অনুবাদকবিতা

নীৰেন্দ্রনাথ চক্রবর্তীৰ দুটা কবিতা (অনুবাদ: কৌশিক দাস)

(মূল : “সূর্যাস্তের পর”)

বেলি ডুব যোৱাৰ পাছত

হাঁহিৰ কোবত সিহঁতৰ মুখৰ ছালবোৰ কোঁচ খাই গ’ল,
গালৰ মঙহ কঁপিবলৈ ধৰিলে,
বাঁও চকু টিপিয়াই, সোঁহাতৰ আঙুলি ফুটাই
সিহঁতে ক’লে
“শত্রুবোৰ নিপাত যাওক।”

মই দেখিলোঁ, দূৰ দিগন্তৰ পৰা বগুৱা বাই বাই
ঠিক এটা চিকাৰী জন্তুৰ নিচিনাকৈ
ৰাতিটো আগুৱাই আহিছে।
মই ক’লো, “ৰাতি হ’ল।”
সিহঁতে ক’লে, “হওক।”
ক’লোঁ, “ৰাতিটোক দেখোন এটা জন্তুৰ নিচিনা লাগিছে।”
সিহঁতে ক’লে, “ৰাতিটো এটা জন্তুৱেই।
আমি এতিয়া উলংগ হৈ
সেই জন্তুটোৰেই পূজাত বহিম।
তুমি যোৱা ফুল আনিবলৈ”।

মই ওলালোঁ ফুল আনিবলৈ।
পাছৰ পৰা মোক মাতিলে সিহঁতে।
ক’লে, “ফুলবিলাকৰ ডিঙি মুচৰি লৈ আহিবা”।

(মূল:- “অমলকান্তি”)
অমলকান্তি
*********
অমলকান্তি মোৰ বন্ধু,
ইস্কুলত আমি একেলগে প‌ঢ়িছিলোঁ।
সদায় পলমকৈ ক্লাছলৈ আহিছিল, প‌ঢ়া নোৱাৰিছিল,
শব্দৰূপৰ কথা সুধিলে
এনেকুৱাকৈ অবাক হৈ খিৰিকিৰ ফালে চাই থাকিছিল যে,
দেখি বৰ কষ্ট হৈছিল আমাৰ।

আমি কোনোবা শিক্ষক হ’বলৈ বিচাৰিছিলোঁ, কোনোবা ডাক্টৰ, কোনোবা উকীল।
অমলকান্তিয়ে সেইবোৰ একো হ’বলৈ বিচৰা নাছিল।
সি ৰ’দ হ’বলৈ বিচাৰিছিল !
শেষ বাৰিষাৰ মুনিচুনি বেলিকাৰ সেই লাজুকী ৰ’দ,
ক’লা জামু আৰু বগী জামুৰ পাতত
যি নেকি অকণমাণি হাঁহিৰ দৰে লাগি থাকে।

আমি কোনোবা শিক্ষক হৈছোঁ, কোনোবা ডাক্টৰ, কোনোবা উকীল।
অমলকান্তি ৰ’দ হ’ব নোৱাৰিলে।
সি এতিয়া অন্ধকাৰ এটা ছপাশালত কাম কৰে।
মাজে মাজে মোৰ সৈতে দেখা কৰিবলৈ আহে ;
চাহ খায়, ইটো-সিটো কথা কয়, তাৰ পাছত কয়, “আহোঁ দিয়া।”
মই তাক পদূলিলৈকে আগ ব‌ঢ়াই দিওঁ।

আমাৰ মাজৰ যিয়ে এতিয়া শিক্ষকতা কৰে,
সহজেই তেওঁ ডাক্টৰ হ’ব পাৰিলেহেঁতেন ,
যি ডাক্টৰ হ’ব বিচাৰিছিল,
উকীল হ’লে তেওঁৰ ইমান একো ক্ষতি নহ’লেহেঁতেন।
অথচ, সকলোৰেই ইচ্ছা পূৰণ হ’ল, বাদ পৰিল মাথোঁ অমলকান্তি।
অমলকান্তি ৰ’দ হ’ব নোৱাৰিলে।
সেই অমলকান্তি–ৰ’দৰ কথা ভাবোঁতে ভাবোঁতে
ভাবোঁতে ভাবোঁতে
যি এদিন ৰ’দ হ’ব খুজিছিল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *