নৰক (উপাসনা কৃষ্ণাত্রেয়)

মই জানোঁ যে মই এখন নৰকৰ পৰা আনখন নৰকলৈ গৈ আছোঁ৷ বহুতেই কয় পৃথিৱীখনো হেনো নৰক৷ কিন্তু মোৰ চৌপাশখন যাক মই এতিয়া নৰক বুলি ভাবিবলৈ লৈছোঁ, ই আগতে নৰক নাছিল৷ কিন্তু আটাইৰে জীৱনলে এনে সময় আহে যেতিয়া আমি নৰকত বসবাস কৰিবলগীয়া হয়৷ এই ল'ৰাজন, কেঁকোৰা চুলিৰে চকু তিৰবিৰাই থকা ল'ৰাজন, এইজনো নৰক যাত্ৰাৰ পথৰ যাত্ৰী৷ আমি দুয়ো নৰকৰ যাত্ৰী বাবেই হয়তো আমাৰ মাজত এক সম্পৰ্ক গঢ়ি উঠিছে৷ এই যে মই ইচাট-বিচাটকৈ অনিৰুদ্ধৰ বাবে অপেক্ষা কৰিছোঁ, অপেক্ষা কৰিছোঁ যদিও, পলম হৈ আছে যদিও, এই গোটেই প্ৰক্ৰিয়াটোৱে যে মোৰ অন্তৰত এক আশাৰ ৰেঙণি জগাই ৰাখিছে৷

নিয়ন লাইটৰ পোহৰ, চিপচিপীয়া বৰষুণজাক, বৰষুণজাক ভয় কৰি দোকান, ৰেষ্টোৰাঁ আদিবোৰৰ বাৰান্দালৈ সোমাই অহা মানুহবোৰ! এই মানুহবোৰ আৰু কেঁকোৰা চুলিৰ ল'ৰাটোৰ মাজত বৃহৎ তফাৎ! আমি দুয়ো নৰকপথৰ যাত্ৰী৷ তাৰ নৰকৰ অনুমান মোৰ নাই৷ মোৰ নৰকৰ বিষয়ে বৰ বেছি স্পষ্ট ধাৰণা মোৰ নাই৷ ইজনৰ নৰক সিজনৰ পৰা ভিন্ন হয় হেনো৷

চিপচিপীয়া বৰষুণজাক, নিয়ন লাইটৰ পোহৰ, অনিৰুদ্ধৰ বাবে অপেক্ষা— সাতে পাঁচে মিলি এয়া সৰগ আছিল৷ মানুহে কয় নৰক হেনো প্ৰথম দৃষ্টিত দেখিবলৈ সৰগ যেন৷ কেঁকোৰা চুলিৰ ল'ৰাটোৰ দুচকুত তিৰবিৰণি৷

আমি দুয়ো ৰৈ আছিলো দ্বাৰ খোলাৰ সংকেট পাবলৈ৷ অনিৰুদ্ধই পলম কৰিছিল৷ কেঁকোৰা চুলিৰ ল'ৰাজনেও অপেক্ষা কৰি থকা বান্ধৱ/বান্ধৱীগৰাকী পলম কৰিব যেন লাগিল৷ নৰকৰ দ্বাৰখন হেনো আটায়ে দেখি নাপায়৷ আমি দুয়ো যোৱাটো নিশ্চিত আছিল৷ মোৰ ঢেৰ চিন্তা হৈছিল, অনিৰুদ্ধ আহি নাপালে তাক এৰি যাম নে নাই৷ সি যাম বুলি কৈছে যদিও মোৰ ইমান দৃঢ় বিশ্বাস নাছিল৷ কেঁকোৰা চুলিৰ ল'ৰাকো চিন্তিত যেন দেখা গৈছিল৷

আমি দুয়ো অৰ্থাৎ কেঁকোৰা চুলিৰ ল'ৰাজন আৰু মই ম'ম' খাবলৈ সোমালোঁ৷ ইতিমধ্যে নৰকলৈ যাম নে নাযাম বুলি মই দ্বিধাবোধত পৰিছিলোঁ৷ ল'ৰাজনকো দ্বিধাত থকা যেন দেখা হৈছিল৷ অপেক্ষা কৰি কৰি আমনি লগাত আমি জে 14ত ম'ম' খাবলৈ সোমালোঁ৷ জে 14ত আজিকালি প'ৰ্ক ম'ম' নবনায়৷ সেয়ে চিকেন ম'ম' খাবলগীয়া হ'ল৷

অনিৰুদ্ধলৈ ফোন লগালোঁ- নট ৰিচ্চেবল হেনো৷

কেঁকোৰা চুলিৰ ল'ৰাক নাম সুধিলত ক'লে বকুল হেনো তাৰ নাম৷ ময়ো কলোঁ মোৰ নাম জবা৷

দৰাচলতে আমি দুয়ো নিজৰ নাম দুটা ভুলকৈ কৈছিলোঁ৷

ফুলৰ নাম থব পৰাকে মই ইমান জীৱনমুখী কেতিয়াও নহয়, সি হে বকুল বুলি কওতে ফটকে কি বুলি নো কওঁ ভাবি থাকোঁতে সৰুতে অতি সাধাৰণ ফুল বুলি আওকাণ কৰা অথচ পিছত বাহিৰলৈ গৈ যেতিয়া জবা কেলেই সাধাৰণ ঘাঁহবন দুডাল মান নেদেখি নেদেখি মনটো বিষণ্ণ হৈ পৰা সময়ত অতি মৰমৰ বুলি বোধ হোৱা জবাৰ নামটো ওলাল৷ পিক্লুদাহঁতৰ আলহী ছোৱালী এজনীৰ নাম আছিল জবা৷ তাই সিহঁতৰ ঘৰলৈ আহিছিল কেতিয়াবা মাকৰ লগত৷ তাই আহিলে পিক্লুদা আমাৰ লগত নেখেলিছিল, সেয়ে আমি তাইক ভাল নাপাইছিলোঁ, বেয়া পাইছিলো বুলিও কব নোৱাৰি....হয়তো সেয়া ঈৰ্ষা আছিল৷

মই আৰু বকুলে কথা পাতিবলৈ লৈছিলোঁ৷ ক’ত থাকা, কি কৰা জাতীয় কথাবোৰ যিমান পাৰি এৰাই চলিবলৈ দুয়ো যত্ন কৰিছিলোঁ৷ আমাৰ সময়টোৱেই এনেকুৱা....সঁচা অৰ্থৰ ট্ৰেজেডী বুলিবলৈ বিশেষ একো নাই আমাৰ প্ৰজন্মৰ জীৱনবোৰত৷ ট্ৰেজেডী নাথাকিলে কাহিনীও নাথাকে৷ সেয়ে আমি ট্ৰেজেডী কৃত্ৰিমভাৱে তৈয়াৰ কৰোঁ৷ সৰহভাগ অৱশ্যে তথাকথিত সমাজখনে তৈয়াৰ কৰি থয়েই, পিছে তাৰ আধাৰত আধা জীৱন যোৱা পিছতহে বুজি উঠা যায়— আমাক ইমানদিনে মূৰ্খ বনাই আছিল আটায়ে মিলি আৰু নতুন ট্ৰেজেডী নিজে গঢ়িবলৈ আৰম্ভ কৰোঁ৷

কিন্তু বকুলৰ সঁচাকৈয়ে ট্ৰেজেডী আছে জীৱনত৷ তাৰ আগৰ প্ৰেমিকাগৰাকীৰ মৃত্যু হৈছে৷ নাগা ছোৱালী আছিল তাই৷ সিহঁত দিল্লীত একেলগে আছিল৷ তাতেই ডেংগুত ভুগি মৃত্যু হয় তাইৰ৷ দুদিন পৰি আছিল বিছনাত, মাক-বাপেক, বকুল কোনো গৈ নাপালে়৷ বকুল তেতিয়া মুম্বাইত আছিল৷ দৰাচলতে আটায়ে সাধাৰণ জ্বৰ বুলি ভাবি আছিল৷
বকুলে তেতিয়াও নাজানে যে আচাংলাক ময়ো জানোঁ৷ আচাংলাৰ মৃত্যুত নীলাঞ্জনা দুদিনমান ভাত পানী খোৱা নাছিল৷ নীলাঞ্জনাৰ মুখতেই শুনিছিলোঁ তাইৰ বয়ফ্ৰেণ্ড অসমীয়া, দুয়ো লিভইনত থাকে, কিন্তু সিহঁতৰ মাজত শাৰীৰিক সম্পৰ্ক নাই কাৰণ তাই কেথ'লিক খ্ৰীষ্টিয়ান৷ আমি আচৰিত গৈছিলো কেথ'লিক খ্ৰীষ্টিয়ান বোৰ ইমান ৰক্ষণশীল!!
ম'ম' খোৱা হৈছিল আমাৰ৷ জে 14ৰ পৰা ওলাই আহি আমাৰ ঈপ্সিত বান্ধৱ/ বান্ধৱীসকলক নেদেখি আমি কি কৰিম কি নকৰিম ভাবি আছিলোঁ৷ বকুল আৰু মোৰ দুয়োৰে চিপচিপীয়া বৰষুণত খোজ কঢ়াত আপত্তি নাছিল৷ মহানগৰীৰ সন্ধিয়া, গাড়ীবোৰ অহা যোৱা কৰি আছিল, বৰষুণৰ টোপালবোৰ অলৌকিক যেন লাগিছিল গাড়ীৰ হেডলাইটৰ পোহৰ পৰি৷ আচাংলাৰ কথা পাতিবৰে পৰা বকুলৰ চকুৰ তিৰবিৰণি গুচি বিষণ্ণতাই ছানি ধৰিছিল৷

: ইয়াৰ পিছতো জানোঁ নৰক বিচৰাৰ প্ৰয়োজন আছিল?

: আটায়ে কিবা নহয় কিবা বিচাৰি থাকে অহৰহ....

কিছুপৰ পাতিবলৈ একো কথা নথকাত দেৱাল লিখন পঢ়ি পঢ়ি গৈ আছিলোঁ দুয়ো৷ দেৱাল লিখনৰ মূল ভাবসমূহ আগতকৈ ভিন্ন হ'ল৷ আমি 'তেজ দিম তেল নিদিওঁ', 'থলুৱাৰ সুৰক্ষা', নতুবা ‘অমুক তাৰিখে চকা বন্ধ’, ‘অসম বন্ধ সফল কৰক’ ইত্যাদি ইত্যাদি পঢ়ি ডাঙৰ হৈছোঁ৷ এবাৰ স্কুলৰ পৰা ঘৰ গৈ থাকোঁতে সদায় দেখি থকা দেৱাল লিখন এশাৰীয়ে মনত অহেতুক উদ্ৰেক ঘটালে- 'ৰাভা হাছং লাগিবই', ৰাভা বাৰু বুজিলোঁ পিছে হাছং মানে কি? মই লগৰ কিজনীকো সুধিলোঁ....ৰাস্তাৰে কথা পাতি গৈছিলোঁ, কোনোবাই শুনি থাকিব পাৰে বুলি এবাৰো ভবা নাছিলোঁ— স্কুলৰ ওচৰৰ ক্লাবঘৰটোৰ পৰা কোনোবা ল'ৰা এটাই চিঞৰিলে, হ’ব ভণ্টি ইমান সৰুতে এইবোৰ নাজানিলেও হ’ব...এইবুলি লগৰজনক কৈ হাঁহিলে৷ ক্লাবঘৰটো পিছলৈহে বুজিছিলোঁ ক্লাবঘৰ বুলি, আগতে আছুৰ অফিচ বুলিয়ে ভাবিছিলোঁ৷ তাত থকা ল'ৰাকেইটাই মূলতঃ আছুৰ সদস্য আছিল নে আছুৰ সদস্যকেইজনৰ সেয়া আড্ডাস্থলী আছিল সেয়া নাজানিলোঁ আজিকোপতি৷ সেই ঠাই কাহানিবাই এৰিলোঁ আমি৷ হাছঙৰ অৰ্থও বুজি পালোঁ দুদিনমান পিছতেই৷ বড়োলেণ্ডৰ আশে-পাশে জড়িত আন্দোলন, বন্ধ আদিবোৰৰ পৰা বুজি পাইছিলোঁ হাছং বিচৰাসকলৰ কথাটো৷ আমাৰ শ্ৰেণীত এজনী ৰাভা ছোৱালী আৰু এটা বড়ো ল'ৰা আছিল৷ তেতিয়া মনে মনে খুউব অসহায় যেন লাগিছিল ৰীমা আৰু অভিনৱে মানে আমাৰ সৈতে থাকিব নিবিচাৰে!

: এতিয়াতো তুমি মেচিউৰড, এতিয়াও এনেদৰেই ভাবা নে?

: নাভাবোঁ, এতিয়া ইতিহাস, সূত্ৰ, তত্ত্ব, ৰাজনীতি ইত্যাদি পঢ়ি কথাবোৰ হয়তো নিৰপেক্ষভাৱে বিশ্লেষণ কৰিব পৰা হৈছোঁ, কিন্তু কৰবাত সূত্ৰ, তত্ত্ব, লজিকৰ সিপাৰে এখন জগত আছে.....য'ত মোৰ এতিয়াও অসহায় বোধ হয়!

আমি আজিকালিৰ দেৱালৰ লিখন পঢ়ি পঢ়ি আহি আছিলোঁ, আজিকালিৰ দেৱালৰ লিখন সলনি হৈছে, যেনে ‘অসমীয়া চিনেমাৰ সুদিন ঘূৰি আহিব এইখন ছবিৰে’ বুলি লিখা থকা অসমীয়া চিনেমাৰ পোষ্টাৰ অথবা বিভিন্ন জনজাতিৰ নৃত্য-ভংগীমাৰ চিত্ৰশিল্প৷
: তোমাৰ বাৰু কেতিয়াবা এই কাৰবাৰটো মানে বিভিন্ন জনজাতিৰ পোছাক, নৃত্য, সংগীতক লৈ অত্যুৎসাহ দেখুৱাটো ভীষণ পলিটিকেলি কাৰেক্ট কাৰবাৰ যেন নালাগেনে অথবা কিবা প্ৰায়চিত্ত কৰা ধৰণৰ কাৰবাৰ যেন?
বকুল ল'ৰাটো দেখাত যিমান চটফটীয়া উপৰুৱা যেন, দৰাচলতে সি তেনে নহয় যেন ভাৱ হ'ল হঠাতে৷ তাৰ দুচকুত তিৰবিৰণি, বিষণ্ণতাৰ পিছত এতিয়া গম্ভীৰ কিবা এটাই ঠাই লৈছে৷ তাৰ কথা শুনি অলপপৰ বিবুধিত পৰিলোঁ, সি কোৱা কথাষাৰ সম্পূৰ্ণ নহলেও আংশিকভাৱে সঁচা৷

: ময়ো ভাল পাওঁ, আৰু তুমি কোৱা কথাষাৰো মোৰ মনলৈ আহে কেতিয়াবা, আৰু প্ৰশ্নটোৰ মই দূৰলৈ খেদি পঠিয়াও৷ কিন্তু এষাৰ কথা— আমাৰ ভাল লগা বেয়া লগাবোৰো জানোঁ বাহিৰৰ পৃথিৱীখনৰ দ্বাৰা প্ৰভাৱিত নহয়নে? যেনে ধৰা ফেশ্বন শ্ব'বোৰৰ এথনিক ৰাউণ্ডত জনজাতীয় পোছাকসমূহ দেখিয়ে আমিবোৰ পৰোক্ষভাৱে প্ৰভাৱিত হৈছোঁ, নহয় জানো?

বকুল আৰু মই কথা পাতি পাতি পাহৰি গৈছিলোঁ আমি যে নৰক পথৰ যাত্ৰী৷ খোজ কা‌ঢ়ি কাঢ়ি আমি ফ্লাই-অভাৰখন পাইছিলোঁ৷ বকুলে গুণগুনাই আহিছিল কিবা৷ সুধিলোঁ কি গান নো৷

: প্ৰতীক কুহাড় বুলি আছে এজন, প'প গায়- হিন্দী ইংৰাজী দুয়োটা ভাষাতেই, তাকো সৰহভাগ গানতেই এক'ষ্টিক গীতাৰখনেই একমাত্ৰ বাদ্য৷

: অ'হ! শুনিব লাগিব৷

এনেতে অনিৰুদ্ধৰ ফোন আহে৷ সি মোৰ বাবে অপেক্ষা কৰি আছিল জে 14ৰ সন্মুখত৷ নৰকযাত্ৰাৰ অভিলাষ, অভিযানৰ উৎকণ্ঠা যিয়েই নকওঁ কিয় সিমানতেই সামৰিবলগীয়া হ'ল৷

বকুল আৰু মই ইজনে সিজনৰ পৰা বিদায় ললোঁ৷

ছমাহৰ পিছত:

সিদিনা নৰক যাত্ৰাৰ সন্ধিয়াটো আপাতঃদৃষ্টিত অতি সাধাৰণ আছিল৷ অনিৰুদ্ধক বকুলৰ কথা কৈছিলোঁ৷ আচাংলাৰ কথাটো সি জানে৷ মই প্ৰতীক কুহাড়ৰ গান বিচাৰি বিচাৰি শুনিবলৈ লৈছিলোঁ৷ আৰু এইটো কাম মই সচেতনভাৱে কৰা নাছিলোঁ৷ মনৰ ভিতৰৰ কোনোবা এটা তৰপৰ পৰা যেন নিৰ্দেশ/অনুৰোধ আহিছিল৷ 'য়েহ পল' বুলি গানটো অৰ্থাৎ বকুলে যিটো গাই আছিল, সেইটো মোৰ বিশেষভাৱে প্ৰিয় হৈ পৰিছিল— চহৰৰ গলিৰে আমি গুণগুনাই গৈ থাকোঁ.....ঠিক যেন আমাৰ সিদিনাৰ সন্ধিয়াটোৰহে বৰ্ণনা! 'এইখন কেনেকুৱানো খেল, য'ত আমি ফঁচি গলোঁ৷' অথবা 'এই ৰাগিয়াল নিশা, তৰাবোৰো আছে আমাৰেই সতে'৷

যোৱা ছমাহে গানটো হয়তো প্ৰতিদিনেই শুনিছোঁ৷ এনেকৈয়ে মই প্ৰতিদিনেই সেই সন্ধিয়াটোলৈ উভটি যাওঁ৷ তাৰ লগে লগেই হয় অপৰাধবোধ...অনিৰুদ্ধৰ প্ৰতি যেন অন্যায় কৰিছোঁ! আৰু প্ৰতিদিনেই এই একেটা অনুভৱ, একেটা অপৰাধবোধ!!

এনেতে এদিন হঠাতে অনিৰুদ্ধই কিবা এটা মনত পৰাৰ দৰে কয়, বুজিছা সিদিনা জে 14ত ম'ম' খাই থাকোতে বুঢ়া এটাই কাষত বহি ফোনত কাৰোবাৰ কৈ আছিল যে আজি কেইমাহমান আগতে সন্ধিয়া 6-15 ৰ পৰা 6-30-লৈকে চিকেন ম'ম' খোৱা ল'ৰা-ছোৱালী এহাল জে 14ৰ পৰা পোনে পোনে নৰকলৈ গৈছিল৷ চোৱাচোন মানুহবোৰে ইমান জমনি কথাও পাতে, হাঃ হাঃ৷

ময়ো হাঁহিলো, আৰু সুধিলোঁ— তাৰমানে বুঢ়াজনৰ মতে ল'ৰা-ছোৱালী এতিয়াও নৰকতেই আছে?

: ধুৰ.....তুমিও এই কাহিনীৰ মায়াজালত ফঁচিলা নেকি?

মোৰ মগজুত পাকঘূৰণি খাই থকা প্ৰতীক কুহাড়ৰ গানৰ কলি- "ওঠত যি আছে কৈয়েই দিয়া, মইতো অপেক্ষাৰত"

পুনৰ সেই সন্ধিয়াটো, স্বৰ্গ যেন লগা ভাললগা অনুভৱ, বকুলক পুনৰাই কেতিয়াও লগ নাপাওঁ বুলি লগা দুখ, আৰু অনিৰূদ্ধৰ প্ৰতি অন্যায় কৰিছোঁ বুলি অপৰাধবোধ— বচ এয়াইতো নৰক!

Share Button
Print Friendly, PDF & Email

No Comments : "নৰক (উপাসনা কৃষ্ণাত্রেয়)"

Leave a Comment

Your email address will not be published. Required fields are marked *