অতিথি সম্পাদকৰ কলম-(ভাৰ্গৱ বৰঠাকুৰ)

প্ৰাচীন কালত বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া আছিল ৷ জ্ঞান-বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বেবিলন, মিছৰ, চীন আদি ঠাইসমূহৰ দৰে ভাৰতৰো আছে এটা সোণালী ইতিহাস ৷ প্ৰত্যক্ষ প্ৰমাণ যে মৌলিক বিজ্ঞানচৰ্চাৰ মূল ভিত্তি আৰু পৰীক্ষা তথা পৰ্যবেক্ষণৰদ্বাৰা সেই প্ৰত্যক্ষ প্ৰমাণ সংগ্ৰহ কৰাটো যে আমাৰ ঐতিহ্য আছিল সেই কথা প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ দৰে বিশিষ্ট চিন্তাবিদেই কৈ গৈছে ৷ সেই প্ৰাচীন ভাৰতীয় বিজ্ঞানচৰ্চাৰ ইতিহাসৰ অনুসন্ধান বহুলাংশে কৰা হৈছে যদিও বিভিন্ন সময়ত অতিৰঞ্জিত ছবি, ধৰ্মান্ধ চিন্তা তথা অন্ধ অতীত-প্ৰেমৰ ভাবাৱেগৰ সংমিশ্ৰণে প্ৰকৃত বিজ্ঞানচৰ্চাৰ ছবিখন  বিকৃত কৰাৰ লগতে  পুনৰ বিভিন্ন বিতৰ্কৰ আৰম্ভ হৈছে ৷ শাসকীয় পক্ষই  বিজ্ঞান শিক্ষা-গৱেষণাৰ প্ৰতি জনসাধাৰণক উৎসাহিত কৰাৰ নামত  প্ৰাচীন ভাৰতৰ  বৈজ্ঞানিক সাফল্য/শ্ৰেষ্ঠতা প্ৰয়াসৰ অতিৰঞ্জিত ছবি প্ৰচাৰ কৰাত জন্ম হৈছে শ্ৰুতিমধুৰ অতিকথাৰো ৷ এনেধৰণৰ অতীতৰ গৌৰৱময় কথা আৰু ঘটনাই  মানুহক কিছু পৰিমাণে  উৎসাহিত কৰিব ঠিকেই ৷ কিন্তু প্ৰাচীন ভাৰতৰ প্ৰত্যক্ষ প্ৰমাণ আৰু পৰ্যবেক্ষণৰ যি বস্তুবাদী দৰ্শন তাক একাষৰীয়া কৰি, উৎসাহিত কৰাৰ নামত কেৱল আৱেগ মিশ্ৰিত অতিকথাৰে  এইক্ষেত্ৰত বিশেষ সফলতা সাধিব নোৱাৰে ৷ তদুপৰি এনেধৰণৰ অতিৰঞ্জিত অতিকথা প্ৰচাৰৰ আঁৰত থাকে সুবিধাবাদীৰ ধৰ্মান্ধ চিন্তা তথা সাম্প্ৰদায়িক ৰাজনীতি ৷

প্ৰাচীন ভাৰতৰ বিজ্ঞানে এক সুকীয়া ৰূপ পাইছিল বৈদিক যুগত ৷ আৰ্যসকলৰ চিন্তা, ধৰ্মীয় ভাবনা আৰু প্ৰথাবোৰ সূক্তৰ আধাৰত চাৰিখন বেদত সংকলিত কৰা হৈছিল ৷ সমান্তৰালকৈ গণিত চৰ্চাৰ ক্ষেত্ৰতো প্ৰাচীন ভাৰতৰ আছে এক গুৰুত্বপূৰ্ণ অৱদান  ৷ বৈদিক যুগৰ হিন্দুসকলে মিছৰীয়সকলৰ দৰেই ডাঙৰ ডাঙৰ সংখ্যাৰ কল্পনা কৰিব পাৰিছিল আৰু সেইবোৰৰ দহৰ গুণিতকৰ মাজৰ সংখ্যাবোৰ পাবলৈ ভাৰতত যোগ আৰু বিয়োগ প্ৰক্ৰিয়াৰ প্ৰকাশ দেখা যায় ৷ যেনে : সপ্তবিংশতি (২০+৭) বা সাতাইছ৷ একোণ ত্ৰিণশত (৩০-১) বা ঊনত্ৰিশ ৷ প্ৰাচীন ভাৰতৰ গণিতজ্ঞসকলৰ দুটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হ'ল দশমিক অংক পতাৰ পদ্ধতি আৰু শূন্যৰ আৱিষ্কাৰ ৷ বিশ্বৰ বিজ্ঞানৰ ইতিহাসত গণিতৰ এই দুটা আৱিষ্কাৰ চিৰকাল স্মৰণীয় হৈ ৰ’ব ৷ সেই সময়ত এই দুটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰে গণিত আৰু জ্যোতিষ চৰ্চাৰ পথ সুগম কৰিছিল ৷ সেই পথৰে পথিক আছিল আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰক্ষ্মগুপ্ত,  শ্ৰীধৰ আচাৰ্য, ভাস্কৰ আদিৰ দৰে বিশ্ববিশ্ৰুত গণিতজ্ঞ৷ ইয়াৰ উপৰিও বিশ্বগণিতত ত্ৰিকোণমিতি আৰু তাৰ চাইন, কোচাইন আদি বহুতো গুৰুত্বপূৰ্ণ অৱদান আছিল প্ৰাচীন ভাৰতীয় গণিতজ্ঞসকলৰ ৷ প্ৰাচীন গণিতচৰ্চাৰ  অন্যতম প্ৰদৰ্শক “ভাস্কৰ”ৰ  গণিত চৰ্চাৰ প্ৰতি পাঠকক আৰ্কষণ কৰাৰ যি কাব্যিক কৌশল সেয়া তেওঁৰ  “লীলাৱতী” নামৰ গ্ৰন্থখনত দেখা যায়৷ তেনে এটা উদাহৰণ কাব্যিক আকাৰে উপস্হাপন কৰা গণিতৰ এই প্ৰশ্নটোৰপৰাই পাব পাৰি—

“The square root of half the total number of a swarm of bees went to a malati tree, followed by another eight ninth of the total. One bee was trapped inside a lotus flower, while his mate came humming in response to his call.

O lady, tell me how many bee were there in all?”

দ্বিঘাত সমীকৰণেৰে সমাধান কৰিলে ইয়াৰ উত্তৰ হ'ব বাসত্তৰ (৭২)৷ ৷ গতিকে এনেসমূহ উদাহৰণৰপৰাই দেখা যায় সেই সময়ৰ ভাৰতীয়ৰ প্ৰচণ্ড প্ৰগতিশীল চিন্তাধাৰাক ৷

জ্যোতিৰ্বিদ্যাৰ চৰ্চাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতীয়সকলে উল্লেখযোগ্য অৱদান দি থৈ গৈছে ৷ সেই সময়ৰ জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত যিমানখিনি জানিছিল সেই হিচাপতেই পৰ্যবেক্ষণ কৰিব চেষ্টা কৰিছিল ৷ সেই সময়ত মানুহে খাদ্য উৎপাদনৰ বাবে কৃষিকাৰ্যত মনোনিবেশ কৰিছিল আৰু তেতিয়াৰপৰাই সময় আৰু ঋতুৰ জ্ঞান মানুহৰ বাবে অতিকৈ প্ৰয়োজন হৈছিল ৷ যাৰ বাবেই চন্দ্ৰ আৰু সূৰ্যৰ গতি আৰু অৱস্হানৰ ওপৰত নিৰ্ভৰ কৰি সময় আৰু ঋতু সম্পৰ্কীয় কথাবোৰ জানিবলৈ চেষ্টা কৰিছিল ৷ কিছু ক্ষেত্ৰত সফলতাও লাভ কৰিছিল ৷ ক্ৰমান্বয়ে ধাৰণা কৰিবলৈ লৈছিল – খালী চকুৰে আকাশত দেখা তৰাবোৰ এটা গোলকৰ ভিতৰত আবদ্ধ ৷ আৰু এই গোলকৰ এটা অংশত থাকি সূৰ্য,চন্দ্ৰ আৰু আন গ্ৰহবোৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে ৷ পৰৱৰ্তী কালত ইয়াৰ নাম ৰাশিচক্ৰ দিয়া হৈছিল ৷ তেওঁলোকৰ মূল উদ্দেশ্য আছিল ক্ৰান্তিবৃত্তৰ ওপৰত আৰু তলত সূৰ্য, চন্দ্ৰ আৰু গ্ৰহ-নক্ষত্ৰৰ গতিবিধি ভালকৈ বুজি তাৰ ভিত্তিত পঞ্জিকা তৈয়াৰ কৰা ৷ প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিদ্যা চৰ্চাৰ উৎসগ্ৰন্থ হ'ল বেদাংগ জ্যোতিষ (খ্ৰীষ্টপূৰ্ব ৬০০ৰপৰা ২০০ খ্ৰীষ্টপূৰ্ব)  ৷ ইয়াত এক বছৰত পূৰ্বৰ ৩৬০ দিনৰ হিচাপ বাদ দি ৩৬৬ দিনলৈ অনা হৈছে ৷ গ্ৰহ আৰু নক্ষত্ৰ যে একে নহয় সেয়া বেদাংগ জ্যোতিষত অনুভূত হোৱা দেখা যায় ৷ কিন্তু দেখা যায় ঋকবেদৰ জ্যোতিৰ্বৈজ্ঞানিক ধাৰণা স্হূল হ'লেও তাত জ্যোতিষীক প্ৰক্ষেপ কৰা নাই ৷ অৰ্থাৎ মানুহৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ থাকে আৰু সেইবোৰে মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰাৰ দৰে বিশ্বাস ঋক-যজু-সাম বেদত নাই ৷ গৱেষকসকলৰ মতে গ্ৰহ-গতিৰ সহায়ত মানুহৰ ভাগ্য নিৰ্ণয় কৰা পদ্ধতি প্ৰাচীন গ্ৰীচত আৰম্ভ হয় আৰু তাৰপৰা মধ্যপ্ৰাচ্য আৰু ভাৰতলৈ বিয়পি পৰে ৷ গতিকে তথাকথিত বৈদিক জ্যোতিষৰ কোনো যুক্তিযুক্ততা নাই ৷ প্ৰাচীন ভাৰতীয়ৰ গণিতৰ অৱদানে জ্যোতিষচৰ্চাৰ পথ মুকলি কৰিছিল সঁচা ৷ যিয়ে গ্ৰহ-নক্ষত্ৰৰ গণনা আদিক সহায় কৰিছিল ৷ অৰ্থাৎ জ্যোতিষশাস্ত্ৰই চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, গ্ৰহ-নক্ষত্ৰৰ অৱস্হান বহুলাংশে শুদ্ধ ৰূপত দিব পাৰে বা পঞ্জিকাৰূপে প্ৰকাশ কৰিব পাৰে ৷ যাৰ বাবে আজিৰ অধিকাংশ মানুহেই জ্যোতিষশাস্ত্ৰক বিজ্ঞানৰূপে বিবেচনা কৰিব বিচাৰে ৷ জ্যোতিষশাস্ত্ৰক বিজ্ঞানৰ লেবেল লগাই ব্যৱসায়িক প্ৰচাৰ কৰাও দেখা যায় ৷ কিন্তু এই বিষয়ে গৱেষণা কৰা বিশিষ্ট জ্যোতিৰ্বিজ্ঞানী তথা লেখক জয়ন্ত ভি নাৰ্লিকাৰে কৈছে : ”India is a curious mixture of scientific advance and deeply ingrained superstitions. Scientists have tested astrology in many different ways and found it devoid of any scientific basis. …” বিশেষকৈ এচাম ইলেক্ট্ৰনিক মিডিয়াই  গ্ৰহণৰ দৰে মহাজাগতিক পৰিঘটনা সন্দৰ্ভত একেখন মঞ্চতে জ্যোতিষী আৰু বিজ্ঞানীক বহুৱাই যিধৰণৰ তৰ্ক-যুদ্ধত লিপ্ত কৰাই, এনে পৰিবেশে সাধাৰণ মানুহৰ মনত বিভ্ৰান্তিৰহে সৃষ্টি কৰে৷ কিন্তু আমি এইখিনিতে স্পষ্ট হোৱা দৰকাৰ যে প্ৰাচীন কালত ভাৰতৰ গণিত চৰ্চাৰ অগ্ৰগতিয়ে জ্যোতিষচৰ্চাৰ দিশে সেই সময়ৰ অনুসন্ধিৎসু মানুহক উৎসাহিত কৰিছিল ঠিকেই, কিন্তু প্ৰাচীন জ্যোতিষচৰ্চাত গণিতৰ ব্যৱহাৰ মানেই আমি জ্যোতিষশাস্ত্ৰক ‘জ্যোতিৰ্বিজ্ঞান” বুলি ক'ব নোৱাৰো ৷ জ্যোতিষশাস্ত্ৰ (Astrology) আৰু জ্যোতিৰ্বিজ্ঞান (Astronomy) দুটা সম্পূৰ্ণ বেলেগ বিষয় ৷ 'জ্যোতিৰ্বিজ্ঞান' এইবাবেই কোৱা হয় কাৰণ ইয়াত তথ্য-প্ৰমাণ, পৰীক্ষা, যুক্তি আৰু পৰ্যবেক্ষণৰ জৰিয়তে বস্তুনিষ্ঠভাৱে সত্যৰ স্বৰূপ অনুধাৱন কৰা হয়৷  কিন্তু জ্যোতিষশাস্ত্ৰত তেনেধৰণৰ তথ্য-প্ৰমাণ, প্ৰণালীবদ্ধ পৰ্যবেক্ষণৰ কোনো স্হান নাই ৷ সেইহে জ্যোতিষশাস্ত্ৰ সম্পৰ্কত বিজ্ঞানী নাৰ্লিকাৰে কৈছে : “Astronomy follows the rigorous discipline of science but astrology does not. There is no unique set of basic rules for astrology or a logical set of rules for interpreting data that is fully objective and independent of a specific astrologer…”

তথাপিও পুৰণি ঐতিহ্যক 'বিজ্ঞানৰ লেবেল' লগোৱাৰ আবেগিক যুদ্ধত জ্যোতিষশাস্ত্ৰক “জ্যোতিৰ্বিজ্ঞান” বুলি বৈধতা প্ৰদান কৰি UGCৰ অন্তৰ্ভুক্ত কৰা হৈছিল যাৰ বাবেই হিন্দুত্ববাদী চৰকাৰখন বিজ্ঞানী, যুক্তিবাদীসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ জ্যোতিষশাস্ত্ৰ (Astrology)ৰ দৰে গ্ৰহ-নক্ষত্ৰই মানুহৰ সামগ্ৰিক জীৱন নিৰ্ণয়-নিয়ন্ত্ৰণ কৰাৰ যি বিজ্ঞান-বৰ্হিভূত উদ্ভৱ তত্ত্ব তাৰ সৈতে জ্যোতিৰ্বিজ্ঞানৰ কোনো সম্বন্ধ নাই ৷ কেৱল জ্যোতিষেই নহয়, বিভিন্ন সময়ত হিন্দুত্ববাদীসকলে বিভিন্ন ৰাজহুৱা স্হানত প্ৰায়ে দাবী কৰে  যে প্ৰাচীন ভাৰতত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ঋষি কানাডে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ দৰে সন্মানীয় ব্যক্তিয়েও বিশ্বাস কৰে যে মহাভাৰতৰ কৰ্ণ মাকৰ গৰ্ভৰপৰা জন্ম নোহোৱা অথবা গণেশৰ মূৰটো হাতীৰ মূৰ হোৱাৰ কাহিনীটোৱে প্ৰমাণ কৰে যে হাজাৰ বছৰৰ আগতেই প্ৰাচীন ভাৰতত জেনেটিকছ বা প্লাষ্টিক ছাৰ্জাৰিৰ গৱেষণা আছিল ৷ তদুপৰি ৰামায়ণত বৰ্ণিত “পুস্পক ৰথ”ৰ কাহিনীটোৰে কিছুসংখ্যকে দাবী কৰিব বিচাৰে যে প্ৰাচীন ভাৰতত উৰাজাহাজৰ আৱিষ্কাৰ হৈছিল ৷ শেহতীয়াকৈ ৰামায়ণৰ কাল্পনিক কাহিনীৰপৰা সীতা প্ৰথম ভাৰতৰ 'টেষ্ট টিউব' বেবিৰূপে প্ৰচাৰ কৰাও দেখা গৈছে৷ পৌৰাণিক আখ্যানৰ কাহিনীবোৰত বৈজ্ঞানিক বৈধতা প্ৰদান কৰিবলৈ যোৱা চেষ্টাই স্বাভাৱিকতেই বিজ্ঞানী তথা যুক্তিবাদী মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ বৈজ্ঞানিক গৱেষণাক ত্বৰান্বিত কৰাৰ নামত এনেধৰণৰ অবৈজ্ঞানিক চিন্তা-চৰ্চাৰ বিৰুদ্ধে বিজ্ঞানীসকলৰ অভিমত হ'ল কৰ্ণৰ জন্ম, গণেশৰ মূৰ অথবা 'পুস্পক ৰথ' আদি বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত সত্য নহয় ৷ এনেদৰে বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত নোহোৱা সত্যক কেৱল ধৰ্মৰ স্বাৰ্থত বা ধৰ্মীয় ৰাজনীতিৰ স্বাৰ্থত প্ৰচাৰ  কৰি থাকিলে  দেশৰ কোনো বৈজ্ঞানিক প্ৰগতি নহয়, বাঢ়িব কেৱল ধৰ্মান্ধ চিন্তা৷ যাৰ সুবিধা আদায় কৰিব পাৰিব হিন্দুত্ববাদী শাসকীয় পক্ষই ৷  সেইহে দেশৰ বিশিষ্ট জ্যোতিপদাৰ্থবিজ্ঞানী জয়ন্ত নাৰ্লিকাৰে কৈছে – “ প্ৰাচীন ভাৰতীয় বিজ্ঞানক লৈ গৌৰৱ কৰাটো ভাল, কিন্তু ‘বৈজ্ঞানিক'ভাৱে প্ৰমাণিত আৰু প্ৰতিষ্ঠিত নোহোৱা কথাৰ ওপৰত বিশ্বাস স্হাপন কৰাটো ভুল কথা ৷ পশ্চিমৰ উন্নত দেশবোৰত ভাৰতীয় গণিত বিষয়ক জ্ঞানক সমীহ কৰে, কিন্তু আমি যদি  এনেকুৱা উদ্ভট কথাবিলাক দাবী কৰিবলৈ চেষ্টা কৰোঁ, বৈজ্ঞানিক মহলত আমাৰ সন্মান লাঘৱ হ'ব ৷”

কেৱল ৰসায়নবিজ্ঞান, পদাৰ্থবিজ্ঞান, গণিত, জ্যোতিৰ্বিজ্ঞানতেই নহয়,  জীৱবিজ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰতো প্ৰাচীন ভাৰতবৰ্ষ পিছ পৰি থকা নাছিল ৷ চৰক, চক্ৰপাণি, সুশ্ৰুত আদিৰ অৱদানৰ কথা আজি কোনে পাহৰিব পাৰে  ? প্ৰাচীন ভাৰতত শল্যচিকিৎসা আৰু প্লাষ্টিক ছাৰ্জাৰি বিদ্যাৰ চৰ্চাও জ্ঞান আছিল ৷ এই বিষয়ত ভাৰতবৰ্ষ আছিল অগ্ৰণী ৷ কিন্তু মানুহৰ ছিন্ন মূৰৰ ঠাইত পশুৰ ছিন্ন মূৰ লগোৱা বিদ্যা প্ৰচলন থকাৰ উদাহৰণ কেৱল প্ৰাচীন ভাৰততে নহয়, আধুনিক পৃথিৱীতো নাই ৷  এইসমূহ অদ্ভুত প্ৰচাৰে  নিঃসন্দেহে  এটা ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰে ৷ প্ৰশ্ন হয়, গণেশৰ বাহিৰে অন্য তেনে কোনো উদাহৰণ নাই কিয় প্ৰাচীন পুথিবোৰত,  শাস্ত্ৰত?  এই বিদ্যাৰ প্ৰয়োগ কেৱল মাত্ৰ এটাত আৰু এবাৰেই হৈছিল নেকি  ?

ষষ্ঠ খৃষ্টাব্দত সুশ্ৰুতে মানৱ দৰদৰদ্বাৰা উদ্বুদ্ধ হৈ শল্য চিকিৎসাত এক নতুন পদ্ধতিৰ সৃষ্টি কৰিছিল ৷ সেই সময়ত অপৰাধীক নাক কাটি দিয়াৰ দৰে বহুতো শাস্তি বিহা হৈছিল৷ সুশ্ৰুতে সেই সময়তেই তেওঁৰ তীক্ষ্ম বুদ্ধিমত্তাৰে  কপালৰ ছালৰে নাক তৈয়াৰ কৰা এটা পদ্ধতি উলিয়াইছিল ৷ সমগ্ৰ পৃথিৱীৰ ছাৰ্জনসকলে সুশ্ৰুতৰ এই পদ্ধতিক “Indian method of Rhinoplasty” বোলে ৷ কিন্তু সুশ্ৰুতৰ নাম উচ্চাৰণ নকৰি গণেশৰ শৰীৰত হাতীৰ মূৰ স্হাপনৰ কল্প কাহিনীৰ আধাৰত প্ৰাচীন ভাৰতৰ মাহাত্ম্য গোৱাটো আশ্চৰ্যকৰ ৷ প্ৰাচীন ঐতিহ্যত বৈজ্ঞানিক আৱিষ্কাৰ কৰাৰ যি অনুপ্ৰাণিত অভিলাষ তাৰপৰা পদাৰ্থবিজ্ঞানী মেঘনাদ সাহাও সাৰি যোৱা নাছিল ৷ সাহাৰ “আয়নিকৰণ তত্ত্ব”ক বেদৰেই উৎস হিচাপে প্ৰচাৰ কৰা হৈছিল ৷  সেইহে বিজ্ঞানী Spencer Weartৰ  সৈতে হোৱা সাক্ষাৎকাৰ এটাত ভাৰতীয়-আমেৰিকান বিজ্ঞানী সুব্ৰমনিয়াম চন্দ্ৰশেখৰে কৈছিল - “ ব্ৰক্ষ্মান্দ তত্ত্বৰ আধুনিক ধাৰণাবোৰ প্ৰাচীন হিন্দু সভ্যতাত আগৰেপৰাই আছিল - এনেধৰণৰ কথাবোৰ মই বিশ্বাস নকৰোঁ ৷ ধৰি লওঁ, ইংৰাজী বাক্য কেইটামানেৰে কোনো এক ধাৰণাৰ ওপৰত এফাঁকি লিখা হৈছে৷ এতিয়া কোনো প্ৰাচীন লিখনিৰ কেইটামান বাক্য যদি এই ফাঁকিটোৰ সৈতে ঘটনাক্ৰমে মিলি যায়, তাৰ অৰ্থ এইটো নহয় যে যিবিলাক চিন্তা-ধাৰণাৰ ওপৰত ভিত্তি কৰি এইবিলাক লিখা হৈছে, সেই চিন্তাবিলাকো একে ৷ মই সেইসকল মানুহৰ লগত একমত নহওঁ, যিসকলে তেওঁলোকৰ ধাৰণা বা বিশ্বাসক সাব্যস্ত কৰিবলৈ কোৰান, বাইবেল বা কোনো প্ৰাচীন ধৰ্মগ্ৰন্হ বিচাৰি ফুৰে ৷”

প্ৰাচীন ভাৰতৰ সংস্কৃতিতে আছিল প্ৰত্যক্ষপ্ৰিয়তা, পৰীক্ষা-নিৰীক্ষাৰদ্বাৰা সত্য উদ্ঘাটনৰ অন্যতম স্বীকৃত পথ ৷ এই সংস্কৃতিয়েই হ'ল ভাৰতৰ প্ৰকৃত বৈজ্ঞানিক ইতিহাসৰ বস্তুবাদী ধাৰা ৷ আনফালে, যুক্তি আৰু বিচাৰ-বিশ্লেষণক একাষৰীয়া কৰি কেৱল আধ্যাত্মিক উপলব্ধি আৰু বিশ্বাসৰ সংস্কৃতিয়েই হৈছে উপনিষদৰ ভাবনা তথা ভাববাদী দৰ্শনৰ উদাহৰণ৷ কেৱল ভাববাদী দৰ্শনকেই প্ৰাচীন ভাৰতৰ  শ্ৰেষ্ঠ দৰ্শন তথা একমাত্ৰ দৰ্শন হিচাপে প্ৰচাৰ কৰাৰ লগতে মানসিকভাৱে উৎসাহিত কৰাৰ কৌশল হিচাপেও প্ৰচাৰ কৰা দেখা গৈছে ৷

প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বৈজ্ঞানিক অৱদানসমূহৰ ভিতৰত অন্যতম চাৰ্বাক দৰ্শনৰ বস্তুবাদী ধাৰা ৷ চাৰ্বাক দৰ্শনৰ প্ৰত্যক্ষপৰায়ণতাৰ চিন্তা-ভাবনাই বৈজ্ঞানিক সত্যৰ অনুসন্ধানত বহুলাংশে সহায় কৰিছে ৷ ভাববাদী মহলে নানা ধৰণৰে এই বস্তুবাদী চিন্তাক খণ্ডন কৰিবৰ চেষ্টা কৰিছিল বুলি জনা যায় যিটো বৰ্তমানৰ সমাজব্যৱস্হাতো দেখা গৈছে ৷ বেদান্ত দৰ্শন আৰু মনুবাদী ৰীতি-নীতি ইমান প্ৰভাৱশালী আছিল যে সেই সময়ৰ প্ৰকৃতি অধ্যয়নৰ বহু পণ্ডিতে সমাজৰ ৰোষত পৰাৰ ভয়ত আপোচ-বুজাবুজিৰে চলিছিল ৷ উদাহৰণস্বৰূপে প্ৰাচীন ভাৰতীয় ঋষি কানাডে সকলো পদাৰ্থ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা/পৰমাণুৰে (Atoms) গঠিত বুলি এটা ধাৰণা আগ বঢ়াইছিল আৰু সেই ধাৰণাসমূহ প্ৰকাশ কৰিছিল তেওঁৰ “বৈশেষিক সূত্ৰ” নামৰ গ্ৰন্হখনত ৷ ডেম'ক্ৰিটাছ আৰু কানাডৰ এই ধাৰণা পৰমাণুৰ আধুনিক ধাৰণাৰ সৈতে একে নহয় যদিও সেই সময়ৰ পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত ই আছিল এক বৈজ্ঞানিক চিন্তা আৰু বাস্তৱ জগতৰ পৰ্যবেক্ষণৰ ভিত্তিত উপনীত হোৱা এক সিদ্ধান্ত ৷ কাৰণ সেই সময়ত সকলো বস্তু, পদাৰ্থ সৃষ্টিৰ কাৰণ ইশ্বৰ বুলি প্ৰচাৰিত ধাৰণাৰ বিৰুদ্ধে গৈ কানাডে এটা বস্তুবাদী ধাৰণাৰ জন্ম দিছিল যাৰ বাবে ভাববাদী মহলে তেওঁৰ তীব্ৰ বিৰোধিতা কৰাও দেখা যায় ৷

প্ৰাচীন ভাৰতৰ বৈজ্ঞানিক সংস্কৃতিক লৈ আমি সকলোৱে গৰ্ব কৰিব পাৰো ঠিকেই ৷ কিন্তু তাৰ পাছতো এটা প্ৰশ্নৰ উদ্ভৱ হয়, অতীতৰ এই  প্ৰতিশ্ৰুতিময় প্ৰকৃত বিজ্ঞান চৰ্চাৰ সোণালী অধ্যায় থকাৰ পাছতো ভাৰতবৰ্ষ ৰুদ্ধ হ'ল কিয় ? আজিও সমগ্ৰ পৃথিৱীক আলোড়ন সৃষ্টি কৰিব পৰা কোনো তাত্ত্বিক ধাৰণাৰ উদ্ভাৱন নোহোৱাটো চৰ্চাৰ বিষয় হৈছে ৷ বহু চিন্তাবিদ, বিজ্ঞানী এই বিষয় লৈ উদ্বিগ্ন৷ প্ৰাচীন ভাৰতৰ বিজ্ঞানচৰ্চাৰ সোণালী গতি স্তব্ধ হোৱাৰ  কাৰণ বিশ্লেষণ কৰিছিল ৰসায়নবিদ প্ৰফুল্ল চন্দ্ৰ ৰয়ে ৷ তেওঁ ' হিষ্ট্ৰি অব হিন্দু কেমেষ্ট্ৰি' নামৰ গ্ৰন্হখনত উল্লেখ কৰা প্ৰধান কাৰণ দুটা হ'ল - প্ৰচলিত বৰ্ণবাদী প্ৰথা আৰু শংকৰাচাৰ্যৰ মায়াবাদ ৷ বিজ্ঞানে যিহেতু প্ৰকৃতিজগতত বিদ্যমান অসীম ৰহস্যক উন্মুক্ত কৰাৰ কাম কৰে, কিন্তু মায়াবাদে প্ৰকৃতিজগতখন মায়া বা মিছা বুলি প্ৰতিপন্ন কৰিব বিচাৰে ৷ উদাহৰণস্বৰূপে আপেল গছৰপৰা মাটিত সৰি পৰাটো যদি মায়া বা ভ্ৰম হয়,  তেন্তে মহাকৰ্ষণ সূত্ৰৰ ধাৰণাটো আৱিষ্কাৰেই নহ'ল হয় ৷ সেয়ে মায়াবাদ বিজ্ঞানবিৰোধী ৷ প্ৰাচীন বস্তুবাদী দৰ্শনৰ বিপৰীতে অৱস্হান লৈ কাৰ্য-কাৰণ বিচাৰি উলিওৱাৰ বিৰোধী হৈ উঠিল ৷ ফলত বন্ধ হৈ পৰিল  প্ৰাচীন বিজ্ঞান চৰ্চাৰ ক্ৰমবৰ্ধমান ধাৰা আৰু ৰুদ্ধ হ'ল বস্তুবাদী দৰ্শনৰ আৱিষ্কাৰমুখী যাত্ৰা ৷

আজিৰ তথাকথিত দেশপ্ৰেমিকে সেই বিজ্ঞানবিৰোধী দৰ্শনকেই শক্তিশালী কৰিব বিচাৰিছে নেকি? ভাৰতবৰ্ষত প্ৰাচীন বিজ্ঞানৰ বিকাশত হিন্দু, জৈন, পাৰ্চি, গ্ৰীক, বৌদ্ধ আৰু চৈনিক সংমিশ্ৰণৰ যি বহুত্ববাদী সংস্কৃতি আছে তাক নস্যাৎ কৰি কেৱল বৈদিক আৰু সংস্কৃতভিত্তিক শাস্ত্ৰৰ শ্ৰেষ্ঠতা দেখুওৱাৰ লগতে সমগ্ৰ জ্ঞান-বিজ্ঞানৰ বিকাশ কেৱল বৈদিক যুগতেই হৈছিল বুলি প্ৰচাৰ কৰিব বিচাৰিছে ৷ য'ত যুক্তি-তথ্য, ঐতিহাসিক সত্য, বৈজ্ঞানিক প্ৰমাণৰ গুৰুত্ব অস্তিত্বহীন ৷ বৈজ্ঞানিক প্ৰমাণক বাদ দি কেৱল বিশ্বাসৰ ভিত্তিতেই এনে কৰাৰ ফলত প্ৰকৃত বিজ্ঞানচৰ্চাৰ বহু তথ্য আন্ধাৰত ৰৈ গৈছে আৰু জন্ম হৈছে কিছুমান শ্ৰুতিমধুৰ  অতিকথাৰ, লগতে বিকৃত হৈছে প্ৰাচীন ভাৰতৰ প্ৰকৃত বিজ্ঞানচৰ্চাৰ ৷

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি সম্পাদকৰ কলম-(ভাৰ্গৱ বৰঠাকুৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *