অসমত বৌদ্ধ ধৰ্মাৱলম্বী টাই গোষ্ঠী আৰু অসমীয়া সাহিত্য-(পেইম থি গোহাঁই)

প্ৰস্তাৱনা:

বৰ্তমান অসমত বসবাস কৰা ছটা টাইমূলীয় জনগোষ্ঠীৰ ভিতৰত পাচঁটাই বৌদ্ধ ধৰ্মাৱলম্বী।সেই পাচঁটা হ’ল টাই খামতি,টাই ফাকে,টাই খাময়াংটাই তুৰুং আৰু টাই আইতন। কেৱল টাই আহোম সকলেহে অসমত ৰাজত্ব কৰাৰ পৰৱৰ্তীকালত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। আহোমসকলৰ অসমলৈ প্ৰৱজন কৰাৰ কেইবাশতিকাৰ পিছতহে অন্য টাই গোষ্ঠীৰ লোকসকল অসমত প্ৰৱেশ কৰিছিল আৰু অসমত প্ৰৱেশ কৰাৰ পূৰ্বে ম্যানমাৰত থকা সময়ছোৱাতেই এই জনগোষ্ঠীসমূহে বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু সামাজিকভাৱে সমুদায় জনগোষ্ঠীয়ে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। বৰ্তমান উল্লিখিত পাচঁটা জনগোষ্ঠীৰ সমাজ জীৱনত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পূৰামাত্ৰাই বিদ্যমান। তেওঁলোকৰ সামাজিক পৰম্পৰা ৰীতি –নীতি ,আনকি সামাজিক চিন্তা –চেতনাতো বৌদ্ধ ধৰ্ম ,দৰ্শনৰ প্ৰভাৱ যথেষ্ট পৰিমানে দেখিবলৈ পোৱা যায়।সেইবাবে তেওঁলোকৰ সাহিত্য সংস্কৃতি ,শিল্পসামাজিক অনুষ্ঠান সকলোক্ষেত্ৰৰ ঐতিহ্যত লোক বিশ্বাস আৰু পৰম্পৰাই যিমান প্ৰভাৱ বিস্তাৰ কৰি আছে বৌদ্ধ ধৰ্মৰ ঐতিহ্যয়ো সিমানে প্ৰভাৱ বিস্তাৰ কৰি আছে। এনে কাৰণতে গোষ্ঠীয় পৰিচয়তো নৃতাত্বিক বিচাৰৰ লগতে ধৰ্মীয় প্ৰসংগয়ো আৱশ্যম্ভাৱীভাৱে যুক্ত হৈ পৰে। (কিন্তু সেইবুলি পাচঁটা জনগোষ্ঠীক একত্ৰে ‘টাইবৌদ্ধ গোষ্ঠী’ বুলি সৰলীকৰণৰ মাজেদি পৰিচয় দাঙি ধৰাটো সমীচিন নহয়।)

বৌদ্ধ ধৰ্মাৱলম্বী টাইগোষ্ঠীৰ চমু পৰিচয়:

ক) টাই খামতি: বৌদ্ধ ধৰ্মাৱলম্বী টাই গোষ্ঠীসমূহৰ ভিতৰত খামতিসকলৰ জনসংখ্যা আটাইতকৈ বেছি। প্ৰধানত: অৰুনাচলৰ লোহিত জিলাৰ চৌখাম,নামচাই আদি অঞ্চলত তেওঁলোকৰ প্ৰধান বসতি যদিও অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰু তিনিচুকীয়া জিলাৰ লিডুৰ সমীপত কিছু খামতি বসতি আছে। আহোমসকলৰ পিছত দ্বিতীয়টো টাই জনগোষ্ঠী হিচাপে তেওঁলোকেই অসমত প্ৰৱেশ কৰিছিল।অষ্টাদশ শতিকাৰ মাজভাগত ম্যানমাৰত থকা সময়ছোৱাত মান ৰজা আলম ফ্ৰাই খামতি ৰাজ্য আক্ৰমণ কৰাত খামতিসকল পাটকাই পাৰ হৈ আহোম ৰাজ্যত প্ৰৱেশ কৰে। আহোম ৰাজত্বৰ সময়ত আৰু পৰৱৰ্তী ইংৰাজ শাসনৰ সময়তো ক্ষমতা তথা আন আন কাৰণত খামতিসকলৰ সংঘাট হৈছিল।সেই সংঘাট আৰু বিদ্ৰোহৰ ইতিহাস অসম বুৰঞ্জীত লিপিৱদ্ধ হৈ আছে।

খামতি নামৰ উৎপত্তিৰ ক্ষেত্ৰত একাধিক প্ৰবাদ প্ৰচলিত। এটা প্ৰবাদৰ মতে টাই ভাষাত খাম মানে সোণ আৰু তি মানে ঠাই। অৰ্থাৎ সোণ উৎপাদন কৰা দেশৰ মানুহ। অন্য এক প্ৰবাদ মতে খাম মানে লাগি থকা বা সোমাই থকা। অৰ্থাৎ একাধিক পাহাৰৰ মাজত সোমাই থকা বাবে খামতি নামটি পালে। দুয়োটা প্ৰবাদৰ বাহিৰেও আৰু কিছু প্ৰবাদ নাম উৎপত্তিৰ ক্ষেত্ৰত প্ৰচলিত হৈ আছে।

খ) টাই ফাকে: টাই ফাকেসকলৰ বসতি বৰ্তমানে দেখিবলৈ পোৱা যায় ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত ।ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ নামফাকে আৰু টিআম ফাকে গাওঁ ;তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰীটাৰ সমীপত বৰফাকে,মান্‌ম’নংলাই,লংফাকে লিডুৰ সমীপত মৌংলাং,টিৰাপ গেটৰ সমীপত নিংগাম,জাগুণৰ সমীপত ফানেং ফাকে গাওঁ।ফানেং ফাকে গাওঁ হৈছে টাইফাকে জনগোষ্ঠীয়ে বসবাস কৰা গাওঁ।এইখিনি গাৱঁৰ বাহিৰেও বৰ্তমানে অৰুনাচলৰ লোহিত আৰু চাংলাং জিলাৰ ভিতৰুৱা কিছুমান ঠাইত টাইফাকে জনগোষ্ঠীৰ বসতি বিস্তাৰিত হৈছে।

১৯৭৫ চনত টাইফাকেসকল অসমত প্ৰৱেশ কৰে।পূৰ্বতে তেওঁলোক অৰুনাচলৰ নংতাও,যোৰহাটৰ ওচৰত দিচৈ ,মাৰ্ঘেৰিটাৰ ওচৰত ইংথং নামে ঠাইতো কিছুকাল বসবাস কৰিছিল যদিও সেই অঞ্চলত এতিয়া টাইফাকেৰ বসতি নাই। টাইফাকেসকল অসমলৈ প্ৰৱজন কৰি আহিছিল উত্তৰ ম্যানমাৰৰ হুকং উপত্যকাৰ পৰা।তাৰ পূৰ্বে তেওলোক দক্ষিণ চীনৰ য়ুনান প্ৰদেশত বসতি স্থাপন কৰিছিল। কিন্তু হুকং উপত্যকাত থকাৰ পৰাই তেওঁলোক ফাকে পৰিচয় লাভ কৰে বুলি জনা যায়। টাই ভাষাত ফা মানে বেৰ আৰু কে মানে পুৰণি।অৰ্থাৎ প্ৰাচীন পাহাৰীয়া শিলাখণ্ডৰে ভৰি থকা অঞ্চলত বসবাস কৰিছিল বাবে জনগোষ্ঠীৰ নাম ‘ফাকে’ ৰূপে পৰিচিতি লাভ কৰে।অসমত থকা সময়চোৱাত ইংৰাজ আমোলত ফাকেসকল ফাকিয়াল বা ফাকেয়াল পৰিচিত হৈছিল যদিও তাৰকোনো যুক্তিনিষ্ঠ ঐতিহাসিক আৰু নৃতাত্বিক ব্যাখ্যা নাই। ফাকে ‘য়াত’(জাত-ফাকে ভাষাত ‘জ’উচ্চাৰণ নাই) উচ্চাৰণৰ পৰাই ফাকেয়াত-ফাকেয়াল-ফাকিয়াল হৈছিল। বাস্তৱিকতে ফাকেৰ উৎপত্তিগত অৰ্থ হ’ল-পুৰণীকলীয়া শিলাময় এলেকাত বসবাস কৰা বাসিন্দা। টাইফাকেসকলৰ জনসংখ্যা ২০০০ তকৈ কম।

গ) টাই খাময়াং: বৌদ্ধ ধ্ৰ্মাৱলম্বী টাইগোষ্ঠীৰ অন্যতম শাখা টাইখাময়াংসকলৰ বৰ্তমানৰ বসতি দেখিবলৈ পোৱা যায় তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমীপৰ পাৱৈ মুখ,শিৱসাগৰ জিলাৰ সাপেখাটীৰ সমীপত ৰহণ,চফ্ৰাইৰ ওচৰত ছিচাংপানী,চিলাপথাৰ আদি গাঁও আৰু যোৰহাট জিলাৰ তিতাবৰৰ সমীপৰ গাৱত।অসমলৈ প্ৰৱজন কৰাৰ আগতে তেওঁলোক ম্যানমাৰৰ মৌংমিট নামৰ খামজাং নামৰ ঠাইৰ বাসিন্দা আছিল। খামজাং নামে ঠাইত বসবাস কৰা বাবেই জনগোষ্ঠীটোও খামজাং হিচাপে পৰিচিতি লাভ অৰে। অৱশ্যে বৰ্তমানে খামজাঙৰ লগতে খাময়াং নামটো সমানে প্ৰচলিত বৰং বেছিকৈয়ে জনপ্ৰিয়।

অসমলৈ প্ৰৱজনৰ প্ৰথমচোৱাত তেওঁলোক অৰুনাচলৰ খামতিসকলৰ লহতে বসবাস কৰিছিল যদিও পৰৱৰ্তীকালত আহোমৰ ৰাজমন্ত্ৰীৰ পৰামৰ্শত খাময়াং সকলৰ কিছুগোট যোৰহাটৰ ফালে ভটিয়াইগৈ যোৰহাট আৰু শিৱসাগৰ জিলাত সিচৰতি হৈ পৰে।

ঘ) টাই আইতন: আইতনসকলৰ বৰ্তমানৰ বসতি দেখিবলৈ পোৱা যায় কাৰবি আংলং জিলাৰ চিলনীজান,কালিয়নীবালিজান আদি অঞ্চল আৰু গোলাঘাট জিলাৰ টেঙানি ,বৰপথাৰ আদি অঞ্চলৰ গাওঁবিশেষত।আইতনসকলৰ আদি বাসস্থান,অসমত প্ৰৱেশৰ সময় ,কাৰণ আদি সম্পৰ্কে গৱেষকসকলে ইতিমধ্যে যথেষ্ট তথ্যসূত্ৰ আগবঢ়াইছে। সেইমতে ম্যানমাৰত থকা সময়ছোৱাত চুকাফাই অসম অভিযানৰ কালত আইতনসকলৰ বসতি অঞ্চলৰ মাজেদি উল্লিখিত জনগোষ্ঠীসমুহৰ বিষয়ে গৱেষক বা লেখকসকলে এতিয়ালৈকে প্ৰ্ৰৰ্যাপ্ত পৰিমাণে লেখা মেলা নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক লৈ পৰিচয়সুচক গ্ৰন্থও অসমীয়া ভাষাত বিশেষ প্ৰণীত হোৱা নাই। এমফিল বা ডক্টৰেট ডিগ্ৰীৰ প্ৰয়োজনত মুষ্ঠিমেয় কেইগৰাকীমান গৱেষকে এতিয়ালৈকে সংশ্লিষ্ট জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰিছে যদিও তেওঁলোকৰ অধ্যয়ন ডিগ্ৰী লাভ কৰাতেই সীমাৱদ্ধ হৈ ৰৈছে। যাৰ বাবে সাহিত্যৰ দিশেদি প্ৰকৃত সমন্বয় এতিয়াও হৈ উঠা নাই। বাতাবৰণ গঢ়ি উঠা নাই।এনে গৱেষণামূলক গ্ৰন্থ দুই এখন প্ৰকাশ পোৱাৰ বাহিৰে জনগোষ্ঠীকেইটাৰ প্ৰকৃত সাংস্কৃতি জীৱনৰ ছৱি ফুটি উঠাকৈ পূৰ্ণাংগ গ্ৰন্থ এতিয়াও প্ৰণয়ন হ’বলৈ বাকী। সেয়া হৈ নুঠিলে সাংস্কৃতিক সমন্বয়ৰ দিশত ক’ৰবাত বাধা থাকি যাব বুলি ভাৱিব পাৰি। সু-সাহিত্যিক প্ৰয়াত স্বৰ্ণ বৰাই টাইফাকে গাৱঁৰ লগতে তাৰ মানুহখিনিক লৈ ‘বুঢ়ীদিঙিৰ মৌপ্যা আৰু আচাৰ্য’ নামৰ এখন উপন্যাস লিখিছিল যিটো এই দিশত প্ৰথম সাহসী প্ৰয়াস বুলিব পাৰি। কিন্তু দূৰ্ভাগ্যৰ কথা প্ৰ্যাপ্ত অধ্যয়ন আৰু গৱেষণাৰ অভাৱত উপন্যাসখনত টাইফাকে সমাজৰ সাংস্কৃতিক,সামাজিক জীৱনৰ ছৱি উপন্যাসৰ মাজেদি ফুটি উঠাৰ সলনি কেৱল আভাসহে লিপিৱদ্ধ হৈছে। অৰ্থাৎ উপন্যাসখনৰ পঠনৰ মাজেদি পাঠক এজনৰ বাবে টাইফাকে সকলৰ সাংস্কৃতিক –সামাজিক জীৱনৰ ছৱি উপন্যাসৰ মাজেদি ফুটি উঠাৰ সলনি কেৱল আভাসহে লিপিৱদ্ধ হৈছে।অৰ্থাৎ উপন্যাসখনৰ পঠনৰ মাজেদি পাঠক এজনৰ বাবে টাইফাকে সকলৰ সাংস্কৃতিক জীৱনৰ প্ৰবাহৰৱ নিখুট চিত্ৰ লাভ কৰাটো সম্ভৱ হৈ নুঠিব।পৰৱৰ্তী সময়তআইতনসকলে আহোমসকলক অনুসৰণ কৰি অসমভূমিত প্ৰৱেশ কৰিছিল।তেওঁলোকৰ অসমত প্ৰৱেশ কৰা সময়ক লৈ একাধিক তথ্য গৱেষকসকলে আগবঢ়াইছে।

জনগোষ্ঠীটোৰ নাম আইতন হোৱাকলৈয়ে একাধিক প্ৰবাদ প্ৰচলিত হৈ আহিছে।তেওঁলোকৰ সমাজত বেছি প্ৰচলিত প্ৰবাদ মতে মূলভূমিৰ পৰা বিভিন্ন দিশলৈ প্ৰৱজন কৰাসকলৰ ভিতৰত আইতনসকল আছিল জেষ্ঠ। অৰ্থাৎ বৰ্তমানৰ আইতনসকল সেই জেষ্ঠ সন্তানৰ বংশধৰ তথা সতি-সন্ততি। সেই সূত্ৰেই জনগোষ্ঠীটোৰ পৰিচয় হ’ল বুলি প্ৰবাদ প্ৰচলিত। অন্যহাতে ম্যানমাৰত থাকোতে তেওঁলোক আইতন নামে ঠাইত বসবাস কৰিছিল আৰু সেই সুত্ৰে জনগোষ্ঠীটোৰ নাম আইতন হ’ল বুলি অন্য এক প্ৰবাদ প্ৰচলিত হৈ আহিছে।

ঙ) তুৰুং: বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা এটি টাই শাখাগোষ্ঠী হ’ল তুৰুংসকল। টাইমূলৰ যদিও তুৰুংসকল অঞ্চল বিশেষৰ সমাজ জীৱন,ভাষা চিংফৌসকলৰ বেছি ওচৰ চপা। উদ্ধাৰ হোৱা তথ্য মতে মূল বাসস্থানৰ পৰা ম্যানমাৰৰ উত্তৰ দিশলৈ প্ৰৱজন কৰি আহোতে তুৰুংসকল চিংফৌসকলৰ সান্নিধ্যলৈ আহি একেলগে প্ৰায় ২০০ বছৰ কটায়।এই সময়চোৱাতে তুৰুংসকলৰ ভাষা-সংস্কৃতিৰ প্ৰভাৱ পৰে। যাৰ বাবে চিংফৌসকলৰ ভাষাত চিংফৌ ভাষাৰ অন্ত্ৰ্ভুক্তি হোৱাই নহয়। কেতিয়াবা কেতিয়াবা চিংফৌ ভাষাত ভাৱৰ আদান প্ৰদানো হয়।

বৰ্তমান অসমত তুৰুং জনবসতি আছে যোৰহাট জিলাৰ তিতাবৰ ,বৰহোলা,গোলাঘাট জিলাৰ ৰজাপুখুৰী অঞ্চল আৰু কাৰবি আংলঙৰ গাওঁ বিশেষত।

তুৰুং শব্দৰ উৎপত্তিৰ বিষয়েও একাধিক প্ৰবাদ প্ৰচলিত হৈ আহিছে। এটা প্ৰবাদৰ মতে ম্যানমাৰত থকা আলত তেওঁলোক তুৰুপানী নদীৰ পাৰত বসবাস কৰিছিল।সেই অনুসৰি পৰৱৰ্তী কালত তেওঁলোক ত্ৰুৰুং নামেৰে জনাজাত হৈ পৰে। আনটো প্ৰবাদ মতেতুৰুংসকল হ’ল পূৰ্বৰ টাউ লুং জনগোষ্ঠীৰ বংশধৰ। মূল বাসস্থানত টাই লুং হিচাপে পৰিচিত আছিল যদিও পৰৱৰ্তী কালত ই গৈ তুৰুং হয়গৈ।

বৰ্তমানলৈকে উল্লিখিত জনগোষ্ঠীসমূহৰ সমাজ জীৱন সম্পৰ্কে আলোচনা কৰি প্ৰণয়ন কৰা গ্ৰন্থৰ সংখ্যা তেনেই সীমিত। এনে গ্ৰন্থৰ এখনি হৈছে ডিগ্ৰীৰ বাবে কৰা গৱেষণাৰ গ্ৰন্থৰূপ আৰু এখনি জনগোষ্ঠীৰ নিজা প্ৰতিনিধিৰ দ্বাৰা প্ৰণীত গ্ৰন্থ।তেনে কেইখনমান গ্ৰন্থৰ এখনি অসমাপ্ত তালিকা দিবলৈ প্ৰয়াস কৰা হ’ল-

১) টাইফাকে ভাষা আৰু সংস্কৃতি-ড: বিজু মৰাণ

২) টাইফাকে অসমীয়া শব্দকোষ-ড: বিজু মৰাণ

৩) The Phakes- Dr.Supreeti Phukon

৪) অসমৰ জনজাতি-প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

৫) পাটকাইৰ পাদদেশৰ ১০১ টা সাধু-দিব্যলতা দত্ত

৬) টাইফাকে আৰু টাই খামিয়াং সাধু-দিব্যলতা দত্ত

৭) টাইফাকে সমাজ আৰু সংস্কৃতি-পেইম থি গোহাঁই

৮) Plain Tribes of Assam-Dr.Gonesh Sarmah Thakur

৯) দিহিং পাটকাইত সোণৰ ঢেকুৰা-অখিল চন্দ্ৰ বৰুৱা

১০) বৈশালী অভিযান(অনু)-আইম্যা খেং গোহাঁই

১১) তুৰুসকলৰ চমু ইতিবৃত্ত-লেচাম তুৰু

১২) লিক-চাও-লামাং(ৰাম কাব্য)(অনু)-ফণীধৰ বৰা আদি

সামৰণি:

অসমত টাই সংস্কৃতি আৰু ঐতিহ্যৰ বিশাল ভাণ্ডাৰ এই পাচঁটা টাইগোষ্ঠীৰ মাজতে লিখিত আৰু মৌখিক ৰূপত সংৰক্ষিত হৈ আছে। এইখিনি সমল অসমীয়া ভাষা সাহিত্যলৈ উলিয়াই নিব পাৰিলে অসমীয়া ভাষা-সাহিত্য সমৃদ্ধিশালী হ’বই ধূৰুপ।এইখিনি কৰাৰ দায়িত্ব সংশ্লিষ্ট জনগোষ্ঠীৰ হাতত এৰি দিলেই কোনোদিনে পূৰ্ণতা নাপাব। তেওঁলোকৰ লগে লগে বৃহত্তৰ অসমীয়া লেখক সমাজৰ অংশগ্ৰহণ অতিশয় কাম্য। সেয়া হল ধাৰাই সাহিত্যৰ মাজেদি এদিন প্ৰবাহিত হৈ গোটেই জনগোষ্ঠীটোক সামৰি লয়।

গৱেষণা আৰু আলোচনা:

উল্লিখিত পাচঁটা জনগোষ্ঠীয়েই অসমলৈ প্ৰৱজন কৰাৰ আগলৈকে ম্যানমাৰত বসবাস কৰি থাকোতে ৰাজনৈতিক ,সামাজিক,সাংস্কৃতিক সকলো দিশেদি অতি উচ্চমানৰ জীৱন ধাৰণ কৰিছিল। তেওঁলোক ৰাজ্য আছিল আৰু নহলেও নিজা সাংস্কৃতিক গৰিমাৰে স্বাধীন চিতীয়াভাৱে বসবাস কৰিছিল।বৌদ্ধ ধৰ্মৰ সংস্পৰ্শলৈ আহিও তেওঁলোক যথেষ্ট পৰিমাণে সু সভ্য জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল।তদুপৰি আটাইবোৰ টাইগোষ্ঠীৰেই নিজা লিপি থকাৰ বাবে লিখিতৰূপত সাহিত্য চৰ্চাৰ পৰম্পৰা সেই সময়তে আৰম্ভ হৈছিল।এই ক্ষেত্ৰত ধৰ্মীয় পৰম্পৰাৰ পৰা তেওঁলোকে পৃষ্ঠপোষকতা লাভ কৰিছিল।তেনে অনেক হাতে লিখা পুথি জনগোষ্ঠীসমূহে প্ৰৱজনৰ সময়ত লগত লৈ আহিছিল আৰু অসমতো অনেক ঠাইত থকা কালত জাতীয় সম্পদৰ দৰে লগত লৈ ফুৰুছিল। তেনে অনেক দুস্পাপ্য পুথি এতিয়াও টাইগোষ্ঠীৰ গাওঁসমুহৰ ব্যক্তি বিশেষৰ হাতত আৰু বৌদ্ধ বিহাৰসমূহত স্ংৰক্ষিত হৈ আছে। এইবোৰ হাতে লিখা পুথিসমূহৰ কোনো কোনো কেইবাশ বছৰ পুৰণি।তেওঁলোকৰ মাজত পুথি লিখাৰ পৰম্পৰা থাকিলেও পুথিখনৰ মূল লেখকৰ নাম উল্লেখ কৰাৰ পৰম্পৰা নথকাত তেনে বহু পুথিৰ মূল লেখকৰ বিষয়ে জনা নাযায়।কিন্তু যিবোৰ পদ্ধতিৰে লিখা হৈছিল, কাগজৰ ৰূপত যিবোৰ সামগ্ৰী ব্যৱহাৰ হৈছিল তাৰপৰা সহজেই অনুমান কৰিব পাৰি যে সেই পুথিসমুহ ম্যানমাৰত সুস্থিৰ জীৱন যাপন কৰোতেই লিখা।

পৰিতাপৰ কথা এয়াই যে বিগত দুশ বছৰো অধিক কাল অসমত থাকি অসমীয়া সমাজ জীঅনৰ অংগ হৈ পৰা বৌদ্ধ ধৰ্মাৱলম্বী টাই খামতি।টাই ফাকে টাই খাময়াং ,টাই আইতন আৰু টাই তুৰুংসকলৰ বিষয়ে অসমীয়া ভাষা সাহিত্যত বৰ বেছি আলোচিত হোৱা নাই। তেওঁলোকৰ সমাজত সংৰক্ষিত দুস্পাপ্য পুথিসমুহৰ পাঠোদ্ধাৰ বা অনুবাদৰো উদ্যোগ লোৱা হোৱা নাই। যাৰবাবে সেই পুথিসমুহত থকা তথ্য।সাহিত্যৰ উপাদান,থকা সমাজ জীৱনৰ চিত্ৰ্সমুহ এতিয়াও উন্মোচিত হোৱা নাই। টাইফাকে বসতি প্ৰধান নামফাকোঁও আৰু বৌদ্ধ বিহাৰতে শতাধিক বছৰ পুৰণি কমেও তিনিশৰো অধিক বিবিধ বিষয়ৰ পুথি (হাতে লিখা) সংৰক্ষিত হৈ আছে। সেইসমুহৰ ভিতৰত উল্লেখনীয় কেইখনমান হ’ল-ৰামায়ণৰ টাইফাকে ভাষাৰ সংস্কৰণ ‘লামামাং’, চাৰিটা খণ্ডত মহাভাৰতৰ টাই সংস্কৰণ’ধম্মাপুত্ৰাম’(ধৰ্মপুত্ৰ),বিশ্ব ব্ৰক্ষ্মাণ্ডৰ আদি ৰহস্য ইত্যাদি বিষয়ে আলোচিত –‘ফুংজেইন’টাইফাকেসকলৰ জাতীয় বুৰঞ্জী আৰু ৰাজপৰিয়ালৰ বংশাৱলী লিপিৱদ্ধ থকা ‘লিক খৌ মৌং’আৰু লি খৌ খুন’ আদি অন্যতম। টাই ভাষাত লিখা এই পুথিসমুহত কেনেধৰণৰ তথ্য আছে বা সেই সমুহৰ সাহিত্য চেতনা কিদৰে তেওঁলোকৰ মাজত বিকাশ লাভ কৰিছিল পুথিসমুহ অনুবাদ বা পাঠোদ্ধাৰ হ’লে পুথিসমুহত থকা চিত্ৰসমূহৰ ব্যাখ্যা বিচাৰ কৰিলে বহু নতুন তথ্য সন্ধান সম্ভাৱনা আছে যদিও তেনে উদ্যোগ এতিয়ালৈ কোনেও লোৱা হোআ নাই। ইয়াৰ ফলত সংশ্লিষ্ট জনগোষ্ঠীৰ লগতে অসমীয়া সাহিত্য ও ক্ষতিগ্ৰস্ত হৈছে বুলি নিশ্চিতভাৱে ক’ব পাৰি। এনে শ শ বিবিধ বিষয়ৰ পুথিৰ ভিতৰত কেৱল খামতি সমাজত উদ্ধাৰ হোৱা ৰামায়ণ (নামামাং) খনৰহে এতিয়ালৈকে অসমীয়া ভাষালৈ অনুদিত হৈছে।সেই পুথিসমুহ সু পৰিকল্পিতভাৱে সংৰক্ষিত হৈ নথকাৰ পৰিপ্ৰেক্ষিতত অতি সোনকালে অনুবাদ কিম্বা পাঠোদ্ধাৰ ব্যৱস্থানকৰিলে অসমীয়া সাহিত্যই এক অমূল্য সম্পদ হাতৰ পৰা হেৰুৱাব বুলি ভাবিব পাৰি।গতিকে এইক্ষেত্ৰত অসম চৰকাৰ আৰু সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ অনেক কৰণীয় আছে।

লিখিত সাহিত্য (পুথি)ৰ বাহিৰেও জনগোষ্ঠীসমূহৰ মাজত লৌকিক সাহিত্যৰ ভৰালোঁ যথেষ্ট চহকী। তেওঁলোকৰ সমাজত প্ৰচলিত লোকগীত,সাথৰ,ফকৰা-যোজনা,সাধুকথা,তন্ত্ৰ-মন্ত্ৰ,স্তুতি,আশীৰ্বাদ-প্ৰাৰ্থনা আদি এতিয়াও লিখিত ৰূপত পাবলৈ বাকী। লিখিত ৰূপত নথকাৰ বাবে লোক শিল্পীসকলৰ প্ৰয়াণৰ লগে লগে সেই লোক সম্পদসমুহো এটা এটাকৈ হেৰাই গৈ আছে।ই নিশ্চয় জনগোষ্ঠীৰ বাবে আৰু সামগ্ৰীকভাৱে অসমীয়া জাতি আৰু সাহিত্যৰ বাবেও ক্ষতিকাৰক কথা। কোনে জানে তেওলোকৰ জনজীৱনৰ আলমত ৰচিত গ্ৰন্থই (গল্প-উপন্যাস) এদিন বিশ্ব দৰবাৰত অসমীয়া সাহিত্যক প্ৰতিনিধিত্ব কৰিব,কোনে জানে তেওঁলোকৰ সমাজৰ পৰা ওলাই অহা লেখকৰ কোনোবাই এদিন অসমীয়া সাহিত্যৰ মঞ্চত জিলিকি উঠিব।তাৰবাবে লাগে এটা শুভ আৰম্ভণী। লাগে এটি যাত্ৰাৰ। এই যাত্ৰা আজিৰ পৰাই হওক।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমত বৌদ্ধ ধৰ্মাৱলম্বী টাই গোষ্ঠী আৰু অসমীয়া সাহিত্য-(পেইম থি গোহাঁই)"

Leave a Comment

Your email address will not be published. Required fields are marked *