ক্ৰীড়াংগননিবন্ধ

অলিম্পিকৰ কিংবদন্তি খেলুৱৈ- (দিগন্ত চহৰীয়া)

১. ৰে ইউৰি

অলিম্পিক গেমছ খেলৰ শেষ মঞ্চ। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত পদক জয় কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ সপোন। কিছুমানৰ সপোন পূৰণ হয় আৰু কিছুমানে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিও থমকি ৰ’বলগা হৈছে। আকৌ কেইগৰাকীমান খেলুৱৈয়ে যুগান্তকাৰী প্ৰদৰ্শনেৰে কাললৈ খ্যাতি ৰাখি থৈ গৈছে। এনে বহুকেইগৰাকী খ্যাতিমান ক্ৰীড়াবিদ আছে, যিসকলে নেকি পদকৰ জোলোঙা ডাঙৰ কৰি কিংবদন্তি খেলুৱৈৰূপে পৰিগণিত হৈছে । ইয়াৰ ভিতৰত ৰে ইউৰি অন্যতম।
আগতে অলিম্পিকত এথলেটিকছৰ তিনিটা ইভেণ্ট খুব জনপ্ৰিয় আছিল। ষ্টেণ্ডিং লং জাম্প, ষ্টেণ্ডিং হাই জাম্প আৰু ষ্টেণ্ডিং ত্ৰিপল জাম্প। এইকেইটা ইভেণ্টত এথলিট এগৰাকীয়ে একে ঠাইতে থাকি জঁপিয়াব লাগে। এতিয়াৰ দৰে বহু দূৰৰপৰা দৌৰি অতিৰিক্ত শক্তি গোটোৱাৰ সুযোগ নাপায়। পৰৱৰ্তী সময়ত এই তিনিটা ইভেণ্ট বিলোপ কৰা হয়। অৱশ্যে বিলোপ কৰাৰ পূৰ্বে অলিম্পিকত এই তিনিটা ইভেণ্টৰ অবিসম্বাদী সম্ৰাট আছিল ৰে ইউৰি। ১৯০০ চনত পেৰিছত অনুষ্ঠিত অলিম্পিকত ৰে ইউৰিয়ে তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিছিল। তাকো এদিনতে। ১৬ জুলাইত অনুষ্ঠিত ষ্টেণ্ডিং লং জাম্প, ষ্টেণ্ডিং হাই জাম্প আৰু ষ্টেণ্ডিং ত্ৰিপল জাম্পত আমেৰিকাৰ এথলিটজনে সোণৰ পদক হস্তগত কৰিছিল। ১৯০৪ চনৰ অলিম্পিকতো তেওঁ উক্ত ইভেণ্ট তিনিটাত সোণৰ পদক দখল কৰে। আকৌ ১৯০৬ চনত অনুষ্ঠিত intercalated games আৰু ১৯০৮ চনৰ অলিম্পিকত দুটাকৈ সোণ পদকৰ জোলোঙাত ভৰায়। আগতে intercalated games অলিম্পিকৰ সমপৰ্যায়ৰ আছিল। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ স্বীকৃতিপ্ৰাপ্ত আছিল এই গেমছ। পিছলৈ আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই গেমছ বাতিল কৰিলেও এতিয়াও খেলৰ ইতিহাসবিদে intercalated gamesঅক অলিম্পিক গেমছ বুলি অভিহিত কৰি আহিছে। সেই দিশৰপৰা ৰে ইউৰিয়ে অলিম্পিকৰপৰা অৰ্জন কৰা মুঠ সোণৰ পদকৰ সংখ্যা দহটা। Intercalated gamesঅৰ পদক দুটা বাদ দিলেও অলিম্পিকত ব্যক্তিগত সোণৰ পদক জয়ৰ ক্ষেত্ৰত তেওঁ মাইকেল ফেল্পছৰ পিছতে থাকিব। আমেৰিকাৰ কিংবদন্তি ছুইমাৰ ফেল্পছে ২০০৮ চনৰ বেইজিং অলিম্পিকত ৰে ইউৰিৰ সৰ্বাধিক ব্যক্তিগত সোণৰ পদকৰ অভিলেখ ভংগ কৰে। কিন্তু ৰে ইউৰি আধুনিক অলিম্পিক গেমছৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ এথলিট হিচাপে সমাদৃত হৈ থাকিব। ১৮৭৩ চনৰ ১৪ অক্টোবৰত জন্ম গ্ৰহণ কৰা ৰে ইউৰিৰ শৈশৱৰ সময়ছোৱা আছিল যন্ত্ৰণাৰে ভৰা। পলিঅ’ত আক্ৰান্ত হোৱাৰ পৰিণতিত হুইল চেয়াৰ তেওঁৰ সংগী হৈ পৰিছিল। কিন্তু শাৰীৰিক ব্যায়াম আৰু সুচিকিৎসাৰ সুবাদত তেওঁ সুস্থ হয়। পলিঅ নিৰ্মূলৰ বাবে তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ ইভেণ্ট খেলিবলৈ লয়। আৰু এনেদৰেই খেলৰ সৈতে জড়িত হৈ পৰে।
একে ঠাইৰপৰা হাই জাম্প, লং জাম্প আৰু ত্ৰিপল জাম্প কৰাটো বৰ সহজ নহয়। কিন্তু ৰে ইউৰিয়ে একে ঠাইতে থাকি ১১ ফুট ৫ ইঞ্চি পৰ্যন্ত লং জাম্প কৰিছিল, তেওঁৰ এই অভিলেখ কোনোৱে ভংগ কৰিব নোৱাৰিলে। ক্ৰীড়া সমালোচকে ৰে ইউৰিক অলিম্পিক গেমছৰ মহান খেলুৱৈ হিচাপে স্বীকৃতি দিছে।

২. দ্য ফ্লায়িং হাউছৱাইফ

১৯৪৮ লণ্ডন অলিম্পিক। এগৰাকী এথলিট আহিছিল নেডাৰলেণ্ডছৰপৰা। সেই সময়ত মহিলা এথলিটগৰাকী দুটা সন্তানৰ মাতৃ। ল’ৰাজনৰ বয়স সাত বছৰ। ছোৱালীজনী দুবছৰীয়া। তাতে আকৌ তেওঁ তৃতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত। ৩০ বছৰীয়া অন্তঃসত্ত্বা এথলিটগৰাকীক অলিম্পিকলৈ পঠোৱাৰ বাবে দেশীয় সংবাদ মাধ্যমৰ ৰোষত পৰিছিল ডাচ্চ এথলেটিকছ ফেডাৰেচন। সাংবাদিক এজনে মহিলা এথলিটগৰাকীক গৃহস্হালি চম্ভালিবলৈ পৰামৰ্শ দিছিল। বহু শুভাকাংক্ষীয়েও তেওঁক খেলিবলৈ বাধা দিছিল। কিন্তু তেওঁ আছিল অন্য ধাতুৰে গঢ়া। স্বামী তথা প্ৰশিক্ষক Jan blankersঅৰ অনুপ্ৰেৰণাত তেওঁ লণ্ডন অলিম্পিকত খেলি চাৰিটাকৈ সোণৰ পদক জয়েৰে নতুন ইতিহাস ৰচিবলৈ সক্ষম হয়। সেই খেলুৱৈগৰাকী হ’ল ফেনি ব্লেনকাৰ্ছ কোৱেন। জন্মসূত্ৰে পোৱা নাম Francina Elsje Koen। লণ্ডন অলিম্পিকৰ ১০০ মিটাৰ, ২০০ মিটাৰ, ৮০ মিটাৰ হাৰ্ডলছ আৰু ৪×১০০ মিটাৰ ৰিলেত সোণৰ পদক জয় কৰাৰ পিছত গৃহস্হালি চম্ভালিবলৈ কোৱা সাংবাদিকজনলৈ আঙুলি টোঁৱাই কৈছিল, ‘I show you’। লণ্ডন অলিম্পিকৰ ইতিহাস সৃষ্টিকাৰী প্ৰদৰ্শনৰ পিছতে তেওঁ দ্য ফ্লায়িং হাউছৱাইফ হিচাপে পৰিচিত হৈ পৰে। এখন অলিম্পিকত চাৰিটাকৈ সোণৰ পদক জয় কৰা বিশ্বৰ প্ৰথম মহিলা ক্ৰীড়াবিদৰ সন্মান এতিয়াও ফেনিৰ শিৰতে আছে। এই ৰেকৰ্ড কোনোৱে ভংগ কৰিব পৰা নাই। ১৯৯৯ চনত আন্তৰ্জাতিক এথলেটিকছ ফেডাৰেচনে ফেনিক শতিকাৰ সৰ্বশ্ৰেষ্ঠ মহিলা এথলিটৰ স্বীকৃতি দিয়ে।
১৯১৮ চনৰ ২৬ এপ্ৰিলত জন্মগ্ৰহণ কৰা ফেনিয়ে কিশোৰী অৱস্হাত টেনিছ, সাঁতোৰ, জিমনাষ্টিকছ, আইচ স্কেটিং, ফেন্সিং আৰু দৌৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এথলেটিকছৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু বাকীবোৰ খেল বাদ দিয়ে। ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত তেওঁ ৪×১০০ মিটাৰ ৰিলে আৰু হাই জাম্পত অংশ লয়। কিন্তু পদক জয় কৰিব নোৱাৰিলে। অৱশ্যে ১৯৩৮ চনৰপৰা বিশ্বৰ আগশাৰীৰ এথলিট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বিশ্বযুদ্ধ চলি থকাৰ সময়ত জাৰ্মান অধিকৃত হলেণ্ডত ফেনিয়ে ছ-টাকৈ বিশ্ব অভিলেখ স্থাপন কৰিছিল।
১৯৪০ চনৰ ২৯ আগষ্টত তেওঁ প্ৰশিক্ষক Jan Blankersঅৰ সৈতে বিবাহপাশত আবদ্ধ হয়। স্বাভাৱিকতে তেওঁৰ কেৰিয়াৰ শেষ হোৱা বুলিয়েই ধৰি লৈছিল ডাচ্চ মিডিয়াই। অৱশ্যে সেই সময়ত বিয়া হোৱাৰ পিছত মহিলা এথলিটে কেৰিয়াৰ বাদ দিয়াৰ পৰম্পৰা আছিল। কিন্তু ফেনিয়ে খেল বাদ নিদিলে। এই ক্ষেত্ৰত তেওঁৰ প্ৰশিক্ষক স্বামীৰ অনুপ্ৰেৰণা আৰু সাহসক ফেনিয়ে বহুবাৰ উল্লেখ কৰিছে।
১৯৪৮ চনত লণ্ডন অলিম্পিকত খেলিবলৈ আহিলেও ঘৰত থৈ অহা সন্তানৰ চিন্তাই ফেনিৰ মাতৃ হৃদয় ব্যাকুল কৰি তুলিছিল। আধাতে তেওঁ ঘৰলৈ যোৱাৰ কথাও চিন্তা কৰিছিল। শেষত স্বামীৰ বুজনিত শান্ত হৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। ফেনিয়ে ১৯৫২ চনৰ হেলছিংকি অলিম্পিকৰ পিছতে কেৰিয়াৰৰ যৱনিকা পেলায়। ২০০৪ চনৰ ২৫ জানুৱাৰিত ফেনি ব্লেনকাৰ্ছ কোৱেনৰ মৃত্যু হয় । কায়িক মৃত্যু হ’লেও বিশ্ব ক্ৰীড়া জগতত চিৰ জ্যোতিষ্মান হৈ থাকিব amazing Fanny.

৩. দৌৰৰ ৰজা

“There was something inhumanly stern and cruel about him, but he conquered the world by pure means: with a will that had supernatural power” – ফিনলেণ্ডৰ প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক Martti Jukolaই পাভো নুৰ্মিৰ বিষয়ে কৰা এই মন্তব্য যথেষ্ট চৰ্চিত আৰু জনপ্ৰিয়। এজন কিংবদন্তি এথলিট হিচাপে গঢ়ি তোলাৰ পথত পাভো নুৰ্মিয়ে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল। সতীৰ্থ খেলুৱৈৰ ৰোষৰ বলি হোৱা নুৰ্মিয়ে ১৯৩২ চনৰ লছ এঞ্জেলছ অলিম্পিকত অংশগ্ৰহণৰপৰাও বঞ্চিত হৈছিল। আন্তৰ্জাতিক এমেচাৰ এথলেটিক ফেডাৰেচনে নিলম্বিত কৰাৰ পৰিণতিত লছ এঞ্জেলছ অলিম্পিকত খেলাৰ সুযোগ নাপালেও কিন্তু তেওঁ ইতিমধ্যেই পৰিগণিত হৈছিল দীৰ্ঘ দূৰত্বৰ দৌৰৰ ৰজা হিচাপে।
১৯১২ চনৰ ষ্টকহম অলিম্পিকত Hannes Kolehmainen নামৰ এথলিটজনে দীৰ্ঘ দূৰত্বৰ দৌৰৰ ইভেণ্টত তিনিটাকৈ সোণৰ পদক জয় কৰিছিল। সেই সময়ত নুৰ্মি ১৫ বছৰীয়া কিশোৰ। Hannesঅৰ প্ৰদৰ্শনে নুৰ্মিৰ কিশোৰ মনত গভীৰভাৱে ৰেখাপাত কৰে আৰু ভৱিষ্যতে এজন বিশ্বমানৰ ধাৱক হোৱাৰ সপোনে উকমুকনি দিয়ে। সপোনৰ প্ৰথমটো খোজ হিচাপে নুৰ্মিয়ে ক্ৰয় কৰে এযোৰ স্পৰ্টছ শ্বু। যোগ দিয়ে Turun Urheiluliitto নামৰ এটা ক্লাবত। এজন সফল এথলিট হোৱাৰ বাবে সকলোখিনি গুণেই আছিল নুৰ্মিৰ। শাৰীৰিক উচ্চতা আৰু ওজনৰ দিশৰপৰা আদৰ্শ এথলিট পাভো নুৰ্মিয়ে অনুশীলন চলোৱাৰ সময়ত এহাতেৰে stopwatch লৈ থাকে। তেওঁৰ প্ৰণালীবদ্ধ ট্ৰেইনিং শৈলী আছিল অইন খেলুৱৈৰ তুলনাত পৃথক। হাৰ নমনা মানসিকতাৰ অধিকাৰী পাভো নুৰ্মিয়ে কাজেই ফিনলেণ্ডৰ ঘৰুৱা ট্ৰেকত কম সময়ৰ ভিতৰতে সফলতা অৰ্জন কৰে।
১৯২০ চনত এণ্টৱাৰ্প অলিম্পিকত আগ বঢ়োৱা প্ৰভাৱশালী প্ৰদৰ্শনৰ পিছত পাভো নুৰ্মিয়ে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ক্ষেত্ৰত পৰিচিতি লাভ কৰে। সেইখন আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথম অলিম্পিক। ৫০০০ মিটাৰ দৌৰত তেওঁ ব্যৰ্থ হ’লেও ১০০০০ মিটাৰ, ক্ৰছ কাউন্ট্ৰি ৰেচৰ লগতে টিম ইভেণ্টৰ জৰিয়তে তিনিটাকৈ সোণৰ পদক জয়েৰে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰে। এণ্টৱাৰ্প অলিম্পিকৰ পিছত পাভো নুৰ্মিৰ প্ৰদৰ্শন আছিল অবিস্মৰণীয়। দীৰ্ঘ দূৰত্বৰ দৌৰত অপ্ৰতিদ্বন্দ্বী সম্ৰাট হিচাপে পৰিগণিত হৈ পৰা এথলিটজনে ১৯২১ চনত ১০০০০ মিটাৰত প্ৰথমটো বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হয়। ষ্টকহমত অনুষ্ঠিত ৰেচটো সম্পূৰ্ণ কৰিবলৈ তেওঁ সময় লয় ৩০ মিনিট ৪০.২ ছেকেণ্ড। ১৯২৩ চনৰ শেষলৈ তেওঁ ১৫০০, ৫০০০ আৰু ১০০০০ মিটাৰ দৌৰত বহুকেইটা বিশ্ব অভিলেখ স্থাপন কৰিছিল।
১৯২৪ চনৰ পেৰিছ অলিম্পিক ফিনলেণ্ডৰ বাবে চিৰযুগমীয়া হৈ থাকিব। সেইবাৰৰ অলিম্পিকত পাভো নুৰ্মিয়ে ছদিনৰ ভিতৰত পাঁচটাকৈ সোণৰ পদক জয়েৰে উজলি উঠে। ১৫০০ আৰু ৫০০০ মিটাৰ দৌৰৰ ফাইনেল একেদিনাই দুঘন্টাৰ ব্যৱধানত অনুষ্ঠিত হৈছিল আৰু দুয়োটা ৰেচত নুৰ্মিয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। এয়া কিংবদন্তি এথলিট এজনৰ বাবেহে সম্ভৱ। সেইবাৰৰ অলিম্পিকত তেওঁ জয় কৰা পাঁচটা সোণৰ পদকৰ তিনিটা ব্যক্তিগত ইভেণ্ট। বাকী দুটা দলগত ইভেণ্ট।
১৯২৫ চনত পাভো নুৰ্মি আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যায়। পাঁচ মাহ যোৰা ভ্ৰমণসূচীত তেওঁ অভিলেখসংখ্যক ৫৫খন ৰেচত অংশ লৈ ৫৩খনতে চেম্পিয়ন হয়। এখন ৰেচ পৰিত্যক্ত হোৱাৰ বিপৰীতে মাত্ৰ এখনত পৰাজিত হৈছিল তেওঁ। নুৰ্মিৰ এনে অসাধাৰণ প্ৰদৰ্শনৰ পিছতে আমেৰিকান মিডিয়াই তেওঁক দ্য ফ্লায়িং ফিন, ফেণ্টম ফিন আৰু The Finnish Running Marvel আখ্যা দিয়ে। এনে দৰ্শনীয় প্ৰদৰ্শন আগ বঢ়োৱা নুৰ্মিৰ প্ৰদৰ্শন পৰৱৰ্তী সময়ত নিম্নগামী হ’বলৈ ধৰে আৰু ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকত মাত্ৰ এটা সোণৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। সোণৰ পদকটো দখল কৰে ১০০০০ মিটাৰ দৌৰত। অৱশ্যে ৫০০০ মিটাৰ আৰু ৩০০০ মিটাৰ বাধা দৌৰত দুটা ৰূপৰ পদক দখল কৰিবলৈও সক্ষম হয়। ১৯৩২ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বাবে কঠোৰ অনুশীলন চলোৱাৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৫ বছৰ। তেওঁৰ ইচ্ছা আছিল ১০০০০ মিটাৰৰ খিতাপ অক্ষত ৰখাৰ। কিন্তু নিলম্বিত হোৱাৰ পৰিণতিত তেওঁ সেইবাৰৰ অলিম্পিক খেলাৰপৰা বঞ্চিত হয়। অৱশ্যে তিনিখন অলিম্পিকত ৯টা সোণ আৰু ৩টা ৰূপৰ পদক জয়েৰে তেওঁ ইতিমধ্যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনৰ অন্যতম শ্ৰেষ্ঠ এথলিট হিচাপে সমাদৃত হৈছে ।
ফিনলেণ্ডৰ বন্দৰ চহৰ টুৰ্কুত ১৮৯৭ চনৰ ১৩ জুলাইত জন্মগ্ৰহণ কৰা পাভো নুৰ্মিৰ ১৯৭৩ চনৰ ১১ অক্টোবৰত মৃত্যু হয় ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *