নতুন বছৰৰ অশুভ-কামনা - (সমুদ্ৰ কাজল শইকীয়া)

প্ৰতি বছৰৰ প্ৰথম দিনটো আৰম্ভ হয় মংগল-বাৰ্তা, শুভকামনাৰে। এই বছৰটো ভাল হ'ব, অমানিশা শীঘ্ৰেই আঁতৰিব, আখলত এতিয়া সদায়ে জ্বলিব জুই, শান্তিৰে সকলো শুব পাৰিব, ঘৃণাৰ বা-মাৰলি এইবছৰ আৰু নবলে, মাটিয়ে মাটিয়ে ভালপোৱাৰ শইচ গজিব, আৰু কোনো গণ্ডগোল নহ'ব, অবিচাৰো নহয়, হত্যা-লুণ্ঠনো নহয়, জাৰ আৰু জহৰ আতিশয্যত কোনো নমৰে, মোৰ দেশত এতিয়া আৰু কোনো গৃহহাৰা হৈ নৰয়… এইখিনি কথা ভাবিয়েই প্ৰতি বছৰৰ শেষত মনত পৰে মিৰ্জা গালিবলৈ - “হিয়া জুৰাবলৈ গালিব, এই ভাবনা ভাল”।

কেৱল “দিল ক' খুছ ৰখনে কো” - যদি এই শুভকামনা হয়, তেনেহ'লে এইবাৰ হওকচোন অলপ অশুভ-কামনা।

সমাজখনত বেয়া ল'ৰাবোৰৰ সংখ্যা কমি আহিছে। এই বছৰ বেয়া ল'ৰাবোৰ আৰু সিহঁতৰ উৎপাতবোৰ বাঢ়ক। পৰম্পৰা আৰু নীতি-নিয়মবোৰ নিৰ্বিবাদে মূৰ পাতি লোৱা ভাল ল'ৰাবোৰেই মানৱ প্ৰগতিৰ অন্তৰায়। যুদ্ধ কোনে কৰে? মৃত্যুৰ বিভীষিকা আৰু ধ্বংস কোনে মাতি আনে? আদেশ নিৰ্বিবাদে মানি লোৱা ভাল সৈন্যবোৰেই নহয় জানো? জয়মতীক শাস্তি কোনে দিছিল? আদেশ পালন কৰা ভাল চাওদাঙেই নহয় জানো? সেয়ে এই বছৰ সৈন্যসকল কামচোৰ হওক। সীমান্তৰ সৈন্যক দেশৰ অভ্যন্তৰত আনি থাপিবলৈ বিচাৰিলে সিহঁতে নিজৰ দায়িত্বত গাফিলতি কৰক। নিজ দেশৰে যুৱকক পক্ষাঘাতগ্ৰস্ত নকৰক।

শিল্প-সাহিত্য আৰু সংস্কৃতি ভাল মানুহৰ বস্তুৱেই নহয়। সৃষ্টিশীলতা কাক কয়? Violationঅতেই সৃষ্টিশীলতাৰ চাবিকাঠি। কিবা এটা ভংগ হ'ব লাগিব। পূৰ্বাপৰ পদ্ধতি এটা উল্লংঘন হ'ব লাগিব। ব্যতিক্ৰম ঘটিব লাগিব, অতিক্ৰমণ অথবা অৱমাননা কেনেবাকৈ লাগিবই। নহ'লে সৃষ্টি কেনেকৈ হ'ব? একেটা ছন্দত গৈ থাকিলে সংগীত নহয়, তাক কোৱা হ'ব মেট্ৰ'ন'ম। ছন্দটো অতিক্ৰমণ হ'লেহে সংগীত। ভাড়ালৈ দিবলৈ থোৱা ঘৰ এটাৰ সন্মুখত “To Let” বুলি লিখি থোৱা আছে। অঘাইতং এটাই দেখা পাই তাৰ মাজতে “I” আখৰটো লগাই দিলেগৈ। “To Let”-টো গৈ হৈ থাকিলগৈ “Toilet”। ইয়াতকৈ ভালকৈ আৰু আনভাৱে সৃষ্টিশীল মনৰ কথা আমি ক'ব নোৱাৰিম। কিবা এটা দেখিবলৈ ধুনীয়া কৰি দিয়াটো শিল্প নহয়। এটা প্ৰশ্ন অথবা এটা কৌতূহলৰ উদ্ৰেক কৰাটোহে শিল্প। প্ৰশ্ন কৰিবলৈ নিশিকা ভাল মানুহবোৰ নোহোৱা হওক - এয়ে অশুভ কামনা। অন্যথা বেৰত আৰু বাতামত ৰং সনাজনেই শিল্পী হ'লহেঁতেন, বেলেগে আকৌ চিত্ৰকৰ কিয় লাগিছিল? সূৰ্যাস্ত দেখোন এনেয়েও ধুনীয়া। তাকে আকৌ চিত্ৰায়িত কৰিবৰ প্ৰয়োজন কোনখিনিত আছিল যদিহে সি কিবা এটা ভাবনাৰ উন্মেষ ঘটাব নোৱাৰে? আৰু এইখিনি ভাল মানুহে কৰিব নোৱাৰে। তাৰ বাবে বেয়া মানুহ লাগিব। অসম দেশৰ সমস্যা সেইখিনিতেই যে দিনক দিনে ভাল মানুহৰ সংখ্যা ইয়াত বাঢ়ি আহিছে। যৌনতাৰ কথা আজি আৰু কোনেও নাপাতে। সকলো ভাল। অশুভ কামনা এয়ে যে 'ফাগুনৰ পছোৱা', 'কপৌফুল' আৰু 'শাৰদী জোনাক'ৰ ভাল কথাবোৰৰ বাদেও বেয়া কথা বুলি নিলগাই থোৱাখিনি লিখিবলৈকো এচাম বেয়া লেখক আগ বাঢ়ি আহক। পৰম পূজ্য পূৰ্বজ কবিকূলে দি থৈ যোৱা কাব্য ভাষা ব্যতিৰেকে কোনেও আৰু অন্য ভাষাৰে কবিতা নিলিখে। গোটেই জীৱন গুৱাহাটীৰ চিটিবাছৰ মানুহৰ গেলা ঘামৰ গোন্ধ লৈ পাৰ কৰিলেও লিখিবৰ সময়ত কিন্তু শইচ, পথাৰ, ধানেই কৰি থাকিব। প্ৰদূষিত মুম্বাই, দিল্লীৰ শ্বাসৰুদ্ধ গলিত ভাড়াতীয়া হৈ থাকিও গায়ক যদি অসমীয়া হয় তেনেহ'লে 'জোনাকী ৰাতি', 'বুকুৰ বেদনা', নহ'লেবা 'পাহাৰ বগাই কপৌ ফুল আনি দিয়া' গানেই গাব লাগিব। কাৰণ যে তেওঁলোক ভাল। কাৰণ যে তেওঁলোকে 'মাটিৰ গোন্ধ' থকা কথা লিখে। কাৰণ যে তেওঁলোক 'সমাজ-দায়বদ্ধ'। সেয়েহে এই ক্ষণত আৰু এটা অশুভ কামনা কৰিছোঁ - অসমৰ সাহিত্যৰ জগতখনৰপৰা যাতে 'মাটিৰ গোন্ধ' আৰু 'সামাজিক দায়বদ্ধতা' এই নতুন বছৰটোতেই আঁতৰি যায়।

হাৰমনিয়াম আৰু তবলা লৈ যে জ্যোতিসংগীত গায়, সেইখিনি ভাল মানুহ। খটাসুৰ জ্যোতিপ্ৰসাদে দেখোন অৰ্গেন বজাইছিল বুলি শুনিবলৈ পাওঁ। এফালে আইনামৰ সুৰ আৰু আনফালে অৰ্কেষ্ট্ৰা শুনিবলৈ পাওঁ। ৰিমিক্স/ক'ভাৰ/কাৰাঅ'কে কি কৰিছিল ১৪ বছৰ বয়সত? প্ৰায় এটা শতিকাৰ ব্যৱধান। ধেমালি নহয়। আজিৰ তাৰিখত সি সন্মুখত থকা হ'লে কি যে কৰিলেহেঁতেন! লুইতৰ বানক হুংকাৰ দিয়া, অটোৰিক্সা চলোৱা সংগ্ৰামী যুৱক, ছায়াঘন সৰলৰ পাতৰ মাজত প্ৰেম কৰা অদম্য প্ৰেমিক জয়ন্তৰ কথা আপোনালোকেতো জানেই। বলিয়া ভূপেনৰ কথা নকৱেঁই। মৰালৈকে গতি নালাগিল। ডাঙৰ হ'বলৈ নিশিকিলেই। আমিবোৰ কেনেকৈ যে ডাঙৰ হৈ গ'লোঁ! আমাক আৰু এচাম উদণ্ড ডেকা ল'ৰা লাগে। গুৰু-গোঁসাই নমনা, জাত-পাত নমনা - 'নতুন পুৰুষ' লাগে। তেনেহ'লে সেই অৰ্কেষ্ট্ৰাক মাথামুণ্ড নোহোৱা কৰি পেলোৱা সেই ভাল সংগীত শিল্পীবোৰ আৰু নালাগে। জ্যোতিসংগীতৰ আঁৰৰ সেই অঘাইটং জ্যোতি নামৰ চেঙেলীয়া ল'ৰাটোকো লাগে।

কনকলতা, মূলাগাভৰুৰ কথা কৈ জাতীয় প্ৰেমেৰে গদ গদ হৈ থকা নাৰীতকৈ আজিও কিয় ৰাজনৈতিক বা মতাদৰ্শগত স্থিতি গ্ৰহণৰ ক্ষেত্ৰত অসমীয়া নাৰীকণ্ঠ থৰক-বৰক, তাক প্ৰশ্ন কৰা বেয়া ছোৱালীবোৰে মূৰ দাঙি উঠক। সাংস্কৃতিক মণ্ডপত ছোৱালীয়ে চাদৰ-মেখেলা পিন্ধিব লাগে বুলি সংস্কৃতিৰ ধ্বজাবাহী নাৰীৰ বিপৰীতে জিলিকা-মিলিকা লাইটেৰে ভৰা ৰক আৰু পপ সামগ্ৰীৰে উপচি থকা এটা পৰিবেশত সেই একেসাজ কাপোৰ অশোভনীয় বুলি ক'ব পৰা 'সংস্কৃতি-বিৰোধী' একোজন আগ বাঢ়ি আহক। এয়ে অশুভ কামনা।

বেজবৰুৱা অসমীয়া ছুটিগল্পৰ জনক বুলি কৈয়ো তেওঁ গল্প আৰু সাধুৰ মাজত বিভাজন ঠাৱৰ কৰিব পৰা নাছিল বুলি কৈ, জ্যোতিপ্ৰসাদে সংখ্যাত কমকৈ গল্প লিখিলেও সেয়া অসমীয়া ভাষাৰ উৎকৃষ্ট গল্প নহয় বুলি কৈ, নিৰ্ধাৰিত ধূতি-নীতিৰ আঁতৰত অন্যধৰণৰ সৃজনীমূলক লেখাৰ উন্মেষ ঘটাৰ গোটেই বাটটোৰেই মুদা মাৰি থোৱা অসমীয়া সাহিত্যৰ পণ্ডিতসকল নিপাতে যাওক। এয়ে অশুভ কামনা।

ধুনীয়া ফুল এপাহ দেখি ধুনীয়াকৈ অঁকা শিল্পী আমাক নালাগে, যদিহে তাত বগাই থকা কুমজেলেকুৱাটো তেওঁ নেদেখে। তেনেকুৱা শিল্পী নালাগে যি কেৱল কাগজতহে আঁকে, দেৱালখন লেতেৰা হোৱাৰ ভয়ত দেৱালত ছবি নাআঁকে। আভিজাত্যৰে থিয় দি থকা পৰিষ্কাৰ হৈ থকা দেৱালবোৰ লেতেৰা হওক - এই বছৰৰ অশুভ কামনা এয়ে।

তথ্য-প্ৰযুক্তিৰ বিপুল সম্প্ৰসাৰণৰ এই বিশ্বত সকলোৱে সকলো কথা জানি পেলাইছে। উচিত-অনুচিতৰ বিচাৰত সকলোৱে নিজৰ সিদ্ধান্তত অটল হৈ পৰিছে। সংসাৰৰ একো আওভাও নোপোৱা এচাম অবোধ বালক জাগ্ৰত হওক। এয়ে অশুভ কামনা। সিদ্ধান্তত বিচলিত মানুহ লাগে আমাক। যি কিবা এটা সন্ধান কৰি গৈ থাকি কিবা এটা আৱিষ্কাৰ কৰি পেলাব। কোনো ব্যৱহাৰিক দিশ নথকা গৱেষণাপত্ৰৰ লাইব্ৰেৰিত জুই লাগক। এয়ে অশুভ কামনা।

উঠিবলৈ ক'লে উঠা, বহিবলৈ ক'লে বহা, শাৰী পাতিবলৈ ক'লে শাৰী পাতি থকা ভাল মানুহ দেখিলোঁ। এইবাৰ অলপ অবাধ্য মানুহ লাগে। ভাল দিনৰ কামনা কৰি আগৰবোৰ বছৰ গ'ল। এইবেলি বেয়া দিনৰেই কামনা হওকচোন। হওকচোন বাৰু। শুভ কামনাৰ জোৰ দেখিলোঁ ইমান বছৰে। এইবেলি অশুভ কামনাৰেই জোৰ দেখা যাওক।

প'লিটিকেলি কাৰেক্ট হ'বৰ বাধ্যবাধকতাৰ বিপৰীতে পলিটিকেলি ইনকাৰেক্ট কথা-বতৰাৰ বাবেও বেয়া ল'ছালিহঁতে সাহস কৰি আগ বাঢ়ি আহক।
ছেন্সেৰে ভৰপূৰ হৈ উঠা এইখন বিশ্বত এতিয়া অলপ ননছেন্স লাগে।

অশুভ কামনা এয়েই।

Share Button
Print Friendly, PDF & Email

No Comments : "নতুন বছৰৰ অশুভ-কামনা - (সমুদ্ৰ কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *