অন্ধবিশ্বাস আৰু কুসংস্কাৰ (হানিফ মোস্তাক আহমেদ)

১৯৯৭-১৯৯৮ চন মানৰ ঘটনা৷ মানুহজন প্ৰকৃততে ধুবুৰী জিলাৰ বাসিন্দা আছিল, বান আৰু গৰাখহনীয়াত ছিন্নমূল হৈ বৰপেটা জিলাৰ এখন ভিতৰুৱা গাঁৱত আশ্ৰয় লৈ আছিল৷ হঠাৎ এদিন মানুহজন আৰু তেওঁৰ ঘৈণীৰ নামত সন্দেহযুক্ত নাগৰিকৰ জাননী আহিল৷ দিন মজুৰ মানুহজনে বহু কষ্টৰে পা-পইচা যোগাৰ কৰি ধুবুৰীলৈ গৈ কাগজ পত্ৰ লৈ আহিল৷ নিৰ্দ্ধাৰিত তাৰিখত শুনানীলৈ গ’ল৷ শুনানী লোৱা বিষয়াক কাগজ পত্ৰ দৰ্শন কৰিলে৷ সকলো ঠিকেই আছে৷ কিন্তু শুনানী লোৱা বিষয়াই যেতিয়া তেওঁৰ ঘৈণীক স্বামীৰ নাম কি বুলি সুধিলে, তেতিয়াই কেনা লাগিল৷ শুনানি বিষয়াই ঘৈণীয়েক জনীক হাজাৰ বাৰ সুধাৰ পাছতো স্বামীৰ নাম নক’লে৷ শুনানী লোৱা বিষয়াজনে বিৰক্ত হৈ কাগজপত্ৰ সামৰি থ’লে৷ দুমাহমানৰ পাছত আকৌ ঘৈণীজনীৰ নামত জাননী আহিল৷ নিৰ্ধাৰিত তাৰিখত শুনানী লৈ গ’ল৷ একেই বিড়ম্বনা, শুনানী লোৱা বিষয়াই স্বামীৰ নাম সুধিলে যদিও তাই নকয়হে নকয়৷ স্বামী পৰিয়াল, প্ৰতিবেশী আটায়ে বুজালে, তথাপি তাই স্বামীৰ নাম নকয়৷

শেষত শুনানী লোৱা বিষয়াজনে বিৰক্ত হৈ কাগজ পত্ৰ সামৰি গ’লগৈ৷ আটায়ে ভাবিছিল যে শুনানী লোৱা বিষয়াজনে হয়তো তাইৰ কাগজ-পত্ৰ চাই নামটো ভোটাৰ তালিকাত  অন্তৰ্ভুক্ত কৰিব৷  কিন্তু সেয়া নহ’ল৷  কিছুদিনৰ পাছত মানুহজনীৰ নামত আকৌ জাননী আহিল৷ নিৰ্দ্ধাৰিত তাৰিখত শুনানী লৈ গ’ল৷ কিন্তু কি হ’ব একেই  বিড়ম্বনা৷ ঘৈণীয়ে স্বামীৰ নাম নকয়হে নকয়৷ বিষয়াজন কথা- বতৰাত সহজ-সৰল আছিল বাবে গাঁৱৰ মানুহ দুজনমানে তেওঁক ঘটনাটো বুজাই কোৱাত তেওঁ কাগজ পত্ৰ চাই সৈমান হ’ল৷ কিন্তু ঘৰলৈ আহি মানুহজনে ঘৈণীক তালাক দি দিলে৷ তালাক  দিয়াৰ দুদিন পাছত ঘৈণীজনী চিপজৰী লৈ মৰি থাকিল৷ গোটেই দিন গছত উলমি থকাৰ পাছত সন্ধিয়া পুলিচৰ মানুহ আহি মৃতদেহটো লৈ গ’ল৷ পাছত অনুসন্ধান কৰি জানিব পৰা গ’ল যে মানুহজনীক আইতাকে শিকাই দিছিল যে কোনো পৰিস্থিতিতেই স্বামীৰ নাম ক’ব নালাগে৷ ঘৈণীয়েকে স্বামীৰ নাম ক’লে স্বামীৰ অমংগল হয় আৰু পৰিয়াললৈ দুৰ্দশা নামি আহে৷ সেইবাবে তাই স্বামীৰ নাম কোৱা নাছিল৷

এই উদাহৰণৰ পৰা ক’ব পাৰি যে এনেকুৱা অসংগত বিশ্বাস, ধ্যন-ধাৰণা, অজ্ঞাত কোনো বস্তু বা বিষয়ৰ ভয় আদিয়েই হ’ল অন্ধবিশ্বাস৷ এই ধৰণৰ বিশ্বাসৰ ভিত্তিত যিবিলাক কাম কাজ বা সংস্কাৰ সাধন কৰা হয়, সেই বিলাকেই হ’ল কুসংস্কাৰ৷ অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ মূলত আছে শিক্ষা-দীক্ষা আৰু জ্ঞানৰ অভাৱ৷  আদিম অৱস্থাত মানুহৰ জ্ঞান বৃদ্ধি সীমিত আছিল বা তেওঁলোকে কিছুমান প্ৰাকৃতিক ঘটনাক দৈব শক্তি বা কোনো অজ্ঞাত শক্তিৰ প্ৰভাৱত হোৱা বুলি বিবেচনা কৰিছিল৷ সময়ৰ লগে লগে মানুহৰ জ্ঞানৰ বিকাশ, বিজ্ঞান আৰু যুক্তিবিদ্যাৰ প্ৰসাৰ হয়৷ লাহে লাহে সমাজৰ পৰা বহু বিলাক কু-সংস্কাৰ আৰু অন্ধবিশ্বাস নোহোৱা হ’ল যদিও কিছুমান বিশ্বাস আৰু উৎসব পাৰ্বণ মানুহৰ মজ্জাগত হৈ পৰিল৷  ভিত্তিহীন আৰু অযৌক্তিক বিশ্বাসসমূহৰ পৰা মানৱ সমাজৰ বহু ক্ষতি সাধন হৈছে আৰু হৈ আছে, তথাপি মানুহে  সেইবোৰ বিশ্বাস ত্যাগ কৰিব পৰা নাই বা  কিছুমান মানুহে ন্যাস্ত স্বাৰ্থৰ বাবে তেনে বিশ্বাসবোৰ সমাজত চলি থকাত উৎসাহ যোগাই আহিছে৷ এই শ্ৰেণীৰ লোকে কোনো ন্যাস্ত স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ সমাজত কিছুমান অযৌক্তিক ধ্যান ধাৰণা আৰু পৰম্পৰা প্ৰতিষ্ঠাত সদা ব্যস্ত হৈ থাকে৷ ধৰ্ম আৰু অন্ধবিশ্বাসৰ মাজত যথেষ্ট পাৰ্থক্য আছে যদিও বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে ধৰ্মৰ প্ৰতি সংবেদনশীল লোকসকলৰ মাজতেই অন্ধবিশ্বাসৰ প্ৰৱণতা অধিক৷ এই ধৰণৰ ধৰ্মতাত্বিকসকলৰ প্ৰভাৱ সমাজৰ দৰিদ্ৰ, নিৰক্ষৰ লোকসকলৰ মাজতেই সৰ্বাধিক৷

সমাজত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মহিলাসকল আটাইতকৈ বেছি নিৰ্যাতিত হ’বলগীয়া হয়৷ আমাৰ সমাজত চলি থকা লিংগ বৈষম্যৰ প্ৰধান কাৰণসমূহৰ ভিতৰত অন্ধবিশ্বাস অন্যতম৷ মহিলাৰ প্ৰতি  অতি প্ৰাচীনকালৰ পৰা চলি অহা বন্ধমূল ধাৰণা আধুনিক যুগতো বৰ্তি থকাৰ কাৰণ হ’ল ধৰ্ম আৰু অন্ধবিশ্বাসৰ সহ অৱস্থান৷ আমাৰ সমাজত এনেকুৱা কিছুমান বিশ্বাসপ্ৰৱৰ্তিত হৈ আছে যে মহিলাসকল গছত উঠিব নাপায়৷ যদি কোনো মহিলাই গছত উঠে, তেন্তে তেওঁ গছত উঠি যিমান দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব সিমান দূৰলৈ আল্লাহ (ঈশ্বৰ)ৰ গজব (অভিশাপ) নিক্ষেপিত হ’ব৷ প্ৰাকৃতিক পৰিঘটনা মহিলাৰ মাহেকীয়া ঋতুচক্ৰৰ সময়ত মহিলা সকলক অপবিত্ৰ বুলি গণ্য কৰা হয়৷ সেই সময়ত তেওঁলোকে কোনো ধৰ্ম-কৰ্ম কৰিব নোৱাৰে, কোনো শুভ কামৰ অংশীদাৰ হ’ব নোৱাৰে, গোহালি ঘৰলৈ যাব নোৱাৰে৷ কিছুমান সম্প্ৰদায়ত আকৌ পাক ঘৰত সোমাবলৈ দিয়া নহয়৷ বাচন বৰ্তন চুব নিদিয়ে৷ পৃথক বিচনাত নাইবা মজিয়াত শুবলৈ দিয়া হয়৷ কিছুমান সমাজত আকৌ মাহেকীয়াৰ সময়ত মহিলাসকলক বেলেগ গৃহত অকলশৰীয়াকৈ থাকিবলৈ বাধ্য কৰোৱা হয়৷ প্ৰথম কন্যা সন্তান জন্ম দিয়া, প্ৰথম সন্তানৰ মৃত্যু হোৱা, স্বামীৰ দ্বাৰা পৰিত্যাক্তা, দ্বিতীয় বিয়া হোৱা মহিলা সকলক ল’ৰা-ছোৱালীৰ বিয়া, মৃত ব্যক্তিৰ সৎকাৰত আদিত আগভাগ লবলৈ দিয়া নহয়৷ কিছুমান পৰিয়ালত মাহেকীয়া হোৱা মহিলাৰ গাৰ ছাঁ ধান, চাউল আদি খাদ্য সামগ্ৰী আৰু ল’ৰা-ছোৱালীৰ ওপৰত পৰিবলৈ দিয়া নহয়৷ ছাঁ পৰিলে সোণ আৰু ৰূপ ধোৱা পানীৰে ধুই শুচি কৰা হয়।

মাঘ-ফাগুন মাহত প্ৰথম আহুধানৰ বীজ সিঁচাৰ দিনা পৰিয়ালত বিবিধ শাক-পাচলি, ঘাঁহ-বন আদিৰে ৰন্ধা মিশ্ৰিত আহাৰ খায়৷  তেনে কৰিলে খেতি পথাৰত ঘাহ-বন নগজে বুলি ভৱা হয়৷ গাঁৱত  মেকুৰী এটা বাট পাৰ হৈ ইঘৰ সিঘৰলৈ যোৱাটো স্বাভাৱিক৷  কিন্তু, বহু মানুহে অন্ধ বিশ্বাসৰ  বশৱৰ্তী হৈ গাড়ী ৰখাই, ষ্টাৰ্ট বন্ধ কৰি পিছুৱাই আনি আকৌ নতুনকৈ যাত্ৰা আৰম্ভ কৰা দেখা যায়৷ তেওঁলোকৰ মতে, মেকুৰী সন্মুখত পৰিলে যাত্ৰা শুভ নহয়৷ যাত্ৰাৰ সময়ত কোনোবাই পিছ পিনৰ পৰা মাতিলে যাত্ৰা নষ্ট হয় বুলি বহু মানুহৰেই অন্ধবিশ্বাস এটা আছে৷  একেদৰে ঘৰৰ মুধচত শগুন বহিলে ঘৰটো অশুচি হয় বুলি আমাৰ সমাজত অন্ধবিশ্বাস এটা প্ৰচলিত হৈ আছে৷ মন্দিৰ বা মছজিদলৈ যাওঁতে নিম্ন বৰ্গৰ লোকৰ সাক্ষাৎ হ’লে বা গাত স্পৰ্শ হ’লে গা অশুচি হয়৷ নিম্নবৰ্গ বা অইন ধৰ্মৰ লোকে কুঁৱাৰ পৰা পানী তুলিলে, পাকঘৰত সোমালে, বাচন-বৰ্তন স্পৰ্শ কৰিলে অশুচি হয় বুলি থকা অন্ধবিশ্বাস মাত্ৰ নিৰক্ষৰ লোকৰ মাজতেই বিদ্যমান নহয়৷ বহু আধুনিক শিক্ষাৰে উচ্চশিক্ষিত হোৱা লোকৰ মাজতো এই ধৰণৰ অন্ধবিশ্বাস থকা দেখা যায়৷

প্ৰাচীন ভাৰতত প্ৰচলিত ভয়াবহ অন্ধবিশ্বাস আহিল সতীদাহ প্ৰথা, আধুনিক ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছে, যদিও দেশৰ লাখ লাখ নিৰক্ষৰ দৰিদ্ৰ  বিশেষকৈ জনজাতীয় আৰু দলিত সম্প্ৰদায়ৰ মাজত চলি আছে দাইনী  হত্যা প্ৰথা, সমাজৰ মানুহৰ  মাজত প্ৰাদুৰ্ভাৱ ঘটা ৰোগ ব্যাধি কোনো ওজা বা কবিৰাজৰ কুমন্ত্ৰণা, তপজপৰ ফলত ঘটে বুলি তেওঁলোকৰ ধাৰণা৷ সেয়ে সমাজৰ বয়বৃদ্ধ বা আন কিছুমান লোকক সেই ৰোগ ব্যাধিৰ বাবে তেওঁলোক অভিযুক্ত কৰে আৰু হত্যা কৰে৷ কিছুমান সমাজত আকৌ কলেৰা, বসন্ত আদি খেদিবলৈ ভোগ দিয়ে, পুজা-পাতল কৰে, পানী জাৰে, পানী লাউৰ গুটি ককালত গুঁঠি লয়, তাবিজ বা মাদলি লয় আদি৷  সেইদৰে হাপানী ৰোগ আৰোগ্যৰ বাবে বাদুলিৰ মাংস খোৱা, ককাল বিষ আৰোগ্যৰ বাবে শিয়ালৰ দাঁত ককালত ওলোমাই লোৱা, ল’ৰা-ছোৱালীয়ে ভয় খালে চুঙা বাদুলি টানি ছিঙি জিভাত তেজৰ টোপাল দিয়া, লো পুৰি পানীত জুবুৰিয়াই পানী খুওবা হয়৷ অৰ্শ ৰোগৰ আৰোগ্যৰ বাবে অষ্ট ধাতুৰ আঙুঠি পৰিধান আৰু গ্ৰহ দোষ নাশৰ বাবে ৰং-বিৰঙৰ মাণিক-পাথৰৰ আঙুঠি পৰিধান অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়।

প্ৰসূতিক পুষ্টিকৰ খাদ্য খাবলৈ নিদি আলু পিটিকা, কালজিৰা চাটনি, তিল বটা আদি খাবলৈ দিয়া, প্ৰসুতি থকা ঘৰৰ দৰজাত খেজুৰৰ ঠাৰি আৰি দিয়া আৰু প্ৰসুতিৰ লগত সদায় লোৰ সজুলি এপাট ৰখাৰ প্ৰথাও অন্ধবিশ্বাস৷ পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কণী খালে পৰীক্ষাত শূন্য পায় বুলি বহু মানুহৰ মাজত অন্ধবিশ্বাস আছে৷ ৰাতি শাক খালে দুখীয়া হয়৷  এৱাঁ গাখীৰ চেনী, মৌ, ঘিউ আৰু কল একে লগে  মিহলাই খাব নাপায় বুলি  কিছুমান মানুহৰ মাজত অন্ধবিশ্বাস আছে৷ মহিলাৰ প্ৰসৱৰ পাছত নিৰ্গত ফুল বা প্লেচেণ্টা শৰীৰত সানি ল’লে ছালৰ বেমাৰ ভাল হয় বুলি কিছুমান মানুহৰ মাজত বদ্ধমূল ধাৰণা এটা আছে৷
এইদৰে বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত বিভিন্ন অন্ধবিশ্বাস-কুসংস্কাৰ আমাৰ সমাজত চলি আছে৷ মাত্ৰ চলি  থকাই নহয়, বহু সময়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈ মানুহে বহু অথন্তৰো ঘটায়৷ অজ্ঞতা, মতান্ধতা আৰু কেতিয়াবা ন্যাস্ত স্বাৰ্থ সিদ্ধিৰ বাবেও বহুলোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আশ্ৰয় লয়৷ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ যদিও  দেশত বৰ্তমান এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে কোনে কি খাব, কেনেকুৱা সাজপাৰ পিন্ধিব, কাক চালাম দিব আদি কথালৈ বিৰ্তকৰ সৃষ্টি হৈছে৷ এক পক্ষৰ খাদ্য আন পক্ষৰ দেৱতা আদি ধাৰণা আৰু মতবাদবোৰ সততে ন্যাস্ত স্বাৰ্থ সিদ্ধিৰ বাবেই বৰ্তাই ৰখা হৈছে৷ অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ সামগ্ৰিক উন্নয়নৰ প্ৰতিবন্ধক, ইয়াৰ দ্বাৰা সমাজৰ গৰিষ্ঠ সংখ্যক লোক শোষিত  আৰু নিৰ্যাতিত হয়৷ কিন্তু লাভান্বিত হয় সমাজৰ মুষ্টিমেয় কিছুসংখ্যক লোক৷

Share Button
Print Friendly, PDF & Email

No Comments : "অন্ধবিশ্বাস আৰু কুসংস্কাৰ (হানিফ মোস্তাক আহমেদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *