অতিথি চ'ৰাৰ সম্পাদকৰ কলম (আশ্রাফুল হুছেইন)

পৃষ্ঠভূমিৰ আৰ্তনাদ


চৰাঞ্চলৰ শিক্ষা:

(১.১)

তাইৰ কথাবোৰ মোৰ কাণত বাজিছে, বুকুত কিবা এক বিষ অনুভৱ হৈছে। মগজুত কিবা জোকাৰণি লাগিছে। নোমবোৰ কিয় জানোঁ শিয়ঁৰি উঠিছে, নাম তাইৰ জাহানাৰ। 'ক' শ্ৰেণীত পঢ়ে। বাবাৰ নাম হজৰত। সৌৱা, নদীৰ সিপাৰে কহুৱা আৰু ধেমচি দেখা গৈছে যে তাতেই তাইৰ ঘৰ বুলি আঙুলিৰে দেখুৱাই দিলে। যাতায়ত ব্যৱস্থা কেৱল নাৱহে বুলি জনালে।

মই তাইক লগ পাইছিলোঁ এদিন বিয়লি বেলাত ফেৰীত উঠি এঠাইলৈ গৈ থকাৰ বাটৰ পাৰঘাটত। পাৰঘাটত কণমানিজনীক লগ পাই মোৰ আগ্ৰহ জন্মিল তাইৰ সৈতে কিছু কথা পাতিবলৈ। তাইৰ হাতত কেইবাখনো কিতাপ, পিন্ধনত লেতেৰা ইউনিফৰ্ম, মুখত কাঠ পেঞ্চিল সুমুৱাই কামুৰি আছিল, মাজে-মাজে আকৌ আঙুলিও কামোৰে। তাই সিপাৰৰ পৰা ইপাৰলৈ স্কুললৈ আহে। সিহঁতৰ চৰৰ পৰা আন কেইবাজনেও স্কুললৈ আহে যদিও আজি তাই চাহ দোকানত টিভি চোৱাৰ নিচাত লগৰীয়াকেইটাক হেৰুৱালে। বাকীসকলে নৈ পাৰ হৈ ঘৰ গৈ পাইছিল, তাই এতিয়ালৈ যোৱা নাই। বেলি ডুবিবলৈ বেছি সময় নাই, কিন্তু নাই, তাইৰ মুখত তিলমানো বিৰক্তি বা সংশয়ৰ ভাব নাই। তাইযে নৈখন পাৰ হৈ যাব লাগিব সেয়াও তাইৰ চিন্তাৰ বিষয় নহয়। সচৰাচৰ আমি যাক কওঁ বিন্দাচ বুলি। মাছমৰীয়া নাওঁ এখনত উঠি তাই সিপাৰলৈ নিশ্চিতভাৱে যাব পাৰিব বুলি ভাবি আছে। সিহঁতৰ চৰখনৰ পৰা স্কুললৈ কেইজনমানহে আহে। বেছি ভাগেই স্কুলত নপঢ়ে। যিকেইজনে আহে, সিহঁতে মাছমৰীয়াৰ নাৱত পাৰাপাৰ হয়। বুকুত অজস্ৰ সপোন লৈ স্কুলত পঢ়ে তাই, সেয়া তাইৰ চকুত স্পষ্ট। তাইৰ হাঁহিমুখীয়া মাত-কথাত যথেষ্ট বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়।

তাইৰ দেউতাক পেছাত এজন মাছমৰীয়া, আজি স্কুললৈ আহি থাকোঁতে দেখি আহিছিল যে দেউতাই ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ জাল বনাই আছে। তাইৰ এজন ককায়েক নথকা নহয়, কিন্তু....! কিন্তু তাইৰ ককায়েকজন জন্মৰ পৰাই কথা ক’ব নোৱাৰে (বোবা)। মোৰ বুকুখন বেদনাৰে ভৰি পৰিল, মই কিয় যে তাইক এই প্ৰশ্নটো সুধিলোঁ। নিজকে অপৰাধী-অপৰাধী যেন লাগিল। তাই কষ্ট পাইছিল এইষাৰ ক’বলৈ...

(১.২)

শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে শিশুৰ শিক্ষা বাধ্যতামূলক কৰা হৈছে, অথচ ৰাজ্যৰ বহু শিশুৱে এতিয়াও বিদ্যালয়ৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। বিশেষকৈ ৰাজ্যৰ চৰাঞ্চলসমূহত শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱত হাজাৰ-হাজাৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। তেনে এক চৰাঞ্চল হৈছে বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত লক্ষীপুৰ চৰ। আমাৰ ক্ষেত্ৰ-অধ্যয়ন তথা জৰীপত পোৱা তথ্য মতে বহৰিৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত চৰটোত এতিয়াও ১৮৫-জনতকৈও অধিক শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এইটো কথাই উদঙাই দেখুৱাইছে ৰাজ্যৰ শিক্ষাৰ অধিকাৰ আইনৰ অন্তসাৰশূন্যতা। উল্লেখ্য যে প্ৰায় ৯ বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত মৰিচাকান্দি, লক্ষীপুৰ আৰু মাজৰচৰ নামৰ চৰগাঁও তিনিখন ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিচিহ্ন হৈ গৈছিল। এই চৰ গাঁওকেইখনৰ প্ৰায় তিনি শতাধিক পৰিয়ালে নতুনকৈ হোৱা চৰ এটাত গাঁওপাতি বসবাস কৰিবলৈ লয়। এই নতুন চৰটোত প্ৰায় ৮-৯ বছৰধৰি এই লোকসকল বসবাস কৰি আছে যদিও গাঁওখনত শিশুসকলে আজিকোপতি শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। ইপিনে আঢ়ৈ পৰা ছয় বছৰ বয়সৰ শিশুসকলেও অগংনবাড়ী কেন্দ্ৰ অথবা প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰাও বঞ্চিত হৈ আছে। ইপিনে প্ৰায় ২০ বছৰ পূৰ্বে ১৫৯৯ নং হেপচাৰ চৰ প্ৰাথমিক বিদ্যালয়খন খহনীয়াত জাহ যোৱাৰ পিছত চৰকাৰী বিদ্যালয়খন অস্তিত্বহীন হৈ পৰিছিল একেখন জিলাতে, কিন্তু এই অস্তিত্বহীন বিদ্যালয়খনতে এগৰাকী শিক্ষক কৰ্মৰত হৈ আছে। আজিলৈ বিদ্যালয়খন স্থাপন নহ'ল বৰঞ্চ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ ধ্বংস কৰিবলৈহে চৰকাৰে উঠি-পৰি লগা যেন অনুভৱ হৈছে। এয়াই চৰাঞ্চলৰ শিক্ষা...

স্বাস্থ্য:

(২.১)

এতিয়া এইডোখৰ সম্পাদকীয় লিখি আছোঁ বৰপেটা জিলাৰ এখন চৰত বহি। চৰখনৰ নাম ধৰ্মপুৰ। ধৰ্মপুৰ, ধুলাউৰি আৰু সুখাৰঝাৰ আদি গাঁও মিলি বৃহত্তৰ ধৰ্মপুৰ। ধৰ্মপুৰ চৰখন স্থায়ী চৰ বুলি কব পাৰি। বিগত প্ৰায় পঞ্চাছ বছৰ ধৰি এই চৰখনত বসতি আছে। ১৯৩০ চনমানত এইখন চৰ নাছিল, নৈপৰীয়া এখন গাঁও আছিল, পৰৱৰ্তী সময়ত গৰাখহনীয়াৰ ফলত গাঁওখন নিচিহ্ন হৈ যায় আৰু কেইবাযুগৰ পাছত পুনৰ চৰ জাগি উঠাত তাতে বসতি স্থাপন হৈছিল। গাঁওখনত ১৯৩০ চনত স্থাপিত বিদ্যালয় পৰ্যন্ত আছে। স্থানীয় লোকৰ সৈতে কথা পাতি জানিব পাৰিলোঁ যে ১৯০০ চনৰ আগৰ পৰাই এই এলেকাত বসতি আছিল।

এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। প্ৰায় ১০ হাজাৰৰো অধিক জনসংখ্যাৰ বিপৰীতে এক বিচ্ছিন্ন নদী-দ্বীপত বিগত কিছুবছৰ পূৰ্বে এখন উপস্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল। কিন্তু সেই উপস্বাস্থ্য কেন্দ্ৰখনত দীঘলীয়া দিনৰ পৰা তলা ওলমি আছে। তালৈ কেতিয়াও নাহে ডাক্তৰ, কেতিয়াও নাযায় এম পি ডব্লিউ, নতুবা নাৰ্চ আদি। অৱশ্যে বৰ্তমান উপস্বাস্থ্য কেন্দ্ৰখন এজন গৰাখহনীয়াগ্ৰস্তৰ অস্থায়ী বাসস্থান হৈ আছে! চৰখনৰ কোনো এজন ব্যক্তিয়ে চৰকাৰী চিকিৎসালয়ৰ সেৱা লব পৰা নাই। কোনো এজন মাতৃ নাপালোঁ যিগৰাকীয়ে চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিছে। যিসকল আৰ্থিকভাৱে কিঞ্চিৎ সচ্ছল, তেওঁলোকে প্ৰায় ৪০ কিলোমিটাৰ নাৱযোগে গৈ তাৰ পাছত গাড়ীৰে যাত্ৰা কৰি গোৱালপাৰাৰ ব্যক্তিগত চিকিৎসালয়ত সেৱা গ্ৰহণ কৰে। গৰীৱসকলৰবাবে লাইচেঞ্চ বা শিক্ষা নথকা চৰৰ তথাকথিত ডাক্তৰৰ সেৱাই জীৱন বচোৱাৰ একমাত্ৰ উৎস।

(২.২)

এইখিনিতে আন এখন চৰৰ কথা কৈছোঁ। এই ঠাইৰ পৰা সেইখন চৰ বৰ এটা দূৰত নহয়, এক কিলোমিটাৰ নদী পাৰহৈ বালিচৰৰ মাজেৰে কেইবাকিলোমিটাৰ গ’লে সেইখন চৰ পোৱা যায়। চৰখনৰ নাম ভাতনাপাইতি, অলপতে ভাতনাপাইতি নামৰ এখন নতুন উন্নয়ন খণ্ডও ঘোষণা হৈছে। ভাতনাপাইতিত হ'বলগীয়া উন্নয়নখণ্ডৰ ভৱনটোৰ কাষতে অৱস্থিত চৰখনৰ ৰাইজৰ একমাত্ৰ স্বাস্থ্য-সেৱাৰ ভৰসা উপস্বাস্থ্য কেন্দ্ৰখনো বন্ধ, মানে তলা ওলমি আছে। কাৰণ ইয়াতো নাই ডাক্তৰ, এম পি ডব্লিউ কিম্বা পৰীক্ষাগাৰৰ কাৰিকৰী ব্যক্তি। ইয়াতো কোনো এজনে স্বাস্থ্যকেন্দ্ৰত সন্তান প্ৰসৱ নকৰায়। নাৰ্চগৰাকীয়ে স্বাস্থ্যকেন্দ্ৰলৈ আহিবলৈ ক’লেও তেওঁলোকে চিধা উত্তৰ দিয়ে ডাক্তৰ নোহোৱা ঠাইত গৈ কি লাভ? তাতকৈ ঘৰতেই ভাল!! এয়াই চৰাঞ্চলৰ স্বাস্থ্য সেৱা..

যোগাযোগ আৰু যাতায়ত:

(৩)

চৰাঞ্চলত যাতায়তৰ একমাত্ৰ মাধ্যম নাওঁ। নাৱেৰে যাত্ৰা কৰি ইপাৰ, সিপাৰ নতুবা মধ্যনদীত যিসমূহ চৰ পোৱা যায় সেইসমূহত বাট-পথ বুলিবলৈ একো নাই। অনাতাঁৰ যোগাযোগৰ ক্ষেত্ৰতো একেই। বিশেষকৈ মোবাইলৰ কথাই যদি কওঁ তেন্তে দেখা যায় যে সেইসমূহ এলেকাত নেটৱৰ্ক খুব কমেই পায়। চৰকাৰীখণ্ডৰ বি এছ এন এল কিম্বা ব্যক্তিগতখণ্ডয়ো এই এলেকাসমূহক গুৰুত্ব প্ৰদান কৰা নাই। কাকত, আলোচনী আদি দুৰ্গম এলেকাবোৰত আজিলৈ যোৱা নাই। অৱশ্যে বহু ক্ষেত্ৰত সামাজিক আন্দোলন গঢ় লৈ উঠা নাই বাবে চাগে কাকত-আলোচনী সোমাব পৰা নাই। কিন্তু চৰকাৰী উদ্যোগত যিসমূহ বাট-পথ গঢ় লৈ উঠিব লাগিছিল সেয়াও হোৱা নাই। কাৰণ কেইবাটাও। চৰকাৰী হেমহি, ওপৰৰ পৰা তললৈ হোৱা অবাধ দুৰ্নীতি, বানপানী, গৰাখহনীয়া ইত্যাদি। তাৰ মাজতো যদি সঁচাকৈ যাতায়তৰ বাবে বাটপথসমূহ উন্নত কৰিব বিচাৰে অৱশ্যেই তাৰ থল আছে। এম জি এন ৰেগাৰ ধনেৰে শ্ৰমিকৰ জৰিয়তে বাটপথসমূহ নিৰ্মাণ কৰিলে শ্ৰমিকসকল লাভান্বিত হ'ব আৰু বাটপথসমূহৰো নিৰ্মাণ হ'ব। কিন্তু চৰাঞ্চলত কোনটোৱে নচলে। একেদৰে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত চৰাঞ্চলক গুৰুত্ব নিদিয়াৰ বাবে এই অঞ্চলসমূহত নিজাববীয়াকৈ যিসকলে ছ'লাৰ ক্ৰয় কৰিব পাৰে তেওঁলোকে নিশাৰ ভাগত পোহৰ পাবলৈ সক্ষম হয়। কিন্তু টেলিভিছন চোৱাৰ সৌভাগ্য আজিও বহুতৰ বাবে সপোনৰো অগোচৰ। অন্যহাতে বাট-পথ আৰু যাতায়তৰ দোহাই দি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, কেৰাচিন আদিও আত্মসাৎ হয় প্ৰতিটো চৰত। যিসময়ত খাদ্য-সুৰক্ষা যোজনাৰ অধীনত প্ৰতিজনে ৫ কিলোগ্ৰামকৈ চাউল পাব লাগে সেই সময়ত ৪ কিলোগ্ৰামতকৈ অধিক চাউল লাভ কৰা কোনো এজন ব্যক্তিকো আজিলৈ আমি চৰাঞ্চলত লগ পোৱা নাই।

কৃষি অৰ্থনীতি আৰু কৃষকৰ সমস্যা:

(৪)

ৰাজ্য বা দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত চৰাঞ্চলৰ কৃষকৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ব্ৰিটিছৰ সময়ত অবিভক্ত ভাৰতবৰ্ষৰ বংগৰ পৰা কৃষক আমদানি কৰি ইয়াতে কৃষিক্ষেত্ৰত লগাই দিয়া হৈছিল। সেইসকল লোকৰে উত্তৰপুৰুষ হৈছে বৰ্তমানৰ চৰাঞ্চলত বসবাস কৰা সকল। অতীজৰে পৰা সমগ্ৰ চৰাঞ্চলত বসবাস কৰা লোকসকল কৃষিজীৱি, ইয়াত তাৰ বিকল্পও নাই। কৃষকৰ যি মূলধন সেয়া হৈছে ভূমি। কিন্তু কৃষকসকল চৰাঞ্চলৰ ভূমিৰ মালিক আজিলৈ হ'ব পৰা নাই। চৰকাৰীভাৱেই তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। চৰাঞ্চলৰ ভূমিৰ ৫ শতাংশতকৈ কম মাটিৰহে ভূমিৰ পট্টা আছে। একেদৰে কৃষকসকলে ৰ'দে-বৰষুণে মেহনত কৰি উৎপাদন কৰা শস্যৰো উপযুক্ত মূল্য নাপায়। আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ যে উপযুক্ত মূল্যৰ অভাৱত অনেক কৃষকে বজাৰতে তেওঁলোকৰ উৎপাদিত শস্য পেলাই থৈ ঘৰলৈ উভতি অহা। দৰং জিলাৰ বেচিমাৰিত কৃষকে মৰাপাটৰ উপযুক্ত মূল্য বিচাৰি ৰাজপথত ওলোৱাৰ বাবে তেওঁলোকক পুলিচে গুলিৰ জৰিয়তে দমন কৰি কেইবাজনকো নিহত কৰিছিল।

গৰাখহনীয়াৰ সমস্যাও চৰাঞ্চলৰ কৃষকসকলক কোঙা কৰিছে। যিসময়ত জলসম্পদ বিভাগৰ তথ্য মতে ৰাজ্যত ১৯৫০ চনৰ পৰা ৪.২৭ লাখ হেক্টৰ ভূমি গৰাখহনীয়াত জাহ গৈছে, এয়া কিছুবছৰ আগলৈ অসমৰ মুঠ মাটি কালিৰ প্ৰায় ৭.৪০ শতাংশ আছিল। অন্যহাতে খহনীয়াৰ প্ৰতি বছৰি প্ৰায় ৮০০০ হেক্টৰ ভূমি গৰাখহনীয়াত জাহ যায় এনে পৰিস্থিতিত লাখে-লাখে লোক ভূমিহীন আৰু গৃহহীন হৈ চৰকাৰী ভূমি, পিজিআৰ, ভিজিআৰ, বনাঞ্চল আদিত আশ্ৰয় লোৱাটো তেনেই স্বাভাৱিক। যদিও চৰকাৰৰ ওচৰত ভূমিহীন, গৰাখহনীয়াগ্ৰস্তসকলক ক্ষতিপূৰণ আৰু পুনৰ-সংস্থাপন দিয়াৰ নীতি আছে তথাপিও সেই ব্যৱস্থা নকৰি চাৰিওপিনে কেৱল উচ্ছেদৰ নামত অমানৱীয়তা আৰু বিভীষিকা নমাই আনিছে।

একেদৰে বানপানীৰ বাবেও কৃষকসকলে প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাপোৰ-কানি আৰু গৃহৰ সামগ্ৰীৰ ক্ষতিৰ বাবে, বালি পৰি শস্যভূমি নষ্ট হোৱাৰ বাবদ, বিভিন্ন ধৰণৰ খেতিৰ নষ্টৰ বাবে, পোহনীয়া জন্তুৰ ক্ষতিৰ বাবদ চৰকাৰী ক্ষতিপূৰণ পাব লাগে যদিও তেওঁলোক সৰ্বদায় এইবোৰৰ পৰা বঞ্চিত হৈ আহিছে। নীতি অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাথমিক দায়বদ্ধতা ৰাজ্য চৰকাৰৰ। কেন্দ্ৰ, ৰাজ্য আৰু জিলা পৰ্যায়ত গঠন কৰা প্ৰতিষ্ঠানিক ব্যৱস্থাটোৱে অতি কাৰ্যকৰীভাৱে দুৰ্যোগ ব্যৱস্থাপনা আগবঢ়োৱাত ৰাজ্যক সহায় কৰিব লাগে। কিন্তু চৰকাৰৰ বিয়াগোম বিভাগসমূহ থকাৰ পিছতো কি কাৰণে সৰ্বদায় চৰ-চাপৰিৰ লোকসকল এইসমূহ সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে সেয়াহে ৰহস্যৰ বিষয়।

এইখিনিতে সাম্প্ৰতিক সময়ৰ কৃষকৰ কথা কৈছোঁ। অলপতে বৰপেটা জিলাৰ কলগাছিয়া মহকুমাৰ ডাউকমাৰী চৰাঞ্চলৰ কৃষকসকলৰ খবৰ লৈছিলোঁ। তেওঁলোকে পূৰ্বতে উৎপাদিত মৰাপাট ১৫০০-২২০০ টকা প্ৰতি মোনত বিক্ৰী কৰিছিল। কিন্তু এইবাৰ চিজনৰ আৰম্ভণিতে চাহিদা যথেষ্ট থকা সত্বেও ৮০০ টকাৰ পৰা ১২০০ টকা প্ৰতি মোন মূল্যত বিক্ৰী কৰিব লগা হৈ আছে এই মৰাপাট। ৭৫০০-৮০০০ টকা প্ৰতি বিঘাত খৰছ কৰা মৰাপাট উৎপাদকে বিঘাই প্ৰতি উৎপাদন কৰিব পাৰে মাত্ৰ ৬-১০ মোনলৈ। কৃষক সকলে মৰাপাট বিক্ৰী কৰি মূল ধন ওভতাই নোপোৱাৰ দুশ্চিন্তাত ভুগিছে।

চৰাঞ্চলত সামাজিক ব্যাধি:

(৫)

চৰাঞ্চলত সামাজিক সমস্যাৰ অন্ত নাই। দেৱানী প্ৰথা, বাল্যবিবাহ, শিশু শ্ৰমিক, বহু বিবাহ, অন্ধ বিশ্বাস, কুসংস্কাৰ, যৌতুক, ধৰ্মান্ধতা আদি চৰাঞ্চলৰ গুৰুতৰ সমস্যা। আটাইকেইটা সামাজিক সমস্যাই এটা আনটোৰ সৈতে সম্পৰ্কযুক্ত। দেৱানী প্ৰথা আৰু মোল্লাতন্ত্ৰ জীৱিত থকা হেতুকে ভালেখিনি সামাজিক সমস্যাই সাৰ-পানী পায়। এতিয়াও বহু চৰত লাঠিৰ বলত শোষণ চলি আছে। লাঠিচালনাৰ বাবে হুকুম দিয়া ব্যক্তিজন অৱশ্যেই দেৱানী নতুবা স্থানীয় পৰ্যায়ৰ ৰাজনৈতিক ক্ষমতাসম্পন্ন ব্যক্তি। একেদৰে বাল্যবিবাহেও এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে। প্ৰায় প্ৰতিটো ঘৰে-ঘৰে বাল্য-বৌ পোৱা যায় চৰাঞ্চলত। এই বাল্যবিবাহসমূহ হোৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক কাৰণ যুক্ত হৈ থাকে। বিবাহসমূহ মূলত: স্থানীয় কাজী তথা মোল্লাৰ সহযোগিতাতে অনুষ্ঠিত হয়। বাল্যবিবাহৰ প্ৰাদুৰ্ভাৱ এনেকৈ পৰিছে যে দিনক-দিনে কোঙা হ'ব ধৰিছে চৰৰ জনজীৱন। জনবিস্ফোৰণৰ ফলত তেওঁলোকক বাংলাদেশী বুলি কৰা সন্দেহৰ প্ৰকোপটোও বাঢ়িছে। খেতিপথাৰত কাম কৰাৰ বাবে মানুহৰ প্ৰয়োজন বুলি ভাবি পূৰ্বতে বহুবিবাহ অধিক আছিল যদিও আজিকালি অন্য কিছু কাৰণত হলেও বহুবিবাহ চলি আছে। শিশু-শ্ৰমিকৰ বিষয়টো চৰাঞ্চলত ভয়ংকৰ। এইটো মাত্র স্থানীয় চাহ-দোকান নতুবা গেৰেজতে সীমাবদ্ধ থকা নাই। বছৰৰ ছটামাহ থকাকৈ শিশুৰ মাতৃ-পিতৃ যেতিয়া দূৰণিৰ ইটা ভাটালৈ কাম কৰিবলৈ যায় তেতিয়া শিশুটোকো লগত লৈ যায়। যাৰ ফলত হাতে-কামে লাগিব পৰা শিশুবোৰ হৈ পৰে শিশু-শ্ৰমিক। চৰকাৰৰ হাতত এই সমস্যা সমাধানৰ বা দমনৰ বাবে নিৰ্দিষ্ট নীতি থকাৰ পাছতো সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ। চৰঞ্চলত নাৰী নিৰ্যাতন দৈনন্দিন ঘটনা। নাৰী নিৰ্যাতনৰ অন্যতম কাৰণ যৌতুক। গৰীৱ পিতৃ-মাতৃয়ে যৌতুক দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হলেই যৌতুকৰ নামত অত্যাচাৰ চলাই থকাৰ ঘটনা চৰাঞ্চলত সচৰাচৰ ঘটি থাকে। ইপিনে আইন শৃংখলা জড়িত ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বা প্ৰশাসন নিকটত নথকা হেতুকে এনে ঘটনা বৃদ্ধি পাই আহিছে। নূন্যতম শিক্ষাৰ সুবিধা নথকাৰ বাবে বিজ্ঞানমনস্ক পৰিৱেশ গঢ় লৈ উঠা নাই। যাৰ বাবে অন্ধবিশ্বাস, কুসংস্কাৰ আদিও বিদ্যমান। বেজ-বেজালি আদিৰ কাৰণ স্বাস্থ্যসেৱাৰ বাবে সুবিধা নথকাটো। ফকীৰ, পীৰ আদিৰ ছত্ৰছায়াত অন্ধবিশ্বাস, কুসংস্কাৰ বৰ্তি থকাৰ লগতে একাংশ কাঠ মোল্লাৰ নেতৃত্বত ভৌগলিক বিচ্ছিন্নতাৰ বাবে ধৰ্মান্ধতা চলি আছে।

ৰাজনৈতিক সমস্যা:

(৬)

ৰাজনৈতিক কথাবোৰ চৰাঞ্চলত অলপ গণ্ডগোলীয়া। ইউ এম এফ গঠন হোৱাৰ আগলৈ চৰাঞ্চলসমূহ কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গ হৈ আছিল। অসম আন্দোলনৰ প্ৰভাৱত চৰ-চাপৰি অঞ্চলৰ লোকসকলে নিজাববীয়াকৈ ৰাজনৈতিক চিন্তা-চৰ্চা আৰম্ভ কৰে। অৱশ্যে তেওঁলোক ব্যৰ্থ হৈ পুনৰ কংগ্ৰেছৰে শৰণাপন্ন হ'বলৈ ধৰাত আই এম ডি টি বাতিলৰ গইনা লৈ জনসমৰ্থন আদায় কৰাৰ চেষ্টা কৰে  এ আই ইউ ডি এফে। মুঠতে কোনো এটি বুৰ্জোৱা দলেই এওঁলোকৰ ৰাজনৈতিক নিৰাপত্তাৰ কথা নাভাবে। সেয়া যিয়েই নহওঁক, মুঠতে চৰাঞ্চলত এতিয়ালৈকে মূল্যবোধ তথা প্ৰগতিশীল ৰাজনীতিৰ পৰিৱেশ গঢ় লৈ উঠা নাই।

ৰাজনৈতিক সমস্যাসমূহে চৰ-চাপৰি অঞ্চলৰ লোকক খুৱ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। মূলত: বিদেশী সমস্যা কেন্দ্ৰ কৰি লোকসকলক ভীতিগ্ৰস্ত আৰু হাৰাশাস্তি কৰি থকা হৈ আছে। লোকসকলে বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিখন সম্পূৰ্ণ মানি লৈছে যদিও চৰকাৰী তথা ৰাজনৈতিক কাৰণত এই সমস্যাৰ সমাধান আজিলৈ হোৱা নাই। কেইবালাখ লোক আজিও ডি ভোটাৰৰ নামত আদালতলৈ দৌৰি থাকিব লগা হৈছে। মূলত: এই সমস্যাৰ সমাধান পক্ষপাতহীনভাৱে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কোনেও বিচাৰি থকা নাই বুলি অনুভৱ হৈছে।

চৰ-চাপৰি অঞ্চলৰ কৃষক বা শ্ৰমিকসকলৰ মাজত যিধৰণে সংগ্ৰামী ৰাজনীতিয়ে খোপনি পুতিব লাগিছিল সেয়া মুঠেই দেখা যোৱা নাই। বৰঞ্চ নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিসমূহত কম্বল, আঠুৱা, ৰঙা চাহ আৰু নগদ ধনৰ ৰাজনীতিহে চলে।

চৰৰ মানুহৰ মৰম:

(৭)

বৰপেটা জিলাৰ বাঘবৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভাতনাপাইতি চৰত বহি সম্পাদকীয়ৰ এইটো অংশ লিখি আছোঁ। কিবা এক বিশেষ কাৰ্যসূচীলৈ বৰপেটাৰ ভাতনাপাইতি চৰলৈ গৈছিলোঁ। মন্দিয়াৰ পৰা কিছু কিলোমিটাৰ দূৰৈৰ সত্ৰকণৰা পাৰঘাটৰ পৰা দিনত মাত্ৰ এখনেই ফেৰী আহে ইয়ালৈ। আমি নিৰ্দিষ্ট ফেৰীৰ বিষয়ে অৱগত নাছিলোঁ। যাৰ বাবে অন্য এক পথেৰে আহিবলগীয়া হ'ল। ফলত আধাবাটত এখন ফেৰী বদলি কৰি আহিব লাগিল। ইতিমধ্যে বেলি ডুবি আন্ধাৰ হৈ পৰিছিল চাৰিওদিশ। আমি বাট পথ চিনি নাপাওঁ। মাজত যেতিয়া এঠাইত আমাক নমাই দিয়া হৈছিল সেই ঠাইডোখৰৰ নাম ধৰ্মপুৰ চৰ। ধৰ্মপুৰৰ ফেৰীঘাট আকৌ আমাক নমাই দিয়া ঠাইৰ পৰা অলপ দূৰত। আমি বাট বিচাৰি হাবাথুৰি খাই আছিলোঁ। বাট-পথ বুলিবলৈ একো নাই। বালিময় পথাৰ চৌদিশে, কৰবাত-কৰবাত বাঁহনী আৰু পুৰণি গ'ছ দুই-এজোপা আছে। বাটবোৰ গৰাখহনীয়াৰ ফলত নাইকিয়া হৈ গৈছে। অৱশেষত পাৰঘাট বিচাৰি পালোঁ আৰু নিশাৰ ফেৰীত আমি আহি ভাতনাপাইতি চৰ আহি পালোঁ।

এইখন যথেষ্ট পুৰণি চৰ। মানুহৰ ঘৰ-দুৱাৰবোৰ ভালেই। খেৰৰ ঘৰ খুব কমেই আছে। কিন্তু বাট-পথ একো নাই। এলেকাখনো যথেষ্ট বৃহৎ। আমি যিটো ঘৰত নিশাটো কটাম সেইঘৰখন পাৰঘাটৰ পৰা অলপ দূৰত। ৰাস্তা চিনি নাপাওঁ। বাৰে-বাৰে বাট হেৰুৱাই আছোঁ। সুধি আছোঁ, আকৌ অলপ আগুৱাই আছোঁ। মোবাইলত নেটৱৰ্ক মাজে-মাজে পায়, আকৌ নোহোৱা হয়। নানা সমস্যা। এনেকৈ যুঁজি-যুঁজি  শেষত এঘৰত সুধিলোঁগৈ— অমুকৰ ঘৰলৈ যাম, ৰাস্তা কোনফালে? তেওঁলোকে আমাক ৰাস্তা বুজাই দিলে, তেওঁলোকৰ মনত শংকা যে আমি ৰাস্তা হেৰুৱাই পেলাম। কথা-বতৰা পাতি থাকোঁতেই মানুহজনে কৈ উঠিল, আপোনালোক যাব বাৰু, তাৰ আগতে ভাতকেইটামান খাই লওঁক, ক'ত বা কেতিয়া কি খাই আহিছে। আৰু এই ৰাতিকণ চৰৰ ৰাস্তা বিচাৰি হাবাথুৰি খাব নালাগে। আজি ৰাতিটো আমাৰ ঘৰতে থাকি দিয়ক, আমাৰ ঘৰ আছে, বিচনাও আছে।

মানুহজনে এনেকুৱা আন্তৰিকতাৰে কথাখিনি ক’লে যে, আমি এইখন ঘৰ এৰি আমাৰ গন্তব্যস্থানলৈ বাট বিচাৰি যাবলৈ ইচ্ছা নাইকিয়া হৈ গ'ল। পাছত আমি কলোঁ যে ঠিক আছে আমি ইয়াতেই থাকিম। আমি যাবলৈ বিচৰা ঠাইলৈ খবৰ পঠালোঁ যে আমি অমুকৰ ঘৰত আছোঁ।

তেওঁলোকে খুব মৰমেৰে ইলিশ মাছেৰে এসাঁজ খুৱালে। ৰাতি তেওঁলোকৰ লগত বহি চৰাঞ্চলৰ বিভিন্ন কথা পাতিলোঁ। ইঘৰ-সিঘৰৰ দুই-এজন আহিছে, উত্তৰ পাৰৰ মেহমান আহিছে বুলি। মুঠতে খুব ভাল লাগিল তেওঁলোকৰ লগত থাকি। পিছদিনা পুৱাতে আমি আমাৰ গন্তব্য স্থানলৈ যাবলৈ ওলালোঁ। তেনেতে চাওঁ আমাৰ বাবে গৰম ভাত তৈয়াৰ। নোখোৱাকৈ ক’লৈয়ো যাব নোৱাৰে। তেওঁলোকৰ মাজত ইমানেই আন্তৰিকতা আৰু মৰম বিচাৰি পালোঁ যে সেয়া সঁচাকৈয়ে অকৃত্ৰিম। এয়াই চৰাঞ্চল, এয়াই চৰৰ অতিথিপৰায়নতা।

সামৰণি :

(৮)

আমাৰ জন্ম নৈ পাৰত। আমি ডাঙৰ হৈছোঁ চৰ আৰু চাপৰি উভয়তে। আমি নিজ চকুৰেই দেখিছোঁ, চৰ-চাপৰিবাসীৰ কঠিন জীৱন সংগ্ৰাম, সংকট, প্ৰত্যাহ্বান আৰু অনেক কিছু। “মুক্ত চিন্তা”-ৰ দৰে তত্ত্বগধুৰ আলোচনীৰ “অতিথি সম্পাদকৰ চ’ৰা”-টোৰ দ্বায়িত্ব লৈ আমি ডাঙৰ হোৱা ঠাইডোখৰৰ বিষয়েই পাঠকক কিছু কথা জনাবলৈ এই সংখ্যাৰ বিষয় 'চৰ-চাপৰি' কৰা হৈছিল। অসমৰ বহুসংখ্যক প্ৰান্তীয় লোকগোষ্ঠীয়ে চৰ-চাপৰিত বসবাস কৰে। চৰ-চাপৰিত বংগমূলীয় (?) অসমীয়া মুছলমানসকলৰ উপৰিও মিচিং, দেউৰী, দেশী, বঙালী আদি কৰি কেইবাটাও লোকগোষ্ঠীৰ লোক আমি দেখা পাইছোঁ। অৱশ্যে মুছলমানসকলৰ বাদে বাকীসকল সংখ্যাগত দিশত তাকৰ। সংখ্যাটো সকলো জনগোষ্ঠীকে সাঙুৰি লৈ সজাব বিচাৰিছিলোঁ যদিও নানান কাৰণত সেইটো বাস্তৱায়িত নহ’ল।

চৰ-চাপৰিত বসবাস কৰাসকলৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশবোৰ বৰ এটা ভাল নহয়, যাক এটা শব্দত ক'বলৈ হ'লে পয়ালগা। ইয়াৰ উপৰিও চৰ-চাপৰি সম্পৰ্কে অনেকৰ ধাৰণাও স্পষ্ট নহয়৷ আৱেগিক অসমীয়াৰ মনৰ কোঁহে কোঁহে সোমাই ৰোৱা "বাংলাদেশীৰ অবাধ বিচৰণথলী চৰ-চাপৰি" বোলা একপক্ষীয় সিদ্ধান্তটো সঁচা নে মিছা? কিয় চৰ-চাপৰিত অপৰাধীৰ সংখ্যা বেছি? বহু কথাই যেন চৰ-চাপৰি সম্পৰ্কে জানিব লগা আছে, বহু কথাই আলোচনা কৰিব লগা আছে। সেইসমূহ দিশ ফঁহিয়াই যুক্তিপূৰ্ণভাৱে আলোচনা কৰাৰ বাবেই এইবাৰৰ অতিথি সম্পাদকৰ চ’ৰা "চৰ-চাপৰি"-ৰ বিষয়েৰে সজাব বিচৰা হৈছিল। চৰ-চাপৰিৰ ভূগোল, ইতিহাস, ৰাজনীতি, চৰ-চাপৰিৰ অৰ্থনীতি, লোকাচাৰ, সমাজ-সংস্কৃতি, ঐতিহ্য, নাৰীৰ অৱস্থান, নাৰীৰ সমস্যা, শিশুৰ সমস্যা, শৈক্ষিক সমস্যা, স্বাস্থ্যক্ষেত্ৰৰ সমস্যা, কৃষকৰ সমস্যা, গৰাখহনীয়া, ডি ভোটাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মান্ধতা, বাল্য বিবাহ, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়লৈ অতিথি সম্পাদকীয় চ’ৰা সজাব বিচাৰিছিলোঁ। কিন্তু আংশিক সফল হলেও পূৰ্ণ সফলতা নাপালোঁ বাবেই অনাগত দিনত আৰু অধিক গভীৰভাৱে কাম কৰাৰ হেঁপাহ থাকি গ'ল। আপোনালোকৰ সহায় সহযোগিতাত তাত সফল হ'ব বুলি আমি আশাবাদী।

এই সংখ্যা সম্পূৰ্ণ কৰি তোলাত যিসকলে আমাক নিবন্ধ দান কৰি সহায় কৰিছে তেওঁলোকৰ ওচৰত আমি কৃতজ্ঞ। ইয়াৰ ওপৰিও যিসকলে আমাক এই সংখ্যা সম্পূৰ্ণ কৰাত সহায় কৰিছে তেওঁলোকৰ নাম লৈ শেষ কৰিব নোৱাৰিম। “মুক্ত চিন্তা”-ৰ সম্পাদনা সমিতি, বৰ্ণালী বৰুৱা বাইদেউ, কৌশিক দাস চাৰ, টুনুজ্যোতি গগৈ, চুলতান মামুদ মিৰ্ধা, ৰেহনা চুলতানা, মনোজ কুমাৰ মহন্ত, হিৰো শৰণীয়া, নিকু আদি অবিহনে এই আলোচনী আমাৰ দ্বাৰা সম্পূৰ্ণ নহ'লহেঁতেন। আলোচনীৰ সম্পাদনা সমিতি নতুবা কর্মীদলত নথকা আব্দুল কালাম আজাদ, কাজী নীল, হুছেইন আহমদ মাদানী, ছাদ্দাম হুছেইন, জাকিৰ হুছেইন, শাহানুৰ ইছলাম, ৰবিউল ইছলাম, সামেজ উদ্দিন আহমেদ আদিয়ে আমাক কাম সম্পূৰ্ণ কৰাত ৰাতি-দিনে কষ্ট কৰি যেনেদৰে সহায় কৰিছে আমি তেওঁলোকৰ ওচৰতো কৃতজ্ঞ। এই চেগতে আটাইলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আগত দিনত একেধৰণৰ সহায়-সহযোগিতা বিচাৰি সম্পাদকীয় সামৰিছোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি চ'ৰাৰ সম্পাদকৰ কলম (আশ্রাফুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *