নৰকৰ বাবেই (কুলেন দাস)

অতদিনে এটা শিলৰ বুকুত
বন্দী আছিল দুয়ো
বুৰঞ্জী আৰু বাস্তৱ

দুটা উল্কাপিণ্ডৰ তেজ ছিটিকি
শিলত পৰাৰ পিছত
সিহঁত ভাগ ভাগ হ’ল

জুইৰ বহ্নিমান শিখা দুয়োৰে বুকুত জিলিকিছিল
এটাৰ জুই গৈ সকলো শিলক জগাই
বোধিদ্ৰুমৰ পুলিটো ৰুলে
সাধ্যানুসৰি ফলবোৰ খালে মানুহবোৰে

তাৰ পিছতে সিহঁতে সৃষ্টি কৰিলে
এটা ভেড়া আৰু এটা গাধৰ
উপমহাদেশত ইহঁতে শূন্যটোক আগ বাঢ়িব নিদি
তাৰ পিঠিত বঢ়াই গ’ল শূন্যবোৰ

দূৰৈত তীক্ষ্ণ বেগত বৈ আছিল বতাহ
নতুন উজ্জ্বল তৰাবোৰে দিনক দিনে তিৰবিৰাইছিল আকাশত

...................................

আৰু অন্য টুকুৰাৰ জুইৰপৰা
আপোনা-আপুনি সৃষ্টি হ’ল লিংগবোৰৰ
আৰু আৰম্ভ কৰিলে সিহঁতৰ অপ্ৰত্যাশিত ধৰ্ম ধৰ্ষণ
মানুহে কয় ধৰ্ষণেই হয়

জন্ম হ’ল অবৈধ সন্তানবোৰৰ
দুখ আৰু চৌৰ্য বৃত্তিৰ
প্ৰতাৰণা লুণ্ঠন প্ৰদূষণ পুনঃ ধৰ্ষণ আৰু তাৰ পাপ

পাপ যদিও কোনো ধৰ্ম নহয়
ই পাপীৰ ধৰ্ম
আৰম্ভ হ’ল এখিলা এখিলাকৈ নৰকৰ পৃষ্ঠা

নাতিশীতোষ্ণ মণ্ডলত
সিদিনা কেঁচা আপেল এটা খহি উঠি গৰজি উঠিল -
জানি থোৱা, পৃথিৱীয়ে তোমালোকক এতিয়া
নৰকৰ বাবেই গঢ়ি তুলিছে

Share Button
Print Friendly, PDF & Email

No Comments : "নৰকৰ বাবেই (কুলেন দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *