অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰ

প্ৰসংগ : ভীমবৰ দেউৰী—অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰপৰা বচাওঁতাজন – (সৌৰভ কুমাৰ দেউৰী)

বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়া, অসমীয়া সমাজজীৱনলৈ, অসমৰ ৰাজনৈতিক ক্ষেত্রখনলৈ চাওলুং চুকাফা, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ, বীৰ চিলাৰায়, বীৰ লাচিত বৰফুকন, কুশল কোঁৱৰ, মণিৰাম দেৱান, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰ বিষ্ণু ৰাভা, লোকপ্রিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, ৰূপনাথ ব্রহ্ম, পীতাম্বৰ দেৱগোস্বামী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আদিয়ে যি ভূমিকা পালন কৰি গৈছে তেনে এক গুৰুত্বপূর্ণ ভূমিকা লোৱা আন এজন ব্যক্তি আছিল আজি একপ্রকাৰৰ পাহৰণিৰ বিলীন হোৱা প্ৰাক্তন মন্ত্ৰী, জননেতা ভীমবৰ দেউৰী।

বৰ অসমৰ অস্তিত্ব যে এদিন বিপদাপন্ন হ’ব, থলুৱা লোকসকলক যে বিদেশী প্ৰব্ৰজনে গ্রাস কৰি উঠিব সেই কথা ১৯৪১ চনতেই অনুধাৱন কৰিব পাৰিছিল আজিৰ যুৱ প্রজন্মই চিনি নোপোৱা এইজনা মহান নেতাই। তাৰ ঐতিহাসিক প্রমাণ হ’ল সদৌ মটক প্রথা আৰু আমাৰ খালী মাটি সম্বন্ধে কংগ্রেছ যুক্তমণ্ডলীৰ ১৯৩৯ চনৰ ৪ নৱেম্বৰত এটা প্রস্তাৱ আছে আৰু বর্তমানৰ যুক্ত দল মন্ত্রীসভাৰো সেই সম্বন্ধে এটা প্রস্তাৱ আছে। এই দুয়োটা প্রস্তাৱতেই ১৯৩৮ চনৰ ১ জানুৱাৰিৰ আগত অহা বিদেশী পমুৱাসকলক অসমত মাটি দিয়াৰ কথা আছে। দুয়োটা প্রস্তাৱতেই ট্রাইবেল জাতীয় আৰু কাৰণে লাইন প্রথা বাহাল ৰখা হৈছে। হিন্দু মহাসভাৰ পক্ষৰপৰা ভাৰতৰ আন আন প্রদেশত প্রচাৰ কৰি জাকে জাকে হিন্দু মানুহ আনি অসমৰ মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্রস্তাৱ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰিৰ পিছত অহা পমুৱাসকলক মাটি নিদিবৰ বাবে যি আইন আছে, সেই আইনখন উঠাই দিব। অসমীয়া হিন্দু-মুছলমান আৰু ট্রাইবেল নগা, লুচাই খাছি, খামতি, চিংফৌ, কোচ ৰাজবংশী, কৈৱর্ত, যোগী, হীৰা-হাৰি আদি প্রকৃত অসমীয়া জাতি আৰু বিহাৰ, ওড়িশা মধ্যপ্রদেশ আদিৰপৰা অহা ট্রাইবেল (বর্তমান চাহ জনজাতি) লোকসকলৰ নিমিত্তে ইয়াতকৈ ভয়াৱহ আন একো প্রস্তাৱেই হ’ব নোৱাৰে।

ৰাজনীতিবিদসকলে, জাতীয় সংগঠনসমূহে বিশ্লেষণ কৰা হ’লে বিদেশী সমস্যাটোক লৈ আজি ইমান সমস্যাৰ সন্মুখীন হ’বলগা নিশ্চয় নহ’লহেঁতেন। যি সময়ত বহিৰাগত প্রব্রজনে অসমৰ জনগাঁথনিকে সলাই পেলোৱাৰ হোৱাটো খুবেই যে প্রয়োজন হৈ পৰিছে, এই কথা ১৯৪৫ চনতেই ভীমবৰ দেউৰীয়ে অনুধাৱন কৰিব পাৰিছিল। মৰাণ, ৰাভা, লালুং, মটক, মিকিৰ, গাৰো, আদিৰ সৈতে লগ লাগি এটা ৰাজনৈতিক শক্তি হিচাপে থিয় দিব নোৱাৰিলে অসমত চিৰদিন বহিৰাগত ধনী ব্যৱসায়ী শ্রেণীৰ স্বাৰ্থ ৰক্ষাকাৰী স্বাৰ্থপৰ দলভুক্ত নেতাসকলেই ৰাজপাট খাই থাকিব। সেয়ে ভীমবৰ দেউৰীয়ে এই জনগোষ্ঠীসকলৰ প্রতিনিধিক আমন্ত্রণ কৰি এখন প্রতিনিধি সভা আহ্বান কৰি গঢ় দিছিল ‘Assam Tribes and Races Federation’ নামৰ এক ৰাজনৈতিক দলৰ।

যি গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পাকিস্তানৰ লগত চামিল কৰিব খোজা হৈছিল তাৰ বিৰোধিতা কৰি স্বকীয়তা ৰক্ষা কৰাৰ সমগ্র কৃতিত্ব গোপীনাথ বৰদলৈক যচা হয়, সেইটো ভাল কথা। কিন্তু এই কৃতিত্বৰ এক বুজন অংশ ভীমবৰ দেউৰীৰো প্রাপ্য। দুখৰ বিষয় যে ভীমবৰ দেউৰীৰ মৃত্যুৰ আজি আঠষষ্ঠি বছৰৰ পিছতো তেওঁ আৰু তেওঁৰ সতীর্থসকলক স্বীকৃতি দিয়া নহ’ল। ভীমবৰ দেউৰী, ৰূপনাথ ব্রহ্ম, কার্ক চন্দ্র দলে, যাদৱ চন্দ্র খাখলাৰী, খৰছিং তেৰাং আদি ট্ৰাইবেল লিগৰ সঁজাতী দলটোৱে দিল্লীৰ ইম্পিৰিয়েল হোটেলত মহম্মদ আলী জিন্নাক লগ কৰি অসমক প্রাণপণে ৰক্ষা কৰিবলৈ আলোচনাত যুক্তি দর্শাই ভীমবৰে কৈছিল – ‘অসম দেশ ব্ৰিটিছ অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰু আগৰেপৰা স্বাধীন দেশ আছিল। এতিয়া পূব বংগৰ জমিদাৰী প্রথাৰদ্বাৰা নিষ্পেষিত কৃষকসকলক মাটি দিয়াৰ অজুহাতেৰে অসম পাকিস্তানৰ হ’ব নোৱাৰে। মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে সোতৰবাৰ অসম আক্রমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে। এতিয়া আপুনি কলমৰ আগত কেনেকৈ ল’ব? অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্রাইবেলসকলৰহে। গতিকে অসম কাৰ লগত থাকিব তাৰ সিদ্ধান্ত ল’ব অসমবাসীয়ে। আপোনাৰ এই আশা পৰিত্যাগ কৰক। আমি আমাৰ দেহত এটোপাল তেজ থকালৈকে যুঁজ কৰিম।” ভীমবৰ দেউৰীৰ যুক্তি খণ্ডন কৰিব নোৱাৰি মহম্মদ আলী জিন্নাই অসমখনক পূব পাকিস্তানৰ লগত চামিল কৰাৰ আশা বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে।

মন কৰিবলগীয়া যে যিজন ভীমবৰ দেউৰীয়ে অসমক পূব পাকিস্তানৰ চামিল হোৱাৰপৰা ৰক্ষা কৰাত গুৰত্বপূর্ণ ভূমিকা গ্রহণ কৰিলে সেইজনা মহান নেতাক জীৱিত কালত বহু লোকে সাম্প্রদায়িক, পাকিস্তানৰ সমর্থক বুলি প্রচাৰ চলাইছিল। অসমীয়া জাতীয় জীৱনত বলিষ্ঠ ভূমিকা থকা এইজন মহান ব্যক্তি কিন্তু আজিও উপেক্ষিত হৈয়ে থাকিল। অসমত আজি ভীমবৰ দেউৰীৰ তুলনাত কম অৱদান থকা ব্যক্তিৰ নামত অনেক অনুষ্ঠান-প্রতিষ্ঠানৰ নামকৰণ হৈছে। সেইসকলৰ স্মৃতি যুগমীয়া হ’ল যদিও ভীমবৰ দেউৰীৰ আজি আঠষষ্ঠি বছৰৰ পিছতো এইজনা মহান নেতাৰ অৱদানৰ স্মৃতিক যুগমীয়া কৰাৰ অৰ্থে সংগঠনসমূহে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে। মাজতে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে গুৱাহাটীৰ উলুবাৰী উৰণীয়া সেতুখন ভীমবৰ দেউৰীৰ স্মৃতিত নামকৰণ কৰিব বুলি ঘোষণা কৰিছিল যদিও আজিও সেয়া হৈ নুঠিল। ইফালে দেউৰী সাহিত্য সভাই ডিব্ৰুগড়ৰ মোহনবাৰীত অৱস্থিত বিমান বন্দৰটো জননেতাজনৰ নামত নামকৰণৰ বাবে পুনৰ দাবী জনাইছে।
(লেখকৰ অনুমতি সাপেক্ষে পুনৰ প্ৰকাশ কৰা হৈছে।)

Print Friendly, PDF & Email

One thought on “প্ৰসংগ : ভীমবৰ দেউৰী—অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰপৰা বচাওঁতাজন – (সৌৰভ কুমাৰ দেউৰী)

  • Ranjit phukon

    Wow get.. Bor dukhor kotha

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *