অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

নতুনত্বৰ সন্ধানত সফলতাৰ বাটত “তেজপুৰীয়া থেছপিয়ান”-(ৰঞ্জিত ভূঞা)

তেজপুৰীয়া থেছপিয়ান (Tezpuria Thespian) নামৰ সাংস্কৃতিক দলটোৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে চোৱাৰ সুযোগ পাইছিলো তেজপুৰৰ ঊষা নগৰৰ ৰাঙলী পথাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত। যিমান দূৰ মনত পৰে ২০১৪ বৰ্ষৰ বিহু সন্মিলন আছিল সেইবাৰ। অগতানুগতিক উপস্থাপন শৈলীৰে সুশৃংখলিতভাৱে কৰা পৰিৱেশনেৰে তেওঁলোকে সেইদিনা সকলোৰে মন মুহিছিল। খা-খবৰ লৈ জানি আনন্দিত হৈছিলোঁ যে তেওঁলোক তেজপুৰৰ, কলেজত পঢ়ি থকা যুৱক-যুৱতী। যুৱক-যুৱতীহঁত বিপথে গৈছে, আমাৰ সংস্কৃতিক আদৰ নকৰে, যুৱ উচ্ছৃংখলতা বাঢ়িছে- এনেধৰণৰ ঢেৰ আলোচনা-সমালোচনা, উদ্বেগৰ মাজত তেওঁলোকৰ মাজৰে কিছুসংখ্যকৰ এনে সুস্থ সাংস্কৃতিক চৰ্চাই মন পুলকিত কৰিছিল। তাৰ পাছতো এতিয়ালৈ আৰু দুবাৰ এই সাংস্কৃতিক দলটিৰ অনুষ্ঠান দেখাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ পাইছিলো যোৱা ৩০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী ৰূপ নগৰ বিহু মঞ্চত। অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান “প্ৰিয় বন্ধু”ৱে যোৱা আঠ আগষ্টত কাৰ্বি-আংলঙৰ ডকমকাত গণ উন্মাদনাৰে আক্ৰান্ত উন্মাদ জনতাৰ হাতত মৃত্যু হোৱা অভিজিৎ আৰু নীলোৎপলৰ নৃশংস হত্যাৰ প্ৰতিবাদ আৰু তেওঁলোকৰ স্মৃতিচাৰণৰ বাবে আয়োজন কৰা এটি অনুষ্ঠানত। সেই অনুষ্ঠান উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত মোৰ ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ হোৱা এটি লেখা সন্নিবিষ্ট হোৱাৰ সুবাদতে অনুষ্ঠানটিলৈ নিমন্ত্ৰিত হৈছিলো আৰু তেজপুৰীয়া থেছপিয়ান নামৰ আজি সকলোৰে মাজত পৰিচিত আৰু জনপ্ৰিয় সাংস্কৃতিক গোষ্ঠীটোৱে তেজপুৰৰ পৰা কোনো পাৰিশ্ৰমিক নোলোৱাকৈ তেওঁলোকৰ অনুষ্ঠান পৰিবেশন কৰিছিল উদীয়মান শিল্পী অভিজিৎ আৰু নীলোৎপলৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে। সেইদিনাও তেওঁলোকৰ পৰিৱেশনে সকলোৰে মন মুহিছিল। সেইদিনাই তেজপুৰ থেছপিয়ানৰ মুখ্য পৰিচালক মুখ্যধৰ দাসদেৱৰ স’তে চিনাকি হৈ কথা পাতিছিলো আৰু এই সাংস্কৃতিক গোষ্ঠীটোৰ সম্পৰ্কে কিছু কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। দাসে আগ্ৰহেৰে তেওঁলোকৰ বিষয়ে কিছু কথা লিখি মোলৈ পঠোৱাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেইদিনমানৰ আগেয়ে “তেজপুৰ থেছপিয়ান”ৰ মুখ্য পৰিচালক মুখ্যধৰ দাসদেৱে পঠোৱা দুই পৃষ্ঠা জোৰা এটি লেখা Whatsapp যোগে মোৰ হাতত পৰিছিলহি। তেখেতৰ কথাখিনি আছিল এনেধৰণৰ-

“প্ৰত্যেক ডাঙৰ সফলতাৰ আঁৰত থাকে এটি সৰু প্ৰচেষ্টা। তেনে ক্ষুদ্ৰ প্ৰচেষ্টাৰ পৰাই সৃষ্টি হোৱা এটি সফলতাৰ নাম হৈছে ‘Tezpuria Thespian’।দলটোৰ জন্ম স্থান যদিও তেজপুৰ, তথাপি দলটো গঢ়াৰ প্ৰথম চিন্তা মনলৈ আহে ২০১২ চনত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত। মহোৎসৱৰ ‘orchestra’ প্ৰতিযোগিতাত অংশ ল’বলৈ গৈছিল দৰং মহাবিদ্যালয়ৰ এটি ক্ষুদ্ৰ দল। গুৱাহাটী বিশ্ববিদ্যালয়ত হোৱা এই প্ৰতিযোগিতাই দলটিক যথেষ্ট উৎসাহিত কৰে, লগতে এক নতুন চিন্তাৰ বীজ ৰোপণ কৰে। এই বীজৰ পৰাই গজালি মেলি আত্মপ্ৰকাশ কৰে “Tezpuria Thespian” দলটি। দলটিৰ মুখ্য উদ্দেশ্য আছিল অসমৰ বিভিন্ন বিহুমঞ্চত থলুৱা নৃত্য-গীতপৰিৱেশন কৰা। এই উদ্দেশ্য আগত ৰাখিয়েই বিজয় শংকৰ শইকীয়া, মুখ্যধৰ দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ পলাশ জ্যোতি কোচৰ নেতৃত্বত আৰম্ভ হয় তিৱা নৃত্যৰ প্ৰশিক্ষণ। এনেদৰে এমুঠিমান সংস্কৃতিপ্ৰিয় ল’ৰা-ছোৱালীক লৈ আৰম্ভ কৰা ‘Tezpuria Thespian’য়ে পোন-প্ৰথমে আত্মপ্ৰকাশ কৰে তেজপুৰৰ শ্বহীদ বাকৰিৰ মুকলি বিহুত। দলটোৰ এই প্ৰথম প্ৰচেষ্টাক সকলোৱে অতি আগ্ৰহেৰে আদৰি লয়। ইয়াৰ পাছতে Tezpuria Thespianয়ে লাভ কৰে অসমৰ বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ। প্ৰথম বছৰতে দলটিয়ে মুঠ ৬৭ খন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে।

দলটিৰ নাম “Tezpuria Thespian” ৰখাৰ আঁৰতো আছে এটি বিশেষ কাৰণ। দৰাচলতে দলটিৰ প্ৰায় সংখ্যক সদস্যই আছিল নাটকৰ লগত জড়িত।সেয়ে নাটকৰ অভিনেতা-অভিনেত্ৰী বুজোৱা গ্ৰীক ভাষাৰ পৰা উদ্ভূত “Thespian”শব্দটো দলটিৰ নামকৰণত প্ৰয়োগ কৰা হয়। আনহাতে, দলটিৰ জন্মস্থান যিহেতু তেজপুৰ চহৰ, সেয়ে এই দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ নাম ৰখা হয় “Tezpuria Thespian”। প্ৰথম অৱস্থাত “Tezpuria Thespian”ৰ সদস্যৰ সংখ্যা ১৫- ১৬ জন আছিল যদিও সময় অতিক্ৰমৰ লগে লগে নতুন নতুন সদস্য-সদস্যাৰ যোগদানেৰে এই সংখ্যা বাঢ়ি বৰ্তমানে হৈছেগৈ ১২৩ গৰাকী।

“Tezpuria Thespian”এ পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানক মুখ্যতঃ দুটা ভাগত ভগাব পাৰি। প্ৰথমটি ভাগত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো এটা জনজাতিৰ নৃত্য-গীত আৰু আনটো ভাগত থাকে “folk orchestra”। আচলতে আৰম্ভণিৰ পৰাই Tezpuria Thespian দলটিৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে, উত্তৰ-পূৰ্বাঞ্চলৰ লোকগীত, লোকনৃত্য আৰু লোকবাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা; লগতে আমাৰ নতুন প্ৰজন্মক এই নৃত্য-গীত-বাদ্যযন্ত্ৰৰ লগত পৰিচয় কৰাই দি এইসমূহৰ প্ৰতি আকৰ্ষিত কৰা। সেয়েহে দলটিৰ অনুষ্ঠান পৰিৱেশনত কোনোধৰণৰ পাশ্চাত্য বা আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়। তাৰ পৰিৱৰ্তে অনুষ্ঠান পৰিৱেশনত ব্যৱহৃত সকলো বাদ্যযন্ত্ৰ হৈছে থলুৱা। মুঠতে নিজৰ মাটি, নিজৰ সংস্কৃতিৰ লগত নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াই, বিশেষকৈ নতুন প্ৰজন্মক, Tezpuria Thespianৰ লক্ষ্য। বৰ্তমান সময়ত Tezpuria Thespian দলটিয়ে অকল অসম বা উত্তৰ-পূৰ্বাঞ্চলতে নহয়, ভাৰতৰ আন আন ঠাইতো অনুষ্ঠান পৰিৱেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। Tezpuria Thespian নামটো হৈ পৰিছে যেন সকলোৰে চিনাকী; সকলোৰে প্ৰিয়। যিয়েই দলটিৰ প্ৰত্যেক সদস্যৰে মনলৈ আনি দিছে উৎসাহ-উদ্দীপনা আৰু কাম কৰি যোৱাৰ প্ৰেৰণা। নতুন নতুন কলা-কৌশল, নৃত্য-গীতসংযোগ কৰি, এটি সৰু প্ৰচেষ্টা, নতুন চিন্তাৰ পৰা জন্ম লাভ কৰা Tezpuria Thespianএ আজি সকলোৰে মৰম বুটলিবলৈ, অন্তৰত সাঁচ বহুৱাবলৈ সক্ষম হৈছে।”

মুখ্যধৰ দাসদেৱক ধন্যবাদ জনাইছোঁ। লেখাটোৰ মাজেৰেই আমি Tezpuria Thespian বা তেজপুৰীয়া থেছপিয়ান নামৰ সাংস্কৃতিক দলটিৰ জন্ম বৃত্তান্ত, লক্ষ্য আৰু উদ্দেশ্যৰ কথা জানিব পাৰিছোঁ। তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰি আমাৰ ধাৰণা দৃঢ় হৈছে যে সেই লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাটত তেওঁলোক সফলতাৰে আগবাঢ়ি গৈছে। নতুন প্ৰজন্মৰ মাজত আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকবাদ্য, লোক নৃত্যক চিনাকি কৰি দিয়াৰ লগতে এইবোৰৰ প্ৰতি আগ্ৰহী কৰি তোলাত তেওঁলোক সফল হৈছে। ইয়াৰ প্ৰমাণ তেওঁলোকৰ বাঢ়ি অহা সদস্য-সদস্যাৰ সংখ্যা। দাস ডাঙৰীয়াৰ লগত কথা পাতি জানিব পাৰিছোঁ যে প্ৰতিবছৰে তেওঁলোকে পতা সাংস্কৃতিক কৰ্মশালাত যুৱক-যুৱতীক লোকনৃত্য, লোকবাদ্যৰ প্ৰশিক্ষণ দিয়ে আৰু তাৰ পৰাই আগ্ৰহীসকলে দক্ষতা অনুসৰি সাংস্কৃতিক দলটিত অন্তৰ্ভুক্তিৰ সুযোগ পায়। এইদৰে আগ্ৰহী যুৱক-যুৱতীক তেওঁলোকৰ প্ৰতিভা বিকাশৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সুযোগ-সুবিধাৰ এক সুন্দৰ সাংস্কৃতিক মঞ্চ উপহাৰ দিবলৈ সক্ষম হৈছে তেজপুৰ থেছপিয়ান। দলটিয়ে বিভিন্ন লোকবাদ্য, লোকনৃত্যৰ সংমিশ্ৰণেৰে, সম্পৰীক্ষাৰে সংস্কৃতিপ্ৰেমী ৰাইজক নতুন নতুন সাংস্কৃতিক কাৰ্যসূচীৰ সোৱাদ দিছে। নতুন কিবা কৰিবলৈ যাওঁতে স্বাভাৱিকতে হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া, আলোচনা-সমালোচনাৰ সন্মুখীন তেওঁলোকো হৈছে, কিন্তু সেই প্ৰতিক্ৰিয়া, সমালোচনাত তেওঁলোকে ধৈৰ্য্য, মনোবল হেৰুওৱা নাই; বৰঞ্চ সমালোচনাক যোগাত্মক মনোভাবেৰে গ্ৰহণ কৰাৰ মানসিকতাৰ বাবে তেওঁলোকে ৰাইজৰ অধিক ওচৰ চাপিব পাৰিছে।তেওঁলোকৰ আৰ্হিৰে অসমৰ আন কিছু ঠাইতো এনেধৰণৰ দল গঠনৰ প্ৰতি যুৱক-যুৱতী বহুতৰে আগ্ৰহ বাঢ়িছে। আমাৰ বাবে ই অতিকৈ সুখৰ খবৰ।
সাফল্যৰ বাটত’তেজপুৰীয়া থেছপিয়ান’ গৌৰৱেৰে আগবাঢ়ি যাওক, তেওঁলোকলৈ অভিনন্দন আৰু অন্তৰ ভৰা শুভকামনা!

 

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *