অনুবাদকবিতা

অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ – (ইংৰাজীৰ পৰা ‍অনুবাদ: কৌশিক দাস)

(অনুবাদকৰ টোকা : যোৱা শতিকাৰ চতুৰ্থ দশক। সে‌য়া আছিল ভয়ংকৰ দুৰ্বিষহ সময়। মানৱ-সভ্যতাৰ সংকটৰ সময়। ফেচিষ্ট দানৱৰ আগ্রাসনত কম্পিত সমগ্র পৃথিৱী। ইটালিতো ফেচিষ্টৰ দপ্‌দপনি। কিন্তু ইতিহাসত সদায়েই যি হৈ আহিছে, তাতো সেই একেই হৈছিল। অত্যাচাৰী শাসকৰ ৰঙা-চকুক ভয় নকৰা এচাম দুৰ্দান্ত মানুহে আৰম্ভ কৰিলে প্রতিৰোধৰ সংগ্রাম।

 

তেনে পটভূমিতেই সৃষ্টি হৈছিল এটা অমৰ গীতৰ, “O bella ciao, bella ciao, bella ciao ciao ciao”। ইটালিয়ান ভাষাৰ এই গীতটিৰ মূল উৎস আছিল দাৱনীসকলে ধান দোৱাৰ সময়ত গোৱা লোকগীত। কিন্তু “O bella ciao, bella ciao, bella ciao ciao ciao” গীতটি কোনে ৰচনা কৰিলে, সেইটো এতিয়া অজ্ঞাত।

 

ফেচিষ্টক উৎখাত কৰাৰ সেই মৰণপণ সংগ্রামত এই গীতটিয়ে ইটালিৰ মুক্তিযোদ্ধাসকলৰ বুকুত হেজাৰ সৈনিকৰ বল ক‌ঢ়িয়াই আনিছিল। হিমচেঁচা শীতৰ ঋতুত এই গীতটিৰ ছন্দত মধ্য ইটালিৰ পৰ্বতমালাৰ সমীপৰ সেই প্রতিৰোধী সংগ্রামত অৱতীৰ্ণ হৈছিল স্বাধীনতাৰ অদম্য সেনানীসকল।

 

গীতটিৰ ভাষা আৰু ভাব তেনেই সহজ-সৰল। তেনে গীত অনুবাদ কৰা বৰ কঠিন। তথাপি, আমি মৰ সাহ কৰি, গীতটি ইংৰাজী অনুবাদৰপৰা অসমীয়ালৈ তৰ্জমা কৰাৰ প্রয়াস কৰিছোঁ। অনুবাদত মূল গীতৰ ছন্দ অবিকৃত ৰূপত ৰাখিব নোৱাৰিলোঁ।)

অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ

এদিন পুৱা সাৰ পাই উঠিলোঁ
–অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ –
এদিন পুৱা সাৰ পাই দেখিলোঁ‌
দেশৰ মাটিত শতৰুৰ পদাচৰণ ।

অ’ মোৰ বন্ধু, মোক লৈ যোৱা
-অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ-
অ’ মোৰ বন্ধু, মোক লৈ যোৱা –
অনুভৱ কৰিছোঁ মৃত্যুৰ শীতল আগমন ।

ৰণৰ পথাৰত মোৰ মৃত্যুৰ পোৱা যদি খবৰ
-অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ –
যদি ৰণৰ পথাৰত মোৰ মৃত্যু হয় –
পাহাৰৰ শিখৰত তুমি দিবা মোক কবৰ ।

পাহাৰৰ শীতল শিখৰত তুমি দিবা মোক কবৰ
কাষতে ফুলিব গোলাপ-গুটিমালী-বকুল-তগৰ !

অচিন বাটৰুৱাই কৰিব সদায়েই ভুল
-অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ –
ক’ব অচিন বাটৰুৱাই ইমান ধুনীয়া ফুল !

এয়া যে যুঁজাৰু সেনানীৰ ফুলৰ লতা
-অ’ মোৰ মৰমী, বিদায় – মই যাওঁ যাওঁ যাওঁ –
এয়া যে সহযোদ্ধাৰ ফুলৰ লতা,
যোৱাৰ পৰত যাৰ শেষ কথা আছিল –
স্বাধীনতা-স্বাধীনতা-স্বাধীনতা !!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *