অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপঞ্চম সংখ্যা

অতিথি চ’ৰাৰ সম্পাদকৰ কলম – (সুশান্ত কৃষ্ণ শৰ্মা)

 

মানুহৰ মুক্তিৰ জয়গান গোৱা সাহিত্যৰ বিশেষ ধাৰাটোক সমৃদ্ধ কৰা এজন পৰিশ্ৰমী আৰু দায়বদ্ধ লেখক হৈছে প্ৰয়াত জেহিৰুল হুছেইন। জেহিৰুল হুছেইনৰ কলমেই আছিল তেওঁৰ জীৱন বীক্ষাক সমাজমুখী কৰাৰ এপাট আমোঘ অস্ত্ৰ। গোলাঘাটত জন্মগ্ৰহণ কৰা এইজন তীক্ষ্ণধী লেখকৰ সৃষ্টি অনুসৰি তেওঁৰ লেখাৰ আলোচনা-সমালোচনা সীমিত। শ্ৰমজীৱী জনসাধাৰণৰ দৃষ্টিকোণেৰে সাহিত্য সৃষ্টি কৰি তেওঁলোকক মুক্তিপথৰ সন্ধান দিব বিচৰা লেখক জেহিৰুল হুছেইনে কিন্তু ছিৰিয়াছ পঢ়ুৱৈসকলৰ মাজত দীৰ্ঘদিন ধৰি সমাদৰ লাভ কৰি আহিছে। জেহিৰুল হুছেইনে তেখেতৰ লেখক সত্তাৰে দেখিছিল ‘যক্ষ্মা’ মহামাৰীত আক্ৰান্ত সমাজখন আৰু দেখিছিল কেনেকৈ শ্ৰেণীবিভক্ত সমাজখন ‘ঘুণপোকে” ক্ৰমান্বয়ে খুলি খুলি খাইছে। প্ৰান্তীয় জীৱনবোৰত লুকাই থকা অভিনৱ অৰ্থ তেওঁ মাথোঁ একাগ্ৰতাৰে কলমেৰে নিগৰাইছিল, মিছিল এটাক জোঁৰ লৈ তেওঁ পথ দেখুৱাইছিল। জেহিৰুল হুছেইন আছিল ‘সাহিত্যও যে নিৰ্মাণ, পুনৰ নিৰ্মাণ’ সেই আদৰ্শত বিশ্বাসী। হুছেইনে নিজৰ বক্তব্যক শ্লোগান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ দায়বদ্ধতা সাহিত্য আৰু সমাজ উভয়ৰে প্ৰতি থকা বাবেই সেই উকমুকনিক কলাত্মক চিন্তাৰ ৰূপ দিলে। একাধাৰে এজন শক্তিশালী গল্পকাৰ, প্ৰবন্ধকাৰ, ব্যংগ লেখক, নাট্যকাৰ আৰু ঔপন্যাসিক হিচাপে তেওঁ সাহিত্যৰ প্ৰগতিশীল ধাৰাটোক সমৃদ্ধ কৰি থৈ গ’ল। উল্লেখযোগ্য যে তেখেতৰ সাহিত্যৰাজি বাস্তৱ জগতৰ এক প্ৰতিফলন। নিখুঁট চিনেমেটিক কায়দাৰে তেখেতে দুটামান বিশেষ গল্প লিখি থৈ গৈছে। শব্দৰ পৰিমিত প্ৰয়োগত সিদ্ধহস্ত লেখকজনক আমি এই সংখ্যাৰ ‘মুক্ত চিন্তা’ৰ অতিথি সম্পাদকৰ চ’ৰাত আলোচনালৈ আনিছোঁ। তেখেতৰ সাহিত্যৰাজিৰ পঠন আৰু আলোচনা সাম্প্ৰতিক সময়ত প্ৰাসংগিক বুলি গণ্য কৰা হৈছে। এখন ৰূপান্তৰকামী সমাজ গঢ়াৰ সপোনটো সাৰ্থক কৰাৰ বাবে জেহিৰুল হুছেইনৰ দৰে জন-চেতনাসমৃদ্ধ লেখাসমূহৰ ব্যাপক চৰ্চা হোৱাৰ প্ৰয়োজন। ‘মুক্ত চিন্তা’ ই-আলোচনীয়ে এই প্ৰচেষ্টা হাতত লৈছে। আমি আশা কৰিছোঁ, এইজন নীৰৱ সাহিত্যিকৰ সৃষ্টিৰাজিৰ মূল্য নতুন পাঠক সমাজে আদৰি ল’ব আৰু তেখেতৰ সৃষ্টিৰ চৰ্চা অনাগত দিনতো অব্যাহত থাকিব। জেহিৰুল হুছেইনৰ সৃষ্টিৰ স্মৃতিচাৰণ কৰা এই সংখ্যাৰ ‘অতিথি চ’ৰা’ক ভাব-ভাষা-ব্যঞ্জনাৰে সমৃদ্ধ কৰা বিশিষ্ট লেখক-লেখিকাসকলক আমাৰ তৰফৰপৰা কৃতজ্ঞতা জনালোঁ। লগতে ‘মুক্ত চিন্তা’ আলোচনীৰ সম্পাদনা সমিতিৰ সকলোকে সহায়-সহযোগিতাৰ বাবেও কৃতজ্ঞতা জনালোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *