পীচ: এখন জাপানী ছবিৰ কথাৰে (নিখিলেশ্বৰ বৰুৱা)

গুৱাহাটীৰ Back Benchers Cafe ৰ সৌজন্যত এখন ভাল চিনেমা চোৱাৰ সুযোগ পালো, 'Peace' (Soda Kazuhiro, Japan)। চিনামাখনৰ বিষয় বস্তু বগা কপৌ ধৰণৰ শান্তি নহয়, তাৰ বিষয় হ'ল সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত ফুটি উঠা সমব্যথা আৰু সহাৱস্থান, এটি কঠিন জীৱন নম্ৰতা আৰু মৰ্য্যাদাৰে যাপন কৰাৰ সংগ্ৰাম।

Soda Kazuhiro জনাজাত Observational method of documentary film making-ৰ বাবে। তেওঁ পূৰ্ব নিৰ্ধাৰিত বিষয় লৈ চিনেমা নিৰ্মাণ নকৰে, আগতীয়াকৈ কোনো ধৰণৰ গবেষণাও নকৰে- যিটো তথ্যচিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। তেওঁৰ চিনেমাৰ বিষয় আৰু কাহিনী গঢ় লয় চিত্ৰগ্ৰহনৰ পিছত, সম্পাদনাৰ সময়ত।

চিনেমাখন তিনিটা উপকাহিনীৰ এক অৰ্থবহ সংযোজন -‌

১) এহাল আদহীয়া দম্পতী, দুয়ো চৰকাৰী স্বাস্থ্য-সেৱা আঁচনিৰ অধীনত (চাকৰিয়াল হিচাবে নহয়, ব্যক্তিগতভাবে) কাম কৰে। মানুহজনে স্বাস্থ্য-সেৱা আঁচনিৰ সুবিধা লভা (বিশেষভাবে সক্ষম তথা অকলশৰীয়া বয়সীয়াল/ৰুগীয়া) সকলে ভাড়া কৰি অহা যোৱা কৰিব পৰা গাড়ী এখন চলায়। কিন্তু তাৰ আৰ্জন "শূন্য", কাৰণ তেনে গাড়ীৰ চৰকাৰে ধাৰ্য কৰি দিয়া ভাড়া আন ভাড়া গাড়ীতকৈ বহুত কম। তেওঁ যি উপাৰ্জন কৰে সেয়া গাড়ীৰ তেল, নিয়মীয়া মেৰামতি, বীমা, আদিতে যায়। তথাপিও কিয় সেই কাম কৰে বুলি সোধোতে তেখেতে "অভ্যাসবশত:" বুলি কয়, কিন্তু তেওঁ তেওঁৰ কাম অতি আগ্ৰহেৰে আৰু আদৰৰে কৰে, আৰু তেওঁৰ সেৱা ব্যৱহাৰ কৰাসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰাকৈ নাথাকে। মহিলাগৰাকীয়েও স্বাস্থ্য-সেৱা আঁচনিৰ সুবিধা লাভ কৰাসকলৰ বাবে কাম কৰে, ঘৰুৱা সহায়ক হিচাবে। তেওঁ কিন্তু পতিৰ দৰে আত্মসন্তুষ্ট নহয়, চৰকাৰী আঁচনি, পতিয়ে পোহপাল দি ৰখা মেকুৰীবোৰ, ইত্যাদি বহু বিষয়ত তেওঁৰ অভিযোগ আছে। তেওঁ য'ত কাম কৰে সেই বুঢ়া মানুহজনৰ ঘৰলৈ যোৱাৰ আগতে তেওঁ গোটেই গাতে কীটনাশক স্প্ৰে মাৰিহে যায়। কিন্তু তেৱোঁ নিজৰ কাম বেচ আদৰ আৰু নিষ্ঠাৰে কৰে।

২) বুঢ়া মানুহজন সৰু জৰাজীৰ্ণ ঘৰ এটাত অকলে থাকে। তেওঁ হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত, আৰু চিগাৰেট খাই ভাল পায়। তেওঁৰ মতে তাৰ বাহিৰে উপভোগ কৰিবলৈ এতিয়া আৰু একো নাই । তেওঁ খোৱা চিগাৰেট বিধৰ নাম হ'ল "Peace" । আনৰ ওপৰত বোজা হৈ জীয়াই আছোঁ বুলি তেওঁৰ আক্ষেপ, আৰু সোনকালে সিপুৰীলৈ যোৱাৰ ইচ্ছা। সেই সময় সোনকালে ওচৰ চাপি আহক বুলিয়েই তেওঁ চিগাৰেট খায় নেকি?‌

চিনেমাখনৰ শেষৰ ফালে তেওঁ যুদ্ধৰ সময়ত সামৰিক বাহিনীত যোগ দিয়াৰ অভিজ্ঞতাৰ কথা কয়। কেনেকৈ যুদ্ধকালীন শিক্ষাই মৃত্যুক সাবতি লোৱাটো গৌৰৱৰ কথা আৰু জীৱিত হৈ উভতি অহাটো লাজৰ কথা বুলি ভাবিবলৈ শিকায়। তেওঁ কয় যে সেই সময়ত সাধাৰণ সৈনিকসকলক হেনো 'পাঁচ পইচা' বুলি কৈছিল, কাৰণ সৈন্য বাহিনীত নামভৰ্তিৰ হুকুম অহা পোষ্ট কাৰ্ডখনৰ দাম আছিল পাঁচ পইচা!

৩) মেকুৰীবোৰ- প্ৰথমতে উল্লেখ কৰা দম্পতী হালৰ মতা মানুহজনৰ এজাক পোহনীয়া মেকুৰী আছে (তাৰে এটা লেঙেৰা), মানুহজনে সিহঁতক বৰ মৰমেৰে পোহ পাল কৰে। নতুন পোৱালী হয় বা কেতিয়াবা আন ঠাইৰ পৰা অহা মেকুৰী তেওঁ আদৰি লয়, সেয়ে মেকুৰীৰ সংখ্যা বাঢ়ি গৈ থাকে। তেওঁ কোৱা মতে ডাঙৰ/পুৰণা মেকুৰীবোৰ এটা সময়ত নিজে নিজে গুচি যায়, নতুন মেকুৰীক ঠাই দিবৰ বাবে। চিনেমাখন আৰম্ভই হয় মেকুৰীকেইটাৰ পৰা, আৰু শেষো হয় মেকুৰীকেইটাত। প্ৰথম দৃশ্যত দেখা যায় বাহিৰা মেকুৰী এটাই মেকুৰী দলটোৰ ঠাইখিনিত নিজৰ দখল পাতিবলৈ সুযোগ বিচাৰি আছে, কিন্তু মেকুৰীকেইটাই তাক ভয় আৰু সন্দেহৰ চকুৰে চায়। মানুহজনেও বাহিৰা মেকুৰীটোক "চোৰ মেকুৰী" বুলি কয়, কাৰণ সি বাকী মেকুৰীবোৰক দিয়া খাদ্যবোৰ আগে আহি খাবলৈ চেষ্টা কৰি থাকে (এইখিনিতে 'বাহিৰা=চোৰ' সমীকৰণটো মন কৰিবলগীয়া)। চিনেমাখনৰ শেষ দৃশ্যত দেখা যায় আন মেকুৰীবোৰে সেই বাহিৰা/চোৰ মেকুৰীটোক নিজৰ মাজৰে এজন বুলি গ্ৰহণ কৰি লৈছে।

যদিও কেমেৰাৰে চৰিত্ৰবোৰক অনুসৰণ কৰি যোৱা, মাজে মাজে দুই এটা প্ৰশ্ন সুধি কাহিনীৰ ধাৰাবাহিকতা অটুট ৰখা, ইত্যাদি তথ্যচিত্ৰ নিৰ্মাণৰ সাধাৰণ প্ৰচলিত কৌশল, তথাপিও এই চিনেমাখন চাই ভাল কাহিনীচিত্ৰ (feature film) এখন চোৱা যেনেই লাগিল। বিচ্ছিন্ন আৰম্ভণিৰ পৰা এক বিশেষ দিশলৈ আগ বঢ়াৰ যিটো লয় আৰু গতি, চৰিত্ৰ বোৰ গঢ় লৈ উঠাৰ আৰু পাৰস্পৰিক সম্পৰ্কবোৰ স্পষ্ট হৈ উঠাৰ যিটো ক্ৰম, আৰু তাৰ মাজে মাজে সিচৰিত কিছু আনুষঙ্গিক দৃশ্যাৱলী; সেইবোৰে চিনেমাখনক বিশেষ উপভোগ্য কৰি তুলিছে। বিভিন্ন চৰিত্ৰৰ জীৱন সংগ্ৰামৰ বিভিন্ন দিশবোৰৰ মাজতে হঠাৎ এটা দৃশ্যত দেখা যায় ৰাজনৈতিক দলৰ পোষ্টাৰ এখন, য'ত ডাঙৰ আখৰেৰে লিখা আছে "change" (পৰিৱৰ্তন!) ! আন এটা দৃশ্যত দেখা যায় মহিলাগৰাকীয়ে চৰকাৰী স্বাস্থ্য-সেৱা আঁচনিৰ আসোঁৱাহবোৰৰ বিষয়ে অভিযোগ ব্যক্ত কৰি থকাৰ সময়তে ৰেডিঅ'ত ভাহি আহে প্ৰধান মন্ত্ৰীৰ স্বাস্থ্য সেৱা-আঁচনিৰ সফলতাৰ বিষয়ে ভাষণ! এনেধৰণৰ অৰ্থপূৰ্ণ সংযোগে আমনিদায়ক উপদেশমূলক সংলাপবোৰতকৈ বহু বেছি কথা প্ৰকাশ কৰে।

অভিনয় (মেকুৰীবোৰকো ধৰি) মোৰ ভাল লাগিল, কাৰণ কোনো "অভিনয়" নাই। চিনেমাখন মেকুৰীবোৰৰ পৰা আৰম্ভ কৰি মেকুৰীতে শেষ কৰাটো কোনো বিশেষ বা নতুন কথা নহয়, বৰং যিটো দৃশ্যৰ পৰা চিনেমা এখন আৰম্ভ হয় ঘূৰি-পকি আহি তাতেই শেষ কৰাতো এটা সাধাৰণ প্ৰচলিত গাঁঠনি। ইয়াত সেই সাধাৰণ গাঁঠনিটোৱে চিনেমাখনক "তথ্য" স্তৰৰ পৰা "কাহিনী" স্তৰলৈ আগ বঢ়াই নিব পাৰিছে।

Share Button
Print Friendly, PDF & Email

No Comments : "পীচ: এখন জাপানী ছবিৰ কথাৰে (নিখিলেশ্বৰ বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *