নাৰীবাদী দৃষ্টিৰে পৃথিবীখন - (মূল : নিবেদিতা মেনন অনুবাদ : ময়ূৰ চেতিয়া)

নামত কি আহে যায়?

পৰিয়ালৰ এই নতুন ৰূপটোৰ এক অন্যতম বৈশিষ্ট্য হৈছে – বিয়া হোৱাৰ পাছত নাৰীয়ে নিজৰ উপাধি ত্যাগ কৰি স্বামীৰ উপাধি ব্যৱহাৰ কৰা। আচলতে নামৰ পিছত উপাধি লিখা কাৰবাৰটো ভাৰতত আগেয়ে নাছিলেই। ঔপনিবেশিক যুগতহে এই পৰম্পৰাটো আৰম্ভ হয়। আধুনিক ৰাষ্ট্রই তাৰ সুখপাঠ্যতা (legibility)ৰ বাবেই জনগণৰ নামকৰণৰ পদ্ধতিবোৰ সলনি কৰি উপাধি লিখা পৰম্পৰাটো আৰম্ভ কৰিলে। জেমছ স্কটে দর্শাইছে – কেনেদৰে য’তেই ব্ৰিটিছে উপনিবেশ স্থাপন কৰিছিল, তাতেই উপাধি লিখা পৰম্পৰাটোও আৰম্ভ কৰা হৈছিল (Scott 1998)। দক্ষিণ ভাৰতত অৱশ্যে এতিয়াও বহুতো লোকে নামৰ পিছত নিজৰ উপাধি নিলিখে। এনেস্থলত মহিলাই তেওঁৰ স্বামীৰ প্রথম নামটোৰ জৰিয়তেই নিজৰ পৰিচয় লিখা আৰম্ভ কৰিছে (যেনে : ৰাজুৰ পত্নী হৈছে শ্রীমতী ৰাজু)। অর্থাৎ এই যে নাৰীবাদীসকলে কয় – মহিলাই বিয়া কৰালে বুলিয়েই নিজৰ উপাধি সলনি কৰিব নেলাগে – ই কোনো পশ্চিমৰপৰা আমদানি কৰা যুক্তি নহয়! বৰং স্বয়ং ভাৰতীয় দেশাচাৰ মতেই পত্নীয়ে স্বামীৰ উপাধি ব্যৱহাৰ কৰাৰ নিয়ম নাই! অর্থাৎ পশ্চিমীয়া সংস্কৃতিৰ বিপৰীতে এইক্ষেত্রত নাৰীবাদীসকলে দেশী সংস্কৃতিলৈকেহে উভতি অহাৰ কথা কৈছে! আপোনাৰ পৰিয়ালটোৰ দুটা প্রজন্মৰ পূর্বৰ নিয়মবোৰ সম্পর্কে খবৰ ল’লেই গম পাব – আজিৰ বিপৰীতে তাহানিৰ নামকৰণৰ পদ্ধতিবোৰ কিমান ভিন্ন আছিল। মহিলাৰ পৰিচিতিৰ ক্ষেত্রত এই পৰিবর্তনে অনা প্রভাৱবোৰ বিশেষভাৱে তাৎপর্যপূর্ণ বুলিয়েই ক’ব লাগিব। এইটোও মন কৰিবলগীয়া যে উপাধি হিচাপে ঔপনিবেশিক যুগত আপোনাৰ জাতিটোৰ নামেই লিখা গৈছিল। সেয়েহে এনে জাতিসূচক উপাধি ত্যাগ কৰি কেৱল নিজৰ নামটো লিখাটোও আজিৰ দিনত বহুতো দলিত তথা অনা-দলিত ব্যক্তিৰ বাবে গুৰুত্বপূর্ণ ৰাজনৈতিক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

যুৱ প্রজন্মৰ লোকৰ সৈতে নাৰীবাদ সম্পর্কে মই বহুবাৰ আলোচনা কৰিছোঁ। প্রায়েই মই দেখিছোঁ যে এনে আলোচনাবোৰত কোনোবা নহয় কোনোবা এজন মহাবুধিয়কে (সাধাৰণতে পুৰুষ একোজনে) এইবুলি প্রশ্ন কৰে : মাইকী মানুহে বিয়াৰ পাছত নিজৰ উপাধি সলনি কৰিলেই যেনিবা, তাতেনো কি মহাভাৰতখন অশুদ্ধ হ’ল? উপাধিটো সলনি নকৰিলেও দেখোন তেওঁ নিজৰ পূর্বৰ উপাধিটোকে অর্থাৎ দেউতাকৰপৰা পোৱা উপাধিটোকে ব্যৱহাৰ কৰি থাকিব! অর্থাৎ কোনোবা এজন পুৰুষৰ উপাধি তেওঁ ব্যৱহাৰ কৰিবই! দেউতাকৰ সলনি যেনিবা স্বামীৰ উপাধিটোকে ব্যৱহাৰ কৰিলে – সেইটোনো কি ডাঙৰ কথা?

এইজাতীয় যুক্তিত এটা আমোদজনক পূর্বধাৰণা লুকাই থাকে। সেয়া হৈছে – পুৰুষৰ উপাধি হৈছে সদায়েই তেওঁৰ “নিজৰ”, তেওঁৰ দেউতাকৰ নহয়। কিন্তু মহিলাৰ উপাধি কিন্তু তেওঁৰ “নিজৰ” নহয়, দেউতাকৰপৰা তেওঁ ধাৰ কৰিহে লৈছে! কেতিয়াবা সেয়েহে মই প্রশ্নকর্তাজনক এইবুলিয়েই উত্তৰ দিওঁ – তেনেহ’লেনো তোমালোকে কিয় ইমান চিন্তা কৰিছা? ছোৱালীজনীয়ে নিজৰ নাম ব্যৱহাৰ কৰা নাই নহয়, আন এজন পুৰুষৰ নামেই (দেউতাকৰ নামেই) ব্যৱহাৰ কৰিছে। গতিকে ছোৱালীজনী স্বাধীন হৈ পুৰুষৰপৰা আঁতৰি গৈছে বুলি তোমালোক চিন্তান্বিত হ’ব নেলাগে!

পাঠকে মন কৰক যে এইজাতীয় প্রশ্নবোৰ কোনো পৰম্পৰাগত গোড়া মানুহে কৰা নাই, বৰং কৰিছে আধুনিক শিক্ষিত ডেকা-গাভৰুসকলে যি ইতিমধ্যেই পশ্চিমীয়া পিতৃতান্ত্রিক আচাৰবোৰক “প্রাকৃতিক” বুলি মানি লৈছে। এইবোৰ দেখি-শুনি কেতিয়াবা মোৰ ক’বলৈ মন যায় : “হেৰা ডেকা ল’ৰা, পিতৃতন্ত্রৰ পোষকতা যদি কৰিবই লাগে, অন্ততঃ নিজৰ দেশী পিতৃতন্ত্রৰ পোষকতা কৰা!”

কিছুদিন পূর্বে এটা মজাৰ ঘটনা ঘটিল। এগৰাকী বিবাহ বিচ্ছেদিত মহিলাই আদালতত এইবুলি গোচৰ দিলে যে তেওঁ নিজৰ বৈবাহিক উপাধিটোকেই ডাইভর্ছৰ পাছতো ব্যৱহাৰ কৰি আছিল; কিন্তু যেতিয়া তেওঁ পাছপ’র্ট বনাবলৈ গ’ল – পাছপ’র্ট বিভাগটোৱে তেওঁৰ বৈবাহিক উপাধিটোৰ নামত পাছপ’র্ট বনাবলৈ সন্মত নহ’ল। তেওঁক কোৱা হ’ল যে যিহেতু তেওঁ বিবাহ বিচ্ছেদ কৰিছে, সেয়েহে বৈবাহিক উপাধিটো ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁৰ নাই। কিন্তু মহিলাগৰাকীৰ অন্যান্য সকলো দলিল তেওঁৰ বৈবাহিক উপাধিটোৰ নামতেই আছিল; এতিয়া এনে সমস্ত দলিলত উপাধি সলনি কৰি পুনৰ পাছপ’র্ট বনাবলৈ চেষ্টা কৰাৰ অর্থ হৈছে ভীষণ সময় অপচয় তথা হাৰাশাস্তিৰ সন্মুখীন হোৱা। নাৰীবাদী আইনজীৱী ফ্লেভিয়া এগনিছে মহিলাগৰাকীৰ হৈ আদালতৰ সন্মুখত যুক্তি প্রদর্শন কৰিলে আৰু অৱশেষত মহিলাগৰাকী কেছটোত জয়ী হ’ল। এগনিছে আমাক পাছত জনালে যে এনেধৰণৰ মানসিকতাৰ ফলত প্রায়েই বিবাহ বিচ্ছেদিত মহিলাসকলে নানান সমস্যাৰ সন্মুখীন হ’বলগা হয়। এইক্ষেত্রত নাৰীবাদীসকলৰ কথা হৈছে যে বিবাহ বিচ্ছেদৰ পাছত মহিলাই এনে অতিৰিক্ত সমস্যাৰ সন্মুখীন হোৱাৰ কোনো যুক্তি নাই; তেওঁ যিটো উপাধিয়েই বিচাৰে, সেইটো উপাধিকে ব্যৱহাৰ কৰাৰ অধিকাৰ থকা উচিত। এইক্ষেত্রত বাৰম্বাৰ মহিলাসকলক নিজৰ উপাধি সলনি কৰি থাকিবলৈ হেঁচা দি থকাৰ কোনো যুক্তি নাই। ভাৰত চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ডাৰিয়াছ খামবাটাই মুম্বাই পাছপ’র্ট অফিচক প্রদান কৰা এটা আইনী মতামতত কৈছিল যে “ভাৰতীয় সংবিধানৰ ২১ নং দফা অনুসৰি পত্নীগৰাকীৰ এক মৌলিক অধিকাৰ আছে যে তেওঁ যিটো উপাধিয়েই ব্যৱহাৰ কৰিব খোজে, সেইটো উপাধিয়েই তেওঁ ব্যৱহাৰ কৰিব পাৰে; তেহেলৈ ইতিমধ্যে তেওঁৰ বিয়াখন ভাগিয়েই নাযাওক কিয়। অৱশ্যেই এইক্ষেত্রত স্বামীজনো সন্মত হ’ব লাগিব” (Deshpande 2011)। অর্থাৎ স্বামীজন সন্মত নহ’লে বিবাহ বিচ্ছেদ কৰা মহিলাই তেওঁৰ বৈবাহিক উপাধিটো এৰি দিব লাগিব।

স্বামী সন্মত নহ’লে বিবাহ বিচ্ছেদিত মহিলাই নিজৰ উপাধি এৰি দিব লাগিব, কিন্তু সেইসকল মহিলা যি বিয়াৰ পাছতো নিজৰ পূর্বৰ উপাধি সলনি কৰা নাই, তেওঁলোকৰ কি হ’ব? পত্নীয়ে স্বামীৰ উপাধি গ্রহণ কৰিব লাগিব বুলি কোনো আইন নাই; কিন্তু তথাপিও পাছপ’র্ট বিভাগৰ কর্মচাৰীসকলে পৰিয়াল-বিষয়ক কেতবোৰ প্রভুত্বশালী ধাৰণাৰ বশৱর্তী হৈ প্রায়েই এইবুলি দাবী কৰে যে বিবাহিত মহিলাই তেওঁৰ স্বামীৰ উপাধি গ্রহণ কৰি লওক; অন্যথাই তেওঁলোকৰ পাছপ’র্ট বনোৱা নহ’ব। এইক্ষেত্রত মহিলাসকলক কোনো চয়নৰ অধিকাৰো দিয়া নহয় (Sharma and Arora 2011)।

অর্থাৎ এইখিনিতে আমি দুটা প্রক্রিয়া দেখা পাওঁ – আধুনিক ঔপনিবেশিক ৰাষ্ট্রৰ সমজাতিকৰণ-অনুশীলনৰ (homogenising practices) অংশ হিচাপে উপাধি লেখনৰ সার্বজনীন আৱির্ভাৱ আৰু বিবাহৰ স্বাভাৱিক তথা প্রশ্নাতীত অংশ হিচাপে পত্নীৰদ্বাৰা স্বামীৰ উপাধি গ্রহণ। এই দুয়োটা প্রক্রিয়াই মিলি প্রভুত্বশালী দুটা পিতৃতন্ত্র – অর্থাৎ উত্তৰ ভাৰতীয় আৰু ব্ৰিটিছ ঔপনিবেশিক পিতৃতন্ত্র দুটাক স্বাভাৱিক যেন ৰূপ দিছে।

অহা সংখ্যাত : (ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদী দৃষ্টিৰে পৃথিবীখন - (মূল : নিবেদিতা মেনন অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *