নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন

আগকথা »

প্রথম অধ্যায় 

পৰিয়াল

'If marriage is the end   of life,

 how can   it also be   the goal of life?'

মণিৰ কাহিনী

কাপোৰ-কানি, ব্যৱহাৰ-পাতি আদি বিভিন্ন ক্ষেত্রত সমাজে ‘প্রাকৃতিক’ বুলি নির্ধাৰণ কৰি দিয়া সীমাৰেখাডাল উলংঘন কৰিলে সমাজে সহ্য নকৰে। কেইবছৰমান পূর্বে পশ্চিম বংগৰ গাঁও এখনত মণি নামৰ কম বয়সীয়া যুবতী এগৰাকীক মাৰ-পিট কৰি নগ্ন কৰি পেলোৱা হ’ল। ছোৱালীজনীৰ অপৰাধ আছিল “তাই হেনো ল’ৰাৰ দৰে আচৰণ কৰে আৰু ল’ৰাৰ দৰে কাপোৰ-কানি পিন্ধে”। অর্থাৎ সামাজিক ব্যৱস্থাটো ৰক্ষা কৰাৰ ক্ষেত্রত সমাজ কিমান দূৰৈলৈকে যাব পাৰে, এই আপাত সংস্কৃতি ৰক্ষাৰ আঁৰত কিমান বীভৎস ৰূপৰ হিংসা লুকাই থাকে, মণিৰ ঘটনাটোৱে আমাক তাৰ কথাই সোঁৱৰাই দিয়ে। মণিক অত্যাচাৰ কৰা গাঁওবাসীসকলক পিশাচ, অপৰাধী, গোঁৱাৰ, অশিক্ষিত আদি নানান বিভূষণেৰে গালি দিয়াটো সহজ; পিছে তাৰ আগেয়ে আপুনি নিজৰ কথাই কল্পনা কৰক। ধৰক, চহৰৰ কোনো নামী দামী কর্প’ৰেট কোম্পানি এটাত আপুনি কাম কৰে। আপোনাৰে সহকর্মী পুৰুষ এজনে এদিন ঘোষণা কৰিলে যে তেওঁ কাইলৈৰপৰা শাৰী পিন্ধি, ফোঁট লৈ কামলৈ আহিব; শাৰী পিন্ধিয়েই তেওঁ ভাল পায়; তেওঁ তেনেকৈয়ে সহজবোধ কৰে। আপোনাৰ প্রতিক্রিয়া কেনেধৰণৰ হ’ব? মণিক মাৰপিট কৰা গাঁওবাসীসকলতকৈ আপোনাৰ ব্যৱহাৰ ঠিক কিমানখিনিলৈকে পৃথক হ’ব? আপুনি সহকর্মীজনক সহজভাৱে গ্রহণ কৰিবনে? তেওঁ নিজৰ জীৱন সম্পর্কে লোৱা সিদ্ধান্তখিনিক আপুনি যথোচিত সন্মান জনাব পাৰিবনে?

অর্থাৎ সমাজে ‘প্রাকৃতিক’ বুলি নির্ধাৰণ কৰি দিয়া নিয়মবোৰ উলংঘন কৰিলে ব্যক্তি একোজনক কিমানখিনি শাস্তি দিয়া হ’ব - তাৰ পৰিমাণ সম্পর্কে কিছু মতবিৰোধ থাকিব পাৰে। সমাজৰ অসহিষ্ণুতাৰ মাত্রা কম-বেছি পৰিমাণৰ হ’ব পাৰে; কিন্তু অসহিষ্ণুতা যে সকলোতে আছে – সেয়া স্পষ্ট। অসহিষ্ণুতাৰ এই নিয়ম-বিধিসমূহ চলাই নিয়াৰ ক্ষেত্রত, কম-বেছি পৰিমাণে সিবিলাকৰ বাহক হোৱাৰ অভিযোগত আমি সকলোৱেই দোষী। আমি সকলোৱেই এই নিয়ম-বিধিসমূহ নমনা হ’লে, আমি অসহিষ্ণুতাৰ পৰিচয় নিদিওঁ বুলি সকলোৱেই ভাবি লোৱা হ’লে, সমাজে নির্ধাৰণ কৰি দিয়া অসহিষ্ণু ভূমিকাখিনি আমি পালন নকৰা হ’লে, এনে নিয়ম-বিধিসমূহ অস্তিত্বমানেই নহ’লহেঁতেন। অর্থাৎ অন্যায়পূর্ণ এই ব্যৱস্থাটো চলাই নিয়াৰ ক্ষেত্রত আমাৰ নিজৰো যে কিছু ভূমিকা আছে, সেই কথা আমি প্রায়েই পাহৰি যাওঁ। আমি নিজৰ ল’ৰা-ছোৱালীক সামাজিকভাৱে নির্ধাৰিত নিয়ম তথা সংজ্ঞা অনুসৰিয়েই “উপযুক্তভাৱে” ডাঙৰ-দীঘল কৰোঁ, সিহঁতৰ “অবাঞ্ছনীয়” ব্যৱহাৰ-পাতিৰ বাবে মৰমেৰে শিকোৱাৰ বা উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰোঁ, নিজে কেতিয়াও সামাজিক বিধিসমূহ উলংঘা নকৰিবলৈ সাৱধানতা অৱলম্বন কৰোঁ, আমাৰ দৃষ্টিত পৃথক যেন প্রতীয়মান হোৱা ব্যক্তিজনৰ প্রতি তিৰস্কাৰপূর্ণ দৃষ্টি নিক্ষেপ কৰোঁ, বলপূর্বক মনোবৈজ্ঞানিক তথা মেডিকেল হস্তক্ষেপৰ যোগেদি ‘প্রাকৃতিক হোৱাৰ’, ‘প্রাকৃতিক কৰাৰ’ ব্যৱস্থা কৰোঁ, মানসিক ব্লেকমেইলিং, শাৰীৰিক হিংসা . . . ইবিলাকৰো প্রয়োগ কৰোঁ। অর্থাৎ এনে সহস্র উদাহৰণ দিব পৰা যায় - যিবিলাকৰ যোগেদি আমি নিজেও বর্তমানৰ তথাকথিত ‘প্রাকৃতিক’ ব্যৱস্থাটো অহৰহভাৱে পুনঃউৎপাদিত কৰি থকাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰোঁ।

পিছে মণিয়ে ভোগ কৰা শাস্তিৰ কাৰণ কেৱল তাইৰ সাজপাৰ বা ব্যৱহাৰ-পাতি নাছিল। তাৰ আন এটাও কাৰণ আছিল : তাই বিবাহ নামৰ অনুষ্ঠানটোৰ নিৰাপত্তাৰ ক্ষেত্রত ভাবুকিৰ সৃষ্টি কৰিছিল। গাঁওখনৰ নব্য বিবাহিতা ছোৱালী এজনীৰ স’তে থকা সম্পর্কটো তাই এৰি দিবলৈ মান্তি হোৱা নাছিল।

অর্থাৎ সামাজিকভাৱে নির্ধাৰিত ব্যৱহাৰ-পাতি তথা সামাজিকভাৱে স্বীকৃত সন্তান-জন্মৰ প্রতি উৎসর্গিত যৌনতা – এই দুয়োটাৰে মাজত কিছু ওচৰ সম্পর্ক আছে। বিভিন্ন ধৰণৰ সামাজিক পৰিচয়সমূহ – যেনে জাতি, নৃগোষ্ঠী, ধর্ম – আদিৰ বিশুদ্ধতা তথা পুনঃউৎপাদন চলাই নিবলৈ হ’লে যৌনতাৰ ওপৰত পুলিচগিৰি কৰিবই লাগিব। সমকামী বাসনাই এই পৰিচিতিসমূহৰ অস্তিত্বৰ প্রতি ভাবুকি সৃষ্টি কৰিব পাৰে কিয়নো ইয়াত সন্তান জন্ম দিয়াৰ প্রসংগ নাহে। ইয়াত ছেক্সৰ সৈতে সন্তান জন্ম দিয়াৰ কোনো সম্পর্ক নাই। সমকামী মানুহবোৰে অন্য উপায়েৰে সন্তান লাভ কৰিব পাৰে – যেনে প্রযুক্তিগত হস্তক্ষেপৰদ্বাৰা বা কোনো শিশুক তুলি লোৱাৰদ্বাৰা। পিছে এনে সন্তানৰ জাত-সম্প্রদায় কি হ’ব? এয়া হৈছে এক কঠিন প্রশ্ন! এটা ভাবুকি সৃষ্টি কৰিব পৰা প্রশ্ন। আনকি অসমকামী লোকসকলেও – যি একে ধৰণেৰে ভাবুকি সৃষ্টি কৰিব পাৰে – যেনে ধৰক, বেলেগ বেলেগ জাতৰ বা ধর্মৰ ল’ৰা-ছোৱালীৰ প্রেম সম্পর্ক – সিবিলাককো হিংসাৰ প্রত্যক্ষ বা পৰোক্ষ প্রয়োগৰদ্বাৰা নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰা হয়।

যিটো অনুষ্ঠানৰ হাতত পুলিচগিৰিৰ এই সমস্ত দায়িত্বভাৰ থাকে, সেই অনুষ্ঠানটো হৈছে পিতৃতান্ত্রিক অসমকামী পৰিয়াল। দা ইনষ্টিটিউচন অব ফেমিলি। বর্তমানৰ অন্যায়পূর্ণ ব্যৱস্থাটো চলাই নিয়াৰ ক্ষেত্রত পৰিয়ালৰ অনুষ্ঠানটোৰ এটা কেন্দ্রীয় ভূমিকা আছে।

সামাজিক ব্যৱস্থাটোৱে ঠিকেই অনুধাৱন কৰে যে সমকামী আকাংক্ষা তথা জেণ্ডাৰ নির্ধাৰিত সাজপাৰ/ব্যৱহাৰ-পাতিৰ উলংঘনে সমাজখনৰ পুনঃউৎপাদনৰ ক্ষেত্রত সমস্যা সৃষ্টি কৰিব পাৰে। ই বিভিন্ন পৰিচিতিসমূহক সলনি কৰি পেলাব পাৰে; সিবিলাকক নতুন ৰূপ দিব পাৰে। মণিৰ বয়স আছিল মাত্র ১৬ বছৰ; পিছে তাই হেনো ইমানেই ক্ষীণ আছিল যে তাইক ১২বছৰীয়া ছোৱালী যেনহে দেখা গৈছিল। এই কণমানি ছোৱালীজনীয়ে ইমান সহজতে কেনেকৈ সমাজ নির্ধাৰিত বিধিসমূহ উলংঘন কৰিব পাৰিলে? আচলতে এই সামাজিক বিধিসমূহ আমি যিমান মজবুত তথা স্থায়ী বুলি ভাবোঁ, সিবিলাক সিমান শক্তিশালী বা স্থায়ী নহয়। সিবিলাক প্রাকৃতিক, প্রশ্নাতীত বা চিৰন্তনো নহয়। এই সামাজিক বিধিসমূহ তলি ফুটা পাত্রৰ দৰে; য’তে-ত’তে ফুটা থকা, মামৰে খোৱা এক পাত্র; সিবিলাকৰ পৰিধি অস্পষ্ট আৰু দুর্বল। সেয়েহে এই বিধিসমূহক ৰক্ষা কৰিবলৈ ভীষণ বলপ্রয়োগৰ প্রয়োজন হয়। মণিৰ ক্ষেত্রতো সেয়াই দেখা গ’ল।

প্রেম আৰু পৰিয়াল

এই পৰিয়াল বস্তুটো আচলতে কি? জীৱনৰ খলা-বমা, ভাল-বেয়া সকলো সময়তে ইজনে সিজনক সহায়, সমর্থন আৰু ভালপোৱা আগ বঢ়োৱা মানুহৰ একোটাহঁত সমষ্টি? পিছে এয়া পৰিয়ালৰ সংজ্ঞা হয় জানো? এই মানৱীয় চর্তসমূহ পূৰণ কৰিলেও সকলো মানৱ সমষ্টিকে পৰিয়াল বুলি অভিহিত কৰা নহয়। যেনে ধৰক বন্ধুৰ একোটা সমষ্টি, পোষ্য সন্তানসহ এহাল সমকামী দম্পত্তি, অবিবাহিত মাতৃ আৰু সন্তান, ভাতৃ-ভগ্নীৰ স’তে বসবাস কৰা নাৰী - ইত্যাদিসকলক পৰিয়াল বুলি কোৱা নহয়। বৰং পৰিয়াল হৈছে এনে এটি অনুষ্ঠান যাৰ এক আইনী পৰিচয় থাকে, যাক ৰাষ্ট্র তথা সমাজে স্বীকৃতি দিয়ে; পৰিয়াল নির্মাণ কৰিবলৈ হ’লে কেতবোৰ বিশিষ্ট মানুহ কেতবোৰ বিশিষ্ট ৰূপত সম্পর্কযুক্ত হ’ব লাগিব। এইক্ষেত্রত আইন-বহির্ভূত কেতবোৰ কাৰকেও ক্রিয়া কৰা দেখা যায়। যেনে ধৰক - বহুতো মধ্যবিত্তীয় কলনিত কেৱল বিবাহিত অসমকামী পৰিয়ালকহে থাকিবলৈ অনুমতি দিয়া হয়। এইক্ষেত্রত প্রায়েই কোনো ঘোষিত আনুষ্ঠানিক নিয়ম নাথাকে। বৰং অনানুষ্ঠানিকভাৱে বিভিন্ন উপায়েৰে এই কামফেৰা সুনিশ্চিত কৰা হয়। অর্থাৎ পৰিয়াল বুলিলেই সকলো মানৱীয় সমষ্টিক বুজা নাযায়। বৰং পৰিয়ালৰ নাম পাবলৈ হ’লে ই অসমকামী, পিতৃতান্ত্রিক এক সমষ্টি হ’বই লাগিব : এজন পুৰুষ, তেওঁৰ পত্নী তথা তেওঁৰ সন্তান – এইকেইটা উপাদান থাকিলেহে পৰিয়ালৰ পৰিচয় পোৱাটো সম্ভৱপৰ হ’ব।

১৯৮৪ চনত কোনো এটা গোচৰ সংক্রান্তত দিল্লী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে যে সংবিধানপ্রদত্ত মৌলিক অধিকাৰসমূহ পৰিয়ালৰ ক্ষেত্রত প্রযোজ্য নহয়। ঘৰৰ দেওনাৰ বাহিৰতে এই অধিকাৰসমূহ ক্ষান্ত হ’ব লাগিব। সিবিলাকক ঘৰৰ ভিতৰলৈ সোমাই আহিবলৈ দিব নোৱাৰি। অন্যথাই কথাটো “চীনা মাটিৰ বাচন-বর্তনৰ দোকানত ষাঁড় গৰু এটাক সোমাবলৈ দিয়াৰ দৰে কথা হ’ব”। আমি ভাবো যে ন্যায়াধীশজন এইক্ষেত্রত সম্পূর্ণভাৱে শুদ্ধ আছিল। পৰিয়ালৰ ভিতৰত যদি মৌলিক অধিকাৰৰ প্রবেশ ঘটিবলৈ হয়, যদি পৰিয়ালৰ সকলো সদস্যকে সমান তথা স্বাধীন নাগৰিক হিচাপে গণ্য কৰা আৰম্ভ হয়, তেতিয়া পৰিয়াল নামৰ এই অনুষ্ঠানটোৰেই মৃত্যু ঘটিব। কিয়নো পৰিয়াল নামৰ এই অনুষ্ঠানটো বিভিন্ন অসমতাৰ ভিত্তিতহে জীয়াই থাকে। বিভিন্নধৰণৰ অসমতা তথা বৈষম্য এইক্ষেত্রত দেখিবলৈ পোৱা যায় : যেনে বয়সভিত্তিক অসমতা, লিংগভিত্তিক অসমতা আদি। এইক্ষেত্রত সাধাৰণতেই লিংগভিত্তিক অসমতাবোৰে বয়সতকৈ প্রাধান্য লাভ কৰে : তেওঁতকৈ বয়স্ক মহিলা এগৰাকী পৰিয়ালটোত থাকিলেও পৰিয়ালৰ প্রাপ্তবয়স্ক পুৰুষ একোজনেই মুৰব্বী পদ লাভ কৰে। সমবয়সৰ মহিলা এগৰাকীৰ তুলনাত পৰিয়ালৰ পুৰুষ একোজনৰ বেছি ক্ষমতা থাকে।

অর্থাৎ পৰিয়াল হৈছে এনে এবিধ অনুষ্ঠান যাৰ আধাৰ হৈছে অসমতা। পৰিয়ালৰ জৰিয়তে বিশেষ ৰূপৰ ব্যক্তিগত সম্পত্তিৰ মালিকানা তথা বিশেষ ৰূপৰ বংশনাম কঢ়িয়াই লৈ যোৱা হয়। এনে মালিকানা তথা বংশনামৰ ৰূপ হৈছে পিতৃমূলক (patrilineal);অর্থাৎ পিতৃৰপৰা পুত্রলৈ সিবিলাকৰ হস্তান্তৰণ কৰা হয়।

‘মৃত্যুদণ্ড’ নামৰ হিন্দী চিনেমাখনত এটা আমোদজনক দৃশ্য আছে : দুজন ককায়েক-ভায়েকৰ সৈতে শ্বাবানা আজমী আৰু মাধুৰী দীক্ষিতৰ বিয়া হৈছে। শ্বাবানাৰ স্বামীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই আৰু গাঁৱৰ সকলোৱেই এই বিষয়ে জানে। কিছুদিনৰ বাবে শ্বাবানা বাহিৰলৈ যায় আৰু কাৰোবাৰ সৈতে তেওঁ এটা সম্পর্ক গঢ়ি তোলে। কিছুদিনৰ পাছত শ্বাবানা ঘৰলৈ ঘূৰি আহোঁতে দেখা যায় যে তেওঁ গর্ভৱতী হৈ পৰিছে। আতংকিত হৈ মাধুৰীয়ে শ্বাবানাক সোধে : “বাইদেউ, এয়া কাৰ সন্তান?”

চাবলৈ গ’লে এইটো এটা অদ্ভুত প্রশ্ন, কিয়নো স্পষ্টভাৱে সন্তানটো হৈছে শ্বাবানাৰ। তেওঁৰ গর্ভতেই সন্তানটো আছে, পালিত হৈছে, গতিকেই সন্তানটো তেওঁৰ নহৈ আন কাৰ হ’ব? পিছে পিতৃতান্ত্রিক সমাজ একোখনত এনে অদ্ভুত প্রশ্নও সম্পূর্ণভাৱে অর্থপূর্ণ হৈ পৰে; সকলোৱেই এই প্রশ্নটোৰ অর্থ বুজি পায়। শ্বাবানাক সোধা প্রশ্নটোৰ অর্থ হৈছে : “সন্তানটোৰ পিতৃ কোন?” এই সন্তানটোৱে কাৰ জাতি বহন কৰিছে, কাৰ সম্পত্তিৰ ওপৰত তাৰ অধিকাৰ আছে?

শ্বাবানাই সহজভাৱে উত্তৰ দিয়ে : “মোৰ সন্তান”। মোৰ মনত আছে, শ্বাবানাৰ এই উত্তৰটোৱে চিনেমাহলত এক চেপা উত্তেজনা তথা আলোড়ন সৃষ্টি কৰিছিল। কোনোবাই চেপা মাতেৰে আলোচনা কৰিছিল, কোনোবাই খিলখিলাই হাঁহিছিল। শ্বাবানাৰ উত্তৰটোৱে কি পিতৃতন্ত্রৰ সমুখত কিছু অসহজ প্রশ্ন উত্থাপন কৰিছিল?

সঁচা কথা ক’বলৈ গ’লে, কোনো পুৰুষেই সন্তানটো তেওঁৰ নিজৰ হয় বুলি নিশ্চিতকৈ ক’ব নোৱাৰে। মহিলাগৰাকীয়ে সদায়েই জানে যে সন্তানটো অন্ততঃ তেওঁৰ; তেওঁৰ গর্ভৰপৰাই সন্তানটো জন্ম হৈছে। কিন্তু পুৰুষে DNA পৰীক্ষা কৰিও নিশ্চিতভাৱে পিতৃত্বৰ কথা জানিব নোৱাৰে। DNA পৰীক্ষাৰদ্বাৰা খুউব বেছি আপুনি গম ল’ব পাৰে যে সন্তানটো আপোনাৰ নহয়। কিন্তু আপোনাৰ আৰু সন্তানৰ DNA যদি মিলিও যায়, তাৰ অর্থ এইটো নহয় যে সন্তানটো নিশ্চিতভাৱে আপোনাৰ! বৰং ডাক্টৰে এইবুলিহে ক’ব যে “সংখ্যাগতভাৱে (statistically) উচ্চ সম্ভাৱনা আছে যে সন্তানটো হয়তো আপোনাৰ!” এইবোৰ দিশৰ প্রতি মন কৰিয়েই বহুতেই কয় : 'Motherhood is a biological fact, fatherhood is a sociological fiction.' পিতৃতন্ত্রই এই কথা ভালকৈয়ে জানে। পিতৃতন্ত্রৰ মানসত ই বিভিন্ন ধৰণৰ উদ্বেগ-আশংকা সৃষ্টি কৰে। সেয়েহে নাৰীৰ যৌনতাৰ ওপৰত পুলিচগিৰি কৰাটো জৰুৰী হৈ পৰে।

ভেলেণ্টাইন ডে’’ বিষয়ক বিতর্কসমূহে স্বতঃস্ফূর্ত প্রেমৰ প্রতি পিতৃতন্ত্রৰ উদ্বেগ ভালকৈয়ে উদঙাই দিয়ে। নব্বৈৰ দশকৰপৰাই ডেলেণ্টাইন ডে’ ভাৰতত জনপ্রিয় হ’বলৈ ধৰিছিল। নাৰীবাদী হিচাপে সেই সময়ত ভেলেণ্টাইন ডে’’ সম্পর্কে আমি বিশেষ উৎসাহিত নাছিলোঁ। বৰং তাৰ বহুতো দিশ সম্পর্কে আশংকাহে প্রকাশ কৰিছিলোঁ। ৰোমান্স বিষয়ক ভেলেণ্টাইন ডে’’ৰ যিবোৰ ধাৰণা – সিবিলাকক বৈষম্যমূলক বুলিয়েই ক’ব পাৰি। মন কৰক যে কেতবোৰ বিশেষ প্রেম কাহিনীকহে প্রকৃত/আদর্শ প্রেম কাহিনী বুলি ধৰা হয়। এই প্রেম কাহিনীৰ পাত্র সদায়েই এজন পুৰুষ তথা এগৰাকী নাৰী হ’ব লাগিব (সমকামীসকলৰ প্রেম কাহিনী আদর্শ বুলি ধৰা নহয়)। তদুপৰি আপুনি “প্রেমত পৰা”ৰ সময়তো কিন্তু প্রেমাস্পদজনৰ জাত-পাত-শ্রেণী-অৱস্থান-বয়স আদি দিশসমূহৰ প্রতি ভালকৈয়ে মন কৰে। পুৰুষজন অন্ততঃ কেইমাহমান হ’লেও নাৰীগৰাকীতকৈ ডাঙৰ হ’ব লাগিব, অন্ততঃ দুই ইঞ্চিমান বেছি ওখ হ’ব লাগিব, ছোৱালীজনীতকৈ অন্ততঃ কিছু পৰিমাণে হ’লেও বেছি উপার্জন কৰিব লাগিব। আন কথাত, এনে ৰোমান্সৰ অর্থ হৈছে নাৰীগৰাকী কিবাপ্রকাৰে হ’লেও পুৰুষজনতকৈ সদায়েই নিম্ন পর্যায়ৰ হ’ব লাগিব, তাক cute বুলিও অভিহিত কৰা হ’ব, সম্পর্কটোত পুৰুষজনেই সদায়ে প্রাপ্তবয়স্কৰ ভূমিকা গ্রহণ কৰিব।

স্বতঃস্কূৰ্ত প্রেমৰ নাম লৈও প্রকৃতপক্ষে নিয়ন্ত্রিত প্রেমৰ ৰূপ লোৱা ভেলেণ্টাইন ডে’’ৰ বিৰুদ্ধে সেয়েহে আমি নাৰীবাদীসকলে এক সমালোচনা বিকশিত কৰিছিলোঁ।

আমি ভেলেণ্টাইন ডে’’ৰ সমালোচনা কৰাৰ আঁৰত অন্যান্য কেতবোৰ কাৰণো আছিল। ভেলেন্টাইন ডে’ৰ বাবে প্রেম যিমান গুৰুত্বপূর্ণ, তাতোকৈ বহু বেছি গুৰুত্বপূর্ণ হৈছে বজাৰ – উপহাৰৰ ক্রয়-বিক্রয় তথা বিনিময়। ভেলেণ্টাইন ডে’’ৰ দিনা আপুনি কাৰোবাক ভাল পাওঁ বুলি ক’লেই যথেষ্ট নহয়, বৰং সেই ভালপোৱা প্রমাণিত কৰিবলৈ আপুনি উপযুক্ত উপহাৰো ক্রয় কৰিব লাগিব। সেয়া লাগে কার্ডেই হওক, ফুলেই হওক বা টেডি বিয়েৰেই হওক। ৯০ৰ দশকৰ উদাৰীকৰণৰ ধুমুহাৰ সময়ত আমি নাৰীবাদীসকলে ভেলেণ্টাইন ডে’’ক ‘নতুন ভোগবাদ’ৰ এক উদাহৰণ বুলি অভিহিত কৰিছিলোঁ।

কিন্তু অতি সোনকালেই হিন্দুত্ববাদী সোঁপন্থীসকলেও “ভাৰতীয় সংস্কৃতি”ৰ নামত ভেলেণ্টাইন ডে’’ৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। এইক্ষেত্রত সমালোচনাই নহয়, বৰং জবৰদস্তি বলপ্রয়োগো কৰা দেখা গ’ল। পার্ক, উদ্যান আদি ৰাজহুৱা স্থলত ভেলেণ্টাইন ডে’ৰ দিনা বজৰং দল আদিয়ে প্রেমিক-প্রেমিকাসকলক শাৰীৰিকভাৱে অপমান কৰিবলৈও আৰম্ভ কৰিলে। মোৰ মনত আছে যে ইয়াৰ সমসাময়িকভাৱেই ভাৰতৰ বিভিন্ন অঞ্চলৰপৰা আত্মীয়জনৰ হাতত প্রেমিক-প্রেমিকাৰ হত্যাৰ খবৰো আহিবলৈ আৰম্ভ কৰিছিল। এই প্রেমিক-প্রেমিকাসকলে পৰিয়াল, আত্মীয়-স্বজনৰ ইচ্ছাৰ বিৰুদ্ধে আন সম্প্রদায়, জাতি তথা ধর্মৰ ব্যক্তিৰ সৈতে প্রেম কৰাৰ ধৃষ্টতা প্রদর্শন কৰিছিল। এনে হত্যাসমূহক ইংৰাজী মিডিয়াই প্রায়ে “honour killing” নামেৰে অভিহিত কৰে। কিন্তু প্রতীক্ষা বক্সিয়ে এইক্ষেত্রত আন এটা, অধিক ভয়াৱহ নাম প্রস্তাৱ কৰিছে : “custodial death”। পুলিচৰ অধীন বা জেইলখানাত থকা ব্যক্তিৰ মৃত্যু হ’লে তাক custodial death বুলি কোৱা হয়। যিহেতু পৰিয়ালো হৈছে এক প্রকাৰৰ জেইলখানা, সেয়েহে পৰিয়ালৰ অধীনত হোৱা মৃত্যুকো custodial death বুলি কোৱা উচিত আৰু সেই অনুসৰি শাস্তিবিধান কৰা উচিত।

যি কি নহওক, এইখিনি সময়তে ভাৰতৰ নানান ঠাইৰপৰা বহুতো “লেছবিয়ান আত্মহত্যা”ৰ খবৰো আহিবলৈ আৰম্ভ কৰিছিল। বহুতো লেছবিয়ান মহিলাই আত্মহত্যাৰ আগেয়ে চিঠি লিখি থৈ গৈছিল যে তেওঁৰ প্রেমাস্পদজনৰপৰা পৰিয়ালৰ মানুহে বলপূর্বক তেওঁক আঁতৰাই ৰাখিছে আৰু সেয়েহে এই প্রেমহীন জীৱন জীয়াই থাকিবলৈ তেওঁৰ আৰু ইচ্ছা নাই। এনে সমস্ত ঘটনাই আচলতে আমাৰ সমাজখন কিমান বৈষম্যপূর্ণ তাকেই প্রমাণিত কৰে। আমাৰ যৌন আচৰণসমূহ কিমান দূৰৈলৈ জাত-পাত, লিংগ তথা সম্প্রদায়ভিত্তিক মূল্যবোধে নিয়ন্ত্রণ কৰে, তাৰ নির্মম উদাহৰণ এই ঘটনাসমূহৰ মাজতেই পোৱা যায়। লগতেই আচলতে এনে মূল্যবোধসমূহ কিমান ঠুনুকা, কিমান সহজতে সিবিলাক প্রত্যাহ্বানৰ সমুখীন হয়, তাৰো পৰিচয় পোৱা যায়।

আম্বেদকাৰে জাতি নির্মূলকৰণৰ ক্ষেত্রত আন্তঃজাতীয় বিবাহৰ বিশেষ গুৰুত্ব তথা সম্ভাৱনা আছে বুলি ভাবিছিল। ১৯৩৬ চনত প্রকাশিত এখন ৰচনাত তেওঁ এনেদৰে লিখি থৈ গৈছে : “Where society is already well-knit by other ties, marriage is an ordinary incident of life. But where society is cut asunder, marriage as a binding force becomes a matter of urgent necessity. The real remedy for breaking caste is inter-marriage. Nothing else will serve as the solvent of caste”.

আজি বহু দশকৰ পাছতো আম্বেদকাৰৰ এই উক্তিৰ ন্যায্যতা খাপ-পঞ্চায়ত তথা আন্তঃজাতীয় বিবাহৰ বিৰুদ্ধে সিবিলাকৰ অৱস্থানৰ মাজত দেখিবলৈ পোৱা যায়। খাপ-পঞ্চায়তসমূহে ভয় কৰে যে আন্তঃজাতীয় বিবাহ হ’বলৈ হ’লে জাতিৰ ধাৰণাটো প্রত্যাহ্বানৰ মুখামুখি হ’ব। বিশেষকৈ হাৰিয়ানা প্রদেশৰ জাট সম্প্রদায়ৰ মাজত খাপ-পঞ্চায়তৰ বিশেষ উপস্থিতি তথা আন্তঃজাতীয় বিবাহৰ বিৰোধিতা দেখিবলৈ পোৱা যায়। এইক্ষেত্রত প্রায়েই সম্প্রদায়ৰ সন্মানৰ নামত খাপসমূহে প্রেমিক-প্রেমিকাৰ মৃত্যুদণ্ড ঘোষণা কৰে। মন কৰা ভাল যে এই খাপসমূহ চৰকাৰী পঞ্চায়তৰ দৰে নির্বাচিত প্রতিনিধিৰদ্বাৰা নির্মিত পঞ্চায়ত নহয়। সিবিলাকত কোনো গণতান্ত্রিক প্রক্রিয়াও দেখিবলৈ পোৱা নাযায়।

আজি দীর্ঘদিন ধৰি খাপ-পঞ্চায়তসমূহে হিন্দু বিবাহ আইনৰ সংশোধন দাবী কৰি আহিছে যাতে “সগোত্র” তথা “ভাইচাৰা” (ওচৰ-চুবুৰীয়া; সন্দর্ভ বিশেষে কেইবাখনো ওচৰ-চুবুৰীয়া গাঁৱৰ সমষ্টি)ৰ মাজত হোৱা বিবাহসমূহক বেআইনী ঘোষণা কৰিব পাৰি। তেওঁলোকৰ এই দাবী পূর্ণ হ’বলৈ হ’লে ডেকা ল’ৰা-ছোৱালীয়ে ওচৰ-পাঁজৰৰ প্রায় সকলো ব্যক্তিকে ভাই-ভনী হিচাপে গণ্য কৰিব লাগিব। অর্থাৎ এনেস্থলত প্রেম সম্পর্ক গঢ় লৈ উঠাটো, প্রেমাস্পদ বিচাৰি পোৱাটো দুৰুহ, প্রায় অসম্ভৱ হৈ পৰিব। আন কথাত প্রেমৰ বিপৰীতে পৰিয়ালেই ব্যক্তিৰ যৌন আচৰণ, বিবাহ আদি নিয়ন্ত্রণ কৰি যৌনতাক বাঞ্ছনীয় দিশেৰে ধাৱমান কৰিব পাৰিব।

চহৰীয়া মধ্যবিত্তৰ মনত প্রায়েই খাপ-পঞ্চায়ত তথা গাঁওবাসীৰ বিৰুদ্ধে প্রচণ্ড ঘৃণা দেখা পোৱা যায়; এনে এক ছবি প্রক্ষেপ কৰা হয় – যেন খাপসমূহেই সমস্ত সম্প্রদায়ৰ জীৱন নিয়ন্ত্রণ কৰে আৰু ব্যক্তিসকলেও সিবিলাকক নির্বিবাদে মানি লয়। কিন্তু মন কৰা ভাল যে খাপ-পঞ্চায়তসমূহক কিন্তু মূলতঃ গাঁৱৰ তথা জাট সম্প্রদায়ৰ যুবক-যুবতীসকলেই প্রত্যাহ্বান জনাইছে। তেওঁলোকে বিৰোধিতা নকৰা হ’লে চহৰীয়া মধ্যবিত্তই এই বিষয়ে বিশেষ ভু-কে নাপালেহেঁতেন। সামাজিক এঘৰীয়াকৰণ তথা মৃত্যুভয়কো নেওচি বহুতো প্রেমিক-প্রেমিকা, যুৱক-যুৱতীয়ে খাপসমূহৰ বিৰুদ্ধে সংগ্রাম কৰিছে।

চমূ ভাষাত কবলৈ গ’লে – আজিৰ দিনত নাৰীবাদীসকলে বুজি পাইছে যে প্রতিক্রিয়াশীল শক্তিসমূহে ভেলেণ্টাইন ডে’আদিৰ কিয় বিৰোধিতা কৰে। তেওঁলোকে সিবিলাকৰ মাজত অনিয়ন্ত্রিত প্রেমৰ সম্ভাৱনা দেখিবলৈ পায়। এনে প্রেম - যি জাতি, সম্প্রদায় আৰু অসমকামিতাৰ বান্ধোন মানি চলিবলৈ সাজু নহয়।

(ক্রমশঃ)

অনাগত সংখ্যাত পঢ়িবলৈ পাব : The Sexual Division of Labour

মূল: নিবেদিতা মেনন

অনুবাদ : ময়ূৰ চেতিয়া

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন"

Leave a Comment

Your email address will not be published. Required fields are marked *