অনুপ্ৰৱেশ, অসমৰ জাতীয় প্ৰশ্ন আৰু ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতা - (ইন্দ্ৰজিৎ বৰা)

 

আধুনিক ৰাষ্ট্ৰ গঠনৰ লগে লগে মানৱ সমাজৰ মনস্তাত্ত্বিক জগতখনত - ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম, জাতীয়তাবোধ আদি - অত্যাধুনিক সাংস্কৃতিক সংজ্ঞাৰ সমলীয়া বিভিন্ন ৰাজনৈতিক সংহতিৰ সৃষ্টি হয় । সেয়ে, যদিও প্ৰকৃতাৰ্থত প্ৰব্ৰজন কৰা লোকৰ সংখ্যা - এটা সমীক্ষামতে - বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১ শতাংশলৈ সীমিত হ’ল, ব্ৰেক্সিটৰপৰা সদ্যসমাপ্ত অমেৰিকাৰ নিৰ্বাচনলৈকে অনুপ্ৰৱেশ সমকালীন বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক জনপ্ৰিয় আৰ্থ-সামাজিক আলোচ্য বিষয় হিচাপে পৰিগণিত হৈছে । আধুনিক ৰাষ্ট্ৰৰ বা প্ৰশাসনিক গোটৰ নিৰ্ধাৰিত চাৰিসীমা আৰু তাক প্ৰতিপন্ন কৰা গতিশীল জাতীয় সংজ্ঞাৰ মাজত নব্য সংঘাতৰ ফলস্বৰূপে ঐতিহাসিক প্ৰব্ৰজন অবৈধ অনুপ্ৰৱেশত পৰিণত হয় । এনে এক ঐতিহাসিক সন্ধিক্ষণত, জাতীয় সংজ্ঞাৰ নিৰ্ধাৰণ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰে ।

প্ৰব্ৰজনৰপৰা অবৈধ অনুপ্ৰৱেশলৈ

ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, প্ৰাক-ঐতিহাসিক যুগৰপৰাই উত্তৰ-পূব ভাৰতত মংগোলীয় জনগোষ্ঠীৰ বাহিৰেও উত্তৰ-পশ্চিম ভাৰতৰপৰা আৰ্যভাষী লোকসকলৰ আগমন ঘটিছিল। আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰি সামাজিক গাঁথনিত থলুৱা লোকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সামাজিক সমন্বয় গঢ়ি তুলিছিল। লগে লগে আহোম ৰাজত্বৰ পৃষ্ঠপোষকতাতে হোৱা আৰ্যসকলৰ আগমনৰ ফলত অসমত ব্যাপকভাৱে আৰ্য সংস্কৃতিয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল । তাৰ পাছত ব্ৰিটিছ শাসনকালত অসমৰ বিশাল ভূখণ্ডলৈ পৰিকল্পিতভাৱেই ঔপনিৱেশিক স্বাৰ্থত প্ৰব্ৰজনক উদগনি যোগাইছিল । এটা বিদ্যায়তনিক বিশ্লেষণ মতে ১৮২৬ চনৰপৰা ১৯০৫ চনলৈ এই প্ৰথম সময়ছোৱাত প্ৰধানকৈ চাহ বনুৱাসকল, বংগৰ বিভিন্ন জিলাৰপৰা অহা ব্ৰিটিছ প্ৰশাসনৰ আমোলাসকল আৰু ৰাজস্থান আৰু বংগৰপৰা অহা বেপাৰী আৰু ব্যৱসায়ীসকলৰ প্ৰব্ৰজন হ’ল । ১৯০৬ চনৰপৰা ১৯৪৭ চনলৈ তাৰ পাছৰ সময়ছোৱাত পূৰ্ব বংগৰ মুছলমান ধৰ্মাৱলম্বী এচাম খেতিয়কৰ গাঁওমুখী প্ৰব্ৰজন আৰু হিন্দু ধৰ্মাৱলম্বীসকলৰ চহৰলৈ প্ৰব্ৰজন হ’ল ।

তাৰ পাছত, ১৯৪৭ চনৰ বিভাজন বা ১৯৭১ চনৰ চুবুৰীয়া বাংলাদেশৰ (পূব পাকিস্তান) গৃহযুদ্ধৰ সময়ৰ অবৈধ অনুপ্ৰৱেশকাৰীসকল পৰিৱৰ্তিত ৰাজনৈতিক বা যুদ্ধকালীন পৰিস্থিতিৰ অৰাজকতাৰ সৃষ্টি । কিন্তু তাৰ পাছৰ সময়ৰ অনুপ্ৰৱেশৰ কাৰক চুবুৰীয়া ৰাষ্ট্ৰৰ দৰিদ্ৰতা । এসময়ৰ গৃহ ৰাজ্য মন্ত্ৰী মুল্লাপ্পল্লি ৰামচন্দ্ৰনৰ মতে শেষৰ দশকতে প্ৰায় ১৪ লাখ অবৈধ অনুপ্ৰৱেশ হয়। কনচাৰ্ন ইউনিভাৰ্ছেল নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ মতে প্ৰতিদিনেই ৫০জনকৈ অবৈধ অনুপ্ৰৱেশকাৰী ছিদ্ৰযুক্ত বাংলাদেশ সীমা সৰকি ভাৰতত প্ৰৱেশ কৰে। বাংলাদেশৰ সৈতে অসমৰ প্ৰায় ২৬৭ কিলোমিটাৰ এলেকা জোৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰায় ৪৫ কিলোমিটাৰ এলেকা নদীৰ জলভাগে আৱৰি আছে। বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰৰ এক প্ৰতিবেদন মতে, এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত নদীৰ জলভাগে আৱৰি থকা অঞ্চলটিক সামৰি উচ্চ প্ৰযুক্তিসম্পন্ন ‘অদৃশ্য বেৰ’ (Virtual Fence) নিৰ্মাণ কৰি তুলিবলৈ পৰামৰ্শ আগ বঢ়োৱা হৈছে আৰু মাটিয়ে আৱৰি থকা এলেকাত কাঁইটীয়া তাঁৰৰ কাম ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

১৯৫০ চনত সম্পাদিত ভাৰত-পাকিস্তান চুক্তি অনুসৰি বিভাজনৰ পাছত ১৯৫০ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তানৰপৰা অহাসকলক ভাৰতীয় বুলি স্বীকাৰ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ সংশোধন কৰা হয় । পাছত বাংলাদেশৰ জন্ম হোৱাৰ লগে লগে ভাৰত-বাংলাদেশৰ মাজৰ চুক্তি অনুসৰি ১৯৭১ চনৰ আগতে পূব পাকিস্তানৰপৰা আহি ভাৰতত থিতাপি লোৱা অনুপ্ৰৱেশকাৰীসকলক ওভতাই পঠিওৱাৰ বাট বন্ধ হৈ পৰিল । নিবন্ধকাৰ দীপাঙ্কৰ মল্ল বৰুৱাই উল্লেখ কৰাৰ দৰে বিদেশী বহিষ্কাৰ কৰাৰ বাবেই কৰা অসম আন্দোলনৰ পৰিণতিত স্বাক্ষৰ হোৱা অসম চুক্তিৰ আধাৰতে ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনৰ সংশোধন কৰি নতুন দফা সন্নিৱিষ্ট কৰিলে যাতে ১৯৭১ চনলৈ পূব পাকিস্তানৰপৰা অসমলৈ অহা লোকসকল এই দেশৰ বৈধ নাগৰিক হৈ পৰে । কিন্তু, ১৯৭১ চনৰ পাছৰ অবৈধ নাগৰিকসকলৰ বহিষ্কৰণৰ বাবে দৰকাৰী কোনো নিৰ্দিষ্ট প্ৰশাসনিক ব্যৱস্থাৰ কথা অসম চুক্তিত উল্লেখ নাই । গতিকে নিৰ্বাচনী ৰাজনীতিলৈ ঠেলি দিয়া এনে সাময়িক চুক্তিয়ে এখন ৰাজ্যৰ প্ৰশাসন বা এটা আঞ্চলিক ৰাজনৈতিক দলৰ পৰিসৰৰ ভিতৰত একো বিকল্প সমাধানসূত্ৰ নিদিয়াই স্বাভাৱিক ।

আজিও প্ৰকৃতাৰ্থত সীমা সুৰক্ষা বল আৰু বিদেশী ন্যায়াধিকৰণৰ ওপৰতে ন্যস্ত এই অবৈধ অনুপ্ৰৱেশ সমস্যাৰ বিতৰ্ক কেৱল নিৰ্বাচনী ৰাজনীতিলৈকেহে সীমিত । অসম চুক্তিৰ ৯ নং দফাত সন্নিৱিষ্ট থকা নিৰ্দেশাৱলীৰ মতেও ভাৰতৰ হাতত কাটা তাঁৰৰ বেৰা আৰু সীমাৰ তদাৰকিৰ বাদে অন্য তৎকালিক বিকল্প নাছিল । প্ৰশাসনিকভাৱে ভাৰত চৰকাৰৰ সন্মুখত বিৰাজমান অনিশ্চয়তাৰ মূল কাৰণ হ’ল অনুপ্ৰৱেশৰ বৃহৎ জনসংখ্যা হেতু প্ৰায় অসম্ভৱ বিতাড়ন প্ৰকল্প আৰু ছিদ্ৰযুক্ত সীমা । প্ৰথম পদক্ষেপ হ'ল অনুপ্ৰৱেশকাৰীসকলৰ চিনাক্তকৰণ । কিছুমানে ১৯৯০ চনতেই এই সংখ্যা ২-৩ কোটিৰ ভিতৰত বুলি উল্লেখ কৰিলেও নতুন নিৰ্ধাৰণৰ প্ৰয়োজন আছে । ১৯৮৩ চনত কেৱল অসমৰ বাবে সংসদত উপস্থাপন কৰা অবৈধ অনুপ্ৰৱেশকাৰী নিৰ্ণায়ক ন্যায়াধিকৰণৰ (Illegal Migrant Determination Tribunal - IMDT) অন্তৰ্গত ২০০০ চনলৈকে কেৱল মাত্ৰ ১০,০০০জন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হয় । অৱশেষত ২০০৫ চনত উচ্চতম ন্যায়ালয়ে এই ন্যায়াধিকৰণ বাতিল কৰি অনিয়ন্ত্ৰিত অনুপ্ৰৱেশক ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি আখ্যা দিয়ে । চিনাক্তকৰণৰ ক্ষেত্ৰত “হিন্দু বাংলাদেশী” প্ৰসংগটোৰ অৱতাৰণা হৈছে । কিন্তু ভাৰতীয় সাংবিধানিক পৰিসৰৰ ভিতৰত নীতিভিত্তিকভাৱে ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ (শেহতীয়া সংশোধনলৈকে)ৰ সংশোধনেৰে এনে ধৰ্মৰ্ভিত্তিক পদক্ষেপ সম্ভৱ হ’ব জানো ?

আনহাতে, বহিষ্কৰণ বাংলাদেশৰ সহযোগিতাৰ অবিহনে অসম্ভৱ । উদাহৰণস্বৰূপে, ২০০৩ চনত সেই সময়ৰ গৃহ মন্ত্ৰী এল কে আদৱানিয়ে ৰাজ্যবিলাকক অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কৰণ কৰিবলৈ দিয়া নিৰ্দেশৰ কেইসপ্তাহমান পাছত ২৬৫জনক সীমালৈ পঠোৱা হয়, কিন্ত বাংলাদেশ কৰ্তৃপক্ষই সেইসকলক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে দুয়ো দেশৰ সীমা সুৰক্ষা বলৰ মাজত হিংসাত্মক বাতাৱৰণ সৃষ্টি হয় । জেনেৰেল এৰ্ছাডৰ দিনৰপৰা বিভিন্ন দ্বিপাক্ষিক মঞ্চত এই বিষয়টো উত্থাপন কৰাৰ পাছতো বাংলাদেশে অবৈধ অনুপ্ৰৱেশৰ কথাটো ইমানদিনে অস্বীকাৰ কৰি আহিছে । ২০০১ চনত পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বিতাড়নৰ ক্ষেত্ৰত থকা ন্যায়িক আৰু সাংবিধানিক অন্তৰায় হেতু অবৈধ অনুপ্ৰৱেশকাৰীসকলক কামৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনাৰ কথা সদৰী কৰিছিল । ২০০৩ চনত সীমাত দুয়ো দেশে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা অনুপ্ৰৱেশকাৰী কেইজনমানক লৈ সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ অন্তত ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ৰ সংশোধনেৰে প্ৰথমবাৰৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰীৰ সংজ্ঞাবদ্ধ কৰা হয় । বিতাড়নৰ ক্ষেত্ৰত আহি পৰা এনে দ্বিপাক্ষিক অসন্মতিয়ে সমস্যাটো কেবা দশকজুৰি জীয়াই ৰাখিছে ।

আজিও প্ৰায় ৪ কোটিতকৈয়ো অধিক লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰপৰা প্ৰব্ৰজন কেৱল বিভাজন বা বাংলাদেশৰ স্বাধীনতাৰপৰা সূত্ৰপাত হোৱা প্ৰক্ৰিয়া নহয় । গতিকে এটা দীৰ্ঘকালীন সমাধানৰ বাবে নিশ্ছিদ্ৰ সীমাৰ উপৰিও বাংলাদেশৰ লগত চুক্তিৰ বাদে গত্যন্তৰ নাই । এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক সুবীৰ ভৌমিকৰ মতে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসীমা নিৰ্ধাৰক এই অবৈধ প্ৰব্ৰজনৰ বিষয়টোৰ ওপৰত ইতিমধ্যে বাংলাদেশৰ বৰ্তমানৰ নেতৃত্বৰ স্থিতি ভাৰতৰ অনুকূলে বহু পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। আকৌ, “এক্ট ইষ্ট নীতি”ৰ অন্তৰ্গত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাধ্যমেদি পূব এছিয়াৰ দেশবোৰৰ লগত বাণিজ্যিক সম্পৰ্কৰ বাবে আঞ্চলিক সন্মিলন অৱশ্যম্ভাৱী । ইয়াত ভাৰতীয় পুঁজিৰ লগতে আন্তৰ্জাতিক পুঁজিৰ সম্প্ৰসাৰণৰ স্বাৰ্থও জড়িত আছে । দ্বিপাক্ষিকভাৱেও, প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ লগত সংযোগ আৰু বাণিজ্য ক্ষেত্ৰত সন্মিলনৰ বাবে বিভিন্ন পৰ্যায়ত আলোচনা-চক্ৰ চলি আহিছে । জল-সম্পদৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰচুৰ সম্ভাৱনা আছে। এই সমগ্ৰ দ্বি-পাক্ষিক আলোচ্য বিষয়বোৰৰ সামগ্ৰিকতাৰ মাজত অবৈধ অনুপ্ৰৱেশে কিমান অগ্ৰাধিকাৰ পায় – তাৰ ওপৰতে সমাধান সম্পূৰ্ণকৈ নিৰ্ভৰ কৰি আহিছে ।

অসমীয়াৰ অস্তিত্ব আৰু জাতীয়তাবোধ

অসমীয়া জাতি-গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ কথা আলোচনা কৰিলে দেখা যায় যে অসমীয়া জাতি প্ৰকৃততে বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণতহে গঢ়ি উঠিছে। ড বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে তেখেতৰ A Cultural History of Assamঅত প্ৰাক-ঐতিহাসিক যুগৰপৰাই আৰ্যসকলৰ অসম আগমন আৰু আৰ্যীকৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে বহলাই লিখিছে। কিন্তু তেতিয়া কোনো উমৈহতীয়া ভাষা বা সংস্কৃতি গঢ়ি উঠা নাছিল। অৱশেষত, আহোম ৰাজত্বকালতহে সামাজিক গাঁথনিত মংগোলীয় নৃগোষ্ঠীয় লোকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সামাজিক সমন্বয় গঢ়ি উঠিছিল । প্ৰায় তেৰ শতিকাৰপৰা যুদ্ধবন্দী হিচাপে থাকি যোৱা বা প্ৰব্ৰজন কৰি অহা ইছলাম ধৰ্মাৱলম্বীসকলো সমন্বয়ৰ সোঁতত অসমৰ জনজীৱনৰ অংশ হৈ পৰিল । শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ভক্তি আন্দোলনে বিভিন্ন সামাজিক গাঁথনিবোৰক একেখন মঞ্চতে আনি এক উমৈহতীয়া সাংস্কৃতিক পৰিচয়ৰ ভেটি গঢ়িলে । তেনেদৰে, আজান ফকিৰকে ধৰি বিভিন্ন ফকিৰে পৃষ্ঠপোষকতা কৰা চুফি পৰম্পৰা মধ্যযুগীয় অসমৰ থলুৱা সংস্কৃতি আৰু বহু-জনগোষ্ঠীয় গাঁথনিৰ অংশ হৈ পৰিছিল। এইখিনিতে, শংকৰদেৱৰ পাছৰ সময়ছোৱাৰ বিতং বিতৰ্কলৈ নগ’লেও এটা কথা ঠিক যে এনে যিকোনো জাগৰণ, পৰিৱৰ্তিত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ সৈতে মকামিলা কৰি সমস্ত ভূখণ্ডলৈকে বিয়পাই দিয়াৰ ক্ষেত্ৰত ঐতিহাসিক সীমাবদ্ধতাও আছে । তেনেদৰে, সামন্তীয় যুগৰ (১২২৮-১৮২৬) প্ৰাকৃতিক জনগোষ্ঠীগত সমন্বয় প্ৰক্ৰিয়াত এক ঐকিক অসমীয়া পৰিচিতিৰ উদ্ভৱ নৌ হওঁতেই ঔপনিৱেশিক শাসনযন্ত্ৰই (১৮২৬-১৯৪৭) অসমীয়াৰ জাতীয় বিকাশ আৰু জনগোষ্ঠীয় আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিলে । ব্ৰিটিছ শাসনত নতুন নতুন প্ৰদেশৰ অসমৰ প্ৰশাসনিক চাৰিসীমাৰ ভিতৰত অন্তৰ্ভুক্তি আৰু ব্ৰিটিছ ভাৰতৰ বিভিন্ন অংশৰপৰা বিভিন্ন জনগোষ্ঠীয় লোকৰ আগমনত অসমৰ বহু-জনগোষ্ঠীয় সামাজিক ভেটিৰ পৰিসীমা আৰু বহল হৈ পৰে ।

বুৰঞ্জীবিদ ড° অমলেন্দু গুহৰ অন্বেষণত এই কথা স্পষ্ট হৈ পৰে যে সৰ্বভাৰতীয় জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতিদ্বন্দ্বিতামূলক উপস্থিতি ঔপনিৱেশিক অসমৰ বৈশিষ্ট্য আছিল। ঔপনিৱেশিক ৰাষ্ট্ৰই চুবুৰীয়া বংগৰপৰা অনুপ্ৰৱেশক উদগনি আৰু বাংলা ভাষাক প্ৰদেশৰ চৰকাৰী ভাষা হিচাপে বলৱৎ কৰাৰ যোগেদি অসমীয়াৰ গোষ্ঠীগত চেতনাৰ বিকাশত উদ্দীপনা যোগাইছিল । সেই চেতনাই পাছত বাংলা অনুপ্ৰৱেশকাৰী বিতাড়ন আন্দোলনৰ ৰূপত অঞ্চলিকতাবাদী ৰাজনীতি হিচাপে আত্মপ্ৰকাশ কৰে । অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নতে সূচনা হোৱা অসম আন্দোলনে (১৯৭৯-১৯৮৫) ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বৈষম্য আৰু অবৈধ অনুপ্ৰৱেশক অসমীয়া ভাষা আৰু সংস্কৃতি ৰক্ষাৰ প্ৰধান ভাবুকি হিচাপে চিহ্নিত কৰিছিল । ড° অমলেন্দু গুহৰ মতে, বিভিন্ন প্ৰব্ৰজকসকলৰ ভিতৰত অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে বাংলাভাষী আমোলাসকলৰ সৈতে ভূমি, চাকৰি আৰু ক্ষমতাক লৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় । গতিকে গোষ্ঠীগত চেতনাৰ আঁৰত ড° হীৰেন গোহাঁইৰ মতেও ঔপনিৱেশিক সিদ্ধান্তই মূল, যি অসমীয়াৰ মনত নিজৰ মাতৃভূমিতে একাষৰীয়া হোৱাৰ আশংকাৰ জন্ম দিয়ে । ড° গোহাঁয়ে এচাম বাংলাভাষী আমোলাৰ উগ্ৰ-জাতীয়তাবাদী মানসিকতাইও এনে গোষ্ঠীগত সংগঠন সৃষ্টিত অৰিহণা যোগালে বুলি মত পোষণ কৰিছে ।

বাংলা উগ্ৰ-জাতীয়তাবাদৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰতিফলিত হোৱা মধ্যবিত্তীয় আশংকাই হওক বা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধাচৰণতেই হওক, অসমীয়া জাতীয়তাবোধৰ এক সবল ঐতিহাসিক পটভূমি আছে । সংস্থাপনৰ অভাৱ, অসমৰ উদ্যোগ আৰু বাণিজ্যত বহিৰাগতৰ আধিপত্যই মধ্যবিত্ত অসমীয়াৰ মনত সৃষ্টি কৰা বঞ্চনাৰ অনুভৱ আৰু সাংস্কৃতিকভাৱে অৱদমিত হৈ অহাৰ ভীতিয়ে জাতীয়তাবোধলৈ প্ৰভূত অৰিহণা যোগাইছিল। বহু-নৃগোষ্ঠীয় অসমৰ অনুন্নয়ন আৰু আত্মপৰিচয়ৰ সংঘাতৰ মাজত নিশ্চিতভাৱে এক পাৰস্পৰিক সম্পৰ্ক আছে । সন্ত্ৰাসবাদৰ ধাৰাটোকো বহু ক্ষেত্ৰত পৰিচয় সন্ধানৰ আন্দোলনৰে সৃষ্টি বুলি ক’ব পৰা যায় । কিন্তু, জাতীয় অস্তিত্ব নিশ্চয় কেৱল প্ৰশাসনিক উপকৰণেৰে গঢ়িব পৰা ভৌগোলিক খণ্ড নহয় । গোষ্ঠীগত আৰু ৰাজনৈতিক চাৰিসীমাৰ ঐক্য ঐতিহাসিক সমন্বয়েহে কৰিব, এই গতিশীলতা সৃষ্টিলৈ প্ৰশাসনিক প্ৰযুক্তিৰ সামগ্ৰিক প্ৰৱণতাৰ ভূমিকা সীমাবদ্ধ । অসমীয়া গোষ্ঠীগত জাতীয় প্ৰদেশৰ আকাংক্ষা আৰু ঐতিহাসিকভাৱে গঢ়ি উঠা বহুগোষ্ঠীয় অসমৰ সামাজিক ভেটিৰ মাজৰ সংঘাততে অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নটো সাঙোৰ খাই আছে । অসমীয়া ভাষাৰ এনাজৰীডালৰ বাহিৰত এক সৰ্বব্যাপী গোষ্ঠীগত সংজ্ঞা কিমান দূৰ সমীচীন, সেয়াও গুৰুত্বপূৰ্ণ। বিশেষকৈ পঞ্চাশৰ দশকত সুষমকৰণ আৰু সৰলীকৰণৰ বহু প্ৰচেষ্টাই ঔপনিৱেশিক অসমৰ জনগোষ্ঠীগত বিভাজনবোৰ অধিক স্পষ্ট কৰাৰ লগতে বহু নতুন বিভাজনৰো সৃষ্টি কৰে, যিয়ে ১৯৭২ চনৰ পুনঃসংগঠিত অসমৰ জন্ম দিয়ে । পুনঃসংগঠিত অসমৰ জনসাংখ্যিক বিভিন্নতা হ্ৰাস হোৱাৰ পাছতো জনগোষ্ঠীয় সংঘাতৰ ওৰ পৰা নাই ।

উগ্ৰ-জাতীয়তাবাদ বনাম জাতীয়তাৰ আপেক্ষিকতাবাদ

ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজত্বকাল বা তাৰ পূৰ্বে (১২২৮-১৮২৬) চহা জনজীৱনক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিভিন্ন জনগোষ্ঠীবোৰৰ সমন্বয়ৰপৰা ব্ৰিটিছ শাসনকালত (১৮২৬-১৯৪৭) সম্প্ৰসাৰিত চহৰ-কেন্দ্ৰিক সমন্বয়ৰ ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টি এই গতিশীল সংস্কৃতিৰ বিশাল ধাৰাত বিলীয়মান হৈ পৰা প্ৰতিজনেই অসমীয়া । এটা হ’ল সমন্বয়ৰ ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টি হোৱা অসমীয়া ভাষা-সংস্কৃতি আৰু অন্যটো হ’ল ৰাজনৈতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এটা চাৰিসীমা । জাতি গঠন প্ৰক্ৰিয়া আৰু অনিবাৰ্য আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ মাজৰ এই সংঘাতপূৰ্ণ যুগসন্ধিক্ষণত অসমীয়া ভাষা-সংস্কৃতি আজি অসমীয়া আৰু অসমবাসীৰ মাজৰ ঐতিহাসিক সমন্বয়ৰ শীৰ্ষসীমাত উপনীত হৈছে নেকি ?

ভাৰতীয় সাংবিধানিক জাতীয়তাবাদৰ পটভূমিত মধ্যবিত্ত শ্ৰেণীৰ সম্প্ৰসাৰণৰ লগে লগে বিভিন্ন জাতিসত্তাবিলাকৰ জাতীয়তাবোধত বিশেষত্ববাদী প্ৰৱণতা স্বাভাৱিকভাৱেই জাগৃত হয় । বিশ্বজনীন মানৱ অধিকাৰৰ যুক্তিনিষ্ঠ ঐক্যমতৰ সৈতে অসংগত এই পৰিস্থিতিসাপেক্ষ বিশেষত্ববাদী প্ৰৱণতা আচলতে জাতীয়তাবোধৰে অভিন্ন অংশ । সমাজজীৱনত সংস্কৃতিৰ সমন্বয় এক গতিশীল ঐতিহাসিক প্ৰক্ৰিয়া আৰু প্ৰশাসনিকভাৱে ইয়াক অধ্যাদেশৰ দৰে বলৱৎ কৰিব নোৱাৰি । আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ পালিত বা অনুকৰণাত্মক জাতীয়তাবাদৰ ঐকিক সূত্ৰই ধৰ্ম, কূল, বৰ্ণ, ভাষা বা গোষ্ঠী আদি বিভিন্ন উপজাতীয় বিশেষত্ববিলাকৰ ঊৰ্ধত এটা জাতীয় অস্তিত্বৰ পোষকতা কৰে। প্ৰফেছৰ আশিস নন্দীৰ মতে, সাধাৰণতে জাতীয়তাবাদৰ এনে ঐকিক সূত্ৰই অন্য অস্তিত্ববিলাকক সম্ভাব্য প্ৰতিপক্ষ আৰু বাহ্যিকতাৰ উপস্থিতি বুলি গণ্য কৰে ।

হীৰেন গোহাঁয়ে তেখেতৰ ‘জাতি গঠনৰ পথ’ নামৰ প্ৰবন্ধত জনজাতীয় জাতিসত্তাবিলাকৰ চেতনাৰ বিকাশৰ ওপৰত আলোকপাত কৰিছে। জাতীয় আত্মপৰিচয়ৰ আলিদোমোজাত থকা জনজাতীয়সকলৰ মাজত এক শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱৰ লগে লগে আপেক্ষিকভাৱে নিজস্ব ঐতিহ্য আৰু জীৱন-ধাৰা সম্পৰ্কে জনজাতীয়সকল সচেতন হৈ উঠিল । অসম আন্দোলনৰ পাছৰ নিৰ্বাচনী ৰাজনৈতিক প্ৰক্ৰিয়া শেষ নৌ হওঁতেই অসমৰ বিভিন্ন জনজাতীয় জনগোষ্ঠীবোৰে আৰম্ভ কৰা স্বায়ত্তশাসনৰপৰা আৰম্ভ কৰি পৃথক ৰাজ্যৰ দাবীবোৰে অসমীয়া জাতীয় অস্তিত্বৰ প্ৰশ্নত এটা মধ্যবিত্তীয় আন্দোলনৰ সীমাবদ্ধতা উদঙাই দিয়ে । ঔপনিৱেশিক শাসনতে আৰম্ভ অনুপ্ৰৱেশে উত্তোলিত কৰা আৱেগিক প্ৰৱণতাই অসমৰ পৰম্পৰাগত সমন্বয়ৰ ক্ষেত্ৰখনত প্ৰতিযোগিতামূলক গোষ্ঠীগত ৰাজনীতিৰ ভূমিকা ৰচনা কৰে ।

বিভিন্ন বিশেষত্ববাদী ধাৰা সাংস্কৃতিক অধিকাৰ হিচাপে বিভিন্ন ৰাষ্ট্ৰব্যৱস্থাৰ লগত সন্নিৱিষ্ট হয়। বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডীৰ ভিতৰত সাংস্কৃতিক অধিকাৰ এক বিশ্বস্তৰীয় পৰিঘটনা । সেয়ে, ক্ষুদ্ৰ, অবিকশিত জাতিসত্তাসমূহৰ আত্মবিকাশৰ আকাংক্ষা আৰু ভাষা-সংস্কৃতিসমূহক স্বীকৃতি আৰু সম বিকাশৰ সুবিধা দি অসমীয়া মূলসুঁতিৰ লগত সমানে খোজ দিবলৈ বাট মুকলি হ'ব লাগিব। এই দিশত স্বায়ত্তশাসনৰ দৰে প্ৰশাসনিক সূত্ৰবোৰতে সমগ্ৰ প্ৰক্ৰিয়াটো সীমাবদ্ধ কৰি ৰাখিব বিচৰাও হ’ল অন্য এক আপেক্ষিক মধ্যবিত্তীয় প্ৰৱণতাহে মাথোন ।

জাতীয়তাবোধৰ অৰ্থনৈতিক দৃষ্টিকোণ

অসমীয়াৰ জাতীয় অস্তিত্বৰ স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশ - অসম আন্দোলনৰ আৱেগিক পৰিমণ্ডলে কেন্দ্ৰীয় অনুদানকেন্দ্ৰিক অনগ্ৰসৰ অৰ্থনীতিৰ মেৰপাকত জাতীয় বিকাশৰ এক বস্তুনিষ্ঠ অৰ্থনৈতিক দিশ সম্পূৰ্ণকৈ আওকাণ কৰিলে । কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে থিয় দিবলৈ থলুৱা পুঁজিৰ বিকাশৰ অন্তৰায়বোৰৰ চিনাক্তকৰণেই নহ’ল ।

ব্ৰিটিছৰাজৰ অধীনত প্ৰশাসনে প্ৰণালীবদ্ধভাৱে ঔপনিৱেশিক শোষণতহে অৰিহণা যোগাইছিল আৰু ৰাজ্যখনৰ অনুন্নয়নৰ কাৰণে একধৰণৰ বুনিয়াদ ৰচনা কৰিছিল । একালত আহোম ৰাজ পৃষ্ঠপোষকতাত পৰিচালিত সামন্তীয় সম্পদসমূহ ব্ৰিটিছ ঔপনিৱেশিক পুঁজিৰ কৰতলীয়া হৈ পৰে আৰু স্বাধীনতাৰ পাছত কেৱল ৰাজহুৱা ধনৰ আনুষঙ্গিক হৈ পৰে । স্বাধীনতাৰ পিছত সেইবোৰ সম্পূৰ্ণৰূপে ভূমি সংস্কাৰৰদ্বাৰা বিস্তাৰিত কৰা হোৱা নাছিল। স্পষ্ট কাৰণতে পৰম্পৰাগত সামন্তবাদী ভূস্বামীসকলেও ৰাষ্ট্ৰীয় পুঁজিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ উদ্যমী পদক্ষেপ ল’ব পৰা নাছিল । তাৰ পৰিণামস্বৰূপে থলুৱা উৎপাদনৰ ভেঁটি দুৰ্বল হৈ পৰে আৰু আনকি মৌলিক প্ৰয়োজনৰ বাবেও ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগা হ’ল । অসমীয়া জাতিৰ অস্তিত্বৰ আঁৰত অন্তৰ্নিহিত সংঘাতৰ ফলপ্ৰসূ সমাধান থলুৱা উৎপাদন ক্ষমতা আৰু শৈলীৰ বিকাশ অবিহনে অসম্ভৱ। প্ৰশাসন যন্ত্ৰৰ ওপৰত অসমৰ বিভিন্ন জনগোষ্ঠীবোৰৰ বৰ্ধিত প্ৰতিযোগিতামূলক দাবী আৰু লোকপ্ৰিয় প্ৰশাসনীয় পদক্ষেপবোৰেও অৰ্থনৈতিক অনগ্ৰসৰতাৰেই ইংগিত দিয়ে ।

মধ্যবিত্তৰ আশংকাত জন্ম অসম আন্দোলনক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ‘অসম চুক্তি’ৰ দৰে আঁচনিভিত্তিক সমাধানসূত্ৰৰ আলমত এক আইন-শৃংখলাজনিত সমস্যা হিচাপে সমাধান কৰিছিল। দৰাচলতে এই আন্দোলনটো পুঁজিৰ বিকাশৰ বাবে ফলপ্ৰসূ অৰ্থনৈতিক দিশ মুকলি কৰাত ভাৰতীয় পৰিকল্পনাৰ ব্যৰ্থতাৰেই চৰম প্ৰকাশ । কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰবিশেষ উন্নয়ন নীতিৰ অঞ্চলবিশেষ প্ৰভাৱৰ ফলস্বৰূপে ঐতিহাসিকভাৱে উন্নত ৰাজ্যসমূহলৈ সম্পদৰ অসমমাত্ৰিক স্থানিক বন্টন ঘটে। সেয়ে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰেপৰা অসমৰ সকলো প্ৰতিবাদী আন্দোলনেই কেন্দ্ৰীয় ৰাজহুৱা ব্যয়ৰ বৃহৎ অংশীদাৰিত্ব আৰু ৰাজহুৱা খণ্ডৰ বিনিয়োগক কেন্দ্ৰ কৰি আবৰ্তিত হয়। থলুৱা উৎপাদনক ভিত্তি কৰি এটা উদ্যমী শ্ৰেণী আগ বাঢ়ি নহাকৈ কেৱল ৰাজহুৱা ধনৰ ওপৰত নিৰ্ভৰশীল প্ৰশাসনিক বিকল্পসমূহে সুদীৰ্ঘ সামন্তবাদী সম্পৰ্ক ভাঙি পেলাব নোৱাৰে। নব্য সামন্তীয় শক্তিসমূহেৰে একাকাৰ হৈ পৰা আমোলাতন্ত্ৰৰ প্ৰৰোচনাত ৰাষ্ট্ৰৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰকৃতাৰ্থত অসন্তুলিত চেহেৰাহে পৰিলক্ষিত হয় ।

সমন্বয়ৰ বাটত ৰাষ্ট্ৰব্যৱস্থাৰ সাঁথৰ

ঔপনিৱেশিক যন্ত্ৰণাত দোদুল্যমান মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক কুণ্ঠাৰ মাজত অসমীয়াৰ অস্তিত্বৰ সংকটৰ গুৰি বিচাৰি যাওঁতে বহু প্ৰশ্নই সূত্ৰপাত হয় । কেৱল ১৮৩৬ চনৰপৰা ১৮৭৩ চনৰ ভিতৰৰ ব্ৰিটিছ ঔপনিৱেশিক স্বাৰ্থত সংঘটিত ঘটনাপ্ৰৱাহক অসমীয়া জাতীয়তাবোধৰ প্ৰধান কাৰক হিচাপে চিহ্নিত কৰাত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সীমাবদ্ধতা আহি পৰিছে নেকি? তেনে সীমাবদ্ধতাৰ সুযোগ লৈ উগ্ৰ-জাতীয়তাবাদী প্ৰৱণতাৰ বীজ ৰোপণ হ’ব পাৰে । নৃতাত্ত্বিকভাৱে জনগোষ্ঠীয় ভিন্নতাই সৃষ্টি কৰা সমন্বয়ৰ কঠিন ঐতিহাসিক পৰীক্ষা আৰু তাৰ লগে লগে ভাষাৰ এনাজৰীডালৰো সীমাবদ্ধতাই যোৱা সময়ছোৱাত অসমৰ ৰাজনৈতিক আকাশৰ ৰং নিৰ্ণয় কৰিছে । কোনো দ্বিমত নাই যে অনুন্নয়নৰ আলি-দোমোজাৰপৰা উদ্ধাৰৰ বাট নিবিচৰাকৈ জাতীয় অস্তিত্বৰ সুৰক্ষা অসম্ভৱ । কিন্তু স্বৰাজোত্তৰ ভাৰতৰ প্ৰশাসনিক পৰিকাঠামোত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেই জাতীয় প্ৰশ্নলৈয়ো ইন্ধন যোগাইছে ।

Share Button
Print Friendly, PDF & Email

No Comments : "অনুপ্ৰৱেশ, অসমৰ জাতীয় প্ৰশ্ন আৰু ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতা - (ইন্দ্ৰজিৎ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *