নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন- (মূল : নিবেদিতা মেনন অনুবাদ : ময়ূৰ চেতিয়া)

(যোৱা সংখ্যাৰ পিছৰপৰা)

হিন্দু পৰিয়ালৰ পৰিবর্তিত ৰূপবোৰ

আজিৰ দিনত পৰিয়াল বুলিলে কেনেধৰণৰ ছবি এখন আমাৰ মনলৈ আহে? ১) এই পৰিয়ালটো হ’ব এক একক (nuclear) পৰিয়াল – অর্থাৎ য’ত স্বামী, স্ত্রী তথা তেওঁলোকৰ সন্তান থাকিব। ২) ই হ’ব এক পিতৃতান্ত্রিক (patriarchal) পৰিয়াল - অর্থাৎ য’ত পৰিয়ালৰ মুৰব্বীজন সাধাৰণতেই এজন পুৰুষ হোৱা দেখা যায়। ৩) ই হ’ব এক পিতৃজাত (patrilineal) পৰিয়াল অর্থাৎ য’ত পৰিয়ালৰ বংশবৃক্ষডালৰ শিপা পূর্বমাতৃসকলৰ বিপৰীতে পূর্বপূৰুষসকলৰ হিচাপ কৰি উলিওৱা হয় [মোৰ দেউতা, তাৰ আগেয়ে মোৰ ককা, তাৰ আগেয়ে আজোককা ইত্যাদি; এইক্ষেত্রত মোৰ মা, আইতা তথা আজোআইতা কোনটো বংশ বা পৰিয়ালৰ আছিল – সেয়া মুখ্য বিষয় নহয়। মা বা আইতাৰ নামেৰে মোৰ বংশ-পৰিয়ালৰ চিনাকি নির্ধাৰিত হ’ব নোৱাৰে। - অনুবাদক] পিতৃজাত পৰিয়ালৰ আন এক অর্থ হৈছে – পৰিয়ালৰ সম্পত্তিৰ স্থানান্তৰণ ইটো প্রজন্মৰ পুৰুষসকলৰপৰা সিটো প্রজন্মৰ পুৰুষসকললৈ কৰা হয় [পুৰুষ হিচাপে মোৰ দেউতাৰ সম্পত্তি মই লাভ কৰিম; মোৰ পাছত মোৰ পুত্র সন্তানে লাভ কৰিব। - অনুবাদক]।

আমোদজনকভাৱে, পৰিয়ালৰ এই আদর্শ ছবিখন কিন্তু মুঠেও প্রাকৃতিক, স্বাভাৱিক বা সার্বজনীন বুলি ক’ব পৰা নাযায়; আচলতে ব্ৰিটিছ অহাৰ আগলৈকে ভাৰতৰ বহুতো অংশত পৰিয়ালৰ এই ৰূপটো দেখিবলৈকে পোৱা নগৈছিল। কেনেদৰে আজিৰ দিনৰ একক, পিতৃতান্ত্রিক তথা পিতৃজাত হিন্দু পৰিয়ালৰ ধাৰণাটো ঔপনিবেশিক কালৰ সময়ত নির্মাণ কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ এই বিশিষ্ট ৰূপটোকেই এসময়ত স্বাভাৱিক, আদর্শ তথা প্রাকৃতিক ৰূপ বুলি ঘোষণা কৰা হ’ল - সম্প্রতি এই বিষয়েই আমি আলোচনা কৰিম।

পৰিয়ালৰ এই আদর্শ ছবিখন আচলতে উত্তৰ ভাৰতীয় বর্ণহিন্দুসকলৰ মাজত প্রচলিত পৰিয়ালৰ বিশিষ্ট ৰূপটোৰ ওপৰত ভিত্তি কৰিয়েই নির্মাণ কৰা হৈছিল। এই বিশিষ্ট ৰূপটোৰ এক বৈশিষ্ট হৈছে – পিতৃজাত ভিৰিল’কেলিটি (patrilineal virilocality) – অর্থাৎ য’ত মাকৰ ঘৰখনত ছোৱালীজনীৰ কোনো অধিকাৰ নাই; বিয়া হোৱাৰ পাছত ছোৱালীজনী যিখন ঘৰলৈ যাব, সেইখন ঘৰহে তাইৰ প্রকৃত ঘৰ বুলি কোৱা হ’ব। বিয়াৰ পাছত চিৰদিনৰ বাবে ছোৱালীজনীয়ে মাকৰ ঘৰ ত্যাগ কৰিব ।

বিংশ শতিকাপর্যন্ত পৰিয়ালৰ আন আন কেতবোৰ ৰূপো ভাৰতবর্ষত দেখিবলৈ পোৱা হৈছিল। মই নিজে কেৰালাৰ নায়াৰ সম্প্রদায়ত জন্ম হৈছিলোঁ। মোৰ আজোআইতাপর্যন্ত নায়াৰসকলে পৰিয়ালৰ মাতৃজাত (matrilineal) ৰূপটোৱেই পালন কৰি আহিছিল। আজোআইতাৰ দিনত নায়াৰ সম্প্রদায়ৰ আদর্শ পৰিয়ালটোৰ ৰূপ আছিল এনেধৰণৰ : পৰিয়ালটোত ভনীয়েকহঁত তথা ভায়েকহঁত একেলগে থাকিব; লগতে থাকিব ভনীয়েকহঁতৰ সন্তানসকল। ভনীয়েকহঁতৰ স্বামীসকল আকৌ নিজ নিজ ভনীয়েকহঁতৰ ঘৰত থাকিব! আজিৰ দিনত পৰিয়ালৰ এই ৰূপটো আশ্বর্যকৰ যেন লাগিব পাৰে, কিন্তু নায়াৰসকলৰ বাবে এয়াই আছিল পৰিয়ালৰ আদর্শ, স্বাভাৱিক তথা প্রাকৃতিক ৰূপ। ঊনবিংশ শতিকাৰ শেহৰ ফাললৈ ব্ৰিটিছে নায়াৰ পৰিয়ালৰ এই ৰূপটোৰ আইনী আধাৰটো ধ্বংস কৰি পেলালে। এই ক্ষেত্রত ঔপনিবেশিক শাসকসকলৰ স’তে নায়াৰ পুৰুষসকলৰ অভিজাত অংশটোৰো হাত আছিল (Arunima 2003; Kodoth 2001)। কিন্তু তথাপিও ১৯৭০ৰ দশকপর্যন্ত পৰিয়ালৰ এই ৰূপটোৰ কিছু অৱশেষ দেখিবলৈ পোৱা গৈছিল।

আমাৰ বক্তব্য হৈছে যে পৰিয়ালৰ ভিন ভিন ৰূপ থাকিব পাৰে; পৰিয়াল বুলিলেই যিটো আদর্শ, একক, পিতৃতান্ত্রিক তথা পিতৃজাত পৰিয়ালৰ ৰূপ আমাৰ মনলৈ আহে, সিয়েই পৰিয়ালৰ একমাত্র ৰূপ নহয়। আজিও মেঘালয়ৰ খাছীসকলৰ মাজত মাতৃজাত পৰিয়ালৰ এটা বিশিষ্ট ৰূপ দেখিবলৈ পোৱা যায়; খাছী পৰিয়ালত কনিষ্ঠ পুত্রীগৰাকীয়েই সকলো সম্পত্তি আইনীভাৱে লাভ কৰে। মাক-দেউতাকৰ বুঢ়া বয়সত এই পুত্রীগৰাকীয়েই তেওঁলোকৰ চোৱাচিতা কৰে। পুত্রীগৰাকীৰ স্বামীও তেওঁৰ ঘৰখনতে থাকিবলৈ গুচি আহে। এদিন এটা ভাৰতীয় ইংৰাজী টেলিভিছন অনুষ্ঠান চাই থাকোঁতে মই দেখিছিলোঁ - এগৰাকী খাছী মহিলাই তেওঁলোকৰ পৰিয়ালৰ বিশিষ্ট ৰূপটো সম্পর্কে আলোচনা কৰিছে আৰু অনুষ্ঠানটোৰ দর্শক দিল্লীৰ কিছু লোকে তেওঁৰ কথা শুনি খুউব ৰস পাইছে; তেওঁলোকে উপহাসৰ সুৰত হাঁহিছে। এই মহাশয়সকলৰ উর্বৰ মগজুত এই কথাটোকে খেলোৱা নাছিল যে তেওঁলোকে অনুকৰণ কৰা পৰিয়ালৰ উত্তৰ ভাৰতীয় ৰূপটোৱেই পৰিয়ালৰ একমাত্র ৰূপ নহয়; পৰিয়ালৰ বিভিন্ন ৰূপ থাকিব পাৰে; তাৰ ভিতৰত কোনোবাটোক প্রাকৃতিক, আনটোক অপ্রাকৃতিক বুলি কোৱাটো আচৰিত কথা। অর্থাৎ জীয়াই থকাৰ, পৰিয়ালৰ হিচাপে বসবাস কৰাৰ, ভাল পোৱাৰ বিভিন্ন ৰূপ থাকিব পাৰে।

আজিৰ দিনত হিন্দু বুলি যিবোৰ সম্প্রদায়ক ধৰা হয়, এসময়ত এনে বিভিন্ন সম্প্রদায়ৰ মাজত পৰিয়ালৰ বিভিন্ন ৰূপ দেখিবলৈ পোৱা গৈছিল। পিছে ১৮ শতিকাৰ পাছৰেপৰা এই ক্ষেত্রত পৰিবর্তন আহিবলৈ ধৰিলে। ব্ৰিটিছ ঔপনিবেশিকতাবাদ তথা স্থানীয় জাতীয়তাবাদী পুৰুষ এলিটসকলৰ মাজত এক অদ্ভুত মিত্রজোঁট গঢ় লৈ উঠিল। তেওঁলোকে ভিক্টোৰিয়ান ইংলেণ্ড তথা উত্তৰ ভাৰতীয় উচ্চ জাতিৰ লোকসকলৰ মাজত প্রচলিত পৰিয়ালৰ বিশিষ্ট ৰূপটোকেই সমগ্র ভাৰতত প্রয়োগ কৰিবলৈ চেষ্টা আৰম্ভ কৰিলে। পৰিয়াল তথা সম্পত্তি নিয়মনৰ আন আন সকলো ৰূপ নষ্ট কৰি পেলোৱা হ’ল বা সিবিলাকৰ গ্রহণীয়তাক আক্রমণ কৰা হ’ল। কেতবোৰ নতুন আইন-কানুন তৈয়াৰ কৰা হ’ল যি বিভিন্ন সম্প্রদায়ৰ নানান ধৰণৰ বৈচিত্র্যময় পৰিয়াল ব্যৱস্থা তথা সম্পত্তি নিয়মনৰ ব্যৱস্থাৱলীক আঁতৰাই সিবিলাকক মাত্র চাৰিবিধ ধর্মীয় পার্ছনেল আইন (religious personal laws)ৰ অধীনত বিভক্ত তথা সংকুচিত কৰি পেলালে : হিন্দু, মুছলিম, খ্রীষ্টান তথা পার্ছি। আজিৰ দিনত পৰম্পৰা আৰু তথাকথিত ধর্মীয় স্বাধীনতাৰ নামত যিসকল লোকে এই ধর্মীয় পার্ছনেল আইনবোৰক ৰক্ষা কৰাৰ কথা কয়, তেওঁলোকে হয়তো নাজানে যে এনে সমস্ত আইনবোৰ নির্মাণ কৰা হৈছিল আধুনিক যুগত – ১৯ শতিকাৰ ঔপনিবেশিক কালত! আচলতে হিন্দু, মুছলমান আদি পৰিচিতিবোৰো বিংশ শতিকাৰ শেহৰফালেহে ‘কঠিন’(solidify) হৈ পৰিছিল; আগেয়ে সিবিলাক আছিল বহু পৰিমাণে মোলায়েম পৰিচিতি; কোন হিন্দু কোন মুছলমান – সেয়া সহজতে কৈ দিব পৰা নগৈছিল। এই দুয়োটা সংজ্ঞাৰ সীমান্ত অতিক্রম কৰি প্রায়েই মানুহৰ আহ-যাহ চলিছিল। ১৯৫৫ চনৰ হিন্দু ক’ড বিল (Hindu Code Bill)খনলৈকে চাওক : তাত হিন্দু সম্প্রদায়ৰ কোনো ধনাত্মক সংজ্ঞা দিয়াটো অসম্ভৱ যেন প্রমাণিত হৈছিল! সেয়েহে তাত হিন্দুৰ সংজ্ঞা দিয়া হৈছিল ঋণাত্মকভাৱে : “হিন্দু হৈছে সেইসকল লোক, যি মুছলমান বা পার্ছি নহয়”! (আমোদজনকভাৱে, সেই সময়ত হিন্দু ধর্মীয় বিধিৰ আইনী সংস্কাৰ হ’ব যেন দেখি জৈন তথা ৰামকৃষ্ণ মিছনৰ লোকসকলে আদালতৰ ওচৰলৈ ঢপলিয়াই গৈছিল আৰু এইবুলি দাবী কৰিছিল যে তেওঁলোক হিন্দু নহয় আৰু সেয়েহে তেওঁলোকৰ ধর্মীয় বিধিবোৰৰ যাতে কোনো আইনী সংস্কাৰ সাধন কৰা নহয়! শিখসকলেও মাজে-মধ্যে দাবী কৰি আহিছে যে তেওঁলোক হিন্দুৰ বাবে নির্মিত বিধিবোৰৰ অধীনত থাকিব নিবিচাৰে। অৱশ্যে আদালতৰ ওচৰত তেওঁলোকৰ সমস্ত দাবী অগ্রাহ্য হৈ আহিছে।) মুছলমান সম্প্রদায়টোৰ ক্ষেত্রতো একেটাই পৰিঘটনা লক্ষ্য কৰিব পাৰি। ১৯৩৭ চনৰ শ্বৰিয়ত আইনে মুছলমানৰ সংজ্ঞা মানকীকৃত (standardize) কৰি পেলালে; ইয়াৰ আগলৈকে বিভিন্ন মুছলমান সম্প্রদায়ৰ মাজত বিভিন্ন ধৰণৰ পৰম্পৰা দেখিবলৈ পোৱা গৈছিল।

১৯৫৫ তথা ৫৬ চনত গৃহীত হোৱা হিন্দু ক’ড বিলবোৰক সাধাৰণতে পৰম্পৰা তথা গোড়ামিৰ বিৰুদ্ধে এক সফল আইনী হস্তক্ষেপ বুলি বিবেচনা কৰা হয়। এই বিলবোৰে হিন্দু মহিলাসকলক পোন প্রথমবাৰৰ বাবে নিজৰ জীৱনসংগী নিজে চয়ন কৰাৰ অধিকাৰ প্রদান কৰিলে। লগতেই আন জাতিৰ ব্যক্তিক বিয়া কৰোৱা বা বিবাহবিচ্ছেদ কৰাৰ অধিকাৰো তেওঁলোকক প্রদান কৰা হ’ল। পিতৃ তথা স্বামীৰ সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰো ভালেখিনি বৃদ্ধি কৰা হ’ল।

পিছে এইখিনিতে প্রশ্ন উত্থাপন হয় : এই “হিন্দু মহিলাসকল” বা কোন? আপুনি যদি ভাবিছে যে অতীজৰেপৰা পৰিষ্কাৰভাৱে সংজ্ঞায়িত কৰিব পৰা হিন্দু বোলা কোনো এটা সম্প্রদায় অস্তিত্বমান হৈ আহিছে, তেনেহ’লে আপুনি ভুল ভাবিছে। বৰং বিংশ শতিকাৰ সময়ছোৱাত হিন্দুৰ লেবেলখনৰ অধীনত এনে অজস্র সম্প্রদায়ক টানি অনা হ’ল যাৰ ভিতৰত কিছুমানৰ মাজত পূর্বৰেপৰা মাতৃজাত সম্পত্তি হস্তান্তৰণৰ ব্যৱস্থা আছিল; কিছুমানৰ মাজত আকৌ নাৰীৰ বিবাহবিচ্ছেদৰ অধিকাৰো আছিল, কিছুমানৰ তাত বিধৱা বিবাহৰ প্রচলন আছিল ইত্যাদি। কিছুসংখ্যক নাৰীবাদীৰ মতে হিন্দু ক’ড বিলৰ উদ্দেশ্য আচলতে নাৰীক অধিকাৰ প্রদান কৰা নাছিল; বৰং বিলবোৰৰ উদ্দেশ্য আছিল বিভিন্ন সম্প্রদায়ৰ অনুশীলনবোৰৰ মাজত সমৰূপ (uniformity) স্থাপন কৰা, যি জাতীয় একীকৰণৰ কার্য সুদৃঢ় কৰিব বুলি ভবা হৈছিল (Parasher 1992)। আচলতে সমৰূপ স্থাপন কৰিবলৈ যত্ন কৰা প্রতিটো প্রচেষ্টাকেই প্রগতিশীল প্রচেষ্টা বুলি ভবাটো এক সমস্যাজনক কথা। হিন্দু ক’ড বিলে যিটো কার্য সাধন কৰিলে, সেয়া হৈছে – অমুছলমান, অপার্ছি অজস্র বৈচিত্র্যময় (heterogenous) সম্প্রদায়ৰ অনুশীলনবোৰক ই বিধিবদ্ধ (codify) কৰিলে; সিবিলাকক ‘আদর্শ ভাৰতীয়’ তথা হিন্দু মানকৰ সাঁচত গঢ় দিবলৈ চেষ্টা কৰিলে; হিন্দু বোলোতে আচলতে উচ্চ জাতিৰ উত্তৰ ভাৰতীয়সকলৰ অনুশীলনবোৰৰ কথাই ভবা হৈছিল। যিবোৰ অনুশীলনে এই ভাৰতীয় [অর্থাৎ উচ্চ জাতিৰ উত্তৰ ভাৰতীয়] অনুশীলনবোৰৰ বিৰুদ্ধাচৰণ কৰা যেন প্রতীয়মান হৈছিল, সিবিলাকক সংসদীয় বিতর্কবোৰত চিধাই অভাৰতীয় বুলি ঘোষণা কৰাৰো প্রৱণতা দেখা হৈছিল।

হিন্দু ক’ড বিল গ্রহণ কৰোঁতে ভাৰতীয় সংসদত হোৱা বিতর্কবোৰলৈ চালে সাংসদসকলৰ পিতৃতান্ত্রিক তথা আঞ্চলিক সংকীর্ণ মানসিকতাটো ভালকৈয়ে লক্ষ্য কৰিব পাৰি। সেই সময়ৰ বেছিভাগ সাংসদেই আছিল উত্তৰ ভাৰতীয় তথা উচ্চ জাতিৰ পুৰুষ (Kishwar 1994; Sinha 2007)। যিবোৰ অনুশীলন উত্তৰ ভাৰতীয় তথা উচ্চ জাতিৰ অনুশীলনবোৰ স’তে সামঞ্জস্যপূর্ণ নহয় যেন প্রতীয়মান হৈছিল, সিবিলাকক পোনেই নাকচ কৰা হৈছিল। অর্থাৎ এই মহাশয়সকলৰ এনেহে ধাৰণা আছিল – যেন উত্তৰ ভাৰতীয় তথা উচ্চ জাতিৰ অনুশীলনবোৰেই হৈছে বিশুদ্ধ তথা একমাত্র হিন্দু, ভাৰতীয় অনুশীলন।

উদাহৰণস্বৰূপে, মহিলাক সম্পত্তিৰ অধিকাৰ প্রদান তথা মহিলাৰ মৃত্যুৰ পাছত মহিলাৰ সম্পত্তিৰ হস্তান্তৰণ বিষয়ক সেই সময়ৰ এই সংসদীয় বিতর্কটোলৈ মন কৰক :
মুকুট বিহাৰী লালে ঘৰৰ পুত্রীসকলক সম্পত্তিৰ ভাগ/অধিকাৰ দিয়াৰ বিৰোধিতা কৰি যুক্তি দর্শালে যে কোনো বাপেকেই জীয়েকৰ মৃত্যু হ’লে তাইৰ সম্পত্তিখিনিৰ ভাগ বিচাৰিবলৈ আগ্রহ প্রকাশ নকৰিব। তেনেস্থলত পিতৃৰ সম্পত্তিৰ এভাগ জীয়েকক প্রদান কৰাটো কেনেকৈ যুক্তিসংগত বুলি ক’ব পাৰি?
ইয়াৰ প্রতিবাদ কৰি কৃষ্ণস্বামী ভাৰতীয়ে ক’লে – কিয়, ইয়াতনো আপুনি কি সমস্যা দেখিলে?
আন এজন সাংসদ ভার্গৱ মহাশয়ে বিহাৰী লালৰ সমর্থন কৰি মন্তব্য কৰিলে – হয়তো মোৰ বন্ধু কৃষ্ণস্বামী মহাশয় ভাৰতৰপৰা অহা নাই; আন কোনো দেশৰপৰা আহিছে।
কৃষ্ণস্বামীয়ে ক’লে – মই দক্ষিণ ভাৰতৰপৰা আহিছো, মহাশয়।
ভার্গৱ : ভাৰতত কোনো মাক-বাপেকেই জীয়েকৰপৰা সামান্যতম বস্তুও গ্রহণ কৰাৰ কথা ভাবিব নোৱাৰে।
কৃষ্ণস্বামী : সেইটো কিজানি পঞ্জাবৰ পৰম্পৰা। সকলো অঞ্চলতে এনে নিয়ম নাই।
ভার্গৱ : এইটো সমস্ত উত্তৰ ভাৰতৰে পৰম্পৰা; গতিকেই এই প্রস্তাৱটো [অর্থাৎ জীয়েকক সম্পত্তিৰ ভাগ দিয়া প্রস্তাৱটো] মই সামগ্রিকভাৱে হিন্দুবিৰোধী আদর্শৰে পৰিচালিত হৈছে বুলি ক’বলৈ বাধ্য হৈছোঁ।

দক্ষিণ ভাৰতৰ সমস্ত পৰম্পৰা তথা অনুশীলনক পোনেই নাকচ কৰা এনে উৎকট মানসিকতাৰ আন এটা উদাহৰণ চাওক : সাংসদ শ্যামা প্রসাদ মুখার্জীয়ে বিবাহবিচ্ছেদ আইন সৰলীকৃত কৰাৰ প্রস্তাৱৰ বিৰোধিতা কৰি এনেদৰে কৈছে – “কোনোবা এজনে এইমাত্র ক’লে – দক্ষিণ ভাৰতখন হেনো বহু ক্ষেত্রত প্রগতিশীল আৰু এনে বহুতো আইন ইতিমধ্যেই দাক্ষিণাত্যত প্রচলন কৰি থোৱা হৈছে। মহাশয়সকল, তেনেহ’লে আপোনালোকলৈ অভিনন্দন। আপোনালোকে প্রগতিৰ বাটত আগ বাঢ়ক, ইটোৰ পাছত সিটোকৈ বিবাহবিচ্ছেদ সংঘটিত কৰক, পিছে এনে বস্তু যিজনে বিচৰা নাই তেওঁলোকৰ ওপৰত জাপি দিব বিচাৰিছে কিয়?” (Kishwar 1994)

মধু কিশ্বৰে লগতে দর্শাইছে – ১৯৩৭ চনত ব্ৰিটিছৰ অধীনত গৃহীত হোৱা হিন্দু মহিলাৰ সম্পত্তি অধিকাৰ আইন (Hindu Women's Right to Property Act)খনে হিন্দু বিধৱাসকলক স্বামীৰ সম্পত্তিৰ ওপৰত কিছু অধিকাৰ প্রদান কৰিলে। যিহেতু “হিন্দু” বুলি সংজ্ঞায়িত কৰা সকলো সম্প্রদায়ৰ মহিলাৰ ক্ষেত্রতেই ই প্রযোজ্য হ’ল – বামুণ বিধৱাসকল এই আইনখনৰপৰা বিশেষভাৱে উপকৃত হ’ল কিয়নো আগেয়ে বামুণ মহিলাৰ কোনো সম্পত্তিৰ অধিকাৰ নাছিল। কিন্তু একে সময়তে আইনখন জৈন বিধৱাসকলৰ বাবে লোকচানদায়ক বুলিহে প্রমাণিত হ’ল কিয়নো ইতিমধ্যেই জৈন পৰম্পৰাগত আচাৰ (customary laws)বোৰৰ মতে বিধৱা মহিলাৰ বহুখিনি অধিকাৰ আছিল; নতুন আইনখনে এইক্ষেত্রত জৈন মহিলাৰ পুৰণা অধিকাৰ বহুখিনি কর্তনহে কৰিলে! অর্থাৎ যিবোৰ সম্প্রদায়ৰ পৰম্পৰা পূর্বেই প্রগতিশীল আছিল, সিবিলাকৰ মহিলাসকল নতুন আইনখনৰপৰা লাভাম্বিত নহ’ল; বৰং প্রায়েই লোকচানৰহে সন্মুখীন হ’ল।

এই আইনখনে বামুণৰ মাজত প্রচলিত সপ্তপদী বোলা বিবাহ আচাৰটোক সকলো হিন্দুৰে আদর্শ আচাৰ বুলি ঘোষণা কৰিলে আৰু এইদৰে অনা-বামুণ সম্প্রদায়বোৰৰ মাজত প্রচলিত বিবাহৰ অন্যান্য আচাৰবোৰক deligitimize কৰি পেলালে। ফলত আজিৰ দিনত দ্বিবিবাহ আইনী নহয় যদিও কোনো পুৰুষে যদি সপ্তপদীৰ সলনি আন কোনো পৰম্পৰাগত আচাৰ অনুসৰি দ্বিতীয় এগৰাকী মহিলাক বিয়া পাতে, তেনেহ’লে সেয়া আদালতত প্রমাণিত কৰাটো অতিশয় কঠিন হৈ পৰে। এইদৰেই মানুহজনে দুয়োগৰাকী মহিলাৰ প্রতি থকা দায়িত্বৰপৰা সাৰি যাব পাৰে (Agnes 1999)।
হিন্দু উত্তৰাধিকাৰ আইন (Hindu Succession Act)খনে যিবোৰ সম্প্রদায়ৰ মাজত মাতৃজাত পৰম্পৰা প্রচলিত আছিল, তাত পুত্রীসকলৰ অধিকাৰবোৰ সংকুচিত কৰি পেলালে। এতিয়া সিবিলাকত পুত্রসকলকো উত্তৰাধিকাৰৰ সমানেই অধিকাৰ দিয়া হ’ল। আম্বেদকাৰে মাতৃজাত সম্প্রদায়বোৰক হিন্দু ক’ড বিলৰ আওতাৰপৰা আঁতৰাই ৰাখিব খুজিছিল, কিন্তু ছিলেক্ট কমিটিখনে তেওঁৰ কথা নুশুনিলে। পিছে মাতৃজাত সম্প্রদায়বোৰত এনেদৰে পুত্রৰ অধিকাৰখিনি সম্প্রসাৰিত কৰাৰ বিপৰীতে পিতৃজাত সম্প্রদায়বোৰত কিন্তু হিন্দু ক’ড বিলে মহিলাক উত্তৰাধিকাৰ সূত্রে কোনো সম্পত্তিৰেই অধিকাৰ নিদিলে! (সৌ সিদিনা ২০০৫ চনতহে এই নিয়মৰ সংশোধন কৰা হ’ল)। একে সময়তে আকৌ বিভিন্ন পৰম্পৰাগত যৌথ-উত্তৰাধিকাৰী ব্যৱস্থা (coparcenary system) অনুসৰি মহিলাই লাভ কৰি অহা অনেকখিনি ৰক্ষাকৱচো আঁতৰাই পেলোৱা হল। আগেয়ে পৰম্পৰাগত হিন্দু যৌথ পৰিয়ালৰ এক বৈশিষ্ট্য আছিল যে পৰিয়ালৰ মাটি-সম্পত্তি ভাগ ভাগ কৰিব পৰা নগৈছিল বা সিবিলাকক বেচিবও পৰা নগৈছিল। পিছে ঔপনিবেশিক কালত testamentary succession অর্থাৎ উইল লেখনিৰ জৰিয়তে সম্পত্তি স্থানান্তৰণৰ ধাৰণাটো ভাৰতত প্রচলন কৰা হ’ল আৰু এইদৰেই সম্পত্তি এতিয়া ভাগ-বাটোৱাৰা কৰাটো সম্ভৱপৰ হ’ল। পিছে ইংলেণ্ডৰ testamentary succession ব্যৱস্থাত যৌথ পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষাৰ বাবে কেতবোৰ বিশেষ অণুবিধিও আছিল; সেইখিনি পিছে ভাৰতত প্রচলন কৰা নহ’ল। ফলত এফালে পৰিয়ালটোৰ পৰম্পৰাগত সম্পত্তিৰপৰা পুত্রীগৰাকীক ভৰণ-পোষণ দিয়াৰ পুৰণা ব্যৱস্থাটো আঁতৰাই পেলোৱা হ’ল – আৰু আনফালে পিতৃগৰাকীক উইল লিখনৰ নতুন অধিকাৰ প্রদানৰ জৰিয়তে তেওঁৰদ্বাৰা আহৰিত সম্পত্তিৰ ভাগৰপৰাও পুত্রীগৰাকীক বঞ্চিত কৰা হ’ল। ফ্লেভিয়া এগ্নিছে দর্শাইছে যে সংসদীয় বিতর্কৰ সময়ত পুত্রীৰ অধিকাৰ কর্তন বিষয়ক এই বৈশিষ্ট্যসমূহৰ প্রতি আঙুলিয়াই দিয়েই সাংসদসকলক আশ্বস্ত কৰিব বিচৰা হৈছিল যে মহিলাক এতিয়াও পূৰাপূৰি সম্পত্তিৰ অধিকাৰ দিব বিচৰা হোৱা নাই; অর্থাৎ তেওঁলোক ইমান চিন্তিত হোৱাৰ সকাম নাই! (Agnes 1999)।
সংসদত হিন্দু ক’ড বিলৰ অধীনত মহিলাৰ সম্পত্তি অধিকাৰ বিষয়ক আলোচনা হৈ থাকোঁতে সাংসদ এম এ আয়েংগাৰ চাহাবে ভয়ার্ত হৈ চিঞৰি দিছিল – “হে ভগৱান! এনেকৈ হ’বলৈ হ’লে দেখোন আমাৰ ছোৱালীবোৰে বিয়াই নেপাতিব!” আয়েংগাৰ মহাশয়ে ঠিকেই কৈছিল। পিতৃতান্ত্রিক ব্যৱস্থাৱলীক ৰক্ষা কৰাৰ অন্যতম উপায়টো হৈছে মহিলাক সম্পত্তিহীন কৰি ৰখা যাতে তেওঁলোক পিতৃ, ভাতৃ বা স্বামীৰ ওপৰত নির্ভৰশীল হৈ থাকিবলৈ বাধ্য হয়। এইক্ষেত্রত একবিংশ শতিকাৰ ধূর্ত পেট্রিয়ার্কসকলৰ বিপৰীতে আয়েংগাৰ চাহাব অন্ততঃ সৎ মানুহ আছিল; তেওঁ চব খোলাখুলিকৈ কৈ দিছিল!

মোৰ এনে অনুভৱ হয় – উত্তৰাধিকাৰ আৰু সম্পত্তি বিষয়ক পার্ছনেল আইনবোৰ – যেনে হিন্দু উত্তৰাধিকাৰ আইন – প্রণয়ন কৰোঁতে ৰাষ্ট্র আৰু পৰিয়ালৰ লজিকৰ মাজত কেতবোৰ সংঘাত আহি পৰিছিল। আধুনিক ৰাষ্ট্রৰ বাবে সহজপাঠ্যতা (legibility) হৈছে অতিকে প্রয়োজনীয় বস্তু – কিয়নো পুঁজিবাদী উদ্যোগীকৰণৰ বাবে খৰ গতিৰে সম্পদ চলমান কৰিবলৈ হ’লে সম্পত্তিৰ বিভিন্ন ৰূপৰ চিনাক্তকৰণ তথা স্বীকৃতিপ্রদান সহজ তথা স্পষ্ট হ’ব লাগিব। সম্পত্তিৰ ওপৰত ব্যক্তিৰ অধিকাৰ সেয়েহে এই ক্ষেত্রত বৰ দৰকাৰী হৈ পৰে। সম্পত্তিৰ মালিক কোন, কাৰ লগত কথা পাতিলে সম্পত্তিখিনি ক্রয় কৰিব পৰা যাব – এইবোৰ কথা স্পষ্ট নহ’লে পুঁজিবাদৰ বিকাশো তীব্র হৈ উঠিব নোৱাৰে [উদাহৰণস্বৰূপে – কর্প’ৰেট উদ্যোগৰ বাবে ভূমি অধিগ্রহণ কৰিবলৈ গৈ ৰাষ্ট্রই যদি দেখে যে মাটিখিনিৰ প্রকৃত মালিক কোন সেয়া স্পষ্ট নহয়, তেতিয়া ফটকৈ মাটিখিনি কিনি পেলোৱাটো বা অধিগ্রহণ কৰাটো কঠিন হৈ পৰে – অনুবাদক]। পুঁজিবাদৰ বিকাশৰ বাবে জৰুৰী হৈ পৰে যে যিকোনো সম্পত্তি সম্পূর্ণভাৱে হস্তান্তৰযোগ্য হ’ব লাগিব তথা তাৰ মালিকানা ৰূপ ৰাষ্ট্রৰ ওচৰত স্বচ্ছ হ’ব লাগিব।

পিছে পৰিয়ালৰ লজিক হৈছে কিছু দূৰৈলৈ ভিন্ন। এটা প্রজন্মৰপৰা আনটো প্রজন্মলৈ সম্পত্তিৰ হস্তান্তৰণ কৰা, পৰিয়ালৰ সদস্যসকলৰ নাম তথা বংশমূল নিয়ন্ত্রণ কৰা – ইত্যাদি কার্যবোৰৰ বাবে ব্যক্তিগত সম্পত্তি অধিকাৰ কেতিয়াবা বাধাস্বৰূপ হৈ পৰিব পাৰে। সেইফালৰপৰা চাবলৈ গ’লে – এই যে আজিৰ দিনত হিন্দু আইন অনুসৰি লাহে লাহে মহিলাক সম্পত্তিৰ অধিকাৰ দিয়া গৈছে – সেয়া চিধাই নাৰীবাদী আন্দোলনৰ বিজয় বুলি কৈ দিয়াটো উচিত নহ’ব। মনত ৰখা ভাল যে ই একে সময়তে হিন্দু সম্প্রদায়ৰ মাজত বুর্জোৱা সম্পত্তি তন্ত্র (regime of bourgeois property rights)ও স্থাপন কৰিছে আৰু ই মাটিক একোজন ব্যক্তিগত মালিকৰ সম্পত্তিলৈ পৰিণত কৰিছে। আজিৰ দিনত তীব্র গতিৰে ভূমি অধিগ্রহণ চলিব ধৰিছে আৰু এই ক্ষেত্রত মাটি বিক্রী কৰিবৰ বাবে সমূহীয়া সম্প্রদায় একোটাক হেঁচা দিয়াতকৈ ব্যক্তিগত মালিক একোজনক হেঁচা দিয়াটো অধিক সহজ হৈ পৰে।

এইখিনিতে নাৰীবাদী আইনী বিশেষজ্ঞ তথা কর্মকর্তা নন্দিনা হাকচৰৰ কেতবোৰ যুক্তিৰ প্রতি মন দিয়া উচিত [এই নন্দিতা হাকচৰ পৰাগ দাসৰ ভাল বন্ধু আছিল; ৰাষ্ট্র সন্ত্রাসৰ বিৰুদ্ধে পৰাগ দাসে দেশৰ বিভিন্ন অঞ্চলত অভিযান চলোৱাৰ সময়ত হাকচৰে তেওঁক বিশেষভাৱে সহায় কৰিছিল। – অনুবাদক]। বিগত কিছু সময় ধৰি একাংশ নাৰীবাদী কর্মকর্তাই জনজাতীয় মহিলাৰ বাবে মাটিৰ ব্যক্তিগত পট্টা (individual property rights) দাবী কৰি আহিছে। পিছে হাচকৰৰ মতে, মাটিৰ ওপৰত জনজাতীয় লোকসকলৰ সমূহীয়া মালিকানাৰ ঠাইত যদি ব্যক্তিগত মালিকানা স্থাপিত হ’বলৈ হয়, তেনেস্থলত বিভিন্ন সমস্যাই দেখা দিব পাৰে। মাটিৰ অধিকাৰ তথা সম্পত্তি বিষয়ক জনজাতীয় অনুশীলনবোৰ বুর্জোৱা সম্পত্তিৰ অনুশীলনতকৈ বহুখিনি ভিন্ন। কাজেই – হাচকৰৰ মতে – জনজাতীয় পৰম্পৰাবোৰক অধিক সমতামূলক কৰিবলৈ অভিযান চলোৱাৰহে প্রয়োজনীয়তা আছে। চিধাই এনে সমস্ত পৰম্পৰা নস্যাৎ কৰি ব্যক্তিগত মালিকানা (অর্থাৎ জনজাতীয় মহিলাৰ বাবে মাটিৰ ব্যক্তিগত পট্টা) স্থাপন কৰিবলৈ গ’লে হিত ছাৰি বিপৰীত হোৱাৰহে সম্ভাৱনা আছে (Haksar 1999)।

আজিকালি প্রায়েই ইউনিফর্ম চিভিল ক’ডৰ বিষয়ে আলোচনা হয়। কোৱা হয় যে বিভিন্ন হিন্দু সম্প্রদায়ৰ মাজত দেখা পোৱা বিভিন্ন বৈচিত্র্যময় অনুশীলনবোৰক নাকচ কৰি তথা সমগ্র সম্প্রদায়টোৰ বাবে একেটাই নিয়ম স্থাপন কৰি হিন্দু ক’ড বিলে আমাক প্রগতিৰ দিশেৰে আগুৱাই লৈ গ’ল আৰু ই ইউনিফর্ম চিভিল ক’ডৰ নির্মাণৰ বাবেও সহায়ক পাছলৈ সহায়ক হ’ব। পিছে মন কৰা ভাল যে আচলতে হিন্দু ক’ড বিল এখন নহয়; বৰং ই হৈছে চাৰিখন বিলৰ সমষ্টি। ইয়াৰে ভিতৰত এখন অন্যতম বিল হৈছে “হিন্দু শিশু আৰু অভিভাৱক আইন - ১৯৫৬”। ইয়াৰ পূর্বে সকলো সম্প্রদায়েই ১৮৯০ চনৰ “অভিভাৱক আৰু প্রতিপালক আইন”খন মানি চলিছিল। এই পুৰণা আইনখন আছিল সম্পূর্ণভাৱে ছেকুলাৰ আইন; ইয়াত অধীনত দেউতাকজনকেই সন্তানৰ স্বাভাৱিক অভিভাৱক বুলি ধৰি লোৱা নহৈছিল; ধর্মশাস্ত্রৰ বিপৰীতে আদালতেহে নির্ণয় কৰিছিল – সন্তানৰ অভিভাৱক কোন। বেছিভাগ ক্ষেত্রতেই মাতৃগৰাকীয়েই অভিভাৱকত্ব লাভ কৰিছিল (Kishwar 1994)। পিছে হিন্দু শাস্ত্রৰ উদ্বৃতি দি দেশৰ সংসদে ক’লে যে হিন্দুসমাজে সদায়েই পিতৃকেই সন্তানৰ স্বাভাৱিক অভিভাৱক বুলি মানি আহিছে আৰু গতিকে পুৰণা আইনখনৰপৰা হিন্দু সম্প্রদায়টোক আঁতৰাই অনা হওক! শেহত এয়াই কৰা হ’ল আৰু এইদৰেই ছেকুলাৰ আইনৰ ঠাইত হিন্দু শাস্ত্রৰ আইন হিন্দু মাতৃসকলৰ ওপৰত জাপি দিয়া হ’ল।
আন এটা উদাহৰণ লোৱা যাওক। হিন্দু পুৰুষসকলৰ সুবিধার্থে বিবাহ বিষয়ক দেশৰ একমাত্র ছেকুলাৰ আইন - বিশেষ বিবাহ আইন –খনৰ সংশোধন ঘটাই তাৰ প্রগতিশীল সম্পত্তি বিষয়ক অনুচ্ছেদবোৰৰ আওতাৰপৰা হিন্দু পুৰুষসকলক আঁতৰাই অনা হ’ল আৰু তেওঁলোকক হিন্দু উত্তৰাধিকাৰ আইনৰ সুৰক্ষা প্রদান কৰা হ’ল! (হিন্দুত্ববাদীসকলে কয় – আমাৰ দেশত হেনো ‘সংখ্যালঘুৰ তুষ্টিকৰণ’ কৰা হয়। মোৰ মতে কিন্তু দীর্ঘ দিন ধৰি সকলো সম্প্রদায়ৰ পুৰুষসকলৰেই তুষ্টিকৰণ কৰা হৈ আহিছে।)

হিন্দু উত্তৰাধিকাৰ আইন (১৯৫৬)খন গৃহীত হোৱাৰ লগে লগেই নায়াৰ মাতৃজাত-তন্ত্রৰ অন্তিম অৱশেষখিনিকো ধ্বংস কৰি পেলোৱা হ’ল। ইতিহাসবিদ প্রবীণা ক’ড’থে দর্শাইছে যে মহিলাৰ এই স্বত্ব-হৰণ সমাপন কৰা হ’ল ঐতিহাসিক প্রগতি আৰু ব্যক্তিগত অধিকাৰৰ বাগধাৰাৰ নামত। নায়াৰ পত্নীগৰাকীৰ অধিকাৰৰ বিপৰীতে নায়াৰ ভগ্নীগৰাকীক থিয় কৰোৱা হ’ল; আৰু এইদৰেই মাতৃগৃহৰ ওপৰত থকা নায়াৰ মহিলাৰ অধিকাৰখিনি কাঢ়ি নিয়া হ’ল (Kodoth 2001) ।

এইখিনিতে এটা আমোদজনক কাহিনী শুনক। মোৰ মাৰ ভায়েক – অর্থাৎ মামাৰ বয়স তেতিয়া ৮ বছৰ। সেয়া ১৯৪০ৰ দশকৰ কথা। মামাই তেতিয়া স্কুলত নাম লগাইছে। এদিন তেওঁ ঘৰৰ বাৰাণ্ডাতে বহি ইংৰাজী কুঁহিপাতখন চিঞৰি চিঞৰি পঢ়িবলৈ আৰম্ভ কৰিছে : “পৰিয়ালৰ অর্থ হৈছে পত্নী আৰু সন্তান; পৰিয়ালৰ অর্থ হৈছে পত্নী আৰু সন্তান”। মামাৰ আইতাকে কিছু দূৰৈৰপৰা তেওঁৰ কার্যকলাপ লক্ষ্য কৰি আছিল। পেন্দুকণা ল’ৰাটোৰ কথাখিনি শুনি তেওঁৰ অতিশয় খং উঠিল। তেওঁ ক’বলৈ ধৰিলে, “তহঁতৰ পশ্চিমীয়া স্কুলত এইসোপা জহন্নামে যোৱা কথাহে শিকায় নে? কোনে কৈছে পৰিয়াল মানে পত্নী আৰু সন্তান? ভনীয়েক আৰু ভনীয়েকৰ সন্তান মানেহে পৰিয়াল!! পত্নী আৰু সন্তান মানে পৰিয়াল - এইটো আকৌ কেনেধৰণৰ কথা? এইবোৰ বাজে কথা শিকিয়েই থাৰুবাদুবোৰৰ এনে দুৰৱস্থা হৈছে।”

মোৰ আজো-আইতাৰ চকুৰ আগতে তেওঁৰ পুৰণি পৃথিৱীখন ধ্বংস হৈ গৈছিল। ককায়েকবোৰে ভনীয়েকহঁতক ত্যাগ কৰিছিল, ভতিজা-ভতিজীবোৰ মোমায়েকৰ সংস্পর্শৰপৰা বঞ্চিত হৈ পৰিছিল। পুৰণা সকলোবোৰ সম্পর্ক, সম্পত্তিৰ সমস্ত যৌথ অধিকাৰ হেৰুৱাই পেলোৱাৰ পাছত নায়াৰ মহিলাসকল অকলশৰীয়া হৈ পৰিছিল; কাৰোবাৰ পত্নী হ’ব নোৱাৰিলে তেওঁলোকৰ জীৱনবোৰ এতিয়া ব্যর্থ হৈ পৰিব যেন অনুভৱ হ’বলৈ ধৰিছিল। আজো-আইতাৰ বাবে থাৰুবাদুৱেই আছিল স্বাভাৱিক অনুষ্ঠান, সেয়াই আছিল পৰিয়ালৰ স্বাভাৱিক প্রাকৃতিক ৰূপ। আজো-আইতাৰ পুৰণি পৃথিৱীখনৰ দৃষ্টিৰে পশ্চিমীয়া পিতৃতান্ত্রিক একক পৰিয়াল আছিল এক অদ্ভুত বিচিত্র বস্তু।

আধা শতিকাৰ ভিতৰতে ভাৰতৰ বিভিন্ন অঞ্চলত এই একেইধৰণৰ প্রক্রিয়াবোৰেই ক্রিয়া কৰিবলৈ ধৰিলে। সিবিলাকৰ সক্রিয়তাৰ ফলত অৱশেষত পৰিয়ালৰ বর্তমানৰ ধাৰণাটো চব ঠাইতে ‘আদর্শ’ বুলি প্রতিষ্ঠিত হ’ল। একক পিতৃতান্ত্রিক পৰিয়াল – পত্নী আৰু সন্তানৰদ্বাৰা নির্মিত পৰিয়াল – এই ধাৰণাটো স্বাভাৱিক, প্রাকৃতিক তথা পৰিবর্তনহীন যেন লগা হ’ল! আমিবোৰে খাছীসকলৰ বৈশিষ্ট্যবোৰ দেখি হাঁহিব পৰা হ’লোঁ। আমি পূর্বেই উল্লেখ কৰিছোঁ – আজিৰ পৰিয়ালৰ আদর্শ ৰূপটোৰ তিনিটা মূল বৈশিষ্ট্য হৈছে – ১) পিতৃতন্ত্র [য’ত জেণ্ডাৰ আৰু বয়সৰ পদানুক্রম অনুসৰি ক্ষমতাৰ বিতৰণ ঘটিব; কিন্তু প্রাপ্তবয়স্ক পুৰুষে তেওঁতকৈ বৃদ্ধ মহিলাক পাছ পেলাই যাব], ২) পিতৃজাত [য’ত সম্পত্তি আৰু বংশনাম পিতৃৰপৰা পুত্রলৈ হস্তান্তৰিত হ’ব], ৩) পিতৃতান্ত্রিক ভিৰিল’কেলিটি (virilocality) [পত্নীয়ে পিতৃগৃহ ত্যাগ কৰি স্বামীৰ ঘৰত থাকিবলৈ যাব]।
ইয়াৰে ভিতৰত তৃতীয়টো বৈশিষ্ট্য বিশেষভাৱে গুৰুত্বপূর্ণ, কিয়নো ইয়াৰদ্বাৰাই মহিলাসকলক তেওঁলোকৰ পূর্বৰ সমস্ত ছাপ’র্ট ছিষ্টেমৰপৰা আঁতৰাই আনি অকলশৰীয়া কৰি পেলোৱা হয় আৰু তেওঁলোকৰ ভাগ্য স্বামীগৃহৰ মানুহৰ দয়াৰ ওপৰতেই এৰি দিয়া হয়।

এই প্রসংগতে পঞ্জাবৰ এটা ঘটনা সম্পর্কে আলোচনা কৰা যাওক। কিছুদিন পূর্বে পঞ্জাবৰ মহিলা আয়োগে এখন প্রচাৰপত্র প্রকাশ কৰিছিল, য’ত মহিলাসকলক পৰামর্শ দিয়া হৈছিল – বিবাহিতা মহিলাসকলে স্বামীগৃহত শান্তি ৰক্ষা কৰি চলিবলৈ হ’লে মাকৰ ঘৰৰ মানুহৰ স’তে সঘনাই ম’বাইলত কথা পতা বন্ধ কৰিব লাগে! বহুতেই এই অদ্ভুত পৰামর্শখিনিক সমালোচনা কৰাৰ পাছত আয়োগৰ অধ্যক্ষাগৰাকীয়ে স্পষ্টীকৰণ দি কৈছিল : এই পৰামর্শখিনি মই নিজে দেখা কিছুমান ঘটনাৰ প্রতি মন কৰিহে দিছিলো। মই দেখিছো যে বিবাহবিচ্ছেদ বিচৰা প্রায় ৪০ শতাংশ মহিলায়েই এইবুলি কাৰণ দর্শাইছে – তেওঁলোকৰ স্বামী তথা স্বামীগৃহৰ মানুহে হেনো অনবৰত তেওঁলোকে ম’বাইলত কথা পাতি থকা দেখিবলৈ ভাল নাপায়। অর্থাৎ স্বামীগৃহৰ মানুহে সন্দেহ কৰে যে বোৱাৰীগৰাকীয়ে কোনো পৰপুৰুষৰ স’তে কথা পাতি আছে! এইখিনিতে কোনোবা এজনে প্রশ্ন কৰিলে – “পিছে বোৱাৰীজনীয়ে যদি নিজৰ মাকৰ স’তে কথা পাতি থাকে, তেতিয়া?” অধ্যক্ষাগৰাকীয়ে উত্তৰত ক’লে : “সেইটোও এটা বেয়া কথা; অনবৰত মাকৰ ঘৰৰ মানুহৰ সৈতেই কথা পাতি থাকিলে বোৱাৰীজনীয়ে নতুন ঘৰখনৰ সৈতে কেতিয়া মিলিবলৈ চেষ্টা কৰিব?” (AFP 2011)।
অর্থাৎ ম’বাইল প্রযুক্তিয়ে নতুন কইনাসকলক তেওঁলোকৰ মাতৃগৃহৰপৰা বিচ্ছিন্ন কৰি অকলশৰীয়া কৰি পেলোৱাৰ অতিশয় জৰুৰী প্রক্রিয়াটো ক্রিয়ান্বিত কৰাত বাধা প্রদান কৰিছে!

ক্রমশঃ
(অনাগত সংখ্যাত : “নামত কি আহে যায়”, What’s In a Name )

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন- (মূল : নিবেদিতা মেনন অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *