নিৰুদ্দেশ- (দেৱজিৎ শৰ্মা)

ময়ো এদিন নোহোৱা হৈ যাম,
ভিৰৰ মাজত
নোপোৱা সমীকৰণ এটাৰ সোঁতত।
যিদৰে হেৰাই গ'ল অৱনী চক্ৰবৰ্তী
আহিম বুলি কথা দিয়া
কবিৰঞ্জন
অথবা পৰাগ দাস
এই সময় মোৰ নহয়,
একেবাৰে অচিনাকি ,
হাঁহি আছো, উদযাপন কৰি আছো
পৰাজয়ক
আজন্ম মৃত্যুক।
নিজৰে শৱটো কঢ়িয়াই
এতিয়া মই ভাগৰুৱা
জীৱনক কিমান ভাল পালে
হ'ব পাৰি বীৰুবালা ৰাভা,
নীলপৱন বৰুৱা
মই নাজানো।
বৃত্ত এটাৰ মাজত
জীৱনৰ উপমা এটা
বিচাৰি বিচাৰি এতিয়া
খেপিয়াই ফুৰিছোঁ
সকলো পাহৰি যোৱাৰ
উপপাদ্য।

Share Button
Print Friendly, PDF & Email

No Comments : "নিৰুদ্দেশ- (দেৱজিৎ শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *