পিতৃ-মাতৃৰ শেষ আশ্রয়স্থল বৃদ্ধাশ্ৰম হোৱাৰ মূলতে কেৱল সন্তানেই দায়ী নে ?-(ময়ূৰী বৰুৱা)

[“তোমালোকৰ সন্তানবিলাক তোমালোকৰ নহয়৷ সিহঁত মহাজীৱনৰ আপোন ইপ্সাৰ পুত্ৰ-কন্যা - খলিল জিব্ৰান]

 

সাম্প্ৰতিক সময়ত সবাতোকৈ চৰ্চিত বিষয়সমূহৰ ভিতৰত বৃদ্ধাশ্ৰম হৈছে এক অন্যতম বিষয়। আধুনিকতাৰ ধামখুমীয়াত বেছিভাগ মানুহে নিজৰ স্বকীয়তা হেৰুৱাই দিয়াৰ উপক্ৰম হৈছে৷ জন্মদাত্ৰী পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰি নিজৰ সন্তানক লালন-পালন কৰি নিজৰ ভৰিত নিজে থিয় দি খুটি খাব পৰা কৰি দিয়ে৷ তেনেস্থলত তেওঁলোককে বুঢ়া হোৱাৰ পিছত প্ৰতিপালন নকৰি নিজ পুত্ৰই বৃদ্ধাশ্ৰমত ৰাখি অহা কথাটো ভাৰতীয় সমাজৰ বাবে চৰম পৰিতাপৰ কথা৷ ভাৰতীয় সংস্কাৰে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক ঈশ্বৰ জ্ঞান কৰিবলৈ শিক্ষা দিয়ে, তেনেস্থলত আধুনিক শিক্ষাৰে শিক্ষিত হৈও দেৱতুল্য পিতৃ-মাতৃক পথৰ দাঁতিত ৰাতি কটাবলৈ বাধ্য কৰোৱা উদাহৰণ নগণ্য বুলিব নোৱাৰি । এই স্পৰ্শকাতৰ পৰিস্থিতিটো আমাৰ সমাজত কিয় গা কৰি উঠিছে তথা ইয়াৰ প্ৰধান কাৰক কি কি, তাক ফঁহিয়াই চোৱাৰ সময় সমাগত । অন্যথা মানৱীয়তাৰ তুলাচনীত চৰম কুঠাৰাঘাতস্বৰূপে গ্ৰহণ কৰি হুমুনিয়াহ কঢ়াৰ বাহিৰে আমাৰ হাতত গত্যন্তৰ একোৱেই নাথাকিব ৷

একৈশ শতিকাৰ বিশ্বায়নৰ যুগত নৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা তথা মানৱীয় মূল্যবোধৰ অৱক্ষয় হোৱা বুলি সততে দাবী কৰা পৰিলক্ষিত হয় । সমাজৰ এনে অশোভনীয় কাৰ্যকলাপৰ বাবে বয়োজ্যেষ্ঠ বা অভিভাৱকসকলে উঠি অহা যুৱসমাজকে মূল দায়ী বুলি অভিহিত কৰা দেখা যায় ৷ আজিৰ ল’ৰা-ছোৱালীসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈও বা দেশ-বিদেশ ভ্ৰমণ কৰি বিভিন্ন অভিজ্ঞতা আহৰণ কৰা সত্ত্বেও সংকীৰ্ণ মনোভাবসম্পন্ন হৈ পৰা বুলি সকলোৱে আপত্তিসূচক মন্তব্য আগ বঢ়ায় ৷ আজিৰ যুৱসমাজ স্বাৰ্থান্ধ হ’ব ধৰিছে, আনকি পৰিয়াল বা ওচৰ-চুবুৰীয়াসকলৰ লগত মনৰ দূৰত্ব দিনক দিনে বাঢ়ি গৈছে ৷ এনেবোৰ বিষয় আমাৰ সমাজৰ বাবে কোনো কাৰণতে আশাব্যঞ্জক নহয় ৷ আজিৰ সন্তান ভৱিষ্যতৰ ধ্বজাবাহক, আমাৰ উত্তৰসূৰী ৷ কিন্তু সময়ৰ কালচক্ৰই এয়া কিহৰ ইংগিত বহন কৰিছে ?

সমগ্র বিশ্বতে অসমীয়া মানুহৰ সুনাম আছে যে বিদেশ বা ভাৰতবৰ্ষৰ আন ঠাইৰ মানুহৰ তুলনাত অসমীয়াসকল অতি আৱেগপ্ৰৱণ আৰু মৰমিয়াল, মাক-দেউতাকক গুৰু জ্ঞান কৰি মৰম আৰু শ্ৰদ্ধাৰ আবেষ্টনীত ৰাখে ৷ আমাৰ ককা-আইতাহঁতৰ দিনৰ দৰে দিন আৰু নাই, মানুহৰ মাজত মৰমৰ এনাজৰীডাল ক’ৰবাত যেন সোপাঢিলা হ’ব ধৰিছে ৷ মানৱীয় গুণ যেনে, ধৈৰ্য, দয়া, ক্ষমা আদি বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে৷ সমাজত দ্বন্দ্ব-খৰিয়ালৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে । মাতৃ আৰু পিতৃহন্তা সন্তানৰ উদাহৰণ বাঢ়িবলৈ ধৰিছে ৷ আনহাতে, মাক-দেউতাকে সন্তানৰ কিবা ভুল আঙুলিয়াই গালি-শপনি দিলেও আগ-পাছ নুগুণি আত্মহননৰ পথ নাইবা কিবা আক্ৰোশমূলক কাৰ্য কৰিবলৈকো কুন্ঠাবোধ নকৰে ৷ এবাৰলৈও ধৈৰ্য ধৰি নাভাবে যে জন্মদাত্ৰী মাকেহে ভালৰ বাবেহে তেনে কৰিছে ৷ আধুনিক যুগৰ প্ৰতিযোগিতাৰ দৌৰাত্ম্যত নিজকে খাপ খুৱাবলৈ বা নিজৰ স্বাৰ্থ সিদ্ধিৰ উদেশ্যে নিকট আত্মীয় নাইবা আপোন মানুহকে পৰ কৰিবলৈ কিঞ্চিতো কুন্ঠাবোধ নকৰে ৷ উচ্চ শিক্ষিত সন্তানসকলে জন্ম দিয়া মাক-দেউতাকক নিজৰ লগত ৰাখিবলৈ অসুবিধা পাই বৃদ্ধাশ্ৰমলৈ পঠিওৱাৰ জ্বলন্ত উদাহৰণ এতিয়া আৰু আঙুলি মূৰত গণিব পৰা হৈ থকা নাই ৷ দেশজুৰি থকা বৃদ্ধাশ্ৰমসমূহৰ আৱাসী তালিকাই তাৰ প্ৰমাণ ৷

আজিৰ সমাজত সততে ঘটি থকা তেনে অবাঞ্ছিত তথা অমানৱীয় কাৰ্যকলাপবোৰৰ বাবে আমি সাধাৰণতে যুৱক-যুৱতী তথা সন্তানসকলকে একমাত্ৰ জগৰীয়া কৰি অভিভাৱকসকলে নিজে দায় সৰা যেন কৰা দৃষ্টিগোচৰ হয় ৷ তেওঁলোকে সন্তান লালন-পালন কৰোতে ক’ৰবাত ভুল-ত্ৰুটি কৰি আহিছে নেকি যে বৃদ্ধকালত নিজৰে সন্তানৰপৰা লাঞ্ছনা পাবলগীয়া পৰিস্থিতি আহি পৰিছে। আধুনিক যুগৰ মাক-দেউতাকসকলে আত্মবিশ্লেষণ কৰাৰ সময় সমাগত ৷ উচ্চ শিক্ষাৰে শিক্ষিত এখন ঘৰৰ সন্তানৰ মানসিকতা কি কাৰণে ইমান নিম্নগামী হৈছে, তাক চালি-জাৰি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

আগৰ দিনবোৰত এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল, অথচ তেতিয়া খুউব কমসংখ্যক মানুহে উচ্চ শিক্ষাৰ পোহৰ পাবলৈ সক্ষম হৈছিল বা নাৰী শিক্ষাও বৰ্তমান সময়ৰ দৰে উন্নত নাছিল ৷ সাধাৰণতে মাতৃসকলে ঘৰৰ চাৰি বেৰৰ মাজতেই দিন কটাবলগীয়া হৈছিল । ঘৰখনক শিক্ষাৰ কঠীয়াতলী বোলা হয় আৰু এই ক্ষেত্ৰত মাতৃগৰাকীয়ে বিশেষ ভূমিকা পালন কৰে ৷ মাতৃসকল নিজে বেছি শিক্ষিত নাছিল বাবে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণ কৰাত সন্তানক বিশেষ এট সহায় কৰিব পৰা নাছিল ৷ কিন্তু দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা আচাৰ-ব্যৱহাৰ, শিষ্টাচাৰ তথা চৰিত্ৰ গঠনৰ আদিপাঠ মাতৃগৰাকীয়ে দিছিল ৷ প্ৰতিগৰাকী মাতৃয়ে পাঠ্যপুথিৰ বাহিৰৰ শিক্ষা দিয়াত কোনোগুণে পিছ পৰা নাছিল ৷ অ আ ক খ নাজানিলেও বেদ-শাস্ত্ৰৰ জ্ঞানেৰে পৰিপুষ্ট আছিল বাবে সন্তানক চৰিত্ৰৰ গঠনমূলক শিক্ষা দিব পাৰিছিল ৷

মাক-দেউতাকসকলে জন্মৰ আগৰেপৰা সন্তানটিক লৈ নানা সপোন দেখে ৷ তেওঁলোকৰ আধাৰুৱা হিচাপে ৰৈ যোৱা কাম নাইবা সপোনবোৰ নিজৰ সন্তানৰদ্বাৰা বাস্তৱায়িত কৰিবলৈ তৎপৰ হৈ পৰে ৷ মাতৃগৰাকীয়ে দহ মাহ দহ দিন গৰ্ভত ৰাখি জন্মৰ পিছতো লালন-পালন কৰি নিজৰ সন্তানটিৰ ওপৰত স্বাভাৱিকতে এক অধিকাৰ সাব্যস্ত কৰিবলৈ ধৰে৷ তেওঁলোকে কষ্ট কৰি জন্ম দি ডাঙৰ-দীঘল কৰিছে, সেইটো সচাঁ কথা ৷ কিন্তু এই কথা পাহৰি যোৱা অনুচিত যে সন্তানসকল হৈছে এক সম্পূৰ্ণ বেলেগ সত্তা, তেওঁলোকৰো এক সুকীয়া মন আছে, নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰাৰ অধিকাৰ আছে ৷ খলিল জিব্ৰানে তেখেতৰ বিখ্যাত গ্ৰন্থ “প্ৰফেট”ত পিতৃ-মাতৃক উদেশ্য কৰি সন্তানৰ বিষয়ে কৈছে – “তোমালোকে সিহঁতক মৰমহে দিব পাৰা, কিন্তু ভাবনা দিব নোৱাৰা,কিয়নো সিহঁতৰ নিজা ভাবনা আছে ৷ সিহঁতৰ দেহবিলাকহে তোমালোকৰ ঘৰত ৰাখিব পাৰা - আত্মাক নোৱাৰা,কিয়নো সিহঁতৰ আত্মা ভৱিষ্যতৰ ঘৰত বাস কৰে আৰু সেই ঘৰ তোমালোকৰ সপোনৰো অগোচৰ৷ তোমালোক সিহঁতৰ দৰে হ’বলৈ চেষ্টা কৰিব পাৰা,কিন্তু সিহঁত তোমালোকৰ দৰে হোৱাটো বাঞ্ছা নকৰিবা৷ কিয়নো জীৱন পিছুৱাই নাযায়,ই অতীতত থমকি নৰয় ৷” সন্তানৰ মনৰ বুজ নোলোৱাকৈ মাক-দেউতাকে নিজৰ মনৰ ইচ্ছা-অনিচ্ছা সিহঁতৰ ওপৰত উপৰ্যপুৰি জাপি দিয়াটো কোনো কাৰণতে যুক্তিসংগত নহয়৷ আধুনিক অভিভাৱক তথা মাক-দেউতাকসকলে প্ৰতিযোগিতাত জয়ী হ’বৰ বাবে নাইবা পঢ়া-শুনাত ভাল ফলাফল দেখুৱাবলৈ ল’ৰা-ছোৱালীৰ ওপৰত মানসিক চাপ প্ৰয়োগ কৰা দেখা যায় ৷ নিজৰ বন্ধু-বান্ধৱৰ স’তে খেল-ধেমালি কৰিবলৈ হকা-বাধা কৰে আৰু পঢ়াৰ মেজতে বহি থাকিবলৈ বাধ্য কৰা পৰিলক্ষিত হয়৷ ফলস্বৰূপে সন্তানটিক বহিৰ্জগতৰপৰা নিলগত, কেৱল পঢ়া-শুনাতে নিমগ্ন হৈ থাকিবলে বাধ্য কৰোৱা হয় ৷ পৰিয়াল, আত্মীয়-স্বজনৰ লগতো মিলা-মিছা কৰিবলৈ সুবিধা নাপাই জীৱনৰ এছোৱা সময় পাৰ হয় ৷ ফলত শৈশৱতে আত্মীয়-স্বজনৰ মৰম-চেনেহৰ অনুভৱৰপৰা বঞ্চিত হ’বলগীয়া হয় ৷ জীৱনৰ কৈশোৰ কালছোৱাতে এনে এটা পৰিৱেশত ডাঙৰ-দীঘল হোৱা বাবে অৱচেতন মনটোত মাক-দেউতাকৰ অজ্ঞাতে এক বিশেষ ক্ষোভৰ সৃষ্টি হয় ৷ এনে এটা ৰুদ্ধ পৰিৱেশে সন্তানটিক বেছি স্বাৰ্থপৰ কৰি তোলে । নিজৰ স্বাৰ্থ নাথাকিলে আন মানুহক মাত এষাৰো নিদিয়া যেন অভ্যাস গঢ় লৈ উঠে ৷ তেনে ল’ৰা-ছোৱালীৰ মনত দয়া মমতা,মৰম-চেনেহ আদি গুণগত বিশেষ্য পদসমূহৰ স্থান নাইকিয়া হৈ পৰে ।

আজিৰ সৰহসংখ্যক ল’ৰা-ছোৱালীকে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে তেওঁলোক আগৰ প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ তুলনাত অধিক স্বাৰ্থপৰ আৰু যন্ত্ৰ একোটাৰ দৰে হৈ পৰিছে যেন ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হোৱাৰ পিছতে মোটা অংকৰ টকা জমা কৰিও উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিয়ে ৷ তেনে ল’ৰা বা ছোৱালীক স্বাধীনভাৱে চিন্তা কৰিবলৈ নিদিয়াৰ ফলত বেছি জেদী মনোভাবৰ হৈ উঠে ৷ মাক-দেউতাকে সিহঁতৰ মনটো নুবুজি যিদৰে নিজৰ যি ইচ্ছা সেইমতে পৰিচালনা কৰিলে, অনুৰূপভাৱে বৃদ্ধ মাক-দেউতাকৰ মনৰ বতৰা নুবুজাকৈ নিজৰ সুবিধা অনুযায়ী বৃদ্ধাৱাসালৈ পঠাই দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ পিছুৱাই নাযায় ৷

নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক-যুৱতীয়ে এনে ভাবাপন্ন হৈ পৰিছে বুলি ক’লে ভুল হ’ব৷ বহু যুৱক-যুৱতীয়ে পঢ়া-শুনাৰ লগতে দৈনন্দিন কাম-কাজ কৰি মাক-দেউতাকক সহায় কৰি দিয়া দেখা যায় বা তেওঁলোকৰ আচাৰ- ব্যৱহাৰো নম্ৰ আৰু বিনয়ী হয়। নিজৰ চৌপাশৰ মানুহৰ বিপদ-আপদত নাইবা দুখীয়া-নিছলাক সহায়ৰ হাত আগ বঢ়োৱা যুৱপ্ৰজন্মৰ সংখ্যাও খুউব কম নহয়৷ সেইয়া সম্পূৰ্ণভাৱে ডাঙৰ-দীঘল হোৱা ঘৰখনৰ মাক-দেউতাকৰ প্ৰকৃতি,চৌপাশৰ পৰিৱেশ,বন্ধু-বান্ধৱ আদিৰ ওপৰত নিৰ্ভৰ কৰে । ল’ৰা-ছোৱালীক নিজাকে চিন্তা কৰিব পৰাকে স্বাধীনতা প্ৰদান কৰিলে ল’ৰা-ছোৱালী কেতিয়াও বিপথে পৰিচালিত নহয় বা অবাঞ্ছিত কাম এটা কৰিবলৈ আগ বঢ়াৰ আগতে দহবাৰ ভাবিব৷ সন্তানক সদায় মুকলিমূৰীয়াকে বন্ধু-বান্ধৱৰ স’তে খেল-ধেমালি কৰিবলৈ সময় দিব লাগে৷ পঢ়া-শুনাৰ লগে লগে সন্তানৰ মানসিক বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা উচিত।

ভুল হ’ল বুলিয়ে সন্তানে জন্ম দিয়া মাক-দেউতাকৰ প্ৰতি আক্ৰোশমূলক ভাব পোষণ কৰাটো কোনোপধ্যে যুক্তিসংগত নহয় ৷ আমাৰ সংস্কাৰে মাক-দেউতাকক ঈশ্বৰ জ্ঞান কৰিবলৈ শিকাইছে ৷ তেওঁলোকৰ বাবেই সন্তানে পৃথিৱীখন দেখাৰ সুযোগ পায় ৷ ই অসমীয়া তথা ভাৰতীয় সমাজৰ বাবে অতিকে অশুভ লক্ষণ, কাৰণ বিদেশৰ ৰাষ্ট্ৰসমূহৰ দৰে আমাৰ মাক-দেউতাকসকলে এটা নিৰ্দিষ্ট বয়সৰ পিছত সন্তানক ভৰণ-পোষণ দিবলৈ বাদ নিদিয়ে ৷ তাৰ বিপৰীতে, আমাৰ দেশত সন্তানে নিজে উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱালৈকে খুৱাই-বোৱাই ৰাখে ৷ বিদেশত নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰাটো বা ছোৱালীজনীয়ে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰি লয় আৰু স্বাধীনভাৱে জীৱন কটায় ৷ তেনেস্থলত বিদেশত মাক-দেউতাক বুঢ়া বয়সত বৃদ্ধ আৱাসত থাকিবলগীয়া হোৱাটো খুউব এটা দৃষ্টিকটু নহ’ব পাৰে ৷ কিন্ত ভাৰতীয় সমাজৰ পৰিয়ালৰ মাজত মৰম-চেনেহ আদি আৱেগ-অনুভূতি জড়িত হৈ থাকে ৷ সেই পৰিস্থিতিত পুত্ৰ-বোৱাৰীয়ে মাক-দেউতাকক বুঢ়া বয়সত স্বাস্থ্যৰ যত্ন লোৱাৰ বিপৰীতে বৃদ্ধাশ্ৰমত ৰখাটো স্বাভাৱিকতে ঘৃণনীয় কাৰ্য ।

সমীক্ষা কৰিলে গম পোৱা যাব যে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ পঠোৱা নাইবা মানসিক কষ্ট দিয়া আদি ঘৃণনীয় কামবোৰ উচ্চ শিক্ষিত আৰু সন্মানীয় পদবীত অধিষ্ঠিত ব্যক্তিসকলৰদ্বাৰাহে সম্পন্ন হয়৷ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দুবেলা দুমুঠি খাই থকা পৰিয়ালসমূহৰ ক্ষেত্ৰত মাক-দেউতাকক বৃদ্ধাৱাসলৈ পঠোৱাৰ উদাহৰণ নগণ্য ৷ যিসকল সন্তানক উচ্চ পদবীত অধিষ্ঠিত হোৱাৰ সপোন পূৰণ কৰিবলৈ মাক-দেউতাকে সকলো কষ্ট স্বীকাৰ কৰিছিল,সেই সন্তানৰে আজি মৰমৰ মাতষাৰ দিবলৈ আহৰি নাই৷ ইমান নীচ কাৰ্য কৰিবলৈ আগ বাঢ়োতে সন্তানসকলৰ বুকু এবাৰলৈও নকঁপেনে ? শিক্ষাই মানুহৰ মনৰ দুৱাৰ মুকলি কৰে বুলি আমি জানো ৷ সময়ৰ কি পৰিহাস ! উচ্চ শিক্ষাই মানুহৰ মন আকাশৰ দৰে বিশাল কৰাৰ সলনি ঠেকহে কৰি তুলিছে ৷ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ৷ আজিৰ তজবজীয়া ডেকা, কাইলে বৃদ্ধ ৷ সময়ে নিজৰ কক্ষপথত ঘূৰি পূৰ্বৰ স্থানতে আহি ৰৈ যায়৷ ল’ৰা-ছোৱালীক সদায় বন্ধুসুলভ ব্যৱহাৰেৰে শিক্ষা দিব লাগে৷ আধুনিক যুগৰ পিতৃ-মাতৃসকলে ফোঁপোলা আধুনিকতাৰ শিক্ষা ল’ৰা-ছোৱালীক দিবলৈ চেষ্টা নকৰি সঁচা আৰু শুদ্ধ জ্ঞান দিবলৈ যত্নপৰ হওক। আমাৰ সন্তানসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈও যাতে স্বকীয়তা নেহেৰুৱায়, জ্যেষ্ঠজনক আদৰ-যত্ন, সন্মান কৰিবলৈ তথা কনিষ্ঠজনক মৰমৰ চকুৰে চাবলৈ শিকে। মাক-দেউতাকে ল’ৰা-ছোৱালীক স্বাধীনভাৱে চিন্তা কৰিবলৈ সুবিধা দি আৰু মনৰ বুজ লৈ ডাঙৰ কৰিলে কোনো ল’ৰা-ছোৱালীয়েই মাক-দেউতাকক বৃদ্ধাশ্ৰমলৈ পঠোৱাৰ কথা মনলে আনিব নোৱাৰে ৷ বৰঞ্চ মাক-দেউতাকৰ বটবৃক্ষৰ ছত্ৰছায়াতহে দিন কটাবলৈ হাবিয়াস কৰিব ৷ বুজা-পৰা আৰু এৰা-ধৰাৰে মানৱতাৰ জয় হওক ৷

Share Button
Print Friendly, PDF & Email

No Comments : "পিতৃ-মাতৃৰ শেষ আশ্রয়স্থল বৃদ্ধাশ্ৰম হোৱাৰ মূলতে কেৱল সন্তানেই দায়ী নে ?-(ময়ূৰী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *