গ্রন্থ পৰিচয়

প্ৰসংগ : ঔপনিবেশিকতাবাদৰ অন্তৰ্জীৱন – (জিতেন বেজবৰুৱা)

ৰাজনৈতিক মনস্তত্ত্ববিদ আশিস নন্দীক ঘাইকৈ আধুনিকতাৰ সমালোচক বুলিয়েই জনা যায়। ভাৰতত স্বাধীনতাৰ পৰৱৰ্তী প্ৰায় তিনিটা দশক ধৰি জৱাহৰলাল নেহৰুৰ আদৰ্শৰে বন্ধা গণতান্ত্ৰিক প্ৰমূল্য আৰু তাৰ প্ৰাতিষ্ঠানিক আধাৰটোৱেই অবিসম্বাদী ৰূপত প্ৰভাৱশালী হৈ আছিল। সত্তৰৰ দশকৰ শেষৰপৰা এই নেহৰুবাদী ব্যৱস্থাটোত লাহে লাহে খহনীয়া আৰম্ভ হয়। ইয়াৰ লগে লগে ভাৰতীয় সমাজ তথা ৰাজনীতিত ভালেমান নতুন বৈশিষ্ট্যৰ উদ্ভৱ হয় আৰু বহুতো নতুন শক্তিয়ে মূৰ দাঙি উঠে। অৱশ্যে ভাৰতৰ সমাজ তথা ৰাজনীতিৰ এই ব্যৱস্থাগত ৰূপান্তৰৰ সকলো দিশ এই লেখাত বিবেচ্য নহয়, মাত্ৰ এটা দিশৰ প্ৰতিহে আমি চকু দিম। এক কথাত ক’বলৈ গ’লে, স্বাধীন ভাৰতত যোৱা শতিকাৰ সত্তৰ দশকলৈকে জৱাহৰলাল নেহৰুৰ অবিসম্বাদী আধিপত্য বিৰাজ কৰিছিল; তাৰ পাছত নেহৰুৰ আধিপত্যৰ ক্ৰমাৱক্ষয় ঘটে আৰু তাৰ সমান্তৰালভাৱে নতুন ৰূপত মূৰ দাঙি উঠে – এফালে মহাত্মা গান্ধী আৰু আনফালে ভীমৰাও ৰামজী আম্বেদকাৰ। গান্ধীৰ উত্থানত দেশৰ ভালেমান চিন্তাবিদে মূল্যৱান বৰঙণি আগ বঢ়াইছিল। এই ক্ষেত্ৰত এক প্ৰধান ভূমিকা পালন কৰিছিল আশিস নন্দীয়ে। নন্দীক আমি মোটামুটিভাৱে নব্য গান্ধীবাদী সাংস্কৃতিক তাত্ত্বিক বুলি অভিহিত কৰিব পাৰো। নব্য গান্ধীবাদী দৃষ্টিকোণৰপৰাই নন্দীয়ে আধুনিকতাৰ প্ৰমূল্যসমূহ আৰু প্ৰতিষ্ঠানসমূহৰ সমালোচনা আগ বঢ়াই আহিছে। উদাহৰণস্বৰূপে, আশীৰ দশকত ছেকুলাৰবাদক লৈ এক তুমুল বিতৰ্কৰ সূচনা হৈছিল আৰু তাত ছেকুলাৰবাদৰ প্ৰধান সমালোচক হিচাপে অৱতীৰ্ণ হৈছিল নন্দী (লগতে টি. এন. মদন আদি)। তেওঁ লিখি উলিয়াইছিল এক ‘এণ্টি-ছেকুলাৰিষ্ট মেনিফেষ্টো’। তেওঁৰ ছেকুলাৰবাদৰ সমালোচনাৰ প্ৰধান দিশটো হ’ল এই যে সি আধুনিকতাবাদী এলিট শ্ৰেণীটোৰহে সম্পদ, সেই শ্ৰেণীটোৰ পৰিধি অতিক্ৰম কৰি বহল সমাজৰ মাজত সি কোনোমতেই বিস্তাৰ লাভ কৰিব নোৱাৰে – কিয়নো সৰ্বসাধাৰণ জনসাধাৰণৰ বাবে সি হ’ল এটা আচহুৱা আৰু অচিনাকি বস্তু। আনহাতে, ধৰ্মৰ প্ৰসংগত তেওঁ ‘বিশ্বাস হিচাপে ধৰ্ম’ আৰু ‘মতাদৰ্শ হিচাপে ধৰ্ম’ – এই দুইধৰণে বিচাৰ কৰিছে। প্ৰথমটো হ’ল জীৱনপ্ৰণালী হিচাপে জনসাধাৰণৰ মাজত ধৰ্মৰ ভূমিকা – এই ক্ষেত্ৰত ধৰ্ম হ’ল বহুত্ববাদী আৰু সহনশীল। আনটো হ’ল মূলতঃ অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত ধৰ্মৰ ভিত্তিত মানুহক সংগঠিত কৰাটো। বিশ্বাস হিচাপে ধৰ্মৰ এই প্ৰথমটো চৰিত্ৰ হ’ল পৰম্পৰাগত, আনহাতে মতাদৰ্শ হিচাপে ধৰ্মৰ দ্বিতীয়টো চৰিত্ৰ হ’ল আধুনিকতাৰ পটভূমিত সৃষ্ট। নন্দীয়ে ক’ব বিচাৰে যে আধুনিক ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ আৰু প্ৰেক্টিচসমূহৰ বিকাশৰ যিটো ঐতিহাসিক প্ৰক্ৰিয়া – মতাদৰ্শ হিচাপে ধৰ্মৰ ভূমিকা আৰু ছেকুলাৰবাদ, এই দুয়োটা সেই একেটা প্ৰক্ৰিয়াৰে সৃষ্টি। অৰ্থাৎ, আধুনিকতাৰ যিটো প্ৰক্ৰিয়াই মতাদৰ্শ হিচাপে ধৰ্মৰ বিকাশ ঘটাইছে, সেই একেটা প্ৰক্ৰিয়ায়েই ছেকুলাৰবাদৰো বিকাশ ঘটাইছে। সেইবাবেই নন্দীয়ে ছেকুলাৰবাদৰ অন্তৰ্নিহিত দুৰ্বলতা তথা সমস্যাৰ কথা কৈছে। তেওঁ মত পোষণ কৰিছে যে ছেকুলাৰবাদৰ সলনি জনসাধাৰণৰ মাজত বৰ্তি থকা বহুত্ববাদী আৰু সহনশীল ধৰ্মীয় পৰম্পৰাসমূহৰ মাজতেই সমাধানৰ সন্ধান কৰা উচিত। ছেকুলাৰবাদৰ প্ৰসংগটোত নন্দীৰ দৃষ্টিভংগীৰপৰাই সাধাৰণভাৱে আধুনিকতা তথা তাৰ অন্যান্য উপাদানসমূহৰ প্ৰসংগত তেওঁৰ দৃষ্টিভংগীৰ উমান পাব পাৰি। সাধাৰণভাৱে ক’বলৈ গ’লে, তেওঁ ভাৰতবৰ্ষৰ সমাজ আৰু ৰাজনীতিত প্ৰভাৱশালী হৈ থকা নেহৰুবাদী আধুনিকতাবাদৰ সীমাবদ্ধতা আৰু সমস্যাসমূহ উন্মোচন কৰি তাৰ বিপৰীতে এক পৰম্পৰাবাদৰ ধাৰণা দাঙি ধৰি আহিছে। এঠাইত তেওঁ নিজৰ স্থিতিক ‘সমালোচনাত্মক পৰম্পৰাবাদ’ বুলি অভিহিত কৰিছে। সেইবাবে তেওঁৰ ৰাজনৈতিক অৱস্থানক পুনৰুত্থানবাদী-সাম্প্ৰদায়িকতাবাদী শিবিৰৰ সৈতে একাকাৰ কৰি পেলাব নোৱাৰি, আৰু তেওঁ সাম্প্ৰদায়িকতাবাদী শক্তিসমূহৰ বিৰুদ্ধেই নিজৰ অৱস্থান লৈ আহিছে। কিন্তু এটা কথা ঠিক যে তেওঁৰ আৰু তেওঁৰ সহধৰ্মীসকলৰ আধুনিকতাবিৰোধী আৰু পৰম্পৰামুখী অৱস্থানৰ ফলস্বৰূপে ইতিমধ্যে এক উমৈহতীয়া বাগধাৰাগত ক্ষেত্ৰৰ সৃষ্টি হৈছে য’ত পুনৰুত্থানবাদী-সাম্প্ৰদায়িকতাবাদী শিবিৰেও মাজে-সময়ে সহজে বিচৰণ কৰিব পাৰে (বন্দনা শিৱা আদি পৰিবেশ-নাৰীবাদীসকলৰ ক্ষেত্ৰত সেইটো স্পষ্ট ৰূপতেই দেখা গৈছে)। সি যি নহওক, ভাৰত তথা দক্ষিণ এছিয়াৰ প্ৰেক্ষাপটত নন্দীৰ আধুনিকতা-সমালোচনাৰ মূল্যৱান ঐতিহাসিক ভূমিকা আছে। তেওঁ দাঙি ধৰা পৰম্পৰামুখী সমাধান নিশ্চয়কৈ আমি গ্ৰহণ কৰিব নোৱাৰো, কিন্তু নেহৰুবাদী আধুনিকতাৰ দুৰ্বলতা আৰু সমস্যাসমূহৰপৰা মুক্তিৰ পথ দেখুৱাব পৰা বৈকল্পিক আধুনিকতাৰ কাঠামো এটা আজিও আমাৰ সন্মুখত স্পষ্টকৈ গঢ় লৈ উঠা নাই। গতিকে আশিস নন্দী আদিৰ আধুনিকতা-সমালোচনাৰ প্ৰত্যুত্তৰ পুৰণি আৰু অভ্যস্ত নিৰাপত্তা আৰু নিশ্চয়তাৰ মাজলৈ উলটি যোৱাটো নিশ্চয় নহয় – তাৰ সঠিক প্ৰত্যুত্তৰ হ’ব এক জনমুখী বৈকল্পিক আধুনিকতাৰ কাঠামো নিৰ্মাণ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাহে।

আশিস নন্দীৰ The Intimate Enemy: Loss and Recovery of Self under Colonialism হ’ল ১৯৮৩ চনত প্ৰথম প্ৰকাশিত এখন ক্ষুদ্ৰ অথচ বিখ্যাত গ্ৰন্থ। তেতিয়াৰেপৰা গ্ৰন্থখনৰ বহুবোৰ সংস্কৰণ প্ৰকাশ পাইছে। আমি ব্যৱহাৰ কৰা সংস্কৰণটো ‘অক্সফ’ৰ্ড ইণ্ডিয়া পেপাৰবেক’ ৰূপত প্ৰকাশিত, ২০১৩ চনৰ মুদ্ৰণ। অক্সফ’ৰ্ডে প্ৰকাশ কৰা তিনিটা খণ্ডৰ আশিস নন্দী অম্নিবাছৰ Exiled at Home খণ্ডতো প্ৰকাশ পাইছে। গ্ৰন্থখন ইণ্টাৰনেটত বিচাৰিলে পি ডি ৰূপতো সহজেই পোৱা যায়। এইখিনিতে আমি পাঠকৰ জ্ঞাতাৰ্থে উক্ত অম্নিবাছৰ তিনিটা খণ্ডত সংকলিত গ্ৰন্থসমূহৰ বিষয়ে জনাই থ’ব খুজিছো। প্ৰথম খণ্ডটো হ’ল Exiled at Home: ইয়াত সংকলিত গ্ৰন্থসমূহ হ’ল At the Edge of Psychology, The Intimate Enemy, Creating a Nationality. দ্বিতীয় খণ্ডটো হ’ল Return from Exile: ইয়াত সংকলিত গ্ৰন্থসমূহ হ’ল Alternative Sciences, The Illegitimacy of Nationalism, The Savage Freud. তৃতীয় খণ্ডটো হ’ল A Very Popular Exile: ইয়াত সংকলিত গ্ৰন্থসমূহ হ’ল The Tao of Cricket, An Ambiguous Journey to the City, Traditions, Tyranny and Utopias. অম্নিবাছৰ তিনিওটা খণ্ডৰে শিৰোনামত থকা Exile শব্দটো ব্যঞ্জনাময়–ই হয়তো সাধাৰণভাৱে নন্দীৰ চিন্তা-চৰ্চাৰ চৰিত্ৰকে সূচিত কৰে। সহজ আৰু অভ্যস্ত চিন্তাৰ মাজত নন্দীক সদায়েই এক ব্যতিক্ৰম ৰূপত দেখিবলৈ পোৱা যায়। আমি সাধাৰণতে যিধৰণে চিন্তা কৰো, নন্দীয়ে ঠিক ওলোটা পিনৰপৰা তাক আক্ৰমণ কৰে। সেইবাবে তেওঁৰ ৰচনাৰাজিয়ে মানুহক সদায় ভবাতকৈ বেলেগধৰণে ভাবিবলৈ উদগনি যোগায়। কেতিয়াবা কেতিয়াবা তেওঁৰ ৰচনাই বিমূৰ্ত মনস্তাত্ত্বিক বাগাড়ম্বৰৰ সৃষ্টি কৰা যেন লাগে। কিন্তু তেওঁৰ ভাল ৰচনাসমূহ পঢ়াত মজা আছে। আমাৰ ভাব হয় যে ভাৰতৰ ৰাজনীতি আৰু সমাজ-সংস্কৃতি সম্পৰ্কীয় চিন্তা-চৰ্চাৰ উমান ল’ব খোজাসকলে বাকী চিন্তাবিদসকলৰ লগতে আশিস নন্দীৰো বাছকবনীয়া ৰচনাসমূহ পঢ়া দৰকাৰ। সি যি নহওক, আমি আলোচ্য গ্ৰন্থখনলৈ উভতি যাব খুজিছো। যোৱা শতিকাৰ আশীৰ দশকৰপৰা ভাৰতৰ চিন্তাজগতত ঘটা মৌলিক পৰিবৰ্তনৰ ক্ষেত্ৰত অৱদান যোগোৱা ঘাই ঘাই বৌদ্ধিক কাৰকসমূহৰ ভিতৰত এই গ্ৰন্থখনো এখন। কেৱল ভাৰততে নহয়, ভাৰত তথা এছিয়াৰ ৰাজনীতি আৰু সমাজ-সংস্কৃতি সম্পৰ্কীয় চিন্তা-চৰ্চাৰ দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত গ্ৰন্থখনে আন্তৰ্জাতিক বৌদ্ধিক সমাজখনতো যথেষ্ট প্ৰভাৱ পেলাইছিল। ইতিহাস, ৰাজনীতি, সমাজতত্ত্ব, মনস্তত্ত্ব, সাংস্কৃতিক অধ্যয়ন আদি বিভিন্ন বিষয়ৰ পৰৱৰ্তী কালৰ চৰ্চাত তাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিশেষভাৱে ক’বলৈ হ’লে, উত্তৰ-ঔপনিবেশিক চিন্তা-চৰ্চাৰ বাবে ভাৰতত তাত্ত্বিক-ৰাজনৈতিক কাঠামো তৈয়াৰ কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থখনৰ অতিশয় মূল্যৱান অৱদান আছিল।
The Intimate Enemy: Loss and Recovery of Self under Colonialism গ্ৰন্থখন হ’ল আচলতে দুখন ৰচনাৰ সংকলন : ‘The Psychology of Colonialism: Sex, Age and Ideology in British India’, ‘The Uncolonized Mind: A Post-Colonial View of India and the West’. দুইখন ৰচনাৰ বিষয়বস্তু হ’ল ঔপনিবেশিকতাবাদ। ঔপনিবেশিকতাবাদৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক আয়তনসমূহৰ আলোচনাৰ পয়োভৰ সাধাৰণতে বেছি, আৰু সেইটো হোৱাটোৱেই বাঞ্ছনীয়। কিন্তু ঔপনিবেশিকতাবাদৰ সাংস্কৃতিক আয়তনটোও সমানেই গুৰুত্বপূৰ্ণ। ঔপনিবেশিকতাবাদৰ মানসিক জগতখন কেনেকুৱা, আৰু সি ঔপনিবেশিক শাসক গোষ্ঠী আৰু প্ৰজা উভয়ক কেনেদৰে প্ৰভাৱিত কৰে তাৰ বিশ্লেষণ কৰাটোৱেই ইয়াত নন্দীৰ ঘাই উদ্দেশ্য। (colonizer, colonized – উপযুক্ত প্ৰতিশব্দৰ অভাৱত আমি এই দুটাক ক্ৰমে ঔপনিবেশিক শাসক গোষ্ঠী আৰু প্ৰজা বুলিয়েই উল্লেখ কৰিছো।) এই ফালৰপৰা নন্দী নিশ্চয়কৈ ফ্ৰাণ্টজ ফানৰ সমগোত্ৰীয়, কেৱল অধ্যয়নৰ ক্ষেত্ৰখন বেলেগ। নন্দীৰ বাবে ঔপনিবেশিকতাবাদ হ’ল এক জীৱন দৰ্শন, যিটো শোষক আৰু শোষিত উভয়েই আত্মস্থ কৰে। ঔপনিবেশিকতা-বিৰোধী চিন্তাত কেৱল ঔপনিবেশিক প্ৰজাসকলকেই ঔপনিবেশিকতাবাদৰ ভুক্তভোগী বুলি বিবেচনা কৰা হয়। কিন্তু নন্দীয়ে দেখুৱাইছে যে ঔপনিবেশিক প্ৰজাসকলৰ নিচিনাকৈয়ে আৰু সমানভাৱেই ঔপনিবেশিক শাসক গোষ্ঠীৰ সদস্যসকলো ঔপনিবেশিকতাবাদৰ ভুক্তভোগী–তেওঁলোক উভয়েই হ’ল ঔপনিবেশিকতাবাদৰ একেখন মানসিক পৃথিৱীৰ বাসিন্দা। সেইবাবেই এই শাসক গোষ্ঠীৰ সদস্যসকল আৰু ঔপনিবেশিক প্ৰজাসকলৰ মাজৰ শত্ৰুতা হ’ল একপ্ৰকাৰ অন্তৰংগ শত্ৰুতা–তেওঁলোক হ’ল intimate enemy. ঔপনিবেশিকতাবাদৰ এই সাংস্কৃতিক আয়তনটো অবিহনে সি ভাৰতৰ নিচিনা সমাজবিলাকত ইমান দীৰ্ঘস্থায়ী শাসন বৰ্তাই ৰাখিব নোৱাৰিলেহেঁতেন তথা তাৰ ফৰ্মেল অৱসানৰ পাছতো ইমান গভীৰ আৰু ব্যাপক মতাদৰ্শগত আধিপত্য টিকি থকাটো সম্ভৱ নহ’লহেঁতেন। ভাৰতত ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ ভৰপক সময়ছোৱাত, দ্বিতীয় বিশ্বযুদ্ধৰ কালত যেতিয়া ভাৰতৰ জনসংখ্যা প্ৰায় ৩৫০ মিলিয়ন আছিল তেতিয়া ভাৰতত থকা ব্ৰিটিছ লোকৰ সংখ্যা আছিল মাত্ৰ পঞ্চাছ হাজাৰ। গতিকে নন্দীয়ে ক’ব খোজে যে ব্ৰিটিছে সামৰিক শক্তিৰে ভাৰতবাসীক পদানত কৰি শাসন কৰা কথাটো বৰ এটা শুদ্ধ নহয়, বৰং ব্ৰিটিছৰ হৈ ভাৰতবাসীয়ে নিজেহে ভাৰতবাসীক শাসন কৰিছিল। আৰু এই ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছিল ঔপনিবেশিকতাবাদৰ মতাদৰ্শই। মন কৰিবলগীয়া যে নন্দীৰ গ্ৰন্থখনত ঔপনিবেশিকতাবাদৰ সময়সীমাৰ কোনো নিৰ্দিষ্টতা নাই : ক’ৰবাত যদি পলাশী যুদ্ধৰ লগে লগে তাৰ আৰম্ভণি ঘটিছে, ক’ৰবাত ১৮৩০ দশকতহে ঘটিছে, ক’ৰবাত আকৌ ব্ৰিটিছ শাসনৰ অৱসানৰ পাছতহে তাৰ সূচনা হৈছে। ইয়াৰপৰা বুজিব পাৰি যে সাংস্কৃতিক মতাদৰ্শ হিচাপে বৰ্তি থাকিবলৈ ঔপনিবেশিকতাবাদে নিছক অৰ্থনৈতিক-ৰাজনৈতিক ভেটিৰ ওপৰতে নিৰ্ভৰ নকৰে।
টমাছ ছাজৰ এষাৰ কথা নন্দীয়ে একাধিকবাৰ উল্লেখ কৰিছে–জন্তুৰ পৃথিৱীত নিয়মটো হ’ল তুমি আনক খোৱা, নহ’লে আনে তোমাক খাব; আনহাতে, মানুহৰ পৃথিৱীত নিয়মটো হ’ল তুমি সংজ্ঞা দিয়া, নহ’লে আনৰদ্বাৰা সংজ্ঞায়িত হোৱা। সমাজত আধিপত্যশীল বা শোষক গোষ্ঠীৰহে থাকে সংজ্ঞা দিয়াৰ অধিকাৰ, বাকীসকলে সেই সংজ্ঞা মূৰ পাতি গ্ৰহণ কৰিবলগা হয়। অৰ্থাৎ, সামাজিক শোষণ-আধিপত্যৰ প্ৰধান অস্ত্ৰ হ’ল জ্ঞান। নন্দীয়ে ক’ব খোজে যে ঔপনিবেশিকতাবাদ হ’ল একপ্ৰকাৰ জ্ঞানৰ ৰাজনীতি, একপ্ৰকাৰ কেটেগৰিৰ খেল। ঔপনিবেশিকতাবাদে যি জ্ঞানৰ বিকাশ ঘটায় আৰু যিবোৰ কেটেগৰিৰ নিৰ্মাণ কৰে, সেই জ্ঞান আৰু কেটেগৰিসমূহ মানি লোৱাৰ আৰু গ্ৰহণ কৰাৰ মাধ্যমেৰেই ঔপনিবেশিক প্ৰজাগণে ঔপনিবেশিকতাবাদৰ মতাদৰ্শ আত্মস্থ কৰে আৰু তেনেকৈয়েই তাৰ নাগপাশত সোমাই পৰে। প্ৰগতি আৰু ইতিহাস সম্পৰ্কীয় যি ধাৰণা ইউৰোপীয় চিন্তাত বিকশিত হৈছিল তাৰ মাজতেই অন্তৰ্নিহিত হৈ আছিল ঔপনিবেশিকতাবাদৰ বীজ। এই ধাৰণাই প্ৰাচীন গ্ৰিচৰপৰা আৰম্ভ কৰি ৰোমান সাম্ৰাজ্যইদি এনলাইটেনমেণ্ট হৈ আধুনিক ইউৰোপীয় ঔদ্যোগিক সভ্যতাৰ উচ্চ শিখৰলৈ–মানৱ সমাজৰ বিকাশৰ এক সৰলৰৈখিক পথ অংকন কৰিছিল, আৰু সেই পথটোকে পৃথিৱীৰ সকলো সমাজৰ বাবে একমাত্ৰ মডেল হিচাপে দাঙি ধৰিছিল। (পণ্ডিতসকলে দেখুৱাইছে যে আধুনিকতাৰ বিকাশ পৃথিৱীৰ আন ঠাইতেই নালাগে, স্বয়ং ইউৰোপতেই যথেষ্ট জটিল আৰু বহুবৰ্ণী আছিল; পৃথিৱীৰ বিভিন্ন সমাজত তাৰ ৰূপ সমাজ অনুসৰি স্বকীয়ধৰণৰ আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল, যাক ভিত্তি কৰি আধুনিকতাৰ বিকাশৰ এটা সহজ সাৰ্বজনীন মডেল দাঙি ধৰাটো সহজ নহয়। সুদীপ্ত কবিৰাজৰ এই সম্পৰ্কীয় ৰচনাৰাজি দ্ৰষ্টব্য।) সমাজ বিকাশৰ এই মডেলটো মানি ল’লে ঔপনিবেশিকতাবাদ এক অৱশ্যম্ভাৱী সত্যৰ ৰূপতেই আৱিৰ্ভূত হয়। এই মডেলটো অনুসৰি দুই-তিনি শতিকা পূৰ্বে ইউৰোপ য’ত আছিল আমি আজি তাত বাস কৰি আছো, আৰু আজি ইউৰোপ য’ত আছে আমি দুই-তিনিটা শতিকাৰ পাছত সেই ঠাই পামগৈ। অৰ্থাৎ, ইউৰোপৰ বৰ্তমান সমাজখনেই হ’ল আমাৰ সমাজৰ ভৱিষ্যৎ–তাৰ বাদে আমাৰ কোনো বিকল্প ভৱিষ্যৎ সম্ভৱ নহয়। মাৰ্ক্সেও, ঔপনিবেশিকতাবাদৰ শোষণ-যন্ত্ৰণাৰ কথা স্বীকাৰ কৰিও, কৈছিল যে ব্ৰিটিছ ঔপনিবেশিকতাবাদে ভাৰতত ইতিহাসৰ অসচেতন হাত হিচাপেই কাম কৰি আছে। ভাৰতৰ নিচিনা ইতিহাসবিহীন, নিশ্চল সমাজ এখনক ঔপনিবেশিকতাবাদে ইতিহাসৰ মাজত অন্তৰ্ভুক্ত কৰিছে আৰু তাৰ জৰিয়তে আধুনিকতাৰ দিশে আগ বঢ়াই নি আছে। এই প্ৰক্ৰিয়াটো হ’ব পাৰে যন্ত্ৰণাময়, কিন্তু সিয়েই আধুনিকতাৰ একমাত্ৰ পথ। ঔপনিবেশিকতাবাদৰ জ্ঞানৰ ৰাজনীতিৰ দ্বিতীয়টো প্ৰধান দিশ হ’ল প্ৰতিৰোধৰ মেনেজমেণ্ট। সহমত বা অভ্যস্ত আচৰণক নিয়মন কৰাৰ প্ৰয়োজন নাই, কিন্তু প্ৰতিবাদ-প্ৰতিৰোধক নিয়মন কৰাটো জৰুৰী। শিক্ষা ব্যৱস্থা আৰু সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ঔপনিবেশিক মতাদৰ্শই সুস্থতা, যৌক্তিকতা, পৰিপক্বতা আদিৰ সংজ্ঞাসমূহ সমাজত প্ৰোথিত কৰে। ইয়াৰ ফলস্বৰূপে প্ৰতিষ্ঠিত কৰ্তৃত্বৰ বিৰুদ্ধাচৰণ অসুস্থ, অযৌক্তিক, ল’ৰামতীয়া, অপৰিপক্ব আদি ৰূপত প্ৰতিভাত হয়। এই মৌলিক ধাৰণাসমূহৰ আৱৰ্তত থাকি কৰা প্ৰতিবাদ-প্ৰতিৰোধে সেইবাবে ঔপনিবেশিকতাবাদক প্ৰত্যাহ্বান জনোৱাৰ সলনি পৰোক্ষভাৱে সহায়হে কৰে। গতিকে ঔপনিবেশিকতাবাদক সাৰ্থকভাৱে প্ৰত্যাহ্বান জনাবলৈ হ’লে সি সৃষ্টি কৰা কেটেগৰিসমূহকো প্ৰত্যাখ্যান কৰিব পাৰিব লাগিব, সি সৃষ্টি কৰা জ্ঞানৰ বাহিৰত অৱস্থান কৰিব লাগিব। নন্দীয়ে সেয়েহে আধুনিকতাৰ পৰিসৰৰ বাহিৰত ঔপনিবেশিকতাবাদৰ প্ৰতিৰোধী শক্তিৰ সন্ধান কৰিছে। তেওঁৰ মতে, ঔপনিবেশিকতাবাদৰ সমালোচক ভাৰতীয়সকলৰ ভিতৰত গান্ধীয়েই সাৰ্থক ৰূপত ভাৰতীয় পৰম্পৰাৰ মাজত লুকাই থকা ঔপনিবেশিকতাবাদৰ প্ৰতিৰোধী শক্তিৰ উমান পাইছিল। গান্ধীয়ে ঔপনিবেশিক আধুনিকতাৰ প্ৰমূল্যসমূহক অস্বীকাৰ কৰিছিল। প্ৰগতি আৰু ইতিহাসক ভিত্তি কৰা মানৱ সমাজৰ বিকাশৰ ধাৰণাটোক তেওঁ প্ৰত্যাখ্যান কৰিছিল–তাৰ ঠাইত তেওঁ বিশ্বাস কৰিছিল এক চিৰন্তন বৰ্তমানত, য’ত অতীত আৰু ভৱিষ্যতৰ মাজত কোনো দুৰ্লংঘ্য প্ৰাচীৰ নাই, ইটোৰপৰা সিটোলৈ সহজ বিচৰণ সম্ভৱ। এই পৃথিৱীখন হ’ল সাধুকথা বা কল্পকাহিনীৰ পৃথিৱী। নন্দীয়ে কৈছে যে ভাৰতীয় সমাজৰ পৰম্পৰাৰ মাজৰপৰা গান্ধীয়ে সেই মিথিকেল পৃথিৱীখন বাছি লৈছিল আৰু তাৰপৰাই তেওঁ ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে ৰাজনৈতিক হাতিয়াৰ নিৰ্মাণ কৰি উলিয়াইছিল। নন্দীয়ে নিজেও তেওঁৰ গ্ৰন্থখনত সেই মিথিকেল পৃথিৱীখনকে পুনৰ্নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। পৰম্পৰাৰ সমালোচনাৰ জৰিয়তে পুনৰ নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰি নেকি–এইটোৱেই হ’ল নন্দীৰ ৰাজনৈতিক উদ্দেশ্য। পাতনিত তেওঁ এইবুলি উল্লেখেই কৰিছে যে তেওঁৰ গ্ৰন্থখনৰ বিদ্যায়তনিক সমালোচনা কৰাটোৱেই যথেষ্ট নহয়। সেইখন যদি কোনোবাই বেয়া পাইছে তেন্তে তাৰ বিৰুদ্ধে এনেকৈ যুঁজ দিব লাগিব, যেনেকৈ মিথ একোটাৰ বিৰুদ্ধে যুঁজ দিয়া হয়–আৰু সেই যুঁজত তেতিয়াহে জয়ী হ’ব পৰা যাব যেতিয়া তেওঁ দাঙি ধৰাবিলাকতকৈ অধিক বিশ্বাসযোগ্য মিথ সৃষ্টি বা আৱিষ্কাৰ কৰাটো সম্ভৱ হ’ব।
ঔপনিবেশিকতাবাদী মতাদৰ্শৰ ঘাই দুটা দিশ আছিল যৌনতা আৰু বয়স। যৌন দমন আৰু ৰাজনৈতিক দমনৰ মাজত অংগাংগী সম্পৰ্ক বিৰাজমান। ইউৰোপীয় ঔপনিবেশিকতাবাদৰ ইতিহাসত ইয়াৰ প্ৰমাণ দেধাৰ পোৱা যায়। পশ্চিমীয়া সমাজৰ যৌন ষ্টিৰিঅ’টাইপ আৰু জীৱন দৰ্শনৰ সৈতে ঔপনিবেশিকতাবাদ আছিল খাজে-খাপে খাই পৰাবিধৰ। ই সমাজত এনে এক সাংস্কৃতিক মতৈক্যৰ সৃষ্টি কৰিছিল য’ত ৰাজনৈতিক আৰু সামাজিক-অৰ্থনৈতিক দমনে নাৰী আৰু নাৰীত্বৰ ওপৰত পুৰুষ আৰু পুৰুষত্বৰ দমনকো সূচায়। ঔপনিবেশিকতাবাদ হ’ল হাড়ে-হিমজুৱে পুৰুষত্ববাদী এক মতাদৰ্শ। এই অনুসৰি পুৰুষত্বই হ’ল আদৰ্শনীয় আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক। নাৰীত্ব হ’ল পুৰুষত্বৰ অভাৱ, আৰু সেয়ে ইয়াৰ চৰিত্ৰ অন্তৰ্নিহিতভাৱেই ঋণাত্মক। আনহাতে, পুৰুষত্বৰ মাজত লুকাই থকা নাৰীসুলভ চৰিত্ৰ হ’ল স্বয়ং নাৰীত্বতকৈও ভয়ানক আৰু ঘৃণনীয়। ঔপনিবেশিক মতাদৰ্শত ঔপনিবেশিক শাসক জাতিক পৌৰুষিক আৰু শাসিত জাতিক নাৰীসুলভ ৰূপত চিত্ৰিত কৰা হৈছিল। সমগ্ৰ জীৱন আচৰণত, আৰু বিশেষকৈ ভাৰতীয়সকলৰ সন্মুখত পৌৰুষিক চৰিত্ৰ বৰ্তাই ৰাখিবলৈ যাওঁতে ব্ৰিটিছ প্ৰশাসক আৰু অন্যান্য লোকসকলৰ অন্তৰ্জীৱন কেনেদৰে ব্যাধিগ্ৰস্ত হৈছিল, পুৰুষত্ববাদী মতাদৰ্শই ব্ৰিটিছ সমাজখনৰ ভিতৰত কিদৰে সংকটৰ জন্ম দিছিল, এইবিলাক দিশ নন্দীয়ে বহলাই আলোচনা কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় পৰম্পৰাত পুৰুষত্ব আৰু নাৰীত্ব সম্পৰ্কীয় ধাৰণাসমূহ আছিল যথেষ্ট দ্ব্যৰ্থসূচক। কিন্তু লাহে লাহে ভাৰতীয় সমাজতো পুৰুষত্ববাদী মতাদৰ্শই খোপনি পুতিছিল, ক্ষাত্ৰধৰ্মকে শ্ৰেষ্ঠ বুলি গণ্য কৰা আৰম্ভ হৈছিল। ঔপনিবেশিকতাবাদৰ প্ৰতিৰোধতো পুৰুষত্ববাদে অনুপ্ৰেৰণা যোগাইছিল, ব্ৰিটিছক পৰাজিত কৰি ভাৰতৰ হৃত পৌৰুষ পুনৰুদ্ধাৰ কৰাৰ কথা ভবা হৈছিল। এই ক্ষেত্ৰত নন্দীয়ে চৰমপন্থী জাতীয়তাবাদী নেতাসকলৰ উদাহৰণ দিছে। ঔপনিবেশিকতাবাদৰ আনটো দিশ হ’ল তাৰ বয়স সম্পৰ্কীয় ধাৰণা। ইয়াৰ ইতিহাসৰ ধাৰণা অনুসৰি মানৱ জীৱনৰ বয়সৰ লগত মিলাই মানৱ জাতিৰ ইতিহাসৰ যি বয়স-বিভাজন ঘটোৱা হৈছিল সেই মতে, আধুনিক ইউৰোপীয় সমাজসমূহ আছিল পৰিপক্ব আৰু বয়স্ক, আনহাতে অনা-ইউৰোপীয় পিছপৰা সমাজসমূহ আছিল শিশুসুলভ আৰু অপৰিপক্ব। এই শিশুসুলভ আৰু অপৰিপক্বসকলক বয়স্ক আৰু পৰিপক্বসকলে অভিভাৱক হিচাপে শাসন কৰাটো আৰু তাক সংস্কাৰ কৰি পৰিপক্ব কৰি তোলাটো এনেকৈয়ে ন্যায্য প্ৰতিপন্ন হয়। ঔপনিবেশিক ইতিহাসবিদ তথা লেখকসকলৰ ভাৰত সম্পৰ্কীয় ৰচনাৰাজিত এই ধাৰণাসমূহৰ সুলভ প্ৰকাশ দেখা যায়। শিশুৰো আকৌ দুইধৰণৰ চৰিত্ৰ : এটা হ’ল শান্ত-শিষ্ট, মৰম লগা, সহজে কথা শুনা–যাক কোৱা হয় ‘শিশুসুলভ’; আনটো হ’ল উৎপতীয়া, শাসন নমনা, জধলা–যাক কোৱা হয় ‘ল’ৰামতীয়া’। ঔপনিবেশিক শাসকসকলেও শাসিতসকলক এইধৰণে দুভাগত ভাগ কৰিছিল, ‘ল’ৰামতীয়া’হঁতক কঠোৰভাৱে শাসন কৰিছিল। গান্ধীয়ে যৌনতা আৰু বয়স সম্পৰ্কীয় ঔপনিবেশিক মতাদৰ্শক অস্বীকাৰ কৰিছিল। তেওঁৰ দৃষ্টিত পুৰুষত্বতকৈ নাৰীত্ব হ’ল মহত্তৰ, কিন্তু মহত্তম হ’ল উভয়লিংগীয় অৱস্থা–য’ত পুৰুষ আৰু নাৰী উভয়ৰে গুণসমূহ একত্ৰিত হৈছে। তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁৰ বাবে আদৰ্শনীয় মানৱ শৰীৰটো হ’ল উভয়লিংগীয়। সি যি নহওক, এনে কাৰণতে গান্ধীয়ে স্বাধীনতা আন্দোলনত যঁতৰ আৰু খদ্দৰৰ দৰে নাৰীসুলভ উপাদানৰ সমাহাৰ ঘটাইছিল আৰু বিশাল নাৰীসমাজক তাৰ মাজলৈ টানি আনিবলৈ সক্ষম হৈছিল। ৰাজনৈতিক কৰ্মপ্ৰেৰণা আৰু সাহসক তেওঁ পুৰুষত্বৰ আগ্ৰাসী আৰু হিংসাশ্ৰয়ী চৰিত্ৰৰপৰা মুক্ত কৰিব বিচাৰিছিল, আৰু তাক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল নাৰীত্বৰ সৈতে সম্পূৰ্ণ সামঞ্জস্যপূৰ্ণ গুণাৱলীৰ ৰূপত। আনহাতে, শিশু আৰু বয়স্ক, অপৰিপক্ব আৰু পৰিপক্বৰ মাজৰ ক্ষমতাৰ পদানুক্ৰমক গান্ধীয়ে জীৱন আচৰণৰদ্বাৰা গোটে-পাতেই অস্বীকাৰ কৰিছিল। এনেকৈয়ে তেওঁ ঔপনিবেশিকতাবাদী সংস্কৃতিৰ মৰ্মমূলত কুঠাৰাঘাত কৰিছিল। গান্ধীয়ে ইউৰোপীয় সমাজৰ সেই সত্তাটো বিচাৰি পাইছিল যিটো হ’ল পুৰুষত্ববাদৰপৰা মুক্ত তথা অ-পুৰুষবাদী, আৰু তাৰ প্ৰতিয়েই তেওঁৰ ৰাজনৈতিক আবেদন জনাইছিল। প্ৰকৃতপক্ষে গান্ধীয়ে কেৱল ভাৰতক নহয়, স্বয়ং ইউৰোপকো ঔপনিবেশিকতাবাদৰপৰা মুক্ত কৰিব বিচাৰিছিল।
ওপৰত গ্ৰন্থখনৰ এটি তেনেই থূলমূল আৰু বিক্ষিপ্ত ধাৰণা দিবলৈ চেষ্টা কৰিলো। গ্ৰন্থখনত ঔপনিবেশিকতাবাদৰ আগ্ৰাসনৰ বিপৰীতে নন্দীয়ে ঘাইকৈ এক থলুৱা পৱিত্ৰতাক (innocence) সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। দেশীয় পৰম্পৰাগত সমাজখনত ব্যাপ্ত হৈ থকা আভ্যন্তৰীণ ক্ষমতা-সম্পৰ্কসমূহৰ প্ৰতি ইয়াত সম্পূৰ্ণ উদাসীনতা দেখিবলৈ পোৱা গৈছে–সমগ্ৰ সমাজখন যেন একেখন মসৃণ সাংস্কৃতিক সমতলত সুষমভাৱে বিস্তাৰিত হৈ আছে, তেনে এটা ধাৰণাহে ইয়াত প্ৰতিভাত হয়। ইয়াৰ উত্তৰ কিন্তু নেহৰুবাদী আধুনিকতাৰ নিশ্চয়তাৰ মাজত স্বস্তি বিচাৰি যোৱাৰ মাজেৰে পোৱা নাযাব। তাৰ বাবে এক বৈকল্পিক আধুনিকতাৰ কাঠামো নিৰ্মাণ কৰিব লাগিব, আৰু সমাজৰ ক্ষমতা-সম্পৰ্কসমূহ উন্মোচন কৰিব পৰাকৈ আৰু সিবোৰক মষিমূৰ কৰিব পৰাকৈ নতুন ৰাজনীতিৰ বিকাশ ঘটাব লাগিব।
(ৰচনাকাল : ১১ নৱেম্বৰ, ২০১৬)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *