ঐতিহাসিক ভুল : হিন্দুত্ববাদী আৰু সাম্যবাদীসকল (ময়ূৰ চেতিয়া)

১৯২০ৰ দশকৰ আশে-পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচন, ৱর্কার্ছ এণ্ড পিজেণ্টছ পার্টি আদি দলবোৰ, আৰু আনহাতে গঠন হৈছিল হিন্দু মহাসভা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আদি হিন্দুত্ববাদী সংগঠনসমূহ।
আজি প্রায় নব্বৈ বছৰৰ পাছত হিন্দুত্ববাদীসকলে দেশত শাসন কৰিছে। আনহাতে সাম্যবাদীসকল দেশৰ কেতবোৰ বিশেষ অঞ্চল তথা গণ-আন্দোলনৰ মাজতে সীমাবদ্ধ হৈ আছে। বিপ্লৱতো বাদেই, ভাৰতীয় সাম্যবাদীসকলে আজিলৈকে কেন্দ্রত কল্যাণমূলক চৰকাৰ এখনো গঠন কৰিব পৰা নাই।
ইয়াৰ আঁৰৰ কাৰণবোৰ নিশ্চয় পর্যালোচনা কৰি চোৱা উচিত। পিছে এটা কথা মনত ৰখা ভাল – সংগঠন একোটাই ক্ষমতা লাভ কৰিলেই সেই সংগঠনে মানি চলা মতাদর্শৰ শুদ্ধতা প্রমাণিত হৈ নাযায়। উদাহৰণস্বৰূপে, আজি মধ্য-প্রাচ্যৰ এক বৃহৎ অংশ আইছিছ, আল নুচৰা, ব’ক’ হাৰাম আদি সোঁপন্থী-ইছলামবাদী-মৌলবাদী শক্তিৰ হাতত আছে। সেই বুলিয়েই এনে শক্তিসমূহক শুদ্ধ বুলি নিশ্চয় ক’ব পৰা নোৱাৰি! মধ্য-প্রাচ্যত আজি গণতন্ত্র পৰাজিত হ’লেও তাত গণতান্ত্রিক প্রমূল্য নিশ্চয়কৈ নাকচ কৰিব পৰা নাযায়! সামাজিক সত্য বৈজ্ঞানিক সত্যৰ দৰে নহয়, যি এসময়ত প্রায় স্বয়ংক্রিয়ভাৱেই পোহৰলৈ ওলাই আহিব। ইয়াৰ স’তে জড়িত হৈ আছে বিভিন্ন সামাজিক গোষ্ঠীৰ স্বার্থৰ প্রশ্ন।
যি কি নহওক, হিন্দুত্ববাদীৰ জয় আৰু সাম্যবাদীৰ পৰাজয় আজি আমাৰ আলোচ্য বিষয় নহয় (এই বিষয়েও আলোচনা নিশ্চয় হোৱা উচিত আৰু হৈছেও)। বৰং আমি আলোচনা কৰিব বিচাৰিছোঁ, সাম্যবাদী আৰু হিন্দুত্ববাদীসকলৰ কেতবোৰ ঐতিহাসিক ভুল সম্পর্কে যাৰ বিষয়ে আজিও প্রায়েই আলোচনা হয়। অধিক ভূমিকা নবন্ধাকৈ পোনেই আলোচ্য বিষয়লৈ অহা যাওক।
পাকিস্তান আৰু ধর্মভিত্তিক ৰাষ্ট্র প্রসংগ : পাকিস্তানৰ দাবীটোৰ মূলতে আছিল এই ধাৰণা যে ভাৰতৰ হিন্দু তথা মুছলমান – এই দুয়োটা সম্প্রদায়ে দুটা ভিন ভিন জাতি (nation) গঠন কৰিছে। আমোদজনকভাৱে, নীতিগতভাৱে হিন্দু মহাসভা আৰু মুছলিম লীগ – দুয়োটা সংগঠনেই এই কথাটো মানি লৈছিল। হিন্দুত্ববাদীসকলে আজিও ধর্মভিত্তিক জাতিৰ কথাটো মানি লয়। এইক্ষেত্রত আজিকালি মাথোঁ তেওঁলোকে হিন্দু ধর্মৰ সলনি হিন্দু সংস্কৃতি শব্দটো ব্যৱহাৰ কৰে। যি কি নহওক, হিন্দু মহাসভা আৰু মুছলিম লীগৰ পার্থক্যটো এইখিনিতে আছিল যে মুছলীম লীগে তেওঁলোকৰ জাতিটোৰ স্বায়ত্ততা দাবী কৰিছিল, আনহাতে হিন্দুত্ববাদীসকলে ভাৰতত হিন্দু জাতিৰ ভিত্তিত ৰাষ্ট্র প্রতিষ্ঠা কৰি মুছলিম জাতিটোক দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পর্যবসিত কৰাৰ পোষকতা কৰিছিল। কিন্তু হিন্দু আৰু মুছলমান – এই দুয়োটায়েই যে দুটা সুকীয়া জাতি – এই বিষয়ে দুয়োৰে মনত বিশেষ কোনো মতভেদ নাছিল। মতভেদ আছিল মাথোঁ এই কথাটো লৈ যে এই দুয়োটা জাতিৰ অস্তিত্বৰ কথাটো এতিয়া কেনেদৰে সমাধান কৰা যায়?
ইবিলাকৰ বিপৰীতে, সংস্কৃতিৰ বিপৰীতে কমিউনিষ্টসকলে সদায়েই আর্থিক জাতীয়তাবাদৰ ভিত্তিত ভাৰতীয় ৰাষ্ট্র গঠনৰ পোষকতা কৰিছিল। এইক্ষেত্রত বাটকটীয়া আছিল ১৯ শতিকাৰ কেতবোৰ ভাৰতীয় বুর্জোৱা জাতীয়তাবাদী বুদ্ধিজীৱী – যি ব্ৰিটিছ শাসনৰ ঔপনিবেশিক-আর্থিক শোষণৰ দিশটো পোহৰলৈ আনিছিল। কেনেদৰে ভাৰতৰ সম্পদবোৰ কাঢ়ি নি ব্ৰিটেইনৰ উদ্যোগীকৰণৰ কামত লগোৱা হৈছিল (drain of wealth), কেনেদৰে কৃষিৰ অত্যধিক খাজনাই জনগণৰ ওপৰত মাধমাৰ শোধাইছিল, এই বিষয়ে তেওঁলোকে বিস্তৰভাৱে লিখি থৈ গৈছিল। ৰমেশ চন্দ্র দত্ত, দাদাভাই নৌৰজী আদি বুর্জোৱা বুদ্ধিজীৱীসকলেই আর্থিক জাতীয়তাবাদৰ ভিত্তিটো নির্মাণ কৰিছিল যিটো কিছু সংশোধন কৰি কমিউনিষ্টসকলেও পাছলৈ মানি লৈছিল।
পিছে চল্লিছৰ দশকৰ আশে-পাশে কেতবোৰ জটিলতাই দেখা দিলে। চল্লিছৰ প্রথমভাগত মুছলিম লীগে তেওঁলোকৰ লক্ষ্য পূর্ণ স্বাধীনতা বুলি দাবী কৰিলে। বিভিন্ন কাৰণবশতঃ কংগ্রেছ দলৰ অধীনত থকা মুছলমানৰ সংখ্যা যথেষ্ট কমি আহিল। মন কৰিবলগীয়া যে ১৯৪৭ চনৰ শেহ মুহুর্তপর্যন্ত জিন্নাই তেওঁৰ কথিত পাকিস্তানখনৰ কোনো মানচিত্র দর্শাবলৈ সক্ষম হোৱা নাছিল। আয়েশা জালাল আদি কেতসংখ্যক উদাৰবাদী ইতিহাসবিদৰ মতে, জিন্নাই আচলতে স্বাধীন ভাৰতত হিন্দু আৰু মুছলমানৰ বাবে সমানুপাতিক প্রতিনিধিত্ব (proportional representation)ৰ দাবী কৰিছিল (প্রসংগ গ্রন্থ : The Sole Spokesman: Jinnah and the Movement for Pakistan by Ayesha Jalal, Oxford University Press, 1994)। পাকিস্তানৰ দাবী আচলতে জিন্নাৰ বাবে এক বাগাড়ম্বৰমূলক দাবী (rhetorical demand) আছিল যাৰ জৰিয়তে তেওঁ কংগ্রেছক শ’লঠেকত পেলাই ব্ৰিটিছ চৰকাৰৰপৰা মুছলমানৰ বাবে সমানুপাতিক প্রতিনিধিত্ব আদায় কৰিব বিচাৰিছিল। কংগ্রেছে সদায়েই এক শক্তিশালী কেন্দ্রীয় চৰকাৰ – অর্থাৎ কেন্দ্রীকৃত ভাৰতৰ কল্পনা কৰিছিল, আনহাতে জিন্নাই কল্পনা কৰিছিল আমেৰিকাসদৃশ এক ফেডাৰেল আর্হিৰ ভাৰতৰ – য’ত ফেডাৰেল প্রদেশসমূহৰ ওচৰত যথেষ্ট ক্ষমতা থাকিব। অর্থাৎ বংগ, পঞ্জাব আদি অঞ্চলত মুছলমানৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত মুছলমানৰ স্বার্থ ৰক্ষিত হ’ব। মুছলমান সংখ্যাগৰিষ্ঠ এই প্রদেশ দুখনৰ অস্তিত্বৰ ফলত দেশৰ অন্যান্য অঞ্চলত হিন্দুসকলে মুছলমানৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব।
সি যি কি নহওক – এইখিনিতেই কমিউনিষ্ট নেতৃত্বই এটা সিদ্ধান্ত ল’লে। কমিউনিষ্ট নেতা পি চি যোশীৰ ভাষাত, “বিছ আৰু ত্রিছৰ দশকত যিদৰে হিন্দু জনগণক গান্ধীজীয়ে স্বাধীনতাৰ বাবে জাগৃত কৰিব পাৰিছিল, আজি জিন্নাৰ অধীনতো মুছলমান জনগণ স্বাধীনতাৰ বাবে জাগৃত হৈছে। সেয়েহে আমি মুছলীম লীগকো স্বাধীনতা আন্দোলনৰ অংশবিশেষ বুলি মানি ল’ব লাগিব।”
চল্লিছৰ সময়ছোৱাৰ কমিউনিষ্ট পার্টিৰ ডকুমেণ্টসমূহ পঢ়ি চালে এটা শাৰী বাৰম্বাৰ দেখা পোৱা যায় : “ভাৰতৰ স্বাধীনতাৰ প্রশ্নটোত কংগ্রেছ আৰু মুছলীম লীগ এক বুজাপৰালৈ আহিব লাগে আৰু শীঘ্রে দেশৰ স্বাধীনতাৰ প্রতিশ্রুতিৰ বিনিময়ত আমি ফেছিবাদ-বিৰোধী যুক্তফ্রণ্টত অংশগ্রহণ কৰিব লাগে।”
১৯৪৫-৪৭ সময়ছোৱাত কমিউনিষ্ট নেতৃত্বাধীন কৃষক আৰু শ্রমিক আন্দোলনসমূহ পুনৰ সক্রিয় হৈ পৰিল। ভাৰতীয় নাবিকসকলৰ বিদ্রোহৰ ক্ষেত্রতো কমিউনিষ্টসকলে প্রধান ভূমিকা পালন কৰিলে। কংগ্রেছ, লীগ আৰু কমিউনিষ্টৰ ৰঙা পতাকা নাবিকসকলে উত্তোলন কৰিলে। বাৰম্বাৰ কমিউনিষ্টসকলে ক’লে – দেশৰ স্বাধীনতাৰ ক্ষেত্রত লীগ আৰু কংগ্রেছ এক বুজাপৰালৈ আহিব লাগে। ব্ৰিটিছে ভাৰত ত্যাগ কৰাৰ ক্ষেত্রত ১৯৪৫-৪৭ সময়ছোৱাৰ কমিউনিষ্ট নেতৃত্বাধীন আন্দোলনৰো বিশেষ ভূমিকা আছিল (প্রসংগ গ্রন্থ : Modern India by Sumit Sarkar, Oxford University Press, )।
অর্থাৎ, চর্ত সাপেক্ষভাৱে কমিউনিষ্টসকলে মুছলীম লীগৰ ন্যায্যতা মানি ল’লে। পিছে মন কৰা ভাল – পাকিস্তান যে এখন সুকীয়া দেশ হ’ব, সেই কথা ১৯৪৬ চনপর্যন্ত কোনেও কল্পনা কৰিব পৰা নাছিল। স্বয়ং জিন্নায়ো পাকিস্তানৰ এখন সুকীয়া মানচিত্র জনগণৰ আগত দাখিল কৰিব পৰা নাছিল। ভাৰত বিভাজনৰ সময়ত লাখ লাখ লোক নিহত তথা গৃহহাৰা হোৱাৰ অন্যতম কাৰণ আছিল : শেষ মুহূৰ্তপর্যন্ত ভাৰত আৰু পাকিস্তানৰ ভৌগোলিক সীমা কি হ’ব – বা দুয়োখন ভিন ভিন দেশ হ’ব নে একেখনেই দেশ হ’ব – এই সম্পর্কে সকলো লোক – আনকি কংগ্রেছ আৰু মুছলীম লীগৰ নেতৃত্বও – নিশ্চিত নাছিল। হঠাতে অহা বিভাজনৰ কৰাল গ্রাসে সকলো ঢাহি-মুহি লৈ গৈছিল।
যি কি নহওক, ভাৰতৰ স্বাধীনতাৰ পাছতে কমিউনিষ্ট পার্টিয়ে নিজৰ এই ভুলৰ সমালোচনা কৰিলে। সংখ্যালঘু মুছলমানৰ বাবে কেতবোৰ সুকীয়া ৰক্ষাকবচ দাবী কৰাৰ ক্ষেত্রত আপত্তি থাকিব নোৱাৰে, কিন্তু সেইবুলি “মুছলমানে এক জাতি – এক নেচন - গঠন কৰিছে” বুলি কোৱাটো এক মাৰাত্মক কথা। চল্লিছৰ দশকৰ বিভিন্ন দাংগাৰ সময়ত পাকিস্তানৰ দাবীয়ে সাম্প্রদায়িক উত্তেজনা ভীষণভাৱে বৃদ্ধি কৰিছিল। এইক্ষেত্রত মুছলমানসকলৰ বাবে কেতবোৰ সাংবিধানিক ৰক্ষাকবচ দাবী কৰিও পাকিস্তানৰ দৰে সাম্প্রদায়িক দাবীৰ সফলতাৰে মোকাবিলা কৰিব নোৱৰাটো কমিউনিষ্ট আন্দোলনৰ বাবে এক বৃহৎ অসফলতা আছিল।
পিছে কমিউনিষ্টসকলৰ বিচ্যুতি আছিল সাময়িক বিচ্যুতি। কেইবছৰমানৰ ভিতৰতে তেওঁলোকে আত্মসমালোচনা কৰি নিজৰ লাইন ঠিক কৰি লৈছিল। তাৰ বিপৰীতে হিন্দু মহাসভা, আৰ এছ এছ আদিয়ে আজিও ধর্মভিত্তিক জাতিৰ ধাৰণাটোকে বিশ্বাস কৰে। স্বাধীনতাৰ পূর্বে হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰাৰ ক্ষেত্রত লীগৰ সমানেই হিন্দুত্ববাদীসকলৰো ভূমিকা আছিল।
ভাৰত বিভাজনৰ কোনো বিকল্প আছিলনে? জিন্নাকথিত দুর্বল কেন্দ্রীয় চৰকাৰ তথা শক্তিশালী আঞ্চলিক চৰকাৰৰ ফেডাৰেল আর্হিৰে দেশখনক বিভাজনৰপৰা ৰক্ষা কৰাটো সম্ভৱপৰ আছিলনে? “ধর্মভিত্তিক জাতি”ৰ ধাৰণাটো সমালোচনা কৰিও সংখ্যালঘুসকলৰ বাবে সাংবিধানিক ৰক্ষাকবচৰ দাবী ৰক্ষা কৰাটো সম্ভৱপৰ আছিলনে? এই প্রশ্নবোৰে আজিও ইতিহাসবিদসকলক ব্যতিব্যস্ত কৰি ৰাখিছে। (অসমীয়া হিচাপে মাজে-সময়ে ভাবোঁ – দুর্বল কেন্দ্র আৰু শক্তিশালী আঞ্চলিক চৰকাৰ হোৱা হ’লে “কেন্দ্রই অসমক মাহী আইৰ চকুৰে চাইছে” – এই জাতীয় ধাৰণাৰো কিন্তু ওৰ পৰিলহেঁতেন!!)

সাম্যবাদীসকলে মুছলীম লীগক চর্তসাপেক্ষভাৱে সমর্থন কৰাৰ প্রসংগটো উল্লেখ কৰি হিন্দুত্ববাদীসকলে এনে এখন ছবি নির্মাণ কৰিবলৈ চেষ্টা কৰে যেন সেয়া কমিউনিষ্টৰ কোনো ষড়যন্ত্র আছিল! কমিউনিষ্টসকলে ভুল কৰিছিল সঁচা। পিছে কেতিয়াও লীগৰ প্রতি কমিউনিষ্টৰ সমর্থন চর্তমুক্ত নাছিল। বৰং কমিউনিষ্টসকলে কংগ্রেছৰ দৰেই লীগকো এক জাতীয় শক্তি বুলি চিহ্নিত কৰিছিল, দুয়োকে কোনো বুজাপৰালৈ আহিবলৈ আহ্বান কৰিছিল। কিন্তু এখন সুকীয়া পাকিস্তানৰ বাবে কমিউনিষ্টে কেতিয়াও ৰাস্তালৈ ওলাই অহা নাছিল, আন্দোলন কৰা নাছিল।
কিন্তু ইয়াৰ বিপৰীতে হিন্দু মহাসভা আদি সংগঠনৰ কি ভূমিকা আছিল? ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ প্রাকক্ষণত কংগ্রেছে প্রাদেশিক চৰকাৰসমূহৰপৰা পদত্যাগ কৰাৰ সময়ত তেওঁলোকে মুছলীম লীগৰ স’তে মিলি বংগ, নর্থ ৱেষ্ট ফ্রন্টিয়াৰ প্রদেশ আৰু সিন্ধ প্রদেশত চৰকাৰ গঠন কৰিছিল! কমিউনিষ্টৰ লীগ-প্রীতিৰ কথা হিন্দুত্ববাদীসকলে ক’বলৈ নাপাহৰে, অথচ তেওঁলোকে লীগৰ স’তে মিলি ৰাজভোগ কৰিছিল! কমিউনিষ্টসকলে অন্ততঃ লীগৰ প্রতি সমর্থনৰ বিনিময়ত কোনো বৈষয়িক সুবিধা-পাতি লাভো কৰা নাছিল, আশাও কৰা নাছিল!
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন : কংগ্রেছৰ বিৰুদ্ধে কমিউনিষ্টসকলৰ এটা পুৰণা অভিযোগ আছিল যে কংগ্রেছে কোনো এটা আন্দোলন আৰম্ভ কৰি মাজতে আন্দোলনটো বন্ধ কৰি দিয়ে। কেতিয়াবা হিংসা প্রয়োগৰ নামত (চৌৰিচৌৰা প্রসংগ), কেতিয়াবা চৰকাৰী প্রতিশ্রুতি পোৱাৰ পাছত (আইন অমান্য আন্দোলন প্রসংগ) আন্দোলন স্থগিত কৰা হয়। কংগ্রেছৰ বিপৰীতে কমিউনিষ্টসকলে স্বাধীনতা লাভ নকৰাপর্যন্ত অহৰহ আন্দোলন কৰাৰ পক্ষত আছিল। অথচ ১৯৪২ চনত সঁচাকৈয়ে এনে সুযোগ পোৱাৰ সময়ত কমিউনিষ্টসকলৰ স্থিতি আছিল সম্পূর্ণ বিপৰীত। ইয়াৰ কাৰণ বুজিবলৈ হ’লে কিছু পাছলৈ চাব লাগিব।
১৯১৩ চন : প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণ। লেনিন, ৰোজা লাক্সেমবার্গ আদি কমিউনিষ্ট নেতাই ঘোষণা কৰিলে যে সাম্রাজ্যবাদী বিশ্বযুদ্ধই কাৰো কল্যাণ সাধন কৰিব নোৱাৰে। সেয়েহে সকলো দেশৰ কমিউনিষ্ট পার্টিসমূহে নিজৰ দেশীয় চৰকাৰসমূহক হেঁচা দিবৰ বাবে অভিযান চলাবলৈ সিদ্ধান্ত লওক। পিছে ইউৰোপৰ বেছিভাগ সাম্যবাদী দলে লেনিন-ৰোজা আদিৰ কথা নুশুনিলে। ফলত বিশ্বযুদ্ধত ইখন দেশৰ কৃষক সৈন্যই আনখন দেশৰ কৃষক সৈন্যৰ তেজেৰে হাত ৰাঙলী কৰিলে। যুদ্ধ-বিৰোধী, শান্তিকামী আন্তর্জাতিক শ্রমিক আন্দোলন থানবান হৈ পৰিল। উন্মাদ জাতীয়তাবাদে আন্তর্জাতিক ভাতৃত্ববোধৰ ঠাই দখল কৰিলে।
বাঁও আন্দোলনৰ এনে দশাৰ প্রতি মন কৰি ৰুছ বিপ্লৱৰ পাছত বলছেভিকসকলে সিদ্ধান্ত ল’লে যে এইবাৰৰপৰা সমস্ত বিশ্বৰ কমিউনিষ্ট পার্টিবোৰে ভাতৃত্ববোধৰ খাতিৰত সমূহীয়াকৈ সিদ্ধান্ত ল’ব পৰাকৈ এক কাঢ়া সাংগঠনিক ভিত্তিত এখন মঞ্চ গঠন কৰা হওক। কমিনটার্ন নামৰ এই মঞ্চখনৰ সিদ্ধান্তসমূহ সকলো কমিউনিষ্ট দলৰ ওপৰতে বাধ্যতামূলক কৰা হ’ল। সেয়েহে প্রথম বিশ্বযুদ্ধৰ বিপৰীতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৃথিৱীৰ সমস্ত কমিউনিষ্ট পার্টিসমূহৰ ওপৰত কমিনটার্নৰ সিদ্ধান্ত সর্বোপৰি হৈ পৰিল।
পিছে প্রথম বিশ্বযুদ্ধৰ বিপৰীতে দ্বিতীয় বিশ্বযুদ্ধৰ চৰিত্র ভিন্ন আছিল। প্রথম বিশ্বযুদ্ধ আছিল বিভিন্ন সাম্রাজ্যবাদী দেশৰ মাজত সংঘটিত হোৱা যুদ্ধ। ইয়াত কোনো পক্ষকেই ভাল বা বেয়া বুলি ক’ব পৰা নগৈছিল। পিছে দ্বিতীয় বিশ্বযুদ্ধ আছিল ফেছিবাদ আৰু মানৱ সভ্যতাৰ মাজৰ যুদ্ধ। সেই সভ্যতা বুর্জোৱা হ’ব – নে সমাজবাদী হ’ব – সেয়া গৌণ প্রশ্ন আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ বহু পূর্বৰেপৰা – ১৯৩৪ চনৰপৰাই ছোভিয়েট ইউনিয়নে পৃথিৱীৰ বিভিন্ন পুঁজিবাদী দেশক জার্মান ফেছিবাদৰ বিৰুদ্ধে এক মৈত্রীজোঁট গঠন কৰিবলৈ আহ্বান জনাই আহিছিল। পিছে ছোভিয়েটৰ সমস্ত আহ্বান অৰণ্যৰোদনত পৰিণত হৈছিল। প্রথম বিশ্বযুদ্ধই কোঙা কৰি পেলোৱা ব্ৰিটেইন আৰু ফ্রান্স কোনোপধ্যেই যুদ্ধৰ বাবে প্রস্তুত নাছিল। হয়তো তেওঁলোকে এইবুলিও ভাবিছিল যে হিটলাৰে ৰুছিয়া আক্রমণ কৰিলে ফেছিবাদ আৰু কমিউনিজম – এই দুয়ো শত্রুৰেপৰা তেওঁলোকে উদ্ধাৰ পাব! সেয়েহে বাৰম্বাৰ হিটলাৰক তোষামোদ কৰা হৈছিল; এখনৰ পাছত সিখনকৈ দেশত হিটলাৰে অভিযান চলোৱাৰ পাছতো তেওঁলোক নীৰৱ হৈ আছিল।
অৱশেষত কথা বিষম যেন দেখি স্তালিনে স্বয়ং হিটলাৰৰ সৈতেই এক সন্ধিপত্রত স্বাক্ষৰ কৰিলে। ১৯৩৯ চনৰ আগষ্ট মাহত স্বাক্ষৰিত হোৱা মলটভ-ৰিবেনট্রপ সন্ধি অনুসৰি জার্মানি আৰু ৰুছিয়াই ইখনে সিখনক আক্রমণ নকৰিবলৈ প্রতিজ্ঞা ল’লে। অৱশ্যে স্তালিন-হিটলাৰ দুয়ো জানিছিল যে যুদ্ধ অৱশেষত হ’বই। সেয়েহে সন্ধিৰ সময়ছোৱাত ছোভিয়েট ইউনিয়নে ভীষণ গতিৰে যুদ্ধ প্রস্তুতি চলাবলৈ ধৰিলে। হেজাৰ হেজাৰ টেংক নির্মাণ কৰা হ’ল, অস্ত্র-শস্ত্র গঢ়ি তোলা হ’ল, এৰোপ্লেন নির্মাণ কৰা হ’ল। পাছলৈ জার্মানিৰ বিৰুদ্ধে স্তালিনগ্রাডত লাভ কৰা ছোভিয়েট বিজয়ৰ বাবে এই সন্ধিৰ সময়ছোৱা বিশেষভাৱে জৰুৰী আছিল বুলি প্রমাণিত হ’ল।
সন্ধিৰ দুবছৰৰ পাছত ১৯৪১ চনৰ জুন মাহত জার্মানিয়ে ৰুছ আক্রমণ কৰে। ইয়াৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধই এক নতুন মাত্রা লাভ কৰে। ছোভিয়েট ইউনিয়ন, ব্রিটেইন, আমেৰিকা আদি দেশৰ মাজত অৱশেষত ফেছিবাদ-বিৰোধী এক মিত্রজোঁট গঠন কৰা হ’ল।
ভাৰতীয় কমিউনিষ্টসকলে এই সমগ্র সময়ছোৱাত ফেছিবাদৰ বিপদ সম্পর্কে ভীষণ অভিযান চলাইছিল। চাবলৈ গ’লে কমিউনিষ্টসকলেই হিটলাৰ সম্পর্কে ভাৰতীয় জনগণক সচেতন কৰিছিল। পিছে এইবাৰ ভাৰতীয় কমিউনিষ্টসকল বিশ্ব ইতিহাসৰ এক কুটিল পাকচক্রত পৰিবলগা হ’ল।
১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। অথচ ফেছিবাদ-বিৰোধী মিত্রশক্তিৰ যুদ্ধ তেতিয়া তুংগত উঠিছে। এইখিনিতে আন এটা উপাদান যুক্ত হ’ল : সেয়া আছিল জাপান; হিটলাৰৰ বন্ধু জাপান।
ইন্দিবৰ কামটেকাৰ নামৰ অমার্ক্সবাদী ইতিহাসবিদজনে “Shiver of 1942” শীর্ষক এটা শেহতীয়া প্রবন্ধত দর্শাইছে যে ভাৰতত ১৯৪২ৰ সময়ছোৱা ভাৰত ত্যাগ আন্দোলনৰ আৱেগৰ বিপৰীতে মূলতঃ ভীষণ জাপান-ভীতিৰ সময়হে আছিল! ভাৰত ত্যাগ আন্দোলন অতি সোনকালেই থানবান হৈ পৰিছিল। ভয়ার্ত ব্ৰিটিছ চৰকাৰে পূর্বৰ বিপৰীতে এইবাৰ প্রথমতেই সকলো কংগ্রেছী নেতাক আটক কৰি পেলাইছিল। আন্দোলন হৈ পৰিছিল দিশহাৰা। ফলত হিংসাৰ বিভিন্ন বিক্ষিপ্ত ঘটনা এই সময়ছোৱাতেই আটাইতকৈ বেছি ঘটিছিল। সেই অনুসৰি চৰকাৰী দমনো আছিল অতি ভয়ানক। কেইমাহমানৰ ভিতৰতে ভাৰত ত্যাগ আন্দোলনৰ যৱনিকা পৰিছিল।
ইয়াৰ বিপৰীতে, ১৯৪২ৰ পাছৰ সময়ছোৱা ভীষণ জাপান-ভীতিৰ সময় আছিল। কেতিয়া জাপানে ভাৰত আক্রমণ কৰে, তাৰ কোনো ঠিকনা নাই। কলিকতাৰ ভদ্রলোকসকলে ক’বলৈ আৰম্ভ কৰিছিল : “আমি প্রথমে বাঁওৰপৰা সোঁফাললৈ লিখিছিলো। মুছলমান অহাৰ পাছত সোঁৰপৰা বাঁওলৈ লিখিবলৈ শিকিলো। এতিয়া (জাপানী আহিলে) ওপৰৰপৰা তললৈ লিখিবলৈ শিকিব লাগিব!” জাপানীৰ ভয়ত কলিকতাকে আদি কৰি চহৰসমূহৰপৰা ভীষণ গতিৰে মানুহে পলায়ন কৰিছিল। ইতিমধ্যেই জাপানীৰ দখলত পৰা ৰেংগুন, ছিংগাপুৰ আদি অঞ্চলৰপৰা হেজাৰ হেজাৰ ভাৰতীয় লোক কলিকতা আহি উপস্থিত হৈছিলহি। তেওঁলোকৰ মুখত স্থানীয় লোকসকলে জাপানীৰ অপৰাজেয়তা সম্পর্কে ভীষণ গুজব-উৰাবাতৰি শুনিবলৈ পাইছিল। মানুহবোৰ পতিয়ন গৈছিল – ব্ৰিটিছ সাম্রাজ্যৰ ইতিমধ্যেই অন্ত পৰিছে!
কেতবোৰ অদ্ভুত ঘটনাও ঘটিছিল। বিভিন্ন চহৰৰ চিৰিয়াখানাবোৰত থকা বাঘ, ভালুক আদি হিংস্র জন্তুসমূহক গুলিয়াই মাৰি পেলোৱা হৈছিল, কিয়নো জাপানী বোমা চিৰিয়াখানাত পৰিলে বাঘ আদিবোৰ মুক্ত হৈ চহৰত আতংক সৃষ্টি কৰাৰ সম্ভাৱনা আছিল। আনকি মাদ্রাজ, বোম্বে আদি চহৰতো জাপানী-ভীতিয়ে বিশেষ প্রভাৱ পেলাইছিল। শ্রমিকসকলে ফেক্টৰিৰ কাম এৰি গাঁৱৰ ঘৰলৈ ঘূৰি গৈছিল, দিল্লীৰ জিমখানা ক্লাবৰ সদস্যসকলে আধা মস্কৰা- আধা গহীন ভাবেৰে আলোচনা কৰিছিল – আমি এতিয়াই জাপানী শিকি লোৱাটো ভাল হ’বনে?
জাপানীসকলে ইতিমধ্যেই বংগ সাগৰত ১০০খনতকৈও সৰু-বৰ ব্রিটিছ জাহাজ বুৰাই পেলাইছিল। ভাৰতীয় অফিচাৰসকলৰ ভয় আছিল – কেনেবাকৈ জাপানীসকলে স্থল পথৰ বিপৰীতে জল পথেদি আগ বাঢ়ি আহিলে ব্ৰিটিছ ভাৰতৰ পৰাজয় নিশ্চিত, কিয়নো সেই সময়ত ব্ৰিটিছ নৌবাহিনীৰ জাহাজবোৰ পূব আফ্রিকাৰ ওচৰত ব্যস্ত আছিল।
ভাৰতৰ চুবুৰীয়া দেশ চীনৰ বহুলাংশ ইতিমধ্যেই ১৯৩০ৰ দশকৰপৰাই জাপানে অধিকাৰ কৰি থৈছিল। লাখ লাখ চীনা লোক জাপানীৰ হাতত মৃত্যুমুখত পৰিছিল। চাবলৈ গ’লে, ব্ৰিটিছসকলতকৈ হাজাৰগুণে ভয়াৱহ আছিল জাপানীসকল। ব্ৰিটিছসকলে অন্ততঃ এক উদাৰবাদী সংসদীয় পৰম্পৰাত বিশ্বাস কৰিছিল। সেইগুণে ১৯০৯ চনৰ পৰাই নির্বাচনৰ যোগেৰে ভাৰতীয় প্রতিনিধি চয়ন কৰাৰ প্রক্রিয়াটো ত্বৰান্বিত হৈছিল। তাৰ বিপৰীতে জাপানী সৈন্যবাদ আছিল এক চৰম প্রতিক্রিয়াশীল তথা আক্রামক শাসনতন্ত্র। ব্ৰিটিছ অধিকৃত ভাৰত আৰু জাপান অধিকৃত চীনৰ তুলনা কৰিলেই দুয়োৰে পার্থক্য বুজা যায়। আমোদজনকভাৱে, জাপানে দখল কৰা অঞ্চলসমূহত কিন্তু কমিউনিষ্টসকলেই প্রতিৰোধ সংগ্রামত আগভাগ লৈছিল। ১৯৪৯ চনৰ চীন বিপ্লৱৰ অন্যতম কাৰণ আছিল জাপান-বিৰোধী সংগ্রামত চীনা কমিউনিষ্টসকলৰ ভূমিকা। ঠিক তেনেদৰেই – জাপানীৰ বিৰোধিতা কৰিয়েই বার্মা, মালয়েছিয়া, ফিলিপাইনছ আদি বিভিন্ন অঞ্চলত কমিউনিষ্ট আন্দোলন গঢ় লৈ উঠিছিল। ১৯৪২ চনত জাপানৰ ভাৰত জয়ৰ সম্ভাৱনা যথেষ্ট আছিল। জাপানী জিকা হ’লে হয়তো কমিউনিষ্টসকলেই জাপানী-বিৰোধী সংগ্রামত নেতৃত্ব দিলেহেঁতেন। পিছে সৌভাগ্যক্রমভাবে জাপানীসকল পৰাজিত হ’ল আৰু কমিউনিষ্টসকল ভাৰত-ত্যাগ আন্দোলনৰ বিৰোধিতা কৰাৰ বাবে দেশজুৰি নিন্দিত হ’ল। ১৯৪৩ চনত কমিনটার্ন ভংগ কৰি দিয়া হ’ল। ইয়াৰ পাছৰেপৰা কোনো আন্তর্জাতিক মঞ্চৰদ্বাৰা বিভিন্ন দেশৰ কমিউনিষ্ট আন্দোলনসমূহক প্রত্যক্ষ নির্দেশ দিয়াৰ কামটো বন্ধ কৰা হ’ল। এই নীতি ঠিক কৰা হ’ল যে কোনো এখন দেশৰ পার্টিয়ে কেনেধৰণৰ ৰণনীতি পালন কৰিব – সেয়া দেশৰ কমিউনিষ্ট নেতৃত্বই নিজে ঠিক কৰিব।
... ... ... ...
ভাৰতৰ কমিউনিষ্ট পার্টিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজকে সমালোচনা কৰি এইবুলি ক’লে যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁলোক নিষ্ক্রিয় হৈ পৰিব নালাগিছিল। এই বিষয়ে আমাৰো কিছু নিজাববীয়া মন্তব্য আছে, পিছে তাৰ আগেয়ে হিন্দুত্ববাদীসকলে বিশ্বযুদ্ধৰ সময়ত কি কৰিছিল চাওঁ আহক।
হিন্দু মহাসভা আদি সংগঠনে ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰি ব্ৰিটিছ চৰকাৰলৈ সমর্থন আগ বঢ়ালে। চাৱৰকাৰে যুক্তি দিলে – এই সময়ত যিমান পাৰি হিন্দুসকলে সেনাবাহিনীত যোগ কৰিব লাগে যাতে মুছলমানৰ স’তে পাছলৈ ভালকৈ যুদ্ধ কৰিব পৰা যায়। একে সময়তে আকৌ তেওঁলোকে ক্ষমতাৰ লোভত তিনিখন প্রদেশত – বংগ, সিন্ধ আৰু নর্থ ৱেষ্ট ফ্রন্টিয়াৰ প্রদেশত মুছলীম লীগৰ স’তে মিলি চৰকাৰো গঠন কৰিলে।
ভাৰতীয় কমিউনিষ্ট পার্টিসমূহে ১৯৪২ৰ সময়ত নিজৰ ভূমিকাৰ সমালোচনা কৰি আহিছে কিন্তু হিন্দুত্ববাদীসকলে ১৯৪২ত নিজৰ ভূমিকাৰ বিষয়ে আজিলৈকে কোনো সমালোচনা কৰাৰ কথা আমি শুনা পোৱা নাই। বৰং তেওঁলোকে এই কথাটো লুকুৱাবলৈহে চেষ্টা কৰে। ১৯৪২ চনত হিন্দুত্ববাদী আৰু সাম্যবাদী – দুয়ো মতাদর্শৰ মানুহে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰা নাছিল। কিন্তু দুয়োৰে উদ্দেশ্য আছিল ভিন ভিন। কাৰ উদ্দেশ্য মহান আছিল – পাঠকে নিজেই বিবেচনা কৰি চাব।
... ... ...
ব্যক্তিগতভাৱে আমি ভাবো – ১৯৪২ চনত জাপান জয়ী হ’ব নে নহ’ব – এই বিষয়ক কোনো সিদ্ধান্ত ল’ব পৰাৰ অৱস্থা কাৰোৱে নাছিল। ইতিমধ্যেই পূব এছিয়াৰ সমস্ত অঞ্চল জাপানে দখল কৰি লৈছিল। আনহাতে, ব্ৰিটেইনৰ বাহিৰে সমস্ত ইউৰোপ হিটলাৰৰ দখলত আছিল। সেই হিচাপত এনে অনুভৱ হয় – সেই সময়ত ভাৰত ত্যাগ আন্দোলনৰ ঘোষণা এক ভুল ঘোষণা আছিল। কমিউনিষ্টসকলৰ লাইন কোনো ছোভিয়েট ৰাছিয়াৰ দালালি কৰিবৰ বাবে নির্মিত হোৱা নাছিল; আচলতে ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰি তেওঁলোকৰ লোকচানেই বেছি হৈছিল। কিন্তু যেতিয়া বিশ্বত আপোনাৰ সমুখত “ফেছিবাদ বনাম মানৱ সভ্যতা” এই দ্বি-চয়ন সৃষ্টি হৈছিল – এনে ক্ষেত্রত ব্ৰিটিছ চৰকাৰৰ স’তে সহযোগিতা কৰাটোৱেই উত্তম আছিল। আজি বহু বছৰৰ পাছত পাছলৈ চাই কমিউনিষ্টসকলক সমালোচনা কৰা সহজ, কিন্তু সেই সময়ৰ পৰিস্থিতিৰ প্রতি মন কৰিলে আপুনিও হয়তো এনে ধৰণৰেই সিদ্ধান্ত ল’লেহেঁতেন।
এটা কথা ঠিক যে কমিউনিষ্টসকল কোনো সংকীর্ণ অর্থত জাতীয়তাবাদী নহয়। তেওঁলোকে সদায় বিশ্ব প্রেক্ষাপট চকুত ৰাখে। কেতিয়াবা তেওঁলোকৰ ভুল হ’ব পাৰে, প্রায়েই হৈছেও। কিন্তু তেওঁলোকৰ সিদ্ধান্তৰ আঁৰৰ নীতিখিনিক আমি সন্মান জনাবই লাগিব। মনত ৰখা ভাল – বিশ্বক ফেছিবাদৰপৰা মুক্ত কৰাৰ ক্ষেত্রত নির্ণায়ক ভূমিকা কিন্তু স্তালিনগ্রাডৰ যুদ্ধই লৈছিল। ফেছিবাদীহঁতৰ বিৰুদ্ধে সমগ্র বিশ্বতে কমিউনিষ্টসকলেই সংগ্রাম গঢ়ি তুলিছিল। সমগ্র পূব ইউৰোপ, আলবানিয়া, য়ুগোস্লাভিয়া, চীন, উত্তৰ কোৰিয়া আদি দেশত কমিউনিষ্ট বিজয়ৰ আঁৰত জার্মানি-জাপান বিৰোধী কমিউনিষ্ট প্রতিৰোধ সংগ্রামেই আছিল। ইটালী, ফ্রান্স আদি দেশত জার্মানিৰ বিৰুদ্ধে সশস্ত্র সংগ্রাম কৰাৰ সুনামত কমিউনিষ্ট দলসমূহ বিয়াগোম গণ-আধাৰ থকা দললৈ পৰিণত হৈছিল। পূব এছিয়াৰ বিভিন্ন দেশত – বার্মা, ফিলিপাইনছ মালয়েছিয়া আদিত কমিউনিষ্ট দল সংগঠনৰ জুমুঠি তৈয়াৰ হৈছিল জাপান-বিৰোধী সংগ্রামৰ জৰিয়তেই। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভাৰতৰ উদ্যোগীকৰণৰ বাবে পুঁজি আৰু মেচিন সস্তাতে যোগান ধৰিছিল ছোভিয়েট ইউনিয়নেই। কমিউনিষ্টসকলক বিভিন্ন কাৰণবশতঃ সমালোচনা কৰিব পাৰি, কিন্তু তেওঁলোকক দেশবিৰোধী বুলি কোৱাটো হাস্যকৰ কথা।

Share Button
Print Friendly, PDF & Email

No Comments : "ঐতিহাসিক ভুল : হিন্দুত্ববাদী আৰু সাম্যবাদীসকল (ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *