৰেছৰ উদ্দেশ্য মতে উচ্চ-নীচ, ধনী-দুখীয়া সমান কৰি শ্ৰেণীহীন সমাজ স্থাপন কৰা হ'ল। পিছে ইও দেখোন আওপাকে কবলৈ গ'লে সেই হিংসাত্মক প্ৰণালীৰেইহে (এটা দলক উচ্ছেদ কৰাৰ পিছত) প্ৰতিষ্ঠিত হ'লগৈ। যদি কোৱা হয় যে দেশক অৰাজকতাৰপৰা ৰক্ষা কৰি ৰাষ্ট্ৰৰ সংহতি ৰক্ষা কৰি আন্তৰ্জাতিক স্থিতি অটুট ৰাখিবলৈ এনেকুৱা পন্থাৰ নল'লে একো উপায় নাই। তেন্তে ৰুছিয়াৰ একনায়ত্ববাদ আৰু ৰাষ্ট্ৰ সংহতিৰ কাৰণে ৰাষ্ট্ৰবিৰোধী হিংসাত্মক নীতিৰে প্ৰতিৰোধ কৰা দলবোৰক উচ্ছেদ কৰাটোও কামত আমি মানি ললোঁ।

কিন্তু এতিয়া ঘাই কথা হৈছে যে হিংসামূলক দমন-নীতিৰে 'কমিউনিষ্টক' উচ্ছেদ কৰাটো নহবগৈ আৰু তাকে আকোঁৰাগোজালিৰে কৰিবলৈ যাওঁতে ই বাঢ়িহে যাব। আজি এবছৰ বঢ়া-টুটাৰ হিচাপ কৰিলেই তাৰ প্ৰমান ওলাই পৰিব। যোৱা কেইবছৰে কংগ্ৰেছ আৰু বিৰুদ্ধবাদীসকলৰ সংঘৰ্ষৰ প্ৰধান কাৰণ দেখিছোঁ যে কংগ্ৰেছৰ কথা আৰু কামৰ পাৰ্থক্য বৰ বেছি হৈ পৰাটোতেই‌- সেৱকৰ মনোবৃত্তি এৰি শাসকশ্ৰেণীৰ মনোবৃত্তি লৈ সেইদৰে চলাত মানুহৰ যিটো কংগ্ৰেছৰ ওপৰত আশা আছিল সেইটোত আঘাত পাই জনসাধাৰণৰ অনুৰাগ কমি আহিছে।

সৰ্বশেষত ইয়াকেই ক'ব খোজোঁ যে নালীয়াপুলৰপৰা যি বিপদ-সংকেত S. O. S. আহিছে তাক সকলোৱেই যথাৰ্থভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। এই ঘটনাই স্বাভাৱিকতে আমাৰ মনত যি উত্তেজনাৰ সৃষ্টি কৰিছে - সেই উত্তেজনাত বিচলিত নহৈ স্থিৰভাৱে ঘটনাৰ ইপিঠি সিপিঠি দকৈ ভাবিব লাগিব। আমাৰ দৃষ্টিৰ কোণ সলাই সলাই ইয়াক আমি পৰ্য্যবেক্ষণ কৰিব লাগিব। ইয়াক এটা isolated instance বুলি ল'লেও ভুল কৰা হ'ব। চাৰিওদিশৰেপৰা আমাৰ চিন্তাৰে আমি এই ঘটনা বিশ্লেষণ কৰি চাব লাগিব। দলগত ৰাজনীতিৰ ওপৰত উঠি ইয়াৰ সমাধান বিচাৰিব লাগিব।

⑶ আমাৰ যান্ত্ৰিক মনোভঙ্গী সলাই আমাৰ মনৰ প্ৰগতিশীলতাৰ পোহৰেৰে এই জাতীয় জীৱনৰ আন্ধাৰ বেমেলিৰ (বেমেজালিৰ?) মাজেদি ভৱিষ্যত মঙ্গলৰ বাটৰ সন্ধান উলিয়াই ল'ব লাগিব। ইয়াৰ চাবি-কাঠি কংগ্ৰেছৰ হাততেই।কাৰণ ৰাষ্ট্ৰ -ক্ষমতাৰ বাঘজৰী আজি কংগ্ৰেছে ধৰি আছে। এই জাতীয় জীৱনৰ মহাসঙ্কটপূৰ্ণ সন্ধিক্ষণত কংগ্ৰেছে যদি আকৌ এবাৰ নিজৰ পৱিত্ৰ সত্তাটোক মল-মলিয়নৰপৰা উলিয়াই আনি-এটা পৃথিৱী কপোঁৱা ত্যাগ আৰু অসীম সাহেৰে দলগত ৰাজনীতিৰ ওপৰলৈ উঠি সংঘৰ্ষমান দলৰ মাজত থিয় হৈ জনসাধাৰণৰ সকলো দূখ-দৈন্য অচিৰেই আঁতৰ কৰিবলৈ আত্মোৎসৰ্গ কৰি ওলাব পাৰে-তেতিয়াহে জাতীয় জীৱনলৈ এটা নৱজাগৰণ সঞ্চাৰ আহিব-নহ'লে -এফালে উত্তৰোত্তৰ দমন-নীতিৰ প্ৰয়োগ আৰু তাৰ আন পক্ষৰপৰা সেই মাত্ৰাৰেই যদি মৰোঁ-জিওঁ প্ৰতিৰোধ চলি যাবলৈ হয়‌, তেন্তে দেশৰ ভৱিষ্যত ধুঁৱলী-কুঁৱলী। ইয়াৰ ফলত সকলো ৰাজনৈতিক দলৰ সেৱাৰ থলি ৰাইজৰেই, দেশৰ জনসাধাৰণৰেই কষ্টই হ'ব আটাইতকৈ সৰহ।

Share Button
Print Friendly, PDF & Email

No Comments : "নালীয়াপুলৰ বিপদ সংকেত (জ্যোতিপ্ৰসাদ আগৰৱালা)"

Leave a Comment

Your email address will not be published. Required fields are marked *