গল্প-কবিতা

নিউটন (সাগৰ সৌৰভ)

নিউটনে কবিতা লিখে
কবিতাই লিখি থাকে নিউটনক

ৰঙা গাউন এটা পিন্ধি
বাৰন্দাত চিগাৰেট হুঁপি থাকোঁতে
গছৰপৰা আপেল নহয়, তামোল এটা সৰি পৰে
তামোলৰ পাকটোতে কিমান জুতি …
শীতলীৰ শীতল দেহত তেওঁ দেখিছে

কিবা এক অভিমানত ক্ৰমশঃ চেঁচা হ’বলৈ ধৰা
চাহকাপলৈ তেওঁ ভেবা লাগি চাই থাকে
ধোঁৱাবোৰ ওপৰলৈ উৰি যোৱাৰ আঘাততে
চাহকাপ নিথৰ হৈ পৰে
আৰু সমবেদনাৰে ধোঁৱাবোৰো ক’ৰবাত লুকাই যাব খোজে

মাধ্যাকৰ্ষণিক বল এটাই
নিউটনক একেৰাহে নিজৰ ভিতৰলৈ টানি থাকিব খুজিলেও
বেলেগ এটা কথাইহে তেওঁৰ মনটোক ধৰি ৰাখে
ৰাতিলৈ চাৰিজন মানুহ আহিব
চাৰিটা বিষয় আলোচনা কৰিব
মদৰ টেবুলত কোনে সুধিব – আজি নিশা বাতৰিত কিমান মানুহ মৰিল …??

একমাত্ৰ জীয়াৰীৰ বাবে
চৰকাৰী চাকৰি এটাৰ কথা ভাবি ভাবি
আগফালৰ বাৰীখন চফা কৰি থাকোঁতে
ৰাস্তাটোত দ’ম কৰা জাবৰখিনি দেখি
থোপাথোপে ফুলি থকা ফুলবোৰে
তেওঁলৈ পোন্দোৱাকৈ চায়
ফুলি উঠা শেৱালিও হেনো নোগোন্ধায়

একে সময়তে বজাৰৰপৰা উলটি অহা
সৰুকণৰ চাইকেলখন
তেওঁৰ পদূলিৰ নলাত আহি সোমায়হি
ঢলং-পলং সৰুকণৰ নাচনী খোজকেইটাই
দুৰ্যোধনৰ ভাও দিব খোজোতেই
হঠাৎ কাৰেন্ট যায়
অন্ধকাৰ …
আকাশ খহি পৰাৰ দৰে
ভিতৰৰপৰা ঘৈণীয়েকৰ একেচীয়া ভোৰভোৰণিটো
কাণখনত বাজি উঠাৰ পিছ মুহূৰ্ততে
গেলেন এটা হাতত লৈ মহাজনৰ দোকানৰ ফালে তেওঁ লৰ মাৰে

সন্ধিয়াটোৰ সুযোগ লৈ
চাৰিআলিৰ ল’ৰাবোৰে
নিৰঞ্জন মাষ্টৰক নিউটন বুলি জোকায় …

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *