অস্ত আকাশৰে সপোন ৰহণ সানি : এটি গীতৰ ভ্ৰান্তি আৰু বাস্তৱ - (বৰ্ণালী বৰুৱা দাস)

পাতনি

ভূপেন হাজৰিকাৰ একো একোটা গানৰ সৃষ্টি আৰু নিৰ্মাণত লুকাই থকা কি সেই যাদুকৰী কৌশল, যি প্ৰজন্মৰ ব্যৱধানকো ওফৰাই চিৰ নতুন হৈ থাকিব পাৰে সংবেদনশীল শ্ৰোতাৰ কাণত? ভূপেন হাজৰিকাৰ পূজা-অৰ্চনা বাদ দি আচলতে এই লৈহে গৱেষণা হোৱা উচিত আছিল‌। গৱেষণা বা অধ্যয়ন হোৱা উচিত আছিল একো একোটা নিৰ্দিষ্ট গীতক লৈ। অসমৰ বিদ্বৎ সমাজত কিন্তু তেনেধৰণৰ তৎপৰতা চকুত নপৰে‌। তাৰ সলনি ভূপেন দাই কৈ গৈছিল বুলি একেকেইটা গানৰ একেকেইটা শাৰীকে উদ্ধৃতি দি প্ৰতিটো জন্মদিন আৰু মৃত্যুদিনত তেওঁক স্মৰণ কৰাৰ গতানুগতিকতাহে মন কৰা যায়‌। সেয়েহে ভূপেন হাজৰিকাৰ এটা নিৰ্দিষ্ট গীতৰ কথা-সুৰ-গায়কী-সংগীত সজ্জা, এই সকলোবোৰ সামৰি কিবা লেখা ওলায় নেকি তাৰ বাবে বৰ আগ্ৰহেৰে বাট চাওঁ‌। আৰু নক’লেও হ’ব যে সদায় হতাশেই হওঁ‌। আৰু সেই হতাশাই আমাক নিজৰ সকলো সীমাবদ্ধতাক নেওচি এই কামটো কৰিবলৈ যেনেতেনে থিয় কৰায়‌। তেনে এক প্ৰয়াসৰ এক অংশ আছিল “অতীতৰ বুৰঞ্জী” শীৰ্ষক গীতটিৰ বিষয়ে লিখা কিছু কথা‌। ইচ্ছুক পাঠকে ‘মুক্ত চিন্তা’ অনলাইন আলোচনীৰ ১ম বছৰ চতুৰ্থ সংখ্যাত (muktosinta.org) বা ‘নতুন পদাতিক’ (এপ্ৰিল, ২০১৬)ত পঢ়িব পাৰিব‌। এই লেখাত চেষ্টা কৰিছো “অস্ত আকাশৰে সপোন ৰহণ সানি” শীৰ্ষক মধুৰ গীতটিৰ বিষয়ে কিছু কথা কোৱাৰ‌।

গীতটিৰ বিষয়ে কিছু ভ্ৰান্তি

ভূপেন হাজৰিকাৰ মৃত্যুৰ কেইবাবছৰৰো আগতে অসমৰ এখন আগশাৰীৰ দৈনিক কাকতত “অস্ত আকাশৰে সপোন ৰহণ সানি” গীতটিৰ বিষয়ে এটি লেখা প্ৰকাশ পাইছিল‌। বিশেষ এটা গানৰ বিষয়ে ওলোৱা লেখাটো বৰ আগ্ৰহেৰে পঢ়িবলৈ ল’লো‌। পিছে গান এটা শুনি, তাৰপৰা ইমান ভ্ৰান্তিকৰ অৰ্থও যে কোনোবাই উদ্ধাৰ কৰিব পাৰে, লেখাটো পঢ়ি সেই কথাহে আৱিষ্কাৰ কৰিলো‌। লেখকৰ নাম পাহৰিলো যদিও গীতটো সম্পৰ্কে তেখেতে দিয়া ব্যাখ্যাৰ সাৰমৰ্মখিনি মনত আছে‌। তেখেতৰ মতে, এইটো এটা আধ্যাত্মিক ভাবৰ গীত‌। অস্তমিত সূৰুযৰ হেঙুলি ৰহণ বুকুত লৈ ক্লান্ত ভাবেৰে জীৱন বৈ আছে‌। জীৱনৰ বিয়লি বেলাত পৰমাত্মাৰ স’তে মিলন কামনাৰে পাৰলৈ নাও চপাই দিয়াৰ আহ্বান জনোৱা হৈছে হেনো গীতটোত‌। নদী, নাও, অস্ত আকাশ, নদীৰ দুয়োপাৰ, গানটোত ব্যৱহাৰ হোৱা এই গোটেইবোৰ চিত্ৰকল্পই বোধহয় লেখকক গীতটোক এটা দেহ-বিচাৰ গীতৰ সম পৰ্যায়ৰ বুলি ভাবিবলৈ উদ্বুদ্ধ কৰিলে‌।

ড০ দিলীপ দত্তই‌ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথত অশেষ কষ্টৰে প্ৰায় গোটেইবোৰ ভূপেন হাজৰিকাৰ গীত সংগ্ৰহ আৰু সংৰক্ষণৰ দায়িত্ব নোলোৱাহেঁতেন, আজি আমি কেইটা গীত আচলতে পালোহেঁতেন সন্দেহ আছে‌। তাৰ বাবে একক কৃতিত্ব পোৱা উচিত ড০ দিলীপ দত্তই‌। এই সংগ্ৰহটোতো কিন্তু ইমান নিষ্ঠাৱান সংগ্ৰাহকজনে গীতটোক অন্তৰ্ভুক্ত কৰিলে “জাতীয় প্ৰেমৰ গীত” শিতানত‌। লুইতৰ নামটো থকাৰ বাবেই জানো ই এটা জাতীয় প্ৰেমৰ গীত হ’ব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি বিভাগৰ “ভাষা প্ৰযুক্তি উন্নয়ন আৰু গৱেষণা গোট”ৰ অধীনত বৰ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে A Digital Archive of Dr. Bhupen Hazarika । এই ছাইটটোৱে ইতিমধ্যে মুঠ ৩৮১টা গীত ইউনিক’ড ৰূপত সংৰক্ষণ কৰি এটা ডাঙৰ অভাৱ পূৰণ কৰিছে। ইয়াত ‘অস্ত আকাশৰে’ গীতটিৰ কথাংশৰ ওপৰত সংযোজিত টোকাত কোৱা হৈছে –“লুইতৰ অস্ত ৰবিৰ সৌkন্দৰ্যইও সকীয়াই দিয়ে মানৱ ইতিহাসৰ অপাৰ দিগন্তৰ কথা—এইখনেই বৰলুইত‌”। এই টোকাটোত গীতটোৰ প্ৰকৃত ভাবাৰ্থক কিছু পৰিমাণে স্পৰ্শ কৰাৰ প্ৰচেষ্টা দেখা গৈছিল যদিও, সিও কিন্তু সম্পূৰ্ণৰূপে ভ্ৰান্তিমুক্ত হ’ব নোৱাৰিলে‌।

গতিকে “আধ্যাত্মিকতা”, “জাতীয় প্ৰেম”, বা “বৰ লুইতৰ মহত্ত্ব” আদি ভ্ৰান্তিকৰ ব্যখ্যালৈ নগৈ প্ৰকৃততেনো গীতটোত আছে কি তাক এবাৰ বিচাৰ কৰি চাওঁ আহক গীতটোৰ কথাখিনিৰপৰাই‌।

গীতটোৰ কথাংশ :

(১ম কলি)
অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়‌।

গীতটোৰ এই প্ৰথম অংশটোৰপৰা শ্ৰোতাই বিশেষ একো থিৰাং কৰিব নোৱাৰে‌। পাছৰ অংশখিনি নুশুনাকৈ মাত্ৰ এইখিনি আওৰালে ইয়াক এটা প্ৰকৃতিৰ ৰূপ বৰ্ণনাৰে ভৰা ৰোমাণ্টিক গীত বুলি ভবাৰেই সম্ভাৱনা‌। মানৱ জীৱনক বোৱতী নদীৰ ৰূপেৰে চিত্ৰিত কৰা চিৰপৰিচিত ধাৰণাই, আৰু লগতে ক্লান্ত ধীৰ নদীৰ দৰে সুৰটোৱেও তাক এক কৰুণতাৰে সিক্ত কৰিছে‌। স্বাভাৱিকতেই ক্লান্ত লুইতখনে জীৱনৰ বিয়লি বেলাত কাৰোবাৰ বাবে বৈতৰণীৰ ৰূপো ল’ব পাৰে‌।

(২য় কলি)
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ূৰ পংখী ৰহণবোৰ দিয়ে ছটিয়ায়‌।

এই দ্বিতীয় কলিটোত শ্ৰোতাৰ সন্মুখত গীতিকাৰে উপস্থিত কৰালেহি এজন শিল্পীক‌। ক্লান্ত নদীৰ বুকুত পদুম ফুলৰ নাৱত সুন্দৰৰ শিল্পীজন গৈ আছে‌। গৈ আছে চাৰিওফালে ময়ূৰ পংখীৰ ৰহণ ছটিয়াই।

(৩য় কলি)
দুয়োপাৰে কত মানুহ কত যে ইতিহাস
কত যুগৰ শত আশাৰ নিৰাশাৰে নিশ্বাস—
লক্ষ্য যদি দিগন্ত, শিল্পী হে তোমাৰ
পদুমৰে পানচৈ চপোৱা এবাৰ
দেখিবা জীৱনৰে দিগন্ত অপাৰ
বেলি যে যায়, বেলি যে যায়, বেলি যে যায়‌।

কিন্তু সেই ধীৰে বৈ যোৱা নদীৰ দুটিপাৰৰ ইতিহাসৰ কথা সেই শিল্পীয়ে জানে নে? যুগে যুগে শত শত মানুহৰ আশা-নিৰাশাৰ নিশ্বাসেৰে বিধৃত সেই ইতিহাসক আওকাণ কৰি কেৱল ময়ূৰ পংখী ৰহণ ছটিয়াই গ’লেই জানো হ’ব? সেয়েহে পদুমৰ পানচৈত উটি যোৱা শিল্পীৰ প্ৰতি গায়ক-গীতিকাৰৰ এই আকুল আহ্বান — দূৰ দিগন্তক ধিয়াই উটি যোৱা হে শিল্পী, তোমাৰ পদুমৰ পানচৈ এবাৰ পাৰলৈ চপাই আনা‌। দুপাৰৰ মানুহৰ আশা-নিৰাশাৰ হুমুনিয়াহ শুনাহি‌, তেতিয়াহে দেখিবা জীৱনৰ অপাৰ দিগন্ত‌। এয়াই সময় সেই অপাৰ দিগন্তৰ স’তে মুখামুখি হোৱাৰ‌। পলম নকৰিবা, ‘বেলি যে যায়’‌।

আন দুটিমান সমসুৰীয়া গীত

চল্লিছ-প‌ঞ্চাছৰ দশকত দীজেন্দ্ৰলাল ৰায়ৰ কিছুমান বাংলা গীত অতিশয় জনপ্ৰিয় হৈছিল‌। ঠিক এইখিনি চিত্ৰৰূপৰ তেনে এটা গীত আছিল—

বেলা বৈয়ে যায়
ছোট মোদেৰ পান্‌সি তৰী
সংগে কে কে যাবি আয়‌।

এই গীতটোত উটি গৈ থকা নতুন প্ৰেমিক যাত্ৰীসকলৰ সৰু পানচৈৰ ৰেচমী পাল মধুৰ বতাহত উৰিব লাগিছে, (ৰেস্‌মি পাল উৰছে মধুৰ মধুৰ বাতাসে), পশ্চিম আকাশত সাঁজৰ বেলিয়ে ৰহণ চৰাইছে (পশ্চিমে জ্বলছে আকাশ সাঁজেৰ তপনে)‌। বেলা বৈ গৈছে, গতিকে সেই মধুৰ যাত্ৰাৰ সংগী হ’বলৈ আহ্বান জনাইছে গীতিকাৰে‌। “অস্ত আকাশৰে” গানটোৰ স’তে এই গীতৰ চিত্ৰখিনিৰ সাদৃশ্য মন কৰা যায়‌।

ঠিক একেদৰেই সুন্দৰৰ পানচৈত উটি যোৱা ভূপেন হাজৰিকাৰ এটি গীত হ’ল—“চিৰযুগমীয়া ঢৌ তুলি”‌। বিস্ময়কৰ সুৰেৰে বন্ধা গীতটোত জিলমিলীয়া ঢৌ তুলি পদুম সুৰৰ পানচৈ উটি যায়‌। সেই সোঁতত উটি গীতিকাৰে মন সুৰকাৰক আহ্বান জনায় সুন্দৰৰ সীমাহীন সুৰত সুৰ মিলাবলৈ‌।

উজনি পানীতে, মৰমী সোঁততে
চিত্ৰলেখীয়ে, চিৰসুন্দৰৰ হংসকাপেৰে
বুৰঞ্জী লিখে
অ’ অ’ অ’ মোৰ মন-সুৰকাৰ
গোৱাঁহি গোৱাঁহি, সুৰৰ আজি সীমা নাই‌।

কিন্তু ঠিক একেখিনি চিত্ৰকল্প ব্যৱহাৰ কৰিলেও “অস্ত আকাশৰে” গানটোক এটা সম্পূৰ্ণ বিপৰীত ভাবাৰ্থৰ গীত কৰি তুলিছে ভূপেন হাজৰিকাই‌। পদুমৰ পানচৈত উটি গৈ থকা সুন্দৰৰ শিল্পীক মুখামুখি কৰাব খুজিছে পাৰৰ মানুহৰ আশা-নিৰাশাৰ নিশ্বাসৰ স’তে‌। শিল্পৰ বাবেই শিল্প সৃষ্টিৰ বিমূৰ্ত চৰ্চা এৰি জনগণৰ হৃদয় স্পন্দনক শৈল্পিক ৰূপত প্ৰকাশ কৰিবলৈ শিল্পীলৈ জনোৱা এনে আহ্বানেই গীতটোক কৰি তুলিছে অনন্য‌। নক’লেও হ’ব যে জ্যোতি-বিষ্ণু-হেমাংগ তথা গণনাট্য সংঘৰ প্ৰত্যক্ষ অনুপ্ৰেৰণাত সেই সময়ত এই মাৰ্গৰ বহু গীতেই ৰচনা হৈছিল‌। ছৈয়দ আব্দুল মালিকৰদ্বাৰা ৰচিত, নিজামুদ্দিন আহমেদ হাজৰিকাৰদ্বাৰা সুৰাৰোপিত “হেৰ’ সপোন বিভোৰ, সুৰ সলাবৰ সময় আহিল তোৰ” বা ভূপেন হাজৰিকাৰ “নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দল, এৰা সপোন ধেমালি” আদি গীতৰ কথা এই সংক্ৰান্তত আমি উল্লেখ কৰিব পাৰোঁ‌।

এটা নিৰ্দিষ্ট ভাবাদৰ্শৰ আহ্বানত ৰচিত এনে বহু গীত-কবিতা কিন্তু সাধাৰণতেই যান্ত্ৰিক শ্লোগানলৈ ৰূপান্তৰিত হোৱা দেখা যায়। কিন্তু সেই যান্ত্ৰিকতাৰ ঊৰ্ধ্বলৈ গৈ ভূপেন হাজৰিকাৰ এই আহ্বানে কেনে এক শৈল্পিক নৈপুণ্যৰ পৰিচয় দিছে “অস্ত আকাশৰে” গীতটো তাৰেই এক উজ্জ্বল নিদৰ্শন‌। ভূপেন হাজৰিকাৰ শব্দ ব্যৱহাৰৰ যাদুকৰী কৌশল, সামঞ্জস্যপূৰ্ণ সুৰ তথা অপূৰ্ব গায়ন শৈলীৰ লগতে মাটিৰ মানুহৰ স’তে অনুভৱ কৰা অভিন্নতায়েই এনে ৰসোত্তীৰ্ণ শিল্প সৃষ্টিৰ মূল চালিকাশক্তি বুলিব পাৰি‌। নিজস্ব মননগত প্ৰতিভাৰ লগতে জন-জীৱনৰ প্ৰতি দায়বদ্ধতাৰে এক শিল্পক “লক্ষজনে লক্ষ্য পোৱা” চিন্তালৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া যে সচেতনভাৱেই ভূপেন হাজৰিকাই কামনা কৰিছিল তাৰ নিদৰ্শন আমি পাওঁ ‘চিত্ৰলেখা চিত্ৰলেখা’ গীতটিৰ জৰিয়তে‌। প্ৰেম আৰু শিল্পৰ পূজাৰী চিত্ৰলেখাক তুলিকা তুলি ল’বলৈ জনোৱা আহ্বানতো তেওঁ আশা কৰিছে যেন চিত্ৰলেখাৰ সেই তুলিকা ডুবাই লোৱা হয় জন-জীৱন আৰু মন-জীৱনৰ ৰঙেৰে –

জন জীৱনৰে ৰং শুকুলা
মন জীৱনৰে গভীৰ নীলা
পাত্ৰ দুটি সজাই লোৱা
দুয়োটি ৰং মিলাই লোৱা
তুলিকা তুলি লোৱা না‌।

গতিকে এই কথা গভীৰ প্ৰত্যয়েৰেই ক’ব পাৰি, কিয় এনে সৃষ্টি কেৱল শিল্প-সুষমাৰ বিচ্ছিন্ন প্ৰয়াস বা যান্ত্ৰিক শ্লোগান মাত্ৰ হৈ ৰোৱা নাই‌।

গীতটোৰ সুৰ আৰু তাল

ক্লান্ত, ধীৰ নদী এখনৰ ওপৰেৰে গৈ থকা সুৰ এটা লাগি আছে গানটোত‌। দূৰৰপৰা ভাহি অহা দীঘলীয়া ভাটিয়ালিৰ সুৰ নাই‌। নাওখনৰ স্বাভাৱিক দোলনিটো আছে গোটেই গানটো জুৰি‌। তাবলাত ধুনীয়াকৈ দাদ্‌ৰা তাল বাজি আছে‌। লগত ভূপেন হাজৰিকাৰ পঞ্চাছৰ দশকৰ সেই পুৰণি কণ্ঠটো‌। গানৰ মজলিচত ডুব গৈ থকা পৰিশীলিত গায়কৰ গায়ন-শৈলীৰ সাদৃশ্য মন কৰা যায়‌। ময়ূৰ পংখী ৰহণ ছটিয়াই আপোন মনে গৈ থকা সুন্দৰৰ শিল্পীৰ ছবিখন সম্পূৰ্ণৰূপে ফুটাই তোলে সুৰটোৱে‌। আৰু সেই আপোন সুৰত মগন সুৰটোৰ মাজতেই কিন্তু দুপাৰৰ মানুহৰ আশা-নিৰাশাৰ নিশ্বাসৰ সুৰো ভাহি আহে‌। ‘নিৰাশাৰে নিশ্বাস’ বুলি কওঁতে সেই নিশ্বাসৰ স’তে গায়কৰ একাত্মতা ভালকৈয়ে উপলব্ধি কৰা যায়‌। যেন পৰিপাটি বন্ধ কোঠাৰ, সজ্জিত মজলিচত নিমজ্জিত শিল্পীক তেওঁৰ পৰিচিত সুৰটোৰেই বাহিৰৰ ধূলি-মাটিৰ পৃথিৱীখনলৈ লৈ যোৱাৰ প্ৰচেষ্টা‌।

সামৰণি

পণ্য সংস্কৃতিৰে ভৰি পৰা বজাৰত এক বিকল্প সাংস্কৃতিক জাগৰণৰ প্ৰবল প্ৰয়োজনীয়তা যিসকলে অনুভৱ কৰে, সেইসকলে ভূপেন হাজৰিকাৰ সৃষ্টিখিনিৰ সাংস্কৃতিক মূল্যায়নৰ কাম হাতত লোৱাটো অতি জৰুৰী‌। মাত্ৰ এদিনৰ বাবে ‘অগ্নিযুগৰ ফিৰিঙতি’ গাই ডাঙৰ জুই জ্বলাব নোৱাৰি‌। লাগিব নিৰৱচ্ছিন্ন আৰু গভীৰ প্ৰচেষ্টা‌।
এই সুযোগতে চিৰ নতুন গানটো আকৌ এবাৰ শুনো আহক।

Share Button
Print Friendly, PDF & Email

1 Comment : "অস্ত আকাশৰে সপোন ৰহণ সানি : এটি গীতৰ ভ্ৰান্তি আৰু বাস্তৱ - (বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *