অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ৰ আলোকত চৰ এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ কিছু সমস্যা (ৰত্না ভৰালী তালুকদাৰ)

অসমৰ বুকু ফালি পূৱৰ পৰা পশ্চিমলৈ বৈ থকা  চিৰপ্ৰৱহমান ব্ৰহ্মপুত্ৰৰ বুকুৰ চৰ এলেকাসমূহ অসমৰ ভৌগোলিক মানচিত্ৰৰ এক উল্লেখনীয় অংশ। অসমৰ মাটিকালিৰ প্ৰায় পাঁচ শতাংশ ঠাই আৱৰি আছে চৰ-চাপৰিসমূহে। এই চৰ আৰু চাপৰিসমূহ প্ৰায়েই নদীয়ে কঢ়িয়াই অনা গেদ পৰি সৃষ্টি হয় আৰু কাচিৎ কেতিয়াবা  কেতিয়াবা নদীৰ খহনীয়াই মূল ভূ-খণ্ডক বিচ্ছিন্ন কৰি গঢ় দিয়ে। অসমৰ প্ৰায় ২৩০০ গাৱঁৰ ২৫ লাখ লোকৰ বসতি স্থল এই চৰবোৰৰ প্ৰধান বৈশিষ্ট্য হৈছে সেইবোৰ ভংগুৰ, আৰু সেয়ে তাত বাস কৰা  লোকসকলৰ জীৱন প্ৰণালীও অস্থায়ী। এটা চৰ ভাঙিলে সেই চৰৰ মানুহ উঠি গৈ আন এটা চৰত বহেগৈ। স্বভাৱকিতেই এই কথা অনুমান কৰিব পাৰি যে, আটাইতকৈ দৰিদ্ৰতম অংশৰ লোকসকলেই  চৰত বাস কৰে। ধুবুৰী জিলাৰ চলাকুৰা  নামৰ চৰত  ৪৩ বছৰীয়া লোক এজনে  ১৫ বাৰ ঘৰ সলাবলগীয়া হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। খেয়ালী নদীৰ গঢ়া  আৰু ভঙাৰ খেলৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ জীৱন। পূৰ্বে এই লোকসকলৰ জনসংখ্যা কম হোৱাৰ বাবে নদীৰ বুকুত  চৰ পৰিলে কিছুবছৰ ধৰি ছন পৰাৰ পিছতহে তাত মানুহ বহিছিলগৈ, যদিও বৰ্তমানৰ জনসংখ্যাৰ বৃদ্ধিৰ ফলত  কোনো ঠাইত চৰ ভাঙিলে আন এটা ঠাইত নতুন চৰ সৃষ্টি  হোৱাৰ   লগে-লগে চৰ ভঙা এলেকাৰ মানুহ গৈ সেই নতুন  চৰত বহেগৈ। চৰত বাস কৰা প্ৰায় ৯০ শতাংশ লোকেই সংখ্যালঘূ  মুছলমান সম্প্ৰদায়ৰ, যিসকলক সততে  ‘বাংলাদেশী  অনুপ্ৰৱেশকাৰী' বুলি সন্দেহৰ চকুৰে চোৱা হয়। জীৱনৰ অনিশ্চয়তা তথা জীৱন-জীৱিকাৰ হাহাকাৰ তেঁওলোকৰ প্ৰধান সমস্যা।

চৰ এলেকাৰ লোকসকলৰ  আৰ্থ-সামাজিক অৱস্থাৰ এখন বাস্তৱ  ছবি দেখিবলৈ পোৱা যায় অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪-ৰ মাজত। এই প্ৰতিবেদন অনুসৰি চৰ এলেকাত বাস কৰা লোকসকলৰ মানৱ উন্নয়ন সুচাংকসমূহ ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ পিচপৰা। তেঁওলোকে মূলতঃ  কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে যদিও তেঁওলোকৰ ৫০.৬ শতংশ লোকৰ কৃষিভূমি নাই। তেওঁলোকৰ ৪২.৪ শতাংশ লোকে অস্থায়ী শ্ৰমিক  হিচাপে,  ৩৩.৪   শতাংশই কৃষি কৰ্মৰ মাজেৰে,  ১৬.৩ শতাংশই স্ব-নিয়োজনৰ মাজেৰে আৰু মাত্ৰ ৮.১ শতাংশইহে নিয়মিতভাৱে দৰমহা পোৱা কাম কৰে। চৰ এলেকাৰ লোকসকল কৃষিজীৱি যদিও  এই প্ৰতিবেদন অনুসৰি  চৰ এলেকাত বাস  কৰা ৬৯.৮ শতাংশ লোকৰ কৃষি সম্পত্তি,  ৩৬ শতাংশ লোকৰ যাতায়তজনিত সম্পত্তি আৰু  ৯১ শতাংশ লোকৰ  ঘৰুৱা  সামগ্ৰী সম্পৰ্কীয় কোনোধৰণৰ সম্পত্তি নাই। ৰাজ্যখনৰ সামগ্ৰীক দৰিদ্ৰতাৰ হাৰ ৩৭.৫ শতাংশৰ বিপৰীতে চৰ এলেকাৰ দৰিদ্ৰতাৰ হাৰ ৪২. ৬ শতাংশ। অৱশ্যে পাহাৰীয়া জিলাদুখনত  দৰিদ্ৰতাৰ হাৰ ইয়াতকৈও বেছি- ৪৪.৭ শতাংশ। চৰ এলেকাৰ শৌচালয় নথকা ঘৰৰ শতকৰা হাৰ ৮৪ শতাংশ। মাত্ৰ ৪৮ শতাংশ গৰ্ভৱতী মাতৃয়েহে চিকিৎসালয়লৈ আহি সন্তান জন্ম দিয়ে।

এই কথা স্পষ্ট যে, এনে নিম্ন আৰ্থ-সামাজিক  অৱস্থাৰ প্ৰতিফলন স্বভাৱিকতেই শিক্ষাৰ ওপৰত পৰে আৰু  মানৱ উন্নয়ন প্ৰতিবেদনত সেই  কথাও স্পষ্ট  হৈ পৰিছে। এই  প্ৰতিবেদন  অনুসৰি চৰ অঞ্চলৰ শিক্ষাৰ হাৰ সকলো স্তৰতে ৰাজ্যৰ সকলো অংশতকৈ পিচপৰা। ৭ বছৰ বয়সসীমাত সমগ্ৰ ৰাজ্যত শিক্ষিতৰ হাৰ ৮২.৩০ৰ  বিপৰীতে চৰ এলেকাত ৭৫। সেইদৰে ১৫ বছৰ বয়সসীমাত সমগ্ৰ ৰাজ্যৰ ৭৮.২১ বিপৰীতে চৰ এলেকাত ৬৭.৪। ১৮ বছৰ বয়সসীমাত সমগ্ৰ ৰাজ্যৰ শিক্ষিতৰ হাৰ  ৭৬.৬-ৰ  বিপৰীতে চৰ এলেকাত ৬৫। ২৪ বছৰ বয়সসীমাত সমগ্ৰ ৰাজ্যৰ শিক্ষিতৰ হাৰ ৭২.৬ আৰু চৰ এলেকাত ৫৯.৫।

প্ৰতিবেদনত আকৌ প্ৰকাশ কৰা হৈছে যে, চৰ এলেকাত ৬-১৬ বছৰ বয়সসীমাৰ যিসকল শিশুৱে বিদ্যালয় ত্যাগ কৰে, তেওঁলোকৰ ৩৫.৮৩ শতাংশই পৰিয়ালৰ কাম-কাজত সহায় কৰিবৰ বাবে, ২৯.৮৩ শতাংশই  বিদ্যালয়ৰ প্ৰতি কোনো আকৰ্ষণ অনুভৱ নকৰাৰ বাবে, ১৩.৫১ শতাংশই ঘৰত কাম কৰিবৰ বাবে, ৮.০৭ শতাংশই পৰীক্ষাৰ ব্যৰ্থতাৰ বাবে, ৪.১৩ শতাংশই সামৰ্থ নথকাৰ বাবে,  ২.৮১ শতাংশই বিদ্যালয়  দূৰৈত  অৱস্থিত হোৱাৰ  বাবে আৰু ১.১৩ শতাংশই স্বাস্থ্য  বেয়া বাবে বিদ্যালয় ত্যাগ কৰে।

মানৱ উন্নয়ন প্ৰতিবেদনে  অৱশ্যে  ছাত্ৰীসকলৰ সমস্যাৰ সন্দৰ্ভত সুকীয়াকৈ তথ্য দাঙি ধৰা নাই যদিও  সামগ্ৰীক আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ লগতে শিক্ষাৰ সামগ্ৰীক ছবিখনলৈ চাই এই এলেকাৰ  ছাত্ৰীসকলৰ অৱস্থাৰ বিষয়ে বহুতো কথাই গম পাব পাৰি। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত বিশেষকৈ আৰ্থ-সামাজিকভাৱে সম্প্ৰদায়ৰ লোকসকলৰ  প্ৰায়বোৰ সমস্যাৰ দুৰ্ভোগ ভোগ কৰিবলগীয়া  হয় নাৰীসকলে। মানৱ উন্নয়ন প্ৰতিবেদনৰ এটি তথ্যত প্ৰকাশ যে,  অসমত ৬ -১৬ বছৰ বয়সসীমা যিসকল শিশুৱে বিভিন্ন কাৰণত বিদ্যালয় এৰি দিছে, তেওঁলোকৰ ভিতৰত মুছলমান ধৰ্মৰ লোকসকলৰ  ২.১৭ শতাংশই  ‘বিয়া হবৰ বাবে' বিদ্যালয় ত্যাগ কৰে। এই তথ্য এই বাবেই এই  নিবন্ধত  সন্নিবিষ্ট কৰা  হৈছে যে, চৰ এলেকাত বাস কৰা লোকসকলৰ ৯০ শতাংশৰো অধিক মুছলমান ধৰ্মাৱলম্বী লোক। অৰ্থনৈতিক দুৰৱস্থাৰ বাবেই তেওঁলোক পঢ়া-শুনাত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰাৰ বিপৰীতে সোনকালে  বিয়াত বহাৰ  ওপৰত জোৰ দিয়া হয়। অৱশ্যে বিদ্যালয়ৰ অভাৱো ইয়াৰ অন্যতম কাৰণ। সাধাৰণতে চৰ একোটাত থকা বিদ্যালয়ত সপ্তমমানলৈকে পাঠদান কৰা হয়। ইয়াৰ পিছত পঢ়া-শুনা কৰিবৰ বাবে তেঁওলোকে চৰৰপৰা নদী পাৰ হৈ পাৰত থকা বিদ্যালয়লৈ আহিব লাগে। এনেদৰে নদী পাৰ  হৈ আহোঁতে নাৱত প্ৰতিদিনে অন্ততঃ ২০টকাকৈ ভাৰা দিবলগীয়া হয়। সাধাৰণতে  চৰকাৰী নাৱৰ ব্যৱস্থা নথকা চৰবোৰত মেছিন লগোৱা খোলা নাৱতে ৰ'দে-ব'ৰষুণে তেওঁলোকে অহা-যোৱা কৰে। তদুপৰি চৰৰ নাৱৰ ঘাটলৈ খোজকাঢ়ি অহাৰ লগতে পাৰতো বিদ্যালয়লৈ খোজকাঢ়ি আহিবলগীয়া হয়। জীৱন-জীৱিকাৰ  হাহাকাৰৰ বাবে অতি দৰিদ্ৰ পৰিয়ালৰ কন্যাসন্তান এগৰাকীয়ে নিজে মানসিকভাৱে যথেষ্ট পৰিমাণে শক্তিশালী ন'হলে এনেদৰে পঢ়া-শুনা আগবঢ়াই নিয়াতো একপ্ৰকাৰ অসম্ভৱ কথা হৈ পৰে।ইয়াৰ লগতে কিশোৰী এগৰাকীৰ মাহেকীয়া ঋতুস্ৰাৱ, অপুষ্টিজনতি সমস্যা, ৰক্তহীনতাৰ দৰে বিষয়বোৰো জড়িত হৈ থাকে। এনে বহুতো সমস্যাৰে ভাৰাক্ৰান্ত ছাত্ৰীসকলে গুণগত শিক্ষাৰ কথা বাদেই, তেঁওলোকে  বিদ্যালয় এখনলৈ অহা-যোৱা কৰাটোৱেই অন্যতম কৃতিত্ব বুলি কব লাগিব।

এনেদৰে  এশ এবুৰি সমস্যাৰ মাজত বিদ্যালয়লৈ অহা-যোৱা কৰি সন্ধিয়া পঢ়া-শুনা কৰাটোও তেওঁলোকৰ বাবে আন এক সমস্যা হৈ পৰে। কিয়নো চৰত বিজুলী সংযোগ নাই আৰু প্ৰতি লিটাৰ কেৰাছিন তেলৰ বাবে তেওঁলোকে বজাৰত  ৩৫ টকাৰ পৰা ৪০ টকালৈকে ভৰিবলগীয়া হয়। বৰ্তমানে অতিশয় উদ্যমী কোনো কোনো চৰৰ বাসিন্দাই  নিজৰ ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰি লৈছে। অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ অনসৰি চৰ এলেকাৰ প্ৰতি পৰিয়ালৰ  বাৰ্ষিক জনমুৰি আয় মাত্ৰ ২১,৫১৬ টকা। এই পৰিমাণৰ  আয়েৰে পৰিয়াল এটাই  অতবোৰ  প্ৰত্যাহ্বান  সমুখত লৈ  নিজৰ কন্যাসন্তানক পঢ়া-শুনাৰ দিশেৰে কেনেদৰে ধাবিত কৰিব- সেয়াও এক গভীৰ চিন্তাৰ বিষয়। সেয়েহে ১৪-১৫ বছৰমান বয়স হওতেই বেছিভাগ পিতৃ-মাতৃয়ে নিজৰ কন্যাসন্তানক যিকোনো প্ৰকাৰে বিয়া দি  উলিয়াই  দিয়াৰ প্ৰৱণতা  দেখা যায়।  অতি দৰিদ্ৰ  হোৱাৰ বাবে আৰু সমাজৰ মূলসুঁতিত বাস কৰিবলৈ সুবিধা নোপোৱাৰ বাবে তেওঁলোকৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ধাৰণা বিয়পাই দিয়াটোও সহজ। ইয়াৰ বিপৰীতে চৰৰ বহুতো ছাত্ৰীয়ে নানাধৰণৰ কাম-কাজ কৰি নিজৰ পঢ়া-শুনাৰ খৰছ  নিজেই  উলিয়াই লোৱাও দেখা যায়।

চৰত বাস কৰা ছাত্ৰসকলৰ সমস্যাবোৰ সঁচাকৈয়ে  অতিশয় স্পৰ্শকাতৰ বাবে তেওঁলোকৰ বিষয়বোৰক লৈ বিশেষভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। চৰৰ ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে উৎসাহিত কৰিবলৈ বিশেষ জলপানিৰ ব্যৱস্থা কৰা, বিনামূলীয়া ছেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰা, তেওঁলোকৰ স্বাস্থ্যৰ যতনৰ বাবে বিশেষ ব্যৱস্থা লোৱা, বিনামূলীয়া আৰু বাধ্যতামূলক সৌৰচাকিৰ ব্যৱস্থা কৰাৰ লগতে  চৰ এলেকাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি  বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ ব্যৱস্থা কৰা- আদি দাবীৰ ভিত্তিত ছাত্ৰ আন্দোলন গঢ়ি তুলিলে এইসকল ছাত্ৰ-ছাত্ৰীয়ে কিছু সুফল পাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি।

Share Button
Print Friendly, PDF & Email

No Comments : "অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ৰ আলোকত চৰ এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ কিছু সমস্যা (ৰত্না ভৰালী তালুকদাৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *