অখণ্ড মানৱ সংস্কৃতিৰ সাধনা: ড০ শিৱনাথ বৰ্মনৰ ‘ৰূপান্তৰৰ ৰেহৰূপ’ গ্ৰন্থৰ এক বিক্ষিপ্ত পৰ্যালোচনা (জিতেন বেজবৰুৱা)

আধুনিক মানুহৰ ট্ৰেজেডি এয়ে যে এফালে বিজ্ঞানসমূহৰ আৰু আনফালে মানৱিকী বিদ্যাসমূহৰ (Humanities) বিভিন্ন বিভাগৰ আশ্চৰ্যজনক বহুপল্লৱিত বিকাশ ঘটিছে যদিও তাৰ ফলস্বৰূপে এক অখণ্ড বিশ্ববীক্ষাৰ ভেটি শক্তিশালী হোৱা নাই, বৰং সি মানৱ জ্ঞানক খণ্ডিত কৰি সহস্ৰটা পৃথক আৰু সম্পৰ্কহীন প্ৰকোষ্ঠত বিভক্ত কৰিছে। জ্ঞানৰ সূক্ষ্মতৰ আৰু বহুল বিকাশৰ বাবে বিশেষীকৰণ অনিবাৰ্য, কিন্তু সমান্তৰালভাৱে মানৱ জ্ঞানৰ সকলো বিভাগৰ মাজৰ অন্তৰ্লীন ঐক্যসূত্ৰডাল ধৰি ৰাখিব নোৱাৰিলে তাৰ ফলত মানৱ সমাজ তথা চেতনা পক্ষাঘাতগ্ৰস্ত হোৱাটো স্বাভাৱিক। বিজ্ঞান আৰু মানৱিকী বিদ্যাসমূহৰ মাজত যেনেকৈ আকাশ-পাতাল দূৰত্ব, ঠিক তেনেকৈ এইসমূহৰ বিভিন্ন বিভাগৰ মাজত থিয় হৈ আছে একোখনকৈ চীনৰ প্ৰাচীৰ। আশীষ লাহিড়ীৰ ভাষাত ক’বলৈ হ’লে : “পক্ষান্তরে এই বিচ্ছেদের নেতিবাচক দিকস্বৰূপ মননশীলতার ও সংস্কৃতির জগতে দেশটা কাৰ্যত দুই এলিট গোষ্ঠীতে ভাগ হয়ে গেল। একদিকে মানবিকী ঐতিহ্যে শিক্ষিত প্ৰশাসক ও পরিচালকদের দল, বিজ্ঞান সম্বন্ধে যাঁদের উন্নাসিকতা অপরিসীম; অন্যদিকে বিজ্ঞান ও প্ৰযুক্তির বিশেষজ্ঞ, যাঁদের সাংস্কৃতিক সংবেদনশীলতা প্ৰায় নিরস্তিত্ব।”(সংস্কৃতির দ্বিখণ্ডন : বিজ্ঞান বনাম হিউম্যানিটিজ, পৃ. ৮) আনহাতে, সমাজবিজ্ঞানসমূহৰ সংহতিহীন বিশেষীকৰণে ডাঙৰ সামাজিক আৰু মানৱীয় প্ৰশ্নসমূহৰ সামগ্ৰিক বিচাৰ অসাধ্যপ্ৰায় কৰি তুলি আমাৰ দৃষ্টিক সেই প্ৰশ্নসমূহৰ আণুবীক্ষণিক একোটা অংশৰ বিশ্লেষণত নিবদ্ধ কৰি ৰাখিছে। সাম্প্ৰতিক কালত সামগ্ৰিকতাক নস্যাৎ কৰি বিশেষীকৰণৰ জয়গান গোৱাৰ এক সচেতন প্ৰচেষ্টা চলিছে। এই সোঁতৰ বিপৰীতে মানৱ জ্ঞানৰ অখণ্ডতা তথা ইয়াৰ বিভিন্ন বিভাগৰ মাজৰ ঐক্যসূত্ৰডাল উন্মোচন কৰাৰ প্ৰচেষ্টা তেনেই তাকৰ। ড০ শিৱনাথ বৰ্মনৰৰূপান্তৰৰ ৰেহৰূপ গ্ৰন্থখনে আমাক এই কথাখিনি মনত পেলাই দিছে। গ্ৰন্থখনত সামগ্ৰিকভাৱে এনে এক বহল দৃষ্টিভংগীৰ উমান পোৱা যায়।

গৱেষক আৰু চিন্তাবিদ ড০ বৰ্মনদেৱে বিজ্ঞান তথা সমাজবিজ্ঞানৰ বিভিন্ন বিষয়ত বহুসংখ্যক প্ৰণালীবদ্ধ গ্ৰন্থ ৰচনা কৰিছে যদিও একে ঠাইতে বহু বিষয়ৰ চিন্তা আৰু গৱেষণাৰ সমন্বয় ঘটা গ্ৰন্থ বিশেষ নাই বুলিলেও হয়। এই ক্ষেত্ৰত মূলতঃ মাৰ্ক্সবাদ আৰু তাৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰশ্নৰ আলোচনাসমৃদ্ধ ন মনুষ্যাৎ গ্ৰন্থৰ কথা উনুকিয়াব পাৰি। কিন্তু ৰূপান্তৰৰ ৰেহৰূপৰ বিষয়-বৈচিত্ৰ্য আৰু ব্যাপ্তি তাতকৈ বেছি যেন আমাৰ বোধ হৈছে। সাহিত্য, দৰ্শন, সংস্কৃতি, শিক্ষা, ভাষা, যুক্তিবাদ, বিজ্ঞান, ইতিহাস আদি বিভিন্ন বিষয়ৰ মুঠ ত্ৰিছটা প্ৰবন্ধ গ্ৰন্থখনত সংকলিত হৈছে। প্ৰবন্ধসমূহত লেখকৰ বিস্তাৰিত অধ্যয়ন আৰু সুগভীৰ চিন্তা এনেভাৱে ঠাহ খাই আছে যে সকলোখিনিৰে আলোচনা কৰাটো দুৰূহ কাৰবাৰ। আমি ইয়াত গ্ৰন্থখনৰ দুটিমান দিশ সম্পৰ্কেহে থূলমূল আলোচনা আগ বঢ়াবলৈ যথাসাধ্যে চেষ্টা কৰিম।

‘আধুনিকতা আৰু অসমীয়া সাহিত্য’ প্ৰবন্ধত লেখকে অসমীয়া সাহিত্যত আধুনিকতাৰ প্ৰথম পৰ্বত ৰমন্যাসিক সাহিত্যই প্ৰাধান্য বিস্তাৰ কৰাৰ সমাজ-ৰাজনৈতিক কাৰণসমূহ আলোচনা কৰাৰ পাছত ‘বহুস্বৰসংগতিবিশিষ্ট স্বৰাজোত্তৰ সাহিত্য’ৰ আলোচনা কৰিছে। তাৰ পিছত তেওঁ লিখিছে –

“উত্তৰ-স্বাধীনতা কালত যিটো দ্বিতীয় সম্পদ [প্ৰথমটো সম্পদ হ’ল বাহিৰৰ সৈতে বৌদ্ধিক সংসৰ্গ] আমি ক্ৰমে হেৰুৱাবলৈ লৈছো বুলি ভাব হয়, সি হ’ল কোনো নিৰ্দিষ্ট সামাজিক আদৰ্শৰ অভাৱ। প্ৰাক-স্বাধীনতা কালত ৰাজনৈতিক মুক্তি লাভৰ এটা আদৰ্শ আছিল। ই অসমীয়া সমাজখনক বহুলাংশে একগোট কৰি ৰাখিছিল, ই আছিল আমাৰ সাহিত্যিক-বুদ্ধিজীৱীসকলৰ সৃষ্টিৰ প্ৰেৰণাস্বৰূপ। স্বাধীনতাৰ পাছত এই আদৰ্শ অন্তৰ্হিত হ’ল সঁচা; কিন্তু জাতীয়তাবাদী আদৰ্শ থাকিল, তাৰ লগত ওপৰঞ্চিকৈ বৰং যোগ হ’লহি সমাজবাদৰ আদৰ্শও। যোৱা শতিকাৰ সত্তৰ দশকমানলৈকে এই দুয়োটা আদৰ্শই আমাৰ সাহিত্যিক সমাজত কম-বেছি পৰিমাণে প্ৰেৰণা যোগাই আহিছিল। কিন্তু সত্তৰৰ দশকৰ শেষৰ ফালে উদাৰ জাতীয়তাবাদ পৰ্যবসিত হ’ল উৎকট, মতান্ধ স্বাদেশিকতালৈ। এটা প্ৰচণ্ড আন্দোলন হ’ল, কিন্তু উদ্দেশ্যৰ উৰ্বৰতা নথকা বাবে সাহিত্য জগতত তাৰ উল্লেখ্য ফচল নফলিল। ইফালে ছোভিয়েট ৰাষ্ট্ৰৰ পতন হোৱাত আমাৰ সাহিত্যিকসকলৰ বহুতেই সমাজতান্ত্ৰিক আদৰ্শত আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিলে। এই সুযোগতে নব্য ঔপনিবেশিকতাই তাৰ ফেঁট তুলি ধৰিলে। ইয়াৰ আগ্ৰাসী প্ৰভাৱত সাহিত্য সম্প্ৰতি পৰ্যবসিত হ’বলৈ লৈছে পণ্যদ্ৰব্যলৈ।” (পৃ. ১৭)

‘মানৱিক সাৰাৎসাৰশূন্য’ এক ‘প্ৰসাধনী আধুনিকতা’ই আজি আমাৰ সাহিত্যক গ্ৰাস কৰিছে –

“ই ধুৰুপ যে আজিৰ প্ৰতিজন সাহিত্যিকৰ মনোজগত বিশ্বচেতনাৰে উদ্ভাসিত হ’ব লাগিব, ই আধুনিকতাৰ এক প্ৰধান চৰ্ত। কিন্তু জাতীয় ঐতিহ্যক উপেক্ষা কৰি, কেৱল পাশ্চাত্যৰ দাপোণত নিজক চাবলৈ যত্ন কৰাটো, কোৱা বাহুল্য, আধুনিকতা নহয়, আত্মহননহে; কিন্তু এনে হোৱাই যেন সম্প্ৰতি দেখা গৈছে। এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘুলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰিকতাৰ কৃষ্ণ বিবৰত আত্মজাহ – সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ। এনে উন্মূল, অৱক্ষয়ী আধুনিকতা যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে আমাৰ সাহিত্য হৈ থাকিব চহৰীয়া মধ্যবিত্তৰ ঘৰ শোভা কৰা প্লাষ্টিকৰ ফুল। তাত কৃত্ৰিম সৌন্দৰ্য থাকিব, কিন্তু প্ৰাণ নাথাকে।” (পৃ. ১৯)

– কেৱল অসমীয়া সাহিত্যই নহয়, সামগ্ৰিকভাৱে সংস্কৃতিৰ যিটো ‘ৰূপান্তৰৰ ৰেহৰূপ’ লেখকে গ্ৰন্থখনৰ বিভিন্ন প্ৰবন্ধত দাঙি ধৰিবলৈ যত্ন কৰিছে উল্লিখিত বক্তব্যদুটাক তাৰ মূলভাবস্বৰূপ বুলি ক’ব পাৰি। সংস্কৃতিৰ এক বহল সংজ্ঞা তেওঁ গ্ৰহণ কৰিছে। ই বি টাইলৰৰ ভাষাত, সংস্কৃতি হ’ল – “That complex whole which includes knowledge, beliefs, art, morals, laws, customs and any other capabilities and habits required by man as a member of society.” (পৃ. ১০৯) মানৱ সংস্কৃতিক লেখকে অখণ্ড ৰূপত গ্ৰহণ কৰিব বিচাৰে; খণ্ডিত-বিক্ষিপ্ত ৰূপত নহয়। সেইবাবে পূৰ্ণাংগ মানৱ সংস্কৃতিৰ প্ৰতিমূৰ্তি জ্যোতিপ্ৰসাদ, ৰবীন্দ্ৰনাথ, ভিন্সিৰ প্ৰসংগ তেওঁ বাৰে বাৰে টানি আনিছে। আমাৰ বোধেৰে এই সংস্কৃতিৰ চৰিত্ৰ তথা তাৰ ৰূপান্তৰৰ গতিবিধি উন্মোচন কৰাই গ্ৰন্থখনৰ সামগ্ৰিক লক্ষ্য। ৰাজনৈতিক সংগ্ৰাম তথা সামাজিক আদৰ্শৰ উৰ্বৰ ভূমিতহে যে সংস্কৃতিয়ে জীৱনমুখী আৰু গণমুখী ৰূপত লহপহকৈ বাঢ়ি জাতিষ্কাৰ হৈ উঠিব পাৰে সেই সত্য ইয়াত পৰিস্ফুট হৈ উঠিছে। উদাৰ জাতীয়তাবাদী আৰু সমাজবাদী আদৰ্শৰ পশ্চাদপসৰণ, সংকীৰ্ণ উগ্ৰজাতীয়তাবাদৰ প্ৰভাৱ বৃদ্ধি আৰু সাম্প্ৰতিক কালত বিশ্বায়ন-বাহিত ভোগবাদী ম’ন’কালচাৰৰ আক্ৰমণে কঢ়িয়াই অনা আমাৰ সাংস্কৃতিক সংকট সংস্কৃতিৰ সকলো স্তৰতে, সকলো বিভাগতে আজি ঘনায়মান। এই পৰিস্থিতি দেখি লেখক ক্ষুব্ধ আৰু ব্যথিত হৈছে। অৱশ্যে এই সংকট মোচনৰ বাবে আমি কোন পথেৰে কেনেকৈ সংগ্ৰামত অৱতীৰ্ণ হ’ব লাগিব তাৰ অনুসন্ধান কৰাত লেখক হয়তো বিশেষ উৎসাহী নহয়। মাৰ্ক্সীয় পৰিবৰ্তনকামী চিন্তাৰপৰা তেওঁ বজাই ৰখা সাৱধানী দূৰত্বও ইয়াৰ এটা কাৰণ হ’ব পাৰে। সি যি নহওক, সংস্কৃতি যে গণমুখী হ’ব লাগিব সেই কথা লেখকে দৃঢ়তাৰে একাধিকবাৰ দোহাৰিছে। গণ-সংস্কৃতিৰ প্ৰতি বীতৰাগী নিজকে উচ্চ সংস্কৃতিৰ ধাৰক বুলি গণ্য কৰা ‘ৰুচি-অভিমানী বুদ্ধিজীৱী’সকলক তেওঁ সোঁৱৰাই দিছে ৰবীন্দ্ৰনাথৰ বাণী –“ভাৰতমাতৃয়ে হিমালয়ৰ দুৰ্গম চূড়াৰ ওপৰৰ শিলাসনত বহি কেৱল কৰুণ সুৰত বীণহে বজাই আছে, তেনে ধ্যান কৰাটো মাত্ৰ এটা নিচা। ভাৰতমাতৃ গাঁৱৰেই বোকাময়, মেটেকাৰে পৰিপূৰ্ণ পুখুৰীৰ পাৰত মেলেৰিয়া আক্ৰান্ত প্লীহা ৰোগীক কোঁচত লৈ তাৰ পথ্যৰ বাবে নিজৰ শূন্য ভঁৰালৰ ফালে হতাশভাৱে চাই আছে। সেই দৃশ্য দেখাটোহে প্ৰকৃত দেখা।”(পৃ. ১১১)

গণমুখী শিল্পীয়ে সাংস্কৃতিক অধঃপতনৰ সামাজিক-ৰাজনৈতিক শিপাবোৰ চিনি পায়, আৰু সেই শিপাবোৰ উভালি পেলাবলৈ সংগ্ৰাম কৰে জনতাৰ সৈতে একেলগ হৈ। তেওঁলোকে জনতাক মূঢ় বুলি নাভাবে, বৰঞ্চ ভাবে এইবুলি – “জনতাৰ অন্তৰৰ ভিতৰত শিল্পীটো যে নিশ্চয়কৈ আছে, তাৰেই আমি জনতাক জ্ঞান দিব লাগিব।”(জ্যোতিপ্ৰসাদ) গণনাট্য সংঘৰ সোণালী যুগটোত এই গণমুখী সংস্কৃতিয়ে সৰ্বাংগীণ বিকাশ লাভ কৰিছিল। কিন্তু দুখৰ বিষয় যে সম্প্ৰতি এই ধাৰাটো মৃতপ্ৰায়।

সংস্কৃতিৰ অন্ধ পাশ্চাত্যকৰণক তেওঁ যেনেকৈ সমালোচনা কৰিছে, সেইদৰে সংস্কৃতিৰ জীৱন্ত আৰু গতিশীল চৰিত্ৰ আঙুলিয়াই দি শুচিবায়ুগ্ৰস্ততাকো সমানে সমালোচনা কৰিছে। “এখন যৌনভাৱে অৱদমিত সমাজ হোৱা হেতুকেই বোধকৰো নৈতিকতাক যৌনতাৰ মানেৰে জোখাৰ প্ৰবৃত্তি আমাৰ খুব বেছি।”– যৌনতাৰ দিশত অতিসংবেদনশীলতাৰ বিপৰীতে তেওঁ সাংস্কৃতিক পৰিবৰ্তনসমূহক অধিক বহল দৃষ্টিভংগীৰে বিচাৰ কৰাৰ পোষকতা কৰিছে। (পৃ. ১১৪) অসমীয়া সংস্কৃতিৰ সমন্বয়মূলক চৰিত্ৰলৈ আঙুলিয়াই দি জাতিদাম্ভিক মনোবৃত্তিৰ বিষময় পৰিণামসমূহৰ কথা সোঁৱৰাই দিছে। অসমীয়া সংস্কৃতিত আৰ্যেতৰ উপাদানৰ গুৰুত্ব আলোচনা কৰা ‘বাণীকান্ত, বিষ্ণুপ্ৰসাদ আৰু অসমীয়া সংস্কৃতি’ প্ৰবন্ধটো এই দিশৰপৰা গুৰুত্বপূৰ্ণ।

মাৰ্ক্সবাদৰ যান্ত্ৰিক প্ৰয়োগৰ বিৰুদ্ধে সদাসচেতন ড০ বৰ্মনদেৱে ইয়াৰ সৃষ্টিশীল প্ৰয়োগৰ গুৰুত্ব দাঙি ধৰিছে ‘মাৰ্ক্সীয় সাহিত্য তত্ত্ব’ আৰু ‘ৰাজনীতিৰ কলাত্মক ৰূপায়ণ’ (অনিল ৰায়চৌধুৰীৰ কাণ্ডাৰী উপন্যাসৰ আলোচনা) প্ৰবন্ধত। “বিস্তৃত আৰু গভীৰতাপূৰ্ণ, বৃহত্তৰ মানৱীয় সমাজৰ লগত ব্যক্তিগত জীৱনৰ গতিশীল সম্পৰ্ক সামৰি লোৱা যি বাস্তৱতাবাদ, তেনে বাস্তৱতাবাদকহে মাৰ্ক্সীয় সাহিত্যতত্ত্বই সমৰ্থন কৰে।”(পৃ. ৯৪) অৰুণ শৰ্মাৰ বিভিন্ন নাটকৰ আলোচনা দাঙি ধৰা ‘সমাজ চেতনাৰ নাট্যৰূপ’ প্ৰবন্ধতো সমসাময়িক ৰাজনৈতিক বাস্তৱতাৰ আধাৰত জনসাধাৰণৰ মুক্তিসংগ্ৰামৰ প্ৰশ্ন সাহিত্যত কেনেদৰে ৰূপায়িত হ’ব তাৰ আলোচনা কৰোতে এই দিশটো আলোকিত হৈছে।

লেখকৰ দৃষ্টিত মহৎ সাহিত্যৰ চৰিত্ৰ কেনেকুৱা? হোমাৰৰ ‘ওডিছী’ সম্পৰ্কে তেওঁ লিখিছে – “জীৱনৰ আণুবীক্ষণিক অংশ এটাক লৈ অনুভূতিৰ হেতালিখেল ইয়াত নাই; মহাভাৰতীয় লেখকৰ দৰে হোমাৰে ইয়াত দাঙি ধৰিছে জীৱনৰ অখণ্ড সত্য, ইয়াৰ বিশাল বৰ্ণাঢ্যতা।”(পৃ. ৮৫) সেইবাবেই ট্ৰেজেডিকে জীৱনৰ সৰ্বস্ব বুলি দেখুওৱা ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অনিৰ্বাণ’ চলচ্চিত্ৰখন দুখবিলাসী বুলি তেওঁ সমালোচনা কৰিছে। ডষ্টয়েফস্কিৰ কাৰামঝভ ব্ৰাদাৰ্ছ উপন্যাসত (‘ডষ্টয়েফস্কি : তেওঁৰ এখন উপন্যাস’) তেওঁ মানৱ জীৱনৰ এই মহাকাব্যিক ব্যাপ্তি উদ্ভাসিত হৈ উঠা দেখা পাইছে। কিন্তু একে সময়তে তেওঁ উপন্যাসখনত নিহিত শ্ৰেণীগত সংকীৰ্ণ ধ্যান-ধাৰণাৰ কথাও উল্লেখ কৰি লিখিছে – “বাষ্পায়িত হ’ব ধৰা ঝ’ছিমাৰ খ্ৰীষ্টান প্ৰেম পৃথিৱীলৈ ঘূৰাই অনা সম্ভৱ নিমৰমিয়াল সামাজিক সম্পৰ্কবিলাক মানৱীয় কৰাৰ ব্যৱহাৰিক প্ৰয়াসেৰেহে, কেৱল প্ৰেমৰ গুণানুকীৰ্তনেৰে নহয়।”(পৃ. ১০৪) ‘নৱকান্ত বৰুৱা : ঔপন্যাসিক’, ‘কথাশিল্পী শীলভদ্ৰ’ আদি প্ৰবন্ধসমূহতো তেওঁৰ এনে দৃষ্টিভংগীৰ ৰেঙণি দেখা পোৱা যায়। প্ৰসংগক্ৰমে ক’ব পাৰি, ‘জ্যোতি-সাহিত্যত সমাজ দৰ্শন’ এটা সুলিখিত সুন্দৰ প্ৰবন্ধ; আনহাতে, অম্বিকাগিৰীৰ চিন্তাৰ আলোচনা কৰাৰ পাছত পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতি আৰু ভাবধাৰাৰ কোনো ব্যাখ্যা নকৰাকৈ খৰখেদাকৈ সন্ত্ৰাসবাদৰ সমালোচনাত লাগি যোৱা ‘অম্বিকাগিৰীৰ সপোন আৰু আজিৰ বাস্তৱতা’ প্ৰবন্ধটো শিৰোনামটোৱে জগাই তোলা প্ৰত্যাশাখিনি পূৰণ কৰাত ব্যৰ্থ হৈছে যেন লাগে।

কলা আৰু বিজ্ঞানৰ অন্তৰ্লীন ঐক্য উন্মোচনৰ বাবে সচেষ্ট ‘কলা আৰু বিজ্ঞান : অনৈক্যত ঐক্য’ আৰু ‘ৰবীন্দ্ৰচেতনাত বিজ্ঞান’ প্ৰবন্ধদুটা অতিকে উচ্চ পৰ্যায়ৰ অন্তৰ্দৃষ্টিসম্পন্ন প্ৰবন্ধ। “কলা হ’ল কল্পনাৰ ঋদ্ধিকৰণ, আনহাতে বিজ্ঞান হ’ল কল্পনাৰ দাৰিদ্ৰ্যকৰণ”বুলি কৈও তেওঁ এফালে কলাৰ বস্তুধৰ্মী দিশসমূহ আৰু আনফালে বিজ্ঞানৰ মনোধৰ্মী দিশসমূহ আলোচনা কৰি দুয়োটা যে ইটো সিটোৰ পৰিপূৰক সেই কথা সজোৰে প্ৰতিপন্ন কৰিছে। “কেৱল কলা বা কেৱল বিজ্ঞানে জীৱনলৈ পূৰ্ণতা নানে, জীৱনে পূৰ্ণতা পায় দুয়োৰে সমন্বয়তহে।”আনহাতে, বিজ্ঞান আমাৰ অন্তৰসংস্কৃতিৰ জৈৱিক অংগ হৈ নুঠাৰ বাবে যে সংস্কৃতিয়ে পৰিপূৰ্ণতা লাভ কৰিব পৰা নাই সেই সত্যও তেওঁ বাৰে বাৰে দোহাৰিছে। এইখিনিতে আমি আশীষ লাহিড়ীৰ ওচৰলৈ আকৌ এবাৰ যাব খুজিছো :

“কিন্তু শুধু টাকার অংকেই তো নয়, গুণমানের বিচারেও মাৰ্কিন যুক্তরাষ্ট্ৰের বৈজ্ঞানিক গবেষণার মান আজ অন্য যেকোনো দেশের চেয়ে উন্নত। কিন্তু বিজ্ঞানচৰ্চার এই অকল্পনীয় অগ্ৰগতিৰ ব্যবহারিক সুফলটুকু সাধারণ মানুষের একটা অংশের কাছে পৌঁছলেও, তাঁদের সাংস্কৃতিক চেতনায় এবং মননগত স্তরে বিজ্ঞান এখনো বেছ দূরের ব্যাপার – অনেকটা ডাইনোসরেরই মতো। অৰ্থাৎ তা চমকপ্ৰদ, শিক্ষাপ্ৰদ, মজার, কিন্তু স্বাভাবিক জীবনভাবনার অপরিহাৰ্য অংগ নয়।”(সংস্কৃতির দ্বিখণ্ডন, পৃ. ৯)

স্বয়ং আমেৰিকাতে যদি বিজ্ঞানৰ এই অৱস্থা, তেন্তে আমাৰ দেশত কি হ’ব সেয়া সহজবোধ্য। প্ৰকৃততে বিজ্ঞানচেতনা সমাজচেতনাৰ অংগীভূত নোহোৱাটো এক বৈশ্বিক পৰিঘটনা যদিও, সাম্ৰাজ্যবাদী পৃষ্ঠপোষকতাত শোষণৰ স্বাৰ্থত ভাৰতত বিকাশ লাভ কৰা বিজ্ঞানৰ প্ৰতি আমাৰ সামাজিক দৃষ্টিভংগীৰ চৰিত্ৰ কিছু বেলেগ – পয়ালগা আৰু দ্বন্দ্বমুখৰ। ‘অসমত যুক্তিবাদী চিন্তাৰ ধাৰা’ প্ৰবন্ধত লেখকে কুৰি শতিকাৰ অসমত ঔপনিবেশিক বুদ্ধিজীৱীসকলৰ বিজ্ঞানৰ প্ৰতি ‘দোদুল্যমান আৰু স্ববিৰোধী আচৰণ’ৰ, ‘যুগপৎ প্ৰেম আৰু ঘৃণাৰ মনোভাব’ৰ সামাজিক-অৰ্থনৈতিক কাৰণসমূহ ফঁহিয়াই দেখুৱাইছে। তাৰ পাছত তেওঁ লিখিছে : “বিজ্ঞান তথা যুক্তিবাদ এতিয়াও আমাৰ সমাজত এটি বিজতৰীয়া বস্তুৰ দৰেই হৈ আছে, জাতীয় সংস্কৃতিৰ অংগীভূত ই এতিয়াও হ’ব পৰাগৈ নাই। বিজ্ঞানৰ প্ৰতি ঔপনিবেশিক যুগৰ দোদুল্যমান মানসিকতা আমাৰ বিদ্বৎ সমাজত আজিও বিদ্যমান।”(পৃ. ১৭৫) এফালে যদি আমি বিজ্ঞানৰ সুফলসমূহ গ্ৰহণ কৰিছো, আনফালে ‘পশ্চিমৰ উকা জড়বাদ’ কঢ়িয়াই অনা বুলি ইয়াক গালি পাৰিছো। বিজ্ঞানক পৰিচালিত কৰা সামাজিক শক্তিসমূহক নিচিনি (ৰবীন্দ্ৰনাথে কোৱাৰ দৰে) “আমি আমাৰ লোভৰ বাবে যন্ত্ৰক দোষ দিওঁ, মাতলামিৰ বাবে শাস্তি দিওঁ তালগছক।”(পৃ. ২০৬) এনে পৰিস্থিতিত জনসাধাৰণৰ মাজত বিজ্ঞানচেতনাৰ প্ৰসাৰ ঘটোৱা যায় কেনেকৈ? উপযুক্ত শিক্ষাৰ প্ৰসাৰ আৰু বিজ্ঞানৰ সুফলবিলাকৰ জনসাধাৰণৰ মাজত সমবণ্টন – এই দুটা ইয়াৰ প্ৰধান উপায়। “কোৱা বাহুল্য, বিজ্ঞানৰ আশীৰ্বাদ দেশৰ প্ৰতিজন নাগৰিকৰ হাতত যেতিয়ালৈকে নপৰেগৈ, তেতিয়ালৈকে যুক্তিবাদ তথা বৈজ্ঞানিক মানসিকতাও মুষ্টিমেয় এচাম বুদ্ধিজীৱীৰ গজদন্ত মিনাৰতে আবদ্ধ হৈ থাকিব, থাকিবলৈ বাধ্য।”(পৃ. ১৭৫) আনহাতে, সাম্প্ৰতিক নব্য ঔপনিবেশিক অৰ্থনীতিত সকলোৰে জীৱন হৈ পৰিছে দুৰ্বিষহ আৰু ভৱিষ্যৎ হৈ পৰিছে অনিশ্চিত। এই অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাৰ পৰিবেশটো অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ধৰ্মীয় মৌলবাদৰ বাবেহে অনুকূল। গতিকে বিজ্ঞানচেতনাৰ বিকাশ এনে সামাজিক পৰিবেশত সহজসাধ্য নহয়।

‘যুক্তিৰ বিষয়ে যৎকিঞ্চিৎ’ প্ৰবন্ধত লেখকে যুক্তিৰ অপৰিহাৰ্যতা তথা গুৰুত্ব স্বীকাৰ কৰিও ইয়াৰ সৰ্বাত্মক প্ৰয়োগ সম্পৰ্কে গভীৰ সন্দেহ ব্যক্ত কৰিছে। যান্ত্ৰিক যুক্তিবাদক তীব্ৰভাৱে আক্ৰমণ কৰি তেওঁ নিশ্চিতভাৱে একপ্ৰকাৰ সৃষ্টিশীল আৰু জীৱন্ত যুক্তিবাদৰে পোষকতা কৰিব খুজিছে। কিন্তু তেওঁৰ দৃষ্টিভংগীৰ আন এটা দিশো আছে। যুক্তিৰ প্ৰতি মৌলিক সংশয় তেওঁৰ যুক্তিবাদ তথা মাৰ্ক্সবাদৰ প্ৰতি কিছু শীতল দৃষ্টিভংগীৰ এক কেন্দ্ৰীয় উপাদান যেন আমাৰ ভাব হয়। তেওঁৰ দুটামান উক্তি উল্লেখ কৰা যাওক :

“মানৱ জীৱনত যুক্তি বাঞ্ছনীয় সঁচা, কিন্তু যুক্তিৰদ্বাৰা মানুহ অহৰহ পৰিচালিত নহয়; কেৱল দৈনন্দিন ব্যৱহাৰিক জীৱনতে নহয়, আমাৰ সাৰস্বত জীৱনৰো বৃহদাংশত যুক্তিৰ ভূমিকা গৌণ। সাহিত্যকে প্ৰমুখ্য কৰি সকলো প্ৰকাৰৰ কলা অযৌক্তিক নহয়, কিন্তু কেৱল যুক্তিনিৰ্ভৰো নহয়, কাৰণ মগজুতকৈও বৰং হৃদয়ানুভূতিৰ লগতহে কলাৰ কাৰবাৰ।”(পৃ. ১৭৮)

“বিজ্ঞান যুক্তিৰ ভেঁটিত প্ৰতিষ্ঠিত সঁচা, কিন্তু একোটা বৈজ্ঞানিক তত্ত্বৰ সৃষ্টিত অন্তৰ্দৃষ্টিৰো ভূমিকা কম নহয়। … … এই স্বীকাৰ্যবোৰ আইনষ্টাইন বা ব’ৰে কিছুমান যান্ত্ৰিক যুক্তিৰদ্বাৰা সাব্যস্ত কৰা নাছিল, সেইবোৰ আছিল তেওঁলোকৰ নিৰন্তৰ মনন আৰু গভীৰ অন্তৰ্দৃষ্টিৰ পৰিণাম।”(পৃ. ১৭৯)

“তেওঁলোকৰ সৃষ্টিৰ উৎস যান্ত্ৰিক যুক্তিবাদ নহয়, ইয়াৰ উৎস হ’ল তেওঁলোকে এক অ-বীজগণিতীয় যুক্তিৰ ভিত্তিত কৰা নিৰন্তৰ মনন আৰু গভীৰ অন্তৰ্দৃষ্টি তথা স্বজ্ঞা। এই অন্তৰ্দৃষ্টি বা স্বজ্ঞা বিজ্ঞানতকৈও বৰং এক ধৰ্মীয় অনুভূতিৰহে তুল্য।”(পৃ. ১৮০)

“কিন্তু আমি মনত ৰখা উচিত যে একোটা বৈজ্ঞানিক তত্ত্বৰ সৃষ্টিৰ বাবে যুক্তি অপৰিহাৰ্য হ’লেও কেৱল যুক্তিয়েই যথেষ্ট নহয়, ইয়াৰ বাবে সমানে প্ৰয়োজন প্ৰজ্ঞা, অন্তৰ্দৃষ্টি আৰু কল্পনাৰ।”(পৃ. ১১৭)

“… কলাকাৰ আৰু বিজ্ঞানী – দুয়োৰে মৌলিক সৃষ্টিৰ জন্মলগ্নটো হ’ল চৈতন্যৰ আধা ছাঁ, আধা পোহৰৰ মুহূৰ্ত; সচেতন যুক্তিৰ উজ্জ্বল পোহৰত ই জন্ম নলয়।”(পৃ. ১৮৯)

এতিয়া আমি তেওঁৰ ন মনুষ্যাৎ গ্ৰন্থৰপৰাও কিছু উক্তি উল্লেখ কৰিব পাৰো :

“সৃষ্টিৰ বাবে প্ৰয়োজন বৈজ্ঞানিক দৃষ্টিভংগীৰ উপৰিও – যুক্তি আৰু তথ্যৰ ওপৰত বিশ্বাস, বিষয়ানুগত্য ইত্যাদিৰ উপৰিও – কল্পনা, স্বজ্ঞা, প্ৰেৰণা প্ৰমুখ্যে কেতবোৰ বিজ্ঞান-উদাসীন আৰু বহুলাংশে বিষয়ীগত উপাদানৰহে।”(পৃ. ১৩-১৪)

“বৈজ্ঞানিক দৃষ্টিভংগীৰ যিটো মুখ্য বৈশিষ্ট্য – যুক্তি – কেৱল সিয়েই জীৱনবোধত আমাক সহায় নকৰে, কৰে বৰং যুক্তিৰে প্ৰমাণ কৰিব নোৱৰা কেতবোৰ প্ৰমূল্যইহে (values)। মানুহৰ প্ৰতি ভালপোৱা, মানুহৰ শুভবুদ্ধিৰ ওপৰত আস্থা, সত্য, শিৱ আৰু সুন্দৰৰ প্ৰতি মোহ – এই প্ৰমূল্যবোৰক যুক্তিৰে প্ৰমাণ কৰা সাধ্যাতীত; অথচ ইবোৰৰ অবিহনে জীয়াই থকাৰ অৰ্থ সন্ধান কৰাই আমাৰ বাবে অসম্ভৱ হৈ পৰিব।”(পৃ. ১৪)

– শেষৰ উক্তিটোত তেওঁৰ দৃষ্টিভংগী আটাইতকৈ ফটফটীয়া ৰূপত প্ৰকাশ পাইছে। নিঃসন্দেহে এই দৃষ্টিভংগী বুৰ্জোৱা মানৱতাবাদ তথা ভাৰতীয় ভাববাদৰপৰা উৎসাৰিত। আচৰিত নহয় যে তেওঁ ন মনুষ্যাৎ গ্ৰন্থতে এবিধ বিশেষ ‘আধ্যাত্মিকতা’ৰ প্ৰয়োজনৰ কথাও লিখিছে – “এইজাতীয় আধ্যাত্মিকতাৰ জন্ম হয় জীৱন আৰু জগতৰ বিশালতাৰ উপলব্ধিত, চমুকৈ, অসীমৰ উপলব্ধিত। এই উপলব্ধি বুদ্ধিজ নহয়; হৃদয়জ; সেয়ে ই এক ভাষাতীত ব্যাপাৰ।” (পৃ. ৫৫)

ওপৰৰ উক্তিসমূহ লক্ষ্য কৰিলে দেখা যায় যে সিবোৰৰ গাঁথনিটো একেধৰণৰ : ‘যুক্তি বৰ ভাল বস্তু, যুক্তি আমাক লাগিবই, কিন্তু কেৱল সিয়েই যথেষ্ট নহয়, তাৰ বাদেও আমাক অমুকটো-তমুকটো লাগিব।’ কথা হ’ল, যুক্তিৰ গুৰুত্ব তথা অপৰিহাৰ্যতাৰ কথাৰে স্পষ্টীকৰণ নিদিয়াকৈও অন্তৰ্দৃষ্টি, স্বজ্ঞা আদিৰ প্ৰয়োজনৰ কথা ক’ব পৰা গ’লহেঁতেন। কিন্তু তেনেকৈ ক’লে ভাববাদৰ অভিযোগ আহিব পাৰে বুলি লেখক সচেতন বাবেই প্ৰতিবাৰতে স্পষ্টীকৰণ দিয়া হৈছে। পিছে উক্তিসমূহৰ গাঁথনিটোত লেখকৰ চিন্তাৰ দ্বিধাগ্ৰস্ততাহে ফুটি উঠিছে যেন লাগে। আন সকলো ক্ষেত্ৰতে অন্তৰ্দৃষ্টিৰ গভীৰতা আৰু চিন্তাৰ স্পষ্টতাৰ পৰিচয় দিয়া ড০ বৰ্মনদেৱে কিন্তু এই ক্ষেত্ৰত একপ্ৰকাৰ ধূসৰতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হয়। সি যি নহওক, অন্তৰ্দৃষ্টি, স্বজ্ঞা, কল্পনা, প্ৰজ্ঞা, প্ৰেৰণা, মানুহৰ প্ৰতি ভালপোৱা, মানুহৰ শুভবুদ্ধিৰ ওপৰত আস্থা আদিক (সত্য, শিৱ আৰু সুন্দৰৰ প্ৰতি মোহৰ কথা নকওঁ বাৰু) লেখকে যুক্তিৰ বিপৰীতে থিয় কৰাইছে। কিন্তু সিবোৰৰ কোনো স্পষ্ট সংজ্ঞা দিয়া নাই; যুক্তি-উদাসীন বুলি গণ্য কৰিয়ে হয়তো সিবোৰৰ যৌক্তিক বিশ্লেষণৰ প্ৰতি বিশেষ উৎসাহ প্ৰদৰ্শন কৰা নাই।

পিছে প্ৰশ্ন হ’ল, যুক্তি আৰু উক্ত ‘বিষয়ীগত’ গুণসমূহ (attribute) সঁচাকৈয়ে পৃথক আৰু বিপৰীতনে? ইহঁতৰ মাজৰ সম্পৰ্ক সঁচাকৈয়ে বৈপৰীত্যমূলক আৰু অসেতুবন্ধ্যনে? আমাৰ বোধেৰে, যুক্তি আৰু আৱেগে (লগতে আন তথাকথিত বিষয়ীগত গুণসমূহ) আমাৰ চেতনাত পৃথকে পৃথকে অৱস্থান নকৰে, বৰং চেতনাৰ সমগ্ৰতাত ইহঁত সমাহৃত হৈ থাকে। যুক্তিয়ে যদি কিবা পৰিবৰ্তনৰ সূচনা কৰে তেন্তে সেয়া সেই সমগ্ৰতাৰে পৰিবৰ্তন; আৱেগে যদি আমাক প্ৰচণ্ডভাৱে আলোড়িত কৰে তেন্তে সেয়া সেই সমগ্ৰতাৰে আলোড়ন। কঁকালত খাপত ভৰাই থৈ দিয়া আৰু প্ৰয়োজন হ’লে অন্ধবিশ্বাস-অযুক্তিক ছেদন কৰিবলৈ উলিয়াই লোৱা তৰোৱালৰ নিচিনা বুলি যুক্তিক ভাবিব নিশ্চয় নোৱাৰি। যুক্তিক আমাৰ চেতনাই আত্মস্থ কৰাৰ পাছত সি চেতনাৰ এক জৈৱিক অংশ হৈ পৰে আৰু চেতনাৰপৰা উৎসাৰিত যিকোনো গুণ বা প্ৰৱণতাকে সি স্পৰ্শ কৰে। প্ৰকৃততে দোষটো যুক্তিৰো নহয়, আৱেগৰো নহয়; দোষটো হ’ল যুক্তি আৰু আৱেগৰ মাজত আমি সৃষ্টি কৰা অমীমাংসনীয় বিভাজনৰহে। এই দিশত বিদেশৰ ভালেমান পণ্ডিতে মূল্যৱান চিন্তা-চৰ্চাৰ সূচনা কৰিছে। ছিয়ান ছে’য়াৰ্ছে (Sean Sayers) Marxism and Human Nature গ্ৰন্থত এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা আগ বঢ়াইছে। যুক্তি-আৱেগৰ উক্তধৰণৰ দ্বৈতবাদী বিভাজনক অভিহিত কৰিব পাৰি ‘মানৱ চৰিত্ৰৰ স্তৰবিন্যাসগত মডেল’ (the ‘stratigraphic’model of human nature) বুলি – য’ত মানৱ চৰিত্ৰৰ কিছুমান দিশক গণ্য কৰা হয় চিৰন্তন আৰু অতি-ঐতিহাসিক হিচাপে, বিপৰীতে, আন কিছুমান দিশক গণ্য কৰা হয় ঐতিহাসিকভাৱে বিকশিত আৰু আৰোপিত হিচাপে; আৰু দুইবিধৰ মাজত সৃষ্টি কৰা হয় অলংঘনীয় প্ৰাচীৰ। ই হ’ল একপ্ৰকাৰ essentialism : ইয়াত উক্ত প্ৰথমবিধৰ দিশসমূহক গণ্য কৰা হয় মানৱ চৰিত্ৰৰ অপৰিহাৰ্য আৰু প্ৰধান বিবেচ্য অংশ হিচাপে যাৰ ওপৰত ভিত্তি কৰি সমাজ দৰ্শন তথা সামাজিক প্ৰমূল্য গঢ় দিয়া হ’ব; আনহাতে, দ্বিতীয়বিধৰ দিশসমূহ ৰৈ যাব ‘the other’ হিচাপে।

“For the essentialist approach rests upon a sharp metaphysical distinction between the categories of the natural and the social. These are treated as distinct and exclusive of each other: natural, biological needs are one thing and socially developed preferences quite another.”

“These distinctions embody what Geertz calls the ‘stratigraphic’model of human nature, in which the natural (material, biological) and the social aspects of our make-up are treated as quite separate and distinct levels, only externally related to each other (Geertz 1993:37). Geras, for example, treats ‘minimal biological needs’ as though they were entirely distinct from what he calls ‘other’ needs (‘historically developed needs and potentialities, self-realization and the like’ (Geras 1995a:156)). He insists that universal features of human nature can be completely separated from socially developed needs, at least in theory (Geras 1983:114–5), and that only the former can provide a satisfactory ground for social theory and values.” (p. 153)

আলোকপ্ৰাপ্তিৰ যুগৰ উদাৰবাদী দাৰ্শনিকসকলে তেওঁলোকৰ সমাজচিন্তাৰ সুৰক্ষিত আৰু নিশ্চিত ভিত্তি হিচাপে মানৱ চৰিত্ৰৰ তথাকথিত চিৰন্তন দিশবিলাকৰ ওপৰত গুৰুত্বাৰোপ কৰিছিল, কাৰণ তেতিয়াহে তেওঁলোকৰ চিন্তা সাৰ্বজনীনভাৱে প্ৰয়োগযোগ্য আৰু প্ৰভাৱশালী হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ছে’য়াৰ্ছে এনে ভ্ৰান্ত দ্বৈতবাদী দৃষ্টিভংগীৰ অন্তঃসাৰশূন্যতা সুন্দৰভাৱে ফঁহিয়াই দেখুৱাইছে। আচলতে মানুহ সদায়েই আৰু সাৰবত্তাগতভাৱেই সামাজিক সত্তা। মাৰ্ক্সে কৈছিল : “Hunger is hunger, but the hunger gratified by cooked meat eaten with a knife and fork is a different hunger from that which bolts down raw meat with the aid of the hand, nail and tooth.” গতিকে “The bare universal—the purely ‘natural’ or ‘biological’ need for food as such—is an abstraction, in the sense that it never exists or operates on its own … …” (p. 152) চিৰন্তন বুলি অভিহিত মানৱ চৰিত্ৰৰ দিশসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে। সেইবাবে মাৰ্ক্সবাদে মানৱ চৰিত্ৰৰ সকলো দিশ সামৰি লোৱা সমগ্ৰ সত্তাৰ বিকাশ আৰু সমৃদ্ধিৰ কথা কয়। মাৰ্ক্সৰ এই কথাষাৰতে তাৰ মৰ্মটো সোমাই আছে : “The cultivation of all the qualities of the social human being, production of the same in a form as rich as possible in needs, because rich in qualities and relations—production of this being as the most total and universal social product for, in order to take gratification in a many-sided way, he must be capable of many pleasures, hence cultured to a high degree.” (p. 4-5) Vernon Venableঅৰ Human Nature: the Marxian Viewগ্ৰন্থতো এই বিষয়ে বহলাই আলোচনা কৰা হৈছে।

আনহাতে, পৰিবেশ-নাৰীবাদীসকলেও (ecofeminists) এই ক্ষেত্ৰত গভীৰ অন্তৰ্দৃষ্টিৰ পৰিচয় দিছে। মন/শৰীৰ, যুক্তি/আৱেগ, সংস্কৃতি/প্ৰকৃতি, পুৰুষ/নাৰী – এই প্ৰমূল্যগত দ্বিবিভাজনত কেৱল এটাক আনটোৰপৰা পৃথক বুলিয়ে সূচোৱা নহয়; বৰঞ্চ ইয়াৰ প্ৰথমটোহঁত ভাগক দ্বিতীয়টোতকৈ অধিক মহীয়ান আৰু মৰ্যাদাপূৰ্ণ বুলি গণ্য কৰা হয়, আৰু এনেকৈয়ে দ্বিতীয়টোৰ ওপৰত প্ৰথমটোৰ প্ৰভুত্বক ন্যায্যতা প্ৰদান কৰা হয়। পুৰুষতান্ত্ৰিক ইউৰোপীয় চিন্তাৰ এই দ্বৈতবাদী আৰু দমনমূলক চৰিত্ৰই প্ৰকৃতি আৰু নাৰী উভয়ৰে ক্ষতি কৰিছে। ভাল প্লামউডে (Val Plumwood) Feminism and the Mastery of Nature গ্ৰন্থত এই দ্বিবিভাজনক ঔপনিবেশিকতাৰ যুক্তি বুলি ফঁহিয়াই দেখুৱাইছে ‘Dualism: the Logic of Colonisation’ অধ্যায়ত। (ছিয়ান ছে’য়াৰ্ছ আৰু পিটাৰ অছবৰ্ন সম্পাদিত Socialism, Feminism and Philosophy: A Radical Philosophy Readerগ্ৰন্থত সংকলিত তেওঁৰ ‘Woman, Humanity and Nature’ ৰচনাখনো এই দিশৰপৰা মূল্যৱান।) এই চিন্তাত সংস্কৃতিৰ বিপৰীতে প্ৰকৃতিৰ সৈতে নাৰীৰ সম্পৰ্ক নিকট বুলি গণ্য কৰা হয় : “… … Women have been ‘naturalized’ and nature has been ‘feminized’.” (Rosemarie Putnam, Feminist Thought: A More Comprehensive Introduction, p. 237) ছিমন ড্য বুভোৱা আদিৰ মতে, নাৰীয়ে প্ৰকৃতিক অতিক্ৰম কৰি সংস্কৃতিৰ জগতত প্ৰবেশ কৰি পুৰুষৰ সৈতে সমতা লাভৰ চেষ্টা চলাব লাগে; আনহাতে, মেৰি ডেলি, ছুছান গ্ৰিফিন আদিয়ে নাৰী-প্ৰকৃতিৰ সম্পৰ্কক অধিক মহীয়ান কৰি তুলি যন্ত্ৰসৰ্বস্ব, প্ৰদূষিত, হিংসাচালিত ‘পুৰুষ সংস্কৃতি’ৰপৰা পৃথক প্ৰকৃতিমুখী, নাৰীসুলভ মহৎ গুণসমৃদ্ধ এখন নতুন পৃথিৱী গঢ়াৰ পোষকতা কৰে – সৰ্বশেষত তেওঁলোকে একপ্ৰকাৰ পুৰুষবিদ্বেষী লেছবিয়ান পৃথকতাবাদৰ পিনে গতি কৰা পৰিলক্ষিত হয়। কিন্তু তৃতীয় এটা গোষ্ঠীৰ নাৰীবাদীসকলে গঢ় দিব বিচাৰে “a different kind of culture and politics that would integrate intuitive, spiritual, and rational forms of knowledge”. Marge Piercyএ Woman on the Edge of Time উপন্যাসত এনে এখন সমাজৰ চিত্ৰ অংকন কৰিছে য’ত আলোচ্য সকলোধৰণৰ দ্বিবিভাজন লোপ পাইছে আৰু য’ত “Persons are both masculine and feminine; society is both natural and cultural.” (Putnam, p. 258)

ড০ বৰ্মনদেৱৰ গ্ৰন্থখনলৈ উভতি আহিছো। দুটামান প্ৰবন্ধক সংশ্লিষ্ট বিষয়ক তেওঁৰ পূৰ্বৰ গুটীয়া গ্ৰন্থৰ পৰিপূৰক বুলিব পাৰি; উদাহৰণস্বৰূপে, ‘অসমীয়া ভাষাৰ হৃতাধিকাৰ প্ৰাপ্তিৰ কাহিনী’ (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে যুটীয়াভাৱে প্ৰণীত বাস্তৱ নে বিভ্ৰম), ‘নৱবৈষ্ণৱ সাহিত্যত পৰিবেশতন্ত্ৰ’, ‘নৱবৈষ্ণৱবাদ আৰু আহোম ৰাষ্ট্ৰযন্ত্ৰ’ (শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব) আদি। ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ মোৱামৰীয়া গণ অভ্যুত্থান সম্পৰ্কে ‘বুৰঞ্জীৰ নৱব্যাখ্যা’, ড০ হীৰেন গোহাঁইৰ অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা সম্পৰ্কে ‘প্ৰগতিৰ পোহৰত পৰম্পৰাৰ সন্ধান’ প্ৰবন্ধদুটায়ো তেওঁৰ গভীৰ প্ৰগতিশীল ইতিহাসবীক্ষাৰ চানেকি দাঙি ধৰিছে।

শেষত ইয়াকে ক’ব পাৰি যে সমাজচিন্তাৰ সৈতে পৰিচয় থকা প্ৰতিজন পাঠকৰ বাবেই ৰূপান্তৰৰ ৰেহৰূপ গ্ৰন্থখন অৱশ্যপাঠ্য আৰু বহুমূলীয়া।

(ৰচনাকাল : ৩০ মাৰ্চ, ২০১৪)

Share Button
Print Friendly, PDF & Email

No Comments : "অখণ্ড মানৱ সংস্কৃতিৰ সাধনা: ড০ শিৱনাথ বৰ্মনৰ ‘ৰূপান্তৰৰ ৰেহৰূপ’ গ্ৰন্থৰ এক বিক্ষিপ্ত পৰ্যালোচনা (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *