পৰিবেশ-প্ৰকৃতি

নানাৰঙী চৰাইৰ ৰঙৰ আঁৰত – (নন্দ গগৈ)

 

আমাৰ চৌপাশে নাচি-বাগি উৰি ফুৰা চৰাইবোৰৰ গাত যে কিমানবিধৰ ৰং ! চকুৰ আগত পৰিলে এই বাৰে বৰণীয়া চৰাইবোৰৰপৰা চকু আঁতৰাই আনিবলৈ মনেই নাযায়। নানাৰঙী চৰাইবোৰ দেখিলে মনটো কৌতূহলেৰে ভৰি পৰে;  প্রশ্ন ওপজে মনত, ক’ৰপৰানো আহিল এই ৰংবোৰ!

কিন্তু আমি এই চৰাইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিলে এটা বৰ তাৎপৰ্যপূৰ্ণ কথা চকুত পৰে। সৌন্দৰ্যৰে ভৰা নানাৰঙী চৰাইবোৰ যেন কেতিয়াবা কেতিয়াবা, ঋতু আৰু প্রাকৃতিক পৰিৱেশৰ সৈতে সংগতি ৰাখি, অধিক সৌন্দর্যময় ৰূপত দেখা দিয়ে। দেখা যায় যে ঋতু-পৰিৱর্তন, প্রকৃতিৰপৰা খাদ্যৰ সন্ধানৰ পৰিস্থিতি আদিৰ ওপৰত নিৰ্ভৰ কৰি চৰাইবোৰৰ দেহ আৰু পাখিৰ বৰণৰ কিছু পৰিৱর্তন হয়।‌

গো-বগলী হৈছে আমাৰ সকলোৰে এবিধ চিনাকী চৰাই। এই গো-বগলীৰ পাখিৰ বৰণ কেতিয়ানো সলনি হয় সেই বিষয়ে আমি কিছুদিন লক্ষ্য কৰি আহিছিলোঁ। আমি লক্ষ্য কৰিছিলোঁ, জুলাই মাহৰ মধ্যভাগৰপৰা গো-বগলীৰ ডিঙিৰ পাখিবোৰ সৰিবলৈ আৰম্ভ কৰে। ডিঙিৰ পাখিবোৰ সৰি গো-বগলীৰ দেহটো লাহে লাহে ফপৰীয়া হৈ পৰে। ক্রমাৎ দেহৰ গেৰুৱা বৰণটো বগা হ’বলৈ আৰম্ভ কৰে। তেনেদৰেই, আগষ্ট মাহৰ শেষৰপৰা ছেপ্টেম্বৰ মাহলৈ গো-বগলীৰ বৰণ উজ্জ্বল ধক্‌ধকীয়া বগা হৈ পৰে। মন কৰিবলগীয়া কথা, ফেব্রুৱাৰি মাহৰ শেষৰ পৰা মার্চ মাহলৈ ইহঁতৰ ডিঙিৰ পাখিবোৰ আকৌ সৰিবলৈ আৰম্ভ কৰে। পাখি সৰি কিছুদিনলৈ দেহটো পুনৰ ফপৰীয়া হয়। মার্চ মাহৰ মধ্যভাগৰপৰা ডিঙিত নতুন পাখি গজা আৰম্ভ হৈ লাহে লাহে ডিঙি আৰু পিঠি গেৰুৱা বৰণ হ’বলৈ ধৰে। এপ্রিলৰ প্ৰথম সপ্তাহত গো-বগলীৰ ডিঙি আৰু পিঠি সম্পূর্ণ গেৰুৱা বৰণেৰে উজলি উঠি ঠোঁটটোও সেন্দূৰীয়া হৈ উঠে। এনেধৰণৰ পাখিৰ বৰণ আৰু দেহৰ পৰিৱৰ্তনৰ সময়ত গো-বগলীয়ে বাহ সজা কামত অগ্ৰসৰ হয়। বাহ সজা স্থানত মাজু বগ, পানী কাউৰী, ৱাক চৰাই, কণামচুৰী আদি চৰায়ে একেলগে বাহ সাজি সংসাৰ যাত্ৰাত অংশ লোৱা দেখা যায়। এই সকলোবিলাক চৰাইৰে দেহ আৰু পাখিৰ কিছু পৰিৱর্তন হোৱা দেখা যায়। ইহঁতৰ সংসাৰ যাত্ৰাৰ সামৰণিত আকৌ এনেদৰে পাখি সৰা আৰু বৰণ পৰিৱর্তন হোৱা পৰিলক্ষিত হয়।

চৰাইৰ পাখিৰ বৰণনো কেনেকৈ সলনি হৈ থাকে? চৰাইৰ পাখিৰ ৰঙৰ প্রধান নিৰ্ণায়ক কাৰক হৈছে কিছুমান বৰ্ণকণা। বিভিন্ন বৰণৰ বৰ্ণকণাবোৰ চৰাইৰ পাখিৰ বিকাশৰ সময়ত সূৰ্যৰ পোহৰ শক্তিৰ সহায়ত ৰঙীন হৈ পৰে। বিভিন্ন প্রকাৰৰ বৰ্ণকণাৰ উপস্থিতিৰ বাবেই চৰাইৰ পাখি নানাৰঙী হয়। গতিকে চৰাইৰ পাখিৰ ৰঙৰ পৰিৱৰ্তন ঘটে তেনে বৰ্ণকণাবোৰৰ পৰিৱৰ্তনৰ বাবেই। লগতে, চৰাইৰ দেহৰ পাখিৰ সাজোনেও বৰণ সলনি হোৱাত সহায় কৰে। সূৰ্যৰ ৰশ্মিৰ প্ৰতিফলন আৰু বিচ্ছুৰণত যিটো ৰং দেখা যায় সেইটোহে চৰাইৰ বৰণ বুলি আমি ধাৰণা কৰোঁ। সূৰ্যৰ ৰশ্মিৰ প্রতিফলনত ফেঁচু, দলপুঙা আদি চৰাইৰ ডিঙিৰ পাখিবোৰ বিভিন্ন কৌণিক অৱস্থানত কেতিয়াবা ক’লা আৰু কেতিয়াবা নীলা বৰণ হোৱা দেখা যায়। পোহৰৰ প্ৰতিফলন আৰু বিচ্ছুৰণত যিটো বৰণৰ চিক্‌মিকনি উঠে, সেই বৰণটোহে আমাৰ চকুত দৃষ্টিমান হয়।

প্ৰজনন আৰু পৰিভ্ৰমণৰ সময়ত, প্রজনন ঋতুৰ অন্তত পোৱালি জন্ম দিয়াৰ পিছত  চৰাইবোৰে সচৰাচৰ পাখি সলোৱা দেখা যায়। পাখিৰ বৰণ প্রধান তিনিটা বর্ণকণাৰ ওপৰত নিৰ্ভৰ কৰে বুলি জনা যায়। এইকেইটা হ’ল পাখিত থকা মেলানিন, কেৰটিলয়ড্‌ছ আৰু পৰফাইৰিন্‌ছৰ উপস্থিতি। এই মেলানিন, কেৰটিনয়ড্‌ছ আৰু পৰফাইৰিন্‌ছৰ বাবেই চৰাইৰ পাখিবিলাক ৰং-বিৰঙৰ হয়। ৰঞ্জক কণাবোৰ আকৌ চৰাইৰ দেহত সংশ্লেষিত হয় জটিল শৰীৰতত্ত্বীয় বিপাকীয় কাৰ্য-কলাপৰ ফলত। তেনে ৰঞ্জক কণাৰ উপৰিও আৰু এটা কথাই চৰাইৰ সৌন্দৰ্যৰ ক্ষেত্রত ডাঙৰ ভূমিকা গ্রহণ কৰে। চৰাইৰ নেজৰ আধাৰ অংশত এটা তেলেতীয়া গ্ৰন্থি থাকে। এই গ্ৰন্থিৰপৰা চৰায়ে  ‌ঠোঁটেৰে তেল ব্যৱহাৰ কৰি পাখি পৰিষ্কাৰ কৰি নিজকে সৌন্দৰ্যময় কৰি ৰাখে।

 

Print Friendly, PDF & Email

One thought on “নানাৰঙী চৰাইৰ ৰঙৰ আঁৰত – (নন্দ গগৈ)

  • মানস বৰুৱা

    মুক্ত চিন্তা,
    অপোনাৰ এই নানাৰঙী চৰাইৰ ৰঙৰ….’৷
    পাঠটো পঢ়ি সঁচাকৈ আপ্লুত হ’লো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *