নমস্য (কুলেন দাস)

মই তোমাৰ নৰকৰ সুঁতি এটা
বোৱাই লৈছোঁ মোৰ পিনে

এটা পৈশাচিক চিঞৰ
লেলাউটি বোৱাই গজি উঠিছে
মোৰ কণ্ঠত

অটব্য ক’লা পিটনিত
শামুক ভঙাৰ দীঘল ঠোঁট
শামুকেহে জানে শামুক ভঙাৰ কিমান জোৰ

 

তাৰ পাছত
পানীৰ তলত ৰ’দৰ শিকলি পিন্ধি
শুহি আছিলোঁ তোমাক

সেই নদীৰ নিৰৱধি মাত
তোমাৰ পৰাই প্ৰথম সোমাইছিল মোত ……

.......যেন এটা সাৱলীল বিস্ফোৰণ
সৃষ্টি হ’ল নক্ষত্ৰ
আৰু
এখন নৰক

চকু নোহোৱা এই এজাক মুখ
নাড়ী নোহোৱা এই এজাক শৰীৰ

বৰজাপি পিন্ধিলৈ চিঞৰে তোমাক – নৰক….নৰক
অথচ সেই নৰকতে জন্ম সিহঁতৰ
সি কি স্পৰ্ধাৰ নিৰ্লজ্জ প্রকাশ

মই সেই নৰকৰে সুঁতি এটা
বোৱাই লৈছোঁ মোৰ পিনে

জানোচা মাটি খামুচি মই আকৌ
বাঢ়ি আহোঁ সৰগলৈ ক্রমাৎv

Share Button
Print Friendly, PDF & Email

No Comments : "নমস্য (কুলেন দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *