নিবন্ধশিল্প-কলা-সংস্কৃতি

তৃতীয় স্তন (আবিদ আজাদ)

– অঞ্জলী ইলা মেননে এফ এন ছুজাক এবাৰ সুধিছিল – চিত্ৰত তেওঁ নাৰীৰ স্তনক ইমান অতিৰঞ্জিতকৈ কিয় আঁকে? ছুজাই কৈছিলে – নাৰী কি তুমি যদি জানিলাহেঁতেন, বুজিলাহেঁতেন এয়া কোনো অতিৰঞ্জন নহয়।

– নাৰীৰ স্তন হৈছে এবিধ ৰাজনৈতিক অংগ। দেহৰ আন কোনো অংগৰ সৈতে স্তনৰ তুলনা নহয়। ৰাজনৈতিক-সামাজিক পৰিৱৰ্তনৰ বাবে নাৰীৰ স্তন এক শক্তিশালী অভিব্যক্তি হিচাপে প্ৰয়োগ হৈ আহিছে। ইতিহাসৰ সুদীৰ্ঘ পৰিক্ৰমাত বিভিন্ন ৰূপত, বিভিন্ন বৰ্ণনাৰে স্তনক উপস্থাপন কৰি অহা হৈছে যদিও ইয়াৰ ৰাজনৈতিক উপস্থাপনেই হৈছে আটাইতকৈ শক্তিশালী প্ৰয়োগ। মানুহৰ অৱদমিত চেতনাক জাগ্ৰত কৰিবলৈ উন্মুক্ত স্তনৰ ৰাজনৈতিক প্ৰকাশ আৰু প্ৰয়োগ এবিধ অমোঘ অস্ত্ৰ। ই সমাজক আলোড়িত কৰিব পাৰে, সংঘবদ্ধ কৰিব পাৰে, প্ৰতিশোধপৰায়ণো কৰিব পাৰে আৰু সমাজ সলনিও কৰিব পাৰে।

– ইউজিন ডেলাক্ৰোৱাৰ বিখ্যাত পেইন্টিং ‘লিবাৰ্টি’ তাৰ এক জ্বলন্ত উদাহৰণ। ফ্ৰান্সৰ জুলাই বিপ্লৱৰ (১৮৩০) ‘লিবাৰ্টি’ৰ স্তন উন্মুক্ত ছবিখনে পুৰণি ব্যৱস্থাৰ বিৰুদ্ধে নাৰীৰ অক্ষয়-অপ্ৰতিৰোধ্য অংশগ্ৰহণক চিৰস্মৰণীয় কৰি তুলিছিল। স্বতন্ত্ৰতাৰ দেৱী ‘লিবাৰ্টি’ৰ এহাতে বন্দুক, এহাতে ফ্ৰান্স বিপ্লৱৰ ত্ৰিৰংগা পতাকা। উদ্দেশ্য আছিল –স্বতন্ত্ৰতা, ভাতৃত্ববোধ আৰু সমতা স্থাপন। পূৰ্বৰ বা সমসায়িক ৰোমান্টিক পেইন্টিংবোৰত নাৰীক নগ্ন-অৰ্ধনগ্নৰূপত – যি দুৰ্বল, পৰনিৰ্ভৰশীল, সৰগীয়, নিষ্ক্ৰিয় – তুলি ধৰা হৈছিল, সেইবোৰৰ সৈতে লিবাৰ্টিৰ এই পেইন্টিংখনৰ পাৰ্থক্য স্পষ্ট। ‘লিবাৰ্টি’ৰ স্তনত ৰমন্যাসিক কোমলতা-নমনীয়তা পৰিস্ফুট হয় যদিও পেইন্টিংখনৰ উন্মুক্ত স্তনটোৰ প্ৰকৃত উদ্দেশ্য হৈছে বৈপ্লৱিক পৰিৱৰ্তন। ইয়াত স্তনে নাৰীৰ দৈহিক দুৰ্বলতা বা যৌনতাৰ পৰিৱৰ্তে উন্মুক্ত কৰিছে নাৰীৰ অপাৰ আত্মশক্তি আৰু ক্ষমতাক। যেন শিকলি ছিঙি ওলাই আহিছে স্তন। প্ৰবল শক্তিৰে আগ বাঢ়ি অহা দেৱী লিবাৰ্টিয়ে নেতৃত্ব দিছে সমাজৰ সকলো বৰ্গৰ লোকক। আঢ্যৱন্ত শ্ৰেণীৰ বাবে আছিল সেয়া নাৰীৰ অভব্য ৰূপ। শাসকশ্ৰেণীৰ সেই ভেম ভাঙি চূৰমাৰ কৰি দিছিল বাটত ওলাই অহা হাজাৰ হাজাৰ প্ৰতিবাদী কণ্ঠই। নাৰীৰ স্বতঃস্ফূৰ্ত সক্ৰিয় অংশগ্ৰহণ আছিল সেই বিপ্লৱৰ অন্যতম চালিকা শক্তি। মানৱ ইতিহাসৰ ৰাজনৈতিক-সামাজিক উত্থান-পতনত, বিপ্লৱত, আন্দোলনত নাৰীয়ে সদায়ে যে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে, দেৱীৰ ৰূপতে হওক, ‘লিবাৰ্টি’ৰ ছবিখনত সেয়া প্ৰাণৱন্ত। ডেলাক্ৰোৱাৰ এই যুগান্তকাৰী পেইন্টিংখনে মুক্তিকামী, পৰিৱৰ্তনকামী জনতাক যুগে যুগে উদ্বুদ্ধ কৰি আহিছে।

– ৰোমান মহিলা লুক্ৰেটিয়াই নিজৰ সতীত্ব ৰক্ষাৰ বাবে নিজৰ স্তনত চুৰিৰে আঘাত কৰি আত্মহত্যা কৰা ঘটনাই ৰোমান সাম্ৰাজ্যৰ পতনত বিশেষ অৰিহণা যোগাইছিল আৰু পিছত ৰোমান প্ৰজাতন্ত্ৰ প্ৰতিস্থাপিত হৈছিল। নাৰীৰ সতীত্ব এক প্ৰাচীন ৰাজনৈতিক অস্ত্ৰ। স্তন আছিল নাৰীত্বৰ, উৰ্বৰতাৰ, মাতৃত্বৰ প্ৰতীক। সতীত্ব আৰু দেশৰ বাবে লুক্ৰেটিয়াৰ উন্মুক্ত বক্ষত চুৰিৰে কৰা আঘাতৰ দৃশ্য পৰৱৰ্তী কালত ৰাজনৈতিক আহিলা হিচাপে ব্যৱহৃত হৈছিল। লুক্ৰেটিয়াই নিজৰ ‘সতীত্ব’ বচাব পৰা নাছিল। তাইক ধৰ্ষণ কৰা হৈছিল। লুক্ৰেটিয়াৰ কাহিনীক শ্বেক্সপিয়েৰেও ‘দ্য ৰেপ অফ লুক্ৰেচি’ত বৰ্ণনা কৰিছে। ছিচিলিৰ খ্ৰিষ্টিয়ান কুমাৰী ছেন্ট আগাথাৰ স্তন-কটা চিত্ৰবোৰো একো একোটা ৰাজনৈতিক বাৰ্তাবাহক ছবি। ৰোমান সাম্ৰাজ্যৰ আগত নতি স্বীকাৰ নকৰি নিজৰ ধৰ্ম-বিশ্বাসত অটল থকা বাবে শাস্তিস্বৰূপে তেওঁৰ স্তন কাটি দিয়া হৈছিল। কাঁহীৰ ওপৰত থৈ দিয়া কুমাৰী আগাথাৰ কটা-স্তন সম্বলিত ছবিবোৰ অতি শক্তিশালী ৰাজনৈতিক মেটাফ’ৰ। নাৰীৰ স্তনত কৰা অত্যাচাৰ, উৎপীড়ন, আক্ৰমণে সমাজৰ চেতনাত প্ৰচণ্ড আঘাত কৰে, প্ৰতিশোধৰ বাবে উদ্বুদ্ধ কৰে। শাস্তিস্বৰূপে নাৰীৰ স্তনত কৰা নিৰ্মম আঘাতক পিছে অকল অপৰাধমূলক শাস্তি হিচাপে গণ্য কৰিব নোৱাৰি। ই নাৰীৰ প্ৰতি সমাজৰ নিৰ্মম নাৰীবিদ্বেষী মানসিকতাকো ভয়াৱহভাৱে প্ৰকট কৰে।

– এফ এন ছুজাই কৈছিল – “ৰেনেছাঁৰ চিত্ৰশিল্পীসকলে মানুহক দেৱ-দেৱীৰ দৰে সুন্দৰকৈ আঁকিছিল। মই আঁকোঁ – পুৰুষ-মহিলাৰ প্ৰকৃত চেহেৰা কেনেকুৱা সেয়া সিহঁতক দেখুৱাবলৈ।” ৰেনেছাঁ বা অন্য যুগৰ চিত্ৰশিল্পীসকলে নাৰীৰ স্তনক যি দৈৱিক ৰূপ দি চিত্ৰবোৰ আঁকিছিল, কেৱল সেয়াই স্তনৰ পৰিচয় নহয়। গৰ্ভৱতী মহিলা, একাধিক সন্তান জন্ম দিয়া আদহীয়া মহিলা, আশীবছৰীয়া মহিলা, ধৰ্ষিতা মহিলা, পদপথত পৰি থকা মহিলাৰ স্তনেও কথা কয়। যুগে যুগে নাৰীৰ শৰীৰ সংগ্ৰাম, উৎপীড়ন, অন্বেষণ, জিজ্ঞাসা, পণ্যৰ প্ৰয়োগশালা হিচাপে ব্যৱহৃত হৈ আহিছে।

– কেৰেলাৰ চেৰথালাৰ নাংগেলি নামৰ মহিলাগৰাকীৰ স্তন ছেদ কৰা ঘটনাটোও নাৰীৰ স্তনৰ ৰাজনৈতিক শক্তিৰ সাক্ষ্য বহন কৰে। প্ৰায় দুশ বছৰ পূৰ্বে কেৰেলাৰ ট্ৰেভাংক’ৰ ৰাজ্যত সেই সময়ৰ ৰীতিমতে নিম্ন জাতিৰ নাৰীয়ে নিজৰ স্তন ঢাকি ৰাখিব নোৱাৰিছিল। কোনোবাই ঢাকি ৰাখিব বিচাৰিলে ‘মুলাক্কৰম’ নামৰ এবিধ কৰ (স্তন-কৰ) প্ৰশাসনক দিয়াটো বাধ্যতামূলক আছিল। এই কৰৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছিল নাৰীৰ স্তনৰ আকাৰ অনুযায়ী। ‘মুলাক্কৰম’ নামৰ এই বৰ্বৰ ৰীতিৰ প্ৰতিবাদ কৰি নিপীড়িত জনগোষ্ঠীৰ মহিলা নাংগেলিয়ে নিজৰ স্তন কাঁচিৰে কাটি টুকুৰা কৰি দিছিল। অতিমাত্ৰা ৰক্তক্ষয়ত নাংগেলিৰ মৃত্যু হয়। নাংগেলিৰ সেই বলিদানে কিছু বছৰ পিছতেই মুলাক্কৰম ব্যৱস্থা চিৰদিনৰ বাবে বন্ধ হ’বলৈ বাধ্য কৰায়। নাংগেলিৰ বলিদানক সমৰ্থন কৰি জ্বলন্ত চিতাত তেওঁৰ পতিয়ে জঁপিয়াই আত্মজাহ দিয়াটোও এক উল্লেখযোগ্য ঘটনা। ইতিহাসত সেয়াই আছিল পুৰুষৰদ্বাৰা প্ৰথমটো ‘সতীদাহ’।

– বাটত ওলাই সশৰীৰে নগ্ন প্ৰতিবাদ কৰা কোনো নতুন পন্থা নহয়। একাদশ শতিকাতে এইধৰণৰ এক প্ৰতিবাদ জনাইছিলে লেডি গোডিভা নামৰ ইংলেণ্ডৰ কভেন্ট্ৰিৰ মহিলা এগৰাকীয়ে। প্ৰজাসকলৰ ওপৰত তেওঁৰ পতিয়ে আৰোপ কৰা অত্যধিক কৰ প্ৰত্যাহাৰৰ দাবীত নগ্ন হৈ ঘোঁৰাত উঠি চহৰ প্ৰদৰ্শন কৰিছ্ল তেওঁ। সেই প্ৰতিবাদক লৈ ইতিহাসবিদসকলৰ মাজত কিছু দ্বিমত আছে যদিও লেডি গোডিভাক নগ্ন প্ৰতিবাদৰ এক কিংবদন্তি হিচাপেই বিবেচনা কৰা হয়। যুগ পৰিৱৰ্তনৰ সৈতে নাৰীয়ে নিজৰ স্তনৰ ৰাজনৈতিক শক্তিক অধিক সক্ৰিয়ভাৱে বুজি উঠিছে। নাৰীৰ ৰাজনৈতিক স্তনক অৰ্থাৎ ৰাজনৈতিক শক্তিক প্ৰাচীন সামাজিক ব্যৱস্থাই কিমান দিনলৈ শিকলিৰে বান্ধি ৰাখিব? ভিক্টৰিয়ান যুগৰ, নাৰীৰ বক্ষ চেপি ৰখা পোছাক ‘কৰ্ছেট’ৰ প্ৰতিবাদ কৰি বিংশ শতিকাৰ আৰম্ভণিত আমেৰিকাৰ মহিলা কিছুমানে আৰম্ভ কৰিছিল – ‘Burn up the corsets’ শ্লোগান! পৰৱৰ্তী কালত দ্বিতীয় পৰ্যায়ৰ নাৰীবাদী আন্দোলনৰ ভৰপক সময়ছোৱাত, ১৯৬০ৰ দশকত, পশ্চিমৰ স্বতন্ত্ৰতাকামী একাংশ মহিলাই শ্লোগান দিছিল – ‘জ্বলাই দিয়া ব্ৰা।’ মহিলাক চাৰি দুৱাৰৰ ভিতৰত বান্ধি ৰাখিব বিচৰা ব্যৱস্থাৰ বিৰুদ্ধে এয়া আছিল এক প্ৰতীকাত্মক যুদ্ধংদেহি প্ৰতিবাদ।

– ১৯২৯ চনত নাইজেৰিয়াত, ব্ৰিটিছ ঔপনিবেশিক শাসন আৰু শৰীৰৰ প্ৰতি পশ্চিমীয়া বৰ্ণবাদী ধাৰণাৰ বিৰোধিতা কৰি কৃষ্ণাংগ মহিলাসকলে যি যুদ্ধ কৰিছিল তাৰ এবিধ শক্তিশালী মাধ্যম আছিল মহিলাসকলৰ নগ্ন প্ৰতিবাদ। ২০০৪ চনত সেনাবাহিনীৰ দ্বাৰা মণিপুৰৰ থংজাম মনোৰমাক কৰা ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ‘সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন’ (AFSPA)-ৰ বিৰোধিতা কৰি ইম্ফলৰ কেইগৰাকীমান মহিলাই নগ্ন প্ৰতিবাদ কৰি গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁলোকৰ শ্লোগান আছিল – “Indian Army, rape us too… We are all Manorama’s mothers.” সেই ঘটনাৰ চাৰি বছৰ পাছত, ২০০৮ চনত, ইউক্ৰেইনত জন্ম লাভ কৰিছিল ‘ফেমেন’ নামৰ এক উগ্ৰবাদী নাৰীবাদী সংগঠন। ফেমেনৰ সদস্যসকলৰ প্ৰতিবাদৰ পন্থাই হৈছে অনাবৃত স্তনৰ প্ৰদৰ্শন আৰু তাৰদ্বাৰা তেওঁলোকৰ সংগঠনৰ দাবীবোৰ প্ৰচাৰ কৰা। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমবোৰেও এনে প্ৰতিবাদক বিশেষ গুৰুত্ব দি আহিছে। ‘ফেমেন’ৰ লক্ষ্য হৈছে – ‘পুৰুষতন্ত্ৰৰ ওপৰত সম্পূৰ্ণ বিজয়।’ ধৰ্মীয় প্ৰতিষ্ঠান, ধৰ্মৰ নামত কৰা নাৰীৰ অৱদমন, মহিলাৰ যৌন শোষন, ছেক্স পৰ্যটন, বৰ্ণবাদ, হম’ফবিয়া ইত্যদিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ। তেওঁলোকৰ মতে তেওঁলোক হৈছে আধুনিক ফেমিনিষ্ট, স্বাধীনতা যুঁজাৰু, ট’পলেছ জিহাদী। ইৰানৰ মানৱ অধিকাৰ কৰ্মী মৰিয়ম নামাজীৰ ভাষ্য মতে – “ইছলামপন্থী আৰু সোঁপন্থী ৰক্ষণশীলসকল নাৰীৰ শৰীৰৰ প্ৰতি অতিমাত্ৰা আসক্ত। নাৰীক পৰ্দাৰে ঢাকি ৰাখিবলৈ আৰু গোটেই জীৱন বান্ধি ৰাখিবলৈ তেওঁলোকে আমাৰ মুখ বন্ধ কৰি ৰাখিব বিচাৰে। নগ্নতাই নৈতিকতাৰ নামত সামাজিক আৰু ধাৰ্মিক নিষিদ্ধতাক ভংগ কৰে। নগ্নতা হৈছে প্ৰতিৰোধৰ গুৰুত্বপূৰ্ণ মাধ্যম।” ‘ফেমেন’ৰ কিছুমান শ্লোগান এনেধৰণৰ ‘Freedom for Women!’, ‘F@ck Your Morals!’, ‘Our Weapon are bare breasts!’ ‘ফেমেন’ৰ এগৰাকী মুখপাত্ৰ ইনা ছেভচেংকোৰ মতে – “নাৰীৰ শৰীৰ সুৰা বা গাড়ীৰ বিক্ৰী কৰিবলৈ সকলো কালতে ব্যৱহাৰ কৰি অহা হৈছে, কিন্তু আমি আমাৰ শৰীৰ ব্যৱহাৰ কৰিছোঁ আমাৰ স্বাধীনতাৰ বাবে আমাৰ নিজৰ আইডিয়া প্ৰচাৰ কৰিবলৈ। ইয়াত আমাৰ শৰীৰ বিক্ৰী কৰি ধন ঘটা কোনো মালিক নাই। ব্যক্তিগতভাৱে মই ট’পলেছ হৈ বিচত ঘূৰাৰ অকণো আগ্ৰহী নহয়। মই সেয়া ভাল নাপাওঁ। কিন্তু প্ৰতিবাদৰ ক্ষেত্ৰত মই লাজকুৰীয়া হৈ থাকিব নোৱাৰোঁ।”

– নগ্ন প্ৰতিবাদৰ ইতিহাস সুদীৰ্ঘকালীন যদিও ‘ফেমেন’ৰ এনে উন্মুক্ত স্তনৰ প্ৰতিবাদী পন্থাক ধৰ্মীয় প্ৰতিষ্ঠানবোৰতো বাদেই, নাৰীবাদীসকলেও কিন্তু ঘোৰ বিৰোধিতা কৰে। ‘ফেমেন’ৰ সদস্যসকলক ফেমিনিষ্ট কোৱাতকৈ সন্ত্ৰাসবাদী বুলিহে অভিহিত কৰে। অনাবৃত বক্ষৰ আক্ৰমণাত্মক বিক্ষোভে পাশ্চাত্যত বা উন্নত আগবঢ়া দেশবোৰত হয়তো কিছু প্ৰভাৱ পেলাব পাৰে, কিন্তু প্ৰাচ্যৰ দেশবোৰত, মুছলিম বিশ্বত, তৃতীয় বিশ্বৰ দেশবোৰত ইয়াৰ প্ৰভাৱ ঋণাত্মক হোৱাৰ আশংকাই অধিক। যি প্ৰাচীন সামাজিক ব্যৱস্থাই নাৰীদেহক আৰম্ভণিৰেপৰাই ‘বস্তু’ হিচাপে গণ্য কৰি আহিছে, সেই ব্যৱস্থাক ওফৰাবলৈ পুনৰ নিজৰ শৰীৰকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা ‘ফেমেন’ৰ পন্থাৰ সৈতে ধ্ৰুপদী নাৰীবাদীসকল একমত নহয়। নগ্নতা মানেই স্বাধীনতা নহয় – ‘Nudity is Not Liberation!’ নাৰীবাদৰ লক্ষ্য কেৱল নাৰীৰ মুক্তিয়েই নহয়। সমাজৰ নিষ্পেষিত-নিৰ্যাতিত পুৰুষ-নাৰী সকলোৰে মুক্তিয়েই হৈছে প্ৰকৃত নাৰীবাদ। অনাবৃত স্তনৰ আক্ৰমণাত্মক প্ৰতিবাদে নাৰীবাদৰ ৰাজনৈতিক আন্দোলনৰ যাত্ৰাত সমস্যাও সৃষ্টি নকৰাকৈ থকা নাই। তেওঁলোকৰ মতে, ফেমিনিজমৰ সৈতে ফেমেনৰ কোনো সম্পৰ্ক নাই।

– স্তনৰ ইতিহাসেই এনেকুৱা যে নাৰীৰ অনাবৃত স্তনে স্বাভাৱিকতেই মানুহৰ মনোযোগ আকৰ্ষণ কৰে। শিল্পকলাৰ জড়িয়তে নাৰীৰ নগ্ন দেহক ৰাজনৈতিক প্ৰতিবাদৰ অভিব্যক্তি হিচাপে অবলম্বন কৰি অহা পন্থাৰ বিপৰীতে শিল্পকলাৰ নগ্ন নাৰী চৰিত্ৰবোৰ এতিয়া কেনভাছৰপৰা সঁচাসঁচিকৈ বাটলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। স্তনৰ এনে ঐতিহাসিক ৰাজনৈতিক প্ৰদিবাদক সময়ে কিদৰে গ্ৰহণ কৰিব সেয়া নিশ্চয় সময়ে ক’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *