নাৰী নিৰ্যাতনৰ উৎস বিচাৰি- (ড০ অনিমা গুহ)

২০১২ চনৰ ১৬ ডিচেম্বৰ তাৰিখে দিল্লীৰ এখন চলন্ত বাছত পেৰামেডিকেলৰ ছাত্ৰীগৰাকীয়ে দলবদ্ধ যৌন নিগ্ৰহৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজি ২৮ ডিচেম্বৰত পৰাজয় স্বীকাৰ কৰিলে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্বতঃস্ফূৰ্ত হৈ স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল। ক্ৰমে এই প্ৰতিবাদ বিয়পি পৰে দেশৰ চুকে-কোণে। চৰকাৰকে ধৰি সমগ্ৰ দেশৰ বিবেকক জগাই তুলিলে এই অভূতপূৰ্ব প্ৰতিবাদে ঘাইকৈ সেই সময়ৰেপৰা বাতৰি-কাকত, ইলেক্ট্ৰনিক মিডিয়াত নাৰী নিগ্ৰহ, নাৰীৰ শ্লীলতা হানি, বলাৎকাৰ আদি বিষয়বোৰে গুৰুত্ব লাভ কৰিবলৈ ধৰিলে।

সম্ভৱতঃ আদি প্ৰস্তৰ যুগত সমাজত প্ৰচলিত আছিল আদিম সাম্যবাদ, যেতিয়া স্ত্ৰী-পুৰুষ উভয়ে খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল। নৱ প্ৰস্তৰ যুগত স্থূল খেতি-বাতিৰ আৰম্ভণিৰ সময়তো সমাজৰ গাঁথনি জটিল নাছিল। কৃষি আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰপৰাই নাৰীৰ পদমৰ্যাদাৰ নিম্নগতি আৰম্ভ হ'ল। ভূসম্পত্তি, অধিকাৰ আদিৰ ধাৰণাবোৰ অহাৰ পাছত নাৰী গৃহবন্দী হৈ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়াৰ আহিলা হিচাপে চিনাকি হ'বলৈ ধৰিলে। ভাৰততে নহয়, পৃথিৱীৰ সৰ্বত্ৰ নাৰীৰ ইতিহাস নিৰ্যাতনৰ এক সুদীৰ্ঘ ইতিহাস। সীতা-দ্ৰৌপদীৰ যুগৰেপৰা বৰ্তমানলৈ নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ আছে নাৰী নিৰ্যাতন। ‘আৰব্য ৰজনী’ত পাওঁ, প্ৰতি নিশা হাৰুল-অল-ৰচিদৰ শোৱনিকোঠাত যোগান ধৰা হৈছিল একোজনীকে কুমাৰী কন্যা। পিছদিনা পুৱা তাইক মৃত্যুদণ্ড বিহা হৈছিল। আফ্ৰিকাৰ নীল নদীত জলপ্ৰৱাহ অবিৰাম গতিত বৈ থকা নিশ্চিত কৰিবলৈ প্ৰতি বছৰে একোজনী কুমাৰীক সেই পানীত জীৱন্তে নিক্ষেপ কৰা হৈছিল। আমাৰ ৰজা-মহাৰজাসকলৰ অন্দৰমহল উপচি পৰিছিল উপপত্নীৰে। আহোম ৰজাই মোগলৰ লগত সন্ধি স্থাপন কৰোতে ছবছৰীয়া জীয়েক ৰমণী গাভৰুক মোগলৰ হাতত সমৰ্পণ কৰিছিল। মোগল সম্ৰাটসকলে পাশাখেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছিল বান্দীসকলক। সিন্ধু সভ্যতাৰ কালছোৱাত বিভিন্ন কাৰণে বলিদান কৰিছিল কুমাৰী কন্যাক। দক্ষিণ আমেৰিকাৰ ইনকা ৰাজ্যত দেৱতাক পূজিবলৈ কিশোৰী কন্যাক বলি দিছিল। ভাৰতৰ মন্দিৰে মন্দিৰে দেৱদাসী প্ৰথা প্ৰচলিত আছিল। দেৱতাৰ নামত ভোগ কৰিছিল পুৰোহিত আৰু ধনৱান শ্ৰেণীটোৱে। দেৱতাৰ নামত চলিছিল অধৰ্মৰ কাণ্ড-কাৰখানা।

একেই নিষ্ঠুৰতা আজিও চলি আছে, সলনি হৈছে কেৱল পন্থাৰ। দিনৰ পাছত দিন ধৰি দেশত মহিলাৰ ওপৰত উৎপীড়ন, অত্যাচাৰ, ধৰ্ষণৰ সৈতে হত্যাৰ সংখ্যা বাঢ়ি গৈ আছে। সম্প্ৰতি ‘গাৰ্ডিয়ান’ পত্ৰিকাত প্ৰকাশ যে জি-২০ দেশবোৰৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ বিপজ্জনক দেশ ভাৰত। আনহাতে, আন এটা সমীক্ষা মতে আফগানিস্তান, কংগো, ছোমালিয়া আৰু ভাৰত মহিলাৰ বাবে ভয় লগা দেশ। এইবোৰ ৰিপ’ৰ্ট পঢ়ি ভাবো, এইখন ভাৰত হেনো প্ৰাচীন সুসভ্য দেশ। এয়ে নেকি সভ্যতাৰ নমুনা? প্ৰকৃততে ভাৰতীয় সংস্কৃতিত নাৰীক নৰকৰ দ্বাৰ বুলিয়ে ভবা হয়। সভ্যতাৰ লগত নাৰীৰ মৰ্যাদাৰ কোনো সম্পৰ্ক নাই। একৈশ শতিকাৰ সোতৰটা বছৰ অতিক্ৰান্ত হোৱাৰ পাছতো, নাৰীৰ নিৰাপত্তাৰ বাবে হেজাৰখন আইন প্ৰণয়ন কৰাৰ পাছতো নাৰীৰ জীৱন আৰু মান-মৰ্যাদাৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই। তাৰ কাৰণ নিহিত হৈ আছে ভাৰতীয় সংস্কৃতিত। সেই কথালৈ পাছত আহো।

আজিৰ যুগত জ্ঞান-বিজ্ঞান, তথ্য-প্ৰযুক্তি, আইন শাস্ত্ৰত কল্পনাতীত পৰিৱৰ্তন আনিছে। মানুহৰ চিন্তাজগততো বিৱৰ্তন ঘটিছে। কিন্তু এনে পৰিৱৰ্তনে ভাৰতবাসীৰ মানসিকতাত কোনো ছাব পেলাব পৰা নাই। মানৱাধিকাৰ প্ৰতিষ্ঠাৰ আদৰ্শ হ'ল বৰ্তমান যুগৰ অন্যতম প্ৰধান সমাজ ভাবনা। শিক্ষা, চিকিৎসাৰ সুবিধা, বাক-স্বাধীনতা, নাৰীমুক্তি আন্দোলন, বিশ্বশান্তি, পৰিৱেশ সংৰক্ষণ, পৰমাণু শক্তিৰ অপব্যৱহাৰ ৰোধ, মুক্ত চিন্তাৰ অধিকাৰ আদি সেই ভাবনাৰ অন্তৰ্গত। ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতনে মহিলা প্ৰজাতিটোক মানৱাধিকাৰৰপৰা বঞ্চিত কৰিছে। বাপকভাৱে সংঘটিত নিপীড়নৰ কাৰণ কি হ'ব পাৰে? সবলে দুৰ্বলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা প্ৰাণী জগতৰ নিয়ম কৰে নে? মানুহো প্ৰাণী; গতিকে বাহু বলত বলীয়ান পুৰুষে ধৰিয়ে লয় নে যে ই তেওঁলোকৰ জন্মস্বত্ব? কিন্তু মানুহ কেৱল প্ৰাণীয়েই নে? চিন্তা কৰিব পৰা এটা উন্নত মগজুৰ অধিকাৰী হোৱা বাবে মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। একমাত্ৰ মানুহেই গণতন্ত্ৰ, সাম্যবাদ, মানৱাধিকাৰ আদিৰ দৰে উচ্চ পৰ্যায়ৰ বিষয়ে ভাবিব পাৰে। পিছে নাৰীৰ ক্ষেত্ৰত এনেবোৰ চিন্তা কৰ্পূৰৰ দৰে উৰি যোৱাৰ কাৰণ বহু গভীৰ, যাৰ শিপা উৎপাটন কৰা কঠিন।

ভাৰতৰ দুটা প্ৰধান ধৰ্ম হ'ল হিন্দু আৰু ইছলাম। দুয়োটাই গভীৰভাৱে পিতৃতান্ত্ৰিক। দুয়োটাৰে ধৰ্মগ্ৰন্থ তথা নীতি-নিয়মবোৰে নাৰীক সামাজিকভাৱে অতি নিম্ন স্তৰত স্থান দিছে। ইয়াৰ বিৰুদ্ধে যাৰ কণ্ঠ ঊনৈশ শতিকাত ভাৰতত সৰ্বপ্ৰথম ধ্বনিত হৈছিল তেওঁ ৰাজা ৰামমোহন ৰায়। তাৰ পাছত আমি পালো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, জ্যোতিবা ফুলে, ই. ভি ৰামস্বামী, মহৰ্ষি কাৰ্ভে, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বি. আৰ. আম্বেদকাৰ আদি চিন্তানায়কসকলক।

ইতিমধ্যে কিছু নাৰীও নিজৰ পদমৰ্যাদা উদ্ধাৰৰ বাবে সক্ৰিয় হৈ উঠিল। এই জাগৰণ প্ৰথম দেখিবলৈ পাওঁ মহাৰাষ্ট্ৰত। পণ্ডিতা ৰামাবাঈ আৰু তাৰাবাঈ শ্বিণ্ডে সেই জাগৰণৰ পথিকৃৎ আছিল। কুৰি শতিকাৰ প্ৰথমফালে ওলাই আহিল আম্মু স্বামীনাথন, কমলাদেৱী চট্টোপাধ্যায়, সৰোজিনী নাইডু, চন্দ্ৰপ্ৰভা শইকীয়ানী, অৰুণা আছফ আলী আদি কিছু নাৰীবাদী মহিলা। তেওঁলোকে মেল-মিটিং কৰিলে, ইউনিয়ন গঠন কৰিলে, নাৰীক সচেতন কৰিবলৈ। দাবী জনালে পুৰুষৰ সৈতে সমমৰ্যাদাৰ।

১৯৫০ চনত প্ৰণয়ন কৰা ভাৰতৰ সংবিধানত নাৰী-পুৰুষক দিয়া হ'ল সমমৰ্যাদা। দিল্লী-কাণ্ডৰ পাছত হিন্দু ৰক্ষণশীল কিছু ধাৰ্মিক ব্যক্তিয়ে কৈছিল যে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে ভাৰতীয় মহিলাক ঘৰৰ বাহিৰলৈ আনিছে। কিছুমানৰ মতে আকৌ নাৰী আৰু পুৰুষৰ সমমৰ্যাদা হ'ব নোৱাৰে। এইসকল ব্যক্তিয়ে বোধকৰো ভাৰতীয় সংবিধানখনৰ বিষয়ে অৱগত নহয়। পশ্চিমীয়া দেশবোৰত মহিলাই আন্দোলন কৰি ভোটাধিকাৰ পাইছিল। কিন্তু স্বাধীন ভাৰতৰ ১৯৫২ চনত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ২১ বছৰীয়া নাৰী-পুৰুষে ভোটদান কৰিব পাৰিছিল। নাৰী-পুৰুষক সমমৰ্যাদা প্ৰদান কৰি ধৰ্মীয় ৰীতি-নীতিত কুঠাৰাঘাত কৰা হ'ল। ইয়াৰ পাছত ১৯৫৫ চনত হিন্দু বিবাহ আইন ৰচিত আৰু গৃহীত হ'ল। এই আইনৰদ্বাৰা হিন্দু সমাজত বহুবিবাহ প্ৰথা বন্ধ হ'ল। হিন্দু সংস্কৃতিৰ ৰক্ষকসকলে পুৰুষৰ বহুবিবাহ বন্ধ কৰা বাবে প্ৰবল আপত্তি জনাইছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান গুৰু গোলৱালকাৰে কৈছিল, একক বিবাহ আইন প্ৰৱৰ্তন কৰিলে হিন্দু পুৰুষসকলৰ বাবে পতিতালয়ৰ দুৱাৰ মুকলি কৰা হয়। তেওঁৰ ধাৰণা আছিল নাৰীক ভোগ কৰাই পুৰুষৰ জন্মগত অধিকাৰ। ভাৰতীয় সংস্কৃতিত নাৰী ভোগৰ সামগ্ৰী হোৱাৰ উপৰিও তেওঁ পুত্ৰ সন্তান জন্ম দিবই লাগিব। পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা। পুত্ৰই যদি জন্ম দিব নোৱাৰিলে তেনেহ'লে কিহৰ ভাৰ্যা? তেওঁক ত্যাগ কৰাই বিধেয়। মধ্যযুগতে হিন্দু আইনৰ ৰচয়িতাসকলৰ প্ৰধান হ'ল মনু আৰু যাজ্ঞ্যবল্ক। তেওঁলোকে ৰচনা কৰা ‘সংবিধান'খন হ'ল মনুসংহিতা, এইখন গ্ৰন্থমতে নাৰীৰ বাবে বিবাহেই হ'ল উপনয়ন, স্বামীগৃহত বাসেই হ'ল তেওঁৰ বাবে গুৰুগৃহত বাস আৰু পতিসেৱাই হ'ল বেদ অধ্যয়ন। প্ৰাচীন হিন্দু শাস্ত্ৰমতে বিবাহ, উত্তৰাধিকাৰ, দত্তকগ্ৰহণ আদি আইনবোৰ মনু-সংহিতা, শতপথ ব্ৰাহ্মণ আৰু বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত লিপিবদ্ধ কৰা হৈছে। ১৯৫৬ চনত ভাৰতীয় সংসদে প্ৰৱৰ্তন কৰিলে হিন্দু উত্তৰাধিকাৰ আইন। এই আইনমতে পুত্ৰ আৰু কন্যা উভয়ে পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। মুঠতে স্বৰাজোত্তৰ ভাৰতত সংসদে এটা এটাকৈ হিন্দু সংস্কৃতি উলংঘন কৰিবলৈ ধৰিলে। হিন্দু আইনবোৰ প্ৰণয়ন কৰাৰ পাছত ইছলাম ধৰ্মীয় আইনবোৰ সংস্কাৰ কৰি জাতি-ধৰ্ম-নিৰ্বিশেষে সকলো ভাৰতীয় নাৰীৰ একে আইনৰ অধীন কৰাৰ কথা ভবা হ'ল, যাতে ইমান দিনে কেৱল পুৰুষে ভোগ কৰা সামাজিক আৰু আইনী অধিকাৰ নাৰীসকলেও পায়। কিন্তু ইছলাম ধৰ্মীয় ৰীতি-নীতি সংস্কাৰ কৰাৰ সাহস ভাৰতীয় ৰাজনীতিকসকলে গোটাব নোৱাৰিলে। প্ৰতিক্ৰিয়াশীল মোল্লাসকলৰ মুখামুখি হোৱাৰ সাহস আজিও কাৰো নাই। তেওঁলোকৰ ভয়তে তছলিমা নাছৰিন, ছলমান ৰুশ্বদীয়ে ভাৰতৰ বিভিন্ন ঠাইত প্ৰৱেশ কৰাৰপৰা বঞ্চিত হ'বলগীয়া হৈছে। অসহিষ্ণু হিন্দু মৌলবাদীও ভাৰতত বহু আছে, যিসকলে নাৰীক সংবিধানপ্ৰদত্ত অধিকাৰৰপৰা পদে পদে বঞ্চিত কৰিবলৈ আগ বাঢ়ি আহে। উল্লেখযোগ্য যে উল্লিখিত গোলৱালকাৰে মনুসংহিতাখনক ভাৰতৰ সংবিধান কৰিব খুজিছিল। আনহাতে, প্ৰগতিশীল আধুনিকমনস্ক ভাৰতীয় সংবিধানৰ প্ৰণেতা ড০ বি. আৰ. আম্বেদকাৰে সমাজত সমতা ভংগকাৰী মনু-সংহিতাখনক পুৰি পেলোৱাৰ কথাহে কৈছিল।

অতীতৰেপৰা আজিলৈকে নাৰী নিৰ্যাতনৰ কাৰণ কি? নাৰীক নিৰাপত্তা দিবলৈ ৰাজা ৰামমোহন ৰায়ৰ যুগৰেপৰা আজিলৈকে বহু আইন প্ৰণয়ন কৰা হৈছে। দিল্লীৰ ঘটনাৰ পাছত কঠিন আইন প্ৰৱৰ্তন কৰিবলৈ তিনিজনীয়া সদস্যৰে গঠিত ভাৰ্মা কমিটিৰ চুপাৰিছ বিচাৰিলে কেন্দ্ৰীয় চৰকাৰে। অতি কম সময়ৰ ভিতৰত দাখিল কৰা কমিটিৰ ৰিপ'ৰ্টৰ কিছু পৰামৰ্শ গ্ৰহণ কৰি কিছু ত্যাগ কৰি কেন্দ্ৰীয় কেবিনেটে প্ৰস্তুত কৰিলে এখন অধ্যাদেশ। ৰাষ্ট্ৰপতিয়ে তাত স্বাক্ষৰ কৰাৰ লগে লগে ফৌজদাৰী আইন (সংশোধন) অধ্যাদেশ, ২০১৩ কাৰ্যকৰী হ'ল। নাৰীৰ ওপৰত উৎপীড়ন কমিল নে? অলপো কমা নাই। গতিকে নিৰ্যাতন-উৎপীড়নৰ উৎসত আঘাত হানিব লাগিব। প্ৰকৃত উৎসত আঘাত নাহানি আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, আইন প্ৰণয়ন কৰিলে একো লাভ নাই। উৎসত আঘাত কৰিব নোৱাৰিলে সেই আন্দোলনৰ যে যৱনিকাপাত ঘটে তাক আমি চকুৰ আগতে দেখিলো। দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনত নমা আন্না হাজাৰেৰ সমৰ্থক এটা সময়ত ভাৰতজুৰি আছিল। মানুহৰ সহ্যশক্তি কমি যোৱা বাবে তেওঁৰ প্ৰতি স্বত্বঃস্ফূৰ্তভাৱে হেজাৰে হেজাৰে মধ্যবিত্ত আৰু উচ্চবিত্ত শ্ৰেণীৰ মানুহে সমৰ্থন আগ বঢ়াইছিল। কিন্তু কম সময়ৰ ভিতৰতে সেই সমৰ্থনৰ চোক কমিবলৈ ধৰিলে। ফলত আন্না হাজাৰেৰ শিবিৰত ভাঙোন ধৰে। আন্নাৰ দুৰ্নীতিবিৰোধী আন্দোলনৰ মূল লক্ষ্য আছিল ভেটি গ্ৰহণ কৰোতা মন্ত্ৰী, আমোলা, নেতা, চৰকাৰী কৰ্মীসকল। কিন্তু ভেটি দিওঁতাসকলৰ বিৰুদ্ধে তেওঁৰ আন্দোলন নিমাত। ভেটি দিওঁতা কৰ্প'ৰেট সংস্থা আৰু তেওঁলোকৰ মালিকসকলে মন্ত্ৰী, আমোলাসকলক ভেটি দি নিজৰ পুঁজি টনকিয়াল কৰে। আমি যৌতুকৰ নিওঁতাৰ বিৰুদ্ধে সৰৱ। কিন্তু দিওঁতাৰ ক্ষেত্ৰত নিমাত। প্ৰকৃততে দিওঁতাসকলহে অধিক দোষী।

যি কি নহওক, নাৰী-নিৰ্যাতনৰ উৎসত আঘাত নকৰিলে নিৰ্যাতন নকমে। এতিয়া উৎস কি? উৎস বিচাৰি হায়ৰান হোৱাৰ প্ৰয়োজন নাই। আমাৰ পিতৃপ্ৰধান সমাজখনত বাস কৰা নাৰী প্ৰজাতিটো ভাৰতৰ সংবিধান মতে সম-অধিকাৰপ্ৰাপ্ত ভাৰতৰ নাগৰিক ঠিকেই, কিন্তু তেওঁলোক অদৃশ্য আন এখন সমাজৰো ‘নাগৰিক'। সেই সমাজখনৰ পৰিচালক পিতৃতান্ত্ৰিক সমাজ। মনু-সংহিতাই বান্ধি দিয়া অধিকাংশ নীতি-নিয়ম মানি চলে এইখন দেশৰ মহিলাই। হেজাৰ হেজাৰ বছৰ ধৰি এই নীতি-নিয়মবোৰৰ অধীনতে কটাবলগীয়া হৈছে পুৰুষ-নাৰী উভয়ে। স্বৰাজোত্তৰ ভাৰতে মাত্ৰ ৬৩ বছৰ আগতেহে সমঅধিকাৰ দিছে। গতিকে পুৰণি নিয়ম মতে আজিও পুৰুষে পাহৰিব পৰা নাই মান্ধাতাযুগীয় ধ্যান-ধাৰণা, সেইমতে আজিও নাৰীক ভোগৰ সামগ্ৰী আৰু পুত্ৰ সন্তান জন্ম দিয়াৰ যন্ত্ৰ বুলিয়ে ভবা হয়। বহু পৰিয়ালত পুত্ৰ এটা জন্ম নোহোৱালৈকে বোৱাৰীজনীয়ে গৰ্ভধাৰণ কৰিবলৈ বাধ্য হয়। কন্যাভ্ৰূণ হত্যা কৰি মাকজনীৰ স্বাস্থ্য নষ্ট কৰিবলগীয়া হ'লেও যন্ত্ৰই সঠিক বস্তু উৎপাদন কৰিবই লাগিব। পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা – মনুৰ যুগৰে এইবোৰ নিয়ম নীতি আজিলৈ বৰ্তি আছে। মানুহে আধুনিকমনস্ক হৈও ভাবিবলৈ এৰা নাই যে মৃত্যুৰ পিছত শ্ৰাদ্ধ কৰি পুৎ নামৰ নৰকৰপৰা উদ্ধাৰ কৰে কেৱল পুত্ৰইহে। কেৱল পুৰুষেই নহয়, নাৰীয়েও মনুৰ নীতি-নিয়মবোৰ ওফৰাব পৰা নাই। পুত্ৰ-কন্যাক সমব্যৱহাৰ প্ৰদৰ্শন কৰে কেইগৰাকী মাকে? মনৰ কোনোবা এটা কোণত পুত্ৰৰ প্ৰতি অধিকাংশ মাকৰে এটা দুৰ্বলতা থাকে। জীয়েকহঁতক উপজিবৰ পাছৰেপৰা আদৰ্শ নাৰী হোৱাৰ ট্ৰেইনিং দিয়া হয়, পুতেকহঁতক কোৱা হয় নে নাৰীক সম্ভ্ৰম কৰিবলৈ? অনাদৰ-অৱহেলাৰ ফলতে আজি নাৰীৰ সংখ্যা দিনক দিনে কমি আহিবলৈ ধৰিছে।

নাৰী নিগ্ৰহৰ উৎস যিহেতু মনুসংহিতাৰ বাণীবোৰ, সেই হেতুকে পুৰুষ-নাৰী উভয়ে সেইবোৰৰপৰা নিজকে মুক্ত কৰিব লাগিব। ই সম্ভৱ একমাত্ৰ প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ প্ৰত্যেকে নিজৰ চেতনাৰ উন্মেষ ঘটোৱাৰদ্বাৰা। মনত ৰাখিব লাগিব, চেতনা গছৰপৰা সৰি পৰা ফল নহয়। চেতনা উৎসাৰিত হয় মনুষ্যত্বৰ মৰ্যাদাবোধৰপৰা। চেতনাৰ অভাৱ পৰিলক্ষিত হয় সমাজৰ সৰ্বস্তৰত। এটা কথা অনস্বীকাৰ্য যে এশ বছৰৰ আগৰ তুলনাত ভাৰতৰ সকলো শ্ৰেণীৰ মহিলাৰ জীৱনলৈ পৰিৱৰ্তন আহিছে, কিন্তু মানৱসত্তা হিচাপে অনেকৰ মনত তেওঁলোকে স্থান পোৱা নাই। আনকি নাৰীয়েও নিজকে বহু ক্ষেত্ৰত পুৰুষৰ সমপৰ্যায়ৰ বুলি ভাবিব নোৱাৰে। ভাবিব নোৱৰা বাবে তেওঁলোক পুৰুষৰ হাতৰ পুতলা হিচাপে ব্যৱহৃত হ'বলৈ আপত্তি নকৰে। নাৰী-নিগ্ৰহৰ আন এটা কাৰণ এই দৃষ্টিভংগী।

সামন্তবাদী চিন্তা-চেতনাৰপৰা নাৰীক উদ্ধাৰ কৰিবলৈ যেতিয়া প্ৰগতিশীল ব্যক্তিসকলে, বিভিন্ন নাৰীবাদী সংগঠনবোৰ আগ বাঢ়ি আহিল, কিছু আধুনিকমনস্কতাই সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া ১৯৯০ৰ দশকত হুৰমুৰ কৰি প্ৰৱেশ কৰিলে বিশ্বায়নী অৰ্থনীতি। এই অৰ্থনীতিৰ পিছে পিছে সোমাই আহিল সৰ্বগ্ৰাসী ভোগবাদী সংস্কৃতি। মানুহক ভোগসৰ্বস্ব কৰিবলৈ বহুজাতিক সংস্থাবোৰে (মুনাফা লুটিবলৈ) বজাৰত এৰিলে পণ্যদ্ৰব্য। তাৰ বাবে প্ৰয়োজন হ'ল টেলিভিশ্যনৰ পৰ্দাত বিজ্ঞাপনৰ জোৱাৰ। বাতৰিকাকতো পিছপৰি নাথাকিল। ভোগ কৰিবলৈ যিমান সামগ্ৰী আছে তাৰ প্ৰতিটো বিজ্ঞাপনৰ বাবে প্ৰয়োজন হ'ল নাৰীদেহৰ। নাৰীসকলো নিলাজ। উন্মুক্ত দেহ প্ৰদৰ্শন কৰিবলৈ আপত্তি নাই। দৃষ্টিভংগী এনে যে ভোগ্য সামগ্ৰীৰ লগত নাৰীকো ভোগ কৰা। চিনেমাতো নায়িকা, পাৰ্শ্ব নায়িকা আদি সকলো নাৰীৰে কাপোৰ-কানিৰ লগত সম্পৰ্ক ক্ষীণ হৈ আহিবলৈ ধৰিলে। সিহঁতৰ যৌন উত্তেজক ভাব-ভংগী দেখি যৌন-ক্ষুধাৰ্তসকলৰ কামনা বাঢ়ি যাবলৈ ধৰিলে। এই ক্ষুধাৰ্তসকলৰ মনত এনে এটা ধাৰণাৰ সৃষ্টি হ'ল যে নাৰীদেহ মানেই ভোগৰ সামগ্ৰী। এনে এটা সামন্ততান্ত্ৰিক ধাৰণাতো আছিলেই, বিজ্ঞাপনে তাক বঢ়াই দিলে। এই যৌন-ক্ষুধাৰ্তসকলে সেইবাবে বাটে-ঘাটে শিশুৰপৰা বৃদ্ধালৈ নাৰী দেখা পালেই উত্তেজিত হৈ পৰে। কামনা চৰিতাৰ্থ কৰিবৰ সময়ত আইন, পুলিচ, জে’ল সকলো পাহৰি যায়।

আজি পৰিয়ালৰ আটায়ে একেলগে বহি চিনেমা বা টিভিতো চাবই নোৱাৰি, আনকি বাতৰিকাকতখনো পঢ়া নাযায়। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰদ্বাৰা অনুষ্ঠিত সভা এখনত খ্যাতনামা সাংবাদিক ড০ পাৰ্থ চট্টোপাধ্যায়ে আক্ষেপ কৰি কৈছিল যে তেওঁলোকৰ সময়ত বাতৰিকাকত ছপাখানালৈ যোৱাৰ আগত চেন্সৰ কৰা হৈছিল, যিটো ব্যৱস্থা আজি আৰু নাই। ফলত কাকতৰ মান নিম্নগামী হৈছে। তেওঁ কয়, যৌনতা আৰু অপৰাধ বৃদ্ধিত বাতৰিকাকতেও সহায় কৰিছে।

আজি সকলোধৰণৰ মিডিয়া প্ৰতিষ্ঠানৰ গৰাকীসকল হৈছে বৃহৎ পুঁজিপতিসকল। সিহঁতৰ উদ্দেশ্য এখন সুস্থ সমাজ গঠন কৰা নহয়, সিহঁতে ব্যৱসায় কৰে বিপুল পৰিমাণে অৰ্থলাভ কৰিবলৈ। নাৰী স্বাধীনতা, নাৰীৰ অধিকাৰ, নাৰী সবলীকৰণ আদি বিষয়ক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বই নানা আলোচনা কৰিছে, নাৰী সুৰক্ষাৰ বাবে অসংখ্য আইন ৰচিত হৈছে, তেতিয়া এই মিডিয়াবোৰে, বৃহৎ পুঁজিপতিবোৰে, নিলাজ মহিলাসকলে আৰু কিছু ৰক্ষণশীল ধৰ্মীয় ব্যক্তিয়ে ঘড়ীৰ কাঁটাডাল ওলোটা মুখে ঘূৰাই আছে।

আজি তৰুণ প্ৰজন্মই নাৰী নিৰ্যাতকসকলৰ বিৰুদ্ধে যিদৰে আন্দোলন কৰিছে, ওলোটামুখী সভ্যতাক উচটোৱাসকলৰ বিৰুদ্ধেও একেদৰে জাগি উঠক। উৎসবোৰত আঘাত হানক। লালসাত পোত খোৱা মানসিকতাক অধ্যাদেশ বলৱৎ কৰি বন্ধ কৰিব নোৱাৰি।

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰী নিৰ্যাতনৰ উৎস বিচাৰি- (ড০ অনিমা গুহ)"

Leave a Comment

Your email address will not be published. Required fields are marked *