অলৌকিক পৰিঘটনা - (বশিষ্ঠ বর্মন)

১৯৬৩ চনৰ কথা। মই তেতিয়া হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ৷ আমাৰ গাঁও ভােজকুছিৰ পৰা ডেৰ কিলােমিটাৰ দূৰত বুঢ়াদিয়া নৈৰ পাৰত আমাৰ পামঘৰ৷ একেলগে ৩০ বিঘামান মাটিৰে আৱৰা পামঘৰখন বাঁহ, আম-কঠাল আৰু আন গছ-গছনিৰে ভৰা। তাতে কপৌ, বগলী, বাঁহকুকা, চেকচেকী, শালিকা, চুটিয়া শালিকা, পাটমাদৈ, ডাউক, ভাটৌ আদি চৰাই ভৰি থাকে। চৰাইৰ বাহত পােৱালি বিচাৰি আমি সমনীয়াবােৰে পিটপিটাই ফুৰোঁ৷ পামত সৰু খুৰা থাকে। তাতে ১৫-২০ জনীমান গাই-গৰুৰে গাখীৰৰ খুঁটি। স্কুলত গৰমৰ বন্ধ হ'লে কিতাপ-পত্ৰ লৈ আমি পামঘৰত থাকোঁ। পামঘৰৰ প্ৰাকৃতিক সৌন্দর্য, পুৱা-গধূলিৰ নৈপৰীয়া বতাহ, ফটফটীয়া জোনাক নিশাৰ আভা মােৰ বৰ প্রিয় আছিল।

এনেকুৱা এদিন গৰম বন্ধত দুপৰীয়া মই আৰু মােৰ সমনীয়া মাজু খুৰাৰ ল'ৰা পুৰন্দৰ দুয়াে কপৌ বাহত পােৱালি বিচাৰি বাঁহনিত সােমালো। আমি দুয়াে একেলগে সপ্তম শ্রেণীত পঢ়ো। এজোপা বাঁহত কপৌবাহ দেখি মই বাঁহ বগাই উঠি গ'লোঁ। পুৰন্দৰ তলত থাকিল। কপৌ বাহটো ঢুকি পাবলৈ এক মিটাৰমান থাকোঁতে হঠাতে এছাটি তীব্র পােহৰে মােৰ চকুত ছাট মাৰি ধৰাত মই সংজ্ঞাহীন হৈ তললৈ পৰি গ'লোঁ। পুৰন্দৰে চিঞৰ-বাখৰ কৰাত, ওচৰতে মাটি চহাই থকা খুৰা আৰু দাদাহঁত দৌৰি আহি মােক পামঘৰলৈ লৈ আহিল। তেতিয়ালৈ মােৰ সংজ্ঞা নাই। মূৰত তেল-পানী দি বিচনীৰে বা দি থকাত ১৫ মিনিটমান পিছত মােৰ সংজ্ঞা ঘূৰি আহে। সৰি পৰাৰ ২-৩ মিনিটমানলৈ মােৰ বােলে শ্বাস-প্রশ্বাসাে বন্ধ হৈ আছিল। সংজ্ঞা ঘূৰি অহাৰ পিছত মই খুব ভয় খাইছিলোঁ আৰু বাওঁহাতখনত ভীষণ বিষ অনুভৱ কৰিছিলাে। মােৰ বাওঁহাতখনৰ হাড় ভাগি গৈছিল৷ মই কেনেকৈ সৰি পৰিলোঁ বুলি খুৰা-দাদাহঁতে বাৰে বাৰে সুধি থকাত মই আচল কথাটো ক'বলৈ ভয় খাইছিলোঁ। মই বগাই গৈ থাকোঁতে বাঁহৰ গাঁঠি ছিঙি সৰি পৰা বুলি কৈছিলোঁ।

মােৰ দুৰ্ঘটনাটো হৈছিল দুপৰীয়া ১২.৩০ - ১ মান বজাৰ ভিতৰত। সিদিনা প্ৰখৰ ৰ'দ আছিল। সংজ্ঞাহীন হৈ থকা সময়ছােৱাত সপােন দেখাৰ নিচিনা এক অনন্য অভিজ্ঞতা হৈছিল। সীমাহীন এক স্নিগ্ধ পোহৰৰ মাজত নেনো কণিকাৰ নিচিনা জুইৰ অজস্র স্ফুলিঙ্গ কিছুমান শূন্যত ওপঙি আছে। সেই স্ফুলিঙ্গবোৰৰ মাজত ময়ো যেন এক স্ফুলিঙ্গ হৈ ভাঁহি আছো৷ এই অভিজ্ঞতাৰ কথা আনক ক’বলৈ মোৰ সংকোচ হৈছিল। এই বিৰল অভিজ্ঞতাটোৱে এতিয়াও মােক বিস্মিত কৰে৷

২০০৩ চনত মােৰ ৰাজহাড়ৰ slip disc অপাৰেশ্বন হৈছিল। এনাস্থেছিয়া দি সংজ্ঞাহীন কৰি ৩ ঘণ্টা ধৰি অপাৰেশ্বন চলিছিল। এই সময়ছােৱাত সংজ্ঞাহীন হৈ থকা অৱস্থাত মােৰ কিন্তু এনে কোনো অভিজ্ঞতা হোৱা নাছিল। কেতিয়াবা ভাবো— এয়া মোৰ মনৰ বিভ্রান্তি নাকি?

বাঁহগছৰ ওপৰত প্রত্যক্ষ কৰা চকু ছাট মাৰি ধৰা সেই তীক্ষ্ণ পােহৰটোৰ ৰহস্যই মােৰ মন আচ্ছন্ন কৰি ৰাখিছিল। তাৰ উৎস কি, কিবা ভৌতিক ঘটনা? আনৰ আগত ক'বলৈও মই সংকোচবােধ কৰিছিলোঁ। হাত ভঙাৰ বাবে মই কিছুদিন স্কুললৈ যাব পৰা নাছিলোঁ। স্কুললৈ পুনৰ যোৱাৰ পিছত হাইস্কুলৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্রাপ্ত প্রধান শিক্ষক প্রয়াত মলিন শর্মাই মােক তেওঁৰ অফিচ ৰুমলৈ মাতি নি কেনেকৈ হাত ভাঙিছিল সুধিছিল। ছাৰ বিজ্ঞানমনস্ক আৰু মেধাসম্পন্ন ব্যক্তি আছিল। মই শ্ৰেণীত নিয়মীয়া আৰু মনােযােগী ছাত্র আছিলোঁ। সেইবাবে ছাৰে মােক মৰম কৰিছিল। ছাৰক মই সঁচা ঘটনাটো বিৱৰি কৈছিলোঁ। ছাৰে "বাৰ্মুডা ট্ৰেংগল"ৰ ৰহস্যৰ কথাটোৰ উদাহৰণ দি কৈছিল - কিছুমান প্রাকৃতিক পৰিঘটনাৰ ৰহস্য এতিয়াও বিজ্ঞানে উদ্ঘাটন কৰিব পৰা নাই। মই ছাৰৰ কথাত আশ্বস্ত হৈছিলোঁ। বহু বছৰ পিছত, কলেজত পঢ়ি থাকোঁতে মই নিজেই ইয়াৰ ৰহস্যৰ সমাধান বিচাৰি পাইছিলোঁ।

কলেজত পঢ়ি থাকোঁতে হঠাৎ এখন ইংৰাজী বিজ্ঞান আলােচনীত এটা সঁচা কাহিনী পঢ়িবলৈ পালোঁ। থূলমূলকৈ কাহিনীটো আছিল এনেকুৱা—

ফ্ৰান্সৰ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বিশেষ কেঁকুৰিত বহুকেইটা মটৰ দুর্ঘটনা হৈছিল। তেতিয়ালৈকে দুর্ঘটনাত পতিত হােৱা ড্রাইভাৰবিলাকৰ কোনাে এজন ড্রাইভাৰেই বাচি থকা নাছিল। সেইবাবে অনুসন্ধানকাৰী দলে দুর্ঘটনাৰ প্রকৃত কাৰণ বিচাৰি উলিয়াব পৰা নাছিল।

দুর্ঘটনাবিলাক হৈছিল দুপৰীয়া ১২-১ বজাৰ ভিতৰত। প্রখৰ ৰ'দৰ দিনতহে দুর্ঘটনাবােৰ হৈছিল। এবাৰ এজন ড্রাইভাৰ দুৰ্ঘটনাত কথমপি বাচিল। অনুসন্ধানকাৰী দলটোৱে তেওঁৰ পৰা জানিব পাৰিলে যে ঠিক কেঁকুৰিটো পােৱাৰ সময়ত এছাটি তীক্ষ্ণ পােহৰ তেওঁৰ চকুত পৰাত তেওঁ প্রায় অচেতন হৈ পৰি দুৰ্ঘটনাত পতিত হয়। সেই কেঁকুৰিটোত তিনিজোপা একে জাতৰ ওখ গছ আছিল। সেই গাছকেইজোপাৰ পাত সেউজীয়া আৰু ওপৰত এটা ৰূপালী তৰপ আছে। সমগ্র ঘটনাৰ তথ্য জনাই অনুসন্ধানকাৰী সংস্থাটোৱে এটা বিজ্ঞানীৰ দলক ইয়াৰ সত্য উদ্ঘাটন কৰিবলৈ দায়িত্ব দিলে। বিজ্ঞানী দলটোৱে পৰীক্ষাগাৰত গছকেইজোপাৰ পাত পৰীক্ষা কৰি জানিব পাৰিলে— উচ্চ তাপত পাতবােৰত চোকা পােহৰ পৰিলে ৰাসায়নিক বিক্রিয়া হৈ তাৰ পৰা তীক্ষ্ণ পােহৰ বিচ্ছুৰিত হয় আৰু সেই পােহৰ হঠাৎ চকুত পৰিলে মানুহে দিকবিদিক্‌ হেৰুৱাই সংজ্ঞাহীন হৈ পৰে। ড্রাইভাৰবিলাকে দুর্ঘটনা কৰাৰ ভৌতিক কাৰণ সেইটোৱেই। পিছত সেই গছকেইজোপা কাটি পেলােৱা হ'ল আৰু তেতিয়াৰ পৰা তাত দুর্ঘটনা নােহােৱা হ'ল। আমাৰ ইয়াত হ'লে তাত ভূত-প্রেত থকা বুলি এটা কালী মন্দিৰ সজাই দিলেহেঁতেন।

সেই লেখাটো পঢ়াৰ পিছত মই মােৰ দুর্ঘটনাৰ কাৰণটোও এটা প্রাকৃতিক পৰিঘটনা আছিল বুলি দৃঢ় হ'লো। মই বগাই যােৱা বাঁহজোপাৰ ওচৰতে এজোপা ওখ চতিয়না গছ আছিল৷ চতিয়না গছৰ পাতো ডাঠ সেউজীয়া আৰু ওপৰভাগ ৰূপালী৷ চোকা ৰ'দৰ তাপত চতিয়না গছৰ পাততাে হয়তাে ৰাসায়নিক বিক্রিয়া হৈ তীক্ষ্ণ পোহৰ বিচ্ছুৰিত হৈ হঠাৎ মােৰ চকুত পৰাত মই সংজ্ঞাহীন হৈ পৰিছিলোঁ।

আমি সৰু হৈ থাকোঁতে ডাঙৰবােৰে কোৱাকুই কৰা শুনিছিলোঁ— চতিয়না গছত ভূত-প্রেত থাকে। আমাৰ মাজত বিজ্ঞানমনস্কতাৰ অভাৱৰ কাৰণে নানা কুসংস্কাৰত ভােগোঁ। ঘটনাবিলাকৰ প্রকৃত বৈজ্ঞানিক পৰিঘটনাৰ সন্ধান নকৰি ভূত প্রেতৰ আঁৰত লুকাই থাকোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "অলৌকিক পৰিঘটনা - (বশিষ্ঠ বর্মন)"

Leave a Comment

Your email address will not be published. Required fields are marked *