নাৰী, মহিলা কবি আৰু অসমীয়া কবিতা - (সমুদ্ৰ কাজল শইকীয়া)

একেটা সময়তে বিভিন্ন সময়ৰ সহাৱস্থান সম্ভৱপৰ। সেয়েহে কিছুমান কথা চমুৱাই ক'বলৈ অলপ সমস্যাই হয়। আমেৰিকান শিল্প ইতিহাসবিদ লিণ্ডা নকলিনে (Linda Nochlin) সুধিছিল, “Why Have There Been No Great Women Artists?” তেনেকৈয়ে আমাৰ মাজে মাজে সুধিবৰ মন যায়, “Why Have There Been No Great Assamese Women Poet?” কিন্তু এশাৰী বা দুশাৰীৰ মন্তব্য একোটা বেছিভাগ সময়তেই মানুহে ভুলকৈ বুজে আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়েহে অনিচ্ছা স্বত্বেও কথাখিনি অলপ বহলাব লগা হ'ল।

একেটা সময়তে বিভিন্ন সময়ৰ সহাৱস্থান সম্ভৱপৰ - এই কথাষাৰ যিসকলে বুজি পায় বা মানি চলে সেইসকলে আমাৰ দৰে মানুহবোৰ - যি মাল্টি-ডিচিপ্লিনেৰি পৰিসৰত কৰ্মৰত - তেওঁলোকৰ সমস্যা অনুভৱ কৰিব পাৰিব। ২০০৬ চনতেই সম্ভৱ এখন আলোচনাচক্ৰত সমসাময়িক চিন্তক মহিলা এগৰাকীয়ে ঘোষণা কৰিছিল - নাৰীবাদৰ সমপ্তি ঘোষণা ইতিমধ্যেই হৈ গৈছে। এতিয়া উত্তৰ-নাৰীবাদী সময়। তেতিয়া আমি শিল্প ইতিহাসৰ ছাত্ৰ। কথাষাৰ শুনি আমাৰ চকু কপালত উঠিছিল। নাৰীবাদ কি বস্তু আমি তাকেই বুজি পাই উঠা নাই - আৰু আনফালে নাৰীবাদৰ অন্ত ঘোষণাই হৈ গ'ল দেখোন। অসমীয়া সাহিত্যত উত্তৰ-আধুনিকতাবাদ শব্দটো শুনিলেই সাত জাঁপ মৰা মানুহ এতিয়াও আছে, কিন্তু আনফালে উত্তৰ-আধুনিকতাবাদৰ অন্ত ঘোষণাও কাহানিবাই হৈ গৈ সমসাময়িক বা কণ্টেমপ'ৰেৰি আহিল। তাতোকৈ এঢাপ আগুৱাই গৈ প'ষ্ট- কণ্টেমপ'ৰেৰিও আৰম্ভ হ'ল - PoCo: Post Contemporary. সেয়েহে এতিয়া বুজিবলৈ অসুবিধা নহ'ব - একেটা সময়তে বিভিন্ন সময়ৰ সহাৱস্থান সম্ভৱপৰ।

এইটো এটা স্বয়ংসম্পূৰ্ণ লেখা নহয়, আন কোনোবাই লিখক বুলি আগ বঢ়াব খোজা এটা প্ৰস্তাৱহে। শিৰোনামটোতে নাৰী আৰু মহিলা দুয়োটা প্ৰায় সমাৰ্থক শব্দ যুগপৎ উল্লেখ কৰাৰ এটা কাৰণ আছে। মহিলা যদি এটা সাধাৰণ বিশেষ্যবাচক শব্দ বুলি ধৰি লওঁ, তাৰ পৰিৱৰ্তে সময়ে সময়ে নাৰী শব্দটোৱে একোটা পাৰিভাষিক ৰূপ লয়। নাৰীবাদ/বাদী, নাৰীত্ব – এইবোৰ মনলৈ আনিব পাৰি। এনে এটা লেখা হ'ব পাৰে বুলি বহুদিন বহু প্ৰসংগত মনলৈ আহি আছে যদিও সেই মৰসাহস আমি গোটাব পৰা নাই। বহু সময়ত পুৰুষে নাৰী সম্পৰ্কীয় আলোচনা আগ নবঢ়োৱাই ভাল যেন লাগে। একাংশ উগ্ৰ নাৰীবাদীয়ে তেনেকৈ দাবীও কৰে। বিশেষকৈ অলপতে মুক্তি লভি বেছ চৰ্চিত হোৱা “পিংক” নামৰ ছবিখনৰ বিপৰ্যয়লৈ চাই সাহস আৰু কমিছেহে।

১৯৭১ চনত লিণ্ডা নকলিন নামৰ শিল্প ইতিহাসবিদগৰাকীয়ে “Why Have There Been No Great Women Artists?” নামেৰে প্ৰচলিত ধ্যান-ধাৰণাক কঁপাই তুলিব পৰা এখন যুগান্তকাৰী ৰচনা লিখে। সেই সময়লৈকে প্ৰচলিত প্ৰায় সকলোবোৰ ধাৰণাৰ প্ৰতিয়েই ই আছিল এক প্ৰগাঢ় আৰু তীব্ৰ আক্ৰমণ। ইমানকাল ধৰি শিল্প ইতিহাসৰ ধূতি-নীতিবোৰক নিয়ন্ত্ৰণ কৰি অহা “অঘোষিত বগা শ্ৰেণীৰ পুৰুষৰ অৱদমন”ক প্ৰশ্ন কৰাটো যেনেকৈ জৰুৰী আছিল ঠিক তেনেকৈয়ে তেখেতে সমানে তৎকালীন নাৰীবাদী উদ্গীৰণকো কিন্তু সন্দেহৰ চকুৰে চাবলৈ বিচাৰিছিল। পুৰুষৰ অৱদমন কথাষাৰ বাৰু বুজিবলৈ বা ক'বলৈ সহজ। কিন্তু “নাৰীসুলভ” বুলি যেতিয়া কোৱা হয় তাৰ মানে বাৰু আচলতে কি? এইখিনি সমস্যাৰ এটা উঁহ বিচাৰি গৈ থৈ মহান বা মহত্ত্বৰ ধাৰণাটোকেই প্ৰশ্ন কৰিবলগাত পৰিল। “greatness” বা “genius” বুলি আচলতে কি বুজোৱা হৈ থাকে বা কাক কোৱা হৈ থাকে?

আজি কিছুদিন ধৰি কবিতা-কেন্দ্ৰিক তৰ্ক-বিতৰ্কৰে পুনৰ অসমীয়া সাহিত্যৰ অভ্যাসী তথা পাঠক সমাজৰ পৰিবেশ সজাল হৈ আছে। কবিতা কি, অকবিতা কি তাৰে আঁত ধৰি অসমীয়া কবিতাৰ আলোচনা-সমালোচনাৰ প্ৰতি বহুজনৰ মনোযোগ আকৰ্ষিত হোৱাও দেখা গৈছে। এলানি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ ৰৈছে কবি নীলিম কুমাৰ। প্ৰথিতযশা কবি নীলমণি ফুকনৰ জন্মদিনৰ দিনা তেখেতে ক'লে – কবি নীলমণি ফুকনৰ কবি নপঢ়াকৈ কোনো কবি হ'ব নোৱাৰে। হয়তো কবিজনাৰ প্ৰতি সন্মান জনায়েই তেনেকৈ কোৱা হ'ল। সি যি নহওক, আপোনালোকে যদি এবাৰ হাতৰ কাষতে পোৱা যিকোনো কবিতা বিষয়ক একোটা আলোচনা তুলি লৈ এবাৰ চকু ফুৰাই চায় – দেখা পাব অসমীয়া কাবিতাৰ যুগ প্ৰৱৰ্তকসকলৰ নাম। নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন নতুন কবিৰ বাবে হৈ ৰ'ল প্ৰাতঃস্মৰণীয় নাম। লগতে আপোনালোকে পাব অজিৎ বৰুৱাৰ নাম। এই চাৰিজন কবিৰ নামেৰে গঠিত চতুৰ্ভুজ ক্ষেত্ৰখনতেই এক দীৰ্ঘকাল ধৰি অসমীয়া সাম্প্ৰতিক কবিতাৰ গতি-বিধিৰ বিচৰণ। অলপ উজাই গৈ হেম বৰুৱা, দেৱকান্ত বৰুৱাৰ নামো পাব। পঢ়া-শুনা বা অনুসন্ধান বহলাই গৈ থাকিলে তালিকাখন ক্ৰমাৎ বহল হৈ গৈ থাকিব। কিন্তু এই তালিকাখন যিমানেই বহল হৈ গৈ নাথাকক, যুগান্তকাৰী বা যুগস্ৰষ্টা কবিসকলৰ মাজত; প্ৰাতঃস্মৰণীয় বুলি উল্লিখিত হৈ থকা কবিসকলৰ মাজত; কাণ্ডাৰী বুলি অভিহিতসকলৰ মাজত সকলো কবিয়েই কিন্তু পুৰুষ। মহিলা কবি এগৰাকীৰ নামো আপুনি নাপায়। এইটো আজিৰ কথা নহয়। ৰমন্যাসবাদ, আধুনিকতাবাদ, উত্তৰ-আধুনিকাতাবাদ - বাদ যিয়েই নহওক প্ৰভাৱশালী-মহৎ মহিলা কবিৰ উল্লেখ কোনোটো সময়তেই কোনোটো বাদতেই পাবলৈ নাই। সেয়েহে মাজে মাজে ভাবোঁ, লিণ্ডা নকলিনে যেনেকৈ সুধিছিল “মহান শিল্পীসকলৰ মাজত কিয় এগৰাকীও মহান মহিলা শিল্পী পাবলৈ নাই”, তেনেকৈয়ে কোনোবাদিনা কোনোবা অসমীয়া নাৰীয়েও একেটা প্ৰশ্নকেই কৰিব নেকি – “অসমীয়া মহান কবিসকলৰ তালিকাত মহিলা কবি এগৰাকীও কিয় নাই?”

সঁচা কথা ক'বলৈ গ'লে, স্বৰ্ণ-চতুৰ্ভুজ স্বৰূপ হীৰেন-নৱকান্ত-নীলমণি-অজিৎ এইসকল বৰেণ্য ব্যক্তিৰ হাত ধৰিয়েই আজিৰ উদীয়মান কবিকুলে কবিতা লেখা আৰম্ভ কৰিছিল। গতিকে অসমীয়া কবিতাৰ অগ্ৰগতিত পাই থকা নামসমূহ স্বাভাৱিক (natural) যেনেই লাগিব। কিন্তু এই স্বাভাৱিক যেন লগাখিনি আচলতে কিমান স্বাভাৱিক – সেই প্ৰশ্নটোকেই নকলিনে কৰিব খুজিছিল। নকলিনৰ লেখাটোক কেৱল এটা নাৰীবাদী লেখা আৰু তাৰ অৱলম্বন কেৱল পুৰুষ-মহিলাৰ লিংগ বৈষম্য বুলি ভাবি থাকিলে ভুল কৰা হ'ব। এই ভুলটোকেই নাৰীবাদৰ সাৰভাগ বুজি নোপোৱা পুৰুষ মহিলা সমন্বিতে বহুতে বাৰে বাৰে কৰি থাকে। শিল্পৰ ইতিহাস ৰচনাৰ পথত নাৰীৰ উপস্থিতিৰ আলমত নকলিনৰ এই এটা প্ৰশ্নৰ আঁত ধৰি লেখা ৰচনাখনে আচলতে সমগ্ৰ ইতিহাস ৰচনাৰ পদ্ধতি তথা মানুহৰ ইতিহাস বীক্ষণৰ প্ৰক্ৰিয়াটোকেই সন্দেহৰ আৱৰ্তলৈ লৈ আনিলে। “A feminist critique of the discipline of art history is needed which can pierce cultural-ideological limitations, to reveal biases and inadequacies not merely in regard to the question of women artists, but in the formulation of the crucial questions of the discipline as a whole.”

মহিলা সম্পৰ্কীয় আলোচনাক দাঁতিকাষৰীয়া কৰি নথৈ তেখেতে আলোচনাৰ মধ্যভাগলৈ লৈ আনিবলৈ বিচাৰিলে যাৰ ফলত ক্ৰমাগতভাৱো পৰস্পৰ সংপৃক্ত এলানি এৰাব নোৱৰা প্ৰসংগই মূৰ দাঙি উঠিবলৈ ল'লে। “A simple question like "Why have there been no great women artists?" can, if answered adequately, create a chain reaction, expanding to encompass every accepted assumption of the field, and then outward to embrace history and the social sciences or even psychology and literature, and thereby, from the very outset, to challenge traditional divisions of intellectual inquiry.”

*
অলপতে প্ৰভাত বৰাদেৱৰ যথাৰীতি শীৰ্ষক সমালোচনা সংগ্ৰহটি পঢ়িলোঁ। অসমীয়া সমালোচনা সাহিত্যলৈ এই কিতাপখন এক অনবদ্য সংযোজন। আমি উল্লেখ কৰিব খোজা মহিলা কবিৰ সংখ্যালঘিষ্ঠতাৰ প্ৰসংগটো যে একেবাৰে অবান্তৰ নহয় সেয়া বুজিবলৈ প্ৰভাত বৰাদেৱে উনুকিওৱা এইখিনি কথাৰ উদ্ধৃতিয়েই যথেষ্ট -

"আশীৰ দশকৰ অসমীয়া কবিতাৰ আটাইতকৈ তৎপৰ্যপূৰ্ণ দিশটো হ'ল কেইবাগৰাকীও প্ৰতিভাশালী নাৰী কবিৰ আগমন। অসমীয়া কবিতাৰ প্ৰতিটো যুগতেই একোগৰাকী নাৰী কবিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো সত্য। কিন্তু কেৱল এগৰাকীৰ মাজতেই সেই ভূমিকা আবদ্ধ আছিল। নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈক এই প্ৰসংগত মনত পেলাব পাৰোঁ। কেৱল অসমীয়া কবিতাই নহয়, প্ৰায়বোৰ দেশৰ কবিতাৰ ক্ষেত্ৰতেই এই কথাটো সত্য। ছিলৱিয়া প্লথ (Sylvia Plath)ৰ পাছত কোনো উল্লেখযোগ্য নাৰী কবিৰ আৱিৰ্ভাৱ ঘটা নাই ইংৰাজী কবিতাত।”
(যথাৰীতি, “আশীৰ পৰৱৰ্তী অসমীয়া কবিতা”, পৃ. ১৫৫)

প্ৰভাত বৰাদেৱৰ প্ৰতিটি লেখাই সাৰগ্ৰাহী, তথ্যসমৃদ্ধ আৰু সূক্ষ্ম বিচাৰ-বুদ্ধিসম্পন্ন। অসমীয়া ভাষাত সমালোচনা সম্পৰ্কীয় অলোচনাৰ বাবে আগ্ৰহী যিকোনো পৰ্যায়ৰ ব্যক্তিৰ বাবেই এইখন এখন হাতপুথি হৈ উঠিব পাৰে। কিন্তু কিবাকিবি কাৰণত “নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা” শীৰ্ষক আলোচনাটিয়ে আমাক ব্যথিত কৰিলে।

"সাধাৰণতে নাৰী কবিৰ প্ৰতি সমালোচকসকল অধিক হৃদয়ৱান যেন অনুমান হয়। বোধহয় নাৰীকবিৰ লক্ষণীয় সংখ্যালঘিষ্ঠতাই ইয়াৰ কাৰণ। এমিলি ডিকিনছন ভাবৰ গভীৰতা আৰু কাব্যিক বিশুদ্ধতাৰ মাপকাঠিৰে সমালোচকৰ দৃষ্টিত বিশিষ্ট কবি হিচাপে উত্তীৰ্ণ হ'ব পৰা নাছিল, তথাপি আছিল সমালোচকসকলৰ কাৰণে আদৰৰ কবি। নিৰ্মলপ্ৰভা আমাৰ সমালোচকসকলৰ কাৰণে এমিলি বুলি ক'লে বোধহয় বেছি ভুল কৰা নহ'ব।"
এই কথখিনিতেই স্পষ্টকৈ বাজি আছে এটা সহানুভূতিৰ অথবা অনুকম্পাৰ সুৰ। এই সুৰটো পুতৌজনক। লেখকে আন লেখক-সাহিত্যিক-কবিকুলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা ভাষা আৰু নিৰ্মলপ্ৰভা সম্পৰ্কে প্ৰয়োগ কৰা ভাষাৰ মাজত ব্যৱধান আছে। এই লেখাত “কবি হিচাপে নিৰ্মলপ্ৰভাৰ দৃষ্টিভংগীত মৌলিকতাৰ অভাৱ আৰু কাব্যিক পৰিমণ্ডলৰ সীমাবদ্ধতা”ৰ কথা ক'বৰ পৰত লেখকৰ ভাষা যিমান অনমনীয় হৈ উঠিছে সেয়া আন লেখকৰ সম্পৰ্কে ক'বৰ পৰত দেখা পোৱা নাই। অন্যান্য লেখকৰ সীমাবদ্ধতা অথবা দুৰ্বলতাৰ কথা যেতিয়া কোৱা হৈছে তাৰ সুৰটো ভিন্ন। উদাহৰণস্বৰূপে আন এটা লেখাত হোমেন বৰগোহাঞিৰ গদ্য সম্পৰ্কে কোৱা হৈছে এনেধৰণেৰে -
“এই লয়যুক্ত গদ্য কেতিয়াবা শুৱলা যেন লাগিলেও সাধাৰণতে একঘেয়ামিৰ কাৰণে বিৰক্তিকৰ হৈ উঠে। হোমেন বৰগোহাঞিৰ ভাষা বলিষ্ঠ হ'লেও পৌৰুষিক নহয়। কাৰ্ল ক্ৰৌছে (Karl Kraus) হেইনৰ (Heine) বিৰুদ্ধে কাব্য আৰু গদ্য উভয়তে feuilleton প্ৰৱৰ্তন কৰা বুলি অভিযোগ কৰিছিল। হোমেন বৰগোহাঞিৰ বিৰুদ্ধেও এই অভিযোগটো কৰিব পাৰি।”
(যথাৰীতি, “সৌৰভ চলিহাৰ গল্প : এটি অনুসন্ধান”, পৃ. ৭৭)

আনহাতে নিৰ্মলপ্ৰভা সম্পৰ্কে কোৱা কথাখিনিলৈ চাওক -
"কোনোবা এজন সমালোচকে কবিতাৰ আংগিকক নদীৰ গতিপথৰ লগত তুলনা কৰিছে। নদীৰ গতিপথ সোঁতৰ ধাৰাই নিৰ্ণয় কৰে। নিৰ্মলপ্ৰভাৰ কিছুমান কবিতা পঢ়িলে গতিপথেহে সোঁতৰ ধাৰা নিৰ্ণয় কৰা যেন অনুভৱ হয়। বোধহয় ই কবি হিচাপে নিৰ্মলপ্ৰভাৰ দৃষ্টিভংগীত মৌলিকতাৰ অভাৱ আৰু কাব্যিক পৰিমণ্ডলৰ সীমাবদ্ধতাকে সূচিত কৰে।" (পৃ. ১১২)

সমকালীন অন্যান্য কবিসকলৰ সৈতে তুলনাৰ সময়তো নিৰ্মলপ্ৰভাক পিছুৱাই ৰখা হৈছে। গীতিধৰ্মী কবি হিচাপেও তেখেতক 'আন সকলোৱে' হীৰেন ভট্টাচাৰ্যৰ সমন্তৰালকৈহে উল্লেখ কৰে বুলি কৈ তেখেতেও একাধিকবাৰ সেই একেটা কামকেই কৰিলে - যিমানবাৰেই গীতিধৰ্মিতাৰ কথা আহিল সিমানবাৰেই আহিল হীৰেন ভট্টাচাৰ্যৰ নাম। কমিটমেণ্ট বা সামাজিক দায়বদ্ধতাৰ কথা থকা কবিতাখিনিৰো কেইটিমানক স্পষ্টভাৱেই “আন্তৰিকতাবিহীন”, “নিস্তেজ” আৰু “ক্লান্তিকৰ” বুলি কোৱা হৈছে।

"…নৱকান্ত বৰুৱাৰ শব্দচয়নৰ অভিনৱত্ব অথবা নীলমণি ফুকনৰ শব্দৰ অভিনৱ প্ৰয়োগ নিৰ্মলপ্ৰভাৰ কবিতাত পৰিলক্ষিত নহয়। গীতিধৰ্মী কবি হিচাপেও নিৰ্মলপ্ৰভাক হীৰেন ভট্টৰ লগত যুগপৎভাৱেহে উল্লেখ কৰা হয়।"

"…দৃঢ়বদ্ধ কঠিন চেতনাপ্ৰধান কাব্যদৰ্শনৰ অভাৱত নিৰ্মলপ্ৰভাৰ গীতিধৰ্মী কবিতাত অতি সাৰল্যৰ যি প্ৰৱণতা পৰিলক্ষিত, সি কেতিয়াবা তেওঁৰ কবিতাক অৰ্থহীন আৱেগ-ফলাফল হিচাপে প্ৰতীয়মান কৰি তোলে।"

"…এই কবিতাবোৰত নিবিড় আত্মীয়তা আৰু অপ্ৰতিৰোধ্য উপলব্ধিৰ অভাৱত উদ্দামতা নাই, আছে কেৱল তৰল চাতুৰ্য।
এই কবিতাবোৰ পঢ়িলে কোনোবা যশোপ্ৰাৰ্থী চতুৰ ৰাজনীতিকে নিজৰ প্ৰাসাদৰপৰা ওলাই আহি জনতাক উদ্দেশ্য কৰি দিয়া যুক্তিৰ প্ৰলেপসনা আন্তৰিকতাবিহীন আৱেগমিহলি ভাষণৰ অংশ যেন লাগে। সুদূৰপ্ৰসাৰী জীৱন-সংগ্ৰামৰ দীপ্ত সংকল্পৰ দীপ্তি নথকা কাৰণে নিৰ্মলপ্ৰভাৰ কবিতা নিস্তেজ, ক্লান্তিকৰ।" (যথাৰীতি, “নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা”, পৃ. ১১৩)

কিন্তু আশাপ্ৰদভাৱেই আন এটা লেখাত অসমীয়া কবিতাৰ প্ৰতিটো যুগতেই মাত্ৰ একোগৰাকী নাৰী কবিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ কথা স্বীকাৰ কৰিও আশীৰ দশকৰ পিছৰছোৱা সময়ৰ অসমীয়া কবিতাৰ কথা আলচিবলৈ গৈ লেখকে একে সময়তে কেইবাগৰাকীও মহিলা কবি আগ বাঢ়ি অহাৰ কথা উল্লেখ কৰিছে, যাৰ মাজত আছে অনুপমা বসুমতাৰী, অৰ্চনা পূজাৰী, নীলিমা ঠাকুৰীয়া হক, আৰু লুটফা হানুম ছেলিমা বেগম। কিন্তু দুখেৰে মন কৰিবলগীয়া হ'ল যে এয়াও কেৱল নমোল্লেখতেই সীমাবদ্ধ হৈ থাকিল। সমসাময়িক, পূৰ্বজ তথা সদ্যহতে আত্মপ্ৰকাশ কৰা অনুজ পুৰুষ কবিসকলৰ বিষয়ে দৃষ্টান্তসহিতে পৰ্যালোচনা আগ বঢ়োৱাৰ বিপৰীতে এই মহিলা কবিসকলৰ প্ৰতি প্ৰভাত বৰাদেৱে অলপো বাক্য ব্যয় নকৰিলে। সমীৰ তাঁতী, সনন্ত তাঁতিৰেপৰা অনুভৱ তুলসী, নীলিম কুমাৰ, জীৱন নৰহক সাঙুৰি কুশল দত্ত, বিজয় শংকৰ বৰ্মন আৰু কমল কুমাৰ তাঁতীলৈকে কবিসকলৰ ক্ষেত্ৰত উদহৰণসহিতে যিমান কথা কোৱা হ'ল, তাৰ বিপৰীতে অনুপমা বসুমতাৰী, অৰ্চনা পূজাৰী আদিসকলৰ বিষয়ে একো কোৱা নহ'ল। কেৱল “অসমীয়া সাহিত্য-উপন্যাস-গল্প-কবিতাত ক্ৰমবৰ্ধমান নাৰীৰ আধিপত্য তাৎপৰ্যপূৰ্ণ” বুলি কৈ থৈয়েই লেখকে দায়িত্ব সামৰিলে। দীঘলীয়া লেখাটোৰ প্ৰায় পঁচিশ ভাগৰ এভাগমানতেই মহিলা কবিসকলৰ কথা আৰম্ভণি হৈ আগ বাঢ়িবলৈ নোপোৱাকৈয়ে শেষ হৈ থাকিল।

কেৱল লুটফা সম্পৰ্কে অলপ শুনিবলৈ পালোঁ যিষাৰ কথাও ইতিমধ্যেই আকাশে-বতাহে প্ৰচলিত এটা সাধাৰণীকৰণৰ দোষেৰে দোষী এষাৰ কথা :
“এওঁলোকৰ মাজত লুটফাৰ কবিতাই মোক আটাইতকৈ বেছি আকৰ্ষণ কৰে। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাও মই ভাল পাওঁ। কিন্তু লুটফাৰ কবিতৰ নিচিনা 'ফেমিনিন' (Feminine) গুণসম্পন্ন কবিতা আগতে কেতিয়াও পোৱা নাই।”
(দ্ৰষ্টব্য : প্ৰভাত বৰা, যথাৰীতি, আঁক-বাক, প্ৰথম প্ৰকাশ – জানুৱাৰি, ২০১৩)

*
আকৌ নকলিনৰ সুৰেৰে আমি কৰিব খোজা প্ৰশ্নটোলৈকে উভতি আহোঁ - “Why Have There Been No Great Assamese Women Poet?” নকলিনৰ লেখাটো নপঢ়াসকলেও কেৱল তেখেতৰ শিৰোনাম প্ৰশ্নটোকে দুবাৰমান মনতে আওৰাই বহুখিনি কথা আৱিষ্কাৰ কৰি ল'ব পাৰিব। মনতে কথাখিনি যুকিয়াই আমি নিজকে প্ৰশ্ন কৰি চাব পাৰোঁ যে - দোষ কাৰ? ঐতিহাসিক প্ৰেক্ষাপটত কথাখিনি চালি-জাৰি চোৱা উচিত আৰু সেয়া সময়ে সময়ে বিভিন্নজন চিন্তকৰদ্বাৰা কৰা হৈ আহিছে। দ্বিতীয়তে, শিল্পৰ আংগিকৰ দিশেৰেও চোৱা হয় যেতিয়া প্ৰশ্ন উঠে শিল্পভাষাত অথবা বাকপ্ৰণালীৰ (Idiom) ভিন্নতাক লৈ – ঠিক কোনখিনিত এক শিল্পকৰ্ম 'পৌৰুষিক' আৰু কোনখিনিত 'নাৰীসুলভ'। এইখিনিতেই আদৰ্শগত দ্বন্দ্ব একোটাৰো সূত্ৰপাত। এগৰাকী নাৰীয়ে সঁচায়ে পুৰুষৰ দৰে আঁকিব, বা লিখিব নোৱাৰে নেকি? যদি নোৱাৰে, পুৰুষৰ দৰে লিখিবলৈ চেষ্টা কৰা উচিত নেকি? কি গুণ থাকিলে এজন পুৰুষৰ লেখাত 'নাৰীসুলভ' গুণ থকা বুলি ক'ম? এই গুণ এজন পুৰুষ লেখকৰ বাবে তুচ্ছতাবোধক হৈ পৰিব নেকি? যদি হয় কিহৰ ভিত্তিত হ'ব? উচ্চ-নীচ অথবা শ্ৰেষ্ঠত্বৰ মাপকাঠি কোনে কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰিব? এই শেষৰ প্ৰশ্নটোত সোমাই আছে সমালোচক-ঐতিহাসিকৰ অৱস্থান গ্ৰহণৰ প্ৰসংগটো। লেখক বা শিল্পীৰ স্বীকৃতি প্ৰদানৰ পদ্ধতিবোৰ কি? লবিবোৰ কোনবোৰ? স্বীকৃতি প্ৰদানৰ এজেন্সি বা অনুষ্ঠান-প্ৰতিষ্ঠান কোনবোৰ? স্বাৰ্থবোৰ কেনি কেনি সোমাই আছে?

অসমীয়া ভাষাত সাহিত্য সমালোচকৰ তালিকাতো যে মহিলা আলোচকৰ সংখ্যা নগণ্য সেইটোলৈকো মন কৰক। সময়ৰ এনে মহিমা যে এই সময়ত বুদ্ধিজীৱী শব্দটো এটা গালি অথবা ইতিকিংসূচক শব্দত পৰিণত হৈছে গণ-মাধ্যমসমূহৰ কৃপাত। শব্দটোৰ সঠিক অভিধা কি হ'ব কোনেও তাৰ মনঃপূত ব্যখ্যা আগ বঢ়োৱা দেখা পোৱা নাই যদিও কাকতে-পত্ৰই, ছ’চিয়েল মিডিয়া বা আন বৈদ্যুতিন মাধ্যমত যিসকললৈ বুদ্ধিজীৱী বুলি আঙুলি টোঁৱাই কথা কৈ থকা হৈ থাকে - সেই সকলোবোৰেই কিন্তু পুৰুষ। গতিকে আমিও আজিও “naturally” মানিয়েই লৈছোঁ যে বুদ্ধিজীৱী শব্দটো এটা পুৰুষ শব্দ। বুদ্ধিজীৱী মহিলা হ'ব নোৱাৰে, পুৰুষেই হ'ব লাগিব।

নিজেই নিজকে প্ৰশ্ন কৰক - সঁচাকৈয়ে জিনিয়াছ বুলি আমি কাক কওঁ। লিওনাৰ্ডো ডা ভিন্সিক কওঁ। গ্ৰে'ট আৰ্টিষ্ট বুলি বা মহান শিল্পী বুলি কাক কাক চিনি পাওঁ? ছালভাডোৰ ডালি, পাবলো পিকাছো, ভিনচেণ্ট ভেন গঘ এওঁলোককে কওঁ। এই তালিকাখনত এগৰাকীও মহিলাৰ নাম কিয় নাই? কিন্তু নকলিনে এই সংঘাতিক প্ৰশ্নটো কৰি পেলোৱাৰ আগলৈকে এই তালিকাখনক ইমান দিনে আমিও দেখোন স্বাভাৱিক বুলিয়েই ভাবি আহিছিলোঁ। কথা হ'ল, ইমান শ শ বছৰেও এগৰাকীও মহিলা শিল্পীৰ আবিৰ্ভাৱ নহ'ল নে যাক মহান শিল্পী বুলিব পৰা গ'লহেঁতেন? অথবা যাক জিনিয়াছ বুলিলোঁহেতেন? এইখিনিতেই কথাটো - যে জিনিয়াছ শব্দটোৱেই কেৱল পুৰুষৰ বাবে আছুতীয়াকৈ ৰখা এটা শব্দ। এটা সত্য মানিবই লাগিব যে নাৰীৰ জীৱন যুগে যুগে ঘৰৰ চাৰিবেৰৰ ভিতৰৰ কাম কাজতেই আবদ্ধ কৰি ৰখা হৈ আহিছে যি ক্ষেত্ৰত পুৰুষ এজনে স্বাধীনভাৱে শিল্পচৰ্চাত নিজকে নিবিষ্ট কৰিব পৰাৰ স্বাধীনতাখিনি লাভ কৰি আহিছে। এনে ক্ষেত্ৰত সংখ্যাগতভাৱে মহিলা শিল্পী তাকৰীয়া হোৱাটো বাৰু অনুমান কৰিব পাৰি। অসমীয়া কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানী (১৮৯২-১৯৬০) সম্পৰ্কে কোৱা হয় – "অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা। অসমত সেই সময়ত স্ত্ৰী-শিক্ষাৰ বিশেষ প্ৰসাৰ নথকা হেতুকে আহোম ৰাজত্বৰ শেষ স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহৰ মোক্তাব যজ্ঞেশ্বৰ শৰ্মাই, ঘৰতেই কন্যাৰ শিক্ষাৰ সু-ব্যৱস্থা কৰি দিছিল।" গতিকে নাৰীশিক্ষাৰ প্ৰসাৰৰ অভাৱৰ অচিলাতেই যে নাৰীসকলৰ মাজত শিল্প/সাহিত্যৰ চৰ্চা একাললৈকে উধাবৰ কোনো বাট নাছিল সেয়া আমি বুজি পাওঁ আৰু এই কণ্ডিচনখিনিও এসময়লৈকে 'স্বাভাৱিকতাৰেই' আমি মানি আহিছিলোহঁক। কিন্তু সেই সময়ৰপৰা এই সময়লৈকে বহু দূৰ বাট। শাৰীৰিক সময়ৰ হিচাপতকৈয়ো কনচেপচুৱেল সময়ৰ হিচাপত আজিৰ সময় বহু আগ বাঢ়ি আহিল। তেন্তে মানি ল'ব লাগিব যে আজিৰ তাৰিখতো সাহিত্য আলোচনাত মহিলা কবিৰ অনুপস্থিতিৰ সমস্যাটোক সেই ঐতিহাসিক-সামাজিক অৱস্থাৰ দোহাই দি আৰু এৰাই চলিব পৰা নাযাব। এনে ক্ষেত্ৰত পোনপটীয়াকৈ উপনীত হ'ব পৰা সিদ্ধান্তসমূহ হ'ব এনেধৰণৰ -

১) হয়, সংখ্যাগত আৰু গুণগত (?) দুয়োটা দিশতেই অসমীয়া মহিলা কবিয়ে আচলতেই পুৰুষ কবিসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰা নাই।

২) ওপৰৰ সিদ্ধান্ত ভিত্তিগতভাৱেই ভুল, কাৰণ সংখ্যাৰ ধাৰণাটো প্ৰকাশন-মেকানিজমৰ ওপৰত নিৰ্ভৰশীল আৰু গুণৰ ধাৰণাটোকেই ইমানপৰে প্ৰশ্ন কৰি থকা হৈছে। তেনেহ'লে উপপাদ্য হ'ব - সাহিত্য সমালোচনা আৰু ইতিহাস ৰচনাৰ ধাৰাসমূহ আজিও পুৰুষতান্ত্ৰিক হৈয়েই আছে।

৩) উপৰিউক্ত দ্বিতীয় কথাষাৰ কৈ দিয়াটো সহজ আৰু ই একো সমস্যা সমাধান নকৰে। নাৰীবাদী কথা-বাৰ্তাৰ আওতাত ই এক চৰ্বিত চৰ্বনৰ ৰূপ লোৱাৰ উপক্ৰম হ'বগৈ এটা সময়ত। সেয়েহে ওপৰৰ দুয়োটা সিদ্ধান্তকে স্বীকাৰ কৰি লৈয়ো আন এটা কথালৈ আহিব পৰি যে - হয়তো আজিলৈকে মহিলা কবিৰ 'নাৰী-সুলভ' কথাষাৰক দৃঢ়তাৰে সৈতে প্ৰতিষ্ঠা কৰিবলৈ অথবা তাক সমূলঞ্চে নাকচ কৰি হুংকাৰ দি উঠিবলৈ কোনো নাৰী কবি ব্যক্তিগতভাৱে অথবা সমূহীয়াভাবে (individually or as a collective) আগ বাঢ়ি নাহিল।

নাজানো। কেৱল প্ৰশ্ন এটাহে আগ বঢ়াই থ'ব খুজিছোঁ -
“Why Have There Been No Great Assamese Women Poet?”

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰী, মহিলা কবি আৰু অসমীয়া কবিতা - (সমুদ্ৰ কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *