পদ্দাৰ ধুমুহাত মানৱীয়তাৰ সুবাস

কিছুমান আৰোপিত কথাই আমাৰ মন-মগজুত কেনেকুৱা প্ৰভাৱ পেলায়, সেয়া বহু ক্ষেত্ৰত বৰ কৌতূহলোদ্দীপক আৰু আচৰিতধৰণৰ। উদাহৰণস্বৰূপে, পাকিস্তান দেশখন আমাৰ সৰহভাগ ভাৰতবাসীৰ বাবে এক ঘৃণাৰ বিমূৰ্ত স্তূপ। তাৰ মানুহবোৰো যেন মানুহ নহয় - একো একোটা ঠাহ খোৱা ঘৃণাৰ পাত্ৰ। ঠিক তেনেকৈ অসমৰ বেছিভাগ লোকৰ বাবে বাংলাদেশ আৰু বাংলাদেশী - এই দুটা বৰ ঘৃণণীয় শব্দ। তেওঁলোকো যে মানুহ, আমাৰ দৰেই আৱেগ-অনুভুতি-ভালপোৱা লৈ জীয়াই থাকিব খোজা মানুহ - সেয়া আমাৰ মনলৈ নাহেই। বাংলাদেশী বুলিলেই আমাৰ মনলৈ আহে অসমীয়াক শেষ কৰিবলৈ ওলোৱা এটা ঘৃণণীয় জাতি!
এই চিন্তাৰ উঁহ কি বাৰু?
মানুহে ৰাজনৈতিক কাৰণত ঠিক কৰি লোৱা সীমাৰ ভিতৰে ভিতৰে থকা মানুহবোৰহে আমাৰ মানুহ, আপোন মানুহ আৰু ঠিক সীমাডালৰ বাহিৰৰ মানুহবোৰ আমাৰ পৰ - এই চিন্তাটো নিৰ্মোহভাৱে চাবলৈ গ’লে এক প্ৰকাৰৰ বালখিল্য কথা। মানুহৰ মাজত থকা মানৱীয় সম্পৰ্ক জানো ৰাজনৈতিক আঁক একোটাই নিয়ন্ত্ৰণ কৰে, বৰ অদ্ভুত কথা। কিন্তু দেশপ্ৰেম-জাতীয়তাবাদ আদিৰ দৰে গ্লেমাৰাইজড ধাৰণা কিছুমানে এনেকুৱা উদ্ভট কথা একোটাক প্ৰাতিষ্ঠানিক ৰূপ দি আমাৰ মগজুত বৰ বেয়াকৈ সুমুৱাই দিলে। সেয়ে হয়তো বিদেশী বুলি ক’লে আমাৰ মনলৈ তেতিয়ালৈকে বৰ এটা ভাল ভাব নাহে, যেতিয়ালৈকে সেই বিদেশীগৰাকীয়ে আমাৰ ভাষা-সংস্কৃতিক উচ্চ স্থান দিছে বুলি আশ্বস্ত নহওঁ!
মানুহৰ লগত মানুহৰ এনেকুৱা কাৰণত হোৱা সংঘাতৰ উদাহৰণ দেধাৰ। অসমীয়া-বঙালীৰ ভাষা সংঘৰ্ষৰ কথা ইয়াৰ এটা প্ৰকৃষ্ট উদাহৰণ। ১৯৬০ৰ সময়ছোৱাত হোৱা এই ভাতৃঘাতী সংঘৰ্ষৰ জুই নুমুৱাবলৈ গণশিল্পী হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই সংঘৰ্ষপীড়িত মানুহৰ মাজত “হাৰাধন-ৰংমনৰ কথা” শীৰ্ষক গীতি আলেখ্য এখন পৰিবেশন কৰি জাতি-দেশৰ সীমা নেওচি মানৱতাৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰিছিল। আধা বঙালী আধা অসমীয়া দুটা ভাষাৰ এই আলেখ্যখন পাছত ভূপেন হাজৰিকাই এটা সুন্দৰ অসমীয়া গীতলৈ ৰূপান্তৰ কৰে।
সীমা-জাতিগত সংঘাতৰ উত্‍স সাধাৰণতে আত্মপৰিচয়-সচেতন মধ্যবিত্তৰ সমাজ। পাকস্থলীত হৃদয় কঢ়িয়াই ফুৰা নিঃস্ব-সৰ্বস্বান্ত মানুহৰ কাৰণে জানো ৰাজনৈতিক সীমা, জাতীয় পৰিচয় আদিৰ অৰ্থ থাকে? বাংলাদেশৰপৰা অহা তেনেকুৱা এজাক মানুহৰ কথাৰেই গীত “পদ্দাৰ ধুমহা”...
ব্ৰহ্মপুত্ৰ নৈখনক বাংলাদেশত পদ্মা বুলি কয় - তেওঁলোকৰ উচ্চাৰণত পদ্দা। ব্ৰহ্মপুত্ৰ‍ই হওক, পদ্মাই হওক বা পদ্দাই হওক - একেখন নদী, একেখিনি পানী, একেই জীৱন, একেই হুমুনিয়াহ... তথাপিও আমাৰ সংঘাত...
একেই আকাশ একেই বতাহ
দুই কলিজাত একেই উশাহ
দুটি চৰাইৰ দুটি মাতত
একেই মূৰ্চ্ছনা
..............
একেই প্ৰেম একেই আশা
কান্দোন হাঁহিৰ একেই ভাষা
সুখ দুখৰ বুকুৰ মাজত
একেই যন্ত্ৰণা

পদ্মাৰ পাৰত তেওঁলোক নিষ্পেষিত; সীমাৰ এইপাৰে দেখিছে জীৱনৰ সন্ধান, মানুহে টানি থোৱা সীমা বোলা আঁকডাল যেন জীৱন আৰু মৃত্যুক ভাগ ভাগ কৰিছে। ভোকৰ জুয়ে সকলো ভয় ভীতি পাহৰাই পেলাইছে... কিহৰ ভয় কালৈ ভয়?
তেওঁলোকৰ এই উজনিমুৱা জীৱন সন্ধানী যাত্ৰাৰ লগে লগে ভাটিয়ালী সুৰেৰে আৰম্ভ হৈছে গীতটি -
পদ্দাৰ ধুমুহাই উৰুৱাই নিছিলে
আমাৰ সোণৰ ঘৰে-বাৰী
উজনি পানীতে সাঁতুৰি পালোঁহি
বৰলুইতৰ চাপৰি
গানটোত “পদ্মা” শব্দটো পদ্দা বুলি উচ্চাৰণ কৰা হৈছে। কাৰণ যিসকল মানুহৰ কথা কোৱা হৈছে, তেওঁলোকৰ উচ্চাৰণত আপোন নদীখন পদ্দাহে, পদ্মা নহয়। ভূপেন হাজৰিকাৰ “গংগা মোৰ মা” গীতটিতো পদ্দা বুলিয়েই গোৱা হয়। আনহাতে, পশ্চিম বংগৰপৰা তেজপুৰলৈ বিমানত আহি থকাৰ দুৰ্দান্ত (বেলেগ শব্দ বিচাৰি নাপালোঁ) চিত্ৰকল্প “আকাশী যানেৰে উৰণীয়া মনেৰে” গীতটিত কিন্তু “অ’ পদ্মা নৈ ত‍ই গ’লি ক’লৈ” বুলিহে গোৱা হয়। কাৰণ এই গানটোৰ পাৰ্ছপেক্টিভ পদ্দাৰ পাৰৰ মানুহ নহয়, বৰং ঘৰমুখী এজন অসমীয়া।
পদ্মাৰ পাৰৰ মানুহখিনি লুইতৰ পাৰৰ মানুহৰ বাবে পৰ, হ’লেই যেনিবা একেখনেই নদী - কিন্তু এই যে মানুহে আঁচ এডাল মাৰি সীমা বুলি কৈ থ’লে! যিমানেই সৰ্বস্বান্ত নহওক, মানুহে জানো সপোন দেখিবলৈ বাদ দিব পাৰে? পদ্দাৰ পাৰৰপৰা লুইতলৈ ভোকে টানি অনা মানুহখিনিয়েও সপোন দেখিছে, জীৱনৰ সপোন; নতুন ঠাইৰ নতুন সপোন -
“আকৌ বান্ধিম ঘৰ
আকৌ গামেই গীত....
নিঃস্ব-সৰ্বস্বান্ত মানুহবোৰে বেলেগ এটা জাতিক দমন কৰিম বুলি নাহে, আহে অকল জীৱন বিচাৰি। নতুন ঠাই-নতুন মানুহবোৰৰ লগত মিলি যাবলৈ অপ্ৰাণ চেষ্টা কৰে। নহ’লে ক’লৈ যাব? কি খাব? বৰলুইতৰে এটা সুঁতি হৈ অসমীয়া হৈ অসমতে মিলি যাব বিচাৰে; জীয়াই থকাৰ স্বাৰ্থত হ’লেও। গানটোৰ দ্বিতীয় অন্তৰাটো -

আকৌ বান্ধিম ঘৰ
আকৌ গামেই গীত
আপোন হাতে অসম গঢ়িম
শাঁত পৰিব চিত ...
গানটোৰ এই অংশটোৰ অন্য এটা উল্লেখনীয় দিশো আছে। আৰম্ভণিৰ ভাটিয়ালী সুৰটোৱে এইখিনিতেই গোৱালপৰীয়া লোকগীতৰ সুৰলৈ বাগৰ মাৰে। পদ্দাৰ পাৰৰপৰা অহা মানুহখিনিয়ে যেন লুইতৰ পাৰৰ সংস্কৃতিকে নিজৰ বুলি লৈছে - এক যেন সমন্বয়ৰ বাৰ্তা। এটা ইংগিত - জীণ যোৱাৰ। দুই ভিন্ন সুৰৰ সমন্বয়ে, ইয়াৰ অন্তৰালৰ বাৰ্তাটোৱে এইখিনিতে বৰ সুন্দৰ এক সমন্বয়সুৰীয়া ভাবাবেগৰ ঢৌ তুলি যায়।
প্ৰব্ৰজনেই মানৱ ইতিহাসৰ-সভ্যতাৰ মূল চালিকাশক্তি বুলিলেও ভুল কোৱা নহয়। মানুহ আহে, চামে চামে জীণ যায় আৰু সমাজক নতুন ৰূপ আৰু গতিৰে আগুৱাই লৈ যায়। আমাৰ হাতত ধৰি এই ন-অসমীয়ায়ো জুৰুলা হৈ পৰা জাতিটোক আকৌ জগাই তুলিব। তেওঁলোকে আমাক যেন কৈছে -
পোৰাকৈ ভেঁটিতে অ’ চেনাই
তুমিয়ে ঘৰে বান্ধা
আমি টঙাল তোলায়ে দিম

গীতটিৰ সুৰ বৰ সুন্দৰভাৱে এইখিনিতে বিহুসুৰীয়া হৈ পৰে। বিহুৰ সুৰে সমন্বয়ৰ নিদৰ্শন দাঙি ধৰাৰ লগতে মিলাপ্ৰীতি আৰু তত্‍জনিত আনন্দও প্ৰকাশ কৰিছে। সমন্বয় কেৱল সুৰৰেই হোৱা নাই, প্ৰতিটো সুৰে প্ৰতিনিধিত্ব কৰা সত্তাবোৰৰ সমন্বয়ে যেন প্ৰাণ পাই উঠিছে। পাঠকে এইখিনিতে বৰ্তমানে বহুল জনপ্ৰিয় ফিউজন বোলা বস্তুকণ (লাইলা হিলালি+শিলে শিলে ঠেকা খালে-ধৰণৰ) মনত পেলাই চাবচোন!

ইয়াৰ পাছৰ অন্তৰাটোত দেশ-জতি-ভাষাৰ সীমা নেওচা মানৱতাৰ কথা কোৱা হৈছে এনেকৈ -
ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
বুজিব খুজিলেই চিনে
কি যে ধুনীয়া হ’লহেতেঁন পৃথিৱীখন সঁচাকৈ - যদি আমি আত্মপৰিচয়ৰ প্ৰবণতাতকৈ আখৰ নাইকিয়া মৰমৰ ভাষাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ হয়। কিন্তু আমি কৰিছোঁ কি? কথা কোৱা ভাষাৰ ভিন্নতা, সীমা নামৰ আঁচডাল - এইবোৰ বস্তুকে ধিয়াই থাকি গড়কোঠ এটা সাজি লৈছোঁ।
সমন্বয় মানে আচলতে শক্তিশালী জাতি এটাৰ সংস্কৃতিত নিজস্বতা বিসৰ্জন দি লীন হৈ যোৱাটো নেকি? নিশ্চয় নহয়। এক সহাৱস্থানৰ পৰিবেশত এক সাংস্কৃতিক মিলন গঢ়ি তোলাটোহে সমন্বয়। গীতটিৰ পিছৰ অন্তৰাটোত এই কথাটোকে যেন সুৰেৰে কৈছে, হয় - আক্ষৰিকভাৱে সুৰে কথা কৈছে, কেৱল গীতটোৰ কথাংশ‍ই কথা কোৱা নাই। এই অন্তৰাটো এনেকুৱা,

তুমিয়ে ময়ে দেশখন গঢ়োতে
যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে
দুয়ো মিলি দেশ গঢ়াৰ কথা কোৱা এই অন্তৰাটোত ভাটিয়ালী সুৰৰ। অৰ্থাৎ সাংস্কৃতিক আগ্ৰাসনৰ কবলত এই মানুহখিনি বলপূৰ্বকভাৱে ন-অসমীয়া হোৱা নাই। বৰং পদ্দাৰ সুৰ আৰু লুইতৰ সুৰৰ মিলনেহে এই সমন্বয় গঢ়ি তুলিছে, নিঃস্ব মানুহখিনিৰ বাকী ৰোৱা নিজস্বতা, নিজৰ প্ৰাণৰ সুৰক লুইতে দমন কৰা নাই। সমমৰ্যাদা-সহাৱস্থানৰ ভিত্তিতহে দেশ গঢ়াৰ কথা কৈছে।
গানৰ কথাংশৰ লগতে সুৰটোৱেও যে এটা বাৰ্তা কঢ়িয়াব পাৰে, এই প্ৰয়োগ অসমীয়া সংগীতৰ ক্ষেত্ৰত প্ৰায় নায়েই। বহু ক্ষেত্ৰত সুৰ আৰু কথা সমান্তৰালভাৱে ইটোৱে সিটোক স্পৰ্শ নকৰাকৈয়ে চলি যায়। তেনে গান জনপ্ৰিয়ও হয়, কিন্তু চিন্তাৰ পৃথিৱীত সামান্যতমো বুৰবুৰণি তুলিবলৈ সক্ষম নহয়।
ঊষা মংগেশকাৰ আৰু ভূপেন হাজৰিকাৰ দ্বৈত কণ্ঠৰ এই গীতটি অসমীয়া সংগীতৰ এক উল্লেখযোগ্য সম্পৰীক্ষা। কত ঠাইৰ সুৰৰ সমন্বয়, কত সত্ত্বাৰ সমন্বয়; কিন্তু শুনি যাওঁতে অনুভৱেই নহয় যে গীতটিত কেইবাটাও সুৰৰ ফিউজন আছে। গীতটিত সুৰবোৰ ইটোৱে সিটোৱে সাবটি পাক খাই যেনেকৈ মিলি গ’ল আৰু নতুন সৌন্দৰ্যৰ জন্ম দিলে, সুৰবোৰে প্ৰতিনিধিত্ব কৰা সত্তাবোৰৰো ঠিক তেনেধৰণৰ মিলন হোৱাটো চাগৈ ভূপেন হাজৰিকাৰ আশা আছিল। (এষাৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি; জ্যোতিপ্ৰসাদ সোঁৱৰণি এক ভাষণ প্ৰসংগত ভূপেন হাজৰিকাই কৈছিল, জ্যোতিপ্ৰসাদৰ জাতীয়তাবাদ সংকীৰ্ণ পুখুৰীৰ পুঠিমাছৰ কল্পনা নহয়।)
শেষৰ অন্তৰাটোৱে সমন্বয়ৰ বাৰ্তা অসমতে সীমিত নাৰাখি সীমাৰ পৰিধি ঠেলি বোৱাই দিছে এনেকৈ -
গংগা পদ্দা কৃষ্ণা গোদাবৰী
ব্ৰহ্মপুত্ৰ কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলে’ বয়
ৰঙতে বাগৰি বাগৰি
(এইখিনি ঊষা মংগেশকাৰৰ কণ্ঠত)

একেখিনি কথাকেই লগে লগে ভূপেন হাজৰিকাৰ কণ্ঠাতো শুনিবলৈ পোৱা যায়, কিন্তু এটা শব্দ বেলেগকৈ...
গংগা পদ্দা কৃষ্ণা সোৱণশিৰী
ব্ৰহ্মপুত্ৰ কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলে’ বয়
ৰঙতে বাগৰি বাগৰি
(এইখিনি ভূপেন হাজৰিকাৰ কণ্ঠত)

গোদাবৰী আৰু সোৱণশিৰী, যেন একেই নদী - একেই সমাজ এনেকুৱা এটা ভাব সৃষ্টি কৰিবলৈ এই এটা সৰু শব্দ‍ই যথেষ্ট, এয়াই ভূপেন হাজৰিকাৰ যাদু। মাত্ৰ এটা শব্দতেই কিমানখিনি কোৱা হৈ গ’ল!

গীতটি শেষ হয় আমাৰ চিনাকী বিহু এটাৰে,
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি ওৰে জীৱন থাকিব বৈ

পীৰিতিৰ বোৱতী নৈৰ বতাহত মানৱপ্ৰেমৰ সুঘ্ৰাণ বৰ সুৰীয়াকৈ উপলব্ধি কৰা যায়...
লাগিলে সেই নৈখন লুইতেই হওক বা পদ্মায়েই হওক বা মিছিছিপি...

গৌৰীশংকৰ ভূঞা

Share Button
Print Friendly, PDF & Email

No Comments : "পদ্দাৰ ধুমুহাত মানৱীয়তাৰ সুবাস"

Leave a Comment

Your email address will not be published. Required fields are marked *