অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

অসমৰ চৰ-চাপৰিৰ অৰ্থনীতি (আনিছুৰ ৰহমান)

দেশৰ অৰ্থনীতি বিকশিত আৰু বৰ্তাই ৰাখিবলৈ বিভিন্ন ক্ষেত্ৰৰ অৰিহণা থাকে। ইয়াৰে ভিতৰত কৃষি কেন্দ্ৰিক অৰ্থনীতি অন্যতম। বাকী ক্ষেত্ৰ সমূহতকৈ কৃষি কেন্দ্ৰিক অৰ্থনীতিৰ গুৰুত্ব অৱশ্যেই অধিক হোৱাটো জৰুৰী। ন্যূনতমৰ পৰা বিলাসী জীৱন যাপন কৰা আটাইয়ে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। কৃষকৰ মেহনতৰ ফচলৰ পৰাই সকলোৰে পেটলৈ আহাৰ যায়। যি কৃষকে আমাক খুৱাই আছে সেই কৃষক সকলে কিন্তু প্ৰত্যাহ্বানপূৰ্ণ জীৱন কটাই থকা পৰিলক্ষিত হৈছে। কৃষকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সুনিৰ্দিষ্ট আৰু স্পষ্ট নীতি নথকা হেতুকে নতুবা যি সমূহ নীতি আছে সেই সমূহৰ সুৰুঙাৰে হ’লেও কৃষকৰ স্বাৰ্থ বিঘ্নিত হৈ আছে। আমি আমাৰ চমু আলোচনাত অসমৰ চৰ-চাপৰি এলেকাত বসবাস কৰা কৃষক আৰু তাৰে কৃষি কেন্দ্ৰিক অৰ্থনীতি সম্পৰ্কে আলোচনা কৰিম। অসমৰ কৃষি কেন্দ্ৰিক অৰ্থনীতি ক্ষেত্ৰত যিসকলে বৰঙণি আগবঢ়াই আছে তাৰ ভিতৰত চৰ-চাপৰিৰ মেহনতি কৃষক সকল উল্লেখযোগ্য।

তেতিয়া ব্ৰিটিছৰ সময় আছিল। অবিভক্ত ভাৰত বৰ্ষৰ বংগৰ পৰা লাখে-লাখে মানুহক অসমলৈ আগমন ঘটোৱা হৈছিল। লক্ষ্য আছিল অসমৰ দ আৰু পতিত এলেকা সমূহত শস্য উৎপাদন। এই উদ্দেশ্য লৈ চৰকাৰী উদ্যোগত ইয়ালৈ অনা মানুহখিনি ব্ৰহ্মপুত্ৰৰ দুয়োকাষে বসতি স্থাপন কৰিছিল আৰু নৈপৰীয়া বালি চহীয়া মাটিত কৃষি কৰিবলৈ লৈছিল। লাখ-লাখ বিঘা ভূমিৰ বন চাফা কৰি খেতিৰ উপযোগী কৰি তোলা মাটিত তেওঁলোকে কেঁচা সোণৰ দৰে উৎপাদন কৰিছিল বিভিন্ন শস্য। আজিও সেই ধাৰাবাহিকতা তেওঁলোকৰ উত্তৰ পুৰুষ সকলে অব্যাহত ৰাখিছে।

কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা এয়ে যে এই কৃষক সকলক চৰকাৰে যিমান সা-সুবিধা বা গুৰুত্ব দিব লাগিছিল কৃষিৰ উন্নয়ন ঘটোৱাৰ ক্ষেত্ৰত সেয়া নকৰি সময়ে সময়ে এই মানুহখিনিক এবাৰ স্বদেশীৰ নামত বস্ত্ৰ পৰিধান কৰোৱা হৈছে আৰু কেতিয়াবা বিদেশীৰ নামত বস্ত্ৰহৰণ কৰা হৈছে। এই শ্ৰমজীৱী মানুহখিনিক অৱহেলা নকৰি কৃষি ক্ষেত্ৰত ভালকৈ সা-সুবিধা যোগান ধৰা হ’লে অসম ভাৰতৰ ভিতৰত কৃষিকৰ্মৰ দ্বাৰা জিলিকি থাকিলেহেতেন। সামগ্ৰিক ভাৱে উন্নয়নৰ স্বাৰ্থত কৃষি আৰু কৃষকৰ দিশত চৰকাৰে সুদৃষ্টি দিয়া প্ৰয়োজন আছিল। কৃষিজাত সামগ্ৰী উৎপাদনৰ পথ যেনেদৰে মসৃণ কৰিব লাগিব অনুৰূপ ধৰণে কৃষকৰ বাবে এখন সুস্থ বজাৰৰ পথ মুকলি কৰিব লাগিব। কৃষিৰ বিকাশ ঘটাবৰ বাবে চৰাঞ্চলত কৃষিভিত্তিক ঔদ্যোগ গঢ় দিৱ পাৰিলে অসমত নিবনুৱা সমস্যা সমাধানৰ এক নতুন দিগন্ত উন্মোচিত হোৱাৰ লগতে কৃষকৰ স্বাৰ্থও সুৰক্ষিত হ’ল হেঁতেন যদিও চৰকাৰী উদ্যোগত তেনে কোনো পদক্ষেপ দেখা পোৱা যোৱা নাই।

এখন দেশৰ কৃষিৰ উন্নতি হোৱা মানে সেই দেশ বা ৰাজ্যৰ সমগ্র দিশত উন্নতি হোৱা বুজায়। মানুহৰ সকলো ধৰণৰ চাহিদা পুৰণত কৃষিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। তেনে কেইটামান গুৰুত্ব হ’ল – মানুহৰ মৌলিক চাহিদা পুৰণ, নিবনুৱা সমস্যা সমধানৰ ক্ষেত্ৰত ভূমিকা, খাদ্যৰ নিৰাপত্তা, নগদ মুদ্ৰা অৰ্জন আদি।

অসম এখন কৃষি প্ৰধান ৰাজ্য। এই ৰাজ্যৰ ৭৪ শতাংশ লোক কৃষিৰ লগত জড়িত। অসমৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত চৰ-চাপৰিৰ বংগমূলীয় অসমীয়া মুছলমান কৃষক সকলৰ এক অতুলনীয় অৱদান আছে। এই জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোক ৰাজ্যখনৰ দ আৰু বালিচহীয়া চৰ-চাপৰিত বাস কৰে বাবেই সৰহভাগে কৃষি কৰ্মৰ লগত জড়িত হৈ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত কম-বেচি পৰিমাণে অৰিহনা যোগাই আহিছে। কৃষক সকলৰ বৃহৎ অৱদান থকাৰ পাছতো কি কাৰণত এওঁলোকক অৱহেলা কৰি থকা হৈছে, সেই কথাবোৰ বহু যুঁজি-যুঁজিও আয়ত্ত কৰিব পৰা নাই।

এপিনে কৃষকে নিজৰ উৎপাদিত ফচলৰ মূল্য পোৱা নাই আনপিনে ভূমিৰ ৰাজহ বৃদ্ধিৰে কৃষক সকলক মাধমাৰ সোধাইছে। কৃষকে যি ঠাইত শস্য উৎপাদন কৰিছে তাৰ নিকটৱৰ্তী এলেকাত বজাৰ নাই, সেই সমূহ ফচল দূৰৈৰ বজাৰলৈ নিবলৈও বাট-পথ নাই। যোগাযোগ আৰু যাতায়তৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ মোকাবিলা কৰি বজাৰলৈ অনা শস্যৰ মূল্য নাপায় সেই সমূহ ঘৰলৈও ওভতাই নিয়াৰ সুযোগ নাথাকে। বহুবাৰ এনে ঘটনা সংঘটিত হৈছে যে নিজৰ উৎপাদিত শস্য বজাৰতে পেলাই দি আহিবলগীয়া হৈছে। ৰবি শস্য বা অন্যান্য পচি নোযোৱা ফচল সমূহৰো মূল্য বহিৰাগত বণিয়াৰ চতুৰালি আৰু চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ বাবে উপযুক্ত ভাবে লাভ কৰা নাই। আকৌ তেনে ফচলৰ মূল্য বিচাৰি ৰাজপথলৈ ওলাই আহিলেও বুকুত পাতি লব লাগে গুলি। আমাৰ চাগে মনত আছে বেচিমাৰীৰ কৃষক হত্যাৰ ঘটনা।

ধান, মৰাপাট, তিল, টিচি মাহ-ডালি, গম, আলু, পিয়াঁজ, নহৰু, সৰিয়হ, কুঁহিয়াৰ, বাদাম, কল, তৰমুজৰ পৰা আৰম্ভ কৰি বিলাহী, তিয়হ, কবি, কেৰেলা, জলকীয়া, মূলা, গাজৰ, ভেণ্ডি, বেঙেনা তথা নিত্য প্ৰয়োজনীয় প্ৰায় সকলোধৰণৰ শাক-পাচলিৰ খেতি অসমৰ চৰ অঞ্চলত কৰিব পাৰি আৰু ইয়াৰ উৎপাদন সন্তোষজনক হয়। কিন্তু কি হ’ব মেহনত কৰি, উৎপাদিত ফচলৰ সঠিক মূল্য নাপায় যোৱা ৫ এপ্ৰিল তাৰিখে বৰপেটা জিলাৰ সৰভোগ মৌজা এলেকাৰ বগুৰিগুৰি পথাৰৰ ইয়াৰ আলী নামৰ এজন ৩৫ বছৰীয়া কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিবলগীয়া হৈছে। উৎপাদন কৰা আলুৰ সঠিক বজাৰ মূল্য নোপোৱাত যোৱা বৰ্ষত মন্দিয়া-আলোপতি চৰৰ জনৈক মিঞাই লোকচানৰ বোজা সহিব নোৱাৰি মানসিক ভাৰসাম্যতা হেৰুৱাই পেলালে। মাটি লীজত আৰু সূতৰ ধনেৰে কৰা খেতিত যি লোকচান কৃষকৰ হ’ল, সেয়া নিজৰ ঘৰ-মাটি বিক্ৰী কৰিও পৰিশোধ কৰিব নোৱাৰা হৈছে।

এই যে ইয়াৰ আলী আৰু জনৈক মিঞাৰ দৰে হেজাৰ চৰুৱাৰ এই অৱস্থাৰ বাবে দায়ী কোন? উত্তৰ স্পষ্ট, ব্যাৰ্থ চৰকাৰ। কাৰণ কৃষকৰ উৎপাদিত শস্য সাঁচি ৰখাৰ বাবে ঠায়ে-ঠায়ে শীতল ভঁৰাল নিৰ্মাণ কৰা নহ’ল। হাজাৰ-হাজাৰ কুইন্টল আলু পচি যাব দিয়া হ’ল, উপযুক্ত মূল্যৰ পৰা বঞ্চিত কৰা হ’ল কৃষকক। লোকচান কাৰ হল? কেৱল সেই খেতিয়ক জনৰেই নে, সামগ্ৰিকভাবে অসমৰ কৃষি অৰ্থনীতিৰ। অনুৰূপ ধৰণে বিলাহী, তিয়হ বা অন্যান্য কেঁচা শাক-পাচলিৰ ক্ষেত্ৰতো এনে ঘটনা ঘটি আছে। তথাপিও নীৰব আৰু নিৰ্লিপ্ত চৰকাৰ!!

একেদৰে বৰপেটা জিলাৰ দাবালীয়াপাৰাৰ মৎস্য উৎপাদনৰ কথা ক’ব পাৰি। এচাম তৰুণ যুৱকে নিজকে স্বাৱলম্বী কৰাৰ লগতে আন দহজনকো জীৱিকাৰ সন্ধান দি আছে। বিজ্ঞানসন্মত ভাৱে যদি এইচামক প্ৰয়োজনীয় সা সুবিধা আৰু অৰ্থনৈতিক সকাহ দিব পাৰিলেহেঁতেন তেন্তে হয়তো অসমীয়াই অন্ধ্ৰপ্ৰদেশৰ গেলা-পচা মাছৰ সোৱাদ ল’বলগা নহ’লহেতেন। ইপিনে বৰপেটা জিলাৰ কয়াকুছিৰ ঢাৰি উদ্যোগৰ কথাও কব পাৰি। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈও নিজাববীয়াকৈ প্ৰচেষ্টা লৈ এই উদ্যোগ সমূহ জিলিকি আছে। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বজাৰতো ৰপ্তানি হৈছে কয়াকুছিৰ ঢাৰি।

যদিহে চৰকাৰে সঁচা অৰ্থত অসমৰ কৃষি অৰ্থনীতিত এক বিপ্লৱ বিচাৰে তেন্তে কেতবোৰ কাৰ্যক্ষম ব্যৱস্থা আৰু সংশ্লিষ্ট বিভাগ সমূহক আন্তৰিকতাৰে কাম কৰিবলৈ বাধ্য কৰাব পাৰিব লাগিব। তেনে কৰিলে অসম, দেশ তথা বিশ্বৰ ভিতৰতে কৃষিৰ জৰিয়তে জিলিকি থকাৰ সম্ভাৱনা আছে। ইতিমধ্যেই অসমৰ উৎপাদিত বিভিন্ন শস্য দেশৰ ভিতৰে-বাহিৰে ৰপ্তানি হ’ব লৈছে। তেনে সময়ত এখন সুস্থ বজাৰ আৰু কৃষকে বজাৰলৈ যি পথেৰে উৎপাদিত বস্তু সমূহ আনিব লাগে সেই পথ সমূহ সুগম কৰিলে তাৰ ফলাফল কৃষক সকলৰ লগতে সমগ্ৰ অৰ্থনৈতিক ক্ষেত্ৰখনে পাব। চৰাঞ্চলৰ কৃষকে নিজৰ মেহনতৰ উৎপাদন যথেষ্ট নাওঁভাড়া ভৰি হলেও বজাৰলৈ অনা নিয়াত যি পইচা ভৰিব লাগে সেয়াও অন্তত চৰকাৰে দ্বায়িত্ব ললে উৎপাদন অধিক হোৱাৰ সম্ভাৱনা আছে, বহু কৃষক এনে পোৱা গৈছে যে উৎপাদিত ফচলৰ মূল্য নাওঁ ভাড়াৰ কৈ কম হোৱাত নিৰুৎসাহিত হৈ কেতবোৰ খেতি কৰিবলৈ এৰি দিছে। অন্যহাতে বিজ্ঞানসন্মত ভাবে কৃষি কৰিবলৈ সংশ্লিষ্ট বিভাগে যদি ক্ষেত্ৰত থাকি সকলো সময়তে পৰামৰ্শ প্ৰদান কৰিব পাৰে বা কৃষকৰ প্ৰতি চৰকাৰৰ কৃষি বিভাগৰ দ্বায়বদ্ধতা বৃদ্ধি কৰে তেন্তে অৱশ্যেই কৃষি ক্ষেত্ৰত এক সেউজ বিপ্লৱৰ সূচনা হোৱাৰ সম্ভাৱনা আছে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *