নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন (৪) (মূল : নিবেদিতা মেনন, অনুবাদ : ময়ূৰ চেতিয়া)

ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহ-শ্রমিক

ভাৰতত উচ্চ বেতন লাভ কৰা মধ্যবিত্তৰ সংখ্যা হৈছে প্রায় ৩ কোটি। এই পৰিয়ালবোৰৰ আধাসংখ্যকৰ ঘৰত একোগৰাকী বনকৰা কর্মী আছে বুলি ধৰিলে দেশত অন্ততঃ ১.৫ কোটি ঘৰুৱা শ্রমিক আছে বুলি অনুমান কৰিব পাৰি।

এটা পৰিসংখ্যাৰ প্রতি মন কৰক। ইউনিয়ন-বহির্ভূত মহিলা যৌনকর্মী বিষয়ক দেশৰ প্রথমটো জৰীপ মতে প্রায় ৭১ শতাংশ যৌনকর্মী পূর্বে আন কোনো কর্মত নিযুক্ত হৈ আছিল। কামৰ ভীষণ হেঁচা আৰু কম মজুৰিৰ বাবেই তেওঁলোকে পূর্বৰ পেছা ত্যাগ কৰিছিল। তেওঁলোকৰ ভিতৰত সৰহভাগেই আছিল ঘৰুৱা শ্রমিক। অর্থাৎ এই মহিলাসকলৰ এক বৃহৎ অংশই ঘৰুৱা শ্রমিকৰ কাম বেশ্যাবৃত্তিতকৈও অধিক অপমানজনক, হেঁচা ভৰা তথা নিম্ন মজুৰিৰ যেন অনুভৱ কৰিছিল (Sahni and Shankar, 2011)। ঘৰুৱা শ্রমিক মোতায়েন কৰা যিসকল মধ্যবিত্তীয় মালিকে বেশ্যাবৃত্তিক মৃত্যুতকৈ হীন যেন গণ্য কৰে, তেওঁলোকে এই তথ্যটোৰ প্রতি মন কৰি নিজকে চিকুটি চোৱা উচিত। তেওঁলোকে নিজকে প্রশ্ন কৰা উচিত; লজ্জিত হোৱা উচিত।

আনৰ ঘৰ পৰিষ্কাৰ কৰিলেই বা মজুৰিৰ বাবে আনৰ ঘৰত ৰন্ধা-বঢ়া কৰিলেই যে এনে কাম অপমানজনক হ’ব লাগিব – এইবুলি কোনো কথা নাই। আন আন চাকৰিৰ দৰেই গৃহকর্মীৰ কামো এক প্রকাৰৰ সাধাৰণ কাম হ’ব পাৰিলেহেঁতেন। কিন্তু ভাৰতত এয়া সম্ভৱপৰ নহয়। এইখিনিতে আমাৰ দেশত সামন্তবাদ আৰু পুঁজিবাদ – দুয়োৰে আটাইতকৈ নিকৃষ্ট দিশবোৰৰ প্রমাণ পোৱা যায়।

“চাকৰ-চাকৰণী”ৰ প্রতি ভাৰতীয় মধ্যবিত্তৰ যেনে ব্যৱহাৰ, সি সামন্তীয় শোষণৰ আটাইতকৈ নিকৃষ্ট উদাহৰণবোৰতকৈও নিম্নবিধৰ। আগতে servant শব্দটো ব্যৱহাৰ কৰা হৈছিল, আজিকালি domestic help শব্দটো ব্যৱহাৰ কৰা হয়। পিছে ই বাস্তৱ পৰিস্থিতিৰ কোনো পৰিবর্তন সাধন কৰা নাই। সঁচা কথা ক’বলৈ গ’লে তেওঁলোক আজিও হৈছে servant; বন্দী-বেটীৰ দৰেই তেওঁলোকৰ লগত ব্যৱহাৰ কৰা হয়। মানুহতকৈ – আনকি পোহনীয়া জন্তুতকৈও তেওঁলোকক নিম্নস্থানত ৰখা হয়। শাৰীৰিক-মানসিক অত্যাচাৰ, যৌন নির্যাতন, অহৰহ কামৰ হেঁচা – এইবোৰ হৈছে ভাৰতীয় গৃহকর্মীসকলৰ দৈনিক ৰুটিনৰ অংশবিশেষ। তেওঁলোকৰ কাম কৰাৰ কোনো নির্দিষ্ট সময় নাই; যিকোনো সময়ত তেওঁলোকক শোৱাপাটীৰপৰা উঠাই আনি কাম কৰিবলৈ লগাই দিয়া যাব পাৰে। চাকৰণীগৰাকীয়ে যদি পার্ট টাইম হিচাপত কাম কৰে, তেওঁক কোনো সাপ্তাহিক ছুটী বা বছৰেকীয়া বন্ধৰ সুবিধা দিয়া নহয়।

দিল্লীৰ যিকোনো এখন সম্ভ্রান্ত ৰেষ্টোৰালৈ যাওক। আপুনি দেখিব কোনো মধ্যবিত্তীয় দম্পতীয়ে আহাৰ গ্রহণ কৰি আছে আৰু তেওঁলোকৰ চাকৰণীগৰাকীয়ে কেঁচুৱা নিচুকাই আছে। মালিকে আহাৰ গ্রহণ কৰি থকা সমস্ত সময়খিনিত চাকৰণীগৰাকী থিয় হৈ থাকিব, যিকোনো সময়ত কেঁচুৱাটো চাকৰণীগৰাকীৰ হাতত তুলি ধৰা হ’ব। চাকৰণীগৰাকীক খাদ্যতো বাদেই, পানী এগিলাছো যচা নহয়। এনে বহুতো যুৱ-দম্পতীয়ে হয়তো আমেৰিকাত শিক্ষা লাভ কৰি আহিছে, টকাৰ বাবে হয়তো তেওঁলোকেও কেতিয়াবা কোনো শ্বেতাংগ দম্পতীৰ ঘৰত babysitting কৰিছে। সেই সময়ত কিন্তু তেওঁলোকে পূর্ণমাত্রাই আশা কৰিব যে তেওঁলোকক যথাযোগ্য সন্মান আৰু মজুৰি প্রদান কৰা হওক। অর্থাৎ আমাৰ দেশত কায়িক শ্রমৰ প্রতি যি ঘৃণা আৰু অসন্মানজনক ভাব/মনোবৃত্তি আছে, তাৰ আঁৰত কেতবোৰ গভীৰ জাতপাতবাদী চিন্তাধাৰা লুকাই আছে। উচ্চ জাতিৰ ভাৰতীয় মধ্যবিত্তৰ ‘প্রগতিশীল’ চিন্তাধাৰা প্রায়েই দলিত ছুইপাৰগৰাকীক পাকঘৰলৈ গৈ লেতেৰা বাচন-বর্তন পৰিষ্কাৰ কৰিবলৈ অনুমতি দিয়াৰ মাজতেই সীমাবদ্ধ হৈ থাকে!

পূর্বৰ সামন্তীয় সময়ত ঘৰুৱা চাকৰ-চাকৰণীসকলে অন্ততঃ প্রয়োজনৰ সময়ত মালিকৰপৰা সামগ্রিকভাৱে সহায়-সাহায্য লাভ কৰাৰ আশা কৰিব পাৰিছিল। পিছে আধুনিক গৃহকর্মীসকলে খুউব বেছি এটা সৰু লোন লাভ কৰাৰ আশা কৰিব পাৰে; তাকো পাছলৈ তেওঁলোকৰ মজুৰিৰপৰা কাটি ৰখা হ’ব। আনফালে আকৌ পুঁজিবাদী শ্রম-চুক্তি একোখন – য’ত দুয়োপক্ষই শ্রমৰ চর্ত আৰু কর্মপৰিস্থিতি সম্পর্কে আলোচনা কৰি চুক্তি স্বাক্ষৰ কৰে - সামন্তীয় স্থিতিতকৈ সন্মানজনক হ’ব পাৰে। পুৰণিকলীয়া সামন্তীয় বান্ধোনৰ বিপৰীতে ই বিচ্ছিন্নতাবোধৰ জন্ম দিব পাৰে - য’ত কর্মচুক্তিৰ বাহিৰে সকলোধৰণৰ মানৱীয় সম্পর্কৰ অভাৱ দেখা যাব পাৰে – তথাপিও অন্ততঃ নীতিগতভাৱে এনে কর্মচুক্তি অধিক সমতামূলক বুলি ক’ব পাৰি। পিছে ভাৰতীয় গৃহকর্মীসকলৰ ওচৰত সামন্তীয় ছেফটি নেটো নাই আৰু পুঁজিবাদী কর্মচুক্তিৰপৰাও তেওঁলোক বঞ্চিত। সামন্তীয় বৈষম্যৰ অপমান আৰু পুঁজিবাদী শোষণৰ নির্মমতা - তেওঁলোকে একে সময়তে ভোগ কৰিব লগা হয়।

মালিকৰ ঘৰতে থকা গৃহকর্মী ছোৱালীজনীয়ে অনুভৱ কৰা বিচ্ছিন্নতাবোধ অতিশয় ভয়াৱহ হ’ব পাৰে। এই কিশোৰী ছোৱালীবোৰক প্রায়েই দূৰ-দূৰণিৰপৰা দিল্লী, মুম্বাই আদি চহৰত গৃহকর্মী হিচাপে কাম কৰিবলৈ অনা হয়। প্রায়েই তেওঁলোকে স্থানীয় ভাষাটো নাজানে, ঘৰৰপৰা সামান্যও তেওঁলোকক ওলাই যাবলৈ দিয়া নহয়, মানুহৰ সৈতে কথা-বার্তা বুলিবলৈ মালিকনীৰ সৈতে কেতিয়াবা দুআষাৰ – বছ সিমানেই। এইক্ষেত্রত একমাত্র ব্যতিক্রমটো হৈছে – য’ত গির্জাঘৰৰ এজেন্সিসমূহ যুক্ত হৈ থাকে। কেৱল সিবিলাকেহে মালিকৰ ব্যৱহাৰৰ প্রতি কিছু দূৰৈলৈ চকু ৰাখে।

মধ্যবিত্ত শ্রেণীসমূহৰ দৃষ্টিৰে চাবলৈ গ’লে ভাৰতৰ বহুতো চহৰত সতকাই গৃহকর্মী বিচাৰি পাবলৈ টান। কায়িক শ্রমৰ ভিতৰত আটাইতকৈ কম পছন্দৰ কামটোৱেই হৈছে গৃহকর্মীৰ কাম। সেয়েহে হয়তো ইংৰাজী ভাষাৰ কাকত-আলোচনীবোৰত আজিকালি প্রায়েই গৃহকর্মীৰ বিষয়ে বিভিন্ন ৰসপূর্ণ প্রবন্ধ তথা মালিক-মালিকনীৰ ইন্টাৰভিউ প্রকাশিত হ’বলৈ ধৰিছে : কেনেদৰে ভাল গৃহকর্মী বিচাৰি পোৱাটো অতিশয় কঠিন কাম, কেনেদৰে কোনো গৃহকর্মী একোগৰাকীয়ে মালিকনীক শ’লঠেকত পেলাইছে, কেনেদৰে গৃহকর্মীৰ বজাৰখন “বিক্রেতাৰ বজাৰ”লৈ পৰিণত হৈছে। মন কৰিবলগীয়া যে স্বয়ং গৃহকর্মী একোগৰাকীৰ ইন্টাৰভিউ কিন্তু এনে কাকতবোৰত কেতিয়াও প্রকাশিত নহয়। খুউব বেছি ঘৰ মচি থকা গৃহকর্মী একোগৰাকীৰ ফটো একোখন প্রকাশিত হ’ব বা কার্টুনত হাতত ঝাড়ু লৈ থকা পৰিচাৰিকা এগৰাকীৰ চৰিত্র দেখুওৱা হ’ব। কিন্তু এই শ্রমিকসকলে নিজে নিজৰ বিষয়ে কি ক’ব খোজে? সেই কথাৰ ভু আমি এই প্রবন্ধবোৰত কেতিয়াও নাপাওঁ।

এই ক্ষেত্রত এক ব্যতিক্রম হৈছে বেবী হালদাৰৰ বঙালী ভাষাত লিখা আত্মজীৱনীমূলক গ্রন্থ ‘আলোআঁধাৰি’ যিখন পাছলৈ ইংৰাজীকে ধৰি বিভিন্ন ভাষালৈ অনূদিত হৈছে। সৰল তথা আবেগমুক্ত ভাষাত লিখা এই কিতাপখনত দুখীয়া ছোৱালী এজনীয়ে কিদৰে বাৰম্বাৰ মালিকৰ শোষণৰ বলি হ’ব লগাত পৰিছে আৰু কিদৰে শেহত গৈ এজন অৱসৰপ্রাপ্ত অধ্যাপকৰ সহায়ত তাই লিখিবলৈ শিকিছে – তাৰেই বর্ণনা কৰা হৈছে। ভাৰতীয় মধ্যবিত্তৰ আত্মতুষ্টিৰ দুর্গটো ভাঙিবলৈ হ’লে আমাক হালদাৰৰ দৰে আৰু বহুতো কণ্ঠৰ দৰকাৰ হ’ব।

ইংৰাজী কাকতবোৰত প্রকাশিত গৃহকর্মী বিষয়ক প্রবন্ধ তথা ইন্টাৰভিউবোৰৰ আন এক বৈশিষ্ট্য হৈছে – সিবিলাকত মধ্যবিত্তীয় মালিকৰ অর্থাৎ পুৰুষৰ অনুপস্থিতি। এনে সৰহসংখ্যক ইন্টাৰভিউ মধ্যবিত্তীয় মহিলা অর্থাৎ মালিকনীৰেই লোৱা হয়। তেওঁলোকে প্রায়ে ঘৰৰ বাহিৰত গৈ কাম কৰে। যিহেতু তেওঁলোকে বাহিৰত গৈ উপার্জন কৰে, সেয়েহে তেওঁলোকে নিজৰ “প্রকৃত কামবোৰ” অর্থাৎ ঘৰৰ চোৱা-চিটা কৰা, ল’ৰা-ছোৱালীৰ যতন লোৱা – ইত্যাদিবোৰ কৰিবলৈ ব্যর্থ হয়! গতিকেই তেওঁলোকৰ স্থানত আন কোনো মহিলা – অর্থাৎ কোনো চাকৰণী বা ‘মেইড’ নিয়োগ কৰা হয়। কিন্তু এনে সমস্ত চিন্তাৰপৰা মধ্যবিত্তীয় মালিকসকল – অর্থাৎ মধ্যবিত্তীয় পুৰুষসকল সম্পূর্ণভাৱে মুক্ত। মই এনে কাহিনী বহুবাৰ শুনিছোঁ য’ত মধ্যবিত্তীয় মহিলাগৰাকীয়ে কৈছে – “মই কোম্পানিৰ অমুক মিটিংখনত আহিব নোৱাৰিলো কিয়নো সেইদিনা ঘৰলৈ ‘নেনি’ নাহিলে; মই অনিচ্ছা সত্ত্বেও ড্রাইভাৰজনকে শিশু পৰিচর্যা কৰিবলৈ ক’বলগা হ’ল কিয়নো মই সেইদিনা কামলৈ নগ’লেই নহয়।” মধ্যবিত্তীয় পুৰুষজনৰ পিছে এনে কোনো দায়িত্ব, এনে কোনো সমস্যা নাই; তেওঁ যেতিয়া মন যায়, য’লৈকে মন যায়, যাব পাৰে। আমোদজনকভাৱে, নিয়োগকর্তাসকলেও প্রায়ে অভিযোগ কৰা দেখা যায় : “আমি মহিলাক কামত ৰাখিব নিবিচাৰোঁ কিয়নো প্রায়ে তেওঁলোকৰ ঘৰত ‘আজি বাই নাহিলে’ জাতীয় সমস্যা সৃষ্টি হয়!” আন কথাত, সদায়েই নাৰীকেই ‘চাকৰ-চাকৰণী’ৰ নিয়োগকর্তা বুলি ভাবি লোৱা হয়।

কিছুদিন পূর্বে দুগৰাকী সফল কর্প’ৰেট খণ্ডৰ মহিলাই এটা প্রবন্ধ লিখিছিল : তেওঁলোকৰ কথা আছিল যে ‘মেইড’সকলৰ স’তে আন আন কর্মচাৰীৰ দৰেই সুব্যৱহাৰ কৰিব লাগে, তেওঁলোকক ভাল দৰমহা দিব লাগে, আপুনি নিজৰ চাকৰিত বিচৰাৰ দৰেই বিভিন্ন সুবিধা-পাতি দিব লাগে। এয়া প্রয়োজনীয় কিয়নো অন্যথায় আপুনি কামত ভালকৈ মন বহাবলৈ আহৰি নাপাব। ঘৰুৱা কামত আপোনাৰ স্বামীয়ে কেতিয়াও সহায় নকৰে। (Bijapurkar 2011; Kalra 2011) আন কথাত, গৃহকর্মী মহিলাগৰাকী হৈছে মধ্যবিত্তীয় স্বামী-স্ত্রীৰ মাজত কাজিয়া প্রশমন কৰাৰ সঁজুলি – যাৰ মূল আধাৰ হৈছে লৈংগিক শ্রম বিভাজন।

এয়া যদি সঁচা হয়, তাৰ অর্থ হৈছে – যিকোনো পুৰুষ কর্মচাৰীক প্রদান কৰা বেতনৰ এটা গুপ্ত অংশ তেওঁলোকৰ শ্রমৰ দৈনন্দিন পুনঃউৎপাদনৰ বাবে দিয়া হয় – লাগে সেই শ্রম বেতনভোগী গৃহকর্মীয়েই কৰক বা বেতনহীনভাৱে পত্নীগৰাকীয়েই কৰক। ঘৰুৱা কামখিনি সমাপন নহ’লে কোনো ব্যক্তিয়েই দৈনন্দিন কামলৈ বুলি ঘৰৰপৰা ওলাই যাব নোৱাৰে। আৰু কোনেও যদি শিশু পৰিচর্যা কৰি সিবিলাকক ডাঙৰ-দীঘল নকৰে, ভৱিষ্যতে কাম কৰিবলৈ কোনোৱেই বাকী নাথাকিব। সেয়েহে নাৰীবাদীসকলে দীর্ঘদিন ধৰি কৈ আহিছে – যদি মহিলাসকলে এই অভুক্ত শ্রমখিনি কৰিবলৈ বন্ধ কৰে, বা আন কাৰোবাৰদ্বাৰা কৰোৱাৰ দায়িত্ব নলয়, তেনেস্থলত সমস্ত আর্থিক ব্যৱস্থাটোৱেই স্তব্ধ হৈ পৰিব। মহিলাৰ অভুক্ত শ্রমৰ ওপৰতেই সমস্ত অর্থনীতিখন বর্তি আছে।

গির্জাঘৰ তথা বিভিন্ন প্রাইভেট এজেন্সিয়ে গৃহকর্মীৰ যোগান নিয়মন কৰে। প্রাইভেট এজেন্সিবোৰে শ্রমিকগৰাকীৰ স্বার্থৰ বিপৰীতে মধ্যবিত্তীয় মালিকে বিচৰা ‘সুৰক্ষা’ তথা ‘ট্রেইনিঙ’ৰ প্রতিহে অধিক মন দিয়ে। অৱশ্যে চার্চ নিয়ন্ত্রিত এজেন্সিবোৰে কিছু দূৰৈলৈ শ্রমিকৰ বাবে কিছুমান সা-সুবিধা দাবী কৰে – যেনে ৰবিবাৰ দিনটোৰ বন্ধ। অধিক গুৰুত্বপূর্ণভাৱে, ১৯৮০ৰ দশকৰপৰাই ঘৰুৱা শ্রমিকসকলৰ বিভিন্ন ট্রেড ইউনিয়ন দেশৰ বহুতো চহৰ – যেনে বাংগালোৰ, দিল্লী, পুণে আদিত গঢ় লৈ উঠিছে। এই ট্রেড ইউনিয়নসমূহে শ্রমিকৰ মজুৰি তথা কর্মপৰিস্থিতি সম্পর্কে যথোপযুক্ত আইনী ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে। ২০১১ চনৰ এখন কনভেনচনত আন্তঃৰাষ্ট্রীয় শ্রম সংগঠনে ঘৰুৱা শ্রমিকসকলৰ কর্মপৰিস্থিতি উন্নত কৰিবলৈ কেতবোৰ আন্তঃৰাষ্ট্রীয় মানদণ্ড গ্রহণ কৰিছে। এই পটভূমিতে কর্ণাটক চৰকাৰে গৃহকর্মীসকলৰ বাবে ন্যূনতম বেতন বিষয়ক এখন বিধেয়ক কিছু বছৰ পূর্বে গৃহীত কৰে। ইউ পি এ চৰকাৰৰ দিনত নেচনেল এডভাইজৰি কাউন্সিলে এক পৰামর্শ দিছিল যে পার্টটাইম, ফুলটাইম সকলো গৃহকর্মীকে ন্যূনতম মজুৰি আইন তথা অন্যান্য শ্রম আইনৰ অধীনত আনিব লাগে। তেওঁলোকৰ বাবেও ৮ ঘণ্টাৰ কর্মদিৱস, বেতনযুক্ত ছুটী তথা মাতৃত্ব অৱকাশৰ সুবিধা কৰিব লাগে। এয়া এক আদৰণীয় পদক্ষেপ আছিল; অৱশ্যে তাৰ ৰূপায়ণ বিষয়ক কার্যপদ্ধতিসমূহ আজিপর্যন্ত স্পষ্ট নহ’ল।

কিন্তু এনে পদক্ষেপসমূহেও শিশু-পৰিচর্যা আদি কর্মবোৰক পৰিয়ালৰ ভিতৰতে সীমাবদ্ধ কৰি চায় তথা ব্যক্তিগত নিয়োগকর্তাৰ ওপৰতেই গৃহকর্মীগৰাকীৰ ভাগ্য সঁপি দিয়ে। এনে এক ব্যৱস্থা কৰিব নোৱাৰিনে য’ত দিনৰ ভাগত শিশুৰ পৰিচর্যা প্রতিটো নিয়োগকর্তা অনুষ্ঠানৰ দায়িত্ব হ’ব? তেনেস্থলত শিশুৰ পৰিচর্যা কৰা কর্মীগৰাকী শিশুটিৰ পিতৃ-মাতৃৰ দৰেই কোম্পানি বা চৰকাৰৰ কর্মচাৰীলৈ পৰিণত হ’ব। ই নিয়োগো সৃষ্টি কৰিব, উৎপাদনশীলতাও বৃদ্ধি কৰিব। শিশুসকল মাতৃ-পিতৃৰ কাষতে থকাৰ ফলত তেওঁলোকে নিশ্চিতমতে কামত মন লগাব পাৰিব। অৱশ্যে এনেস্থলতো নাৰীবাদীসকলে আন এটা প্রশ্ন উত্থাপন কৰিব : শিশু পৰিচর্যা কৰা কর্মীগৰাকীৰ নিজৰ শিশুটিৰ কি হ’ব? অর্থাৎ শিশু পৰিচর্যা এক ক্রমবর্ধমান বিশাল নেটৱর্কৰদ্বাৰা চালিত হ’ব লাগিব – ই একোগৰাকী মহিলা বা পৰিয়ালৰ ব্যক্তিগত দায়িত্ব হোৱাৰ বিপৰীতে এক সামাজিক দায়িত্ব হ’ব লাগিব।

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন (৪) (মূল : নিবেদিতা মেনন, অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *