“নষ্ট ছোৱালীৰ প্রতি”- ( শ্রেয়া শৰ্মা)

ধৰি লোৱা তুমি এজনী বিশ-বাইশ বছৰীয়া ছোৱালী। দুৰ্ভাগ্যক্ৰমে তুমি জন্ম হ'লা ভাৰতবৰ্ষৰ এখন সৰু চহৰত, আচ্ছা, ঠিক আছে মহানগৰত। মহানগৰ মানেইতো আৰু আউট অব দ্য ৱৰ্ল্ড নহয়। গতিকে মানুহৰ মানসিকতা কম-বেছি পৰিমাণে ঊনবিংশ শতিকাৰ গাঁওবাসী এগৰাকীৰ দৰেই। তথাপি তুমি মানিবই লাগিব যে পৰিবৰ্তন আহিছে মানসিকতাৰ। আৰে ভণ্টী, তোমাক জিনছ্ পিন্ধিবলৈ অনুমতি দিয়া হৈছে। আৰু যদি তুমি লাকি, তেনেহ’লে তোমাৰ ৱেক্সড ভৰিদুখনো দেখুৱাব পাৰিবা। সেইবুলি আৰু তুমি ক্লিভেজ দেখুৱাই ঘূৰি ফুৰিব নোৱাৰা দেই। এয়াতো আৰু আমেৰিকা-ইংলেণ্ড নহয়। তোমাৰ দেশৰ সংস্কৃতি আছে। যি কি নহওক, প্ৰথম সমস্যাটো হ'ল যে তুমি জন্ম হ'লা "অলপ বেছি আল্ট্ৰামডাৰ্ন দেখুৱাব যোৱা" পৰিয়াল এটাত। তোমাৰ মা সাম্যবাদী আদৰ্শৰে চলা নাস্তিক। সমাজখন উদাৰ বাবে তোমাৰ মাৰাক সহ্য কৰি ল’লে বাৰু। কিন্তু তুমিতো তেওঁতকৈয়ো এখোপ চৰা। নাৰীবাদৰ নামত পুৰুষবিদ্বেষী কথা যিবোৰহে কোৱা, একেবাৰে হজম নহয় কিন্তু দেই। তোমাৰ নিচিনাবোৰক ফেমিনিষ্ট নহয় ফেমিনাজি বুলি কোৱা হয়। আৰু এতিয়া যে নিলাজৰ দৰে দাঁত ছেলাই আছা, খবৰ ৰাখিছা নে নাই, মানুহে তোমাৰ কথা কি কয়? ষোল্ল বছৰতে যিটো মাৰাত্মক ভুল কৰিলা, সেয়া ক্ষমাৰ অযোগ্য বুলি গম পাইছানে নাই? সেইটো প্ৰেম কৰাৰ বয়স আছিল নেকি? টল, ডাৰ্ক, হেণ্ডছাম হিৰ'ৰ বাইচেপ আৰু ব্লেকবেল্ট দেখি পতি গ'লা ন'? চাৰি বছৰ তাক নচুৱাই এৰি দিব খুজিলা কাৰণেতো এইবোৰ হ’বলৈ পালে। ওহোঁ, তুমি এতিয়া চিঞৰি চিঞৰি গগন ফালিলেও আমি মানি নলওঁ যে তুমি তাক নচুওৱা নাছিলা, তাৰপৰা কেতিয়াও উপহাৰ নলৈছিলা, ৰেস্তোৰাঁত গ’লে তাক বিল পৰিশোধ কৰিবলৈ দিয়া নাছিলা; যে তুমি হিৰ'ক এৰি আহিব বিচাৰিছিলা কাৰণ সি আছিল মহামূৰ্খ, দুয়োৰে মন কোনোদিনে নিমিলিছিল, চিন্তাধাৰাৰ পাৰ্থক্য আছিল বহুত, পাতিবলৈ কথাই নাছিল তাৰ লগত, ইত্যাদি ইত্যাদি। ভাৰতীয় পুৰুষৰ প্ৰেম তুমি মগজুৰ অৰ্হতা আৰু পইছাৰে জুখিব আহিছা? বিল নিদিলে কি হ'ল, হৃদয়খনতো তোমাকেই দি দিছিলে ন? লাগিলে হৃদয় দিয়াৰ বিনিময়ত শৰীৰেই নিবিচাৰক কিয়? তুমি তাক নুবুজিলা। তুমি তাৰ ঘৰলৈ যে গৈছিলা তাক তোমাৰ জীৱনৰপৰা আঁতৰি যাবলৈ ক’বলৈ আৰু সি যে তোমাক প্ৰায় মাৰিয়েই পেলাইছিল, তাৰ বাবে এতিয়া তুমি তাক দোষাৰোপ কৰিব নোৱাৰা। ভুল তোমাৰেই। সি মাত্ৰ তোমাক উচিত শিক্ষা এটা দিবলৈ তেনে কৰিলে। তোমাৰতো অহংকাৰ কম নহয়। "লাগিলে মৰি যাম, তথাপি মূৰ নোদোৱাওঁ"-ধৰণৰ অহং ভাব এটা যে মৰাৰ আগমুহূৰ্তলৈ নেৰিলা, সেই কাৰণেহে এইবোৰ হ'ল। বেচেৰা হিৰ'টোক ভিলেইন সজাই জেইলত সুমুৱালা। আমি কিন্তু হৃদয়হীন নহয় দেই। সৰু ছোৱালী এজনীৰ লগত ইমান ডাঙৰ কেছ হৈ গ’লে বেয়া লাগে দিয়াচোন। হস্পিতালৰ বিছনাত স্থিৰ হৈ পৰি থকা তোমাৰ শান্ত মুখখন দেখি তোমাৰ মদগৰ্বী স্বভাৱটো কিছুদিনলৈ পাহৰিয়ে গৈছিলোঁ। আমাৰ এটাই চিন্তা, এইবোৰ হৈ যোৱাৰ পিছত তোমাক কোনে বিয়া কৰাবলৈ আগ বাঢ়ি আহিব বাৰু। ভাল ছাৰ্জন পালা কাৰণে জীৱনটো বাচি গ'ল বাৰু, পিছে পেটত যে অপাৰেচনৰ চিনটো ৰৈ গ'ল, সেইটোৰ পিচত আৰু দৰা কেনেকৈ পাবা? যি কি নহওক, তোমাৰ আচাৰ-আচৰণ কিছু ভাল হ'ব বুলি আশা কৰি আছিলো। ইমানখিনিৰ পিছত লাজ-সংকোচ বা ভয়ত তুমি কিছু বছৰ চেলিবেচি অবজাৰ্ভ কৰিবা বুলি নিশ্চিন্ত হৈ স্বস্তিৰ নিশ্বাস পেলালোঁ। চিৰদিন মানুহৰ সহানুভূতি লৈ জীয়াই থাকিবা বুলি নিশ্চিত হৈছিলোঁ। পিছে নাই ! কুকুৰৰ নেজ জানো চিধা হয়? খোজ কাঢ়িব পৰা হ'লা কি নহ'লা, নতুন এজনৰ লগত "দৰকাৰতকৈ বেছি বেছি বন্ধুত্ব" আৰম্ভ কৰি দিলা। বাটে-ঘাটে হাঁহি হাঁহি ঘূৰি ফুৰা। হেৰা ছোৱালী, সমাজৰ কলংক তোমাৰ নিচিনাবোৰেই। তোমাৰ ঠাইত আন কোনোবা হোৱা হ'লে ফেনত চিপ ল'লেহেঁতেন বুজিছা। সেয়া নহ’লেও অন্ততঃ লোকচক্ষুৰপৰা লুকাই লুকাইতো প্ৰেম কৰিব পাৰা ন? ইমান পাব্লিক ডিছপ্লেৰ কি দৰকাৰ নো? ডাঙৰ মানুহ ওচৰত থাকিলে যে সন্মানৰ খাতিৰত প্ৰিয়জনক দাদা বুলি চিনাকি কৰাই দিব লাগে তাকো নাজানা নেকি? সকলো কথাতেই ইমান আনকম্প্ৰমাইজিং হোৱাটো বেয়া কথা। কৈ থ’লোঁ, এই অহংকাৰেই এদিন তোমাৰ পতন মাতিব। নিজৰ চকুত তুমি যিমানেই সৎ নোহোৱা লাগিলে, সততা আৰু সতীত্বৰ কোনো পাৰ্থক্য নাই। তুমি যদি সতী নোহোৱা, তোমাৰ সততাৰ কোনো মূল্য নাই। তুমি এজনী ছ’চিয়েলি ৰিকগনাইজড বেড গাৰ্ল হৈয়েই থাকিবা। সেয়ে সলনি হোৱা সময় থাকোতেই।

Share Button
Print Friendly, PDF & Email

No Comments : "“নষ্ট ছোৱালীৰ প্রতি”- ( শ্রেয়া শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *