বিবিধ চিন্তা

অপৰাধ-প্ৰৱণতা আৰু মুছলমান (জেহেৰুল ইছলাম)

অপৰাধপ্ৰৱণতাৰ প্ৰথম শাৰীত মুছলমানসকলক দোষাৰোপ কৰাটো নতুন কথা নহয়। বিভিন্ন সময়ত দেখা যায় যে ইছলাম ধৰ্মীয় কোনোবা এজন লোক অপৰাধত জড়িত বুলি দোষী বুলি প্ৰমাণিত হ’লে আন কিছুমান লোকে সকলো মুছলমানকে অপৰাধী বুলি সৰলীকৰণ কৰি দিয়ে। এয়া অকল অসমৰ ক্ষেত্ৰতে নহয় বা ভাৰতৰ ক্ষেত্ৰতে নহয়, গোটেই বিশ্বতে এনেকুৱা কিছু ধাৰণাৰে মুছলমান লোকক সৰলীকৰণ কৰা দেখা যায়। ভাৰতীয় প্ৰেক্ষাপটত বা অসমৰ ক্ষেত্রত কোনোবাই হয়তো সহজতে কৈ দিব যে সংখ্যালঘুক মূলসুঁতিৰপৰা বিচ্ছিন্ন কৰাৰ এয়া এক কুঅভিপ্ৰায়। ধৰি লোৱা হ’ল এয়া মেৰু বিভাজনৰ এক কুঅভিপ্ৰায়, তেন্তে তাত ইন্ধন যোগোৱাৰ বাবে জগৰীয়া কোন? কেইজনমানৰ কুকৰ্মই হাজাৰ-হাজাৰজনক মূলসুঁতিৰপৰা বিছিন্ন কৰিব বুলি আশংকা নহয় নে? এইখিনিতে উল্লেখ কৰিব লাগিব যে জুই নজ্বলিলে ধোঁৱা নোলায়। মুছলমানৰ মাজত অপৰাধপ্ৰৱণতা তুলনামূলকভাৱে বেছি নথকা নহয়। সেয়ে, সমিধান বিচাৰি বিশ্লেষণ কৰি চোৱা যাওক ।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ক্ষেত্ৰত বিশ্লেষণ কৰিলে দেখা যায় যে সন্ত্ৰাসবাদীবোৰৰ বেছিভাগৰে নামবোৰ ইছলামধৰ্মীয় নামৰ লগত বা উপাধিৰ লগত মিল থাকে। পশ্চিমীয়া দেশবোৰৰ কিছু ঠাইত হয়তো কেতিয়াবা মুছলমান নাম শুনিলে সন্ত্ৰাসবাদী বুলি সন্দেহৰ আওতাত লয়। মুছলমানসকলৰ প্ৰতি এনেকুৱা এটা ধাৰণা ৰাজনৈতিকভাৱে সৃষ্টি কৰি লোৱা হৈছে বুলি ক’লেও কেতিয়াবা ভাব হয় যে এয়া ভুল ধাৰণা। কাৰণ কোনোবা দেশ এখনে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে মুছলমান যুৱক এজনক কিনি লৈ সন্ত্ৰাসবাদী হ’বলৈ ক’লে বুলিয়েই হ’ব লাগে নে? ইমান বিবেকহীন নে? এবাৰো উপলব্ধি নকৰে নে যে নিজৰ সামান্য স্বাৰ্থ এটা পূৰণৰ কাৰণে বিক্ৰী হৈ সকলো মুছলমানক বদনাম কৰা নীচ কাম সেইবোৰ ।

“মাই নেম ইজ খান, আই এম নট এ টেৰৰিষ্ট” ছবিখন এক আৱেগত নিৰ্মাণ কৰা ছবি, য’ত ক’বলৈ বিচাৰিছে যে এজনৰ অপৰাধৰ কাৰণে সকলো মুছলমান দায়ী নহয়। অপৰাধীক ধৰ্মীয় ভিত্তিত সৰলীকৰণৰ বিৰোধ কৰাৰ ভাবেৰে ছবিখন নিৰ্মাণ কৰিছিল। কিন্তু যেতিয়া দেখদেখকৈ সন্ত্ৰাসবাদীবোৰ মুছলমান হয়, তেতিয়া দোষাৰোপ কৰাৰ অন্তৰালত আন কাৰণ বিচৰাৰ যুক্তিযুক্ততা নাথাকে। ইয়াৰ কাৰণে মুছলমানসকল নিজেই দায়ী। নিজৰ ল’ৰা-ছোৱালীক নিজেই নিয়ন্ত্রণ কৰিব নোৱাৰিলে বেলেগৰ মুখ বন্ধ কৰিবলৈ ছবি নিৰ্মাণ কৰি লাভ নাই। ধৰ্মীয় আৰু আধুনিক শিক্ষাৰ মাজত যি ভাৰসাম্য বজাই শিক্ষা লাভ কৰিব লাগিছিল তাৰ অভাৱ হয়তো আন দেশবোৰতো আছে। যাৰ ফলত সময়ৰ দ্ৰুত গতিত ভাল-বেয়া নিৰ্ণয় কৰিব নোৱাৰি পথভ্ৰষ্ট হৈছে। সাধাৰণতেই তেনে লোক ধৰ্মীয় গোড়ামিৰ পাকচক্ৰত পৰি প্ৰগতিশীল চিন্তাৰপৰা বহুত দূৰত থাকে। এইবোৰৰপৰা এটা কথা সহজেই অনুমেয় যে আদি ইছলাম ধৰ্মৰ স্বকীয়তা হয়তো মধ্যপ্ৰাচ্যৰ দেশবোৰত হেৰাই গৈছে লাহে লাহে। হজৰত মহম্মদৰ যিসমূহ নীতি আছিল, সেইবোৰ হয়তো শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থত পৰিচালনা কৰি, ধৰ্মৰ ভয় দেখুৱাই দমন নীতিৰে শাসন কৰি আছে। সেয়ে, ধৰ্মক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেও কিছু পৰিমাণে মধ্যপ্ৰাচ্যৰ দেশসমূহত মুছলমানসকল ভুক্তভোগী ।

অসমৰ ক্ষেত্ৰত যদি আমি অধ্যয়ন কৰোঁ বেলেগ ছবি এখনহে বিচাৰি পোৱা যায়। শুনিবলৈ অপ্ৰিয় হ’লেও একেবাৰেই মিছা নহয় যে তুলনামূলকভাৱে মুছলমান লোকসকলৰ মাজত অপৰাধপ্ৰৱণতা বেছি। অসমৰ ক্ষেত্ৰত ইয়াৰ মূল কাৰণ হ’ল মুছলমান লোকসকলৰ মাজত উপযুক্ত শিক্ষাৰ অভাৱ বা একেবাৰেই স্কুলৰ ঘৰৰ বাৰাণ্ডাত ভৰি দি নোপোৱা। আৰ্থিকভাৱে অচল হোৱাৰ বাবে কিছুসংখ্যক ল’ৰা-ছোৱালীয়ে আধাতে স্কুল এৰি দিন-হাজিৰাৰে দুপইচা উপাৰ্জনৰ পথ বাছি লয়। কিছুসংখ্যক অভিভাৱকে সন্তানক আধুনিক শিক্ষা দিয়াৰ পৰিৱৰ্তে অকল ধৰ্মীয় শিক্ষা দিয়াৰ গোড়া মানসিকতাক স্থান দিয়ে। মুঠতে, সমজাখনত উপযুক্ত আধুনিক শিক্ষাৰ অভাৱ বৰ্তি আছে আৰু ফলস্বৰূপে সামাজিক ব্যাধিবোৰ যেনে বাল্যবিবাহ, বহুবিবাহ, অনিয়ন্ত্ৰিত জন্মৰ হাৰ আদিয়ে স্থান লয় ।

সকলোৱে জানে যে বাল্যবিবাহৰ ফলত কম বয়সতে শিক্ষা লাভ কৰাৰপৰা বঞ্চিত হ’বলগা হয়। ইয়াৰ বাবে আটাইতকৈ বেছি ভুক্তভোগী হয় ছোৱালীবিলাকে। কম বয়সতে বিয়া হৈ সন্তান জন্ম দিয়াৰ ফলত পিছৰ প্ৰজন্মটোৱে পুষ্টিহীনতা বা দৈহিক বিকাশৰ অভাৱ আদিৰ দৰে কুপ্ৰভাৱৰ বলি হয়। যাৰ ফলত দৈহিক বা মানসিকভাৱে এটা দুৰ্বল প্ৰজন্মৰ সৃষ্টি কৰি প্ৰগতিশীল সমাজৰ কাৰণে এটা বোজা সৃষ্টি কৰাৰ নিচিনা হয়। তদুপৰি কম বয়সতে বিয়া হ’লে দীর্ঘদিনলৈ অধিক সন্তান জন্ম দিয়াৰ সময় পায়। সেয়ে, অনিয়ন্ত্ৰিত জন্ম হাৰৰ দৰে জটিল সমস্যা দেখা দিয়াৰ সম্ভাৱনা থাকে। কিছুসংখ্যক লোকে আকৌ ধৰ্মীয় গোড়ামিৰ কাৰণেই হওক বা অশিক্ষিত হোৱাৰ কাৰণেই হওক, সন্তানৰ জন্ম আল্লাহৰ দান বুলিহে ভাবে। দাৰিদ্ৰৰ মাজত জীয়াই থকা পৰিয়ালৰ সদস্য সংখ্যা বেছি হ’লে পৰস্পৰৰ মাজতে সম্পত্তিৰ ভাগ-বাটোৱাৰা লৈ আত্মকন্দলৰ সৃষ্টি হয়। তাৰ পিছত হয়তো অভাৱ পূৰণৰ বাবে সমাজৰ মাজতো কিছু অপৰাধ জড়িত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈ যায়। তেনেদৰে লাহে লাহে অপৰাধ কৰিবলৈ ভয় নাইকিয়া হৈ যায়। ফলত চুৰি-ডকাইতিতে সীমাবদ্ধ নাথাকি বিভিন্ন দিশত অপৰাধৰ প্ৰতি থকা প্ৰৱণতাক স্থান দিবলৈ কুণ্ঠাবোধ নকৰা হৈ যায়।

আমি যিমানেই নিচিঞৰো কিয় অপৰাধীক অপৰাধী হিচাপে গণ্য কৰিব লাগে বা অপৰাধীক আইন মতে শাস্তি দিব লাগে, কিছুমানে ক’বলৈ সুযোগ পাবই যে মুছলমানৰ বেছিসংখ্যক লোকৰ মাজতে অপৰাধপ্ৰৱণতা আছে বুলি। আচলতে সমাজত থকা সমস্যাবোৰেহে বাৰে বাৰে তেনেকৈ মুছলমানক সমালোচনা কৰিবলৈ সুযোগ দিয়ে। মুছলমানক সৰলীকৰণ কৰি দোষাৰোপ কৰিলে প্ৰত্যুত্তৰ “My name is Khan” ছবি নিৰ্মাণ কৰি নহয় বা “সকলো মুছলমান অপৰাধী নহয়” বুলি দিলে নহ’ব। প্ৰত্যুত্তৰ দিয়ক নিজৰ সমাজখনক শিক্ষিত কৰি, সমাজৰখনৰপৰা সামাজিক ব্যাধি দূৰ কৰি। সমাজখন শিক্ষিত কৰিব পাৰিলে লাহে লাহে এইবোৰ সমস্যাৰ স্থায়ী সমাধান পোৱা যাব। যিহেতু অশিক্ষিত লোকে এইবোৰ কথা নিজেই কেতিয়াও উপলব্ধি নকৰে। সেয়ে, সমাধান হিচাপে সমাজত সজাগতা (mass awareness) আনি এইবোৰ সামাজিক ব্যাধি দূৰ কৰাৰ কাৰণে প্ৰথমতে দায়িত্ব ল’ব লাগিব মুছলমানৰ নামত খোলা দল-সংগঠন বা ছাত্ৰ সংগঠনবোৰে। ব্যক্তিগত পৰ্যায়ত কিছু অসুবিধাৰ সন্মুখীন হ’বলগা হয় কাৰণে দল-সংগঠনে বিভিন্ন ঠাইত কৰ্মশালা (workshop) পাতি সজাগতা আনিবলৈ আগভাগ ল’ব লাগে। কোনোবাই যদি সন্তানক স্কুললৈ নপঠাই শিশু শ্ৰমিক হিচাপে কামত নিয়োগ কৰে প্রশাসনক অৱগত কৰাওক। সৰুতে স্কুল এৰি বাল্যবিবাহৰ কাৰণে যদি কাৰোবাক আগ বাঢ়ি যোৱা দৃষ্টিগোচৰ হয় পুলিচ প্রশাসনক জনাওক। শিক্ষিত লোকসকলে এইবোৰ কথাত গুৰুত্ব দিব লাগিব। তাৰে মাজতে শিক্ষিত যুৱচামে প্ৰথমতে সজাগ হ’ব লাগিব, তেতিয়াহে সমস্যা সমাধান কৰিবলৈ সহজ হ’ব ।

এইখিনি কাম নকৰিলে মূলসুঁতিৰপৰা নিজকে বিছিন্ন কৰাত ইন্ধন জগোৱাৰ নিচিনা হ’ব। উল্লেখনীয় যে একে মাতৃৰ দুই সন্তানৰ মাজত যেনেকৈ তেজৰ সম্পৰ্ক থাকে, একেদৰে অসমী আইৰ দুই সন্তান হিন্দু-মুছলমানৰ মাজত সাংস্কৃতিক সম্পৰ্ক আছে। শংকৰ-আজানৰ দেশত যি সাংস্কৃতিক সমন্বয়ৰ আদৰ্শ আছে, তাতে আঘাত কৰিবলৈ সুবিধাবাদীক বাট নেদেখুৱাব। আত্মসমালোচনৰ জৰিয়তে মুছলমানসকলে নিজকে সংশোধন নকৰিলে বিচ্ছিন্নতাবাদী দুষ্টচক্ৰক আমাৰ সম্প্ৰীতিৰ কলহত বিষ ঢালিবলৈ সুযোগ দিয়াৰ নিচিনা হ’ব। সেয়ে, সময়ৰ আহ্বান এতিয়া অকণো পলম নকৰাকৈ জাতি-ধৰ্ম নিৰ্বিশেষে প্ৰতিজন শিক্ষিত লোকে বা দল-সংগঠনে সমস্যাবোৰ সমাধান কৰিবলৈ আগভাগ ল’ব লাগে আৰু তেতিয়াহে সমাজখনৰ সামূহিক বা পূৰ্ণাংগ বিকাশ হ’ব।

Print Friendly, PDF & Email

3 thoughts on “অপৰাধ-প্ৰৱণতা আৰু মুছলমান (জেহেৰুল ইছলাম)

  • Akram Hussain

    Bohut Val hoise Jeherul Dada

    Reply
  • AFZAL HUSSAIN

    Excellent, Porhi val lagil, kintu axom r jonoxadharon jagibor xomoi hoise…

    Reply
  • AFZAL HUSSAIN

    Val lagil Agoloi likhibo, Aru Axomor jonoxadharon jagibor xomoi hoise nohole Axomiya bhaxa aru Axom Xonkatat poribo…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *