পৰিৱৰ্তন- (প্লাৱন চেতিয়া)

খবৰটো আশা কৰি আছিলো গোটেইকেইটাই। খবৰটো মানে ভাইটি দাইৰ বিয়া। গোটেইকেইটা মানে আমি ... মই, বুবু, মাইনা, জুকু, পম্পী বা, ধুনু, পিলু, বাবা আৰু ভাইকণ দা। চোৱা-চুই খেলি আছিলো আমিকেইটাই ঘৰৰ আগৰ ৰাস্তাটোত। ঘাইখুঁটা দুটা. . . আমাৰ ঘৰৰ আগৰ লাইটৰ প'ষ্টটো আৰু ভাইকণদাহঁতৰ ঘৰৰ আগৰটো।

"ভাইটি দাই ছোৱালী আনিবলৈ গৈছে নহয়। লখিমপুৰৰ। গধূলিকে আহি পাবহি।" তপনে জনাইছিলহি খবৰটো। খেল বন্ধ হৈ গ'ল। আমাৰ ঘৰৰ আগৰ প'ষ্টটোৰ তলতে গোটেইমখা বহি ল'লো। চুবুৰিটোত বিবাহোপযোগী ল'ৰা ভাইটি দাইহে বাকী ৰৈছিলগৈ। ভাইটি দাইৰ লগৰ জিন্টু দাই, চন্দন দাইহঁতৰ বিয়া হৈয়ো সিহঁতৰ ল'ৰা, ছোৱালী দুটা পথালি কোলাৰপৰা নামি থিয় দঙা দিব পৰা হৈছেগৈ ইতিমধ্যে। গতিকে বিয়া-সবাহৰ মেলত ভাইটি দাইৰ বিয়াখনৰ কথাই সকলোৰে মাজত আগস্থান পাইছিল। পৰিস্থিতি এনে হৈছিল 'শুভাকাংক্ষী'বোৰৰ চিন্তাৰ উৎপাতত বাহিৰ ওলোৱাই মুছকিল হৈছিলগৈ বেচেৰাটোৰ।

"বিয়া পাতিম বুলি
ছোৱালী চালো
লখিমপুৰত গৈ
ৰহিমলাই ক'লে দাদা
নাযাওঁ তোমালৈ।"
প্ৰায়ে গাইছিল বিহুৰ বতৰত ভাইটি দায়ে। প্ৰায় প্ৰতিটো বিহুতে !! গানটো শুনিছিলো যদিও অৰ্থবোৰ সেইদিনাহে বুজিছিলো আমিকেইটাই।
"লখিমপুৰৰ ছোৱালীবোৰ বোলে বৰ ধুনীয়া। খুৰীজনীও ধুনীয়া হ'ব চাগে ন! " জুকুৱে ক'লে।
"নহয় বুজিছ। আমাৰ মায়ে কৈছে নহয়। তাত বোলে বহুত বানপানী হয়। বানপানী হ'লে বোলে মথাউৰিত থাকিব লাগে। মথাউৰিত থকা মানুহ ক'তনো ধুনীয়া হ'ব !!", ধুনুৱে মাত লগালে।
"ইছ!!! তেনেকে নক'বি দেই। ভাইটি দাই ইমান ধুনীয়া। খুৰীজনী যে আমাৰ ইয়াত সবতকে ধুনীয়া হ'ব।" পম্পী বাৰ মৃদু প্ৰতিবাদ।

আন্ধাৰ নামি আহিল। সেইদিনা ঘৰ যোৱাৰ সলনি সব গৈ ভাইটি দাইহঁতৰ ঘৰত। গোটেই চুবুৰিটোৱেই গোট খাইছে। আমাৰ মা, দেতা, পুতলী আপাদেউ, গিৰিশ নিচাদেউ, পিলুহঁতৰ দাইদৌ, খুৰীদৌ, চন্দন দাই-খুৰী, জিন্টুদাই-খুৰী, চন্দন দাইহঁতৰ ককা-আইতা. . .মুঠতে কোনো বাকী নাই!!

"কেইটাত পাম বুলি ফোন কৰিছিল, অ’ খুৰীদৌ?" দে’তাৰ মাত সেয়া।
"ছ-টাত পাম বুলি কৈছিল দেখোন। জানো পায় কি বা হ'ল।" ন-দৰাৰ মাকৰ উত্তৰ আহিল।
"চেহ কি বা হ'ল। সাতটা বাজিল। পাবহি লাগিছিল দেখোন এতিয়ালৈকে। এহ তামোল এখনেই দিয়কচোন খুৰীদৌ। মই অলপ আগ বাঢ়িয়ে যাওঁ। কিবা খবৰ পাৱেঁই নেকি!!!" তামোলখন মুখত লৈ ওলাই গৈছে সেয়া গিৰিশ নিচাদেউ। পংখী, বিজুহঁত টোপনিত লালকাল দিলে ইতিমধ্যে।

অৱশেষত গাড়ীখন আহি পালেহি। ধুনীয়া খুৰীজনী!!! পদূলিমুখত তামূলী পীৰাখন পৰা হ'ল। পম্পী বাই ভাইটি দাই-নতুন খুৰীৰ ভৰি ধুৱাই আদৰি নিলে। অলপ জোকোৱা-জুকুই, অলপ নীতি-নিয়মৰ মাজেৰে নতুন খুৰীক আদৰি নিলে চুবুৰিটোৱে। তিনিদিন পাছত সমাজখন মাতি আঁঠু ল'লে ন-দম্পতিয়ে। খাহীৰ মাংস, নতুন চাউলৰ ভাতেৰে ক'বলৈ গ'লে ডাঙৰেই হৈছিল আয়োজন। তপনহঁতৰ দাইদৌৰ নতুন য়াচিকাৰ অট'মেটিক কেমেৰাটোত স্থিৰ হৈ ৰৈ গ'ল সেই দিনটোৰ স্মৃতিবোৰ ছয়ত্ৰিশ কপি ফটোৰ মাজত। কেমেৰামেন, চুবুৰিটোৰ একমাত্ৰ কেমেৰা এক্সপাৰ্ট, কেমেৰাৰ মালিক দাইদৌ। পিছে বিয়াৰ ৰভাত চোৰ-পুলিচ হৈ দৌৰা-দৌৰি কৰি থকা আমিকেইটা থাকি গৈছিলো কেমেৰাৰ ৰিলবোৰৰ মাজত বন্দী নোহোৱাকৈ। পোনা দাইদৌৰ হঠাতে মনত পৰিল আমাৰকেইটালৈ। গোটেইকেইটাক এটা শাৰীত থিয় হ'বলে দি কেমেৰালৈ চাই হাঁহিব দিলে আমাক। আমাৰ হাঁহি আৰু কেমেৰাৰ ফ্লেছ বন্ধ হোৱাৰ সময়তে মানুহ এজাক হৰ্ষোল্লাসৰ মাজেৰে আগুৱাই আহিল বিয়াঘৰৰ ফালে। ফটকা দুটামানো ফুটিল। তাৰে এজনৰ হাতত মিঠাইৰ টোপোলা। আমিকেইটাই গাইপতি এটাকৈ পালো তাৰেপৰা। ডাঙৰ মানুহবোৰে কথা পাতি থকা শুনিলো কিবা আই এম ডি টি বোলা বস্তু এটা বাতিল হ'ল বোলে। কোনোবা জাতীয় নায়ক এজন আছে হেনো ক'ৰবাত! তেওঁৰ বহুত কষ্ট কৰি কৰিলে বোলে কামটো। কথাবোৰৰপৰা একো বুজি নাপাই আমিকেইটাই মিঠাই খোৱাতে মন দিবলগীয়া হ'ল।

চকুৰ পচাৰতে পাৰ হৈ গ'ল সময়বোৰ। ভাইটি দাইৰ ছোৱালীজনীৰ তোলনি বিয়া আজি। গৰমৰ বন্ধ। গতিকে গোটেইসোপা গোট খাইছে বিয়াখনত। গোটেইসোপা মানে মই, বুবু, পম্পী বা, মাইনা আৰু পিলু।

পম্পী বাৰ ছোৱালীজনী স্কুলত দিলে যোৱাবছৰ। মাইনাৰ ল'ৰাটো দুবছৰীয়া। পিলু কাঠৰ মিল এটাৰ মালিক আজিকালি। ভাইকণদা সাধাৰণ জ্বৰ এটাতে হেৰাই থাকিল এদিন, আমি গম নোপোৱাকৈয়ে। সম্পদৰ অধিকাৰ বিচাৰি পাহাৰলৈ যোৱা বাবা এদিন বাতৰিৰ শিৰোনাম হৈ নাইকিয়া হৈ গ'ল। স্কুলৰ মাষ্টৰি চাকৰিটোৰে মইনো কি কৰিব বিচাৰিছো জীৱনত নিজেই বুজি পোৱা নাই আজিলৈকে। গিৰিয়েকৰ অত্যাচাৰত থাকিব নোৱাৰি ঘৰমুৱা হোৱা জুকুও জীৱন্ত মৃতদেহ আজি। সৰুৰেপৰা চোকা ধুনু বেংগল'ৰত আজিকালি। বুবু আগৰ দৰেই বেপৰোৱা। মানুহ, সমাজ, ছিষ্টেমৰ ওপৰত অহেতুক অভিমান তাৰ। সলনি হৈ গ'ল সকলোবোৰ।

অথচ সেই সৰু সৰু আমিবোৰ আজিও একেদৰেই ৰৈ গ'লো ভাইটি দাইৰ বিয়াৰ গ্ৰুপ ফটোকপিৰ মাজত। সৰু সৰু মুখবোৰত সৰু সৰু হাঁহিবোৰ লৈ।

ঘূৰি অহাৰ বাটত জিন্টুদাইৰ ল'ৰাটোৱে ক'লে, "সোণটো দা, ফটো একপি তুলি লওক আক'। চিন এটা থাকি যাব। আকৌ ক'ত আৰু কেতিয়া বা আপোনালোককেইটা একেলগ হয়!! ৰ'ব, মই মোবাইলটো লৈ আঁহো।"

আমিকেইটা থিয় হৈ ৰ'লো আমাৰ ঘৰৰ আগৰ প'ষ্টটোৰ তলত, চোৱা-চুই খেলাৰ ঘাইখুঁটাটোৰ তলত।

আমিকেইটা মানে মই, বুবু, পম্পী বা, মাইনা আৰু পিলু ...

বিয়াঘৰৰ মিউজিক ছিষ্টেমটোত বাজি উঠিল

"সকলোতে আনন্দ

সৰ্বানন্দ!!!"

Share Button
Print Friendly, PDF & Email

No Comments : "পৰিৱৰ্তন- (প্লাৱন চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *