কেন্দ্ৰীয় নিবন্ধ

এন আৰ চি: কোন এই ৪০ লাখ?-(আশ্ৰাফুল হুছেইন)

বহু প্ৰত্যাশিত এন আৰ চিৰ দ্বিতীয়টো তথা এন আৰ চি কৰ্তৃপক্ষৰ মতে সম্পূৰ্ণ খচৰা যোৱা ৩০ জুলাই, ২০১৮ তাৰিখে প্ৰকাশ পাইছে। দুটা দফাত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোকৰ সংখ্যা ৪০,০৭,৭০৭ জন। উল্লেখযোগ্য যে এক দীঘলীয়া প্ৰচেষ্টাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত প্ৰস্তুত হৈ থকা এন আৰ চিত আবেদনকাৰীৰ সংখ্যা আছিল ৩,২৯,৯১,৩৮৪ জন আৰু ইয়াৰে ২,৮৯,৮৩,৬৭৭ জনৰ নাম দুটা খচৰাত বৈধ ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত হৈছে। এই তথ্যৰপৰা বুজা যায় যে মুঠ আবেদনকাৰী ৮৭ শতাংশ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। মন কৰিবলগীয়া যে অন্তৰ্ভুক্ত নোহোৱা লোকৰ মাজত ২.৪৮ লাখ ডি ভোটাৰৰ সতি-সন্ততি আৰু বিচাৰ অধীন প্ৰক্ৰিয়াত থকা গোচৰৰ ভুক্তভোগীসকলো আছে। অন্যহাতে, মুঠ বাদ পৰাসকলৰ ভিতৰত প্ৰথম খচৰাত অন্তৰ্ভুক্ত হোৱা, কিন্তু এন আৰ চি কৰ্তৃপক্ষৰ মতে বিভিন্ন কাৰণত অন্তৰ্ভুক্ত হ’ব নলগা ১.১৫ লাখ কৰ্তন হোৱা লোকো আছে। ইপিনে চূড়ান্ত খচৰাৰ দাবী আৰু আপত্তিৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে বাকী লোকসকলৰ নাম অন্তৰ্ভুক্তি আৰু যদিহে যোগ্যতাহীনভাৱে কোনো নাম সোমাইছে, তেন্তে সেই নাম কৰ্তনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।

আমাৰ দৰে কিজানি সকলোৱে আশাবাদী আছিল যে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কোনো এজন স্বদেশীৰে নাম বাদ পৰি নাথাকক আৰু এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহওক। কিন্তু দেখা গ’ল যে বহু ক্ষেত্ৰত বৈধ ভাৰতীয় নাগৰিকৰ নাম খচৰাত প্ৰকাশ নাপালে। অন্যহাতে, খচৰাৰ ক্ষেত্ৰত অ্যাধিক হাৰত হিউমেন ইৰৰ, কম্পিউটাৰ ইৰৰ আদি লক্ষ্য কৰা গ’ল। এতিয়া কথাটো হৈছে একাংশ অসমীয়া সংবাদ মাধ্যমৰ লগতে, ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্ৰীয় মহলত বাদ পৰা লোকসকলক ইতিমধ্যে বিদেশী নাগৰিক হিচাপে ধৰি লৈয়েই বা-বাতৰি, খবৰ-আলোচনা আদি চলি আছে। অসমৰ দুই-চাৰি নেতৃত্বয়ো সমগ্ৰ ৪০ লাখ লোককে বিদেশী হিচাপে ক’বলৈ এৰা নাই। আনকি কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই থকা দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়েও এই সমগ্ৰ পৰিসংখ্যাক বিদেশী হিচাপে গণ্য কৰি সংবাদ মাধ্যমক সম্বোধন কৰা দেখা গ’ল। যি সময়ত বৰ্তমানৰ বিধায়ক, প্ৰাক্তন বিধায়ক, বিভিন্ন যুদ্ধৰ সেনা, সন্মানীয় ব্যক্তিত্ব, সমাজ সংগঠক, আমোলা, আইনজীৱী, সাংবাদিক আদি কৰি বিভিন্ন স্তৰৰ লোকৰ নাম এন আৰ চিৰপৰা বাদ পৰি আছে, সেই সময়ত তেনে প্ৰচাৰ কম দুৰ্ভাগ্যজনক নে?

এন আৰ চিখনত যেনেকৈ অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছেল, তাৰ বিপৰীতে সিমান গুৰুত্ব দিয়া হোৱা নাছিল যাতে স্বদেশীৰ নাম বাদ নপৰক। যাৰ প্ৰমাণ লাভ কৰিছোঁ অসমৰ বিভিন্ন গাঁৱে-গাঁৱে ঘূৰি, বিভিন্ন স্তৰৰ লোকৰ সাক্ষাৎ গ্ৰহণ কৰি। এনেদৰে বৈধ ভাৰতীয় মানুহৰ নাম চূড়ান্ত খচৰাৰপৰা বাদ পেলাই লাখ লাখ মানুহক মানসিক কষ্টৰ লগতে লজ্জাবোধত ভোগাই আছে, তেনে সময়তে কিছুমান অবাঞ্ছিত প্ৰশ্নও উত্থাপিত নোহোৱা নহয়। সেই প্ৰশ্নবোৰ ওপৰে-ওপৰে চালে সঁচা বুলিয়েই ভাব হ’ব যদিও ভিতৰলৈ সোমাই গ’লে এটা প্ৰক্ৰিয়াৰ মাজেৰে তথাকথিত ন্যায়িক ৰূপ দি একাংশ মানুহক বঞ্চিত কৰি ৰখাহে পৰিলক্ষিত হয়। যেনেকৈ খবৰ ওলাইছে যে মৰিগাঁও জিলাত প্ৰায় দুইকুৰি অবৈধ বিদেশী, যিসকলক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি মতামত দিছে (আদেশ বা ৰায় নহয়) তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। কিন্তু আপোনালোক সকলোৱে জানেই যে বিদেশী ন্যায়াধীকৰণ প্ৰকৃততে কোনো এক বিধিগত আদালত নহয়, ইয়াত কৰ্মৰত হৈ থকা মূল ব্যক্তিজনো কোনো ন্যায়াধীশ নহয়। এজন সাধাৰণ উকিল, যিয়ে মাথোঁ ১০ বছৰৰ তথাকথিত এক অভিজ্ঞতা লৈ এখন চকী দখল কৰি আছে। মন কৰিবলগীয়া যে এই যে বিদেশী ন্যায়াধীকৰণত বহি থকা অৰ্থাৎ ভাৰতীয় নে বিদেশী তাৰ নিৰ্ণয় কৰি থকা ব্যক্তিজন অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ এজন বেতনভোগী ঠিকাভিত্তিক কৰ্মচাৰী, যিসকলৰ চাকৰিৰ নিৰাপত্তাও নাই, তেনে লোকেই বিভিন্ন হেঁচাৰ ফলত এই লোকসকলক সকলো নথি-পত্ৰ থকাৰ পিছতো কেৱল সন্দেহৰ ভিত্তিত বিদেশী হিচাপে ঘোষণা কৰিছে। যিসকলৰ হাতত সঠিক নথি আছে তেওঁলোকে সঠিকভাৱে আবেদন কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোক এন আৰ চিৰ প্ৰাৰম্ভিক মাপকাঠি মতে যোগ্য বাবেই অন্তৰ্ভুক্ত হৈছে।

ইপিনে দেশৰ ভিতৰে-বাহিৰে নানাধৰণৰ প্ৰচাৰ আৰু অপপ্ৰচাৰ আদি দেখা গৈছে, যিবোৰৰ ভালেখিনিয়েই অপপ্ৰচাৰ। তাৰ মাজতে শাসকীয় দলৰ শীৰ্ষ নেতা আৰু কৰ্মীসকলে যেতিয়া স্বদেশী-বিদেশীৰ মাপকাঠি ধৰ্মীয় ভিত্তিত নিৰূপণ কৰি সেই মতেই কেৱল এক বিশেষ ধৰ্মাৱলম্বীক বহিষ্কাৰ আৰু বাকীসকললৈ আশ্ৰয় আৰু নিৰাপত্তাৰ কথা কয়, তেতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোৱেই সন্দেহৰ আৱৰ্তত সোমাই নাযায় জানো? অন্যহাতে যেতিয়া একাংশই বাদ পৰা তালিকাত অজস্ৰ ভাৰতীয় মানুহৰ নাম থকাৰ পাছতো সেই পৰিসংখ্যা কম হৈছে বুলি ভাষ্য বা মন্তব্য প্ৰদান কৰে, সেয়াও কম আশ্চৰ্য বা অমানৱিক নহয়। যিয়েই নহওক সকলো পক্ষই এই বিষয়বোৰ ভালদৰে অনুধাৱন কৰিলে প্ৰকৃত সত্য উদ্ঘাটনেৰে সঠিক পথৰ সন্ধান নিশ্চয় পাব পাৰিব। একেদৰে কি সঁচা, কি মিছা সেয়াও পৰিস্ফুট হ’ব।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছৰেপৰা বিভিন্ন স্থানত বিভিন্নজনৰ লগত বাৰ্তালাপ কৰি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰতিবেদন আৰু যুগুত কৰোতে বিভিন্ন স্তৰৰ ব্যক্তিৰ মতামত, বিভিন্ন উৎসৰ তথ্য আদি ব্যৱহাৰ কৰা হৈছে। ক্ষেত্ৰ অধ্যয়নত দেখা গ’ল যে একাংশ পৰিয়াল এনেকুৱা আছে যিসমূহ পৰিয়ালৰ সম্পূৰ্ণ তথ্য থকাৰ পাছতো পৰিয়ালৰ কাৰো নামেই এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। এই ক্ষেত্ৰত (লিখনি প্ৰস্তুত কৰা সময়লৈ) কাৰণবোৰ অজ্ঞাত যদিও কাৰিকৰী বিসংগতি নতুবা পক্ষপাত হোৱাৰ সম্ভাৱনা নথকা নহয়। কিছুমান পৰিয়াল এনেকুৱা দেখা গ’ল যে লিগেচি ডাটাৰ এটা অংশ অৰ্থাৎ হয় কেৱল ল’ৰা সন্তানকেইটাৰ নাম, নহ’লে কেৱল ছোৱালী সন্তানকেইজনীৰ নাম এন আৰ চিৰ খচৰাত প্ৰকাশ পাইছে, সম্ভৱতঃ কাৰিকৰী কাৰণত এটা অংশ বাদ পৰি থাকি গ’ল। অন্যহাতে কিছুমান পৰিয়াল এনেকুৱা আছে যে যিসমূহ পৰিয়ালত একাংশ ব্যক্তিৰ নাম খচৰাত প্ৰকাশ পাইছে যদিও বিভিন্ন কাৰণত দুই-এজন ব্যক্তিৰ নাম বাদ পৰি আছে। এই ছেগতে নামসমূহ বাদ পৰাৰ মূল কাৰণসমূহৰ একাংশ তলত বিশ্লেষণ কৰা হ’ল।

১) যদিও এন আৰ চি কৰ্তৃপক্ষৰ তৰফৰপৰা বাদ পৰা লোক সন্দৰ্ভত কোনো বিতং তথ্য প্ৰকাশ কৰা নাই তথাপিও ছেগা-চোৰোকাকৈ ক’ৰবাত ক’ৰবাত জিলাভিত্তিক কিছু তথ্য প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বেই আমি নামনি, উজনি আৰু বৰাকৰ বিভিন্ন স্থানৰ কেইবাজনো ব্যক্তিৰে সৈতে হোৱা বাৰ্তালাপত স্পষ্ট যে এই বাদ পৰাসকলৰ অধিকাংশ খাটিখোৱা দৰিদ্ৰ আৰু নিৰক্ষৰ লোক, তাৰে ভিতৰত মহিলা আৰু শিশুৰ সংখ্যাই অধিক। মহিলাসকলৰ ক্ষেত্ৰত পঞ্চয়ত প্ৰমাণপত্ৰ আৰু ডি ভোটাৰ, ৰেফাৰেঞ্চ কেছৰ বাবেই এই সংখ্যা যথেষ্ট বেছি। শিশুসকলৰ ক্ষেত্ৰত জন্মৰ এমাহতকৈ দেৰিকৈ ওলোৱা জন্মৰ প্ৰমাণপত্ৰ, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰ, কাউণ্টাৰ চহী নোহোৱা চৰকাৰী স্কুলৰ প্ৰমাণপত্ৰ আৰু ডি ভোটাৰৰ সতি-সন্ততিৰ নামবোৰ বাদ পৰিছে। অন্যহাতে, গাঁও পঞ্চায়তৰ নথিৰ জৰিয়তে মাতৃৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবেও তেওঁৰ সন্তানৰ নাম এন আৰ চিত অহা নাই। উল্লেখযোগ্য যে গাঁও পঞ্চায়তৰ নথিক সংযোগী নথি হিচাপে ব্যৱহাৰ কৰা আবেদনকাৰীৰ সংখ্যা আছিল ৪৮ লাখ ৪৫৬গৰাকী মহিলা, ইয়াৰে অনেকৰে নাম চূড়ান্ত খচৰাত প্ৰকাশ পোৱা নাই। ইপিনে ডি ভোটাৰ বা অগ্ৰহণীয় পঞ্চায়ত নথিৰ গৰাকীৰ ২০০৩ চনৰ পূৰ্বে জন্ম লোৱা শিশুৰ নাম মাতৃ বা পিতৃ এজনৰ নাম অন্তৰ্ভুক্ত হ’লেই এন আৰ চি খচৰাত থাকিব লাগিছিল, কিন্তু তেনে ক্ষেত্ৰতো অজ্ঞাত কাৰণত অনেক শিশুৰ নাম খচৰাত প্ৰকাশ নাপালে।

২) ঘোষিত বিদেশীৰ পৰিয়াল, ডি ভোটাৰৰ সন্তান আদিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ লগতে বিদেশী ন্যায়াধীকৰণ বা উচ্চ-উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সম্বন্ধে চলি থকা গোচৰৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ সন্তানৰ নামো অহা নাই এন আৰ চিৰ খচৰাত। আপোনালোকে জানেই যে বৈধ ভাৰতীয় নাগৰিকক কোনোধৰণৰ অনুসন্ধান বা তদন্ত নকৰাকৈ কিদৰে বিদেশীৰ নামত সন্দেহ জাপি দি ন্যায়াধীকৰণ বা আদালতলৈ দৌৰাই থকা হয়। ঘোষিত বিদেশী সম্পৰ্কেও এটা উদাহৰণ দি থোৱা ভাল বুলি অনুভৱ কৰিলোঁ। এজন বৃদ্ধ ব্যক্তিৰ সন্তান এজনক কোনোবা এখন বিদেশী ন্যায়াধীকৰণৰদ্বাৰা বিদেশী ঘোষিত হৈছে, ইপিনে বৃদ্ধ ব্যক্তিগৰাকীৰ নামো আছিল ১৯৫১ চনৰ এন আৰ চিত, এনে ক্ষেত্ৰত সেই বৃদ্ধ পিতৃজনৰ নাগৰিকত্ব কৰ্তন কৰাটো কিমান সমীচীন? ইপিনে যদি পিতৃজন ভাৰতীয়ই হয়, তেন্তে পুত্ৰক কিদৰে বিদেশী সজালে?

৩) অন্য ৰাজ্যৰপৰা বিবাহসূত্ৰে অসমলৈ অহা মহিলাসকলৰ লিগেচি বা অন্য ৰাজ্যৰপৰা আহি স্থায়ীভাৱে বসবাস কৰাসকলৰ তথ্য সেই ৰাজ্যসমূহে বিধিগতভাৱে এন আৰ চিৰ কৰ্তৃপক্ষক হস্তান্তৰ নকৰাত কিছু নাম বাদ পৰি যোৱাৰ তথ্য দেখা গৈছে। এক সূত্ৰৰপৰা পোৱা তথ্য মতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা ৬,০৯,৩৫৫ সংখ্যক তথ্যৰ মাত্ৰ ২,৯৮,৪৯৭ সংখ্যকহে পৰীক্ষা কৰি ঘূৰাই পঠিয়াইছে সংশ্লিষ্ট ৰাজ্যসমূহে, এতিয়াও এন আৰ চি কৰ্তৃপক্ষৰ হাতত পাবলৈ বাকী ৩,১০,৮৫১ সংখ্যক তথ্য।

৪) এন আৰ চিৰ আবেদন জমা দিয়াৰ কাল উকলি যোৱাৰ পিছত অৰ্থাৎ ২০১৪-২০১৮ চন মানৰ ভিতৰত বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰা অনেক ব্যক্তি আৰু তেওঁলোকৰ সতি-সন্তানৰ একাংশৰ নাম এন আৰ চিৰ খচৰাত প্ৰকাশ পোৱা নাই। উল্লেখযোগ্য যে নাগৰিকপঞ্জীৰ স্থানীয় পঞ্জীয়কক বিদেশী ন্যায়াধীকৰণৰপৰা পোৱা মতামত বা উচ্চ ন্যায়ালয়ৰ আদেশৰ কপি জমা দিয়াৰ পাছতো তেওঁলোকে সেই নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বুলি জনাইছিল। কিয়নো অসম পুলিচৰ ব’ৰ্ডাৰ বিভাগ, বিদেশী ন্যায়াধীকৰণ বা সংশ্লিষ্ট বিভাগৰপৰা পোৱা তালিকা মতেহে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ আছে বুলি স্থানীয় পঞ্জীয়কৰ একাংশই জনাইছে।

৫) অন্তিম পৰ্যায়ত বংশবৃক্ষৰ অমিলৰ বাবেও বহুসংখ্যক মানুহৰ নাম বাদ পৰিছে। এনেকুৱা কিছুমান ঘটনা ঘটিছে যে একেখন গাঁৱতে এসময়ত একে নামৰ দুজন ব্যক্তি আছিল। সম্ভৱতঃ দুয়োজনৰ নামতে ১৯৫১ৰ এন আৰ চি আছে বা এজনৰ নামত নাথাকিবও পাৰে। তেনে স্থলত দুয়োটা পাৰ্টিকে হিয়াৰিঙৰ বাবে মাতিছিল, ইয়াৰে যিকোনো এটা পাৰ্টিয়ে ছাৰেণ্ডাৰ কৰি বিকল্প বা শুদ্ধ নথি প্ৰদান কৰিছিল। এনে ক্ষেত্ৰতো একাংশ ঘটনা পোৱা গ’ল যে দুয়োপক্ষৰে নাম বা কোনোবা এক পক্ষৰ নাম নহাকৈ আছে খচৰাত। আনপিনে এনে ক্ষেত্ৰত কোনোধৰণৰ সমাধানত আহিব নোৱৰা পৰিয়ালো অৱশ্যে আছে।

৬) ৰিফিউজি কাৰ্ড থকাসকলৰ ক্ষেত্ৰতো কেতবোৰ সমস্যা দেখা গৈছে। ৰিফিউজি কাৰ্ড থকা  সত্ত্বেও কিছুমান পৰিয়ালৰ নাম এন আৰ চিত অহা নাই। উল্লেখযোগ্য যে এন আৰ চি প্ৰক্ৰিয়াত ১,৪০,৭৪৩টা ৰিফিউজি কাৰ্ডক নথি হিচাপে জমা দিয়াৰ তথ্য পোৱা গৈছে। মন কৰিবলগীয়া যে অজ্ঞাত কাৰণত একাংশ ৰিফিউজি কাৰ্ডৰ বিপৰীতে লিগেচি ডাটা কোড জেনেৰেট নোহোৱাৰ ফলতো এনেধৰণৰ সমস্যাত কিছু উদগনি যোগোৱাৰ ধাৰণা কৰা হৈছে।

৭) কিছু ক্ষেত্ৰত দেখা গ’ল যে চৰকাৰীভাৱে ৰাইজৰ বাবে সুলভ কৰা তথ্যসমূহৰ বাহিৰেও তেওঁলোকে অন্য কিছু নথিৰ সহায় ল’বলগীয়া হ’ল। কিন্তু তেনে লোকৰ ক্ষেত্ৰত লিগেচি কোড জেনেৰেট হোৱাত পলম হ’ল বা কিছুমানে নাপালে বাবেও তেওঁলোকৰ নাম বাদ পৰাৰ তথ্য এক এন আৰ কৰ্মীৰ মাৰফতত লাভ কৰা গৈছে। ইপিনে কিছুমান তথ্যৰ গৰাকীৰ এনে হৈছে যে সেই নিৰ্দিষ্ট তথ্যটো তেওঁৰ হাতত আছে যদিও সংশ্লিষ্ট কাৰ্যালয়ত তাৰ ৰেকৰ্ড বিচাৰি পোৱা যোৱা নাই, বহু তথ্যৰ ৰেকৰ্ড নাইকিয়া হৈ গৈছে বা নষ্ট হৈছে। এনে ক্ষেত্ৰতো এটা বৃহৎসংখ্যক মানুহৰ নাম এন আৰ চিৰ খচৰাৰপৰা বাদ পৰি ৰৈছে।

৮) কাৰিকৰী বা অন্য কোনো কাৰণত ভেৰিফিকেচন সম্পন্ন নোহোৱাৰ বাবে বাদ পৰি থাকিল একাংশৰ নাম। এই ক্ষেত্ৰত কিছুসংখ্যক মহিলাৰ পঞ্চায়তৰ প্ৰমাণপত্ৰৰ ভেৰিফিকেচন খচৰা প্ৰকাশৰ আগলৈ নাহিল বাবেও তেনে লোকৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰি থকাৰ কথা জনা গৈছে। অন্যহাতে এই ক্ষেত্ৰত এনে সমস্যা বিটিএডি এলেকাৰপৰা সংগ্ৰহ কৰা সংযোগী প্ৰমাণপত্ৰৰ ক্ষেত্ৰত অধিক দেখা গৈছে, কিয়নো বিটিএডি এলেকাত পঞ্চায়তীৰাজ ব্যৱস্থা নথকা হেতুকে বিকল্প সংস্থাৰপৰা সংগ্ৰহ কৰিব লগা হৈছিল প্ৰমাণপত্ৰ।

৯) এন আৰ চি কৰ্তৃপক্ষৰ কেতবোৰ দেখ-দেখ ভুলৰ বাবেও একাংশ লোকৰ নাম এন আৰ চিৰ খচৰাৰপৰা বাদ পৰিছে। এই ক্ষেত্ৰত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মাখন লাল দাসৰ উদাহৰণ লোৱা হ’ল। দাসে তেখেতৰ পৰিয়ালৰ আবেদন সময়মতেই অনলাইনযোগে দাখিল কৰিছিল। তেখেতৰ বসবাসৰ ঠিকনা আদাবাৰীৰ কামাখ্যা নগৰ আৰু সেৱা কেন্দ্ৰটো মালিগাঁও ৰেলৱে কলনিৰ ওচৰত৷ বংশবৃক্ষৰ প্ৰমাণ আদিও মালিগাঁৱৰ এন এছ কে কেন্দ্ৰৰ জৰিয়তে হৈছিল। তেওঁৰ পৰিয়ালটোৰ ভেৰিফিকেচন হৈ গ’ল যদিও প্ৰথম খচৰাত নাম নাহিল৷ অৱশ্যে চূড়ান্ত খচৰা প্ৰকাশৰ এমাহমান পূৰ্বে গাড়ীগাঁৱৰ সেৱাকেন্দ্ৰৰপৰা ফোন আহিল যে তেওঁৰ পৰিয়ালৰ ফাইলৰ হেনো কোনো কামেই হোৱা নাই৷ আচলতে হেনো দাসৰ সেৱা কেন্দ্ৰটো গাড়ীগাঁও বুলি জনাইছিল গাড়ীগাঁও সেৱা কেন্দ্ৰৰপৰা, কিন্তু ঠিকনা অনুসৰি মালিগাঁৱৰ সেৱাকেন্দ্ৰৰ অন্তৰ্গত হ’ব লাগে বুলি দাসে আমাক জনায়। বংশবৃক্ষ আৰু অন্যান্য যাৱতীয় নথি দিবলৈ তেখেতে গাড়ীগাঁৱৰ সেৱা কেন্দ্ৰলৈ তিনিদিন গ’ল আৰু দি আহিল, সকলো ঠিক আছে বুলিও জনালে এন এছ কেৰপৰা, কিন্তু দ্বিতীয় খচৰাতো তেওঁৰ পৰিয়ালৰ নাম নাহিল। দাসৰ পূৰ্বপুৰুষ বৰপেটা চহৰৰ বাসিন্দা হোৱাৰ লগতে ১৯৫১ৰ লিগেচি ডাটাত তেওঁৰ দেউতা আৰু শহুৰৰ নামো আছে৷ কিন্তু কাৰিকৰী খেলিমেলি আৰু অৱহেলাৰ বলি হোৱাত তেওঁৰ পৰিয়ালৰ নাম খচৰাত নাহিল।

একেধৰণে এন আৰ চি কৰ্তৃপক্ষৰ ভুলৰ বলি হ’ল ধুবুৰী জিলাৰ গোলকগঞ্জৰ পাৰুল বালা ৰায় (৪২)। ৰায়ৰ পঞ্চায়তৰ নথি পৰীক্ষাৰ বাবে নটিচ জাৰি কৰি এখন কেন্দ্ৰলৈ মাতি পঠিয়ায় যদিও সংশ্লিষ্ট কেন্দ্ৰলৈ যাওঁতে তাৰে কৰ্তৃপক্ষই জনাইছিল যে তেওঁৰ ভেৰিফিকেচন এইখন কেন্দ্ৰত নহয়, বেলেগ ঠাইতহে, পৰৱৰ্তী সময়ত শুদ্ধ আৰু নিৰ্দিষ্ট কেন্দ্ৰৰ নামসহ নটিচ যাব বুলি জনায় যদিও নটিচ নাহিল আৰু তেখেতৰ নামো নাহিল খচৰাত। অনুৰূপ একাধিক ঘটনাও বিভিন্ন উৎসৰপৰা জনা গৈছে।

১০) একাংশ অশিক্ষিত আৰু অৰ্ধশিক্ষিত মানুহে বৈধ ভাৰতীয় হোৱাৰ পাছতো তেওঁৰ সন্তানৰ নামত ভুৱা জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰি ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে অশিক্ষিত মানুহে প্ৰয়োজনৰ তাগিদাত পৰি দালালৰ সহায় লৈ জন্মৰ প্ৰমাণপত্ৰ উলিয়াই আনিছিল যদিও সেয়া আছিল ভুৱা, ভেৰিফিকেচন যেতিয়া ভুৱা বুলি প্ৰমাণ হ’ল তেতিয়া আৰু এন আৰ চিৰ খচৰাত নাম অহাৰ প্ৰশ্নই নাহে। এনে ক্ষেত্ৰত কোনো কোনো পৰিয়ালৰ একাধিক শিশু সদস্যৰ নাম বাদ পৰি গৈছে। কৈ থোৱা ভাল যে নথি জালিয়াতিৰ বাবে আইনে তেওঁক শাস্তি দিব পাৰে, কিন্তু কাৰোবাক নাগৰিকত্বৰপৰা বঞ্চিত কৰিব নোৱাৰে যাতে সেই ক্ষেত্ৰত সকলোৱে নজৰ ৰখা ভাল।

১১) ঘাতমাউৰা, তুলি লোৱা সন্তান, অবৈধ সন্তান (Illegitimate Child) আদিৰ নামৰ ক্ষেত্ৰতো এন আৰ চিৰপৰা বাদ পৰা দেখা গৈছে। একেদৰে পিতৃ পৰিচয়হীনভাৱে বা অঘৰী হৈ ফুৰি থকা মানুহৰ ক্ষেত্ৰতো একেই সমস্যা সন্দেহ কৰা হৈছে। তুলি লোৱা সন্তানৰ ক্ষেত্ৰত বিধিগতভাৱে সন্তান তুলি লোৱাৰ কোনো কাগজ-পাতি নথকাত এনে সমস্যাৰ সন্মুখীন হোৱাটো লক্ষ্য কৰা গৈছে। সাধাৰণতে যিবোৰ অনাথ আশ্ৰম থাকে, তাৰে শিশুসকলক বিধিগতভাৱে আশ্ৰমত গতাই দিয়া হয় বা কোনো ব্যক্তিক গতাবলৈ হ’লে চৰকাৰী বিধি মতে গতাই দিয়া হয়। কিন্তু গ্রামাঞ্চলত দেখা যায় যে কোনোবা শিশু অনাথ হৈ যোৱাৰ লগে লগে তেওঁৰ নিকটাত্মীয়ই তেওঁক তুলি লয় আৰু সকলো প্ৰমাণ-পত্ৰ আদিত পিতৃ হিচাপে তোলনীয়া পিতৃৰ নামকে সন্নিবিষ্ট কৰে। যাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ আৰু তাৰ পৰৱৰ্তী প্ৰমাণপত্ৰৰ লগত মিল নথকাত একাংশ এনে শিশুৰ নাম বাদ পৰা দেখা গৈছে। একেদৰে অবৈধ সন্তান (Illegitimate Child)কেন্দ্ৰিক যিবোৰ বিবাদ নিষ্পত্তি নোহোৱাকৈ কোনো শিশু ডাঙৰ-দীঘল হ’ল, তেওঁলোকৰ ক্ষেত্ৰতো এন আৰ চিক কেন্দ্ৰ কৰি কেতবোৰ সমস্যাই দেখা দিছে আৰু ক্ৰমশঃ সেই সমস্যা গভীৰ হ’বলৈ লৈছে। কিছুমান অবৈধ সন্তানে মাতৃৰপৰা তেওঁৰ পিতৃ পৰিচয় বা নাম জানি লৈ সেই নামকে তথ্য-পাতিত ব্যৱহাৰ কৰিছিল যদিও এন আৰ চিৰ বেলিকাত পিতৃৰ তৰফৰপৰা বংশবৃক্ষ নতুবা যাৱতীয় তথ্য-পাতিত সেই সন্তানজনক স্বীকৃতি দিয়া নাই, যাৰ বাবেও তেনে লোকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত নহ’ল।

১২) অস্বীকৃত কাজী সংগঠন বা ভুৱা কাজীৰ বিবাহৰ নথি-পত্ৰৰ বাবেও অনেকৰ নাম বাদ পৰিছে। চৰকাৰে পূৰ্বতে কোন কোন কাজী সংগঠন বৈধ সেই সম্পৰ্কে ৰাইজৰ মাজত কোনো সজাগতা অনা নাছিল বাবেই ৰাইজে নজনাকৈ তেনে একাংশ কাজীৰদ্বাৰা বিবাহ পঞ্জীয়ন কৰাইছিল। তেনে অনেক সংগঠনৰদ্বাৰা পঞ্জীয়নকৃত বিবাহৰ প্ৰমাণপত্ৰ পৰীক্ষণৰ সময়ত বাতিল কৰা হৈছে আৰু যাৰ ফলত একাংশ মুছলমান মহিলাৰ নাম এন আৰ চিৰ খচৰাৰপৰা বাদ পৰিছে।

১৩) ইপিনে এনে কিছু থলুৱা ব্যক্তিৰ কথা আমি জানিব পাৰিছোঁ যিসকল ব্যক্তিয়ে অজ্ঞতা, অক্ষমতা আৰু বিভিন্ন অসুবিধাৰ বাবে এন আৰ চিত আবেদনৰপৰা বিৰত আছিল। ইয়াৰে কেইটামান প্ৰকাৰ আৰু ঘটনা তলত কোৱা হ’ল।

ক) ‘জব তক চাই গাছ থাকবে, কে হামকে খেদাবে’ – এয়া এজন আদিবাসী চাহ শ্ৰমিকৰ ভাষ্য। মন কৰিবলগীয়া যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিনাও একাংশ শ্ৰমিকৰে বাৰ্তালাপত এনেলোকক সাক্ষাৎ পোৱা গৈছিল, যিসকলে নিজৰ এন আৰ চিৰ আবেদনপত্ৰ পূৰণ কৰা নাছিল।

খ) অসবৰ্ণ বিবাহৰ ফলতো কিছু মহিলাই নিজৰ এন আৰ চিৰ আবেদনপত্ৰ পূৰণ কৰিব পৰা নাছিল। যদিও কোনোবাই পূৰণৰ ইচ্ছা প্ৰকাশো কৰিছিল, কিন্তু পিতৃ পৰিয়ালৰ লোকৰ অসহযোগিতাৰ বাবে তেওঁলোকে এন আৰ চিৰপৰা বঞ্চিত হৈ আছে বা আবেদন কৰিলেও সাক্ষী-বাদীৰ অভাৱত খচৰাত নাম প্ৰকাশ পোৱা নাই।

গ) একাংশ অকলশৰীয়া বৃদ্ধ যাৰ কোনো সতি-সন্ততি নাই, তেনে লোকৰ একাংশই অসহায়ভাৱে নিজৰ আবেদনৰপৰা আঁতৰি থকাৰ খবৰ পোৱা গৈছে। কিছুমানে তেওঁৰ নামটো লৈ চিন্তিত হ’লেও একাংশই কৈছিল – “মানুহটো মৰিয়ে যাব, এওঁক আকৌ এন আৰ চি দি কি কাম”৷ ইপিনে অকলশৰীয়া বৃদ্ধৰ বাবে নিজৰ লিগেচি কোড বিচাৰি ফুৰাও সম্ভৱ নাছিল। এনে এটি ঘটনাৰ উদাহৰণ গোৱালপাৰা জিলাৰ নিজকুৰশাকাটি গাঁৱত পোৱা যায়।

নিবন্ধৰ সামৰণিত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ। এন আৰ চিৰ পূৰ্ণাঙ্গ খচৰা প্ৰকাশ পালে যদিও এতিয়া বাকী থকা প্ৰক্ৰিয়াখিনি সম্পন্ন হোৱাত বিভিন্ন অপশক্তিয়ে ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিব পাৰে। ইতিমধ্যে শাসকীয় দল বা অন্যান্য কিছু সংগঠনৰ পৃষ্ঠপোষকতাত আপত্তিৰ নামত কিছু লোকক পুনৰায় নাগৰিকত্বৰ প্ৰশ্নটো সন্দেহৰ আৱৰ্তত সুমুৱাব বিচাৰিব। এনে প্ৰক্ৰিয়া আমি অসম আন্দোলনৰ আগৰ সময়ছোৱাত লক্ষ্য কৰিছিলোঁ। যধে-মধে আপত্তি দাখিল কৰাৰ ফলত তেনে সমস্যাই বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল এক বিপুলসংখ্যক লোকক। এইবাৰ অন্ততঃ আমি আশাবাদী, আপত্তি দাখিলৰ প্ৰক্ৰিয়া শিথিল কৰা নহওক যে যধে-মধে আপত্তি দর্শাব। এনে কিছুমান কাৰকৰ বাবে আমি নজৰ ৰখা প্ৰয়োজন যে এই প্ৰক্ৰিয়াত যাতে কোনো অপশক্তিয়ে ব্যাঘাত জন্মাব নোৱাৰে, কোনো অপশক্তিয়ে যাতে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব নোৱাৰে, উৰাবাতৰি বিয়পাব নোৱাৰে, আইন-শৃংখলাজনিত সমস্যা সৃষ্টি কৰিব নোৱাৰে। কোনোবাই বিশৃংখলা সৃষ্টি কৰিব বিচাৰিলেও সমূহ ৰাইজে তেনে শক্তিক চিনাক্ত কৰি বিহিত ব্যৱস্থাৰ বাবে প্ৰস্তুত থাকিব লাগে। ইপিনে এন আৰ চিৰ চূড়ান্ত খচৰাৰপৰা বাদ পৰা প্ৰকৃত ভাৰতীয়সকলৰ বেছিসংখ্যক খাটিখোৱা দৰিদ্ৰ আৰু নিৰক্ষৰ লোক। এইসকল প্ৰকৃত ভাৰতীয় লোকসকলৰ নাম বাদ পৰাৰ মূল কাৰণ জানি লৈ সেইসকল লোকৰ বৈধ নথিৰ সৈতে দাবীপত্ৰ শুদ্ধকৈ পূৰণ কৰি দিয়াত সকলোৱে সহায় কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিবলগীয়া। ইয়াৰ বাবে সহায় কৰিবলৈ আগ বাঢ়ি অহা লোকসকলক বিভিন্ন সংগঠন বা দলে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে অতি উত্তম। দৰিদ্ৰ, নিৰক্ষৰ আৰু অতি সাধাৰণ লোকৰ কাৰোবাৰ নাম যদি অশুদ্ধভাৱে এন আৰ চিৰ খচৰাত প্ৰকাশ হৈছে, তেন্তে নাম শুধৰণি কৰাৰ নিয়ম আৰু পৰ্যায়সমূহ তেওঁলোকক বুজাই দিয়াৰ লগতে সহায় কৰা উচিত। নহ’লে সজাগতা আৰু গুৰুত্বৰ অভাৱত বহুতো লোকৰ নাম তেনেকৈ ভুলকৈয়ে এন আৰ চিত সন্নিবিষ্ট হৈ থাকিব আৰু পৰৱৰ্তী সময়ত এইসকল লোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ থল আছে। এন আৰ চি প্ৰক্ৰিয়াটোত আমি চকু ৰখা প্ৰয়োজন যে কোনো এজন বিদেশীৰ নামো যাতে অন্তৰ্ভুক্ত নহয়, একেদৰে পক্ষপাতমূলকভাৱে কোনো স্বদেশীৰ নামো যাতে বাদ নপৰে। এই ক্ষেত্ৰত সকলো প্ৰক্ৰিয়া অনুসন্ধানী আৰু সন্দেহৰ দৃষ্টিৰে চোৱা প্ৰয়োজন।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *