ভাৰতীয় চিনেমাত দাৰিদ্ৰ্যৰ উপস্থাপনকেন্দ্ৰিক বিতৰ্ক, ভিলেজ ৰকষ্টাৰ্ছ ইত্যাদি- (চিৰঞ্জিৎ দত্ত)

ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ক লৈ দেশজুৰি সৃষ্টি হোৱা তুমুল আলোড়নৰ সময়তে সমান্তৰালকৈ আন এচাম চিত্ৰপ্ৰেমী দৰ্শকে চিনেমাখনৰ প্ৰতি অভিযোগ তুলিছে যে অসমৰ বান সমস্যা আৰু দাৰিদ্ৰ্যক বিশ্ববাসীৰ আগত উদঙাই দি তেওঁলোকৰ প্ৰশংসা বুটলি অস্কাৰ লাভ কৰিবলৈ সক্ষম হ'লেও সেয়া হেনো আমাৰ বাবে গৌৰৱৰ বিষয় নহয় । বৰং বিদেশী দৰ্শকৰ ওচৰত লজ্জানত হ'বলগীয়া কথাহে।

এতিয়া প্ৰথম কথা হ'ল বিশ্ব চলচ্চিত্ৰৰ নামত আমি যুদ্ধজৰ্জৰ আফ্ৰিকাৰ কাহিনী চায়ো ভাল পাওঁ‌, আৰবৰ সন্ত্ৰাসবাদ চায়ো ভাল পাওঁ; কিন্তু যদিহে আমি নিজৰ চিনেমাত আমাৰ দেশৰ দাৰিদ্ৰ্য দেখো সেইটো ভাল নাপাওঁ। আমাৰ চিনেমাত আমাৰ সমস্যাবোৰৰ প্ৰতিফলন হওক, আমাৰ বাস্তৱ আমাৰ চিনেমাত চিত্ৰায়ণ হওক, সেয়া আমি নিবিচাৰোঁ‌ । তাতোকৈ বাস্তৱবৰ্জিত মূলসুঁ‌তিৰ বলীউডী চিনেমাত সচৰাচৰ দেখুওৱা ৰঙীন দুনিয়াখনতে সৰ্বক্ষণ ভোল গৈ থাকি,ওমলি থাকি আমি ভাল পাওঁ।

ভাৰতৰ দাৰিদ্ৰক চিত্ৰায়িত কৰা চিনেমাৰ প্ৰতি এচামৰ এই অভিযোগটো নতুন নহয় । পথেৰ পাচাঁ‌লি, Slumdog Millionareৰ প্ৰতিও আছিল একেই অভিযোগ। তাহানি অভিনেত্ৰী নাৰ্গিচেও সাংসদ হৈ থকা অৱস্থাত সত্যজিৎ ৰায়ক লৈ মন্তব্য কৰিছিল এইবুলি যে ৰায়ে হেনো ভাৰতৰ দাৰিদ্ৰক বিদেশী দৰ্শকৰ ওচৰত দাঙি ধৰাৰ বাবেহে বিশ্বত জনপ্ৰিয়তা পাইছিল। পথেৰ পাঁ‌চালিয়ে পশ্চিমীয়া দৰ্শকৰ ওচৰত ভাৰতৰ দাৰিদ্ৰ্যক glamourise কৰিছিল। নাৰ্গিচৰ সেই মন্তব্যই সেই সময়ত এক সাময়িক বিতৰ্কৰ জোৱাৰ তুলিবলৈ সক্ষম হৈছিল সঁ‌চা, কিন্তু অতি সোনকালেই সেই জোৱাৰ মাৰ গৈছিল সত্যজিৎ ৰায়ৰ মহান সৃষ্টিসমূহৰ আগত। এগৰাকী কিংবদন্তি চিত্ৰনিৰ্মাতা হিচাপে তেওঁ বিশ্বৰ চিত্ৰৰসিকসকলৰ মাজত যুগে যুগে বন্দিত । আকিৰা কুৰোছাৱা আৰু ষ্টিফেন স্পিলবাৰ্গৰ দৰে বিশ্ববিশ্ৰুত চিত্ৰ নিৰ্মাতাও সত্যজিৎ ৰায়ৰ গুণমুগ্ধ অনুৰাগী আৰু অনুগামী।

কথা হ'ল আজিৰ একবিংশ শতিকাতো যে ভাৰতৰ লাখ লাখ শিশু পুষ্টিহীনতাত ভুগিছে , মৃত্যু হৈছে, লাখ লাখ মানুহে যে বস্তি অঞ্চলৰ কদৰ্য আৰু পূতিগন্ধময় পৰিবেশত জীৱন নিৰ্বাহ কৰি আছে ; চৰকাৰী হিচাপ মতেই যে এতিয়াও ২০ শতাংশতকৈ অধিক লোক দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ; এয়া কি আমাৰ দেশৰ বাস্তৱৰ জীয়া ছবি নহয় ?? তেন্তে এই দাৰিদ্ৰকে উপজীৱ্য কৰি কোটি কোটি মানুহৰ সঁ‌চা বাস্তৱ উন্মোচিত কৰি চিনেমা এখন নিৰ্মিত হ'লে আপত্তিটো ক'ত ? নে আমাৰ বাবে চিনেমা অৰ্থ সদায়ে হ'ব লাগিব বাস্তৱৰ পৰা বহু যোজন আঁ‌তৰৰ, সঁ‌চা জীৱনৰ লগত একো সামঞ্জস্য নথকা এক কাহিনীচিত্ৰ ?

কবি হিমাংশু প্ৰসাদ দাসৰ যে এটি কবিতা আছিল 'চিনেমাৰ দৰে কিয় নহয় কথাবোৰ?', সেই কথাটোকে হয়তো এইক্ষেত্ৰত ওলোটাই ক'ব পাৰি যে আমাৰ চিনেমাবোৰহে (অধিকাংশই) আচলতে আমাৰ জীৱনৰ দৰে নহয়।

এতিয়া আহোঁ 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ কথালৈ । হয়, বানে বিধ্বস্ত কৰা, আৰ্থিক অৱস্থাই জুৰুলা কৰা অসমৰ এখন ভিতৰুৱা গাঁও - এয়াই চিনেমাখনৰ পটভূমি । কিন্তু প্ৰকৃতিৰ হাজাৰ প্ৰতিকূলতাৰ বিপৰীতে সেই প্ৰতিকূলতাৰ লগতেই সহাৱস্থান কৰি আৰু যুঁ‌জ কৰি মানুহৰ জীয়াই থকাৰ যি সংগ্ৰাম, দুৰ্যোগৰ মাজতো সপোনৰ পম খেদাৰ মানুহৰ যি চিৰন্তন হাবিয়াস সেয়াহে ছবিখনৰ মূল উপজীব্য তথা বিষয়বস্তু । হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো ৰঙিয়াল জীৱন যাপন কৰাৰ আৰু হাৰি হাৰিও হাৰ নমনাৰ, দুখৰ মাজতো সপোন দেখা আৰু সপোন খেদাৰ অদম্য হেঁ‌পাহৰ এক শক্তিশালী বাৰ্তা বহন কৰে ছবিখনে। এয়াইতো চিনেমাৰ বিশ্বজনীন ভাষা, আৰু কি !

Share Button
Print Friendly, PDF & Email

No Comments : "ভাৰতীয় চিনেমাত দাৰিদ্ৰ্যৰ উপস্থাপনকেন্দ্ৰিক বিতৰ্ক, ভিলেজ ৰকষ্টাৰ্ছ ইত্যাদি- (চিৰঞ্জিৎ দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *