পৰিবৰ্তনৰ আলিদোমোজাত - (জিতেন বেজবৰুৱা)

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে তাৰ আমি পোনপটীয়াভাৱে বিৰোধিতা কৰিছো। এই আঁচনিৰ আঁৰত লুকাই আছে বিজেপি তথা সংঘ পৰিবাৰৰ হিন্দুত্ববাদী ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনা। ধৰ্মনিৰপেক্ষতা বা ছেকুলাৰবাদ হ’ল ভাৰতীয় সংবিধান তথা গণতন্ত্ৰৰ এক মৌলিক নীতি – গতিকে এই নীতিক ভূলুণ্ঠিত কৰাৰ অৰ্থ হ’ল সংবিধানৰে মৰ্মমূলত কুঠাৰাঘাত কৰা। নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনৰ জৰিয়তে সেইটোকে কৰিব খোজা হৈছে। আনহাতে, বিধেয়কখনৰ জৰিয়তে অসমৰ নিচিনা সমস্যাবহুল প্ৰান্তীয় অঞ্চলসমূহক বিদেশী প্ৰব্ৰজনকাৰীৰ অনাহক বোজা জাপি দিয়াৰ মাধ্যমেৰে আৰু ইয়াৰ সমাজত সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰাৰ মাধ্যমেৰে অৰ্থনৈতিক, ৰাজনৈতিক তথা সামাজিক সংকটৰ জ্বলা জুইৰ মাজলৈ ঠেলি দিব বিচৰা হৈছে। ইয়াৰ ফলস্বৰূপে এই অঞ্চলসমূহৰ জনসাধাৰণৰ স্বাৰ্থ সকলো দিশৰপৰাই বিঘ্নিত হ’ব। কিন্তু জনসাধাৰণৰ স্বাৰ্থৰ চিতা-জুইৰ ওপৰত হিন্দুত্ববাদৰ ধ্বজা উৰুওৱাটোৱেই ইয়াৰ আঁৰৰ উদ্দেশ্য। ক’বলৈ গ’লে, নাগৰিকত্ব আইনৰ সংশোধন হিন্দুত্ববাদী ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ এটা পদক্ষেপ মাত্ৰ। গতিকে আমাৰ বিৰোধ কেৱল এই সংশোধনী বিধেয়কখনতেই সীমাবদ্ধ থাকিব নোৱাৰে। হিন্দুত্ববাদী ৰাজনীতিৰ এজেণ্ডা অনুসৰি শাসকীয় দলটোৱে এতিয়ালৈকে হাতত লৈ অহা আৰু অনাগত দিনসমূহত হাতত ল’বলগা প্ৰতিটো গণবিৰোধী পদক্ষেপ তথা সিদ্ধান্তৰে আমি স্পষ্ট বিৰোধিতা কৰিছো।

হিন্দুত্ববাদ বা হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদ – এই দুটাই হ’ল বিজেপিৰ ৰাজনীতিৰ ঘাই স্তম্ভ। আৰু সম্প্ৰতি এই দুয়োটাই হ’ল দেশৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি বৃহত্তম প্ৰত্যাহ্বান। আমেৰিকা তথা পশ্চিমীয়া দেশসমূহৰ সাংগঠনিক-ৰাজনৈতিক নেতৃত্বত যোৱা শতিকাৰ আশীৰ দশকৰপৰা সমগ্ৰ পৃথিৱীজুৰি নব্য উদাৰতাবাদে একাধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। ভাৰতেও নব্বৈৰ দশকত কংগ্ৰেছৰ শাসনকালতে নব্য উদাৰতাবাদী অৰ্থনৈতিক-ৰাজনৈতিক নীতি গ্ৰহণ কৰে। ইয়াৰ লগে লগে ভাৰতবৰ্ষ বিশ্বজোৰা নব্য উদাৰতাবাদী অৰ্থনৈতিক-ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত হৈ পৰে। এই অৰ্থনৈতিক-ৰাজনৈতিক ব্যৱস্থাটোৰ সাৰমৰ্ম হ’ল বহুজাতিক কোম্পানিসমূহৰ নেতৃত্বত চলা পুঁজিৰ বিশ্বজোৰা আধিপত্য আৰু শোষণ, আৰু এই প্ৰক্ৰিয়াক বাধা দিব পৰা সকলোধৰণৰ ৰাজনৈতিক-আইনগত-সামাজিক প্ৰতিবন্ধক তথা শক্তিক মষিমূৰ কৰি পুঁজিৰ বাবে বাট মোকলাই দিবলৈ দেশৰ শাসক শক্তিসমূহে লোৱা ব্যৱস্থাৱলী। নব্বৈৰ দশকৰপৰাই ভাৰতবৰ্ষৰ শাসক পক্ষই নব্য উদাৰতাবাদী উন্নয়নৰ মডেল অনুসৰি পুঁজিৰ আগ্ৰাসনৰ বাবে ভাৰতৰ অৰ্থনীতি, ভূগোল তথা সমাজৰ প্ৰতিটো ক্ষেত্ৰ মুকলি কৰি আহিছে। এই প্ৰক্ৰিয়াই আন্তৰ্জাতিক পুঁজিপতি শক্তিসমূহৰ বাবে অসীম মুনাফাৰ দুৱাৰ মুকলি কৰি দিছে, কিন্তু গোটেই দেশৰ শ্ৰমজীৱী জনসাধাৰণৰ বাবে নমাই আনিছে ধ্বংসৰ বিভীষিকা। এই প্ৰক্ৰিয়াটো ভাৰতবৰ্ষত কংগ্ৰেছে সূচনা কৰিছিল আৰু আগ বঢ়াই আনিছিল। বৰ্তমান দেশৰ প্ৰায়বোৰ ৰাজনৈতিক দলেই নব্য উদাৰতাবাদী উন্নয়নৰ এই মডেলটো মানি লৈছে। কিন্তু বিজেপি হ’ল এই মডেলটোৰ উগ্ৰতম পৃষ্ঠপোষক। কেন্দ্ৰত শাসনাধিষ্ঠ হোৱাৰ পাছৰপৰা বিজেপিয়ে অধিকতৰ উগ্ৰতাৰে আৰু ইয়াৰ প্ৰতিৰোধী শক্তিসমূহৰ বিৰুদ্ধে জঘন্য প্ৰতিহিংসাৰে এই উন্নয়নৰ মডেলটো কাৰ্যকৰী কৰি আহিছে। এই প্ৰক্ৰিয়া এনে গতিত আগ বাঢ়ি গৈ থাকিলে দেশৰ সমগ্ৰ শ্ৰমজীৱী জনসাধাৰণৰ অৰ্থনৈতিক-ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰাটো নিশ্চিত। দ্বিতীয়তে, নব্য উদাৰতাবাদী অৰ্থনীতি-ৰাজনীতিয়েই কেৱল নহয়, নব্য উদাৰতাবাদী সংস্কৃতিও এই ক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ। বৰ্তমান বিশ্বজোৰা বজাৰে এক বিশ্বজোৰা কস্ম’পলিটান সংস্কৃতিৰ জন্ম দিছে – যাক ভিত্তি কৰি গঢ় লৈছে বিশ্বজোৰা এক নব্য উদাৰতাবাদী সমাজ। এই সমাজখনৰ কেন্দ্ৰবিন্দু হ’ল আন্তৰ্জাতিক পুঁজিপতি শক্তিসমূহ আৰু তাক চাৰিওফালৰপৰা আৱৰি থকা বহুতৰপীয়া নাগৰিক মধ্যবিত্ত শ্ৰেণীসমূহ – এইটো হ’ল নব্য উদাৰতাবাদী সমাজৰ মডেল। নব্য উদাৰতাবাদী অৰ্থনীতি-ৰাজনীতিয়ে অনুন্নত দেশসমূহৰ ভিতৰলৈ যিমানেই প্ৰবেশ কৰি গৈ থাকে, সিমানেই সেইসমূহ অঞ্চলত এই মডেলটোৰ নতুন নতুন ৰেপ্লিকা বা হুবহু প্ৰতিৰূপ সৃষ্টি হৈ গৈ থাকে। অৰ্থাৎ নব্য উদাৰতাবাদী উন্নয়নৰ অগ্ৰগতিৰ লগে লগে প্ৰতিটো অঞ্চলেই সমাজৰ এই মডেলটো অনুকৰণ কৰি নিজকে সেইমতে গঢ় দিবলৈ চেষ্টা কৰে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ দেশ তথা সমাজখনেই নব্য উদাৰতাবাদী সমাজখনৰ অন্তৰ্ভুক্ত হৈ পৰে। ভাৰতবৰ্ষত আমি এই প্ৰক্ৰিয়াৰে ক্ৰমবৰ্ধমান অগ্ৰগতি দেখিবলৈ পাইছো। এই নব্য উদাৰতাবাদী সমাজৰ প্ৰমূল্যগত আধাৰটো কিহে যোগায়? – বজাৰে। বজাৰে নিৰ্ধাৰণ কৰা এই প্ৰমূল্যসমূহৰ প্ৰধান হ’ল আত্মকেন্দ্ৰিক ভোগবাদ আৰু বিশেষকৈ উৎকট বুদ্ধিমত্তা-বিদ্বেষ (anti-intellectualism)। বহুতৰপীয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীসমূহৰ জীৱন দৰ্শন ঘাইকৈ এই দুই প্ৰমূল্যয়েই নিৰ্ণয় কৰে – আৰু চৌপাশে দেখিবলৈ পোৱা শোষণ আৰু অন্যায়ৰ প্ৰতি পিঠি দি নিশ্চিন্তে থাকিবলে মানসিক শক্তি যোগায়। দেশৰ-সমাজৰ সকলো সমস্যা ‘অলৌকিক’ভাৱে সমাধান কৰি দিব পৰা অৱতাৰ বা মেছিয়াৰ ধাৰণাটো এনেকুৱা সাংস্কৃতিক পটভূমিত সহজভাৱেই জন্ম হ’ব পাৰে। যোৱা লোকসভা নিৰ্বাচনত মোদীৰ আশ্চৰ্যজনক উত্থানৰ ই এটা প্ৰধান সাংস্কৃতিক কাৰণ। কেৱল মোদীৰ উত্থানত সহায় কৰাই নহয়, মোদীক তথা বিজেপিক সাম্প্ৰতিক সময়ত সাংস্কৃতিকভাৱে আৰু বৌদ্ধিকভাৱে ধৰি ৰাখিছে ভাৰতবৰ্ষৰ নগৰীয়া মধ্যবিত্ত শ্ৰেণীসমূহৰ উৎকট বুদ্ধিমত্তা-বিদ্বেষে – বিশেষকৈ সেই শ্ৰেণীসমূহৰ অত্যুৎসাহী যুৱচামটোৱে এই ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। আন ভাষাত, নব্য উদাৰতাবাদী সমাজব্যৱস্থাৰ সৰ্বব্যাপ্ত আৰু গভীৰ যি বুদ্ধিমত্তা-বিদ্বেষ, তাৰ পৰিপ্ৰেক্ষিততহে মোদী তথা তেওঁৰ মুখাৰ আঁৰত বিজেপিৰ উত্থান সম্ভৱ হৈছে। আৰু মোদী তথা বিজেপিয়ে সেই বুদ্ধিমত্তা-বিদ্বেষকেই সাৰথি কৰি লৈছে, সেই বুদ্ধিমত্তা-বিদ্বেষৰ প্ৰতিয়েই আবেদন জনাইছে – আৰু তেওঁলোকৰ ৰাজনীতি একমাত্ৰ সেইটোৰ বাবেইহে উপযুক্ত। আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ উত্থানৰ কাহিনীও বহু পৰিমাণে একে। গতিকে এইটো আচৰিত নহয় যে হিন্দুত্ববাদীসকল ট্ৰাম্পক লৈ বৰ উচ্ছ্বসিত। এইখিনিলৈকে আলোচনাৰপৰা প্ৰতীয়মান হয় যে সাম্প্ৰতিক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপি নব্য উদাৰতাবাদৰ পূৰ্ণাংগ আৰু উগ্ৰতম প্ৰতিনিধি।

বিজেপিৰ ৰাজনীতিৰ দ্বিতীয়টো দিশ হ’ল হিন্দুত্ববাদ বা হিন্দু জাতীয়তাবাদ। বিজেপিৰ সাম্প্ৰদায়িকতাৰ প্ৰশ্ন আহিলে সাধাৰণতে কংগ্ৰেছৰ সাম্প্ৰদায়িকতাৰ প্ৰশ্ন আহি পৰে, আৰু অসমত এ আই ইউ ডি এফৰ প্ৰশ্নও উত্থাপিত হয়। কংগ্ৰেছ দলে বহু সময়ত সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ আহিছে তথা তাক বহু সময়ত উচটনিও যোগাইছে। সাম্প্ৰদায়িক মনোবৃত্তিৰ নেতা-কৰ্মী কংগ্ৰেছত স্বাধীনতা আন্দোলনৰ কালতো আছিল আৰু পৰৱৰ্তী কালতো বিভিন্ন ৰূপত দেখিবলৈ পোৱা গৈছে। তাক বাদ দিলে কংগ্ৰেছ দলৰ বিভিন্ন সময়ৰ সাম্প্ৰদায়িকতাবাদী কাৰ্যকলাপৰ প্ৰধান চালিকাশক্তি হ’ল ৰাজনৈতিক সুবিধাবাদ বা মুনাফা – এনে সুবিধা বা মুনাফাৰ বাবে সি আন আন গণবিৰোধী কামৰ দৰে সাম্প্ৰদায়িকতাৰো আশ্ৰয় লয়। কিন্তু বিজেপিৰ ক্ষেত্ৰত কথাটো বেলেগ। তাৰ প্ৰধান আদৰ্শই হ’ল সাম্প্ৰদায়িকতা – হিন্দুত্ববাদ বা হিন্দু জাতীয়তাবাদ। আনহাতে, অসমৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফো এক অৰ্থত সাম্প্ৰদায়িক দল, কিন্তু তাৰ চৰিত্ৰ আৰু শক্তি বিজেপিতকৈ বেলেগ। এক অৰ্থত সাম্প্ৰদায়িক বুলি এইবাবেই কোৱা হৈছে যে দলটোৱে ঘাইকৈ অসমৰ অভিবাসী মুছলমানসকলৰ দুৰৱস্থা আৰু নিৰাপত্তাহীনতাৰ সুবিধা আদায় কৰি ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিছে, অন্ধবিশ্বাস আৰু ধৰ্মান্ধতাৰ সুযোগ লৈ দৰিদ্ৰ মুছলমান জনসাধাৰণক ৰাজনৈতিকভাৱে শোষণ কৰিছে। কিন্তু এই দলৰ ৰাজনীতি মুছলমান সমাজৰ ঠেক গণ্ডীৰ মাজতে সীমাবদ্ধ, আৰু সেয়ে ই অন্তৰ্নিহিতভাৱেই সংকীৰ্ণ – সমগ্ৰ সমাজখনৰ সাম্প্ৰদায়িক ৰূপান্তৰ ঘটোৱাৰ কোনো আঁচনি ইয়াৰ কাৰ্যকলাপৰ মাজত দেখিবলৈ পোৱা নাযায়। আৰু তেনে আঁচনি থাকিলেও সি বহল সমাজত নৈতিক বৈধতা লাভ কৰাটো সম্ভৱ নহয়, যিধৰণৰ নৈতিক বৈধতা বিজেপিয়ে অনায়াসে লাভ কৰিবলৈ সক্ষম হৈছে।

সি যি নহওক, প্ৰসংগক্ৰমে আহি পৰে বাবেহে আমি বিজেপি-ভিন্ন দুই দলৰ কথা উত্থাপন কৰিলো। প্ৰকৃতাৰ্থত, নিৰ্বাচনী ৰাজনীতিত সাফল্য অৰ্জন কৰি শাসনভাৰ লৈ ৰাইজক লুটি-পুতি খোৱাই যিসমূহ ৰাজনৈতিক দলৰ ঘাই উদ্দেশ্য (যথা – কংগ্ৰেছ, এ আই ইউ ডি এফ), সেইসমূহ দলৰ সাম্প্ৰদায়িকতাৰ সৈতে বিজেপিৰ সাম্প্ৰদায়িকতাক কোনোমতেই একাকাৰ কৰিব নোৱাৰি। কিয়নো কেৱল নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰাই বিজেপিৰ উদ্দেশ্য নহয় – ইয়াৰ তথা সংঘ পৰিবাৰৰ মূল উদ্দেশ্য হ’ল ভাৰতৰ সমগ্ৰ সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। সংঘ পৰিবাৰৰ মূল সংগঠন হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আৰ এছ এছ, আৰু তাক কেন্দ্ৰ কৰি আছে ধৰ্মীয়, সাংস্কৃতিক, শিক্ষামূলক, যুৱ, ৰাজনৈতিক আদি শতাধিক সংগঠন (বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰ সেৱিকা সমিতি, দুৰ্গা বাহিনী, বজৰং দল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভাৰতীয় মজদুৰ সংঘ, ভাৰতীয় কিষাণ সংঘ, বনবাসী কল্যাণ আশ্ৰম, সেৱা ভাৰতী, সংস্কৃত ভাৰতী, বিদ্যা ভাৰতী, একল বিদ্যালয় অনুষ্ঠান, ভাৰতীয় শিক্ষা সমিতি, স্বদেশী জাগৰণ মঞ্চ ইত্যাদি ইত্যাদি) – এই সকলোকে একেলগে কোৱা হয় সংঘ পৰিবাৰ বা সংঘ পৰিয়াল। পূৰ্বতে আছিল জনসংঘ, আৰু এতিয়া বিজেপি হ’ল ইয়াৰ ৰাজনৈতিক উইং। আৰ এছ এছ আৰু হিন্দু মহাসভাই বিংশ শতিকাৰ প্ৰথমাৰ্ধৰপৰাই হিন্দু ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্য আগত ৰাখি শিক্ষামূলক, সাংস্কৃতিক তথা ৰাজনৈতিক প্ৰচেষ্টা চলাই আহিছে। পৰৱৰ্তী কালত ইয়াৰ বাকী সহযোগী সংগঠনবিলাকৰ জন্ম হয় আৰু অধিক ব্যাপক ৰূপত হিন্দুত্ববাদৰ প্ৰসাৰ ঘটিবলৈ ধৰে। কিন্তু গণজাগৰণৰ ৰূপত হিন্দুত্ববাদে মূৰ দাঙি উঠে যোৱা শতিকাৰ আশীৰ দশকৰপৰা। সেই সময়লৈকে ভাৰতত আধিপত্যশীল নেহৰুবাদী ছেকুলাৰ গণতন্ত্ৰ আৰু তাৰ প্ৰাতিষ্ঠানিক কাঠামোটোত বৃহৎ খহনীয়া হ’বলৈ ধৰিছিল আৰু তাৰ ফলস্বৰূপে ভাৰতীয় ৰাজনীতি তথা সমাজত এক আমূল পৰিবৰ্তন ঘটিছিল। ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিকতাবাদী-বিচ্ছিন্নতাবাদী আন্দোলন, দলিত-নিম্নবৰ্ণ আদিৰ সামাজিক আন্দোলন, কৃষক আন্দোলন আদি বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ আন্দোলনে মূৰ দাঙি উঠি ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ ভেঁটি কঁপাই তুলিছিল। সিবোৰৰ সমসাময়িকভাৱে হিন্দুত্ববাদেও ব্যাপকতা লাভ কৰিছিল। কিন্তু বাকীবোৰ ক্ষুদ্ৰ তথা এক অৰ্থত সংকীৰ্ণতাবাদী আন্দোলনৰ বিপৰীতে হিন্দুত্ববাদে দাঙি ধৰিছিল এক ঐক্যবদ্ধ আৰু সমসত্ব ভাৰতীয় জাতিৰ ধাৰণা। শান্তিবাদী, ছেকুলাৰ গণতান্ত্ৰিক ভাৰতৰ ধাৰণাৰ বিপৰীতে হিন্দুত্ববাদে এক আগ্ৰাসী, উগ্ৰ, হিন্দুত্ব-বিঢৌত ভাৰতৰ ধাৰণাক প্ৰতিনিধিত্ব কৰিছিল। আন ভাষাত ক’বলৈ গ’লে, এক নতুন ৰূপত হিন্দুত্ববাদে ভাৰতৰ ধাৰণাটোক পুনৰাৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু এইটো আছিল নতুনকৈ প্ৰবেশ কৰা নব্য উদাৰতাবাদী অৰ্থনীতি-ৰাজনীতিৰ সমগোত্ৰীয় আৰু পৰিপূৰকস্বৰূপ। সেইবাবেই হিন্দুত্ববাদ আৰু নব্য উদাৰতাবাদৰ মাজত এক সহজ জোঁটবন্ধনৰ সৃষ্টি হৈছিল – যাৰ পূৰ্ণাংগ ৰূপ ফুটি উঠিল পৰৱৰ্তী কালৰ বিজেপিৰ মাজত। তাৰ পাছতো প্ৰায় দুটা দশক দেশত ঘাইকৈ কংগ্ৰেছে শাসন কৰিছিল হয়, কিন্তু দেশখন তথা সমাজখন সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে ক্ৰমশঃ ধাৱিত হৈছিল বিজেপিৰ দিশে, কিয়নো একবিংশ শতিকাৰ ভাৰতৰ যিটো স্বপ্নই আধিপত্য বিস্তাৰ কৰিছিল সেই স্বপ্নৰ যাদুকৰজন বিজেপিৰ মাজতহে পোৱাটো সম্ভৱ। ভাৰতৰ সেই স্বপ্নটো হ’ল – বিশ্বশক্তিৰ ৰূপত আগ্ৰাসী, উগ্ৰ, হিন্দুত্ব-বিঢৌত এক নব্য উদাৰতাবাদী ভাৰত। বুদ্ধিমত্তা-বিদ্বেষী নগৰীয়া মধ্যবিত্তৰ সেই স্বপ্নটোকে পূৰণ কৰিবলৈ এতিয়া বিজেপিয়ে চেষ্টা চলাই আছে।

সি যি নহওক, এতিয়া আমি হিন্দুত্ববাদৰ নীতি সম্পৰ্কে দুই-এটা কথা উল্লেখ কৰো। সকলো সাম্প্ৰদায়িকতাৰ দৰেই হিন্দুত্ববাদৰ ঘাই ভিত্তি হ’ল এক আগ্ৰাসী আৰু ক্ষতিকৰ ‘অন্য’ৰ ধাৰণা, বা আন ভাষাত, ‘আমি’ আৰু ‘সিহঁত’ৰ দ্বিবিভাজিত এটা ধাৰণা। ইয়াত ‘আমি’ সত্তাটো হ’ল হিন্দু পুৰুষ, উচ্চবৰ্ণ, মধ্যবিত্ত। ইয়াত ‘সিহঁত’ হ’ল ধৰ্মীয় সংখ্যালঘু গোষ্ঠীসমূহ, বিশেষকৈ মুছলমান আৰু খ্ৰিষ্টান – এই গোষ্ঠীসমূহেই হ’ল সেই ‘অন্য’টো। এই ‘অন্য’টোৰ বিৰুদ্ধে উচটনিৰ মাধ্যমেৰে হিন্দুসকলক সংগঠিত কৰা আৰু তাৰ জৰিয়তে ভৱিষ্যতৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ বাট মুকলি কৰাটোৱেই হিন্দুত্ববাদৰ প্ৰধান কাম। তাৰ বাবে পদ্ধতি আৰু ৰণকৌশল বিভিন্ন ধৰণৰ হ’ব পাৰে, উপৰোক্ত নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনো তেনে ৰণকৌশলৰে অংশ মাত্ৰ। সি যি নহওক, চমুকৈ ক’বলৈ গ’লে, হিন্দুত্ববাদ হ’ল অন্তৰ্নিহিতভাৱেই পুৰুষতান্ত্ৰিক, বৰ্ণবাদী, সংখ্যালঘু-বিদ্বেষী, গণতন্ত্ৰ-বিৰোধী। ই যেনেকৈ মুছলমান-খ্ৰিষ্টানক ঘৃণা কৰে, দলিত-নিম্নবৰ্ণসকলকো অৱজ্ঞা কৰে, নাৰীকো শোষণ কৰে। অৰ্থাৎ, সমাজৰ প্ৰায় সকলোবোৰ প্ৰতিক্ৰিয়াশীল, শোষণ-অৱদমনমূলক ভাবাদৰ্শৰ সন্মিলিত প্ৰকাশ ঘটিছে হিন্দুত্ববাদৰ মাজত। গতিকে সি স্বাভাৱিকতেই গণবিৰোধী, সামাজিক ন্যায় তথা গণতন্ত্ৰৰ পৰিপন্থী। (সাম্প্ৰদায়িকতা আৰু তৎসংলগ্ন বিষয়সমূহ সম্পৰ্কে আমাৰ আন কেইবাটাও লেখাত বহলাই আলোচনা কৰা হৈছে – ইয়াত থোৰতে উনুকিওৱাহে হ’ল মাত্ৰ।)

অসমত যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বৰপৰাই বিজেপি তথা সংঘ পৰিবাৰে তাৰ হিন্দুত্ববাদী এজেণ্ডা অনুসৰি বিভিন্ন কাৰ্যপদ্ধতি গ্ৰহণ কৰি আহিছে, যদিও সকলো ক্ষেত্ৰতে সফল হ’ব পৰা নাই। প্ৰথমতে উত্তৰ ভাৰতীয় মাৰ্কা কিছু ৰণকৌশল অৱলম্বন কৰা দেখা গৈছিল। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ বিভিন্ন ঠাইত মন্দিৰ, নামঘৰ আদিত গৰুৰ মাংস ওলোৱাৰ তথা তাক কেন্দ্ৰ কৰি হোৱা সাম্প্ৰদায়িক সংঘাতৰ বাতৰি পঢ়িবলৈ পাইছিলো। ‘লাভ জেহাদ’ক লৈও কিছু বা-বাতৰি ওলাইছিল, এটা নিউজ চেনেলে এইটো প্ৰচাৰত বিশেষ উৎসাহী ভূমিকা লোৱা দেখিবলৈ পাইছিলো। কিন্তু এইধৰণৰ ৰণকৌশলে বিশেষ কাম নিদিলে। অসমত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অপশাসন, বিজেপিৰ নতুন আবেদন আদিৰ কাৰণত বিজেপি সহজেই অসমত বিজয়ী হ’ল। কিন্তু ভৱিষ্যতৰ বাবে বিজেপিয়ে নিজৰ ভিত্তি গজগজীয়া কৰিব খুজিলে হিন্দুত্ববাদী এজেণ্ডা মতে কাৰ্যসূচী আগ বঢ়াই নিবই লাগিব, কিয়নো সেইটোৱেই তাৰ প্ৰকৃত ৰাজনীতি। সেইবাবেই সি পৰৱৰ্তী সময়ছোৱাত অসমৰ সমাজজীৱনত হিন্দুত্ববাদৰ এটা গজগজীয়া ভিত্তি প্ৰতিষ্ঠা কৰিবৰ উদ্দেশ্যে দীৰ্ঘম্যাদী চিন্তাৰে নতুন কিছু কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কাজিৰঙাৰ কিছু অঞ্চলত বিশেষভাৱে নিৰ্বাচন কৰি চলোৱা উচ্ছেদ, হিন্দু বাংলাদেশীৰ ইছ্যুটোৰ চৰিত্ৰ পৰিবৰ্তন, শেহতীয়াকৈ চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত অসমৰ সকলোবিলাক চৰ অঞ্চলত পুলিচৰ সৰ্বাত্মক নিৰীক্ষণৰ ব্যৱস্থা কৰা আদি তাৰ ঘাই পদক্ষেপ। ইয়াৰে তৃতীয়টো গুৰুত্বপূৰ্ণ যদিও সেইটো সম্পৰ্কে বৰ এটা প্ৰতিবাদ-সমালোচনা হোৱা দেখা নাই, আৰু হোৱাৰ সম্ভাৱনাও নাই। তাৰ বাবে অসমীয়া জাতীয়তাবাদৰ মাজত লুকাই থকা সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদানেই ঘাইকৈ দায়ী। সি যি নহওক, বাংলাদেশী প্ৰব্ৰজনকাৰীৰ ইছ্যুটো অসমত এটা অন্তহীন ইছ্যু আৰু তাক সম্পূৰ্ণৰূপে গাইব কৰি ল’ব পাৰিলে হিন্দুত্ববাদৰ পথ ভৱিষ্যতলৈ প্ৰশস্ত হৈ পৰিব। এই ইছ্যুটোত সাম্প্ৰদায়িক ৰহণ লগাটো নতুন কথা নহয়। অসম আন্দোলনতে আমি নেলীৰ হত্যাকাণ্ড দেখিলো (তাত কিদৰে আৰ এছ এছৰ পৰোক্ষ হাত আছিল জনাসকলে জানে)। কিন্তু আজি আমি আন্দোলনৰ ছহিদসকলৰ সৈতে একেলগে নেলীৰ হত্যাকাণ্ডৰ স্মৰণ কৰিব নোৱাৰো। ইয়াৰ কাৰণো হ’ল অসমীয়া জাতীয়তাবাদৰ অন্তৰ্নিহিত সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদান। সি যি নহওক, বাংলাদেশী প্ৰব্ৰজনকাৰীৰ ইছ্যুটো হিন্দুত্ববাদৰ মতে পুনৰ্নিৰ্মাণ কৰিবৰ বাবেই প্ৰব্ৰজনকাৰীৰ মাজত ধৰ্মৰ বিভাজন ঘটাব বিচৰা হৈছে, হিন্দু বাংলাদেশীক বৰপীৰা পাৰি আদৰি আনিবলৈ সাজু হৈছে। সেইটো কাৰণতে নিৰ্বাচনৰ আগৰপৰাই অসম চুক্তি সম্পৰ্কে বিভিন্ন অবান্তৰ প্ৰশ্নৰ অৱতাৰণা কৰি তাক প্ৰব্লেমেটাইজ কৰি পেলোৱা হৈছে – এক কথাত, পানীখিনি ঘোলা কৰি পেলোৱা হৈছে।

এই আটাইবোৰ ঘটিছে অসমৰ সমাজখনক সাম্প্ৰদায়িকভাৱে বিভাজিত কৰাৰ দীৰ্ঘম্যাদী আঁচনি অনুসৰি। গতিকে ১৯৭১ চনটো শুদ্ধ নে ১৯৫১ চনটো শুদ্ধ, হিন্দু বাংলাদেশী আহিব লাগে নে নালাগে, বা আহিলে ভাল হ’ব নে নাহিলে ভাল হ’ব – এইবোৰ কথাত যুক্তি-তৰ্ক কৰি বিশেষ লাভ নাই। এটা দিশৰপৰা যুক্তি-তৰ্ক যিমানে হয় তাৰপৰা হিন্দুত্ববাদী শিবিৰৰ লাভহে হয়। কাৰণ যুক্তি-তৰ্ক কৰাৰ মাধ্যমেৰে আমি তেওঁলোকৰদ্বাৰা তৈয়াৰী চৰ্তাৱলী আৰু পৰিভাষাক স্বীকৃতি তথা ন্যায্যতাহে প্ৰদান কৰা হয়। এই ক্ষেত্ৰত আনটো দিশ হ’ল সংঘ পৰিবাৰৰ ৰাজনৈতিক প্ৰচাৰৰ চৰিত্ৰ সম্পৰ্কীয়। সংঘ পৰিয়ালে যুক্তি, তথ্য, বিচাৰ-বিশ্লেষণৰ বৈজ্ঞানিক পদ্ধতি – এইবোৰত মুঠেও বিশ্বাস নকৰে। তেওঁলোকে কাম চলায় গুজব, মিথ্যাচাৰ, মিথ নিৰ্মাণ আদিৰ জৰিয়তে। তথ্যভিত্তিক-বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণৰ দিশৰপৰা সেইবোৰ তেনেই মূল্যহীন, ভিত্তিহীন। কিন্তু শুদ্ধ-অশুদ্ধ বা সত্য-অসত্যৰ ওপৰত সংঘ পৰিবাৰৰ ৰাজনৈতিক প্ৰচাৰে নিৰ্ভৰ নকৰে। বৰং, মিছা কথা এটা বা গুজব এটা সৃষ্টি কৰি সমাজত বা বিশেষ এটা গণমাধ্যমত এৰি দিলে সি কোন কোন গোষ্ঠীৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব, তাৰ ফলত কি কি প্ৰতিক্ৰিয়া হ’ব আৰু সেই প্ৰতিক্ৰিয়াসমূহৰপৰা শেষত কি কি লাভ হ’ব – এনেকুৱা নীতিৰ ওপৰতহে তেওঁলোকৰ ৰাজনীতি নিৰ্ভৰ কৰে। লগতে তেওঁলোকে এই হিটলাৰী নীতিতো বিশ্বাস কৰে যে এটা মিছা কথা এশবাৰ পুনৰাবৃত্তি কৰি থাকিলে সি এসময়ত সঁচাত পৰিণত। গতিকে সঁচা নে মিছা, শুদ্ধ নে অশুদ্ধ সেই লৈ তেওঁলোকে একো পৰোৱাই নকৰে। অসমতো শেহতীয়া সময়ছোৱাত এদল মতান্ধ বিজেপি-সমৰ্থক লোকে বৰকৈ উদ্ভণ্ডালি কৰিবলৈ লোৱা দেখিবলৈ পোৱা গৈছে। সিবিলাকৰ ওচৰত ওপৰৱালা নেতাসকলৰ প্ৰতিটো বাক্যই বেদবাক্যসদৃশ – অথচ যুক্তি, তথ্য বা বিচাৰ-বিশ্লেষণৰ বৈজ্ঞানিক পদ্ধতি আদিৰ কোনো মূল্য নাই। আন কথাত, বুদ্ধিমত্তা-বিদ্বেষেই তেওঁলোকৰ প্ৰধান অস্ত্ৰ। ধূৰ্তামি আৰু ভণ্ডামি কৰিও যে পাশৱিক আত্মতৃপ্তি লাভ কৰিব পাৰি, সেইটো তেওঁলোকৰ আচৰণৰপৰাই বুজিব পাৰি। অৱশ্যে অকল এচাম লোকৰ কথা নহয়, অসমৰ বৰ্তমান সামাজিক জীৱনৰ প্ৰায়বিলাক অনুষ্ঠান তথা ব্যক্তিৰ মাজতেই দেখিবলৈ পোৱা গৈছে নিৰ্লজ্জ ভণ্ডামি, ধূৰ্তামি আৰু সুবিধাবাদ। ই নিশ্চয়কৈ চূড়ান্ত সামাজিক অৱক্ষয়ৰ লক্ষণ। সমাজ একোখন হঠাতে ধ্বংস নহয় বা ছুনামিৰ নিচিনাকৈ দেখিবলৈও পোৱা নাযায় তাৰ ধ্বংসকাৰ্য – সেয়া ঘটে ধীৰ গতিৰে, শ্ল’ পইজনৰ দৰে সি ক্ৰিয়া কৰে। অসমৰ সমাজজীৱন ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে যিটো দিশেৰে গতি কৰিবলৈ ধৰিছে তাৰপৰা এইটো প্ৰায় নিশ্চিতকৈ ক’ব পাৰি যে সি এক মৃত্যুমুখী বাটেৰে বাট বুলিছে। সি যি নহওক, কৈ অহা হৈছে যে উপৰোক্ত কাৰণতে হিন্দুত্ববাদী শিবিৰে দাঙি ধৰা ইছ্যু একোটাত যুক্তি-তৰ্ক কৰি বিশেষ লাভ নাই। আমি যুক্তি-তৰ্ক কৰাটো মুঠেই বাৰণ কৰা নাই। বৰং ক’ব খুজিছো যে বহল প্ৰেক্ষাপটত বিজেপি তথা সংঘ পৰিবাৰৰ ৰাজনীতিটো উন্মোচন কৰি দাঙি ধৰাটো বেছি ফলপ্ৰসূ উপায়।

নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমজুৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিৰ নেতৃত্বত হোৱা প্ৰতিবাদৰপৰা এইটো প্ৰতীয়মান হৈছে যে অসমৰ সমূহীয়া স্বাৰ্থ ৰক্ষাৰ খাতিৰত সকলো শক্তি একেলগ হৈছে। এইটো এই মুহূৰ্তত প্ৰয়োজনীয় আৰু তাৰ সৈতে সকলোটিয়ে থিয় দিয়া উচিত। হিন্দু বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ বাট মুকলি কৰি দিলে অসমত ভয়ংকৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক সংকট দেখা দিয়াৰ আৰু তাৰ ফলস্বৰূপে থলুৱা জনসাধাৰণৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ সম্ভাৱনা প্ৰবল। অসমৰ ভাষা-সংস্কৃতিৰ ওপৰতো সি কুঠাৰাঘাত কৰিব। গতিকে যিকোনো কাৰণতে এই প্ৰক্ৰিয়াক প্ৰতিহত কৰা দৰকাৰ। কিন্তু গোটেই ইছ্যুটো একমাত্ৰ অসমীয়া জাতিৰ ধাৰণাটো আগত ৰাখি ব্যাখ্যা কৰিব বিচৰাটো সমীচীন নহয়, আৰু সেয়া সম্ভৱো নহয়। সম্প্ৰতি চলি থকা প্ৰতিবাদ-সমালোচনাসমূহত অসমীয়া জাতিৰ স্বাৰ্থ তথা আত্মসন্মান, বিজেপিয়ে অসমীয়া জাতিক কৰা প্ৰতাৰণা আদি ধাৰণাই অধিক প্ৰাধান্য পোৱা দেখা গৈছে। কিন্তু এনে জাতীয়তাবাদী দৃষ্টিভংগীয়ে আমাক ইছ্যুটোৰ বহল প্ৰেক্ষাপটটো বুজাত সহায় নকৰে, আৰু বিজেপিৰ ওচৰতো অসমীয়া জাতি বা ভাষাৰ বিশেষ একো কদৰ নাই। আনহাতে, উক্ত সংশোধনী বিধেয়কখনৰ জৰিয়তে এফালে যেনেকৈ হিন্দু আৰু মুছলমান বিদেশীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা হৈছে, সেইদৰে হিন্দু বাংলাদেশীক আদৰণি জনোৱাৰ জৰিয়তে বিজেপিয়ে নিজকে হিন্দু বাঙালীৰ ত্ৰাণকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছে – যাৰ প্ৰকৃত উদ্দেশ্য হ’ল বাঙালী জাতীয়তাবাদক হিন্দুত্ববাদৰ স্বাৰ্থত ব্যৱহাৰ কৰা। ইয়াৰ পৰিণামসমূহ লাহে লাহে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে, আৰু সাৰ-পানী পাই বাঙালী জাতীয়তাবাদৰ সাম্প্ৰদায়িক আৰু বৰ্ণবাদী প্ৰৱণতাসমূহে বহু ঠাইত মূৰ দাঙি উঠিছে। অসমীয়াসকলৰ মাজতো বাঙালী-বিদ্বেষে মূৰ দাঙি উঠা বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। গতিকে বিজেপিৰ সাম্প্ৰদায়িক বিভাজনমুখী ৰাজনীতিয়ে যে অসমক সোনকালেই নৃগোষ্ঠীগত সংঘাতৰ কৰাল গ্ৰাসলৈ ঠেলি পঠাব সেই সম্ভাৱনা ক্ৰমাৎ প্ৰকট হৈ পৰিছে। গতিকে এনে প্ৰেক্ষাপটত থলুৱা জনসাধাৰণ তথা ক্ষুদ্ৰ জাতি-গোষ্ঠীৰ স্বাৰ্থৰ হকে মাত মতাটো যেনেকৈ গুৰুত্বপূৰ্ণ, তাৰ সমান্তৰালভাৱে বিজেপি তথা সংঘ পৰিবাৰৰ ৰাজনীতিৰ বহল প্ৰেক্ষাপটটো উন্মোচন কৰাটোও দৰকাৰী। কিন্তু সেইটো হ’বলৈ হ’লে জাতিৰ ধাৰণাটোক অতিক্ৰম কৰি যোৱাটো দৰকাৰী (আমি তাক বাদ দিয়াৰ কথা কোৱা নাই) – সেয়া অসমীয়া জাতিয়েই হওক বা বাঙালী জাতিয়েই হওক৷ হিন্দুত্ববাদী এজেণ্ডা অনুসৰি বিজেপি তথা সংঘ পৰিবাৰে সমগ্ৰ ভাৰতজুৰি যিবোৰ কাৰ্যকলাপ কৰিছে তাৰ সৈতে অসমৰ কাৰ্যকলাপক একেখন সমতলত ৰাখি বিচাৰ কৰিব লাগিব। লগতে বিদেশী প্ৰব্ৰজন আদি সমস্যাৰ অসমৰ ক্ষেত্ৰত যি বিশেষ গুৰুত্ব আছে তাকো সামৰি ল’ব লাগিব। নিছক জাতীয়তাবাদৰ ধাৰণাৰে এনেবিলাক প্ৰশ্নৰ সুমীমাংসা কৰিব নোৱাৰি। তদুপৰি অসমীয়া আৰু বাঙালী উভয় জাতীয়তাবাদৰে অন্তৰ্নিহিত আধিপত্যবাদী, সাম্প্ৰদায়িক, বৰ্ণবাদী, পুৰুষতান্ত্ৰিক চৰিত্ৰক এনেকৈ বুজিব নোৱাৰি – আৰু সেইটো নহ’লে হিন্দুত্ববাদকো সাৰ্থক আৰু সৰ্বাত্মকভাৱে সমালোচনা তথা বিৰোধ কৰিব নোৱাৰি৷ আমি ক’ব বিচাৰিছো যে হিন্দুত্ববাদ বা হিন্দু জাতীয়তাবাদৰ সমাধান কেৱল জাতীয়তাবাদে দিব নোৱাৰে। তাৰ বাবে বৈকল্পিক গণমুখী ৰাজনীতিৰ প্ৰয়োজন, আৰু সেই ৰাজনীতি গঢ় দিবলৈ হ’লে জাতীয়তাবাদৰ পৰিধি অতিক্ৰম কৰিব পাৰিবই লাগিব।

এইখিনিতে জাতীয়তাবাদী দল-সংগঠনবিলাকৰ চৰিত্ৰ সম্পৰ্কেও দুই-এটা কথা ক’ব পাৰি। যোৱা সময়ছোৱাত প্ৰায় নিস্তেজ আৰু একঘেয়েমিপূৰ্ণ হৈ পৰা এই দল-সংগঠনসমূহৰ ৰাজনীতিলৈ বিজেপিৰ শেহতীয়া অসম-বিৰোধী ভূমিকাৰ পৰিণামস্বৰূপে এতিয়া এক নতুন প্ৰাণোচ্ছলতা তথা শক্তি নামি আহিছে, আৰু সেয়ে সেইসমূহে অধিক উৎসাহেৰে আন্দোলনত জঁপিয়াই পৰিছে। কিন্তু নিজে বৰ্তি থকাৰ বাবে ৰাজনৈতিক-সাংস্কৃতিক আধাৰটো টনকিয়াল কৰাৰ বাদে তেওঁলোকে আন কথাত মনোযোগ দিব বুলি আশা কৰাটো মিছা। হিন্দুত্ববাদ আৰু নব্য উদাৰতাবাদ – এই দুটা প্ৰশ্ন উত্থাপন হ’লেই বৰ্তমানৰ প্ৰতিবাদকাৰীসকলৰ মাজৰপৰা অধিকাংশই পলাই পত্ৰং দিব। গতিকে শেষ অৰ্থত প্ৰগতিশীল শক্তিসমূহেই গণমুখী সংগ্ৰামখন চলাই নিব লাগিব। কিন্তু অসমত এতিয়া কোনো দিশৰপৰাই বৈকল্পিক গণমুখী ৰাজনীতিৰ পৰিবেশ নাই, পৰিপক্ব সামাজিক আন্দোলন এটা গঢ় লৈ উঠাটোও ইয়াত অসম্ভৱ। ইয়াৰ ঘাই কাৰণ হ’ল জাতীয়তাবাদী বাগধাৰাৰ একাধিপত্য তথা সামাজিক-ৰাজনৈতিক পশ্চাদপদতা। প্ৰগতিশীল গোটসমূহৰ মাজতো সমাজৰ পদানুক্ৰমিক-অৱদমনমূলক চিন্তা-চেতনাৰ সৰ্বগ্ৰাসী প্ৰভাৱ আৰু এক উৎকট বুদ্ধিমত্তা-বিদ্বেষ বিদ্যমান। বাঁওপন্থী ৰাজনৈতিক দলসমূহক সকলোৱেই সমালোচনা কৰে – সংসদসৰ্বস্বতাৰ কথা কয়, মৌলিক সমস্যাসমূহক কেন্দ্ৰ কৰি জনসাধাৰণক সঠিক নেতৃত্ব দিয়াত বাঁও দলৰ ব্যৰ্থতাৰ কথা কয়। কিন্তু সাম্প্ৰতিক সমাজ সম্পৰ্কে, ৰাজনীতি-অৰ্থনীতিৰ শেহতীয়া পৰিবৰ্তন সম্পৰ্কে বাঁওপন্থী ব্যাখ্যাবিলাক বা আণ্ডাৰষ্টেণ্ডিংটো যে ভ্ৰান্তিপূৰ্ণ আৰু অপৰিপক্ব, সেইটো কোনেও স্বীকাৰ নকৰে। তেনেহ’লে নতুন ৰাজনীতিৰ জন্ম হ’ব কেনেকৈ? এটা কথা ঠিক যে নতুন ৰাজনীতিৰ জন্ম দিবলৈ হ’লে প্ৰগতিশীল শক্তিসমূহে নিজকে সাম্প্ৰতিক প্ৰেক্ষাপটত পুনৰাৱিষ্কাৰ কৰিব পাৰিব লাগিব। কিয়নো সেই শক্তিসমূহৰ ব্যৰ্থতা কিবা এলাহ বা সুবিধাবাদ বা ৰণনীতিগত ত্ৰুটিৰ বাবে ঘটা নাই, ঘাইকৈ ঘটিছে সমাজ সম্পৰ্কে ভুল আণ্ডাৰষ্টেণ্ডিঙৰ বাবে। আৰু তাৰপৰা মুক্তিৰ বাবে তেওঁলোকৰ চিন্তাৰ যিবোৰ প্ৰাথমিক প্ৰমূল্য সেইবোৰকো প্ৰশ্ন কৰিব লাগিব – কৰিব লাগিব তত্ত্বগত আত্মসমালোচনা।

বিজেপি তথা সংঘ পৰিবাৰৰ ৰাজনীতি যিমানে আগ বাঢ়িছে সিমানেই তাৰ ৰাজনৈতিক আৰু নৈতিক খহনীয়াও আৰম্ভ হৈছে। সংঘ পৰিবাৰে সদায় আদৰ্শৰ ওপৰতে সম্পূৰ্ণ গুৰুত্ব দি আহিছিল, কোনো এজন নেতাৰ অসীম মহিমান্বয়ন তাৰ ইতিহাসত বিৰল। কিন্তু ভাৰতীয় সমাজ আৰু ৰাজনীতিৰ শেহতীয়া পৰিস্থিতিত নৰেন্দ্ৰ মোদী যেতিয়া অৱতাৰৰ দৰে উজলি উঠাৰ সম্ভাৱনা দেখা দিলে, তেতিয়া সংঘ পৰিবাৰে তেওঁৰ ওপৰতে সমস্ত শক্তি আৰোপ কৰিলে। এই প্ৰক্ৰিয়াৰ জৰিয়তে সংঘ পৰিবাৰে তাৰ ইতিহাসৰ এটা নতুন যুগত ভৰি দিলে, য’ৰপৰা অতীতলৈ উভতি যোৱাটো কোনোমতেই সম্ভৱ নহয়। সি অতদিনে সাংস্কৃতিক মুখাৰ আঁৰত থাকি গোপনে ৰাজনীতি চলাই আহিছিল, আৰু সেই গোপনীয়তা আৰু সাংস্কৃতিক চৰিত্ৰই আছিল তাৰ ঘাই নৈতিক শক্তি। আজি সি ৰাজনৈতিক মঞ্চৰ ওপৰলৈ উঠি আহিবলগা হৈছে, আৰু এনেকৈয়ে সি উন্মোচিত হৈ পৰিছে। অসম তথা সৰ্বভাৰতীয় প্ৰেক্ষাপট, উভয়তে এতিয়া ৰাজনীতিটো ক্ৰমাৎ স্পষ্ট হৈ পৰিছে, দ্বন্দ্বটো ক্ৰমাৎ পোনপটীয়া হৈ পৰিছে – গণতন্ত্ৰত বিশ্বাসী শক্তিবোৰ এফালে থিয় দিছে, গণবিৰোধী শক্তিবোৰ আনফালে থিয় দিছে। কোন এতিয়া কাৰ পক্ষত থিয় দিছে বা কাৰ পক্ষত কিমান মানুহ থিয় দিছে, প্ৰশ্ন সেইটো নহয়। গুৰুত্বপূৰ্ণ কথা হ’ল এইটোহে যে প্ৰত্যেকেই এটা পক্ষ লৈছে আৰু পক্ষ লোৱাটো প্ৰয়োজনীয় বুলি ভাবিছে, দেখ দেখকৈ পক্ষ নোলোৱাসকলৰ ৰাজনীতিটোও জনা গৈছে। গতিকে সংঘ পৰিবাৰৰ সপক্ষে ঢেৰ মানুহ থিয় দিছে, তাতকৈ ডাঙৰ কথাটো হ’ল এনেকৈয়ে সংঘ পৰিবাৰৰ ৰাজনীতিটো নগ্ন ৰূপত ওলাই পৰিছে। এতিয়া আৰু সি অতীতৰ সাংস্কৃতিক নিৰাপত্তাৰ মাজলৈ উভতি যাব নোৱাৰে, বাচি থাকিবলৈ হ’লে এতিয়া সি চিধাচিধি ৰাজনীতিয়েই কৰিব লাগিব – মুক্ত ৰাজনীতি। ক’ব পাৰি যে এতিয়া ৰাজনীতিৰ পথাৰতে নিৰ্ণয় হ’ব সংঘ পৰিবাৰৰ ৰাজনীতিৰ ভৱিষ্যৎ। কিন্তু সেই ভৱিষ্যৎটো কেনেকুৱা হ’ব, তাৰ লগে লগে জনসাধাৰণৰ ভৱিষ্যৎটো কেনেকুৱা হ’ব – সেয়া নিৰ্ভৰ কৰিব ঘাইকৈ সমাজত বৈকল্পিক গণমুখী ৰাজনীতিৰ বিকাশৰ ওপৰত।

(ৰচনাকাল : ০৩-১১-২০১৬)

Share Button
Print Friendly, PDF & Email

No Comments : "পৰিবৰ্তনৰ আলিদোমোজাত - (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *