অতিথি চ’ৰাৰ সম্পাদকীয় (ত্রিদীৱ নীলিম দত্ত)

আন্ধাৰৰ জীৱ

কৃষকৰ বর্তমান আৰু ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিলে প্রথমেই মনলৈ আহে আকালেৰে পীড়িত কোটি কোটি মানুহৰ মুখ৷ আনক আহাৰৰ যোগান ধৰি নিজে শুদা পেটেৰে শেতেলি ল’ব লগা হোৱা এইসকল হতভগীয়াৰ ( কার্ল মার্ক্সে এওঁলোকক আন্ধাৰৰ জীৱ আখ্যা দিছিল) অতীত দুর্ভাগ্যজনক, বর্তমান আৰু ভৱিষ্যৎ অনিশ্চিত৷ এইক্ষেত্রত প্রথমেই মনলৈ আহে বিশিষ্ট সমাজবিজ্ঞানী জাঁ ড্রেজৰ কথা৷ তেওঁ এবাৰ কৈছিল যে ভাৰতত খাদ্য শস্যৰ যিমানবোৰ বেগ জমা ৰখা হয় সেইসমূহ একেলগ কৰিলে পৃথিৱীৰপৰা চন্দ্রলৈ অহা-যোৱা কৰা পথ এটা নির্মাণ কৰিব পৰা যাব৷

ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি চাউল ৰপ্তানিকাৰী দেশৰ ভিতৰত অন্যতম৷ ভাৰতে বছৰি প্রায় ১ কোটি টন চাউল আৰু ৯৫ লাখ টন ঘেঁহু ৰপ্তানি কৰে৷ অথচ বিশ্ব খাদ্য সংস্থাৰ মতে প্রায় ২৭ কোটি ভাৰতীয়ই দিনটোত এসাঁজহে খাবলৈ সক্ষম৷ প্রায় ৯০ কোটি মানুহ অপুষ্টিত ভুগি আছে৷ বিশ্ব ভোকাতুৰ সূচকাংকৰ তালিকাত ১০৫খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৬৬। ভাৰতৰ অর্ধেক লোক (ইয়াৰ অধিকাংশই কৃষক) ভোকত থকাৰ মূল কাৰণ খাদ্য শস্যৰ পৰিমাণ নহয়, নব্য উদাৰ অর্থনীতিয়ে মাতি অনা সংকটহে৷ বিশ্বত বর্তমান প্রায় ২০০ কোটি মানুহ নিতৌ ভোকত থাকিব লাগে, অথচ বিশ্ব খাদ্য সংস্থাৰ মতে বিশ্বত উৎপাদিত মুঠ খাদ্য শস্যৰে প্রায় ১৩০০ কোটি মানুহক পেট পূৰাই খুৱাব পৰা যায় (বর্তমান মুঠ জনসংখ্যা প্রায় ৭৫০ কোটি)৷ ভাৰতত উৎপাদিত মুঠ খাদ্য শস্যৰেও ১২১ কোটি মানুহক ভালদৰে পেট পূৰোৱাব পাৰি, অথচ অর্ধেক লোকক ভোকত ৰাখি চৰকাৰে ৰপ্তানিৰ দিহা কৰে৷

খাদ্য শস্যৰ যোগান বৃদ্ধি কৰিবলৈ চৰকাৰে সাধাৰণতে সেউজ বিপ্লৱৰ স্মৰণ কৰে৷ কিন্তু এই সেউজ বিপ্লৱৰদ্বাৰা কৃষক সমাজ প্রকৃততে উপকৃত হৈছিল নে পুঁজিপতি শ্রেণী উপকৃত হৈছিল? তথাকথিত সেউজ বিপ্লৱে কৃষক সমাজৰ মাজলৈ কেনে সমস্যা কঢ়িয়াই আনিলে সেই বিষয়ে পৰৱর্তী সময়ত হোৱা অধ্যয়নসমূহত স্পষ্ট হৈ পৰিছে৷ সেউজ বিপ্লৱৰ পিতৃ আখ্যা পোৱা নর্মান বৰলগক বিশিষ্ট অধিকাৰ কর্মী বন্দনা শিৱাই ডু পন্ট লেবৰেটৰি নামৰ বীজ,কীটনাশক,সাৰ উৎপাদক কোম্পানিটোৰ এজেন্ট আখ্যা দিছিল৷ সেউজ বিপ্লৱৰ নামত ৰাসায়নিক সাৰ,কীটনাশক আৰু হাইব্রিড বীজ বিক্রী কৰিবলৈ কোম্পানিটোৱে বিশ্বত বজাৰৰ সন্ধানত আছিল৷ বৰলগে ১২জন বিজ্ঞানীক প্রশিক্ষণ দি তেওঁলোকক ‘ধর্ম প্রচাৰক’ আখ্যাৰে বিশ্বৰ ১২টা স্থানলৈ প্রেৰণ কৰিছিল৷ অর্থাৎ, এনে নতুন প্রযুক্তিক নতুন ধর্ম আখ্যা দিয়া হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাসায়নিক দ্রব্য উৎপাদনকাৰী কোম্পানিবোৰ উৎপাদনৰ শীর্ষত আছিল৷ কিন্তু আশা কৰাতকৈ বিশ্বযুদ্ধ সোনকালে অন্ত পৰাত কোম্পানিসমূহে উৎপাদিত ৰাসায়নিক দ্রব্যসমূহ বিক্রী কৰিবলৈ তৃতীয় বিশ্বৰ বৃহৎ দেশসমূহৰ ফালে মন মেলে৷ ১৯৬৫ চনত ভাৰতত খৰাং হোৱাত খাদ্য শস্যৰ নাটনি হৈছিল৷ সেই সময়ৰ প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীয়ে আমেৰিকাক সামান্য পৰিমাণৰ ঘেঁহু,চাউল বিচাৰিছিল যদিও আমেৰিকাই চর্ত সাপেক্ষেহে শস্য দিবলৈ মান্তি হৈছিল৷ ভাৰতে কৃষি নীতি সম্পূর্ণ সলনি কৰাৰ লগতে কৃষিত ৰাসায়নিক সাৰ, কীটনাশক আৰু হাইব্রিড বীজ ব্যৱহাৰৰ প্রতিশ্রুতি দিলেহে ভাৰতক খাদ্য যোগান ধৰিবলৈ আমেৰিকা মান্তি হৈছিল৷ লালবাহাদুৰ শাস্ত্রীয়ে আমেৰিকাৰ এনে চর্ত মানি নল’লে এই যুক্তিত যে ভাৰতৰ দৰে বিশাল কৃষিপ্রধান দেশ এখনৰ দৰিদ্র কৃষক এনে নীতিৰ ফলত ক্ষতিগ্রস্ত হ’ব৷ ইয়াৰ পাছত আমেৰিকাইও ভাৰতক খাদ্য শস্যৰ যোগান নধৰিলে৷ ইয়াৰ কিছু মাহৰ পাছত শাস্ত্রীৰ মৃত্যু হয় আৰু ভাৰতৰ পৰৱর্তী প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ চর্ত মানি লয়৷ আমেৰিকাই ভাৰতক নতুন কৃষি নীতিৰ বাবে সন্মত কৰোৱাৰ পাছত দেশলৈ হাইব্রিড বীজ,ৰাসায়নিক সাৰ, কীটনাশকৰ যোগান বৃদ্ধি পালে৷ ভাৰতৰ কৃষকে এইসমূহ সামগ্রী কৃষিত ব্যৱহাৰ কৰিব পৰাকৈ আমেৰিকাই বিশ্ব বেংকৰপৰা ঋণৰ ব্যৱস্থাও কৰাই দিলে৷ প্রথম অৱস্থাত এইসমূহ প্রায় বিনামূলীয়া আছিল৷ ১৯৯১ চনত ভাৰতে মুক্ত অর্থনীতি গ্রহণ কৰাৰ সময়ত বিশ্ব বেংকৰপৰা লাভ কৰা প্রায় সাত লাখ কোটি টকাৰ ঋণৰ ভিতৰত হাইব্রিড বীজ,ৰাসায়নিক সাৰ, কীটনাশকৰ আমদানি আৰু জলযোগানৰ বাবে বৃহৎ বান্ধ নির্মাণৰ কামত ব্যয় কৰা হৈছিল (হাইব্রিড বীজেৰে কৰা কৃষিত স্বাভাৱিক বীজেৰে কৰা কৃষিৰ তুলনাত প্রায় সাত গুণ অধিক পানীৰ প্রয়োজন হয়) প্রায় চাৰি লাখ কোটি টকা৷ কৃষক সমাজে ব্যৱহাৰ কৰিবলৈ লোৱা হাইব্রিড বীজৰপৰা হোৱা ফচলৰপৰা পুনৰ ফচল পাব পৰা নাযায়৷ অর্থাৎ, কৃষকে বীজৰ বাবে প্রতি বছৰে এনে কোম্পানিৰ ওপৰত নির্ভৰ কৰিব লগা হয়৷ তদুপৰি নির্দিষ্ট হাইব্রিড বীজত সেই কোম্পানিৰ কীটনাশকহে ব্যৱহাৰ হোৱাত কৃষকসকলৰ ব্যয়, ঋণ আৰু নির্ভৰশীলতাও বৃদ্ধি পালে৷ এনেদৰে লাহে লাহে কৃষক সমাজে এক বৃহৎ ফাণ্ডত ভৰি থ’লে য’ত জীৱনতকৈ মৃত্যু সহজ হৈ উঠিল৷ এক বৃহৎ বিশ্ব বেংক, আই এম এফ, আমেৰিকা, নব্য উদাৰ অর্থনীতিৰ নাগপাশেৰে বান্ধি থোৱা এই তথাকথিত সেউজ বিপ্লৱে কৃষকৰ অৱস্থাৰ উন্নয়ন ঘটোৱাৰ কোনো উদাহৰণ নাছিল আৰু ভৱিষ্যতেও থকাৰ সম্ভাৱনা নাই৷

ভাৰতত ৬০-৭০ শতাংশ নাগৰিক কৃষিৰ সৈতে জড়িত৷ কিন্তু দেশৰ অর্থনীতিৰ ৰাজহাড়স্বৰূপ কৃষকৰ অৱস্থা দিনক দিনে সংকটাপন্ন হৈ পৰিছে৷ বর্তমান চৰকাৰী কার্যালয়ৰ এজন পিয়নৰ বেতন অতি কমেও ১৫,০০০ টকা৷ কিন্তু অতি দুর্ভাগ্যৰ কথা যে বর্তমানৰ হিচাপত দেশৰ একোটা কৃষক পৰিয়ালৰ মাহিলি গড় উপার্জন হ’ল মাত্র ২৪০০ টকা (কৃষিকার্যত গোটেই পৰিয়ালৰ শ্রমো নিহিত হৈ থাকে)৷ বিগত দহ বছৰত চৰকাৰী-বেচৰকাৰী কর্মচাৰীৰ বেতন কমেও দুগুণতকৈও অধিক বৃদ্ধি পাইছে (১০০ শতাংশ), কিন্তু এই সময়ছোৱাত কৃষকৰ উপার্জন বৃদ্ধি পাইছে মাত্র ১০ শতাংশ৷

দেশৰ দৰিদ্র শ্রমিক-কৃষকৰ ওচৰত এতিয়া ব্যর্থতা আৰু হুমুনিয়াহৰ মেটমৰা বোজাৰ বাদে আৰু একো নাই৷ আনৰ পেট পূৰোৱা কৃষক আজি পেটৰ ভোকত আত্মহননৰ পথেৰে বাট বুলিব লগা হৈছে৷ যি কৃষক দেশৰ শস্য-শ্যামলা পথাৰৰ গৰাকী, সেই কৃষকে এতিয়া নিঃস্ব হৈ এসাঁজ আহাৰৰ বাবে সহস্রবাৰ প্রার্থনা কৰিব লাগে, ইয়াতকৈ দুখৰ কথা কিবা থাকিব পাৰেনে?
ঋণ পৰিশোধ কৰিব নোৱাৰি যোৱা ২০ বছৰত প্রায় ৩.৫ লাখ কৃষকে আত্মহত্যা কৰিছে (ভাৰতত প্রতিদিনে গড়ে ৫২জন কৃষকে আত্মহত্যা কৰে)৷ আধাপেটীয়া, লঘোণীয়া দেহাৰ গৰাকী কৃষকৰ আত্মহত্যাত জীৱন আৰু আইনৰ প্রতি শ্রদ্ধা আৰু সততা নিহিত হৈ আছে৷ মধ্যবিত্ত, চহকী আৰু কর্প’ৰেটে কৰ ফাঁকি দিয়া, ক’লা ধন সংগ্রহ কৰাৰ দৰে প্রৱঞ্চনা আৰু শঠতা কৃষকৰ কৰুণ মৃত্যুৰ মাজত নাই৷ কৃষকৰ আত্মহত্যাত যি সততা নিহিত হৈ আছে অধিকাংশ মধ্যবিত্ত, চহকীৰ সমগ্র জীৱনে ইয়াৰ এটা বিন্দুও স্পর্শ কৰিবগৈ নোৱাৰে৷

সমগ্র দেশৰ কৃষক-শ্রমিকৰ মাতৃভাষা ভিন্ন হ’লেও হা-হুমুনিয়াহৰ ভাষা একেই৷ কিন্তু দুখৰ কথা যে দেশৰ সমূহ চৰকাৰেই এনে ভাষা বুজিবলৈ অক্ষম৷ শেহতীয়া এক অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৪ চনত গ্রামাঞ্চলত মজুৰি বৃদ্ধিৰ হাৰ ৩.৬ শতাংশ হ্রাস পাইছে৷ ২০১১ চনত এই পৰিমাণ আছিল ২০ শতাংশ৷ ‘ডাউন টু আর্থ’ নামৰ আলোচনীখনত প্রকাশিত এখন প্রতিবেদনে (অফ টু আনাডাৰ বেড ষ্টার্ট, ৩০ জুন, ২০১৫) এই ক্ষেত্রত দুটা দিশ আঙুলিয়াই দেখুৱাইছে৷
ক) নগৰ অঞ্চলত ৰিয়েল ইষ্টেট খণ্ড আৰু নির্মাণ উদ্যোগৰ বিকাশৰ গতি সীমিত হৈ পৰা বাবে গাঁৱৰপৰা নগৰলৈ প্রব্রজন কৰা কোটি কোটি শ্রমিকৰ মজুৰি আৰু উপার্জনৰ পৰিমাণ বর্তমান হ্রাস পাইছে৷ নগৰ অঞ্চলত কামৰ পৰিমাণ নতুবা অর্থনীতি নিম্নমুখী হ’বলৈ আৰম্ভ কৰিলেই এনে প্রব্রজিত শ্রমিকসকল পুনৰ গাঁওমুখী হ’ব আৰু তেতিয়া গাঁৱত মজুৰি আৰু উপার্জনৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পাব৷
খ) ১০০ দিনৰ কামৰ বাবে নিশ্চয়তা প্রদান কৰা এম জি এনৰেগাই গ্রামাঞ্চলত মজুৰি আৰু উপার্জনৰ পৰিমাণ বৃদ্ধি কৰিছিল৷ কিন্তু নৰেন্দ্র মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পাছতে যোৱা এবছৰত এম জি এনৰেগাৰ বাবে নির্ধাৰিত ধন হ্রাস কৰা হৈছে৷ যোৱা এবছৰত দেশৰ কৃষিখণ্ডত বিপর্যয় হোৱা সত্ত্বেও এম জি এনৰেগাৰ অধীনত একোখন জবকার্ডৰ বিপৰীতে গড়ে মাত্র ৪০ দিনৰ কামহে সম্ভৱ হৈছে৷
দেশৰ কৃষকে যোৱা তিনিবছৰ ধৰি অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰি অহাৰ পাছতো ৮০ শতাংশ কৃষকে আধাপেটীয়াকৈ থাকিব লগা হয়৷ মুঠ জনগণৰ ৬০-৭০ শতাংশ লোক কৃষিৰ সৈতে জড়িত যদিও বজাৰ অর্থনীতিৰ নাগপাশৰপৰা এই বৃহৎসংখ্যক লোকক মুক্ত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোডী ডাঙৰীয়াই চেষ্টা কৰাতো নায়েই, বৰঞ্চ এই গাঁঠি অধিক নিকপকপীয়া কৰিছে৷ ৰিজার্ভ বেংকৰ গৱর্নৰ ৰঘুৰাম ৰাজনৰ প্রতিবেদন অনুসৰি দেশৰ ৭০ কৃষক এক হেক্টৰতকৈও কম পৰিমাণৰ ভূমিৰহে গৰাকী৷ মাত্র ৪০ কৃষকৰ হাততহে এম এনৰেগাৰ কার্ড আছে (এম এনৰেগাই ভাৰতৰ কৃষি ব্যৱস্থা অচল কৰিছে বুলি সহজ ব্যাখ্যা আগ বঢ়োৱাসকলৰ যুক্তি এইক্ষেত্রত অচল)৷ সবাতোকৈ দুর্ভাগ্যজনক কথাটো হ’ল যে গড়ে পাঁচজনকৈ সদস্য থকা একোটা ভাৰতীয় কৃষক পৰিয়ালৰ মাহিলি গড় উপার্জন হ’ল মাত্র ৩০৭৮ টকা৷ দৈনন্দিন জীৱন-যাপনৰ চৰম দুর্ভাগ্য আৰু মূল্যবৃদ্ধিৰ অসহনীয় উত্তাপে দহা জনগণৰ (বিশেষকৈ কৃষক সমাজ) বাবে মোডী-চৰকাৰৰ দৰদ কিমান সেয়া লক্ষণীয় হৈ পৰিছে৷ দেশৰ হতভগীয়াসকলৰ মুক্তিদাতা হিচাপে নিজকে প্রক্ষেপ কৰা নৰেন্দ্র মোডী চৰকাৰৰ বিত্ত মন্ত্রীগৰাকীয়ে ২০১৪-১৫ বিত্তীয় বর্ষৰ বাজেটত উদ্যোগপতিসকলক ৫.৭৩ লাখ কোটি টকাৰ কৰ ৰেহাই দিয়াৰ বিপৰীতে দেশৰ প্রায় ৭০ কোটি লোকৰ জীৱিকাৰ সৈতে জড়িত থকা কৃষিখণ্ডৰ বাবে পুঁজি নির্ধাৰণ কৰিছে মাত্র ২৪,০০০ কোটি টকা৷ ইউ পি এ চৰকাৰৰ দিনত টেণ্ডুলকাৰ কমিটিয়ে দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকক চিহ্নিত কৰিবলৈ নগৰত নিতৌ গড়ে ৩৩ টকা আৰু গাঁৱত ২৭ টকা ব্যয় কৰিবলৈ সক্ষম নোহোৱা লোকক দৰিদ্র হিচাপে গণ্য কৰিছিল৷ এনে কম পৰিমাণৰ টকাৰে দৰিদ্র নির্ধাৰণৰ পদ্ধতিক নৰেন্দ্র মোডীয়ে সমালোচনা কৰিছিল৷ কিন্তু পাছত প্রতিবেদনত এই কথা প্রকাশ পাইছিল যে যি নৰেন্দ্র মোডীয়ে ৩৩ টকা আৰু ২৭ টকাৰে দৰিদ্র নির্ধাৰণ কৰা পদ্ধতিটোৰ সমালোচনা কৰিছিল সেই মোডীয়ে গুজৰাটত মুখ্যমন্ত্রী হৈ থকা সময়ত দৰিদ্র নির্ধাৰণ কৰিছিল নগৰত ১৬ টকা আৰু গাঁৱত ১১ টকা ব্যয়ৰ হিচাপত৷ অর্থাৎ গুজৰাটত পৰিসংখ্যাৰ কাৰচাজিৰে দৰিদ্রৰ সংখ্যা হ্রাস কৰা হৈছিল৷ কেৱল এয়াইনে? গুজৰাটৰ কিশোৰী-যুৱতী পুষ্টিহীনতাত ভুগিছে বুলি প্রতিবেদন প্রকাশ পোৱাৰ পাছতে তেতিয়াৰ মুখ্যমন্ত্রী মোডীয়ে সদম্ভে ঘোষণা কৰিছিল যে গুজৰাটী গাভৰুৱে ডায়েটিং কৰে বাবেহে পুষ্টিহীনতাত ভুগিছে৷ দেশৰ অর্ধেকসংখ্যক নাগৰিক নিতৌ আধাপেটীয়াকৈ থাকিবলৈ বাধ্য বুলি প্রতিবেদন প্রকাশ পাইছে যদিও স্মার্ট চিটি, বুলেট ট্রেইন, ছুপাৰ পাৱাৰৰ দিবাস্বপ্ন দেখা জনপ্রিয় নেতাগৰাকী নিৰুদ্বেগ, নির্বিকাৰ৷ কিয়নো নেতাগৰাকীৰ বাবে পৰিসংখ্যাৰ কটাকটি কৰাটো এটা সহজ খেল৷

কৃষকৰ বাবে আগ বঢ়োৱা ঋণৰ পৰিমাণ বাজেটত দিনক দিনে বৃদ্ধি পাইছে৷ ২০১১-১২, ২০১২-১৩, ২০১৩-১৪ বিত্তীয় বর্ষৰ বাজেটত কৃষি ঋণৰ বাবে নির্ধাৰিত পুঁজিৰ পৰিমাণ আছিল ক্রমে ৪.৭৫ লাখ কোটি টকা, ৫.৭ লাখ কোটি টকা আৰু ৭ লাখ কোটি টকা৷ ২০১৪ চনৰ অন্তৱর্র্তীকালীন বাজেটত এই পৰিমাণ নির্ধাৰণ কৰা হৈছে ৮ লাখ কোটি টকা৷ অতি সুখৰ কথা যে ২০০০-২০১০ চনত কৃষি ঋণৰ মুঠ পৰিমাণ ৭৫৫ বৃদ্ধি পাইছে৷ কিন্তু অতি দুখৰ কথা যে কৃষকৰ বাবে নির্ধাৰিত এনে বৃহৎ পৰিমাণৰ ঋণ প্রকৃত কৃষকে কেতিয়াও লাভ নকৰে৷ এছ’চেম নামৰ সংস্থা এটাই প্রকাশ কৰা (২-৯-২০১২) এখন প্রতিবেদন মতে ২০১১-১২ চনত কৃষি ঋণৰ নামত চৰকাৰে ব্যয় কৰিছিল ৫.০৯ লাখ কোটি টকা (পুঁজি নির্ধাৰণ কৰা হৈছিল ৪.৭৫ লাখ কোটি টকাহে)৷ অথচ মুঠ ঋণৰ মাত্র ৫.৭১ ঋণহে ক্ষুদ্র আৰু উপান্ত কৃষকে লাভ কৰিছিল৷ সংস্থাটোৰ মতে কৃষকৰ সহায়ৰ বাবে চৰকাৰে যোৱা এটা দশকত মুকলি কৰি দিয়া প্রায় ৪৫ লাখ কোটি টকাৰ ভিতৰত প্রায় ৩ লাখ কোটি টকাহে ক্ষুদ্র আৰু উপান্ত কৃষকে লাভ কৰে৷ ২০০৯ চনৰ লোকসভাৰ নির্বাচনৰ পূর্বে চৰকাৰে ৰেহাই দিয়া ৭৪ হাজাৰ কোটি টকাৰ ঋণৰ অধিকাংশ বৃহৎ আৰু বাণিজ্যমুখী কৃষি কোম্পানিয়েহে লাভ কৰিছিল বুলি এছ’চেমৰ প্রতিবেদনত প্রকাশ পাইছে৷ ক্ষুদ্র কৃষকৰ ঋণৰ বাবে নির্ধাৰিত পুঁজি বেংকসমূহে কৃষি কোম্পানিক দি সাধাৰণ কৃষকক সুদখোৰৰ ওচৰলৈ ঠেলি পঠিয়াইছে৷ একোটা কে চি চি ঋণৰ বাবে কৃষকে উৎকোচৰ নামত ঋণৰ ৩০-৪০ ব্যয় কৰিব লাগে৷ সুদখোৰৰ সুদৰ বোজা বৈ যোৱা ১৭ বছৰে দেশত আত্মহত্যা কৰা প্রায় তিনি লাখ কৃষকৰ কৰুণ জীৱনগাথা উদাৰ অর্থনীতিৰে প্রতিবিম্ব মাথোঁ৷

দেশত এতিয়া খাদ্য নিৰাপত্তা বিধেয়ক আইনত পৰিণত হৈছে৷ ইয়াৰ ফলত দেশৰ ৬৭ লোকে জনমূৰি মাহেকে ৫ কিঃ গ্রাঃ খাদ্য শস্য ক্রমে ১, ২, ৩ টকা মূল্যত লাভ কৰাটো নিশ্চিত হ’ল৷ এই কথা সঁচা যে কেৱল এনে আঁচনিয়ে অর্থনীতিৰ বুনিয়াদী খণ্ডৰ সামূহিক উন্নতি সাধন কৰিব নোৱাৰে৷ আনহাতে, ৰাইজৰপৰা সকলো কাঢ়ি নি পুনৰ তেওঁলোকক সাহায্যৰ ৰূপত আগ বঢ়োৱাটো গণতন্ত্রৰ লক্ষণ হ’ব নোৱাৰে৷ কিন্তু মাত্র একাংশ লোকক বিশ্বৰ সমস্ত সম্পদৰ গৰাকী হোৱাৰ সুযোগ প্রদান কৰা বিশ্বায়নৰ বিশ্ব জয়ৰ দুর্জেয় ৰথখন ওভতাই ঘূৰোৱাৰ ব্যৱস্থা এটা বর্তমানলৈকে হোৱা নাই৷ সেয়েহে এনেধৰণৰ আঁচনিসমূহে দৰিদ্রক সাময়িক সকাহ দিয়াৰ কথাটো মানি নলৈ নোৱাৰি৷

ৰাজনৈতিক দলসমূহক বাদ দিও অধিকাংশ মধ্যবিত্তৰ মনোভাবো খাদ্য নিৰাপত্তা আইনৰ বিৰোধিতা কৰাধৰণৰ৷ অৱশ্যে একাংশ নাগৰিক, বাওঁপন্থী দলসমূহে বিধেয়কখনত থকা আসোঁৱাহসমূহ আঁতৰ কৰিবলৈহে ইয়াৰ বিৰোধিতা কৰিছিল৷ কিয়নো এজন ব্যক্তিক মাহে মাহে ৫ কিঃ গ্রাঃ খাদ্য শস্য দিলে নিতৌ মাত্র ১৬৬ গ্রাম খাদ্য শস্যহে লাভ কৰিব৷ এই পৰিমাণৰ শস্যৰে মাত্র ৩-৪খন ৰুটী বা ১০ গৰাহমান ভাতৰহে যোগাৰ হ’ব৷ এনে সামান্য খাদ্যৰে একোজন মানুহৰ খাদ্য সুৰক্ষা নিশ্চিত নহয়৷ তদুপৰি এসাঁজ সম্পূর্ণ আহাৰৰ বাবে তেল, দাইল, পাচলি আদিৰো প্রয়োজন হ’ব৷ খাদ্য সুৰক্ষাৰ কথা কৈ চৰকাৰে এইসমূহ কথা আওকাণ কৰিছে (আমেৰিকাই ভাৰতৰ এনে আঁচনিৰ বিৰোধিতা কৰিলেও নিজৰ দেশৰ ২৫ দুর্বল শ্রেণীৰ লোকৰ প্রতেককে বছৰি ৩৮৫ কিঃ গ্রাঃ পুষ্টিকৰ খাদ্য বিনামূলীয়াকৈ যোগান ধৰে)৷ এই আইনখনক লৈ অধিকাংশ মধ্যবিত্তৰ বিৰোধিতাৰ কাৰণ সুকীয়া৷ দৰিদ্রসকলে প্রায় বিনামূলীয়াকৈ খাদ্য পালে হাত সাবটি বহি খাবধৰণৰ অমূলক চিন্তাতহে তেওঁলোক ব্যস্ত হৈছে৷

যোৱা দহ বছৰত দেশত সোণৰ মূল্য প্রায় আঠ গুণ বৃদ্ধি পালে৷ যোৱাটো বছৰৰ আৰম্ভণিতে সোণৰ মূল্য হ্রাস পাওঁতে মাত্র চাৰি মাহতে প্রায় ৩.৩৬ লাখ কিঃ গ্রাঃ সোণ ভাৰতীয়ই ক্রয় কৰিছিল৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা, দৰিদ্রক সুলভ মূল্যত খাদ্য শস্য আগ বঢ়ালে অর্থনীতি ভাঙি পৰিব বুলি সন্ত্রস্ত একাংশ মধ্যবিত্তক চৰকাৰে ক’বলৈ বাধ্য হ’ল– ‘সোণৰ মোহ এৰক৷’ কিন্তু তেতিয়াও মোহ নাতৰা দেখি চৰকাৰে সোণৰ আমদানি নিষিদ্ধ কৰে৷ উল্লেখযোগ্য যে মধ্যবিত্তৰ সোণ ক্রয়ৰ হেঁপাহ পূৰাবৰ বাবে চৰকাৰে বছৰি প্রায় ১ লাখ কোটি টকাৰ আমদানি শুল্ক ৰেহাই দিব লগা হয়৷ প্রায় ৯০০ টকা মূল্যৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৪১৫ টকাত, প্রায় ১০০ টকা মূল্যৰ পেট্রল ৬০ টকাত আৰু প্রায় ১০০ টকা মূল্যৰ ডিজেল ৫০ টকাত ৰাজসাহায্য যোগে লাভ কৰাসকলে দৰিদ্রৰ বাবে গ্রহণ কৰা আঁচনিৰ বিৰুদ্ধাচৰণ কৰাৰ নৈতিক অধিকাৰ আছেনে?

দৰিদ্রক সকাহ দিবৰ বাবে চৰকাৰে আঁচনি গ্রহণ কৰিলে অধিকাংশ মধ্যবিত্তৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়৷ কিন্তু কর্প’ৰেট, বৃহৎ ব্যৱসায়ীক চৰকাৰে দিয়া বৃহৎ ৰেহাইৰ সম্পর্কত তেওঁলোক নীৰৱ, অজ্ঞ নতুবা সহানুভূতিশীল৷ ২০০৪-০৫ চনৰপৰা ২০১২-১৩ চনলৈ চৰকাৰে বৃহৎ ব্যৱসায়ী, কর্প’ৰেট খণ্ডক ৰেহাই দিয়া কৰৰ পৰিমাণ হ’ল ৩২ লাখ কোটি টকা৷ ২০১৩-১৪ চনত এনে ৰেহাইৰ পৰিমাণ ৫.৭৩ লাখ কোটি টকা নির্ধাৰণ কৰা হৈছে৷ চৰকাৰে প্রকৃততে কাক সাহায্য অধিক দিছে, কাৰ বোজা অধিক বহন কৰিছে সেই কথা ইয়াতে স্পষ্ট হোৱা নাইনে?

মধ্যবিত্তসকলৰ জীৱন-ধাৰণৰ জটিলতাৰ বাবে হতভগীয়া কৃষক-বনুৱাসকল দায়ী নহয়৷ দেশৰ সমূহ সম্পদ কুক্ষিগত কৰিব বিচৰা, চৰকাৰ আৰু আইনক হাতৰ মুঠিত ৰখা পুঁজিপতি-কর্প’ৰেটসকলহে দায়ী৷ যোৱা দুবছৰে ছাহাৰা গ্রুপক ইয়াৰ বিনিয়োগকাৰীক ২৪,০০০ কোটি টকা ওভতাই দিবলৈ নির্দেশ দি দি উচচতম ন্যায়ালয় ভাগৰি পৰিছে৷ ৰিলায়েন্সৰ বিৰুদ্ধে মাত মাতি আগৰখন চৰকাৰৰ পেট্রলিয়াম দপ্তৰৰ পূর্বৰ মন্ত্রী জয়পাল ৰেড্ডীয়ে নিজৰ চকী হেৰুওৱাৰ কথা কোনে নাজানে৷ বহুকেইটা ম’বাইল কোম্পানিয়ে আকৌ চৰকাৰে নির্ধাৰণ কৰি দিয়া আয়কৰ নিদিয়ে বুলি উভতি ধৰিছে৷ খনি কোম্পানি, বান্ধ নির্মাণ কৰা কোম্পানি, কর্প’ৰেট, ফিউচাৰ ট্রেডিং সংস্থাসমূহে মিলি ৰাইজৰ অধিকাৰ মাটিত মিহলি কৰিছে৷ কিন্তু এনৰেগা, মধ্যাহ্ন ভোজন আঁচনি, খাদ্য সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে এচাম যিমান সোচ্চাৰ, বিপৰীতে এইসমূহ সমাজ-বিৰোধী কোম্পানিৰ বিৰুদ্ধে অধিকাংশ মধ্যবিত্ত নীৰৱ-নিমাত৷ প্রস্তাৱিত বাথিন্দা শোধনাগাৰত বিনিয়োগৰ বাবে তীখা সম্রাট লক্ষ্মী মিট্টালক কেন্দ্রত থকা পূর্বৰ কংগ্রেছ চৰকাৰে সুদবিহীনভাৱে ১২৫০ কোটি টকাৰ ঋণ আগ বঢ়াইছিল৷ আনহাতে, গুজৰাটৰ বিজেপি চৰকাৰে (নৰেন্দ্র মোডী মুখ্যমন্ত্রী থকা সময়ত) টাটাৰ কাৰখানা নির্মাণ কৰিবলৈ ৰতন টাটাক পানীৰ দামত মাটি বিক্রী কৰাৰ লগতে ০.৫ সুদত ঋণো আগ বঢ়াইছিল৷ দেশৰ এই দুটা বৃহৎ ৰাজনৈতিক দলে কৃষক-শ্রমিক বিৰোধী নীতি লোৱাৰ লগতে সদায় বৃহৎ পুঁজিপতিৰ স্বার্থতে কাম কৰি অহাটো পৰিলক্ষিত হয়৷

নব্য উদাৰ অর্থনীতিয়ে কেৱল কৃষক সমাজকে নহয়, মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্তকো ই নিজৰ স্বার্থৰ বলিশাললৈ টানি নিছে৷ এই পৰিস্থিতিৰপৰা উদ্ধাৰৰ বাবে এই সমূহ শ্রেণীয়ে একেলগে নব্য উদাৰ অর্থনীতিৰ বিৰুদ্ধে নিজৰ সংগ্রাম আগুৱাই নিব লাগিব৷

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি চ’ৰাৰ সম্পাদকীয় (ত্রিদীৱ নীলিম দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *