নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থূলমূলকৈ দুষাৰমান - (জিতেন বেজবৰুৱা)

 

সাম্প্ৰতিক নব্য উদাৰতাবাদী প্ৰেক্ষাপটত নাৰীবাদৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক কেনেকুৱা? সামাজিক মুক্তিৰ দৰ্শন হিচাপে নাৰীবাদৰ সাম্প্ৰতিক সম্ভাৱনাবিলাক কেনেধৰণৰ? আনহাতে, নাৰীবাদকে ধৰি সামাজিক আন্দোলনসমূহৰ প্ৰতি বৰ্তমান সমাজবাদৰ ধাৰণা কেনেকুৱা? নাৰীবাদ আৰু সমাজবাদৰ মাজৰ সম্পৰ্কত সমস্যা কোনখিনিত আৰু তাৰ ভৱিষ্যৎ কেনেকুৱা? – এইসমূহ প্ৰশ্ন থোৰতে যুকিয়াই চোৱাই আমাৰ লেখাৰ উদ্দেশ্য।

নেন্সি ফ্ৰেজাৰে এঠাইত লিখা মতে, বৰ্তমান নাৰীবাদ হ’ল পুঁজিবাদৰ হাতধৰী লিগিৰী। কিন্তু নাৰীবাদৰ ইতিহাস খুঁচৰিলে দেখা যায় যে কথাটো সদায় তেনেকুৱা নাছিল। সাধাৰণভাৱে ক’বলৈ গ’লে, আৰম্ভণিৰ কালৰপৰা বিংশ শতিকাৰ মাজভাগমানলৈকে দেখিবলৈ পোৱা বিভিন্নধৰণৰ নাৰীবাদী আন্দোলন আৰু চৰ্চাৰ (যাক নাৰীবাদৰ প্ৰথমটো প্ৰবাহ বোলা হয়) প্ৰধান লক্ষ্য আছিল লিবাৰেল অধিকাৰসমূহ নাৰীৰ বাবে আঁজুৰি অনা। কিন্তু মোটামুটিভাৱে ষাঠিৰ দশকত আৰম্ভ হোৱা দ্বিতীয়টো প্ৰবাহৰ নাৰীবাদে অধিক ব্যৱস্থাগত প্ৰশ্ন উত্থাপন কৰিবলৈ সক্ষম হৈছিল। আমেৰিকা-ইউৰোপত বিভিন্ন ধাৰাৰ ৰূপত প্ৰকাশ ঘটা এই নাৰীবাদী আন্দোলনসমূহক এডাল সূতাৰে বন্ধাটো সহজ নহয়। কিন্তু এটা কথা নিঃসন্দেহে ক’ব পাৰি যে এইসমূহে সামগ্ৰিকভাৱে লিবাৰেল অধিকাৰৰ পৰিসীমা অতিক্ৰম কৰি নতুন বাট মুকলি কৰিছিল। তাৰ আৰ্থ-ৰাজনৈতিক প্ৰেক্ষাপটটো আছিল কল্যাণকামী অৰ্থনীতি আৰু ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ-পৰিচালিত পুঁজিবাদ। এই ব্যৱস্থাই কেৱল অৰ্থনীতিকে নতুন ৰূপত গঢ় দিয়া নাছিল, সি সামাজিক-ৰাজনৈতিক ব্যৱস্থাটোৰো পুনৰ্নিৰ্মাণ কৰিছিল – য’ত ৰাষ্ট্ৰৰ ভূমিকা আছিল অভিভাৱকৰ ৰূপত। ক’বলৈ গ’লে, ই হ’ল সামাজিক-ৰাজনৈতিকভাৱে এক ৰক্ষণশীল ব্যৱস্থা। এনে প্ৰেক্ষাপটত নাৰীবাদী সমালোচনায়ো ব্যৱস্থাটোৰ বিভিন্ন দিশত প্ৰত্যক্ষ-পৰোক্ষভাৱে আক্ৰমণ চলাইছিল। প্ৰথমটো সমালোচনা আছিল অৰ্থনীতিবাদৰ বিৰুদ্ধে। সামাজিক অন্যায় তথা বৈষম্যৰ উঁহ হিচাপে কল্যাণকামী অৰ্থনীতিত প্ৰধানকৈ গুৰুত্ব দিয়া হয় সম্পদৰ অ-সম বিতৰণৰ ওপৰত, ইয়াত বাকীবিলাক সামাজিক কাৰকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়। এনে অৰ্থনীতিবাদৰ বিপৰীতে থিয় দিয়েই নাৰীবাদে ঘোষণা কৰিছিল – ব্যক্তিগত মানেই ৰাজনৈতিক। ইয়াৰদ্বাৰা নাৰীবাদে সামাজিক অন্যায় তথা বৈষম্যৰ ইমান দিনে লুকাই থকা বহুতো গাঁথনি আৰু কাৰক উন্মোচিত কৰিছিল – পৰিয়াল, দৈনন্দিন জীৱন, যৌনতা, সন্তান উৎপাদন, সামাজিক পৰম্পৰা আদি সকলোতে যিসমূহ বিদ্যমান হৈ থাকে। এনেকৈ নাৰীবাদে সামাজিক ন্যায়ৰ ধাৰণাটোক অৰ্থনীতিবাদৰপৰা মুক্ত কৰি বহল ৰূপ দিছিল। শ্ৰেণীগত বৈষম্যৰ সৈতে ই কেৱল এটা নতুন ইছ্যু যোগ দিয়া নাছিল, বৰং ই দেখুৱাইছিল যে নাৰীৰ শোষণ-অৱদমন সমাজৰ গভীৰ গাঁথনিত প্ৰোথিত হৈ আছে, আৰু তাৰ অৱসানৰ বাবে উক্ত সমস্ত গাঁথনিৰে আমূল পৰিবৰ্তনৰ প্ৰয়োজন। আনহাতে, কল্যাণকামী ৰাষ্ট্ৰত এজন পুৰুষ উপাৰ্জনকাৰীক কেন্দ্ৰ কৰি গঠিত ক্ষুদ্ৰ পৰিয়ালকে আদৰ্শনীয় হিচাপে উপস্থাপন কৰা হৈছিল, য’ত নাৰী হ’ব গৃহিণী আৰু অৰ্থনৈতিক উপাৰ্জনৰ ক্ষেত্ৰত নাৰীৰ অৱদান থাকিলেও তাক আলংকাৰিক আৰু উপৰুৱা বুলিহে গণ্য কৰা হ’ব। নাৰীবাদে এই পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাটোৰ সমালোচনা কৰিছিল। কেৱল সেয়াই নহয়, ই মজুৰিযুক্ত কৰ্মৰ সৰ্বাত্মক গুৰুত্বক অস্বীকাৰ কৰিছিল – তাক পৰিয়ালৰ কেন্দ্ৰবিন্দুৰপৰা অপসাৰিত কৰিছিল। ই অৰ্থনীতি তথা সমাজত মজুৰিবিহীন ঘৰুৱা শ্ৰম আৰু পৰিচৰ্যা-কৰ্মৰ কেন্দ্ৰীয় গুৰুত্বৰ কথা প্ৰতিপন্ন কৰিছিল, সন্তান উৎপাদন আৰু প্ৰতিপালনৰ অসীম সামাজিক ভূমিকা ফঁহিয়াই দেখুৱাইছিল। একে সময়তে ই বাঁওপন্থী মহলত থকা নাৰী-প্ৰশ্নৰ প্ৰতি উদাসীনতাৰো সন্মুখীন হ’বলগীয়া হৈছিল। তৃতীয়তে, কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাটো আছিল এক অভিভাৱকত্ববাদী ব্যৱস্থা। তাত ৰাষ্ট্ৰ আছিল সমাজখন তথা নাগৰিকসকলৰ অভিভাৱক : এই টেক্ন’ক্ৰেটিক-মেনেজাৰিয়েল ব্যৱস্থাটোত ৰাষ্ট্ৰৰ পলিচি নিৰ্মাণ কৰিছিল প্ৰফেছনেল বিশেষজ্ঞসকলে আৰু তাক কাৰ্যকৰী কৰা হৈছিল আমোলাসকলৰ মাধ্যমেৰে। ইয়াত নাগৰিকসকলৰ কোনো সক্ৰিয় ভূমিকা নাই, তেওঁলোক নিষ্ক্ৰিয় গ্ৰহীতা মাত্ৰ। ওপৰৰপৰা অহা ব্যৱস্থাৱলী তেওঁলোকে গ্ৰহণহে কৰিব – নিজাকৈ গণতান্ত্ৰিক সক্ৰিয়তা দেখুওৱাৰ বা ৰাষ্ট্ৰৰ সৈতে ৰাজনৈতিক দৰদাম কৰাৰ সুবিধা নাই। নাৰীবাদে এই ব্যৱস্থাটোৰ বিৰোধিতা কৰিছিল আৰু, এক সক্ৰিয় আৰু গণতান্ত্ৰিক চেতনাসম্পন্ন নাগৰিকত্বৰ সপক্ষে থিয় দিছিল। নাৰীবাদী কৰ্মীসকলে নিজৰ মাজত গণতান্ত্ৰিক, ৰাজনৈতিক সক্ৰিয়তাসম্পন্ন সংগঠন গঢ়ি তুলিছিল।

–এনেকৈ নাৰীবাদে ৰাষ্ট্ৰ-পৰিচালিত পুঁজিবাদৰ এক ব্যৱস্থাগত সমালোচনা বিকশিত কৰিছিল। পুনৰ্বণ্টন, স্বীকৃতি আৰু প্ৰতিনিধিত্বকৰণ – এইসমূহ দাবীৰ সমন্বয়েৰে ই ক্ৰমে অৰ্থনীতি, সংস্কৃতি আৰু ৰাজনীতি, এই গোটেইকেইটা পৰিসৰকে সামৰি লৈছিল। কিন্তু পৰৱৰ্তী কালত পুঁজিবাদৰ এক গাঁথনিগত পৰিবৰ্তন ঘটে আৰু ই নব্য উদাৰতাবাদী পৰ্যায়ত প্ৰবেশ কৰে। ইয়াৰ লগে লগে নাৰীবাদ পুঁজিবাদৰ বাবে অস্বস্তিদায়ক আন্দোলন হোৱাৰ সলনি এক বিশ্বস্ত সহযোগীত পৰিণত হয়। কিয়নো ইতিমধ্যেই পুঁজিবাদে নাৰীবাদৰ ঘাই ঘাই বিধ্বংসী যুক্তিসমূহ গাইব কৰি লৈছিল, যাৰ ফলস্বৰূপে নাৰীবাদী আন্দোলনৰ পুঁজিবাদ-বিৰোধী চৰিত্ৰৰ অৱলুপ্তি ঘটিছিল আৰু সি এক নিছক সাংস্কৃতিক আন্দোলনত পৰিণত হৈছিল। নাৰীবাদৰ বৰ্তমানৰ প্ৰধান ৰূপটো হ’ল পৰিচিতি আৰু বিভিন্নতাৰ স্বীকৃতিৰ বাবে আন্দোলন – যিটোৱে নব্য উদাৰতাবাদী পুঁজিবাদক কোনোধৰণে সমালোচনাতো নকৰেই, বৰং ওলোটাই পুঁজিবাদে ইয়াৰ ত্ৰাণকৰ্তা ৰূপত অৱতীৰ্ণ হৈছে। সামাজিক-অৰ্থনৈতিক সংগ্ৰামৰ ধাৰাতকৈ এতিয়া নাৰীবাদী আন্দোলন প্ৰবাহিত হৈছে সাংস্কৃতিক স্বীকৃতিৰ ধাৰাইদি, ৰাজনৈতিক অৰ্থনীতিৰ সমালোচনা অন্তৰ্হিত হৈ বৰ্তমান এক নিছক সংস্কৃতিবাদে আধিপত্য বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। এইটো কিধৰণে সংঘটিত হৈছে? নব্য উদাৰতাবাদ হ’ল এক বজাৰ-মৌলবাদ – ইয়াত সকলোৰে ওপৰত বজাৰেই সত্য, তাৰ ওপৰত একো নাই। কল্যাণকামী অৰ্থনীতিত ৰাষ্ট্ৰই অৰ্থনীতিৰ ওপৰত লেকাম লগাইছিল। কিন্তু এতিয়া বজাৰে ৰাষ্ট্ৰৰ ওপৰত লেকাম লগাইছে, বজাৰে ৰাজনীতিক নিয়ন্ত্ৰণ কৰি ৰাখিছে। কল্যাণকামী আৰু উন্নয়নবাদী ৰাষ্ট্ৰৰ যিখিনি সংৰক্ষণমূলক ব্যৱস্থা আৰু নীতি আছিল, সেই সকলোখিনি এতিয়া নব্য উদাৰতাবাদৰ ঢৌত উটি গৈছে। নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰৰ কোনোধৰণৰ দায়বদ্ধতা ইয়াত নাই – নাগৰিকসকল হ’ল সম্পূৰ্ণ স্বাধীন উপভোক্তা, তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ দায়িত্ব হ’ল ব্যক্তিগত দায়িত্ব। এনে পৰিপ্ৰেক্ষিতত নাৰীবাদৰো পৰিবৰ্তন ঘটিছে। পূৰ্বে ই কল্যাণকামী ৰাষ্ট্ৰ তথা সমাজৰ বিৰুদ্ধে যিসমূহ যুক্তি প্ৰয়োগ কৰিছিল, সেইসমূহ যুক্তিয়ে এতিয়া পৰোক্ষভাৱে নব্য উদাৰতাবাদী পুঁজিবাদকেই সামাজিক-নৈতিক ন্যায্যতা প্ৰদান কৰিছে – ফলস্বৰূপে পুঁজিবাদ আৱিৰ্ভূত হৈছে প্ৰগতিশীল ৰূপত। এতিয়া পুঁজিবাদে বিচাৰে যে কল্যাণকামী যুগত থকা সামাজিক ন্যায়ৰ বাবে ৰাষ্ট্ৰৰ সক্ৰিয় ভূমিকাৰ সকলো স্মৃতি কালৰ গৰ্ভত বিলীন হৈ যাওক। আৰু নাৰীবাদে তাক প্ৰতি সামাজিক স্বীকৃতি প্ৰদান কৰিছে। উল্লেখ্য যে কেৱল নাৰীবাদেই নহয়, অন্যান্য সাংস্কৃতিক পৰিচিতি-কেন্দ্ৰিক আন্দোলনসমূহৰো ইতিহাস এই ক্ষেত্ৰত একেই। (পুঁজিবাদৰ লগে লগে নাৰীবাদৰ পৰিবৰ্তন সম্পৰ্কীয় উপৰোক্ত আলোচনাত বহু পৰিমাণে নেন্সি ফ্ৰেজাৰৰ ‘Fortunes of Feminism’ গ্ৰন্থত সংকলিত ‘Feminism, Capitalism and the Cunning of History’ ৰচনাখনৰ সহায় লোৱা হৈছে।) সি যি নহওক, নব্য উদাৰতাবাদৰ লগে লগে নাৰীবাদ কোনো ক্ষুদ্ৰ গোষ্ঠীৰ আন্দোলন হৈ নাথাকিল – ই সামাজিকভাৱে আৰু ভৌগোলিকভাৱে বিস্তৃত ৰূপ লাভ কৰিলে। আন ভাষাত ক’বলৈ গ’লে, নাৰীবাদে এতিয়া প্ৰাতিষ্ঠানিক ৰূপ লাভ কৰিলে আৰু নব্য উদাৰতাবাদী সমাজখনত ই এক কমন ছেন্সত পৰিণত হ’ল। পুঁজিবাদে এতিয়া নাৰীবাদৰ মূলমন্ত্ৰসমূহ অহৰহ উচ্চাৰণ কৰি থাকে আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত তাক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু এই নাৰীবাদ অতীতৰ জংগী নাৰীবাদ নহয়, ফ্ৰেজাৰে ক’বৰ দৰে, ই পুঁজিবাদৰ হাতধৰী লিগিৰী মাথোন। পূৰ্বে নাৰীবাদৰ মাজত থকা সামাজিক মুক্তিৰ স্বপ্নটো ইয়াত নাই, ব্যৱস্থাগত সমালোচনাৰ ধাৰাটো নাই। পৰম্পৰাগত ক্ষমতাৰ গাঁথনিসমূহ যেনেকৈ নাৰীৰ প্ৰতি শোষণমূলক, সেইসমূহ পুঁজিৰ প্ৰতিও উদাৰ নহয়, বৰং সেইসমূহে পুঁজিক প্ৰতিৰোধহে কৰে। গতিকে সেইসমূহ গাঁথনি ভঙাৰ ক্ষেত্ৰত নাৰীবাদ আৰু পুঁজিবাদ দুইটাই একমত। অনুন্নত সমাজবিলাকত এনে গাঁথনিসমূহ ভঙাৰ ক্ষেত্ৰত এতিয়া নব্য উদাৰতাবাদে (আন ভাষাত বিশ্বায়নে) প্ৰগতিশীল ভূমিকাত অৱতীৰ্ণ হৈ আছে। কিন্তু তাৰ আচল উদ্দেশ্য হ’ল বজাৰৰ সৰ্বাত্মক আধিপত্য প্ৰতিষ্ঠা কৰাহে। নব্য উদাৰতাবাদী সমাজত উপভোক্তা আৰু শ্ৰমিক হিচাপে নাৰী সম্পূৰ্ণ স্বাধীন, এই ক্ষেত্ৰত পুৰুষৰ সৈতে নাৰীৰ কোনো পাৰ্থক্য নাই। পুঁজিৰ সেৱাত নিজকে আত্মসন্তুষ্টিৰে উৎসৰ্গা কৰিব পৰাটোকে স্বাধীনতা আৰু বজাৰৰ উপকৰণসমূহ বাধাহীনভাৱে উপভোগ কৰিব পৰাটোকে মুক্তি বুলি পুঁজিবাদে প্ৰতিষ্ঠা কৰিছে, আৰু এই ক্ষেত্ৰত পুৰুষৰ সমানেই নাৰীও দাবীদাৰ। আৰু বৰ্তমানৰ বিশ্বায়িত পুঁজিবাদৰ বাবে নাৰীৰ এই দুইটা ভূমিকাই অপৰিহাৰ্য। ক্ৰমপ্ৰসাৰমান বহুজাতিক কোম্পানিসমূহত, বিভিন্ন ঔদ্যোগিক খণ্ডত, বিশেষকৈ সেৱা খণ্ডত শ্ৰমিক হিচাপে নাৰীৰ যোগদান এতিয়া বিপুলসংখ্যক। পুঁজিবাদে এনে প্ৰয়োজন পূৰাবৰ বাবে পূৰ্বচৰ্ত হিচাপে এক অনুকূল সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপট নিৰ্মাণ কৰাটো জৰুৰী, আৰু সেই ক্ষেত্ৰত পুঁজিবাদক নাৰীবাদে বহু পৰিমাণে সহায় কৰিছে। কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ’ল, এই নব্য উদাৰতাবাদী পৃথিৱীখনৰ প্ৰান্তত বাস কৰা পৃথিৱীৰ, বিশেষকৈ অনুন্নত দেশসমূহৰ অধিকাংশ দৰিদ্ৰ-পশ্চাদপদ জনসাধাৰণৰে ইয়াত কোনো মূল্য নাই। আৰু স্বাভাৱিকতেই সেই সমাজৰ দৰিদ্ৰ-পশ্চাদপদ বিপুলসংখ্যক নাৰীও নব্য উদাৰতাবাদী নাৰীবাদৰ আওতাৰ বাহিৰত পৰে – এইসকল নাৰীৰ শোষণ-অৱদমনে নাৰীবাদী চৰ্চাত খলকনি নলগায়।

গতিকে নাৰীবাদে যদি বিশ্বৰ নাৰীসমাজৰ বাবে সামাজিক মুক্তিৰ আদৰ্শ হিচাপে থিয় দিবলৈ হয়, তেন্তে ই নিশ্চয়কৈ পুঁজিৰ ওচৰত আত্মসমৰ্পণ কৰাটো বন্ধ কৰিব লাগিব। ই পূৰ্বৰ ব্যৱস্থাগত সমালোচনাৰ ধাৰাটো নতুন ৰূপত ঘূৰাই আনিব লাগিব, নব্য উদাৰতাবাদী পুঁজিবাদৰ ই এক বিধ্বংসী সমালোচনা বিকশিত কৰিব পাৰিব লাগিব, পুঁজিৰ লজিকৰ বিপৰীতে ই এক জংগী আন্দোলনৰ সৃষ্টি কৰিব লাগিব। পৰিচিতি আৰু বিভিন্নতাৰ সাংস্কৃতিক স্বীকৃতিৰ দাবীৰ সৈতে পুঁজিবাদৰ আৰ্থ-সামাজিক সমালোচনাও সমানভাৱে চামিল হ’ব লাগিব। অৰ্থনীতি, ৰাজনীতি আৰু সংস্কৃতি, এই আটাইকেইটা পৰিসৰ সামৰি লৈ নাৰীবাদে বিশ্বৰ নাৰীসমাজৰ মাজত এক নতুন সামাজিক মুক্তিৰ স্বপ্ন জগাই তুলিব পাৰিব লাগিব। আৰু তাৰ বাবে ই নিশ্চয়কৈ সমাজবাদী আন্দোলনৰ সৈতে একেটা ধাৰাত মিলিত হ’ব লাগিব।

কিন্তু তাৰ বাবে সমাজবাদৰো ভালেখিনি গুণগত ৰূপান্তৰ ঘটিব লাগিব। নব্য উদাৰতাবাদী পুঁজিবাদৰ দপদপনিৰ বৰ্তমান সময়ত পৃথিৱীজুৰি সমাজবাদী শক্তিসমূহ মুজুৰা পৰি আছে – পুঁজিবাদৰ আগ্ৰাসী আক্ৰমণৰ সন্মুখত এই শক্তিসমূহে কোনোমতে আত্মৰক্ষাৰ চেষ্টা চলাই আছে। তাৰ বাবে গাঁথনিগত কাৰকসমূহ যিমান দায়ী, বাঁওপন্থীসকলৰ নিজৰ দৃষ্টিভংগীও প্ৰায় সমানেই দায়ী। আনহাতে ডাঙৰ কথাটো হ’ল এই যে নাৰীবাদকে ধৰি সামাজিক-সাংস্কৃতিক আন্দোলনবোৰৰ প্ৰতি বাঁওপন্থীসকলৰ যথোচিত সদ্ভাৱ নাই। লৈংগিক, যৌন, বৰ্ণগত, নৃগোষ্ঠীগত আদি পৰিচিতি-কেন্দ্ৰিক আন্দোলনবোৰ হ’ল পুঁজিবাদী আধুনিকতাৰ বস্তু। সিবিলাকে পুঁজিবাদক পোনপটীয়া প্ৰত্যাহ্বান জনোৱাৰ পৰিবৰ্তে পুঁজিবাদী সামাজিক ফ্ৰেমৱৰ্কৰ ভিতৰতে নিজৰ বাবে জেগা উলিয়াই লয়। কিন্তু মাৰ্ক্সবাদে দেখুৱাইছে যে পুঁজিবাদৰ মৌলিক গাঁথনিটো হ’ল শ্ৰেণীগত, আৰু এই শ্ৰেণীৰ ধাৰণাৰ প্ৰতি উক্ত পৰিচিতি-কেন্দ্ৰিক আন্দোলনসমূহ তেনেই উদাসীন। গতিকে সেই আন্দোলনসমূহৰ প্ৰতি বাঁওপন্থীসকল স্বাভাৱিকতেই সমালোচনাত্মক। এতিয়া নব্য উদাৰতাবাদে কেৱল নাৰীবাদৰে নহয়, আনবিলাক পৰিচিতি-কেন্দ্ৰিক আন্দোলনৰ বাবেও দুৱাৰ মুকলি কৰি দিছে। উক্ত আন্দোলনসমূহৰ যুক্তিসমূহ পুঁজিবাদে নিজৰ মাজত সামৰি লৈছে আৰু তাৰ জৰিয়তে নিজকে প্ৰগতিশীল ৰূপত প্ৰতিপন্ন কৰিছে। ইয়াৰ বিপৰীতে বাঁওপন্থীসকলে নব্য উদাৰতাবাদক প্ৰতিৰোধ কৰিবলৈ গৈ আৰু অধিক ৰূপত এই আন্দোলনবোৰৰ বিপৰীতে থিয় দিছে। এসময়ত কল্যাণকামী তথা উন্নয়নবাদী ৰাষ্ট্ৰক সমালোচনা কৰা বাঁওপন্থীসকলে এতিয়া সেই ব্যৱস্থাৰ অৱশিষ্টখিনি ধৰি ৰখাৰ ওপৰতেই সৰ্বাধিক গুৰুত্বাৰোপ কৰিছে। ৰাষ্ট্ৰই দিয়া সামাজিক সুৰক্ষা তথা লিবাৰেল অধিকাৰসমূহৰ ৰক্ষাই যেন তেওঁলোকৰ প্ৰধান উদ্দেশ্য। কিন্তু ইয়াৰ জৰিয়তে পুঁজিবাদক কোনোধৰণে আঘাত কৰিব নোৱাৰি। আৰু এয়া কৰিবলৈ গৈ তেওঁলোকে সামাজিকভাৱেও ৰক্ষণশীল ভূমিকাত অৱতীৰ্ণ হৈছে। যিসমূহ সামাজিক-সাংস্কৃতিক আন্দোলনৰ সাৰ-পানী পাই পুঁজিবাদে ব্যাপক সামাজিক গ্ৰহণযোগ্যতা আৰু ন্যায্যতা অৰ্জন কৰিছে, সেইসমূহ আন্দোলনৰ প্ৰতি বিৰাগভাব প্ৰদৰ্শন কৰি বাঁওপন্থীসকলে নিজকে ঐতিহাসিকভাৱে পশ্চাদমুখী বুলি সাব্যস্ত কৰিছে। এনে পৰিস্থিতিত সমাজবাদৰ সামাজিক ন্যায্যতাত খহনীয়া আৰম্ভ হৈছে আৰু বাঁওপন্থীসকলৰ নিজৰো নৈতিক প্ৰতীতি দুৰ্বল হৈ পৰিছে। এয়া সমাজবাদৰ কেৱল সাময়িক পশ্চাদপসৰণ নহয়, হয়তো ই এক অস্তিত্বজনিত সংকট।

এই সংকটৰপৰা উদ্ধাৰৰ বাট কেনি? ইয়াৰ বাবে নতুন পৰিস্থিতিত সমাজবাদী আন্দোলনৰ পুনৰ্নিৰ্মাণ হোৱাটো প্ৰয়োজন। কেৱল শ্ৰেণী নহয়, শ্ৰেণীৰ লগতে আন আন বিভিন্ন পৰিচিতি সানমিহলি হৈ মানুহৰ সামগ্ৰিক সামাজিক পৰিচিতিটো নিৰ্মিত হয়। শ্ৰেণীভিন্ন উক্ত পৰিচিতিসমূহো সামাজিক বাস্তৱতাৰ অভিন্ন অংগ – সামাজিক বাস্তৱতাৰপৰাই সেইসমূহ উৎসাৰিত হৈছে আৰু একে সময়তে সেইসমূহে সামাজিক বাস্তৱতাক প্ৰভাৱান্বিত কৰিছে। গতিকে সমাজবাদী আন্দোলনে উক্ত পৰিচিতিৰ প্ৰশ্নসমূহক সামৰি ল’ব পাৰিবই লাগিব। সমাজবাদী আন্দোলনে পৰিচিতি আৰু বিভিন্নতাক স্বীকৃতি দিলেই কেৱল নহ’ব – আন্দোলনৰ ভিতৰচ’ৰাত এই প্ৰশ্নসমূহক লৈ চৰ্চা আৰু কৰ্মতৎপৰতাৰ মুকলি পৰিসৰ এটাও থাকিব লাগিব। তদুপৰি সমাজবাদৰ প্ৰতিষ্ঠাই এই প্ৰশ্নসমূহৰো সম্পূৰ্ণ সমাধান কৰিব বুলি কোৱা টান। গতিকে সমাজবাদৰ আগতো আৰু পাছতো পৰিচিতি-কেন্দ্ৰিক প্ৰশ্নসমূহ আৰু তৎকেন্দ্ৰিক ৰাজনীতিৰ গুৰুত্ব তাত্ত্বিকভাৱে স্বীকাৰ কৰি লোৱা দৰকাৰ। এনে কাৰ্যই সমাজবাদী আন্দোলনক সামাজিকভাৱে অধিক ব্যাপক আৰু অন্তৰ্ভুক্তিবাদী কৰি সবল ৰূপ দিয়াৰ লগতে ইয়াৰ সামাজিক-নৈতিক গ্ৰহণযোগ্যতাও অধিক বৃদ্ধি কৰিব। কিন্তু সিয়েই সমাজবাদী আন্দোলনক সাম্প্ৰতিক সংকটৰপৰা মুক্তি দিব নোৱাৰে। তাৰ বাবে ঘাইকৈ গাঁথনিগতভাৱে অনুকূল পটভূমি ৰচনা হোৱাৰ প্ৰয়োজন। কিন্তু সেই পৰিস্থিতিত ঐতিহাসিক ভূমিকা পালন কৰিবলৈ হ’লে বাঁওপন্থীসকলে সমাজবাদৰ স্বপ্নক নতুনকৈ গঢ় দিব লাগিব। সমাজবাদ কাহানিও স্থিতাৱস্থা বাহাল ৰাখিব খোজা আৰু অতীতলৈ উভতি যাব খোজা ৰক্ষণশীল-অতীতমুখী আদৰ্শ নাছিল। ই হ’ল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ বিচৰা জংগী আদৰ্শ। সেই সৰ্বাত্মক ৰূপান্তৰৰ প্ৰেৰণা আৰু জংগীপনা এতিয়া ই প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। পুঁজিবাদে শেহতীয়া সময়ছোৱাত যিধৰণে নিজৰ ৰূপান্তৰ সাধন কৰিছে আৰু প্ৰতিবাদী শক্তিসমূহ মেনেজ কৰাৰ ৰণকৌশল বিকশিত কৰিছে – তাৰ সমস্ত তলা-নলা বুজি লৈ তাৰ ভিত্তিত সমাজবাদে নিজক পুনৰ্নিৰ্মাণ কৰিব লাগিব। পুঁজিবাদ কোনো বাহিৰা শক্তি নহয় যে তাক দুৱাৰমুখত বাধা দি ভিতৰত প্ৰবেশ কৰাৰপৰা বিৰত ৰাখিব পাৰি। বৰং সি হ’ল এক সৰ্বব্যাপী ব্যৱস্থা : আপুনি-মই সকলোটি তাৰ ভিতৰতে আছো, পুঁজিৰ লজিকৰ বাহিৰত আজি কোনো নাই। গতিকে পুঁজিবাদী ব্যৱস্থাৰ ভিতৰতেই তাৰ বিকল্পৰ সন্ধান কৰিব লাগিব। বিংশ শতিকাৰ সমাজবাদী আন্দোলনসমূহৰ সময়ত পুঁজিবাদৰ প্ৰসাৰ এনেধৰণৰ নাছিল, গতিকে আন্দোলনবোৰৰ তত্ত্ব আৰু ৰণকৌশলো পৃথক আছিল। আজিৰ সমাজবাদৰ তত্ত্ব আৰু ৰণকৌশল পুঁজিবাদৰ আজিৰ ৰূপৰ ভিত্তিতে হ’ব লাগিব। নব্য উদাৰতাবাদী পুঁজিবাদে এতিয়া যিখন সামাজিক-নৈতিক পৃথিৱী দাঙি ধৰিছে সেইখন সমাজৰ চকুত অগ্ৰগামী আৰু কাম্য ৰূপত ধৰা দিছে। গতিকে সমাজবাদে যিখন সামাজিক-নৈতিক পৃথিৱী নিৰ্মাণ কৰিব সেইখন হ’ব লাগিব পুঁজিবাদতকৈ বহুগুণে অধিক অগ্ৰগামী আৰু অধিক কাম্য। তাৰ বাবে পুঁজিবাদৰ স্বৰূপ উন্মোচনেই আৰু তাৰ প্ৰতিৰোধেই যথেষ্ট নহয়, নতুন ব্যৱস্থাৰ নিৰ্মাণ অধিক গুৰুত্বপূৰ্ণ। আৰু এই প্ৰক্ৰিয়াত বৰ্তমান প্ৰেক্ষাপটত নিজৰ অৱস্থান তথা চৰিত্ৰৰ তাত্ত্বিক আত্মসমালোচনা নিঃসন্দেহে প্ৰথমটো পদক্ষেপ।

পুনৰ্নিৰ্মিত সমাজবাদৰ যাত্ৰাপথত নাৰীবাদ নিশ্চয় এক বিশ্বস্ত আৰু সমমৰ্যাদাসম্পন্ন সহযোগী হ’ব। নাৰীবাদে যদি তাৰ সংস্কৃতিবাদক অতিক্ৰম কৰি পুঁজিবাদৰ আৰ্থ-সামাজিক সমালোচনাকো সামৰি ল’ব পাৰে, তেন্তে সমাজবাদ আৰু নাৰীবাদৰ সমন্বয় সাধনৰ বাটত কোনো বাধা নাথাকিব।

(ৰচনাকাল : ২৫-০৬-২০১৭)

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থূলমূলকৈ দুষাৰমান - (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *