অসমীয়া জাতীয় অভিধান: বৃহত্তৰ আৰু¸ মহত্তৰ অসমীয়া জাতিগঠনৰ অভিজ্ঞান-(দ০ দেৱব্ৰত শৰ্মা)

প্ৰস্তাৱনা : প্ৰায় এযুগৰ পৰিকল্পনা আৰু একদশকৰ পৰিশ্ৰমৰ অন্তত ২০১০ চনৰ পহিলা জানুৱাৰিত অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ড প্ৰকাশ পায়। লগে লগে ইয়াক কেন্দ্ৰ কৰি অসমৰ বৌদ্ধিক সমাজত প্ৰচণ্ড বিতৰ্ক হয়। আনফালে ২০১২ চনৰ ভিতৰত অভিধানখনৰ প্ৰস্তাৱিত চাৰিওটা খণ্ড প্ৰকাশ পোৱাৰ পাচত ২০১৫ চনত বিজ্ঞান প্ৰযুক্তিৰ জাতীয় অভিধান প্ৰকাশ পায়; ২০১৭ চনত প্ৰকাশৰ পায় ব্যৱহাৰিক জাতীয় অভিধান। এই কেউটা খণ্ড তথা সিবিলাকৰ সংস্কৰণসমূহত অসমীয়া জাতীয় অভিধানৰ যি দৃষ্টিভংগী প্ৰকাশ পাইছে, তাৰে এয়া সাৰসংকলন।

১.০ ভাষা, মানুহ আৰু সমাজ

ভাষা চেতনাৰ সমানেই প্ৰাচীন। ভাষাও চেতনা, কিন্তু ভাষা অন্তৰ্মুখী চেতনা নহয়; ই এনে ব্যৱহাৰিক চেতনা যি আন মানুহৰ বাবে বৰ্তি থাকে। বস্তুতঃ ভাষাৰ প্ৰয়োজন একাধিক মানুহৰ সামাজিক সম্পৰ্কৰ বাবে। বস্তুবাদী ঐতিহাসিকসকলে দেখুৱাইছে যে বান্দৰৰ পৰা মানুহলৈ বিবৰ্তনত শ্ৰমৰ প্ৰক্ৰিয়াতহে ভাষাৰ জন্ম হৈছিল। সামাজিক উৎপাদনমুখী শ্ৰম আছিল প্ৰথম আৰু ভাষা আছিল অংগাংগীভাৱে দ্বিতীয়; ক'ব পাৰি, হাত আৰু বাকযন্ত্ৰৰ বিকাশৰ প্ৰক্ৰিয়া যুগপৎভাৱেই চলিছিল।

হাতী, দলফিন, ফেঁচাকে ধৰি বহু জীৱ-জন্তু, চৰাই-চিৰিকতিয়ে বহু অৰ্থপূৰ্ণ শব্দ উচ্চাৰণ কৰে। ভিন ভিন মাতেৰে সিহঁতে নিজৰ ক্ষুধা, কামনা, যুদ্ধঘোষণা আদিৰ প্ৰকাশ ঘটায়। কিন্তু তথাপি যৌথ আৰু সামাজিক উৎপাদনমূলক শ্ৰমৰ মাজৰ পৰাহে পূৰ্ণবিকশিত ভাষাই গঢ় ল'ব পাৰে। তেনে ভাষা কেৱল মানুহৰহে থাকে। কাৰণ এতিয়ালৈকে জনাজাত বিশ্বব্ৰহ্মাণ্ডত কেৱল মানুহেই হ’ল একমাত্ৰ সামাজিক উৎপাদনকাৰী (কেৱল সংগ্ৰহকাৰী নহয়) সম্প্ৰদায়।

এই অভিধানখনৰ কোনো খালি ঠাইত পৰিপূৰক তথ্য দি আমি দেখুৱাইছোঁ কেনেকৈ কুকুৰনেচীয়া বাঘ, ভালুক, গাহৰি আদিৰ মাজতো বিশেষ পৰিস্থিতিত মানৱ শিশু ডাঙৰ-দীঘল হোৱাৰ বহু ঘটনা পৃথিৱীজুৰি ঘটে। কিন্তু মন কৰিবলগীয়া এই যে বিকাশৰ এটা নিৰ্দিষ্ট পৰ্যায় মানৱসমাজৰ পৰা আঁতৰত পাৰ হৈ যোৱাৰ পাচত বাকযন্ত্ৰ ঠিকে ঠাকে থাকিলেও সেই মানৱ শিশুৱে জীৱনত কাহানিও আৰু কথা ক’ব নোৱাৰে। ইয়াৰ পৰা দেখা যায় যে ভাষা এক একান্তই সামাজিক বিষয়, সমাজ অবিহনে যাৰ কোনো অস্তিত্ব নাথাকে।

২.0 অসমীয়া ভাষা আৰু অসমৰ সমাজ

১২২৮ খৃস্তাব্দত অসমলৈ অহা তাই-আহোমসকলে অসমত ইতিমধ্যে এটা উমৈহতীয়া ভাষা প্ৰচলিত হৈ থকা অৱস্থাত পাইছিলহি। আনহাতে, দ্বাদশ শতিকাৰ শেহভাগ, ত্ৰয়োদশ শতিকাৰ আগভাগত হেম সৰস্বতীয়ে ইতিমধ্যে লিখিত অসমীয়া সাহিত্যৰ সৃষ্টি কৰিছে। এতেকে তাৰপৰা অন্ততঃ ২০০-৩০০ বছৰ আগতেও যদি সেই উমৈহতীয়া ভাষাটোৱে ৰূপ পাব ধৰিছিল বুলি ধৰোঁ, তেতিয়াও সেই উমৈহতীয়া ভাষাটো (অসমীয়া তাৰ বৰ্তমান ৰূপহে)ৰ বয়স প্ৰায় এহেজাৰ বছৰ। অসমত পুৰণি জনজাতীয় সমাজ ভাঙি ঝুম খেতিৰ ঠাইত স্থায়ী কৃষি পদ্ধতি প্ৰবৰ্তন কৰাৰ কাৰণে উত্তৰ ভাৰতৰ ফালৰ পৰা যি প্ৰেৰণা আহিছিল, সি পুৰণি জনজাতীয় ভাষাসমূহৰ সমুদ্ৰ মন্থন কৰি সংস্কৃতীয়া ঠগত এক উমৈহতীয়া ভাষাৰো সূচনা কৰিছিল। ব্যাকৰণ, অভিধানৰ প্ৰসংগ তেতিয়াও অৱতাৰণা হ’বৰ নৌ এথোন।

কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ দৰেই অসমতো আধুনিক সমাজ বা জাতি নিৰ্মাণৰ কামটোত ভাষাৰ ভূমিকা আছিল স্ব-বিৰোধেৰে পৰিপূৰ্ণ। প্ৰথম দফাত কৈ অহাৰ দৰে ভাষা এক সামাজিক আৰু ব্যৱহাৰিক চেতনা আৰু ই সামাজিক বিনিময়ৰ জৰিয়তে একীকৰণত বৰঙনি যোগায় সঁচা, কিন্তু ইও সঁচা যে শ্ৰেণী, জাতি, সম্প্ৰদায়, অঞ্চল আদিৰে গঠিত বৃহত্তৰ সমাজত ভাষা নিজেও স্তৰবিন্যস্ত এক গাঁথনিত পৰিণত হয়। ই যেনেকৈ একগোট কৰে, তেনেকৈ ভাঙেও। ই যেনেকৈ মুক্তিৰ ইস্তাহাৰত পৰিণত হয়, ঠিক তেনেকৈ অৱদমনৰ পৰোৱানাতো পৰিণত হয়। মানুহৰ সৈতে মানুহৰ মহামিলনৰ ক্ষেত্ৰত ভাষা হ’ব পাৰে নিমজ বাটৰ বিস্তাৰ অথবা চীনৰ দুৰ্লংঘ্য প্ৰাচীৰ।

মধ্যযুগত উজনি আৰু নামনি অসম দুয়োঠাইতে (ক্ৰমে আহোম আৰু কোচ ৰাজ্যত) তেতিয়াৰ অসমীয়া ভাষাই সৰু সৰু জনজাতীয় সমাজ ভাঙি বহল সামন্তীয় ৰাজ্য প্ৰতিষ্ঠাত যি ভূমিকা লৈছিল, ঔপনিবেশিক যুগৰ আৰম্ভনিতে তাত আউল লাগিল। সেই যুগত আহি পৰা নতুন নতুন অৰ্থনৈতিক জটিলতা, নতুন নতুন জনগোষ্ঠীৰ প্ৰব্ৰজন, অভিনৱ বহুভাষিক পৰিস্থিতি আৰু মান্যীকৰণৰ বাবে প্ৰয়োজনীয় ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাৰ প্ৰশ্ন লৈ নিত্য নতুন দ্বন্দ্ব আৰু সংঘাতে দেখা দিয়ে।

৩.০ আধুনিক অসমীয়া ভাষাৰ বিকাশঃ এটা ঐতিহাসিক প্ৰেক্ষাপট

১৭৬৯ চনৰ পৰা ১৮০৬ চনলৈকে সুদীৰ্ঘ প্ৰায় চাৰিদশকজুৰি অসমত চলি আহিছিল মোৱামৰীয়া (মায়ামৰীয়া) বিদ্ৰোহ নামৰ পৃথিৱীৰ ইতিহাসৰ দীৰ্ঘতম কৃষক বিদ্ৰোহটো। আনহাতে, ১৮০৬ চনৰ পৰা ১৮২৬ চনলৈকে ঘটে চুবুৰীয়া মান-মায়ান্মাৰিজসকলৰ তিনিলানি ভয়ংকৰ অসম আক্ৰমণ। এই দুই ভূমিকম্প-সদৃশ পৰিঘটনা আৰু সিবিলাকে সূচনা কৰা গৃহযুদ্ধৰ সমাপ্তি ঘটে ১৮২৬ চনত বৃতিচ সাম্ৰাজ্যবাদৰ দ্বাৰা অসম দখলত।

অৰ্থাৎ প্ৰলয়ংকৰী গণবিদ্ৰোহ, গৃহযুদ্ধ আৰু বহিঃআক্ৰমণত বিধবস্ত হৈ থকা অৱস্থাতে নিজে ক’ব নোৱৰাকৈয়ে অসমে বৃতিচৰ হাতত ধৰি আধুনিক যুগত প্ৰবেশ কৰে। বৃতিচৰ প্ৰশাসনত মধ্যযুগীয় অসমীয়া ভাষাৰ উপযুক্ত আধুনিকীকৰণৰ কাম সমাধা হ’বলৈ নৌপাওঁতেই ১৮৩৬ চনত বৃতিচ সাম্ৰাজ্যবাদৰেই চক্ৰান্তত অসমীয়া ভাষা অসমৰ ন্যায়ালয়, বিদ্যালয়, কাৰ্যালয়ৰ পৰাই নিৰ্বাসিত হ’বলগা হয়।

এই নিতান্তই প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি অসমীয়া মধ্যবিত্তৰ সঁহাৰি হয় লক্ষণীয় ধৰণৰ।

নিজ মাতৃভাষাৰ নিৰ্বাসনৰ বাবে দায়ী বৃতিচ সাম্ৰাজ্যবাদক চিনাক্ত কৰিব নোৱাৰি ই অসমীয়াৰ ঠাইত বাংলা জাপি দিয়া বাবে কেৱল বাঙালী কেৰানি-মহৰিকে দায়ী কৰিছিল। ফলস্বৰূপে অসমীয়া ভাষাৰ অস্তিত্বৰ বাবে ভাবুকি স্বৰূপ বৃতিচ সাম্ৰাজ্যবাদ নেপথ্যতে থাকি গৈছিল আৰু পৰবৰ্তী প্ৰায় দেৰ শতিকা কাল অসমীয়া-বাঙালী সংঘৰ্ষই অসমৰ এক প্ৰধান জনসংঘাতৰ ৰূপ ধাৰণ কৰিছিল। বৃতিচ সাম্ৰাজ্যবাদ যে প্ৰকৃততে বাংলা ভাষাৰ প্ৰতি দৰদী নাছিল, সেই কথাৰ প্ৰমাণ হৈছিল এই কথাৰ পৰা যে যি সময়ত বৃতিচে অসম আৰু উৰিষ্যাত বাংলা ভাষা জাপি দিছিল, ঠিক সেই সময়ত খোদ বংগত কিন্তু ফাৰ্চী ভাষাহে জাপি দিছিল। তাৰ কাৰণ আছিল এই যে জনসংখ্যাৰ প্ৰায় আধা আধা হিন্দু মুচলমান জনবসতি থকা তেতিয়াৰ অবিভক্ত বংগত মুচলমানসকলৰ ভাষা বুলি অভিহিত বা জনাজাত ফাৰ্চী ভাষা বলবৎ কৰিলে হিন্দুসকল জাঙুৰ খাই উঠিব আৰু তাৰ ফল হ’ব দীৰ্ঘস্থায়ী হিন্দু-মুচলমান সংঘৰ্ষ।

বৃতিচৰ সেই ষড়যন্ত্ৰ যে বহু দূৰ ফলিয়ালে তাৰ প্ৰমাণ পৰবৰ্তী কালত হিন্দু-মুচলমান সংঘাতক কেন্দ্ৰ কৰি বাংলা ভাষা, বাঙালী জাতি আনকি বংগ দেশৰে উল্লম্ব বিভাজন। সেই সম্পৰ্কে এই লেখাতে  আন ঠাইত আমি বিতংকৈ লিখিছোঁ।

কিন্তু বৃতিচে যে ফাৰ্চী বা মুচলমান প্ৰেমৰ দ্বাৰা উদ্বুদ্ধ হৈও বংগত ফাৰ্চী ভাষা চলাব খোজা নাছিল, তাৰ প্ৰমাণ পোৱা যায় এই লেখাৰ আন এঠাইত আমি বিতংকৈ দেখুওৱাৰ দৰে ১৮০০ চনতে কলকাতাৰ ফ’ৰ্ত উইলিয়ামত হিন্দুস্তানী ভাষা ভাঙি দুই টুকুৰা কৰি হিন্দুৰ বাবে ‘হিন্দুই’ বা হিন্দী ভাষা নিৰ্মাণৰ পৰা।

ইয়াৰপৰা দেখা যায় যে বৃতিচ সাম্ৰাজ্যবাদ অসমীয়া, বাংলা, ফাৰ্চী বা হিন্দী কোনো ভাষাৰেই প্ৰকৃত প্ৰেমিক বা পৃষ্ঠপোষক নাছিল। হয় প্ৰশাসনৰ সুবিধাৰ বাবে, আৰু ভাগ কৰা আৰু শাসন কৰা নীতিৰ হাতিয়াৰ হিচাপে ই একোটা ভাষাক হয় মান্যীকৰণ কৰিছিল, নহয় প্ৰাপ্য মৰ্যাদাৰ পৰা অৱনমিত কৰিছিল।

সাম্ৰাজ্যবাদ পৰিত্ৰাতা বা পৃষ্ঠপোষক একোৱেই নাছিল। বেপ্তিস্ত মিচনেৰিসকলে ধৰ্মীয় প্ৰচাৰ আদি উদ্দেশ্যত অভিধান, ব্যাকৰণ, পাঠ্যপুথি, আলোচনী আদি উলিয়াই মান্যীকৃত কৰি লোৱা উজনিৰ অসমীয়া ভাষাকো বৃতিচে গ্ৰহণ কৰিছিল এহাতে প্ৰশাসনীয় সুবিধাৰ বাবে আৰু আনহাতে অসমীয়া উদীয়মান মধ্যবিত্তক ইয়াৰ প্ৰধান সহযোগী স্থানীয় শক্তিৰূপে গঢ়ি তোলাৰ কাৰণে।

কিন্তু অসমীয়া ভাষাৰ বিপদ সমূলি দূৰ হোৱা নাছিল। এক বহুভাষিক পৰিস্থিতিত, মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশ লোক সদ্য প্ৰব্ৰজিত জনসমুদায় হোৱাৰ পৰিপ্ৰেক্ষিতত, আৰু পাহাৰ ভৈয়ামৰ জনজাতিসকলৰ মাজতো সদৃশ মধ্যবিত্ত শ্ৰেণীৰ বিকাশ হ'ব ধৰাৰ পৰিণতিত অসমীয়া ভাষাৰ আধিপত্যৰ সম্পৰ্কতো প্ৰত্যাহবান আহিবলৈ বাধ্য আছিল।

সেই সংঘাত অচিৰেই আহিল আৰু ১৮৭৩ চনত বৃতিচ চৰকাৰৰ অনুমোদন মৰ্মে ন্যায়ালয়, কাৰ্যালয় আৰু বিদ্যালয়ৰ ভাষাত পৰিণত হোৱা অসমীয়া ভাষাৰ নামত পুনৰ ১৯৬০ চনৰ অসম ৰাজ্যভাষা আন্দোলন, ’৭২ চনৰ মাধ্যম আন্দোলন, ’৭৪ চনত বড়ো ভাষাৰ ৰোমান লিপিৰ আন্দোলনে অসমীয়া অস্তিত্বৰ সম্পৰ্কত পুনৰ প্ৰশ্নচিহ্ন থিয় কৰালে।

এনে পৰিস্থিতিত আটাইতকৈ বিচক্ষণ নীতি হ'লহেঁতেন অসমৰ দুখীয়া নিছলা চাহ মজদুৰ-প্ৰাক্তন চাহমজদুৰ, সৰ্বস্বান্ত মৈমনচিঙীয়া খেতমজুৰ, নিঃস্ব দলিত জনজাতিকে ধৰি সদৌ অসমবাসীৰ বাবে গণসাক্ষৰতা অভিযান আৰু জনশিক্ষা আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাক সকলোৰে বাবে গ্ৰহণযোগ্য কৰি তোলা। তদুপৰি আহল-বহল অভিধান; ব্যৱহাৰিক, সৰল ব্যাকৰণ, সহজবোধ্য পাঠ্যপুথি, আকৰ্ষণীয় সাহিত্য সম্ভাৰৰ ভিত্তিত নাগামিজ আৰু নেফামিজে মুকলি কৰা সম্ভাৱনাৰ পম খেদি অসমীয়াক উত্তৰ-পূৰ্বাঞ্চলজোৰা সংযোগী ভাষা কৰি তোলাৰ আশাও তেতিয়া পৰিলক্ষিত হৈছিল।

কিন্তু অসমীয়া মধ্য শ্ৰেণীৰ বৃতিচ সহযোগী অংশ আৰু তাৰ নেতৃত্বাধীন ‘জাতীয়’ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে সেই পথ ন’ললে (এই বিষয়ে চাওক, এই লেখকৰ গৱেষণা গ্ৰন্থ 'অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ')। ওলোটাই তেওঁলোকে উক্ত সমস্ত জনসমুদায়ৰ ওপৰত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ ফতোৱাহে জাৰি কৰিলে।

তাৰ ফলত একালৰ খাচি-জয়ন্তীয়া আৰু গাৰো পাহাৰ জিলা (বৰ্তমান মেঘালয়), একালৰ নাগা পাহাৰ জিলা (বৰ্তমানৰ নাগালেন্দ), একালৰ লুচাই পাহাৰ জিলা (বৰ্তমানৰ মিজোৰাম) আদি কেনেকৈ অসমৰ পৰা ওলাই গ’ল, একালৰ আহল-বহল অসম আজি কেনেকৈ ছিন্নভিন্ন, বাকী থকাকণো কেনেকৈ বিপন্ন, সেয়া নক’লেও হয়।

অসমৰ কাৰণে তেজ-ঘাম-চকুলো বোওৱা শ্ৰমজীৱী সমুদায়বোৰৰ ভাষাৰ লগত দিয়া-লোৱাৰ মাজেৰে জীৱনীৰস সংগ্ৰহ কৰি অসমীয়া ভাষা কেনেকৈ ৰমকজমক হৈ উঠিব পাৰিলহেঁতেন; গোৱালপৰীয়া, দৰঙী, কামৰূপী আদি অসমীয়া ভাষাৰ নিজৰ উপভাষাবিলাকৰ শব্দশক্তিৰে ই কেনেকৈ সমৃদ্ধ হৈ উঠিব পাৰিলহেঁতেন, সেই কথা আমি যেন গুণি-গাথি নাচালো। তাৰ বিপৰীতে আমি আশ্ৰয় ল’লো এক ভাষিক উগ্ৰজাতিদম্ভৰ, যাৰ ফলত কেৱল পাহাৰীয়া জনজাতিসকলেই আমাৰ পৰা আঁতৰি যোৱা নাই; বড়ো, মিচিং, কাৰ্বি, তিৱা, ৰাভা আদি জনজাতিসকল অসমীয়া ভাষাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ উঠিছে। ঝাড়খণ্ডী আদিবাসী অথবা চাহজনগোষ্ঠীৰ মানুহেও আন বহু সম্প্ৰদায়ৰ দৰেই নিজা সাহিত্য সভা গঠন কৰি লৈছে। উপৰ্যুপৰি সংঘাতৰ ফলত অভিবাসী মুচলমানসকলেও অসমীয়া ভাষাভাষী মূলসুঁতিৰ পৰা আঁতৰি যাবলৈ ধৰিছে। অথচ লোকপিয়লত এওঁলোক আৰু চাহবাগিচাৰ আদিবাসীসকলৰ জোৰতহে অসমীয়া সংখ্যাগৰিষ্ঠৰ ভাষা হৈ আছে। তাৰ ফলত অসমীয়া ভাষীসকলৰ সংখ্যাগৰিষ্ঠতা থকা-নথকাক লৈয়ে প্ৰশ্ন উঠিছে।

৪. অসমীয়া জাতীয় অভিধানত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি উপভাষাৰ শব্দ অন্তৰ্ভুক্তি

আমি এই সম্পৰ্কে সম্পূৰ্ণ অৱগত যে আধুনিক অসমীয়া ভাষাৰ মান্যতাৰ মাপকাঠি হিচাপে উজনিৰ, বিশেষকৈ তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ উপভাষাকে লোৱা হয়। কিন্তু উজনিৰ উপভাষাৰ কিবা বিশেষ গুণ বা নামনিৰ উপভাষাসমূহৰ কোনো বিশেষ দোষৰ বাবে এনে হোৱা নাছিল। শিৱসাগৰত আমেৰিকান বেপ্তিস্ত মিচনেৰিসকলে দপ্তৰ খুলিছিলহি আৰু তাৰ পৰাই ১৮৪৬ চনৰ পহিলা জানুৱাৰিৰ পৰা 'অৰুনোদই' আলোচনী ছপাই উলিয়াইছিল। তেওঁলোকে কৰা ব্যাকৰণ, অভিধান আদিৰো ভিত্তি আছিল উজনিৰ উপভাষাই  ।

কিন্তু অসমীয়া ভাষাৰ মান্যৰূপ হিচাপে উজনিৰ উপভাষা হিচাপে স্বীকৃতি দিয়াৰ কথাটো বৃতিচ চৰকাৰৰ ৰাজনৈতিক বিচাৰ-বিবেচনাৰ ওপৰতে নিৰ্ভৰশীল। আন যিকোনো ভাষাৰ ক্ষেত্ৰত মান্যীকৰণ কৰিব লগা উপভাষাটো কেনেকৈ বাছনি কৰা হয়? সেই সম্পৰ্কে ভাষাবিদ সাধনা চাক্সেনাই এনেকৈ কৈছেঃ

The myth and value system that only the 'officially correct' languages are worth learning and that can only be done through a formal process is the conditioning of mind that all of us grow up with.... Culturally we are conditioned to believe that speaking in so called impure or dialect forms is undesirable because of its being a sign of backwardness as symbolised in pejorative terms like Ganvaroo bhasha.

তেওঁ আৰু আঙুলিয়াই দিছে যে পৃষ্ঠপোষকতাই হৈছে একোটা উপভাষাৰ স্বীকৃতি বা মান্যীকৰণৰ ক্ষেত্ৰত প্ৰথম চৰ্ত। তেনে ৰাষ্ট্ৰীয় বা চৰকাৰী পৃষ্ঠপোষকতাৰ অবিহনে বহু প্ৰতিশ্ৰুতিসম্পন্ন, সম্ভাৱনাপূৰ্ণ উপভাষাও মৰহি যায়।

According to Oxford Dictionary meanings of the word dialect are (1) a form of speech peculiar to a particular region (2) a subordinate variety of a language with non-standard vocabulary, pronunciation, or grammar. So the word dialect clearly has a lower status and by definition a dialect is a peculiar and non standard language...... The very evident reasons are that languages which have scripts and which got state patronage to develop its printed resource emerged as standard or mainstream language where as languages which could not gather this kind of state patronage become impoverished.

একোটা উপভাষাৰ স্বীকৃতিৰ প্ৰক্ৰিয়াক ৰাজনৈতিক আখ্যা দি তেওঁ কৈছেঃThe categorization that some languages are standard while others are backward, crude, inferior or corrupt forms of standard languages or that they lack literary richness is more of a political construct than a linguistic fact. Linguistically, all languages written or spoken have a structure and are equal in that sense. Any language can be written using any script or a set of symbols or codes. And hence so-called dialects are also fully developed languages. (Sadhana Saxana, Language and Nationality Question, Symphony of Freedom, Hyderabad, 1996).

অসমীয়া জাতীয় অভিধানে ঐতিহাসিক, ৰাজনৈতিক প্ৰশাসনিক কাৰণবশতঃ এহাতে বেপ্তিস্ত মিচনেৰি আৰু আনহাতে বৃতিচ সাম্ৰাজ্যবাদে উজনিৰ উপভাষাক মান্য ভাষাৰ স্বীকৃতি দিয়া বুলি গণ্য কৰে। কিন্তু তাৰ দ্বাৰা শংকৰদেৱ-মাধৱদেৱৰ ৰচনাতো ব্যৱহৃত গোৱালপাৰা, কামৰূপৰ শব্দসম্ভাৰৰ গুৰুত্ব মুঠেও কমি নাযায়। লোকগীত, লোকসাহিত্যৰ সুবিপুল ভাণ্ডাৰেৰে সমৃদ্ধিশালী গোৱালপাৰা, কামৰূপ আৰু দৰঙৰ উপভাষাসমূহৰ (আৰু অসমৰ আন সৰ্বত্ৰ প্ৰচলিত/কথিত) অসমীয়া ভাষাৰ সমস্ত ঠাল-ঠেঙুলিৰ প্ৰতিটো শব্দকে আমি  জাতীয় অভিধানত সসন্মানে স্থান দিব বিচাৰোঁ। মুঠৰ ওপৰত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমীয়া মানুহে কোৱা যিকোনো শব্দই অসমীয়া জাতীয় অভিধানত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য বুলি আমি বিবেচনা কৰোঁ আৰু তাক বাস্তৱ ৰূপ দিয়াৰ বাবে চেষ্টাও চলাইছোঁ। অসম সাহিত্য সভাই চন্দ্ৰকান্ত অভিধানৰ প্ৰণেতা সৰ্থেবাৰীৰ কোহিৰাম দাস (যি অভিধানখনৰ ৮০ শতাংশ সম্পাদনাৰ কাম সম্পন্ন কৰিছিল) আৰু আনকি অভিধানখনৰ মূল চালিকাশক্তি, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক, নলবাৰী সু-সন্তান শৰৎ চন্দ্ৰ গোস্বামীৰ নামকিটা পৰ্যন্ত উক্ত অভিধানখনতে কামৰূপীবিৰোধী মনোভাবেৰে কাটি পেলোৱাৰ নিচিনা চূড়ান্ত সংৰক্ষণশীল, অনুদাৰ নীতি জাতীয় অভিধানে নিতান্তই দুৰ্ভাগ্যজনক বুলি গণ্য কৰে। তাৰ বিপৰীতে ই এক উদাৰ আৰু বহল নতুন ভাষানীতিৰ পোষকতা কৰে। (অসম সাহিত্য সভাই চন্দ্ৰকান্ত অভিধানৰ পৰা কামৰূপী শব্দবোৰ, আনকি দাস আৰু গোস্বামীৰ নামকিটা পৰ্যন্ত নিৰ্মমভাৱে কাটি পেলোৱাৰ বিষয়ে পঢ়ক শৰৎচন্দ্ৰ গোস্বামী ৰচনাৱলী, পৃ. ১৭৮)

৫.০ জাতীয় অভিধানখন একভাষিক, সামুদায়িক, বিজ্ঞানসন্মত আৰু বিশ্বকোষীয় কিয়?

অসমীয়া জাতীয় অভিধানখন একভাষিক, কাৰণ এতিয়ালৈকে প্ৰকাশিত প্ৰায়বোৰ অভিধানেই অন্ততঃ দ্বিভাষিক। বৰঅম্ৰ আৰু লতিঅম্ৰত তাই আৰু অসমীয়া; ৰুচিনাথ বুঢ়াগোহাঞিৰ ১৮১০ চনৰ শব্দকোষখনত সংস্কৃত, কামৰূপী আৰু উজনিৰ অসমীয়া; হেৰিয়েত বি.এল.কাতাৰ (আৰু চুচান আৰ ৱাৰ্দ)ৰখনত ইংৰাজী-অসমীয়া, ব্ৰনচনৰখনত অসমীয়া-অসমীয়া-ইংৰাজী, হেমচন্দ্ৰ বৰুৱাৰখনত অসমীয়া-অসমীয়া-ইংৰাজী; চন্দ্ৰকান্ত অভিধানত অসমীয়া-অসমীয়া-ইংৰাজী, চলন্ত অভিধানখনত অসমীয়া-অসমীয়া-ইংৰাজী, আধুনিক অসমীয়া শব্দকোষখনতো অসমীয়া-অসমীয়া-ইংৰাজী ভাষাত ব্যাখ্যা আছে।

ইয়াৰ পৰা দেখা যায় যে অসমীয়াৰ পৰা অসমীয়াত অৰ্থ ভঙা অসমীয়া অভিধান আমাৰ পৰ্যাপ্ত নাই। ফলত উক্ত অভিধানসমূহৰ কেইবাখনতো ইংৰাজীৰ গাত ভেঁজা দিহে সংজ্ঞা বা ব্যাখ্যাবোৰ দিয়া হৈছে। কোনো কোনো ক্ষেত্ৰত আনকি সংশ্লিষ্ট শব্দটোৰ ব্যাখ্যা অসমীয়াতকৈ ইংৰাজীতহে বেছিকৈ দিয়া হয়। ফলত অসমীয়া ভাষাৰ বিকাশ বা চৰ্চাৰ প্ৰশ্নটো পাচ পৰি যায়। এনেহেন লাগে যে অৰুনোদইৰ যুগৰ দৰে আমি কোনো ইংৰাজী জনা বিলাতী চাহাবৰ বাবেহে অভিধানবোৰ কৰি আছো আৰু ইংৰাজীৰ ওপৰত ভেঁজা নিদিয়াকৈ বা নিৰ্ভৰ নকৰাকৈ আমি আমাৰ মাতৃভাষাটোৰ এটাও শব্দৰ সংজ্ঞা পৰ্যন্ত নিৰূপণ কৰিব নোৱাৰোঁ। আনকি আমাৰ এটা সমীক্ষাত এইটোও ধৰা পৰিছে যে ‘অসমীয়া’ অভিধান এখনৰ মুঠ ছপা এলেকাৰ ১/৩ৰ পৰা ১/২ পৰ্যন্ত দখল পৰ্যন্ত দখল কৰিছে (কোনো অজ্ঞাত চাহাব মেমৰ সেৱাৰ  প্ৰতি উচৰ্গিত) ইংৰাজী ব্যাখ্যাই।

সেয়েহে আমি আৰম্ভনিতে সিদ্ধান্ত লৈছিলো যে অসমীয়া জাতীয় অভিধানখন একভাষিক হ’ব অৰ্থাৎ মূল প্ৰৱিষ্টিবিলাকৰ (সি যি ভাষাৰ পৰা অহা শব্দ নহওক লাগিলে) ব্যাখ্যা কেৱল অসমীয়াতহে হ’ব। অৱশ্যে অধ্যয়নকাৰীয়ে ইয়াত মাজে মাজে ইংৰাজী আখৰ দেখা পাব। কিন্তু সেয়া ইংৰাজী অৰ্থ বা ব্যাখ্যা নহয়। তাৰ বিপৰীতে এয়া হৈছে সংশ্লিষ্ট শব্দবোৰৰ আন্তৰ্জাতিকভাৱে গৃহীত বৈজ্ঞানিক বা প্ৰযুক্তিগত পৰিভাষাহে। ইংৰাজী নহয়, সি ৰোমান আখৰতহে লিখা। আন অপৰিহাৰ্য ক্ষেত্ৰতো কাচিৎ ইংৰাজী ব্যৱহাৰ হ’লে বুজিব লাগিব সি পৰিভাষা সংক্ৰান্তীয় শব্দহে।

অসমীয়া জাতীয় অভিধানখন সামুদায়িক হ'ব বুলিও আমি এযুগৰ আগতেই ঘোষণা কৰিছিলো। এই সামুদায়িক বা সামগ্ৰিক শব্দৰ দ্বাৰা আমি বুজাইছোঁ যে এই অভিধানে গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবিলাকৰ ঠাল-ঠেঙুলিসমূহ; ভাষাটোৰ আন আঞ্চলিক বৈশিষ্ট্যসমূহ সামৰি লৈছে। ইয়াত চৰ-চাপৰি, আৰু চাহ বাগিচাৰ চাদ্ৰি ভাষাৰো বহু শব্দ সোমাইছে। তাই, ৰাজবংশী, জনজাতি, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ পৰাও ই বহু শব্দ সংগ্ৰহ কৰিছে।

হিন্দুধৰ্ম, তাৰ বেদ-বেদাংগ, পুৰাণ-উপনিষদ, শাস্ত্ৰ-ভাগৱত, চৰিতপুথি আদি সংস্কৃতপ্ৰধান উৎসবিলাকৰ পৰাই ই যেনেকৈ হেজাৰ-বিজাৰ শব্দ অন্তৰ্ভুক্ত কৰি লৈছে, ঠিক তেনেকৈ ইচলাম আৰু তাৰ লগত জড়িত আৰবী-ফাৰ্চীৰ পৰাও ই উদাৰভাৱে শব্দ বুটলিছে। বৌদ্ধ-পালি, শিখ-পাঞ্জাবী, খৃস্তান-ইংৰাজী আদি উৎসসমূহৰ পৰাও ই প্ৰয়োজনীয় আৰু প্ৰাসংগিক শব্দ সংগ্ৰহ কৰিছে।

তন্ত্ৰ-মন্ত্ৰ, বেজ-বেজালি, খেল-ধেমালি, শ্লীল-অশ্লীল, চহৰীয়া-গাঁৱলীয়া, নৃত্যগীত মুঠতে জনজীৱনৰ সকলো দিশ ই সমান শ্ৰদ্ধাৰে সাবটি লৈছে কাৰণ ইয়াৰ বাবে প্ৰতিটো শব্দৰ গুৰুত্ব আৰু মহত্ত্ব সমান।

চৰ্যাপদৰ পৰা হেমসৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ, আহোম বুৰঞ্জী হৈ অসমীয়া ভাষাৰ বিগত এহেজাৰ বছৰৰ বিকাশৰ প্ৰমাণস্বৰূপ অতীতৰ প্ৰতিটো উৎসলৈ ই ঘূৰি যাব বিচাৰিছে। ইতিহাস আৰু ঐতিহ্যৰ শ্ৰেষ্ঠতম সাৰবত্তাক আত্মসাৎ কৰাৰ লক্ষ্যৰেই ই যেনেকৈ বুৰঞ্জীৰ শব্দসমূহো বুটলিব বিচাৰিছে, ঠিক তেনেকৈয়ে জ্ঞান-বিজ্ঞানৰ সকলোবোৰ শাখা-প্ৰশাখা, বিজ্ঞান-প্ৰযুক্তিৰ সাম্প্ৰতিকতম অগ্ৰগতিৰ সকলো স্বাক্ষৰ বহন কৰিব পৰাকৈ কম্পিউতাৰ, ম’বাইল, চিমকাৰ্দ, ই-মেইল, আইপদ, ইন্তাৰনেত পৰ্যন্ত সকলো শব্দ সামৰি ই হৈ পৰিছে প্ৰাচীনৰো প্ৰাচীন আৰু আধুনিকৰো আধুনিক। অভিধানখনৰ ‘সামুদায়িক’ অভিধাৰ তাৎপৰ্যও তাতেই।

অসমীয়া জাতীয় অভিধানখন বিজ্ঞানসন্মত। কেইবাটাও দিশৰ পৰা চালি-জাৰি চাই আমি এই অভিধা ব্যৱহাৰ কৰিছোঁ। প্ৰথমতঃ ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে এক বৈজ্ঞানিক পদ্ধতি। প্ৰতিটো প্ৰবিষ্টিৰ বিপৰীতে ক্ৰমে মূল শব্দ, বিজ্ঞানসন্মত আৰু সৰলীকৃত বিকল্প বানান, পদ, ব্যুৎপত্তি, অৰ্থ, উদাহৰন আৰু বৈজ্ঞানিক পৰিভাষা আদি তথ্যসমূহ প্ৰণালীবদ্ধ আৰু পদ্ধতিগতভাৱে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

দ্বিতীয়তঃ আজিলৈকে প্ৰকাশিত অসমীয়া অভিধানৰ ভিতৰত সৰ্বাধিকসংখ্যক অৰ্থাৎ প্ৰায় ২০,০০০ (মুঠ শব্দৰ প্ৰায় ১০%) বিজ্ঞান-প্ৰযুক্তিৰ শব্দ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। নক’লেও হয় যে বিজ্ঞানৰ শব্দবিলাকৰ প্ৰায়বোৰ ক্ষেত্ৰত লগত বৈজ্ঞানিক পৰিভাষা দিয়া হৈছে। তদুপৰি অভিধানখনৰ চাৰিটা খণ্ডত সহস্ৰাধিক বিজ্ঞান-প্ৰযুক্তি সংক্ৰান্তীয় ছবিও অন্তৰ্ভুক্ত কৰা হৈছে।

শেষত হ’লেও কম গুৰুত্বপূৰ্ণ নহয় যে এই অভিধানখনৰ সমাজত চলি থকা বহু অন্ধবিশ্বাস আৰু কু-সংস্কাৰক চিনাক্ত কৰি সেইবিলাকক পোনপতীয়াভাৱে ‘অন্ধবিশ্বাস’ শিতান বা বিভাগৰ অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰনস্বৰূপে সামুদায়িক কৰাৰ স্বাৰ্থতে ভূত, প্ৰেত, দাইনী, যখিনী সকলোকে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই প্ৰতিটো বিষয় যে অন্ধবিশ্বাস বিজড়িত, তাকো পাঠকক সোঁৱৰাই দিয়া হৈছে।

‘ৰাহু’ শব্দটোৰ কথাই ধৰক৷ এই শব্দটোত ৰাহুগ্ৰহে সূৰ্যক গ্ৰাস কৰিলে সূৰ্যগ্ৰহণ হোৱাৰ প্ৰাচীন ভাৰতীয় ধৰ্মবিশ্বাস বিজড়িত কাহিনী ইয়াত উল্লেখ কৰা হৈছে। কিন্তু সেয়া কৰা হৈছে ‘অন্ধবিশ্বাস’ শিতানতহে। লগতে সূৰ্যগ্ৰহণ সম্পৰ্কীয় বৈজ্ঞানিক ব্যাখ্যাটোও একেটা প্ৰবিষ্টিৰ লগতে দাঙি ধৰা হৈছে। অসমীয়া জাতীয় অভিধানে এনেকৈ অসমীয়া জনজীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা অন্ধবিশ্বাস, কু-সংস্কাৰবিলাকৰ বিপৰীতে নিজৰ সবল স্থিতি সাব্যস্ত কৰিছে।

কিন্তু তাতকৈ ডাঙৰ অগ্নিপৰীক্ষা ইয়াৰ বাবে অপেক্ষা কৰি আছিল জ্যোতিষৰ দৰে বিষয়বিলাকৰ প্ৰসংগত। উল্লেখযোগ্য যে জ্যোতিষীসকলে জ্যোতিষক একধৰণৰ বিজ্ঞান বুলি প্ৰচাৰ চলাবলৈ চেষ্টা কৰাৰ উপৰিও আজিকালি কম্পিউতাৰৰ দ্বাৰা জ্যোতিষ গণনাত লাগিছে। আমি এই বিষয়ে সচেতন যে সংখ্যাগৰিষ্ঠ মানুহেই জ্যোতিষ বিশ্বাসী। তথাপিও সস্তীয়া জনপ্ৰিয়তা লাভৰ প্ৰচেষ্টা নচলাই আমি মুকলিভাৱে জ্যোতিষক এটা অন্ধবিশ্বাস বুলি ঘোষণা কৰিছোঁ। আশা কৰোঁ এই সম্পৰ্কত জনসচেতনতা গঢ় ল’ব আৰু বিজ্ঞান-মনস্কতা বলৱান হৈ উঠিব।

বিজ্ঞানসন্মত শব্দৰ সম্পৰ্কত আমাৰ শেষ কথা এয়ে যে অসমীয়া জাতীয় অভিধান অন্ধবিশ্বাস আৰু বিজ্ঞানমনস্কতাৰ মাজত নিৰপেক্ষ নহয়; ই অন্ধবিশ্বাসৰ বিপক্ষে আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে প্ৰকাশ্য আৰু দৃঢ় স্থিতি গ্ৰহণ কৰিছে।

প্ৰশ্ন উঠিব পাৰে অসমীয়া জাতীয় অভিধানখন বিশ্বকোষীয় কিয়? কোনোবাই ক’ব পাৰে যে অভিধান অভিধানেই আৰু বিশ্বকোষ বিশ্বকোষেই। তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে অভিধান বহুতধৰণৰ থাকে আৰু তাৰ ভিতৰত বিশ্বকোষীয় অভিধানো অন্যতম।

আমি বিশ্বাস কৰোঁ যে ভাল অসমীয়া হৈও ভাল বিশ্ববাসী হ’ব পাৰি। জ্যোতিপ্ৰসাদৰ ভাষাৰে ক’বলৈ গ’লে, ‘গাঁৱলীয়া বাটেৰে, লুইতৰ ঘাটেৰে জগত সভালৈ যাওঁ’। অৰ্থাৎ নিজ গাঁৱৰ পৰা ওলাই লুইতেৰে ভটীয়াই আমি সাগৰৰ সিপাৰৰ বিশ্বদৰবাৰলৈ যাওঁ। অসমীয়া ভাষাক ভাল পায়ো, অসমৰ বায়ু-পানীৰে পুষ্ট হৈও, অসমীয়া ভাষাত ভাবনা-চিন্তা কৰি, অসমীয়া ভাষাত সপোন দেখিও আমি জগতৰ মুকলি বতাহৰ বাবে আমাৰ দুৱাৰ-খিৰিকি নিৰ্ভয়ে খুলি দিব পাৰোঁ।

সেয়েহে অভিধান নিৰ্মাণৰ ক্ষেত্ৰতো চূড়ান্ত সংৰক্ষণশীল ফান্সৰ পেৰি একাদেমিৰ বিপৰীতে আমি অক্সফৰ্দৰ অভিধান নিৰ্মাণ পদ্ধতি অৱলম্বন কৰিছোঁ। দিয়া আৰু লোৱাত দ্বিধা নাই আমাৰ। যি ইংৰাজী ভাষাত আজি কমেও দহ লাখ শব্দ আছে, চেমুৱেল জনচনৰ ১৭৫৫ চনৰ অভিধান মতে তাৰ আছিল মাত্ৰ ৪৫,০০০ শব্দ। এই আঢ়ৈশ বছৰত ভাষাটোলৈ কমেও ৯,৫৫,০০০ অতিৰিক্ত শব্দ ক’ৰপৰা আহিল? নক’লেও হয় যে এয়া ইংৰাজীয়ে বুটলিছে অসমীয়াৰ দৰে পৃথিৱীৰ প্ৰতিটো ভাষাৰে পৰা। সি যিমান লৈছে, সিমানেই বিলাই দিছে। কাৰণ ভাষাৰ বাবে শব্দৰ ঋণ লোৱাত আপত্তি নাথাকে যদি সেই শব্দ আত্মসাৎ কৰি আত্মলীন কৰি পেলাব পাৰি। এনে ঋণে কোনো সুদ মাগি কাকো দেউলীয়াও নকৰে। সন্তুলিতভাৱে, বিচক্ষণ বিবেক-বিবেচনাৰে নিজস্বতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখি তেনে ঋণ-শব্দ আত্মসাৎ কৰিব পাৰিলে ভাষা হয় সমৃদ্ধতৰ আৰু মহত্তৰহে।

সেয়েহে বিশ্বৰ সকলো প্ৰান্তৰে জীৱ-জন্তু, তৰু-তৃণ, বৈজ্ঞানিক-দাৰ্শনিক পৰিঘটনা, ভূগোল আৰু বুৰঞ্জীৰ তথ্য, নবেল প্ৰাপকসকলকে ধৰি শিল্পী, খেলুৱৈ, চিন্তাবিদ, ৰাষ্ট্ৰনেতাসকলৰ সম্পৰ্কে অভিধানৰ যোগেদি পৰবৰ্তী প্ৰজন্মক ৱাকিবহাল কৰাটো আমি নৈতিক দায়িত্ব বুলিয়েই বিবেচনা কৰিছোঁ। তেনে উদাৰ, প্ৰগতিশীল দৃষ্টিভংগীৰেই অসমীয়া জাতীয় অভিধানখন বিশ্বকোষীয় কৰা হৈছে।

আমি ভাবো যে দৃষ্টিভংগীৰ সীমাবদ্ধতাই অসমীয়া ভাষাৰ বাবে ঘাতক ভূমিকা লৈছে। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বেপ্তিস্ত মিচনেৰি চাহাবসকলে গোটোৱা ১৪,০০০ শব্দৰ লগত হেমচন্দ্ৰ বৰুৱাই ৮,০০০ শব্দ যোগ দি মুঠ ২২,০০০ কৰা হেমকোষ প্ৰকাশ পায় ১৯০০ চনতে। পৰবৰ্তী ১০৯ বছৰত অৰ্থাৎ আজিৰ তাৰিখলৈকে প্ৰকাশিত হেমকোষৰ শেহতীয়া (ত্ৰয়োদশ সংস্কৰণ, ২০০৭  চন) সংস্কৰণত শব্দ সংখ্যা মাত্ৰ ৪৩,০০০। অৰ্থাৎ ১১০ বছৰত ভাষাটোৰ শব্দ বাঢ়িল মুঠেই ২১,০০০ টা। ইয়াৰ লগত অন্যান্য অভিধানসমূহৰ দ্বাৰা সংগৃহীত অতিৰিক্ত শব্দসমূহ যোগ দিলেও সংখ্যাটো ৫০,০০০ৰ ওচৰে-পাঁজৰেই থমকি ৰয়গৈ।

নক’লেও হয় যে একৈচ শতিকাৰ প্ৰথমৰ দশকত জগতসভাৰ বৰমেলত মাত্ৰ ৫০,০০০ শব্দৰ ভাষা এটা বৰ চহকি বুলি পৰিগণিত নহয়। কাৰণ সংস্কৃত সৰ্বস্ব এক মনোভাবে জন্ম দিয়া এক অদ্ভুত শুচিবায়ুগ্ৰস্ততাই আমাৰ ভাষাটোক শব্দৰ ক্ষেত্ৰত কাঙাল কৰিয়েই থৈছে। আমাৰ দৃষ্টিত অৱশ্যে ধনেৰে চহকি হ’বলৈ বিচৰাৰ বাবে মনেৰে চহকি হোৱাৰ যি হাবিয়াস লাগে ঠিক তেনেকৈ নিজৰ মাতৃভাষাটোক সমৃদ্ধতৰ কৰাৰ পূৰ্বচৰ্ত হৈছে এক উদাৰ আৰু বহল দৃষ্টিভংগী। আৰু তেনে দৃষ্টিভংগীৰ অনুপস্থিতিত শব্দ-দৈন্য এক ঐতিহাসিক পৰিঘটনা। ‘বিশ্বকোষীয়’ অসমীয়া জাতীয় অভিধানে ভাল অসমীয়াসকলক গোলকীয় গাঁওখনৰ সচেতন বাসিন্দা কৰি তোলাত সহায় কৰিব, নতুন প্ৰজন্মক অন্তৰ্দৃষ্টিসম্পন্ন বহিৰ্মুখী মানুহ কৰি তুলিব, এই আশা আমাৰ আছে।

৬.০ বিশ্বায়ন : নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ

উজনিত আহোম সামন্ত্ৰতন্ত্ৰৰ অধীনৰ একালৰ সুসংহত এলেকা নিয়ন্ত্ৰণৰ বাবে শিৱসাগৰ আছিল এক ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ স্থান। শদিয়াৰ পৰা জয়পুৰ হৈ হুঁহকি আহি মাৰ্কিন বেপ্তিস্ত মিচনেৰীসকলেও খানিকা পাতিছিল। ১৮৪৬ চনৰ পহিলা জানুৱাৰিৰ পৰা শিৱসাগৰৰ পৰা বেপ্তিস্ত মিচন প্ৰেচৰ পৰাই প্ৰকাশ পাইছিল অৰুনোদই আৰু ১৮৬৭ চনত মাইলচ ব্ৰনচনৰ অভিধান। এই দুয়োটা ঘটনাই অসমীয়া ভাষাৰ মান্যীকৰণলৈ প্ৰভূত বৰঙনি যোগায়।

ভাষাৰ মান্যীকৰণৰ কথা আহিলেই মান্যভাষা আৰু অমান্য অৰ্থাৎ উপ ভাষাৰ প্ৰসংগ আহে। এই ক্ষেত্ৰত ন্যায্যভাৱে উত্থাপিত প্ৰশ্ন হ’ল মান্যভাষাৰ সংজ্ঞা কি আৰু কোনে ঠিক কৰিব? যিসকল ক্ষমতাবান আৰু ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিকভাৱে কৰ্তৃত্বশীল, তেওঁলোকে নিজৰ আৰ্হিতে বাকী উপ ভাষাবোৰক সাঁচত ঢালিব বিচাৰে। আজি ভাৰতবৰ্ষত বিৰাজ কৰি থকা ভাষাৰ মৰ্যাদাৰ গাঁথনিটো এক ৰাজনৈতিকভাৱে স্তৰবিন্যস্ত গাঁথনি। আমি আমাৰ গৱেষণা গ্ৰন্থত সেই গাঁথনিক তলত দিয়াৰ দৰে নক্সাবদ্ধ কৰি দেখুৱাইছিলোঁ।

ইংৰাজী - সংস্কৃত

হিন্দী

অসমীয়াৰ দৰে অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষাবোৰ

সেই ভাষাবোৰৰ উপভাষাবোৰ

দলিত জনজাতি আদিৰ ভাষাবোৰ

বিখ্যাত আফ্ৰিকান লেখক ঙগুগিয়ে কৈছে, ‘অৰ্থনৈতিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ অবিহনে মানসিক নিয়ন্ত্ৰণ সম্পূৰ্ণ বা কাৰ্যকৰী নহয়। জনগণৰ সংস্কৃতি নিয়ন্ত্ৰণ কৰা মানেই হৈছে আনৰ লগত পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকৰ আত্ম-সংজ্ঞাৰ সঁজুলিবোৰক নিয়ন্ত্ৰণ কৰা’। তেওঁ আৰু কৈছে, ‘ভাষাই সংস্কৃতিক বহন কৰে, আৰু সংস্কৃতিয়ে মৌখিক আৰু লিখিত পৰম্পৰাৰ জৰিয়তে আমাৰ সেই সমগ্ৰ মূল্যবোধ নিয়ন্ত্ৰণ কৰে; যিবোৰৰ জৰিয়তে আমি নিজৰ সম্পৰ্কে আৰু জগতত নিজৰ স্থান সম্পৰ্কে, ধাৰণা কৰোঁ। সেই ভাষা হৈছে সুনিৰ্দিষ্ট ইতিহাস, আৰু জগতৰ লগত সুনিৰ্দিষ্ট সম্পৰ্কত আবদ্ধ, তথা এক সুনিৰ্দিষ্ট স্বৰূপ আৰু চৰিত্ৰ থকা এক মানৱ সমাজ হিচাপে আমাৰ সত্তাৰ লগত অবিেচ্ছদ্য।’ (Thiongo Ngungi, De-colonising the Mind.)

ফৰাচী সমাজতাত্ত্বিক পিয়েৰ বৰ্দিউৱেও ভাষাতত্ত্বক সমাজতাত্ত্বিক, ৰাজনৈতিক আৰু ঐতিহাসিক কাৰকৰ পৰা স্বতন্ত্ৰ এক স্বাধীন অধ্যয়ন-শৃংখলাৰূপে মানিবলৈ অস্বীকাৰ কৰিছে। (Bourdieu, Pierre, Language and Symbolic Power, Cambridge, 1991.)

ভাষাৰ স্তৰবিন্যাসৰ প্ৰসংগত দ০ এবি আৰু দ০ গুপ্তাই কৈছে - ‘সংবিধানৰ অষ্টম অনুসূচীয়ে ভাষাবোৰৰ এক নতুন স্তৰবিন্যাসৰ জন্ম দিছে।’ সেই নক্সাৰ নমুনা আমি ইতিমধ্যেই দেখুৱাই আহিছোঁ।

উক্ত নক্সাৰ পৰা দেখা যায় যে অসমীয়াৰ দৰে ভাষাবোৰ উক্ত স্তৰবিন্যাসৰ মধ্যবৰ্তী স্তৰত অৱস্থান কৰিছে। এই ভাষাবোৰ সিবিলাকৰ ওপৰত থকা ইংৰাজী আৰু হিন্দীৰ দ্বাৰা অৱহেলিত আৰু বঞ্চিত তথা বিপদাপন্ন। বিশ্বায়নৰ ফলত যোৱা কেইটামান দশকতে বিশ্বৰ সৰ্বমুঠ ৬,০০০ ভাষাৰ ৩,০০০ বিলুপ্ত হৈছে। (দ্ৰষ্টব্যঃ বিষ্ণুৰাত শৰ্মাঃ গোলকীকৰণৰ গৰাহত বিপন্ন ৩,০০০ ভাষা, পূৰ্বাচল, আমাৰ অসম, মাৰ্চ, ২০১৩) স্বাভাৱিকতেই এফালে সাম্ৰাজ্যবাদী বিশ্বায়ন আৰু আনফালে হিন্দী সম্প্ৰসাৰণবাদৰ বিধ্বংসী আগ্ৰাসন ৰোধিবলৈ প্ৰয়োজন হৈছে বহল আৰ মজবুত জন-ঐক্যৰ। বিভিন্ন জনগোষ্ঠীবোৰৰ মৰ্যাদা দিয়াৰ উপৰিও তাৰ বাবে জৰুৰী সকলোধৰণৰ মানুহৰ লৌহদৃঢ় ঐক্য।

৭.০ ধৰ্মমুক্ততাৰ পৰা ধৰ্মনিৰপেক্ষতালৈঃ ভাষা বনাম ধৰ্মৰ প্ৰশ্ন

আমি অন্যত্ৰ এই বিষয়ে বিতংকৈ দেখুৱাই আহিছোঁ যে ভাষা আৰু ধৰ্ম দুটা পৃথক বিষয়। দুয়োটাক একাকাৰ কৰি দিলে প্ৰায়ে প্ৰমাদ ঘটে। উদাহৰনস্বৰূপে স্বাধীনতা আন্দোলনৰ কালছোৱাত বংগৰ স্বাধীনতা সংগ্ৰামী গোটবোৰৰ ভিতৰত কি কংগ্ৰেচ, কি হিন্দু মহাসভা, কি যুগান্তৰ-অনুশীলনৰ দৰে উগ্ৰপন্থী গোট, সকলোৱে বাংলা ভাষাত উগ্ৰ আৰু অত্যধিক হিন্দু পৰিভাষা প্ৰয়োগ কৰাৰ ফলত কি বিপৰ্যয় ঘটিছে তাক আমি দেখুৱাই আহিছোঁ। দেশমাতৃৰ পূজাৰ বাবে এজন শাক্ত হিন্দুৱে কালীগোঁসানীৰ আগত ছাগলী বলি দি কঁপালত তেজৰ তিলক লৈ বন্দেমাতৰম ধবনি তুলি শপত খাব পাৰে, কিন্তু সেই একেটা আচৰণে এজন নৈষ্ঠিক হিন্দু বৈষ্ণৱ অথবা এজন ইমানদাৰ মুচলিম নাইবা এজন নিষ্ঠাবান কমিউনিস্তক আন্দোলনটোৰ পৰাই দূৰলৈ ঠেলি দিব পাৰে। বাংলা ভাষাৰ অত্যধিক সংস্কৃতকৰণ আৰু হিন্দুকৰণৰ পৰিণতি কি ঘটিছিল, সেই সম্পৰ্কে আমেৰিকাৰ প্ৰবাসী বিশিষ্ট সমাজবিজ্ঞানী জ্ঞানব্ৰত ভট্টাচাৰ্যই আঙুলিয়াই দিছে।

ভট্টাচাৰ্যই ইংৰাজী ভাষাৰ আদৰ্শ উচ্চাৰণবিধিৰ সম্পৰ্কে ৰবাৰ্ত মাকক্ৰামৰ 'The Story of English' (New York, 1980) গ্ৰন্থৰ পৰা উধৃতি দি দেখুৱাইছে যে ভাষাৰ আদৰ্শ নিৰ্ধাৰণ এটা ৰাজনৈতিক কাম। ইয়াৰ ফলত ভাষাৰ শব্দসম্ভাৰ, উচ্চাৰণবিধি আৰু ব্যাকৰণৰ কিছু নিয়মৰ সৃষ্টি হয়। কেৱল সিমানেই নহয়। প্ৰায় সকলো ক্ষেত্ৰতে ক্ষমতাবান নগৰ কেন্দ্ৰৰ অভিজাতৰ ভাষাই হৈ উঠে আদৰ্শ নিৰ্ধাৰণৰ ভিত্তি। আদৰ্শ ভাষাই যিমানেই মুদ্ৰণ মাধ্যমৰ ওপৰত একচেতিয়া দখল চলায়, সিমানেই অন্য আঞ্চলিক ভাষাবোৰ একাষৰীয়া হৈ পৰে, আৰু শেষ পৰ্যন্ত বিলুপ্ত হয়। বাৰ্নস্তাইনেও দেখুৱাইছে যে জনগণৰ সাংস্কৃতিক পুঁজিৰ এটা ডাঙৰ অংশ, কিজানি সেই পুঁজিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে ভাষা। ভাষাক গ্ৰাস কৰাৰ মাধ্যমত অভিজাতসকলে সাংস্কৃতিক পুঁজিৰ একাংশ আত্মসাৎ কৰে। (Bernsteinৰ Class Codes and Control, London)

ভট্টাচাৰ্যই দেখুৱাইছে যে বংগৰ স্বাধীনতা আন্দোলনৰ প্ৰচাৰত ব্যাপকভাৱে হিন্দুৰ প্ৰতীকচিহ্ন, আচাৰ আনুষ্ঠানিকতা, ধৰ্মীয় পৰিভাষা আৰু মূল্যবোধ প্ৰচাৰ কৰা হৈছিল। তেওঁ লিখিছে ‘বন্দেমাতৰম গান সংস্কৃত ভাষাত ৰচিত, মাজত আছে কিছু বাংলা শব্দ। ইয়াত যি দেৱী প্ৰতীক কল্পনা কৰা হৈছে সিও শাক্ত হিন্দুসকলৰ প্ৰতীক’। ফলত মুচলিমৰ উপৰিও বৈষ্ণৱকে ধৰি অন্যান্য পন্থাৰ হিন্দুসকলো আঁতৰি যোৱা স্বাভাৱিক আছিল।

বংগৰ ‘নৱজাগৰণ’ তাৰ মুচলিমসকলৰ বাবে দুমুখীয়া আঘাত হৈহে আহিছিল। ই তেওঁলোকৰ মুখৰ আৰবী-ফাৰ্চী-উৰ্দু মিহলি গ্ৰাম্য ভাষাৰ মৰ্যাদা কাঢ়ি নিলে আৰু ৰাজনৈতিক-অৰ্থনৈতিক প্ৰেক্ষাপটত তেওঁলোকক একাষৰীয়া কৰি দিলে। সেয়েহে বংগৰ নৱজাগৰণ আছিল এক সম্পূৰ্ণ হিন্দু বিষয়। বাঙালী সংস্কৃতিৰ লগত হিন্দুধৰ্মীয় ৰূপকল্পৰ ভৰা ঐতিহ্যৰ মেলবন্ধন ঘটিছিল তাত। ‘নৱজাগৰণ’ৰ লগে লগে মধ্যযুগৰ হিন্দু মুচলিম সমন্বয়ৰ যুগৰ অৱসান ঘটে। মুচলিমসকলৰ ওচৰত এই ‘নৱজাগৰণ’ বাংলাৰ হিন্দুকৰণৰ বাহিৰে আন একো নাছিল। ১৮৫৪ পৰ্যন্ত বাংলা আছিল হিন্দু মুচলিম উভয়ৰে বাপতিসাহোন।

‘নৱজাগৰণ’ৰ বিৰুদ্ধে মুচলিম প্ৰতিৰোধৰ ধাৰা একেলগতে ভাষাগত, সাহিত্যিক আৰু ৰাজনৈতিক। ‘নৱজাগৰণ’ৰ ফলত হিন্দুসকল যেনেকৈ ‘পবিত্ৰ হিন্দু ঐতিহ্য’ৰ প্ৰতি আকৃষ্ট হয় আৰু বাংলা ভাষাৰ সংস্কৃতকৰণ পৰিকল্পিতভাৱে আৰু পূৰ্ণোদ্যমে আৰম্ভ হয়, ঠিক তেনেকৈ তাৰ প্ৰতিক্ৰিয়াস্বৰূপে মুচলিমসকলেও ‘পবিত্ৰ মুচলিম’ ঐতিহ্যৰ ফালে যাত্ৰা আৰম্ভ কৰে আৰু আৰবী, ফাৰ্চী আৰু উৰ্দু ভাষাৰ ধাঁচ পৰিকল্পিতভাৱে বাংলা ভাষালৈ আমদানি কৰে। হিন্দুসকলৰ সংস্কৃতগন্ধী বাংলাৰ বিপৰীতে তৈয়াৰ হয় মুচলিম-বাংলা। সভাপতিয়ে সভাপতিত্ব কৰাৰ সলনি ‘পৌৰোহিত্য’ কৰা বুলি ক’লে, (মহা) বিদ্যালয়ৰ অধ্যক্ষক হিন্দু গুৰুকুলৰ দৰে ‘আচাৰ্য’ আখ্যা দিলে তাৰ প্ৰতিক্ৰিয়া হয়। মুচলিমসকলে এইবাৰ সভাত ‘পৌৰোহিত্য কৰে.... দেৱে’ৰ সলনি জামাতত ‘ইমামতি কৰে.... জনাবে’ যদি লিখে, অধ্যক্ষক যদি ‘মস্তমিম’ বোলে তেতিয়া ভাষাটোৰ সাম্প্ৰদায়িক বিভাজন সম্পূৰ্ণ হৈ পৰে। আচৰিত হ’ব লগা নাথাকে যেতিয়া অচিৰেই পূব ভাৰতৰ শক্তিশালী বাঙালী জাতিসত্তা বাঁহ ফলাদি ফালি পৰিণত হয় দুটা ভিন ভিন ভাষা কোৱা ভিন ধৰ্মাৱলম্বী জাতিত, আনকি দুখন পৃথক ৰাষ্ট্ৰত। আৰু ভাষাৰ এই সাম্প্ৰদায়িকীকৰণ, বিভাজন, বংগৰ কুখ্যাত হিন্দু মুচলিম সংঘৰ্ষৰ আঁৰত, দেশবিভাজনৰ আঁৰত জানো বৃতিচ সাম্ৰাজ্যবাদৰ হাত স্পষ্ট নহয়? (জ্ঞানব্ৰত ভট্টাচাৰ্যঃ বাংলাৰ ভাষা, শ্ৰেণী ও সম্প্ৰদায়, অনীক, চেপ্তেম্বৰ ১৯৯২)

ভাষা সেয়ে বিশুদ্ধ বিদ্যায়তনিক বিষয় কেতিয়াও নহয়। বৃতিচ সামাজ্যবাদৰ নিৰ্দেশ ক্ৰমেই ঐক্যবদ্ধ হিন্দুস্তানী ভাষা ভাঙি থানবান কৰি হিন্দী আৰু উৰ্দু ৰূপত তাৰ পৰস্পৰবিৰোধী নিৰ্মাণৰ কথাও আজি পোহৰলৈ আহিছে।

বিশিষ্ট গৱেষক অধ্যাপিকা বসুধা দালমিয়াই তেওঁৰ বিখ্যাত The Nationalization of Hindu Traditions ( Oxford India, 1977) গ্ৰন্থত অজস্ৰ অকাট্য তথ্যসহকাৰে দেখুৱাইছে যে হিন্দু-মুচলিম উভয়ৰে উৰ্দু আখৰত লিখা হিন্দুস্তানীৰ বিপৰীতে কেৱল হিন্দুৰ বাবে দেৱনাগৰী আখৰত লিখা হিন্দী কৃত্ৰিমভাৱে নিৰ্মাণ কৰিবলৈ বিচাৰিছিল বৃতিচে। সেয়া আজিৰ পৰা মাত্ৰ দুশ বছৰৰ আগৰ কথা। বসুধা দালমিয়াৰ ভাষাত -- The institutionalization of Hindustani and Hindui as two autonomous linguistic entities  came about when the Fort Willam College was founded in Calcutta in 1800 for the benefit of young British civilians entering the service of the East India Company. Five professors were duly appointed in 1801. One each for Law, Greek, Latin and English, and one for Persian and Arabic..... Johan Gilchrist was the natural choice as professor for Hindustani.... Gilchrist realized that some arrangment needed to be made to teach Hindui or Bhakha, written, as was appropriate, in the Nagari script. On 19th February 1802, when the college council approved the demand by Gilchrist for a Bhakha Munsi, Lallajila (1747-1824), a Gujarati Brahman, was appointed to the post. With the establishment of the Bhakha department, the foundation was laid for Hindi as the language of the Hindus.

বসুধা দালমিয়া নামৰ এইগৰাকী গৱেষিকাই তেওঁৰ এইখন বিখ্যাত গ্ৰন্থত  আৰু দেখুৱাইছে যে এচ. দব্লিও. ফেলন নামৰ চাহাব এজনে প্ৰথম A New Hidustani English Dictionary (1879) প্ৰণয়ন কৰে। অৱশ্যে এই কাৰ্যই হিন্দী-হিন্দু লবিটোক সন্তুষ্ট কৰিব নোৱাৰিলে। কুইনচ্ কলেজৰ প্ৰধান শিক্ষক মথুৰাপ্ৰসাদ মিত্ৰই ইচ্ছা কৰিয়েই হিন্দুস্তানী ভাষাটোক সংস্কৃতীয়া কৰি তুলিলে। ইয়াক এটা বিশুদ্ধ আৰ্য ভাষাৰ ৰূপ দি ভাৰতীয় আন ভাষাবোৰৰ ওপৰত আধিপত্যকাৰী ৰূপে সজোৱা হ’ল।

ভাষাৰ প্ৰশ্ন লৈ হিন্দু-মুচলমানৰ মাজত হিন্দী-উৰ্দু বিতৰ্কৰ সৃষ্টি কৰাৰ প্ৰয়াসেৰে কোৱা হ’লঃ

That Urdu is the language of the gentry and Hindi that of the vulgar, that statement is not only incorrect, but also unjust to Hindus. For Horichandra, Urdu 'is the language of the dancing girls and prostitutes'.

এইদৰেই এফালেদি হিন্দীৰ সংস্কৃতকৰণ আৰু আনফালে উৰ্দুৰ ফাৰ্চীকৰণ চলিব ধৰিলে; হিন্দুস্তানী ৰসাতলে গ’ল। বসুধা দালমিয়াৰ ভাষাত,....... 'the trend to Sanskritize Hindi, just as the Persianization of Urdu earlier in Delhi, had set in atleast by the mid-eighteenth century' বুলি হিন্দী-হিন্দুত্ববাদীসকলে কৰা দাবি সঁচা নহয়। মন কৰিবলগীয়া যে ফাৰ্চী-আৰবী লিপিৰে সৈতে হিন্দুস্তানী ভাষা আদালতৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ১৮৩৭ চনত (আৰু ১৮৩৬ চনত অসমৰ আদালতৰ পৰা বৃতিচে অসমীয়া ভাষা আঁতৰাই বাংলাক বহাইছিল; মতলব আছিল অসমীয়া-বাঙালী চিৰশত্ৰুতা সৃষ্টি কৰা)। এতেকে ওঠৰ শতিকাৰ পৰাই হিন্দী ভাষাৰ চৰ্চাৰ প্ৰশ্নই নুুঠে। হিন্দী এটা নিতান্তই নতুন ভাষা। বৃতিচ সাম্ৰাজ্যবাদৰ ঔৰসত, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ গৰ্ভত ইয়াৰ জন্ম; সূতিকাগৃহ আছিল ফৰ্ত উইলিয়াম, কলকাতা।

সেয়েহে গৱেষক বসুধা দালমিয়াই অত্যন্ত যথাৰ্থভাৱে কৈছে --

"In its more sanitized variety, Hindi as the language of Hindus not only shut out Muslim participation, but in its inreasing sanskritization, unwittingly, as it were, also achieved polarization with the Dravidian languages of the south." (Ibid, p. 221).

কিন্তু হিন্দুস্তানী ভাষাৰ পৰা উৰ্দু-আৰবী-ফাৰ্চী শব্দবোৰ আঁতৰ কৰি তাক বিশুদ্ধ সংস্কৃতীয়া-হিন্দু কৰিবলৈ লোৱা প্ৰচেষ্টাৰ পৰা আটাইতকৈ লোকচান হ’ল হিন্দী ভাষাৰে। ই আৰু হিন্দু-মুচলিমৰ উমৈহতীয়া ভাষা হৈ নুঠিল। উত্তৰ-পূব আৰু দক্ষিণ ভাৰতত তাৰ গতি ৰুদ্ধ হ’ল। ভাৰতবৰ্ষৰ প্ৰকৃত ৰাষ্ট্ৰীয় ভাষা হোৱাৰ বাবে ইয়াৰ দাবিয়ে নৈতিক সমৰ্থন হেৰুৱালে চিৰকালৰ বাবে। বোলে লোকলৈ বুলি হুল পুতি আপুনি মৰে ফুটি। সেয়ে আমি কৈছোঁ, ভাষা শেষ বিচাৰত এক সামাজিক-ৰাজনৈতিক প্ৰশ্ন। হিন্দী আৰু বাংলাৰ সাম্প্ৰদায়িকীকৰণ আৰু বিভাজনৰ পৰা শিক্ষালৈ আমি অন্ততঃ অসমীয়াক এটা সাম্প্ৰদায়িকতামুক্ত ভাষা কৰি ৰখা উচিত। আৰু সেইকাৰণে অসমীয়া ভাষাক ধৰ্মীয় ভিত্তিত বিভাজন কৰাৰ আশংকা দূৰতে বিদূৰ কৰাৰ বাবে আমি মাত মাতি আহিছোঁ। অসম সাহিত্য সভাৰ সভাপতিসকলে তেওঁলোকৰ সভাপতিৰ অভিভাষণসমূহতে প্ৰচুৰ ধৰ্মীয় শব্দৰাজি ব্যৱহাৰ কৰাৰ বিপদ সম্পৰ্কে আমি তেওঁলোকক সজাগ কৰি দিছোঁ। আহ্বান জনাইছোঁ যাতে ভাষা আৰু ধৰ্মক কোনো কাৰণতে একাকাৰ কৰা নহয়।

আমাৰ স্পষ্ট কথা; অসমীয়া ভাষা কেৱল কোনো এক ধৰ্মৰ, এটা পন্থাৰ মানুহৰ নহয়; ই বৈষ্ণৱ, শাক্ত, শৈৱ নিৰ্বিশেষে সকলো হিন্দু আৰু মুচলিম, শিখ, বৌদ্ধ, জৈন, খৃস্তান, পাৰ্চী, জড়বাদী, নাস্তিকৰ প্ৰাণৰ ভাষা। গতিকে ইয়াক সকলোৰে উমৈহতীয়া ভাষা কৰিয়েই জীয়াই ৰাখিব লাগিব। আৰু সেইবাবে প্ৰয়োজন এক উদাৰ বহল দৃষ্টিভংগীৰ। এই অভিধানৰ মুখ্য সম্পাদক ব্যক্তিগতভাৱে সকলো ধৰ্মবিশ্বাসৰ পৰা মুক্ত এজন নাস্তিক হোৱা সত্ত্বেও এই অভিধানত ধৰ্মমুক্ততাৰ নীতি প্ৰয়োগ কৰা হোৱা নাই। বৰং ইতিহাসৰ চলমান পৰ্যায়ৰ লগত খাপ খোৱাকৈ ইয়াত সঁচা ধৰ্মনিৰপেক্ষতাৰ উদাৰ নীতিহে  অৱলম্বন কৰা হৈছে।

৮.০ সংস্কৃতৰ সপক্ষে, বলপূৰ্বক সংস্কৃতকৰণৰ বিপক্ষে

অসমীয়া জাতীয় অভিধানে ভাৰতবৰ্ষৰ অন্যতম প্ৰাচীন তথা প্ৰভাৱশালী ভাষা সংস্কৃতৰ প্ৰতি গভীৰ শ্ৰদ্ধা পোষণ কৰে। অভিধানখনৰ  মুঠ শব্দৰ ৫০% ই সংস্কৃত বা সংস্কৃতমূলীয়। একে সময়তে নিম্নোক্ত দিশবোৰৰ প্ৰতিও ই সজাগ যেঃ

১) ঋক্বেদৰ ভাষা আৰু সংস্কৃত হুবহু একে নহয়, পাচৰটো পৰবৰ্তী কালত মূলতঃ ভাৰতৰ মাটিত বিকশিত হোৱা এক পৰ্যায়।

২) সংস্কৃত শব্দৰ অৰ্থই হৈছে সংস্কাৰ কৃত। দ্ৰাবিড়, অস্ত্ৰিকমূলীয় দেশীয় ভাষাবোৰৰ বিভিন্ন শব্দ সংস্কাৰ কৰি সংস্কৃতত তুলি লোৱাটোৱেই আছিল প্ৰথা। এতেকে সংস্কৃতে আন ভাষাবোৰক প্ৰভাৱিত কৰাটো যিমান সঁচা, সেই ভাষাবোৰৰ দ্বাৰা প্ৰভাৱিত হোৱাটোও সমানে সঁচা।

৩) সংস্কৃতৰ স্নিগ্ধ, সমাহিত, গাম্ভীৰ্যপূৰ্ণ প্ৰভাৱে ভাষা এটাক যেনেকৈ পৰিশীলিত কৰি তোলে, তেনেকৈ তাৰ অতিৰিক্ত বা অতিৰঞ্জিত প্ৰভাৱ, বলপূৰ্বক সংস্কৃতকৰণে ভাষাটোক ক্ষতিগ্ৰস্তও কৰে।

৪) ভাৰতৰ আন আঞ্চলিক ভাষাবোৰ আৰু সিবিলাকৰ অভিধানবিলাকত শব্দৰ ব্যুৎপত্তি নিৰ্ণয়ৰ ক্ষেত্ৰতো তেনে বলপূৰ্বক বা কৃত্ৰিম সংস্কৃতকৰণৰ প্ৰৱণতা পৰিলক্ষিত হয়।

৫) অসমীয়া অভিধানবিলাকত পৰিলক্ষিত তেনে প্ৰৱণতাৰ কেইটামান দাঙি ধৰিছোঁ

ক)আঁকোৱালি শব্দৰ ব্যুৎপত্তি সংস্কৃত ‘আকৰ্ষণ’ (হেমকোষ, ২০০৬)।

খ)‘অদৰ্কাৰ’ শব্দটো সংস্কৃত (হেমকোষ, ২০০৭)। (মন কৰিবলগীয়া যে এই শব্দটো ১৯৯২ চনৰ সংস্কৰণটোতো নাছিল। অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ পৰৱৰ্তী কালতহে ই অন্তৰ্ভুক্ত।

গ) ‘আলহী’ শব্দটো সংস্কৃত ‘আলস্য’ বা ‘অতিথি’ শব্দৰ পৰা ওলোৱা। প্ৰকৃততে ই সদৃশ এটা বড়ো শব্দ অথবা ‘আলহ উদহ’ৰ পৰাহে ওলোৱাৰ সম্ভাৱনা।

আহাম্মক শব্দটো আৰবী। কিন্তু কোনো কোনো অভিধানত ইয়াক অহন্মুৰ্খ নামৰ সংস্কৃত শব্দৰ অপভ্ৰংশ বুলি কোৱা হৈছে। একেদৰে অজগৰ শব্দটো অজ, অৰ্থাৎ ছাগলী + গৰ, অৰ্থাৎ গিলা বুলি হেমকোষত ব্যুৎপত্তি দেখুওৱা হৈছে। কিন্তু মুন্দাৰী ভাষাত অজগৰ মানে ডাঙৰ, বিশাল, বহুত বিশাল। মুণ্ডাৰী অভিধানত উক্ত শব্দৰ উদাহৰন দিবলৈ গৈ কোৱা হৈছে অজগড় মৰং মিলিব লে লেল লিঃআ (আমি বহুত ডাঙৰ হৰিণা দেখিলোঁ)। একেদৰেই মৈদামক মহি + দাম, অৰ্থাৎ মাটিৰ দ’ম বুজোৱা সংস্কৃত শব্দ বুলি বুজোৱা বিপৰীতে তাই ভাষাৰ মে-দাম-মে-ফি শব্দৰে সদৃশ ‘দাম’  অৰ্থাৎ  মৃতকৰ সমাধি বুলিলেই ব্যুৎপত্তি বেছি সহজ হয়। সেইদৰে গাখিৰ শব্দটো গো + খিৰ (গৰুৱে খিৰ বা পায়স দিয়েনে ?) বুলি সংস্কৃত ব্যুৎপত্তি দেখুৱাতকৈ মিচিমি ভাষাৰ গাঁখি শব্দৰ লগত ইয়াৰ সাদৃশ্যৰ কাৰণ অনুসন্ধান কৰাটো বেছি উচিত। আমাৰ সিৰে সিৰে প্ৰবাহিত ‘তেজ’ শব্দটোৰ একেই অৰ্থত হিন্দী- বাংলা-সংস্কৃতত নাই৷ কিন্তু নাগা ভাষাত আছে। অসমীয়া মানুহে মাকক সম্বোধন কৰাৰ পবিত্ৰ ‘আই’ শব্দটো যে বড়ো ভাষাৰ উপৰিও, মুণ্ডাৰী মূলীয় ভাষাবোৰত, মাৰাঠীতো আছে কিন্তু  সংস্কৃতত নাই, আমাৰ আজু (ককা/আইতা) বুজোৱা শব্দটোও যে মুণ্ডাৰী মূলীয়, তাক ক’লে মহাভাৰত অশুদ্ধ নহয়, সেয়েহে সংস্কৃতসৰ্বস্বতাৰ বিপৰীতে আমি ক’ব খোজো যে আমি বড়ো ‘আই’ৰ বুকুৰ মিচিমি ‘গাখীৰ’ খোৱা নাগা ‘তেজ’ৰ অসমীয়া।

৯.০ অভিধান বৈষম্যৰ প্ৰতিষ্ঠান নহয়

দৃষ্টিভংগী হোৱা উচিত জাতি জনগোষ্ঠীসমূহৰ প্ৰতি সমমৰ্যাদ আৰু ঠিক সেই কাৰণে কোনো অভিধানে যদি বৰাহী জনজাতিক সংস্কৃত ব্যুৎপত্তি দেখুৱাই বৰাহী অৰ্থাৎ গাহৰি খোৱা জাতি, কাৰ্বি জনজাতিক সংস্কৃত ক্ৰব্য অৰ্থাৎ কেঁচা মাংস খোৱা জাতি, মৰাণ মটকসকলক এটা নিষ্ঠুৰ জাতি বুলি সংজ্ঞা দিয়ে সেয়া গ্ৰহণযোগ্যতো নহয়েই, অতিশয় আপত্তিজনক হৈ পৰে। জাতি গঢ়াৰ সলনি অভিধানে তেতিয়া জাতি ভাঙিবলৈ উদ্যত হয়।

অৱশ্যে এয়া কেৱল অসমৰে অভিজ্ঞতা নহয়। চেমুৱেল জনচনৰ দিনৰ পৰা একাংশ আভিধানিকে অন্যান্য সম্প্ৰদায়ৰ প্ৰতি অৱমাননাকৰ মন্তব্য কৰি আহিছে। ইন্দিয়ানা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক মাইকেল আদাম্চে দেখুৱাইছে কেনেকৈ চেমুৱেল জনচনে তেওঁৰ অভিধানত দিয়া সংজ্ঞাবিলাকৰ জৰিয়তে আন সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ বা বৈষম্য সৃষ্টি কৰিছে। অ’ত্চ্ নামৰ শস্যবিধৰ সংজ্ঞা দিবলৈ গৈ তেওঁ কৈছিল, "Oats, a grain which in England is generally given to horses, but in Scotland supports the people." (What Samuel Johnson Really Did, Humanities, Sept-Oct, 2009.)

কিন্তু বহু জনগোষ্ঠীগত, বহু ভাষামূলীয়, বহুত্ববাদী সমাজ এখনক একজাতীয় ভাবাদৰ্শৰে সমন্বিত কৰিবলৈ হ’লে প্ৰয়োজন সকলোৰে প্ৰতি সম-মৰ্যাদা আৰু সম-অধিকাৰৰ, আৰু তেনে দৃষ্টিভংগীৰ প্ৰত্যক্ষ প্ৰতিফলন ঘটিব লাগে জাতীয় অভিধানখনৰ শব্দসম্ভাৰতো।

সেয়েহে অসমীয়া জাতীয় অভিধানে অসমত বসবাসকাৰী যিবোৰ জনগোষ্ঠীৰ তেজ, ঘাম, চকুলোৰে অসম জীপাল, যিসকলে অসমক শোষণ কৰি ভাৰত/পৃথিৱীৰ আন ঠাইক সমৃদ্ধ কৰা নাই তেনেবোৰ অসমপ্ৰেমী, পৰিশ্ৰমী জনগোষ্ঠী সংস্কৃতি, উৎসৱ-পাৰ্বন, পূজা-পাতল, পোচাক-পৰিচ্ছদ, দেৱ-দেৱতা, জাতীয় বীৰ-বীৰাংগনা, উপাধি আদিৰ বিষয়ে অসমীয়া জাতীয় অভিধানত যথোচিত উল্লেখ থকা উচিত বুলি আমি গণ্য কৰোঁ।

আৰু সেইবাবে বড়োসকলৰ বাগৰুম্বা, মিচিংসকলৰ ঐনিতম, মণিপুৰীসকলৰ লাই হাৰাওবাৰ দৰে সাংস্কৃতিক সম্পদ; বৃতিচবিৰোধী খাচী চহিদ উ তিৰৎ সিং, জয়ন্তীয়া চহিদ উ কিয়াং নংবা, মণিপুৰৰ হিজাম ইৰাবৎ সিং, ঝাৰখণ্ডী আদিবাসীৰ মুংৰি ওৰাং, বাংকুৰু চাওৰা, দুৰ্গি ভূমিজ আদি চহিদ, সোনোৱালসকলৰ হাইদাং গীত, আদিবাসীসকলৰ চহৰাই পৰৱ, তুচু বা কৰম পৰৱ, কাৰ্বিসকলৰ চমাংকান, ৰাভাসকলৰ ফাৰকান্তি নৃত্য, খামতিসকলৰ উৎসৱ পয় চাংকেন, তাই আইতনসকলৰ উৎসৱ পয় দুন চি, গাৰোসকলৰ উৎসৱ মাংগোনা, ডিমাচাসকলৰ উৎসৱ বুচু, দেউৰীসকলৰ দেৱদেবী গিৰাগিৰাচি, ৰাভাসকলৰ বাইথ’ বা খক্চি পূজা, গোৱালপাৰাৰ হাজংসকলৰ লেৱাটনা বিহু আদি বহুবোৰ শব্দ অসমীয়া জাতীয় অভিধানৰ অন্তৰ্ভুক্ত হৈছে আৰু হৈ অসমীয়া ভাষাক সালংকৃত, সুশোভিত কৰি তুলিছে।

এই উদাৰ কাৰ্যৰ দ্বাৰা আমি বিগত দিনত আমাৰেই পূৰ্বসূৰী একাংশই বিভিন্ন জনগোষ্ঠীৰ ওপৰত চলাই অহা ভাষিক অৱদমনৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছোঁ। ১৯৬০ চনত অসম ৰাজ্যভাষা আইন আন্দোলনৰ নামত জনজাতিসকলক দূৰলৈ ঠেলি দিয়া, ১৯৭৪ চনত বড়ো ভাষাৰ বাবে ৰোমান লিপিৰ বাবে হোৱা আন্দোলনৰ ওপৰত গুলি চলাই ওঠৰজন বড়ো যুৱক-যুৱতীক হত্যা কৰাৰ সময়ত অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে নিৰৱ সমৰ্থন কৰা বুলি উঠা অভিযোগ; অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ লিপি সমস্যা পুস্তিকাত প্ৰকাশ পোৱাৰ দৰে সেই সভাই বড়ো সাহিত্য সভাৰ নেতৃত্বক কৰা সূক্ষ্ম/স্থূল বল প্ৰয়োগৰ ভাষাৰ বিপৰীতে আমি ক’ব বিচাৰিছোঁ বন্ধুত্ব আৰু আত্মীয়তাৰ কোমল ভাষা; হিংসাৰ চিকমিক চোকা তৰোৱাল নমাই থৈ আমি উৰুৱাব বিচাৰিছোঁ শান্তিৰ পবিত্ৰ শুকুলা পতাকা। অসম সাহিত্য সভাৰ অন্যতম সভাপতি মিত্ৰদেৱ মহন্তৰ ভাষাৰে আমি ক’ব বিচাৰিছোঁ, মানুহৰ জীৱন আৰু তেজৰ বিনিময়ত আমাক ভাষা নালাগে, তেজৰ সলনি চকুলোৰে জীপাল উমাল হওক সেই ভাষা।

১০.০ প্ৰসংগ আখৰ জোঁটনি

হেম সৰস্বতীৰ পৰা শংকৰদেৱ---জাদুৰাম ডেকা বৰুৱা---আনন্দৰাম ঢেকীয়াল ফুকন---গোলোকচন্দ্ৰ গোস্বামী হৈ অসমীয়া জাতীয় অভিধানলৈকে পৰিব্যাপ্ত প্ৰস্তাৱিত বিকল্প বানানৰ প্ৰসংগ

আমি এই সম্পৰ্কে সচেতন যে অসমীয়া জাতীয় অভিধানত অন্তৰ্ভুক্ত ২,০০,০০০ শব্দৰ প্ৰতিটোৰ বিপৰীতে বিকল্প বানান দিয়াৰ ব্যৱস্থাক লৈ বহু প্ৰশ্ন বা বিতৰ্কৰ উদ্ৰেক হৈছে। সেই ক্ষেত্ৰত আমি কেইটামান কথা প্ৰথমেই স্পষ্ট কৰি দিব বিচাৰিছোঁ।

(১) প্ৰতিটো প্ৰবিষ্টিৰ পাচতে সৰু বন্ধনীৰ ভিতৰত থকা বানানসমূহ অসমীয়া জাতিৰ ওচৰত আমাৰ প্ৰস্তাৱিত বানানহে মাত্ৰ। ভৱিষ্যতে যেতিয়া সদৌ অসমীয়া ৰাইজে লিপিটো সৰলীকৰণৰ প্ৰয়োজন অনুভৱ কৰিব (আমাৰ বিশ্বাস সেই দিন সুদূৰত নহয়), সেই দিনৰ বাবে আমি দুই লাখ সৰল বানান যুগুতাই ৰাখিছোঁ।

(২) আমি জানো যে আমাৰ এই প্ৰচেষ্টাক কোনো কোনোৱে ধৃষ্টতা বুলি গণ্য কৰিব। কিন্তু এয়া আমাৰ দুঃসাহস বুলিয়েই পৰিগণিত হওক অথবা সৎ সাহস বুলিয়েই, এই কথা ঠিক যে আমি মেকুৰীৰ ডিঙিত টিলিঙা পিন্ধোৱাৰ স্পৰ্ধা কৰিছোঁ।

(৩) আমি যাক প্ৰস্তাৱিত বানান, বিকল্প বানান বা সৰল বানান বুলি কৈছোঁ সেয়া কিন্তু অসমীয়া জাতীয় অভিধানৰ সম্পাদনা সমিতি অথবা ইয়াৰ মুখ্য সম্পাদকৰ মস্তিষ্কপ্ৰসূত নহয়। বৰং ই অসমীয়া ভাষা তথা লিপিৰ বিগত অন্ততঃ ৮০০/৯০০ বছৰ জুৰি প্ৰৱাহিত এক প্ৰধান ধাৰা। ক’ব পাৰি যে ইতিহাসৰ সুদীৰ্ঘ সময় ইয়ে এটা প্ৰধান ধাৰা আছিল আৰু আজিও ই গুৰুত্বপূৰ্ণ হৈ আছে।

(৪) আখৰ জোঁটনিৰ এই সৰল ৰূপৰ পক্ষে আমি সাক্ষ্য বিচাৰি পাওঁ দ্বাদশ/ত্ৰয়োদশ শতিকাৰ হেম সৰস্বতীৰ লেখাতে। এতেকে আমাৰ দ্বাদশ ত্ৰয়োদশ শতিকাৰ হেম সৰস্বতী-শংকৰদেৱ-আহোম বুৰঞ্জী-জাদুৰাম ডেকা বৰুৱা-গোলোকচন্দ্ৰ গোস্বামীৰ মাজেদি প্ৰৱাহিত হৈ অহা সৰল বানানৰ ধাৰাইহে অসমীয়া জাতীয় অভিধানৰ বিকল্প বানানৰ প্ৰস্তাৱৰ মাজেদি আত্মপ্ৰকাশ কৰিছে; ই মুঠেও অৰ্বাচীন নহয়; নহয় ই আমাৰ খেয়ালী আৰু উদ্ভট কল্পনাও।

সেয়েহে আমি আখৰজোঁটনি বা বানান সংক্ৰান্তীয় আলোচনাৰ শেহত ক’ব বিচাৰিছোঁ যে মূল প্ৰৱিষ্টিত প্ৰচলিত বানান অক্ষুণ্ণ ৰাখিও দুই লাখ শব্দৰ প্ৰতিটোৰ বিপৰীতে সৰল বানানৰ প্ৰস্তাৱ জাতিৰ সমুখত উত্থাপন কৰাৰ অধিকাৰ আমি অৰ্জন কৰিছোঁ আমাৰ ইতিহাস আৰু ঐতিহ্যৰ পৰাই।

কিন্তু ইতিহাস আৰু অতীত-ঐতিহ্যই আমাৰ একমাত্ৰ যুক্তি নহয়। আমাৰ যুক্তি বিজ্ঞান-প্ৰযুক্তি আৰু ভৱিষ্যতমুখী। একৈচ শতিকাৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগৰ কম্পিউতাৰ-কুশল মানুহ হিচাপে মধ্যযুগীয় অথবা আদি-ঔপনিবেশিক কালৰ অযথা জঞ্জালৰ পৰা ভাষাটোক, লিপিটোক মুক্ত কৰাটো আমি প্ৰয়োজন বুলি ভাবোঁ। অৰ্ধশতাধিক আখৰ, চাৰি শতাধিক যুক্তাক্ষৰকে ধৰি ৮৭৮ টা চিহ্ন বা glyf এই অভিধান নিৰ্মাণত প্ৰয়োগ কৰা হৈছে। তাৰে অলাগতিয়ালখিনিৰ পৰা মুক্ত আধুনিক লিপি নিৰ্মাণ যুগৰ আহ্বান; তাক আমি এশবছৰীয়া কোনো ঐতিহ্যৰ দোহাই দি নেওচিব নোৱাৰোঁ।

কিন্তু আমাৰ তৃতীয় যুক্তি তাতোকৈও মোক্ষম আৰু অনুপেক্ষণীয়। অৰ্ধশতাধিক আখৰ, চাৰিশতাধিক যুক্তাক্ষৰ, আঠ শতাধিক চিহ্ন/glyf-এ অসমৰ অনাহাৰী অৰ্ধাহাৰী-অনাখৰী সেইসকল লোকৰ বিদ্যাশিক্ষাৰ ক্ষেত্ৰতে ডাঙৰ হেঙাৰ পাতিছে যাৰ তেজ, ঘাম, চকুলোৰে অসম জীপাল। জাতীয় বিদ্যালয় আন্দোলনৰ অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় সংগঠকৰ লগত নিয়মিতভাৱে যোগাযোগ থকা এজন ব্যক্তি হিচাপে আৰু শতাধিক তেনে বিদ্যালয়ৰে গঠিত অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ এজন দায়িত্ববাহী হিচাপে আমাৰ কিছু প্ৰত্যক্ষ অভিজ্ঞতা আছে।  সেই অভিজ্ঞতা এই যে অসমীয়া ভাষাৰ জটিল আখৰজোঁটনি আৰু অগণন যুক্তাক্ষৰত এইসকল পৰিশ্ৰমী মানুহৰ সন্তানসকল পৰাজিত হৈ যায়। তেওঁলোক দলে দলে অনুত্তীৰ্ণ হয় আৰু ক্ৰমাগতভাৱে শিক্ষা গ্ৰহণৰ পৰাই আঁতৰি যায়। অশিক্ষিত, অৰ্ধশিক্ষিতৰ সংখ্যা বৃদ্ধি কৰে তেওঁলোকে। শাৰীৰিক শ্ৰমজীৱী মানুহৰ সৰল কথিত ভাষাৰ লগত বুদ্ধিজীৱী মানুহৰ সুসংস্কৃত ভাষাৰ এনেকৈয়ে গঢ়ি উঠে দুৰ্লংঘ্য প্ৰাচীৰ। আখৰৰ পৱিত্ৰতা, ণত্ববিধি-ষত্ববিধিৰ অলংঘনীয়তাৰ বেদীত এনেকৈয়ে বলি যায় শ্ৰমকোঙা মানুহৰ সাক্ষৰ হোৱাৰ সপোন, নাঙলৰ কূটি আৰু হাতুৰিৰ হাতল এৰি কলমত চোক দিয়াৰ সপোন।

সেয়েহে আমাৰ বাবে অসমীয়া লিপি/আখৰজোঁটনিৰ সৰলীকৰণৰ প্ৰস্তাৱ ৰাজ্যখনৰ ৯০% (আজিৰ তাৰিখত ৰাজ্যখনৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা প্ৰায় সমানেই) দুঃস্থ মানুহৰ শিক্ষাক জীৱন-জীৱিকাৰ সাৰথি কৰাৰ হাবিয়াসৰে এক মূৰ্ত অভিব্যক্তি। সি যিমান বিদ্যায়তনিক, তাতকৈ বেছি মানৱিকো। আমি আশা কৰোঁ, প্ৰতিজন অসমপ্ৰেমী অসমবাসীয়ে আমাৰ এই যুক্তিৰ আন্তৰিক গভীৰতা মৰ্মে মৰ্মে উপলব্ধি কৰিব। অসমীয়া জাতিৰ সীমনা বৰ অসমৰ পৰা ঠেকাই আনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ (উজনি) অসমতে সীমাবদ্ধ ৰাখিম, নে আমাৰ চুবুৰীয়া, কাষৰীয়া জনজাতি জনগোষ্ঠীসমূহকে সৰলতাৰে আকৰ্ষণেৰে ওচৰ চপাই আনিম, তাৰ সিদ্ধান্তও আজি বহুলাংশে নিৰ্ভৰ কৰিছে লিপিটো সৰলীকৰণ কৰিব পৰা-নোৱৰাৰ ওপৰত।

আজি অসম আৰু অসমীয়া জাতিৰ সমুখত সমূহ বিপদ। বিশ্বায়নৰ বোকোচাত উঠি অহা বিজতৰীয়া বাৰবেবেজীয়া বজৰুৱা সংস্কৃতি আৰু ভাষাৰ (যাৰ নাম দিব পাৰি ‘হিংৰাজী’ বুলি) দ্বাৰা ই আক্ৰান্ত হৈছে। বিদেশী সাম্ৰাজ্যবাদৰ প্ৰত্যক্ষ অনুপ্ৰেৰণাত তৈয়াৰ হৈছে ৰাষ্ট্ৰসন্ত্ৰাস, ব্যক্তিসন্ত্ৰাস আৰু গোষ্ঠীসন্ত্ৰাসৰ কূটিল চক্ৰ। ১৯৫০ চনৰ পৰা বিগত ছটা দশক নিয়মিতভাৱে সংঘটিত হৈছে গোষ্ঠীগত হত্যাকাণ্ড অভিযান। মানৱতাৰ বধ্যভূমিত আমি আজি থিয়। লুইতৰ সমস্ত পানীৰেও ধুই নিকা কৰিব নোৱৰা ভাতৃহত্যাৰ সেই তেজৰ কৰাল চাফা কৰিব পাৰে একমাত্ৰ চকুৰ পানীৰে। অসমীয়া জাতীয় অভিধানে সেয়ে অসমবাসী সমূহ জনগোষ্ঠীক একত্ৰিত কৰিব পৰা এক নতুন পথৰ সন্ধান কৰিছে। উগ্ৰজাতিদম্ভৰ বিপৰীতে উদাৰ প্ৰগতিশীল জাতীয়তাবাদ, ধৰ্মোন্মাদনাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা, অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞান-মনস্কতা, আত্মবিস্মৃতিৰ বিপৰীতে ইতিহাসচেতনাৰে উদ্দীপিত এক জাতিৰ নিৰ্মাণৰ এক নতুন পথৰ ই সন্ধান কৰিব ধৰিছে ।

মৰে অসম জীয়ে কোন?

জীয়ে অসম মৰে কোন??

(লেখক  অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক)

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতীয় অভিধান: বৃহত্তৰ আৰু¸ মহত্তৰ অসমীয়া জাতিগঠনৰ অভিজ্ঞান-(দ০ দেৱব্ৰত শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *