বিবিধ চিন্তা

NOTA : এক অৱলোকন (বিপ্লব বৰা)

২০১৩ চনৰ ২৭ ছেপ্টেম্বৰ। এই দিনটো ভাৰতীয় গণতন্ত্ৰৰ ৰাজনৈতিক ব্যৱস্থাৰ, বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ, কাৰণে স্মৰণীয় দিনবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ দিন। সেইদিনা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ পি. সদাশিৱম, ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই আৰু ন্যায়াধীশ ৰঞ্জন গগৈৰদ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে  People’s Union for Civil Liberties vs. Union of India বিচাৰত ৰায়দান কৰে যে বেলটৰ গোপনীয়তাৰ নীতিয়ে (Principle of Secrecy of ballot) সেইসকল ভোটাৰকো সাঙুৰি লোৱা উচিত, যিসকল ভোটাৰে কোনো প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব নিবিচাৰে। বিচাৰপীঠখনে এই বিচাৰৰ শুনানি কালত ভাৰতীয় যুক্তৰাষ্ট্ৰৰ (Union of India) এই স্থিতি অগ্ৰাহ্য কৰে যে বেলটৰ গোপনীয়তাৰ নীতি কেৱল কোনো প্ৰাৰ্থীৰ সপক্ষত ভোটদান কৰা ভোটদাতাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য আৰু যিসকল ভোটদাতাই  কোনো প্ৰাৰ্থীৰ সপক্ষত ভোটদান নকৰে, তেওঁলোকৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয়। উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে ৰায়দান কৰে যে “Giving right to a voter not to vote for any candidate while protecting his right of secrecy is extremely important in a democracy . Such a option gives the voter the right to express his disapproval of the kind of candidates being put up by the parties . Gradually, there will be a systemic change and the parties will be forced to accept the will of the people and field candidates who are known for their integrity.” উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত None of the Above (NOTA) ভোট দিয়াৰ ব্যৱস্থাৰ সংযোজন হয়, যাৰ মাধ্যমত যিসকল ভোটদাতাই নিৰ্বাচনত অৱতীৰ্ণ কোনো প্ৰাৰ্থীৰ সপক্ষত ভোটদান কৰিব নিবিচাৰে, তেওঁলোককো বেলটৰ গোপনীয়তা নীতিৰে সাঙুৰি ভোট প্ৰদান কৰাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হয় আৰু  ভাৰতৰ নিৰ্বাচনী ব্যৱস্থালৈ এই NOTA ভোটৰ আগমন সময়ৰ হিচাপত নতুন (এতিয়াও তিনিটা বছৰ উকলি যোৱা নাই) যদিও শেহতীয়া নিৰ্বাচনসমূহত হোৱা NOTA ভোটৰ ব্যৱহাৰৰ ধৰণৰপৰা কিছুমান অনান্য দিশ সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিছে।

এই বিচাৰৰ শুনানি কালত বিচাৰপীঠে ৰায়দান কৰে যে ভোটদানৰ অধিকাৰ (Right to Vote) আৰু ভোটদান নকৰাৰ অধিকাৰ (Right to not to Vote) বৈধানিকভাৱে Representation of the People Act (RPA) ৰ Section ৭৯ (d) আৰু Conduct of Election Rulesঅৰ Rules ৪১(২), ৪১(৩) আৰু ৪৯ত সন্নিবিষ্ট আছে আৰু বেলটৰ গোপনীয়তাৰ নীতি এই দুয়োবিধ অধিকাৰৰ ক্ষেত্ৰতে সমানেই প্ৰযোজ্য হোৱা উচিত। এই শুনানিৰ সময়ত খণ্ড বিচাৰপীঠখনে বিশেষ গুৰুত্বৰে বিবেচনা কৰা আইন সংক্ৰান্তীয় বিধানসমূহ তলত উল্লেখ কৰা হ’ল।
☞ Representation of the People Act (RPA) ৰ Section ৭৯ (d) অনুসৰি কোনো এজন ব্যক্তিয়ে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন আগ বঢ়োৱাৰ অধিকাৰ বা নিজৰ মনোনয়ন আগ বঢ়োৱাৰপৰা বিৰত থকাৰ অধিকাৰ আৰু কোনো নিৰ্বাচনত ভোটদান কৰাৰ অধিকাৰ বা ভোটদান কৰাৰপৰা বিৰত থকাৰ অধিকাৰ ব্যক্তিজনৰ ‘নিৰ্বাচনী অধিকাৰ’ ( Electoral Right)ৰ অংশ।
☞ Representation of the People Actঅৰ Section ১২৮ অনুসৰি প্ৰতিজন নিৰ্বাচনী বিষয়া, যিসকল বিষয়া ভোটগ্ৰহণ বা/আৰু ভোট গণনাৰ প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো দায়িত্বত থাকে, তেওঁলোকে ভোট সংক্ৰান্তীয় বিষয়ত গোপনীয়তা অৱলম্বন কৰা উচিত আৰু তেনে কোনো দায়িত্বত থাকি ভোট সংক্ৰান্তীয় গোপনীয়তা ভংগ কৰা যিকোনো ব্যক্তিৰ তিনি মাহ পৰ্যন্ত কাৰাদণ্ড বা আৰ্থিক জৰিমনা বা দুয়োটাই হ’ব পাৰে।
☞ Conduct of Election Rules, 1961অৰ Rule ৪৯-O  অনুসৰি যদিহে এজন ভোটদাতা (Elector)ই তেওঁৰ ভোটাৰ ক্ৰমাংক (Electoral Roll Number) ভোটাৰৰ হাজিৰা বহী (Register of Voters)ৰ Form-১৭Aত সন্নিবিষ্ট হোৱাৰ পিছত, আৰু Rule ৪৯Lঅৰ Sub-Rule (১) (ইলেকট্ৰ’নিক ভোটিং ব্যৱস্থাৰ কাৰ্যপ্ৰণালীৰ (procedure) নিৰ্দেশনাৰ লগত জড়িত) অনুসৰি নিজৰ স্বাক্ষৰ (Signature) বা আঙুলিৰ ছাপ (Thumb Impression) সেই Rule ৪৯-Oৰ অন্তৰ্গত Form-১৭Aত প্ৰদান কৰাৰ পিছত, কোনো কাৰণত ভোটদান কৰাৰপৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে নিৰ্বাচনী কেন্দ্ৰৰ প্ৰিজাইডিং  অফিচাৰ (Presiding Officer)গৰাকীয়ে তেনে ভোটদাতাৰ উপস্থিতি চিহ্নৰ বিপৰীতে এটা মন্তব্য (Remark) সংযোগ কৰি, সেই মন্তব্যৰ বিপৰীতে ভোটদাতাগৰাকীৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ সংগ্ৰহ কৰিব লাগিব।
☞ Conduct of Election Rules, 1961 ৰ Rule ৪২(২) অনুসৰি যদিহে এজন ভোটদাতাই বেলট কাগজ (Ballot Paper) সংগ্ৰহ কৰাৰ পিছত সেই বেলট কাগজ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে তেনে  ভোটদাতাই তেনে অব্যৱহৃত বেলট কাগজ নিৰ্বাচন কেন্দ্ৰৰ প্ৰিজাইডিং অফিচাৰক ঘূৰাই দিব লাগিব আৰু তেনে ঘূৰাই দিয়া বেলট কাগজত, আৰু সেই বেলট কাগজৰ প্ৰতি-কাগজত (counter-foil), প্ৰিজাইডিং অফিচাৰগৰাকীয়ে “Returned: Cancelled” বুলি চিহ্ণিত কৰিব লাগিব।
☞ Conduct of Election Rules, 1961অৰ Rule ৪১(৩) অনুসৰি সকলো বাতিল হোৱা (Cancelled) বেলট কাগজ এটা পৃথক টোপোলাত ( Separate Packet) ৰাখিব লাগিব।

Representation of the People Act আৰু Conduct of the Election Rules, ১৯৬১অত সন্নিবিষ্ট এইবোৰ বিধান আৰু নিয়ম বিবেচনা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে ৰায় দিয়ে যে কোনো ভোটদাতাই ভোটদান কৰাৰপৰা বিৰত থকাৰ এক অধিকাৰ দুয়োখন আইনৰে অধীনত স্বীকৃতি দিয়া হৈছে। আৰু লগতে বিচাৰপীঠখনে মতপোষণ কৰে যে কোনো প্ৰাৰ্থীক ‘ভোট নিদিয়াৰ অধিকাৰ’ (Right to not to Vote) সাংবিধানিক গণতন্ত্ৰত এজন ভোটাৰৰ বাবে এক প্ৰকাৰৰ  মত-প্ৰকাশৰ অধিকাৰ আৰু এই অধিকাৰক ‘ভোটদানৰ অধিকাৰ’ৰ (Right to Vote) দৰেই স্বীকৃতি আৰু সাব্যস্ত কৰাৰ সুযোগ দিয়া উচিত, আৰু সেয়ে ভোট নিদিয়াৰ অধিকাৰৰ ক্ষেত্ৰতো ভোটদানৰ অধিকাৰৰ দৰেই বেলটৰ গোপনীয়তাৰ নীতি প্ৰযোজ্য হোৱা উচিত (The right to a secret ballot in direct elections is part of the Universal Declaration of Human Rights)। বিচাৰপীঠখনে বিবেচনা কৰে যে Conduct of Election Rules, 1961অৰ Rules ৪১(২), ৪১(৩) আৰু ৪৯-O সংযুক্তভাৱে  Form ১৭-Aৰ লগত একেলগে অনুধাৱন কৰা যায়, তেন্তে দেখা যায় যে এজন ভোটদাতা যিয়ে কোনো প্ৰাৰ্থীক ভোটদান নকৰাৰ সিদ্ধান্ত লয়, তেওঁক এইসমূহ বিধানে এজন ভোটদান কৰা ভোটদাতাতকৈ পৃথক দৃষ্টিৰে বিবেচনা কৰে (কাৰণ ভোটদান কৰিব নিবিচাৰা ভোটদাতাই Form- ১৭(A)ত পুনৰ প্ৰিজাইডিং অফিচাৰৰ মন্তব্যৰ বিপৰীতে স্বাক্ষৰ বা আঙুলিৰ ছাপ প্ৰদান কৰিব লাগে আৰু বেলট কাগজ ব্যৱহাৰ কৰিব নিবিচাৰা ভোটদাতাৰ বেলট পৃথক পেকেটত ৰখা হয়), যাৰ ফলত  তেওঁৰ ভোটদান নকৰাৰ গোপনীয়তা ভংগ হয়, আৰু সেয়ে ই ভোটদানৰপৰা বিৰত থাকিব বিচৰা ভোটদাতাৰ মত প্ৰকাশৰ অধিকাৰ (সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰ, আৰটিকল নং ১৯(১)(a), Right to Expression) আৰু সমতাৰ অধিকাৰ (সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰ, আৰটিকল নং ১৪, Right to Equality before law) খৰ্ব কৰে, কাৰণ যদিহে নিৰ্বাচনত অৱতীৰ্ণ কোনো প্ৰাৰ্থীকেই ভোটদান কৰিব নিবিচৰা ভোটদাতাৰ পৰিচয় গোপনে ৰখা নাযায়, তেন্তে এইটো তেনে ভোটদাতাৰ লগত বৈষম্যমূলক আচৰণ (discrimination) হ’ব, যিটো পৰৱৰ্তী পৰ্যায়ত তেওঁৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে। সেয়ে বিচাৰপীঠে ৰায়দান কৰে যে Conduct of Election Rules,1961অৰ Rules ৪১(২), ৪১(৩) আৰু ৪৯-O ভোটদাতাৰ গোপনীয়তা ৰক্ষাৰ সন্দৰ্ভত Representation of the People Actঅৰ Section 128 আৰু ভাৰতীয় সংবিধানৰ আৰটিকল নং ১৯(১)(a)ৰ পৰিপন্থী। (“….Conduct of Election Rules 41(2) and (3) and 49-O were ultra vires Section 128 of the Representation of the People Act and Article 19(1)(a) of the Constitution to the extent they violate secrecy of voting.”)।

এই শুনানিকালত বিচাৰপীঠে বিবেচনা কৰে যে এজন ভোটাৰে এই কাৰণেও ভোটদান কৰাৰপৰা বিৰত থকাৰ সিদ্ধান্ত ল’ব পাৰে, কিয়নো তেওঁৰ বিচাৰত হয়তো সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো এজন প্ৰাৰ্থীয়ে তেওঁৰ ভোটৰ যোগ্য নহয়। এনে পৰিস্থিতিত ভোটাৰজনে হয়তো ভোটদানৰ প্ৰক্ৰিয়াৰপৰাই সমূলি আঁতৰি থকাৰ (abstain from voting ) সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে, যিটো সিদ্ধান্ত এজন সচেতন আৰু দায়িত্বশীল নাগৰিকৰ (Citizen) বাবে আদৰ্শ সিদ্ধান্ত (ideal decision) বুলি ক’ব নোৱাৰি। বিচাৰপীঠৰ বিবেচনাত এনে এক অৱস্থাত একমাত্ৰ কাৰ্যকৰী উপায় হ’ল ইলেকট্ৰ’নিক ভোটিং মেচিনত (Electronic Voting Machine / EVM) এনে এটা বুটামৰ (button)  সংযোজন কৰা , যাৰদ্বাৰা ভোটাৰক সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো এজন নিৰ্দিষ্ট প্ৰাৰ্থীৰ সপক্ষত ভোটদান নকৰাকৈয়ো ভোটদান কৰাৰ সুবিধা প্ৰদান কৰিব পাৰি। ১৯৯৮ চনৰপৰা EVMঅৰ জৰিয়তে ভোটগ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগলৈকে প্ৰচলিত বেলট কাগজৰদ্বাৰা ভোটগ্ৰহণৰ ব্যৱস্থাত (Ballot Paper System) এজন ভোটদাতাই বেলট কাগজত কোনো প্ৰাৰ্থীৰ সপক্ষত ভোটদানৰ বাবে কোনো চিন নিদিয়াকৈ উকা বেলট কাগজ বেলট বাকচত (Ballot Box)ত ভৰাই দি সম্পূৰ্ণ গোপনীয়তাৰে নিৰপেক্ষ (Neutral ) / বিয়োগাত্মক (Negative) ভোটদানৰ এক সুবিধা পাইছিল (অৱশ্যে এনে ভোটবোৰ পাছত নিৰ্বাচনৰ ফলাফল গণনাৰ ক্ষেত্ৰত ‘অপ্ৰযোজ্য ভোট’ (Invalid Vote) হিচাপে পৰিগণিত হৈছিল। কিন্তু EVMঅৰদ্বাৰা ভোটগ্ৰহণ কৰাৰ ব্যৱস্থা আৰম্ভ হোৱাৰ পাছত তেনে কোনো নিৰপেক্ষ/বিয়োগাত্মক ভোট গোপনীয়তা সহকাৰে প্ৰদান কৰাৰ সুবিধা ব্যাহত হৈ পৰিল, কাৰণ Conduct of Election Rulesঅৰ Rule ৪৯Bৰ (মনোনয়ন গৃহীত হোৱা প্ৰাৰ্থীসকলৰ নাম EVMৰ balloting unitত কিদৰে সন্নিবিষ্ট হ’ব, সেই সন্দৰ্ভৰ নিয়মাৱলীৰ লগত জৰিত) অধীনত EVMত কোনো নিৰপেক্ষ বুটামৰ (Neutral Button)ৰ ব্যৱস্থা নাছিল। ইয়াৰ পৰিৱৰ্তে Conduct of Election Rules, 1961ৰ অধীনত এজন ভোটাদাতাই তেওঁৰ ভোটাৰ ক্ৰমাংক (Electoral Roll No) ভোটাৰৰ হাজিৰা বহীৰ (Register of Voters) Form-17Aত সন্নিবিষ্ট হোৱাৰ পিছত কোনো প্ৰাৰ্থীৰ সপক্ষত ভোটদানৰপৰা বিৰত হৈহে থাকিব পাৰিছিল, যিটো বিয়োগাত্মক ভোট হিচাপে গণ্য কৰা হৈছিল। প্ৰিজাইডিং অফিচাৰগৰাকীয়ে তেনে বিয়োগাত্মক ভোটদাতাই ইতিমধ্যে Form 17-Aত প্ৰদান কৰা স্বাক্ষৰ বা আঙুলিৰ ছাপৰ বিপৰীতে এটা মন্তব্য (Remark) লিখি সেই মন্তব্যৰ বিপৰীতে পুনৰ ভোটদাতা গৰাকীৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ সংগ্ৰহ কৰিছিল, যাতে কোনো জালিয়াতি ভোটৰ (Bogus Voting) ঘটনা সংঘটিত নহয়। কিন্তু People’s Union for Civil Liberties vs. Union of India বিচাৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে এই ব্যৱস্থাত ভোটদাতাৰ ভোটদানৰ গোপনীয়তা ভংগ হোৱাৰ দিশটো বিবেচনা কৰি ইয়াক অসাংবিধানিক বুলি বাতিল কৰাৰ ফলত কোনো প্ৰকাৰৰ নিৰপেক্ষ/বিয়োগাত্মক ভোটদানৰ উপায় ভোটদাতাসকলৰ বাবে বৰ্তি নাথাকিল। কিন্তু এই বিচাৰৰ ৰায়দানৰ ৪৯ নং পাৰাগ্ৰাফত বিচাৰপীঠে কয় যে নিৰ্বাচনী ব্যৱস্থাৰ (Electoral System) মূল ভূমিকা হোৱা উচিত ভোটদাতাসকলে নিজৰ ইচ্ছা অনুসৰি ভোটদান কৰিব পৰাৰ স্বাধীনতা সুনিশ্চিত কৰা। লগতে বিচাৰপীঠে আৰু কয় যে ভাৰতীয় সংবিধানৰ আৰটিকল নং ১৯(১)(a)ৰ জৰিয়তে সকলো ব্যক্তিকে মত প্ৰকাশ, সমালোচনা আৰু কোনো বিষয়ত অসন্মতি প্ৰকাশৰ স্বাধীনতা (Right to speak, criticise and disagree on a particular issue) প্ৰদান কৰা হৈছে। ইয়াৰদ্বাৰা ভাৰতীয় নাগৰিকৰ বাবে স্বাধীন মনোভাবেৰে মত, চিন্তা আৰু আদৰ্শৰ বিভিন্নতা পোষণ কৰাৰ পৰিবেশ সাংবিধানিকভাৱেই অৱতাৰণা কৰা হৈছে। এনে পৰিস্থিতিত কোনো নাগৰিকক নিৰপেক্ষ/বিয়োগাত্মক ভোটদানৰ সুবিধা প্ৰদান নকৰা কাৰ্য মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ (Right to freedom of expression) Article ১৯(১)(a) আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰ (Right to personal liberty, Article ২১), দুয়োটা মৌলিক অধিকাৰৰ (Fundamental Rights) পৰিপন্থী। বিচাৰপীঠে ৰায়দানত আশা প্ৰকাশ কৰিছিল যে যদিহে EVMত কোনো নিৰপেক্ষ বুটামৰ (Neutral Button) (এইক্ষেত্ৰত NOTA button) সংযোজনে গণতান্ত্ৰিক প্ৰক্ৰিয়াত (এইক্ষেত্ৰত নিৰ্বাচনী প্ৰক্ৰিয়াত)  জনগণৰ অংশগ্ৰহণৰ নিশ্চয়তা বৃদ্ধি কৰে, তেন্তে এনে পদক্ষেপ কোনো কাৰণতেই নাকচ কৰা উচিত নহয়। উক্ত পাৰাগ্ৰাফত বিচাৰপীঠে মতপ্ৰকাশ কৰে যে “Non-participation causes frustration and disinterest, which is not a healthy sign for a growing democracy like India.”

সেই বিচাৰ ৰায়দানৰ ৫৮ নং পাৰাগ্ৰাফত বিচাৰপীঠে উল্লেখ কৰিছিল যে প্ৰায় ১৩খন দেশৰ নিৰ্বাচনী ব্যৱস্থাত নিৰপেক্ষ/বিয়োগাত্মক/প্ৰতিবাদী (protest) ভোটিং আছে। সেইবোৰ হ’ল ফ্ৰান্স, বেলজিয়াম, ব্ৰাজিল, গ্ৰীচ, ইউক্ৰেইন, চিলি, বাংলাদেশ (এই সকলোতে NOTAৰ ব্যৱস্থা আছে); ফিনলেণ্ড, ছুইডেন, মাৰ্কিন যুক্তৰাষ্ট্ৰ,  এই তিনিওখন দেশত উকা ভোট (Blank Vote) বা/ আৰু লিখিত ভোট (Write-in)ৰ ব্যৱস্থা আছে (Write-in এক প্ৰকাৰৰ বিয়োগাত্মক ভোট য’ত এজন ভোটাৰে নিৰ্বাচনত অৱতীৰ্ণ কোনো প্ৰাৰ্থীক ভোটদান কৰাৰ পৰিবৰ্তে কোনো কাল্পনিক প্ৰাৰ্থীৰ নাম বেলটত লিখি দিয়ে); মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেভাডাত (State of Nevada) NOTAৰ ব্যৱস্থা আছে ; ক’ল’ম্বিয়া আৰু স্পেইনত উকা ভোট (Blank Vote)ৰ ব্যৱস্থা আছে।

এই বিচাৰকালত ভাৰতৰ  নিৰ্বাচন আয়োগে (Election Commission) আৱেদনকাৰী PUCLৰ পক্ষ সমৰ্থন কৰি বিচাৰপীঠক নিজৰ অভিমত দিয়ে যে EVMবোৰত এটা ‘None of the Above’ (NOTA) বুটামৰ ব্যৱস্থা থকা উচিত, যাৰ জৰিয়তে ভোটাৰসকলে সম্পূৰ্ণ গোপনীয়তা সহকাৰে নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰতি তেওঁলোকৰ আপত্তি বা অসন্মতি প্ৰকাশ কৰাৰ এটা সুবিধা পাব, আৰু এই ব্যৱস্থাই অনিচ্ছাসত্ত্বেও কোনো প্ৰাৰ্থীক ভোটদান কৰিব লগা পৰিস্থিতিৰপৰা ভোটদাতাসকলক ৰেহাই পোৱাৰ এটা উপায় দিব। লগতে এনে প্ৰক্ৰিয়াই ছদ্মবেশী ভোটদান (Bogus Voting, কোনো অনুপস্থিত ভোটদাতাৰ নামত অন্য কোনোবাই ভোটদান কৰা জালিয়াতি কাৰ্য) ৰোধ কৰাতো প্ৰতিকাৰক ভূমিকা ল’ব। নিৰ্বাচন আয়োগে লগতে  বিচাৰপীঠক জনায় যে প্ৰচলিত EVMবোৰত কোনো অতিৰিক্ত খৰছ বহন নকৰাকৈয়ে, প্ৰশাসনিক উদ্যোগৰ (administative effort) ৰ অবিহনেই আৰু প্ৰচলিত EVMবোৰৰ কাৰিকৰী সজ্জা (design) আৰু প্ৰযুক্তিৰ (technology) কোনো সালসলনি নকৰাকৈয়ো এনে নিৰপেক্ষ বা বিয়োগাত্মক ভোটিঙৰ বাবে ব্যৱস্থা ল’ব পৰা যাব। নিৰ্বাচনী আয়োগৰ NOTA সন্দৰ্ভত এই উৎসাহী স্থিতিৰ পৰিপ্ৰেক্ষিতত বিচাৰপীঠে নিৰ্বাচনী আয়োগক এই ব্যৱস্থা গ্ৰহণৰ দিশত চৰকাৰৰ সহযোগত পৰ্যায়ক্ৰমে আগ বাঢ়িবলৈ আৰু জনগণৰ মাজত এই ব্যৱস্থাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে। আনহাতে , বিচাৰপীঠে চৰকাৰলৈয়ো নিৰ্দেশনা (writ) জাৰি কৰে যে নিৰ্বাচন আয়োগক এই কামৰ বাবে প্ৰয়োজনীয় সকলো সহযোগিতা আগ বঢ়ায়। সেই মৰ্মেই ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত NOTA ভোটদানৰ সূত্ৰপাত হয়।

এইখিনিতেই ভাৰতত NOTA ভোটৰ ব্যৱস্থা গ্ৰহণৰ ঐতিহাসিক পৰিক্ৰমাত থূলমূলকৈ এভুমুকি মৰাৰ এটা চেষ্টা কৰা যাওক। ভাৰতীয় নিৰ্বাচনী প্ৰক্ৰিয়াত NOTA ভোটৰ সংযোজন আছিল ভাৰতীয় ৰাজনীতিত অপৰাধীৰ (Criminals) অংশগ্ৰহণ ৰোধ কৰিবলৈ চিভিল ছ’চাইটিৰ তৰফৰপৰা চলা প্ৰায় দশকজোৰা উদ্যোগী আৰু সংগ্ৰামী প্ৰচেষ্টাৰ অংশ। NOTA ভোট সম্বন্ধীয় ৰায়দানৰ সমসাময়িকভাৱে ভাৰতীয় ন্যায়পালিকাৰ বিভিন্ন স্তৰৰ বিচাৰপীঠে দিয়া কেইবাটাও ৰায়দান, বিশেষকৈ চিভিল ছ’চাইটিৰ উদ্যোগত গুৰুত্বপূৰ্ণ হৈ উঠা দুটা বিচাৰৰ (Chief Election Commissioner vs. Jan Chaukidar আৰু Lily Thomas vs. Union of India) শুনানিকালত এই প্ৰচেষ্টা সুন্দৰকৈ প্ৰতিফলিত হৈছিল। আন এটা গুৰুত্বপূৰ্ণ ৰায়দান দিছিল কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (CBI)ৰ ৰাঁচীত অৱস্থিত এখন বিশেষ আদালতে (Special Court) Fodder Scam Case সংক্ৰান্তত, যাৰ ফলত ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) অধ্যক্ষ আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পাঁচ বছৰৰ কাৰণে কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে Chief Election Commissioner vs. Jan Chaukidar বিচাৰত ৰায়দান কৰিছিল যে কাৰাগাৰত থকা কোনো ব্যক্তিয়ে সংসদ আৰু ৰাজ্যিক বিধানসভা বা বিধান পৰিষদৰ বাবে হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আৰু Lily Thomas vs. Union of India বিচাৰত ৰায়দান কৰিছিল যে যদিহে কোনো কাৰ্যৰত  সাংসদ বা বিধায়ক কোনো অপৰাধজনিত গোচৰত দোষী (convict) সাব্যস্ত হ’য়, তেন্তে তেনে সাংসদ বা বিধায়কে তাৎক্ষিণকভাৱেই নিজৰ পদ হেৰুওৱাব। যথেষ্টসংখ্যক ৰাজনৈতিক আৰু ন্যায়িক মন্তব্যদাতাই (Observers) মতপ্ৰকাশ কৰিছিল যে এইসমূহ ৰায়দানে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোত সুদূৰপ্ৰসাৰী যোগাত্মক প্ৰভাৱ পেলাব। কিছুমান মন্তব্যদাতাই কৈছিল যে Central Information Commissioner (CIC)ৰদ্বাৰা ৰাজনৈতিক দলসমূহক ৰাজহুৱা অধিকাৰীৰ ( Public Authorities ) তুলনা কৰি এই দলবোৰক Right to Information (RTI) Actৰ অধীনলৈ অনা কাৰ্যই এই ৰায়দানসমূহৰ ব্যৱহাৰিক গুৰুত্ব শক্তিশালী কৰি তুলিব।

ভাৰতীয় উচ্চতম ন্যায়ালয়ে ২০০২ চনত Union of India vs. ADR (Association of Democratic Reforms, এক বেচৰকাৰী সংস্থা) বিচাৰৰ শুনানিত ৰায়দান কৰে যে ভোটদাতাসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ যোগ্যতা সংক্ৰান্তীয় তথ্য (Credentials) আৰু অপৰাধজনিত ইতিহাস (criminal background) জনাৰ অধিকাৰ আছে আৰু সেই জ্ঞানৰ ভিত্তিত ভোটৰ যোগেৰে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ এজন ভোটদাতাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানপ্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰৰ ( Article ১৯(১)(a): Right to Freedom of Expression) অংশ। এই ৰায়দান আছিল ADR আৰু PUCL (People’s Union for Civil Liberties) নামৰ দুটা বেচৰকাৰী সংস্থাই (NGO) উচ্চতম ন্যায়ালয়ত দাখিল কৰা দুখন আবেদনৰ (petition ) যৌথ শুনানিৰ অংশ। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আন সকলো ৰাজনৈতিক দলৰ সন্মতিক্ৰমে Representation of the People Actত সংশোধন (Amendment) অনাৰ উদ্দেশ্যৰে এখন অৰ্ডিনেন্স (Ordinance) জাৰি কৰে, যাৰ যোগেৰে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়দান তৰল কৰাৰ লক্ষ্যৰে ব্যৱস্থা গ্ৰহণ কৰা হয় যে ৰাজনৈতিক দলবোৰৰ সম্পত্তিৰ (assets) বিৱৰণ আৰু প্ৰাৰ্থীসকলৰ অপৰাধজনিত ইতিহাস (criminal background) ৰাজহুৱা কৰাটো বাধ্যতামূলক (mandatory) নহয়। এই অৰ্ডিনেন্সখনৰ ন্যায়িক বৈধতাৰ ওপৰত প্ৰশ্ন তুলি PUCLএ ২০০৩ চনত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে আৰু সেই বছৰতে উচ্চতম ন্যায়ালয়ে উক্ত অৰ্ডিনেন্স যোগেৰে Representation of the People Actত ঘটোৱা সংযোজন অসাংবিধানিক বুলি বাতিল কৰে। এই সংক্ৰান্তীয় ঘটনাৰাজিৰদ্বাৰা সমসাময়িক লোকচক্ষুত এটা কথা ভালকৈয়ে প্ৰতীয়মান হৈছিল যে ৰাজনৈতিক ব্যৱস্থাটোক অপৰাধীৰ কবলৰপৰা মুক্ত কৰা সন্দৰ্ভত ৰাজনৈতিক দলবোৰৰ কোনো আগ্ৰহ নাই আৰু এই দিশত চলা প্ৰচেষ্টাসমূহৰ প্ৰতি ৰাজনৈতিক দলবোৰৰ ভূমিকা অতিকৈ নেতিবাচক। উচ্চতম ন্যায়ালয়ৰ ২০০৩ চনৰ এই পদক্ষেপৰ পিছত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোক অধিক সুস্থ আৰু সবল কৰাৰ লক্ষ্যৰে চিভিল ছ’চাইটিৰ বিভিন্ন মঞ্চত আলোচিত হ’বলৈ লোৱা বিষয়সমূহৰ এটা আছিল – এতিয়া যিহেতু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ অপৰাধজনিত ইতিহাস ৰাজহুৱা কৰাটো বাধ্যতামূলক, এনে পৰিস্থিতিত এজন ভোটদাতাৰ কাৰণে ভোটদানৰ কি কি পছন্দ ( choices) থাকিব পাৰে ? যদিহে ৰাজনৈতিক দলবোৰে অপৰাধমূলক কাৰ্যত লিপ্ত ব্যক্তিক দলীয় প্ৰাৰ্থিত্ব আগ বঢ়োৱাৰপৰা বিৰত নাথাকে , বা হেমাহি দেখুৱায়, তেন্তে ভোটদাতাসকলৰ হাতত এনে কি উপায় থাকিব পাৰে বা থকা উচিত, যাৰদ্বাৰা ভোটদাতাসকলে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজনৈতিক দলবোৰক এই দিশত মনোযোগী বা সৎ হ’বলৈ বাধ্য কৰিব পাৰে ? চিভিল ছ’চাইটিৰ বিভিন্ন মঞ্চত হোৱা বিভিন্ন  আলোচনাৰ পৰিপ্ৰেক্ষিতত ২০০৪ চনত PUCLএ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে যে EVMত গোপনীয়তা সহকাৰে নিৰপেক্ষ/বিয়োগাত্মক ভোটদানৰ ব্যৱস্থা সংযোজনৰ কোনো উপায় ন্যায়ালয়ে বিবেচনা কৰা উচিত  আৰু বিভিন্ন সময়ত বিভিন্ন শুনানিৰ পিছত ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে EVMত NOTA ভোটৰ ব্যৱস্থা সংযোজনৰ বাবে নিৰ্বাচনী আয়োগক নিৰ্দেশনা জাৰি কৰে।

চিভিল ছ’চাইটিৰ উদ্যোগৰ বাহিৰেও নিৰ্বাচন আয়োগৰ তৰফৰপৰা ২০০১ চনৰ ডিচেম্বৰ মাহত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ আগ বঢ়োৱা হৈছিল যে EVMত কোনো নিৰপেক্ষ/বিয়োগাত্মক ভোটিঙৰ ব্যৱস্থা সংযোজন কৰা উচিত আৰু ২০০৪ চনৰ জুলাই মাহত পুনৰবাৰ এই প্ৰস্তাৱ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আগ বঢ়োৱা হয়। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় চৰকাৰক জনাইছিল যে যদিও Conduct of Election Rules, 1961ৰ Rule ৪৯-Oৰ অধীনত নিৰপেক্ষ/বিয়োগাত্মক ভোট দিব পৰাৰ ব্যৱস্থা আছে, এই ভোটৰ গোপনীয়তা কেৱল বেলট কাগজ যোগে কৰা ভোটদানতহে (Ballot Paper System) সম্ভৱ আছিল আৰু এতিয়া যিহেতু EVM যোগে ভোট গ্ৰহণ কৰা হয়, আৰু EVMত কোনো নিৰপেক্ষ/বিয়োগাত্মক ভোটদানৰ ব্যৱস্থা নাই, সেয়ে এনে অৱস্থাত নিৰপেক্ষ/বিয়োগাত্মক ভোটদান কৰাসকলৰ ভোটদানৰ গোপনীয়তা প’লিং বিষয়া (Polling Officials) আৰু প’লিং এজেন্ট (Polling Officials)সকলৰ আগত ভংগ হয়। কাৰণ যিজন ভোটদাতাই কোনো প্ৰাৰ্থীকে ভোট দিব নিবিচাৰে ( অৰ্থাৎ বিয়োগাত্মক ভোট দিব বিচাৰে ), তেওঁ প্ৰিজাইডিং অফিচাৰক সেই সিদ্ধান্ত জনাই Form ১৭-Aত স্বাক্ষৰ বা আঙুলিৰ ছাপ দিবলগা হৈছিল বা যদি তেওঁ কাকো নজনোৱাকৈ EVMত কোনো প্ৰাথীৰ সমৰ্থনত ভোটদানৰপৰা বিৰত থাকিব বিচাৰে, তেতিয়াও তেওঁৰ সেই সিদ্ধান্তৰ গোপনীয়তা সেই ভোট কেন্দ্ৰত (Polling Booth)ত উপস্থিত প’লিং বিষয়া আৰু এজেন্টসকলৰ আগত ভংগ হৈছিল, কাৰণ EVMত ভোটদানৰ কাৰণে কোনো বুটাম টিপিলে এটা উচ্চ স্বৰৰ সংকেত ধ্বনি (Beep Sound) বাজিছিল আৰু ভোটদানৰপৰা বিৰত থাকিলে কোনো সংকেত ধ্বনি নহ’ব আৰু সকলোৱে জানি যাব যে সেইজন ভোটদাতা ভোটদানৰপৰা বিৰত থাকিল। সেয়ে নিৰপেক্ষ/বিয়োগাত্মক ভোটদাতাসকলৰ গোপনীয়তা ৰক্ষা কৰাৰ দিশত কোনো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ আগ বঢ়ায় যদিও চৰকাৰৰ ফালৰপৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। হয়তো চৰকাৰ/ৰাজনৈতিক দলবোৰে ভাবিছিল যে নিৰপেক্ষ/বিয়োগাত্মক ভোটৰ দিশত লোৱা যিকোনো পদক্ষেপ সময়ত গৈ এদিন ‘নাকচ কৰাৰ অধিকাৰ’ (Right to Reject)ত  (য’ত নিৰপেক্ষ/বিয়োগাত্মক ভোটৰ সংখ্যা মুঠ গৃহীত ভোটৰ ৫০%তকৈ অধিক হোৱাৰ বাবে বা নিৰপেক্ষ/বিয়োগাত্মক ভোটৰ সংখ্যা সকলোতকৈ বেছিকৈ ভোট অৰ্জন কৰা প্ৰাৰ্থীজনতকৈ বেছি হোৱাৰ কাৰণে সেই নিৰ্বাচনত অৱতীৰ্ণ সকলো প্ৰাৰ্থীকে ভোটদাতাসকলৰদ্বাৰা নাকচ হোৱা বুলি ঘোষণা কৰি  পুনৰ নতুনকৈ নিৰ্বাচন পাতিব লগা হ’ব) পৰিণত কৰিবলৈ জনগণৰ ফালৰপৰা দাবী উঠিব আৰু সেয়ে এই দিশত কোনো সক্ৰিয়তা বা সদিচ্ছা দেখুওৱা নাছিল। অৱশেষত PUCLৰ আবেদনমৰ্মে যেতিয়া এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হয়, তেতিয়া নিৰ্বাচন আয়োগে আৱেদনকাৰী PUCLৰ স্থিতি সমৰ্থন কৰি EVMত  নিৰপেক্ষ/বিয়োগাত্মক ভোটৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ন্যায়ালয়ক নিজৰ অভিমত জনায়।

উচ্চতম ন্যায়ালয়ত EVMত NOTA ভোটৰ ব্যৱস্থা সংযোজনৰ বিষয়টো বিচাৰাধীন হৈ থকাৰ সময়ছোৱাত কিছুমান মহলৰপৰা আপত্তি উঠিছিল যে NOTA ভোটৰ সংযোজনে ভোটদাতাসকলৰদ্বাৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীকে নাকচ (reject) কৰাৰ মনোবৃত্তি গঢ় লৈ উঠাৰ আশংকা আছে। তাৰ বিপৰীতে NOTA ভোটৰ সমৰ্থকসকলে যুক্তি আগ বঢ়াই যে এই ব্যৱস্থাই গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা বহল কৰাৰ লগতে সুশাসনৰ (Good Governance) প্ৰক্ৰিয়া সবল কৰাতহে সহায় কৰিব, কাৰণ তেতিয়া ৰাজনৈতিক দলবোৰে জনগণৰ মতামতৰ প্ৰতি অধিক মনযোগী হৈ অসাধু/অপৰাধত লিপ্ত ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিৰত থকাৰ আশা কৰিব পাৰি। তেওঁলোকে যুক্তি আগ বঢ়ায় যে যদিহে ৰাজনীতিত অসাধু/অপৰাধী ব্যক্তিৰ ব্যাপক অংশ গ্ৰহণ দেখা নগ’লেই হয় (বেলট কাগজ যোগে ভোট গ্ৰহণ কৰাৰ সময়ত ভোটদাতাই ‘সবকে সব চৌৰ হে’ জাতীয় কথা লিখি বেলট বাকচত নিজৰ বেলট জমা দিয়াৰ উদাহৰণো আছিল, যিবোৰ ভোট গণনাৰ সময়ত Invalid Vote বুলি ধৰা হৈছিল), তেন্তে NOTA ভোটৰ কোনো প্ৰশ্নই উত্থাপন নহ’ল হয় আৰু NOTA ভোটে সকলো প্ৰাৰ্থীকে নাকচ কৰাৰ অধিকাৰ (‘Right to reject’ all candidates) প্ৰদান নকৰে, বৰঞ্চ ই গোপনীয়তা সহকাৰে এক নেতিবাচক মত প্ৰকাশৰ অধিকাৰহে (Right to register a negative opinion) সুনিশ্চিত কৰে। আনহাতে, আৰু এটা আপত্তি প্ৰায়েই উত্থাপন হোৱা দেখা গ’ল যে বহু সময়ত বেছিভাগ অপৰাধৰ গোচৰেই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু কেৱল কোনো ৰাজনৈতিক ব্যক্তিৰ/প্ৰাৰ্থীৰ ভাবমূৰ্তি জনমানসত হেয় কৰাৰ বাবেহে অভিযোগ অনা হয়। ইয়াৰ বিপৰীতে NOTA ভোটৰ সমৰ্থকসকলে কয় যে কোনো ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা/নায্যতা/গুৰুত্ব বিবেচনা কৰাটো ন্যায়ালয়ৰ দায়িত্ব আৰু যদিওবা এই প্ৰক্ৰিয়াৰদ্বাৰা অসৎ উদ্দেশ্যৰে অনা অভিযোগৰ পৰিপ্ৰেক্ষিতত কোনো সৎ প্ৰাৰ্থীৰ সপক্ষ ভোট নষ্ট হৈ NOTA ভোটলৈ পৰিণত হয়, তথাপিও অপৰাধমূলক কাৰ্যত লিপ্ত থকা বা অপৰাধজনিত ইতিহাস থকা ব্যক্তিৰপৰা ৰাজনৈতিক ব্যৱস্থাটো মুক্ত কৰি ৰখাৰ স্বাৰ্থত কিছু ত্যাগ (sacrifice) প্ৰয়োজনীয়। NOTA ভোটৰ মাধ্যমেৰে ৰাজনৈতিক দলবোৰলৈ এটা বাৰ্তা (message) যোৱাটো দৰকাৰী যাতে ৰাজনৈতিক দলবোৰে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত অযোগ্য বা/আৰু অপৰাধী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰপৰা বিৰত থাকে। ইয়াৰ বাহিৰেও আৰু এটা আপত্তি  উত্থাপন হ’ল যে EVMত NOTA ভোটৰ ব্যৱস্থা সংযোজন কৰিবলৈ যন্ত্ৰ উন্নীতকৰণৰ (Machine Upgradation) নামত চৰকাৰী খৰছ কেইবাগুণে বৃদ্ধি পাব, কিন্তু তাৰ পিছতো কোনো সুদূৰপ্ৰসাৰী যোগাত্মক প্ৰভাৱ দেখা যোৱাৰ কোনো নিশ্চয়তা নাই। ইয়াৰ বিপৰীতে NOTA ভোটৰ সমৰ্থকসকলে যুক্তি দিয়ে যে অযোগ্য/অপৰাধত লিপ্ত বা দুৰ্নীতিপৰায়ণ ব্যক্তি নিৰ্বাচিত হৈ অহাটো গণতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে আৰ্থিক খৰছতকৈ অধিক বিয়োগাত্মক। অৱশ্যে পাছত নিৰ্বাচনী আয়োগে উচ্চতম ন্যায়ালয়ক জনাই যে NOTA ভোটৰ কাৰণে সংযোজন কৰিব লগা বুটামে কোনো অতিৰিক্ত খৰছ বৃদ্ধি নকৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এই আপত্তি তল পৰে। তাৰ বাহিৰেও উচ্চতম ন্যায়ালয়ৰদ্বাৰা নিৰ্বাচনী আয়োগক EVMত NOTA ভোটৰ ব্যৱস্থা সংযোজনৰ বাবে নিৰ্দেশনা দিয়া কাৰ্যক বহুতে ন্যায়পালিকাৰদ্বাৰা নিজৰ কৰ্তৃত্বৰ সীমা লংঘন (Judicial Overreach) কৰি সংবিধানৰদ্বাৰা নিৰ্ধাৰিত সংসদ আৰু ৰাজ্যিক বিধান সভা আৰু বিধান পৰিষদৰ ওপৰত ন্যস্ত আইন প্ৰণয়নৰ ‘বিধায়নী সীমা’ৰ (Legislative Domain) ভিতৰত প্ৰৱেশ কৰা বুলি অভিহিত কৰিব বিচাৰে (আৰু সমসাময়িকভাৱে আন কেইবাটাও বিচাৰৰ ৰায়দানত ন্যায়পালিকাই লোৱা উদ্যোগী স্থিতিৰ পৰিপ্ৰেক্ষিতত Judicial Activismৰ কথা সামগ্ৰিক চৰ্চালৈ আহিবলৈ ধৰে)।  NOTA ভোটৰ সমৰ্থক আৰু প্ৰবক্তাসকলৰ মত আছিল NOTA ভোটৰ ব্যৱস্থাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰদ্বাৰা ন্যায়পালিকাই নিজৰ কৰ্তৃত্বৰ সীমা লংঘন কৰিছে বুলি কব নোৱাৰি। যদিহে ন্যায়পালিকাই কোনোধৰণৰ প্ৰাৰ্থী ‘নাকচ কৰাৰ অধিকাৰ’ (Right to Reject) ভোটদাতাসকলৰ হাতত অৰ্পণ কৰিলেহেঁতেন, তেন্তে সেইটোহে ‘বিধায়নী সীমা’ৰ ভিতৰত ন্যায়পালিকা প্ৰৱেশ কৰা বুলিব পৰা গ’লহেঁতেন। তেওঁলোকে যুক্তি আগ বঢ়ায় যে NOTA ভোটৰ ব্যৱস্থা কৰাৰ পিছতো এই ব্যৱস্থাৰদ্বাৰা নিৰ্বাচনৰ ফলাফলত কোনো প্ৰভাৱ নপৰে, কাৰণ সকলোতকৈ বেছিকৈ ভোট অৰ্জন কৰা প্ৰাৰ্থীজন তাৰ পিছতো বিজয়ী প্ৰাৰ্থী হিচাপে ঘোষিত হ’ব। যদিহে উচ্চতম ন্যায়ালয়ে কোনো প্ৰাৰ্থী নাকচ কৰাৰ অধিকাৰ (Right to Reject) ভোটদাতাসকলৰ হাতত অৰ্পণ কৰিলেহেঁতেন, যাৰদ্বাৰা যদি মুঠ NOTA ভোটৰ সংখ্যা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ভিতৰত সৰ্বোচ্চ ভোট অৰ্জন কৰা প্ৰাৰ্থীজনতকৈ বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো প্ৰাৰ্থীকে বিজয়ী প্ৰাৰ্থী বুলি ঘোষণা নকৰি পুনৰ নিৰ্বাচন ( Re-election) অনুষ্ঠিত কৰাৰ ব্যৱস্থা লোৱা হ’লহেঁতেন, সেইটোহে উচ্চতম ন্যায়ালয়ে নিজৰ কৰ্তৃত্বৰ সীমা লংঘন (Judicial Overreach) কৰি বিধায়নী সীমাৰ (Legislative Domain) ভিতৰত প্ৰৱেশ কৰা বুলিব পৰা গ’লহেঁতেন।

পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগক NOTA ভোটৰ ব্যৱস্থা কৰাৰ বাবে দিয়া নিৰ্দেশনা ক্ৰমে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ তালিকাৰ শেষত এটা NOTA ভোটৰ বুটাম EVMত সংযোজন কৰা হয়। ইয়াৰ পূৰ্বে কোনো বিয়োগাত্মক বেলট জমা দিবলৈ ভোটদাতাসকলে প্ৰিজাইডিং অফিচাৰক জনাব লাগিছিল। কিন্তু EVMত NOTA ভোটৰ বুটামৰ সংযোজনে বিয়োগাত্মক ভোটদানৰ ক্ষেত্ৰতো প্ৰিজাইডিং অফিচাৰৰ ভূমিকা নাইকিয়া কৰে আৰু ভোটদাতাসকলৰ বাবে ভোটদানৰ ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা সুনিশ্চিত কৰে। ২০১৩ চনত NOTA ভোট প্ৰদানৰ ব্যৱস্থা পোনপ্ৰথমবাৰৰ বাবে পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত গ্ৰহণ কৰা হয় আৰু পোন্ধৰ লাখৰো অধিক ভোটদাতাই NOTA ভোট প্ৰদান কৰে, যিটো সৰ্বমুঠ ভোটদাতাৰ ১.১৫%তকৈ কম আছিল। দিল্লীত প্ৰায় ৫০০০০ ভোটাৰ; ছত্তিশগড়ত প্ৰায় ৩.৫৬ লাখ ভোটাৰ; মধ্যপ্ৰদেশত প্ৰায় ৫.৯ লাখ ভোটাৰ আৰু ৰাজস্থানত প্ৰায় ৫.৬৭ লাখ ভোটাৰে NOTA ভোট প্ৰদান কৰে। আনহাতে, যোৱা লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰৰ বাবে লোকসভাৰ নিৰ্বাচনত NOTA ভোটৰ ব্যৱস্থা কৰা হয়। নীলগিৰি লোকসভা সমষ্টিত দেশৰ ভিতৰতে সৰ্বাধিক NOTA ভোট প্ৰদান কৰা হয় ( মুঠ সংখ্যা ৪৬,৫৫৯) আৰু লাক্ষাদ্বীপ সমষ্টিত দেশৰ ভিতৰত সৰ্বনিম্ন NOTA ভোট প্ৰদান কৰা হয় ( মুঠ সংখ্যা ১২৩)। এই লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ মুঠ ৫৪৩ লোকসভা সমষ্টিত প্ৰায় ৫৯.৭ লাখ ভোটদাতাই NOTA ভোট প্ৰদান কৰে, যিটো সৰ্বমুঠ গৃহীত ভোটৰ প্ৰায় ১.১% (মন কৰিবলগীয়া যে NOTA ভোটৰ এই শতকৰা ভোট শ্বেয়াৰ ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃত CPI আৰু Janata Dal (United)ৰ শতকৰা ভোট শ্বেয়াৰতকৈ বেছি আছিল)। সংখ্যাৰ হিচাপত উত্তৰ প্ৰদেশত সৰ্বাধিক ৫.৯২ লাখ ভোটদাতাই (ভোট শ্বেয়াৰ ০.৭% ) আৰু শতকৰা হিচাপত পুডুচেৰীত সৰ্বাধিক ৩% ভোটদাতাই NOTA ভোট প্ৰদান কৰে। ১৮ ছেপ্টেম্বৰ ২০১৫ত EVMত NOTA ভোটৰ বাবে নিৰ্দিষ্ট প্ৰতীক চিহ্ন (Symbol) হিচাপে এখন বেলট কাগজত ক’লা ৰঙৰ এটা ক্ৰছ (Cross) চিন ধাৰ্য কৰা হয় আৰু বিহাৰৰ শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰপৰা এই প্ৰতীক চিহ্নসম্বলিত EVM ব্যৱহাৰ কৰিবলৈ আৰম্ভ  হয়। ইয়াৰ আগলৈকে এখন বেলট কাগজত প্ৰাৰ্থীসকলৰ তালিকাৰ শেষত NOTA বুলি প্ৰিন্ট কৰি EVMৰ বেলট ইউনিটত সংলগ্ন কৰা হৈছিল আৰু ইয়াৰ বিপৰীতে থকা বুটাম দবাই এজন ভোটদাতাই NOTA ভোট প্ৰদান কৰাৰ ব্যৱস্থা চলি আছিল।

ভাৰতৰ বহু ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত এতিয়াও NOTA ভোটৰ সুবিধা ভোটদাতাসকলে গ্ৰহণ কৰিবলৈ পোৱাই নাই (আৰু অসম আৰু পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন ফল এতিয়াও ঘোষণা হোৱা নাই)  যদিও যোৱা লোকসভা নিৰ্বাচন আৰু তাৰ আগতে হোৱা কেইখনমান ৰাজ্যৰ নিৰ্বাচনত NOTA ভোটৰ ব্যৱহাৰৰ পৰিসংখ্যাৰপৰা কিছুমান নতুন দিশ সন্মুখলৈ আহিছে। তাৰ ভিতৰত এই লেখকৰ বিবেচনাৰে উল্লেখযোগ্য দুটামান দিশত আলোকপাত কৰাৰ এটা চেষ্টা কৰা হ’ল।

সাম্প্ৰতিক কালত বিভিন্ন ৰাজহুৱা মঞ্চৰ লগতে ছ’ছিয়েল মিডিয়াত হোৱা ‘হাই ট্ৰেণ্ডিং’ সামাজিক আৰু ৰাজনৈতিক আলোচনাবোৰত , বিশেষকৈ হায়দ্ৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত বেমুলাৰ আত্মহত্যাৰ পিছত, সঘনাই উচ্চাৰিত হবলৈ আৰম্ভ হোৱা ‘জাতি বৈষম্য’ৰ (Caste Discrimination ) ভয়াবহতা আৰু ‘দলিত ৰাজনীতি’ৰ(Dalit Politics) শেহতীয়া সমীকৰণ আৰু প্ৰতি-সমীকৰণ লগতে ড০ ভীমৰাওঁ ৰামজী আম্বেদকাৰৰ বৌদ্ধিক বাগধাৰাৰ সমৰ্থক (Ambedkarites) সকলৰ এক নতুন সক্ৰিয়তা আৰু গ্ৰহনযোগ্যতা ৰাজহুৱা মঞ্চত শক্তিশালী ভাৱে পুনৰ আৰম্ভ হোৱাৰ সময়ত এটা মন কৰিবলগীয়া কথা হ’ল সংৰক্ষিত আসনসমূহত (Reserved Constituency) NOTA ভোট প্ৰদানৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি আৰু সাধাৰণ আসনসমূহৰ (General Constituency) তুলনাত সংৰক্ষিত আসনসমূহত এই ভোটৰ অনুপাত অসমানুপাতীক ভাৱে বেছি (disproportionately high) হোৱা দেখা গৈছে । তাৰ ভিত্তিত এনে আলোচনায়ো আৰম্ভ হৈছে যে সংৰক্ষিত আসনসমূহৰ উচ্চ জাতিৰ (High Caste) ভোটদাতাসমূহৰ একাংশৰ কাৰণে এজন নিম্ন/ অনুসূচিত জাতিৰ ( Dalit/ Scheduled Caste) বা অনুসূচিত জনজাতিৰ (Scheduled Tribe) প্ৰাৰ্থীক ভোট দিয়াতকৈ NOTA ভোট অধিক পচন্দকৰ হৈ পৰিছে । যোৱা লোকসভা নিৰ্বাচনত দেশৰ প্ৰায় প্ৰতিটো লোকসভা সমষ্টিতে গড় হিচাপে ১০,০০০তকৈ অধিক আৰু মুঠ ৪৬ টা সমষ্টিত ২০,০০০ তকৈ অধিক NOTA ভোট গৃহিত হৈছিল । দেশৰ ভিতৰতে সৰ্বাধিক NOTA ভোট গৃহিত হোৱা ১০টা সমষ্টিৰ ৯ সমষ্টিয়ে সংৰক্ষিত সমষ্টি ( SC- ১, ST- ৮) আছিল । সাধাৰণ আসন সমূহৰ তুলনাত সংৰক্ষিত আসনসমূহত প্ৰায় দুগুণ NOTA ভোট আৰু গড় হিচাপত প্ৰতিটো ST Constituencyত প্ৰায় ২০,০০০ NOTA ভোট গৃহিত হৈছিল। আনহাতে SC Constituency বোৰতো NOTA ভোট গৃহিত হোৱাৰ হাৰ General Constituency বোৰতকৈ বেছি আছিল যদিও ব্যৱধান ST Constituencyৰ তুলনাত কিছু কম আছিল । NOTA ভোট গৃহিত হোৱাৰ অনুপাত ৰাষ্ট্ৰীয় গড়তকৈ (১.১% ) ছত্তিশগড় (১.৯%), ঝাড়খণ্ড (১.৫) আদি অনুসূচিত জাতিৰ অধিক জনবসতিপূৰ্ণ ৰাজ্যত বেছি আছিল আৰু দেশৰ ভিতৰতে সৰ্বাধিক NOTA ভোট (৪৬,৫৫৯টা) গৃহিত হোৱা তামিলনাডুৰ নীলগিৰি সমষ্টিয়ো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল(এই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে পোৱা মুঠ ভোটৰ সংখ্যা গৃহিত হোৱা NOTA ভোটতকৈ কম আছিল)।

যোৱা লোকসভা নিৰ্বাচনত দক্ষিণ বাংগালোৰ লোকসভা সমষ্টিত হিন্দুত্ববাদী ধৰ্মীয় সোঁপন্থী হিচাপে সময়ে সময়ে চৰ্চিত হৈ থকা শ্ৰীৰাম সেনাৰ (SriRam Sene)ৰ প্ৰমোদ মুতালিকে (Pramod Muthalik) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি গৃহীত হোৱা NOTA ভোটতকৈ কম ভোট অৰ্জন কৰিছিল। আনহাতে, মাওবাদী সন্ত্ৰাস ( Maoist/ Leftwing Extremism) জৰ্জৰিত সমষ্টিবোৰৰ ভিতৰত নৱৰংগপুৰ লোকসভা সমষ্টিত ( উৰিষ্যা ) আৰু বাস্তাৰ লোকসভা সমষ্টিত ( ছত্তিশগড়) দেশৰ ভিতৰতে দ্বিতীয় (৪৪,৪০৫) আৰু তৃতীয় (৩৮,৭৭২) সৰ্বাধিক NOTA ভোট গৃহীত হৈছিল। মাওবাদী অধ্যুষিত সমষ্টিবোৰত NOTA ভোটৰ ব্যৱহাৰ তুলনামূলকভাৱে বেছি হোৱা দেখাৰ বিপৰীতে বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদত জৰ্জৰিত জম্মু আৰু কাশ্মীৰত NOTA ভোটৰ ব্যৱহাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম আছিল (০.৯%)। ইয়াত লাডাখত ১,২০৭টা; জম্মুত ৪,৩৮২টা; বাৰামূলাত ৪,৫৬৮টা; শ্ৰীনগৰত ৪,৯৭৯টা আৰু অনন্তনাগত ৫,৯৩৬টা NOTA ভোট গৃহীত হৈছিল। এই ৰাজ্যৰ একমাত্ৰ উধামপুৰত ১০,০০০-তকৈ অধিক NOTA ভোট গৃহীত হৈছিল (১০,৪৭৮ টা )।

অৱশেষত এই লেখকৰ কিছু ব্যক্তিগত অভিমতেৰে এই প্ৰবন্ধটোৰ সামৰণি মাৰিব খুজিছোঁ। উচ্চতম ন্যায়ালয়ৰদ্বাৰা NOTA ভোটৰ সপক্ষত নিৰ্দেশনা জাৰি হোৱাৰ সময়ত বহু বিশেষজ্ঞই ইয়াৰ আদৰণি জনাই মতপোষণ কৰিছিল যে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো পৰিচ্ছন্ন কৰাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা বহুত। তাৰ বিপৰীতে আন বহু বিশেষজ্ঞই তুলনামূলকভাৱে নিৰাশ মনেৰে আঙুলিয়াই দিছিল যে  কোনো নিৰ্বাচনত ৫০%তকৈ অধিক NOTA ভোট গৃহীত হোৱাৰ পৰিবেশতো ৰাজনৈতিক দলবোৰ বা ৰাজনৈতিক শ্ৰেণীটোৰ ওপৰত ইয়াৰ কোনো বিশেষ প্ৰভাৱ পৰাৰ আশা ক্ষীণম আৰু অসাধু/অবিশ্বাসযোগ্য প্ৰাৰ্থীৰ সংখ্যাৰ কোনো হীন-দেঢ়ি পৰিলক্ষিত নহ’ব। এই লিখকৰ অভিমত যে বাস্তৱিক ক্ষেত্ৰত সাধাৰণতে দেখা যায়, ভাৰতত বহুসংখ্যক ভোটদাতাই ব্যক্তিগত প্ৰাপ্তি-অপ্ৰাপ্তি সম্বন্ধীয় কিছুমান চিন্তা-চৰ্চাৰ (consideration) পিছতহে কাক ভোটদান কৰিব বা নকৰিব, সেই সিদ্ধান্ত লয়, যিবোৰ অঞ্চল বিশেষে কম-বেছি পৰিমাণে প্ৰায়েই হস্ৰম্যাদী লাভৰ বাবে দৰিদ্ৰ শ্ৰেণীৰদ্বাৰা ভোট বিক্ৰীৰ পৰ্যায়লৈ পৰ্যবসিত হয়। এনে অৱস্থাত ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ কোনো প্ৰাৰ্থীকে ভোট নিদিয়াৰ পদক্ষেপ ল’বলৈ কিমান ভোটদাতাৰ মানসিকতা থাকিব ? এজন ভোটদাতাই প্ৰখৰ ৰ’দত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত তিনি ঘন্টা শাৰী পাতি থাকি কোনো প্ৰাৰ্থীকে ভোটদান নকৰি NOTAৰ বুটাম টিপিবলৈ অনুপ্ৰাণিত (motivated) হৈ থাকিব বুলি কিমান দূৰলৈ আশা কৰিব পাৰি? নে তেনে ক্ষেত্ৰত ভোটদাতাজন ভোটদান প্ৰক্ৰিয়াৰপৰাই আঁতৰি থকাৰ ( abstain from voting ) সম্ভাৱনা সৰহ? যুক্তিৰ খাতিৰত ধৰি ল’ব পাৰি যে অসাধু বা অযোগ্য প্ৰাৰ্থীক ভোট নিদি NOTA ভোট দিবলৈ বৃহৎ কলেবৰত দেশজুৰি সজাগতা আন্দোলন চলাই জনসাধাৰণক NOTA ভোটৰ প্ৰতি আগ্ৰহী আৰু সচেতন কৰি তুলিব পৰা যাব। কিন্তু বাস্তৱ অভিজ্ঞতাই দেখায় যে EVM যোগে ভোটগ্ৰহণ হোৱাৰ ব্যৱস্থা লোৱাৰ আগতে বেলট কাগজ যোগেৰে হোৱা ভোটগ্ৰহণত বিয়োগাত্মক ভোট দিব পৰা ব্যৱস্থা থাকোতেও (Conduct of Election Rules, 1961ৰ Rule ৪৯-O অনুসৰি) এনে ভোট গৃহীত হোৱাৰ সংখ্যা অতিকে কম আছিল আৰু অনেক সমষ্টিত এনে বিয়োগাত্মক ভোট প্ৰায় পৰাই নাছিল বুলিব পাৰি, বৰঞ্চ শুদ্ধকৈ ভোট দিব নজনাৰ কাৰণহে বেছি ভোট নষ্ট হৈছিল। সেয়ে এই লিখকৰ ধাৰণা যে NOTA ভোটৰ সংখ্যা বিজয়ী প্ৰাৰ্থীজনে আহৰণ কৰা ভোটৰ সংখ্যাতকৈ বেছি হোৱাৰ সম্ভাৱনা অতিমাত্ৰাই খীণ। সেয়ে NOTAৰ ব্যৱহাৰে ৰাজনীতিত অপৰাধী ব্যক্তিৰ যোগদানত বা ৰাজনৈতিক দলবোৰে অপৰাধত জড়িত ব্যক্তিক দলীয় প্ৰাৰ্থিত্ব দিয়াত কিমান ডাঙৰ বিয়োগাত্মক কাৰক হৈ উঠিব, সেইটো অতি সন্দেহজনক। এই লিখকৰ অভিমত যে কোনো এক বিশেষ নিৰ্বাচনী সংশোধনে – NOTAএ হওক বা Right to Rejectএ হওক – এককভাৱে কোনো বিশেষ যোগাত্মক প্ৰভাৱ পেলাব নোৱাৰে যদিহে আমি গোটেই নিৰ্বাচনী ব্যৱস্থাটোৰে সামগ্ৰিক সংশোধন আনিব নোৱাৰোঁ। এইক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা হ’ল এজন নিৰ্বাচিত প্ৰাৰ্থীৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অহাৰ নীতিসংগতা ( representational legitimacy) কিমান! বৰ্তমানৰ লোকসভাৰ ক্ষেত্ৰত দেখা  গৈছে যে ৮৩%তকৈ অধিক সাংসদৰ ক্ষেত্ৰতে সাংসদজনে আহৰণ কৰা ভোটতকৈ তেওঁৰ বিপক্ষে বেছি ভোট গৃহীত হৈছে, আনকি ৭%, ১৫%, ২০% ভোট পোৱা প্ৰাৰ্থীও সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। উত্তৰ প্ৰদেশৰ (ভাৰতৰ ভিতৰত সকলোতকৈ বেছি ভোটদাতা থকা ৰাজ্য)  বৰ্তমান বিধানসভাৰ প্ৰায় ৯৩% বিধায়কে নিজৰ নিজৰ সমষ্টিত ব্যক্তিগতভাৱে আহৰণ কৰা ভোটৰ সংখ্যা তেওঁলোকৰ বিপক্ষে পৰা ভোটৰ সংখ্যাতকৈ কম। এনে পৰিস্থিতিত এওঁলোকক জনপ্ৰতিনিধি বুলি ক’ব পাৰিনে ?  এই লিখকৰ ধাৰণাত কোনো এজন প্ৰাৰ্থীয়ে সেই সমষ্টিৰ মুঠ ভোটৰ ৫০%তকৈ এটা ভোটো বেছিকৈ আহৰণ কৰিব নোৱাৰালৈকে তেওঁক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা উচিত নহয় । অৱশ্যে ইয়াৰ বাবে বৰ্তমানে ভাৰতত প্ৰচলিত ‘সকলোতকৈ বেছি ভোট আহৰণ কৰা প্ৰাৰ্থীজন বিজয়ী ঘোষিত’ (First-past-the-post System) নিৰ্বাচন ব্যৱস্থাটোৰ কিছুমান ব্যৱস্থাগত সালসলনি (Systemic Change) কৰিব লাগিব । যদি কোনো এজন প্ৰাৰ্থীয়েই সমষ্টিটোৰ মুঠ গৃহিত ভোটৰ ৫০% তকৈ অধিক ভোট আহৰণ কৰিবলৈ সক্ষম নহয়, তেন্তে সকলোতকৈ বেছিকৈ ভোট আহৰণ কৰা প্ৰথম দুজন প্ৰাৰ্থীৰ মাজত তাৎক্ষণিকভাৱেই পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা উচিত । এনে ব্যৱস্থা হাতত ল’লে এই লিখকৰ ধাৰণাত সময়ৰ লগে লগে জাতি বা/ আৰু ধৰ্মৰ ভিত্তিত ‘ভোটবেংক’ গঠন/ পৃষ্ঠপোষকতা কৰাৰ প্ৰৱনতা কমি আহিব । বৰ্তমানৰ ব্যৱস্থাটোত ৰাজনৈতিক দল/ প্ৰাৰ্থীসমূহে জাতি বা/ আৰু ধৰ্মৰ ভিত্তিক ভোটবেংক কেন্দ্ৰিক ‘আইডেনটিটি পলিটিক্স’ (Identity Politics) কৰি নিজৰ ৰাজনৈতিক বৃত্তি চলাই থকাৰ সুযোগ পায় বা এই নীতিৰে চলি থকাৰ মানসিকতা গঢ় লৈ উঠে। কিন্তু যেতিয়া এজন প্ৰাৰ্থীয়ে সমষ্টিটোৰ মুঠ ভোটৰ ৫০%তকৈ অধিক ভোট আহৰণ কৰিলেহে বিজয়ী ঘোষিত হোৱা পৰিস্থিতিৰ সন্মুখীন হ’ব, তেন্তে প্ৰাৰ্থীজনে জাতি বা / আৰু ধৰ্মৰ ভোটবেংক কেন্দ্ৰিক আইডেনটিটি পলিটিক্সৰ উৰ্ধত উঠি সুশাসন (Good Governance)-ৰ আধাৰত ভোটদাতাসকলৰ বিশ্বাস অৰ্জন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব । ইয়াৰ ফলত ৰাজনীতিত অসাধু/অযোগ্য/অপৰাধী ব্যক্তিৰ দৌৰাত্ম্য, ধন আৰু বাহুবলৰ প্ৰয়োগ আদি নিশ্চিতভাৱেই কমি আহিব। সামৰণিত এই লিখকৰ অভিমত যে যদিও NOTA ভোটৰ ব্যৱস্থা গ্ৰহণ নিশ্চয়কৈ এটা আদৰণীয় পদক্ষেপ আৰু ভাৰতীয় ৰাজনীতিৰ পৰিচ্ছন্নতা বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সম্পূৰ্ণকৈ অনুধাৱন আৰু বিশ্লেষণ কৰিব পৰাকৈ ই সময়ৰ হিচাপেৰে এতিয়াও এটা নতুন পৰিঘটনা, তথাপি ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটো অধিক পৰিষ্কাৰ আৰু নিৰোগী কৰিবলৈ NOTAৰ দৰে বিয়োগাত্মক ভোটৰ অংগাগীভাৱে এজন প্ৰাৰ্থী জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অহাৰ নীতিসংগতা (Representational Legitimacy) সন্দৰ্ভতো কিছু নতুন চিন্তা-চৰ্চাৰ প্ৰাসংগিকতা বিদ্যমান আৰু এই দায়িত্ব আগৰ দৰেই চিভিল ছ’চাইটিৰ উদ্যোগতেই গঢ় লৈ উঠিব লাগিব বুলি ইতিহাসে ৰিঙিয়াই কয়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *