অসমীয়া জাতি গঠনৰ স্বাৰ্থত চৰ-চাপৰিত প্ৰয়োজন শিক্ষা সংস্কাৰৰ আন্দোলন (জাকিৰ হোছেইন সৰকাৰ)

মহাবাহু ব্রহ্মপুত্রৰ চৰ-চাপৰিত বসবাস কৰা পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলিম সমাজৰ সচেতন মহল আগবাঢ়ি আহক এই জনগোষ্ঠীৰ শিক্ষাৰ সংস্কাৰ আন্দোলন গঢ়ি তোলাৰ ক্ষেত্রত। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই মূলৰ মুছলিম সমাজৰ অংশগ্ৰহণ অবিহনে ই আধৰুৱা। অসমীয়া ভাষা-সংস্কৃতি এই মূলৰ মানুহৰ ওচৰত ঋণী। কিন্তু এই মূলৰ লোকসকলৰ জীৱন পৰিক্ৰমা অতিশয় কষ্টকৰ আৰু বিশৃংখলাৰে ভৰা। মূলতঃ শিক্ষাৰ দিশত পিছপৰা এই সমাজ- জীৱনৰ মূল্যবোধ, মৌলিক অধিকাৰ আৰু আৰ্থ-সামাজিক দিশত বাৰুকৈ অসুৰক্ষিত। এই সমাজৰ ১০ৰ পৰা ২০ শতাংশ মানুহে আধুনিক শিক্ষাশৈলী তথা কৰ্মসংস্থানত কিছু সুযোগ ল'ব পাৰিছে যদিও সমাজৰ বৃহৎ অংশটোৱে মধ্যযুগীয়া ৰীতি-নীতিৰ মাজত আবদ্ধ হৈ জীৱন কটাবলগীয়াত পৰিছে ৷

পূৰ্ববংগীয় মূলৰ মুছলিম সমাজ আজিও ধৰ্মান্ধ শ্ৰেণীটোৰ পৰা বন্ধনমুক্ত হ'ব পৰা নাই৷ ধৰ্মীয় শিক্ষাৰ নামত সীমাহীন মাদ্ৰাছা খুলি অলপ-অচৰপ পঢ়া-শুনা কৰিয়েই নিজকে শিক্ষিত বুলি জাহিৰ কৰা যায় ঠিকেই, কিন্তু বৰ্তমান সমাজব্যৱস্থাত সেয়াই জানোঁ প্ৰতিযোগিতামূলক আধুনিক দিশত আগুৱাই লৈ যাব পাৰিব? চৰ-চাপৰিত শিক্ষাৰ আমূল সংস্কাৰ সাধন কৰিব নোৱাৰা বাবে আজিৰ প্ৰজন্ম বাৰুকৈ ক্ষতিগ্রস্ত হৈছে৷ সেয়া উপলদ্ধি কৰিব নোৱাৰাবোৰ নিশ্চয় এই সমাজৰ শত্রু। তদুপৰি প্ৰায়ে শুনা যায় মুছলিম বিশ্বৰ পৰা মুছলিম কল্যাণৰ নামত লাখ লাখ টকা আহে জমিয়ত তথা আন আন মুছলিম সংগঠনৰ জৰিয়তে৷ আমিও বিভিন্ন ঠাইত প্ৰত্যক্ষ কৰিছোঁ যে এনে টকাৰ বৃহৎ অংশ খৰচ হয় মছজিদ, মাদ্ৰাছা আদি অনুষ্ঠানৰ নিৰ্মাণত। যদি এনেকুৱা কথাবোৰ সচাঁ হয়, তেন্তে এই সংগঠনবোৰে এটা উৎকৃষ্ট উদাহৰণ দেখুৱাওক যে এই পুঁজিৰ দ্বাৰা সমাজৰ লেখত লবলগীয়া কি পৰিৱৰ্তন সাধিত হৈছে। খ্ৰীষ্টান মিছনাৰীৰ আৰ্হিত গঢ়ি উঠা স্কুল-কলেজবোৰ যদি বিশ্বৰ বুকুত নিজৰ ধৰ্মীয় আৱেশ মৃদুভাৱে প্ৰচাৰ কৰিও আধুনিক শিক্ষাৰ জগতত দপদপাই থাকিব পাৰিছে, তেন্তে মুছলিম সকলে কিয় পৰা নাই, সেইটো নিশ্চয় ভাবিবৰ থল আছে৷ সকলোতে ধৰ্মান্ধ আৱেশ ছটিয়াই স্বগোষ্ঠীক আধুনিক তথা বৃত্তিগত শিক্ষাৰ পৰা বঞ্চিত কৰি এচাম স্বাৰ্থন্বেষী মুছলমানে মুছলমানৰে অপকাৰ সাধিছে। অকল ধৰ্মীয় শিক্ষাই এই সমাজৰ লোকৰ সৰ্বতোপ্ৰকাৰে পৰিৱৰ্তন সাধিব পাৰিবনে সেয়া সকলোৱে ভবা উচিত ৷ তদুপৰি নাৰীৰ ৯০ শতাংশই নিৰক্ষৰ বা আধুনিক কৰ্মযোগী সমাজ-জীৱনৰ লগত খাপ খাব পৰা বিধৰ নহয় ৷ উদাহৰণস্বৰূপে চৰকাৰে যদি আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত ৫০ শতাংশ নাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰে, তেন্তে দেখা যাব যে আমাৰ নাৰী সমাজত তেনেকুৱা শিক্ষিত নাৰীৰ প্ৰতিনিধিত্ব বিচাৰি পাবলৈ হাবাথুৰিহে খাব লগাত পৰিব৷ মুছলিম সমাজৰ তালিবানীকৰণৰ বাবে মুছলিম মহিলাসকল সকলো দিশতে উপেক্ষিত আৰু বঞ্চিত। মাক-বাপেকৰ ঘৰত কিছু স্বাধীনতা পালেও বিবাহৰ পিছতে একপ্ৰকাৰৰ পণ্যসামগ্ৰীত পৰিণত হয় ৷ আধৰুৱা শিক্ষাই হওক বা মনৰ হাবিয়াসেই হওক তাৰ অপমৃত্যু হয়৷ তুৰস্ক, কাটাৰ, ইণ্ডোনেছিয়া, ফিলিপাইনছ ইত্যাদি মুছলিম দেশতো ধৰ্মীয় শিক্ষা চলে যদিও এই দেশবোৰত সমান্তৰালভাৱে আধুনিক শিক্ষাৰ মান বিশ্বস্তৰৰ। যাৰ ফলত এই দেশবোৰত উদাৰবাদী প্ৰগতিশীল চিন্তাধাৰাৰে পুষ্ট মুছলিমসমাজ সকলো দিশতে আগবঢ়া৷ বৃত্তিগত শিক্ষা-দীক্ষাই মানুহৰ জীৱনৰ পৰিৱৰ্তন সাধে আৰু সমাজ-জীৱন আলোকিত কৰে, তাৰ উপৰিও বঞ্চনা, নিপীড়ন তথা মৌলবাদী চিন্তাধাৰাৰ অৱসান ঘটায়। তদুপৰি সামাজিক আৰু অৰ্থনৈতিক শোষণৰ মূলতে শিক্ষাৰ অভাৱ৷ চৰ-চাপৰিৰ বাসিন্দাসকলৰ অধিকাংশই যদি আধুনিক তথা প্ৰতিষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ উঠিলহেঁতেন, তেন্তে তেওঁলোকে নিজেই গম পালেহেঁতেন চৰকাৰী অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ উন্নয়নৰ নামত কিমান ৰাজহুৱা ধনৰ ক’ত কিমান খৰচ হৈছে কিমান সংখ্যক শৰাধ হৈছে৷ অশিক্ষিত অংশটোৰ বাবে সংখ্যালঘু উন্নয়নৰ সৰহভাগ পুঁজিয়েই চৰকাৰে খৰচ কৰে ঠেলা-ৰিক্সা, কম্বল, সাৰ ছটিওৱা, পাম্প মেচিন ইত্যাদিৰ যোগান ধৰাৰ নামত৷ তাতো নেতা-আমোলাৰ সীমাহীন দুৰ্নীতি৷ ইপিনে লক্ষ্য কৰিবলগীয়া যে এইবোৰে জীৱনটো কোনোমতে চলোৱাতহে সহায়ক হয়, জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে পৰ্যাপ্ত নহয়।

অৱশ্যে এই সমস্যাবোৰৰ বাবে মুলতঃ বৃহত্তৰ মুছলিম সমাজ বাৰুকৈয়ে দায়ী৷ আজিৰ মুছলিম সমাজ বহুধাবিভক্ত, এটা গোট আন এটা গোটৰ পৰস্পৰ বিৰোধী ভূমিকাতো থকা দেখা যায়। এইবোৰ বিৰোধীতাও উন্নয়নৰ অন্যতম হেঙাৰ। মাথোঁ সংকীর্ণ ৰাজনীতিৰ আবেগত উতলা হৈ এটা গোটে আন এটা গোটক তলত দেখুওৱাৰ তীব্ৰ বাসনা উপজিছে। ইয়াৰ মূলত সাৰ্বজনীন নেতৃত্বৰ অভাৱ৷ তাহানিতে বাঘ হাজৰিকাৰ পৰা মৌলনা ভাসানী তথা পিছৰ চামৰ মইনুল হক, ওমৰ উদ্দিন, আতাউৰ ৰহমান, ফকৰুদ্দিন আলি আহমেদৰ দৰে সমাজসেৱী নিষ্কলংক নেতা বৰ্তমানৰ সমাজত নোলোৱাৰ বাবে সামগ্রিকভাৱে মুছলিম সমাজ পিছপৰি ৰ'ল৷ তাহানিতে বৰাকেই হওক বা উজনি, মধ্য তথা নামনিতেই হওক মুছলিম সমাজৰ পৰিচয় আছিল একক৷ কিন্তু দিন বাগৰাৰ লগে-লগে ভাৰতভূমিত সাম্প্রদায়িক শক্তিসমূহৰ উত্থান হোৱাত তেওঁলোকে ঐক্যবদ্ধ ধৰ্মনিৰপেক্ষ সমাজখনকে টুকৰা-টুকুৰ কৰা নাই, বৰঞ্চ সম্প্ৰদায়গত বিভাজনো সৃষ্টি কৰাত সফল হৈছে ৷ মুছলিম সমাজো ইয়াৰ ব্যতিক্ৰম নহয় ৷ সেয়ে নিজকে অধিক ধৰ্মনিৰপেক্ষ দেখুওৱাৰ প্ৰতিযোগিতাত একে ধৰ্মৰে আন আন গোষ্ঠীক তুচ্ছ জ্ঞান কৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ পূৰ্ব-বংগীয়, উজনি বা দেশী মুছলিমসকল যদি আধুনিক মূলসুঁতিৰ শিক্ষা-দীক্ষা, সামাজিক সাংস্কৃতিক দিশত আগবাঢ়িব পৰা নাই, তেন্তে সমাজৰ আৰ্থিক, শৈক্ষিক দিশৰ সবল চামে দুৰ্বল, অৱহেলিত চামক আগবঢ়াই লৈ যোৱাটো অত্যন্ত জৰুৰী। এই দিশত জৈন ধৰ্মীয় মাৰোৱাৰী সমাজ অত্যন্ত আগবঢ়া, সম্প্ৰদায়গতভাৱে বিভক্ত হলেও ধৰ্মীয় দিশত এক হোৱাৰ বাবে তেওঁলোকে সবলীয়ে দুৰ্বলীক আৰ্থিক সহায়ৰ জৰিয়তে সমতা স্থাপনৰ অহৰহ চেষ্টা কৰে। তদুপৰি খ্ৰীষ্টানসকলে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ মাধ্যমত সুদূৰ ইউৰোপৰ ইংলেণ্ড, কানাডা, হলেণ্ড, জাৰ্মানী আদিৰ পৰা আহি ভাৰতবৰ্ষৰ প্ৰান্তিক গাঁও অঞ্চলত মাথোঁ ধৰ্মীয় আৱেগৰ বশৱর্তী হৈ নিজৰ স্ব-গোষ্ঠীৰ শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থানৰ দিশত কাম কৰা দেখা যায় ! কিন্তু মুছলমানসকল অকল মছজিদে মছজিদে তবলীগী নেছাবত কিমান সংখ্যা বাঢ়িল তাতে ব্যস্ত হৈ পৰিছে ৷ অৱশ্যে ইয়াৰ অৰ্থ এয়া নহয় যে ইয়াৰ প্ৰয়োজন নাই, কিন্তু সমান্তৰালভাৱে আনুসংগিক বিষয়বোৰত পিছপৰি থকাটো জানো উচিত? কেৰেলা ৰাজ্য আৰু অসমৰ বৰাকভেলীৰ মুছলিমসকল মূলসুঁতিৰ আনুষ্ঠানিক শিক্ষা-দীক্ষাত অত্যন্ত উচ্চস্থৰৰ। সেয়ে তেওঁলোকৰ সামাজিক, আৰ্থিক, বৌদ্ধিক তথা সাংস্কৃতিক ভেটি মজবুত। তেওঁলোক ৰাজনৈতিকভাৱেও যথেষ্ট সচেতন৷ সেয়ে মুছলিম সমাজৰ সচেতন মহলে উদাৰপন্থী হিন্দুসকলৰ সহযোগত নামনি আৰু মধ্য অসমত বসবাস কৰা অৱহেলিত-দলিত শ্ৰেণীৰ মুছলিমসকলৰ আৰ্থ-সামাজিক দিশৰ উত্তৰণৰ বাবে বৈপ্লৱিক দৃষ্টিভংগীৰে শৈক্ষিক আন্দোলন গঢ়ি তোলক। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ স্বাৰ্থত সকলো দল-সংগঠন আগবাঢ়ি আহিলে ভৱিষ্যত প্রজন্ম উপকৃত হ'ব ৷

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতি গঠনৰ স্বাৰ্থত চৰ-চাপৰিত প্ৰয়োজন শিক্ষা সংস্কাৰৰ আন্দোলন (জাকিৰ হোছেইন সৰকাৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *