প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা আৰু বৰ্তমানৰ পৃথক ব্যাখ্যা-(নলীন বৰঠাকুৰ)

প্ৰাচীন ভাৰতবৰ্ষত সেই সময়ৰ তুলনাত, বিজ্ঞান চৰ্চা যথেষ্ট উন্নত আছিল বুলি জনা যায়। আদিস্থান মেছোপটেমিয়াৰপৰা পশ্চিমলৈ যোৱা দলটোৱে প্ৰাচীন গ্ৰীছত আৰু পূব দিশলৈ অহা দলটোৱে প্ৰাচীন ভাৰতবৰ্ষত বিজ্ঞানৰ পাতনি মেলে। পূৰ্বৰ পাৰস্য আৰু বৰ্তমানৰ ইৰান হৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰা আৰ্যসকলে প্ৰায় ১৫০০- ১০০০ খ্ৰীষ্টাব্দৰ মাজত বেদকেইখনৰ কাম সম্পূৰ্ণ কৰে। ইয়াৰ পিছত বিভিন্ন ব্ৰাহ্মণসমূহ ৰচনাৰ কাম আৰম্ভ হৈ এই কাম বৌদ্ধধৰ্মৰ জন্মৰ সময়লৈ চলি থাকে।

              লিপিৰ অভাৱত প্ৰথমে বেদ আৰু ব্ৰাহ্মণসমূহ মুখে মুখে চলি থাকিব লগা হোৱা বাবে শব্দৰ শুদ্ধ উচ্চাৰণৰে সেইসমূহৰ আবৃত্তি কৰাত গুৰুত্ব দিবলগা হৈছিল। সেয়ে ধ্বনি আৰু স্বৰযন্ত্ৰ, তালু, ওঁঠ, দাঁত আদি বাকযন্ত্ৰৰ বিভিন্ন অংশসমূহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সম্বন্ধে পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰা হৈছিল; অৰ্থাৎ এইদৰে ধ্বনিবিজ্ঞানৰ জন্ম হৈছিল। এই ব্ৰাহ্মণ্যবাদৰ সময়তে (খ্ৰীঃপূঃ ৩০০- খ্ৰীঃ ৩০০) পঞ্জিকাৰ মূল তত্ত্ব আৰু বৈদিক ব্ৰহ্মাণ্ডতত্ত্ব সম্বলিত জ্যোতিষৰ পুথি ৰচনা কৰা হৈছিল। অন্য প্ৰাচীন সভ্যতাসমূহৰ দৰে ভাৰতবৰ্ষতো কৃষি আৰু ধৰ্মৰ আলমত গণিত, জ্যোতিৰ্বিজ্ঞান আৰু চিকিৎসাবিজ্ঞানৰ বিকাশ হৈছিল।  জ্যোতিৰ্বিজ্ঞানৰ উত্থানৰ ক্ষেত্ৰত ধৰ্ম আৰু জ্যোতিষৰ অৱদান নুই কৰিব পৰা নাযায়, কাৰণ জ্যোতিষৰপৰাই জ্যোতিৰ্বিজ্ঞানে কালক্ৰমত বিজ্ঞানৰ এক বিশিষ্ট শাখা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিছিল। প্ৰাচীন ভাৰতবৰ্ষৰ প্ৰখ্যাত জ্যেতিৰ্বিজ্ঞানীসকল আছিল বৰাহমিহিৰ (মৃত্যু ৫১৭ খ্ৰিঃ) আৰু আৰ্যভট্ট (জন্ম  ৪১৬ খ্ৰিঃ)। আৰ্যভট্ট এজন প্ৰখ্যাত গণিতজ্ঞও আছিল। আৰ্যভট্টৰ বাদে প্ৰখ্যাত গণিতজ্ঞ আছিল প্ৰথম ভাষ্কৰ (৬২৯ খ্ৰিঃ ), সোমেশ্বৰ, সূৰ্যদেৱ (১১৯১ খ্ৰিঃ ) আৰু ভাষ্কৰাচাৰ্য (১১১৪ খ্ৰিঃ )। প্ৰাচীন ভাৰতীয় গণিত সম্পৰ্কে কৰা গৱেষণাৰদ্বাৰা নতুন তথ্য পোহৰলৈ অহা দেখা গৈছে। ইয়াৰদ্বাৰা অনুমান কৰা হৈছে যে ইয়াৰ গণিত চৰ্চা গ্ৰীকসকলৰো পূৰ্বৰ। বৈদিক যাগযজ্ঞৰ বাবে প্ৰয়োজনীয় বিভিন্ন আকৃতিৰ  বেদীসমূহৰ নিৰ্মাণৰ বাবে কৰিব লগা বিভিন্ন জোখ-মাখৰপৰা জ্যামিতিৰ জন্ম আৰু বিকাশ হৈছিল। সেই সময়ত বিভিন্ন জৰিৰ (ৰছী)দ্বাৰা প্ৰথমে বিভিন্ন বেদীসমূহৰ নক্সা তৈয়াৰ কৰি পিছত মূল বেদী প্ৰস্তুত কৰা হৈছিল। ৰছীৰ সংস্কৃত প্ৰতিশব্দ ‘শুল্ব'ৰপৰা ‘শুল্বশাস্ত্ৰ' [Geometry] শব্দৰ জন্ম হৈছিল। বহুতো গৱেষকে অনুমান কৰে যে ‘শুল্বশাস্ত্ৰ'ৰ প্ৰণেতা বৌদ্ধায়ন, কাত্যায়ন আৰু অপস্তণ্বয়ৰপৰা উপাদান আহৰণ কৰি গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছে গ্ৰীক জ্যামিতিৰ সমকোণী ত্ৰিভুজ সম্পৰ্কীয় উপপাদ্যৰ সৃষ্টি কৰে। আমি মনত ৰাখিব লাগিব যে পাইথাগোৰাছ গঙ্গা উপত্যকালৈ আহিছিল আৰু বহু ভাৰতীয় পণ্ডিতৰ সৈতে আলোচনা কৰি তেওঁলোকৰদ্বাৰা প্ৰভাৱান্বিত হৈছিল।  ইয়াৰ বাদেও ভাৰতবৰ্ষ, ভেষজ তথা ঔষধ বিজ্ঞান, শল্যচিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সেই সময়ত বৰ আগবঢ়া আছিল।  পদাৰ্থৰ গঠন সম্পৰ্কেও তেতিয়াৰ ভাৰতবৰ্ষত চিন্তা-চৰ্চা কৰিছিল। এই সম্পৰ্কে চিন্তা কৰোতাসকলৰ ভিতৰত কনাদ (৬০০ খ্ৰিঃপূঃ) আছিল অগ্ৰগামী। সেই সময়তে তেওঁ কৈছিল যে এটা পদাৰ্থক ভাঙি গৈ থাকিলে এনে এটা অৱস্থা আহে, য'ত পদাৰ্থটোৰ অধিক বিভাজন সম্ভৱ নহয়। অৰ্থাৎ, এই অৱস্থাত পদাৰ্থ, বৰ্তমান আমি জনা পৰমাণু অৱস্থা প্ৰাপ্ত হয়। চিকিৎসাবিজ্ঞানৰ পৰিপূৰক হিচাপে ৰসায়নবিজ্ঞানৰ ধাৰা এটাও আমাৰ দেশত চলি আছিল। পাৰাৰপৰা যৌগ প্ৰস্তুতকৰণৰ কামত চৰ্চা কৰা নাগাৰ্জুন (৯৩১ খ্ৰিঃ ৱ)  সঞ্জীৱনী [elixir of life] প্ৰস্তুত কৰাত সফল হ'ব পাৰিছিল বুলি জনা যায়। ভৱিষ্যতত এই কাম আৰব জগতকে ধৰি আন স্থানত ‘এলকেমিষ্ট'সকলে কৰাৰ কথা জনা যায়। বিভিন্ন কাৰণত, বিশেষকৈ উত্তৰ-পশ্চিম দিশৰপৰা ভাৰতবৰ্ষ আক্ৰমণ কৰা হুন, গুৰ্জৰ আদিৰ আৰু শেষত মুছলমানৰ আক্ৰমণত বিজ্ঞান চৰ্চাকাৰী আৰু পৃষ্ঠপোষক ছেদেলি-ভেদেলি হৈ পৰে আৰু ভাৰতবৰ্ষৰ বিজ্ঞানচৰ্চাৰ কেন্দ্ৰসমূহ নিশ্চিহ্ন হৈ পৰে। এনেয়েও আমাৰ দেশত এতিয়াও বিজ্ঞানচৰ্চাৰ আদৰ নাই, গতিকে এহেজাৰ বছৰৰ পূৰ্বে দেশৰ চালুকীয়া বিজ্ঞান চৰ্চা আন্ধাৰলৈ নিক্ষেপিত হ'ল।

           আনহাতে, বৰ্তমানৰ দেশবাসীয়েও পাহৰিলে যে এইখন দেশত চৰ্চা কৰা বিজ্ঞানৰ কথা। তেতিয়াৰ হিন্দুসকলেও মুছলমানৰ হাতত পৰাজিত হৈ নিজকে বহিৰ্বিশ্বৰ বিজ্ঞানৰ সৈতে নিজকে বিচ্ছিন্ন কৰিলে আৰু নিজৰ দেশজ বিজ্ঞানৰ চৰ্চাও আগুৱাই নিবলৈ চেষ্টা নকৰিলে। আনহাতে, বৰ্তমান দেশত পৌৰাণিক কাহিনীৰ সৈতে অতীতৰ ভাৰতীয় বিজ্ঞানৰ কোনো কথা যোগ কৰি, বিশ্ববাসীক এনে এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে যে বিজ্ঞানৰ বৰ্তমানৰ শ্ৰেষ্ঠ আৱিষ্কাৰসমূহ ভাৰতীয়সকলে হাজাৰ বছৰৰ পূৰ্বে কৰি গৈছে। গতিকে ভাৰতবৰ্ষই বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰপৰা শিকিব লগা একো নাই। কিন্তু আমাৰ বাবে দুখ লগা কথাটো হৈছে, আমি নিজৰ বিজ্ঞানৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ কথাও জানিবলৈ ইচ্ছা নকৰো। উদাহৰণস্বৰূপে, আমাৰ দেশত ‘প্লাষ্টিক ছাৰ্জাৰি' হৈছিল; কিন্তু এই কথাটো কেতিয়া, কোনে কি পৰিস্থিত কৰিছিল নজনাৰ বাবে আনহে নালাগে আমাৰ প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানৰ এখন সভাত ক'লে যে দেৱতা গণেশৰ ডিঙি কটা দেহত প্লাষ্টিক ছাৰ্জাৰি কৰি হাতীৰ মূৰ এটা স্থাপন কৰা  হৈছিল।

       ভাৰতবৰ্ষতে প্ৰথমবাৰৰ বাবে প্লাষ্টিক ছাৰ্জাৰি হোৱা কথা সত্য, যদিও তেওঁ প্লাষ্টিক ছাৰ্জাৰিৰ সৈতে পৌৰাণিক কাহিনী এটা সংযোগ কৰা বাবে সমগ্ৰ কথাটোত জোঁট-পোট লাগিল। ইতিমধ্যে কোৱা হৈছে যে  ভাৰতবৰ্ষৰ ঔষধ সম্পৰ্কীয় বিজ্ঞানচৰ্চাৰ ইতিহাস অতি প্ৰাচীন আৰু গৌৰৱোজ্জ্বল। প্ৰাচীন ভাৰতত গছ-গছনিৰপৰা ঔষধ প্ৰস্তুত কৰাৰ উপৰিও বিভিন্ন ধৰণৰ জটিল অস্ত্ৰোপচাৰ কৰাৰ কথা জনা যায়। সেই সময়ৰ ঔষধ বা চিকিৎসাবিজ্ঞানৰ চৰ্চাৰ সৈতে বিভিন্ন ধন্বন্তৰীসকলৰ নাম পোৱা যায়। ইয়াৰে এজন হ'ল কাশীৰাজ দিবদশা। কাশীৰাজ দিবদশাৰ সময়ৰপৰা শল্যচিকিৎসা, আয়ুৰ্বেদৰপৰা পৃথক হৈ এক নতুন বিষয় হিচাপে থিয় হয়। দিবদশাৰ চিকিৎসাজ্ঞানৰ পৰোক্ষ উল্লেখ তেওঁৰ প্ৰিয় শিষ্য শুশ্ৰুতৰ (৮০০ খ্ৰিঃপূঃ) ‘শুশ্ৰুতসংহিতা'ত পোৱা যায়। গুৰুৰপৰা লাভ কৰা জ্ঞানত নিজৰ জ্ঞান যোগ দিয়া শুশ্ৰুতৰ সময়তে ভাৰতবৰ্ষত শল্যচিকিৎসাৰ প্ৰভূত উন্নতি হয়। এইজন শুশ্ৰুতেই হৈছে বিশ্বৰ প্ৰথমজন ‘প্লাষ্টিক ছাৰ্জন'। ৰাজদণ্ডপ্ৰাপ্ত এজন লোকৰ নাক কটা যোৱাত ব্যক্তিজনে নাকটো হাতত লৈ গৈ থকা অৱস্থাত শুশ্ৰুত আৰু তেওঁৰ শিষ্যসকলে দেখা পাই তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল। বিভিন্ন ঔষধ প্ৰয়োগ কৰি নাক আৰু ঘাৰ স্থান বীজাণুমুক্ত কৰি নাকটো যথাস্থানত স্থাপন কৰি মানুহজনৰ কপালৰপৰা ছাল কাটি, কটা নাকৰ ওপৰত ভেষজ ঔষধ বান্ধি বেণ্ডেজ কৰি দিয়া হ'ল। কিছু দিনৰ পিছত নাকটো জোৰা লাগিল। শুশ্ৰুতৰ পদ্ধতিটো ১৭৯৪ চনত কলিকতাৰ এখন আলোচনীত প্ৰকাশ হয়, আৰু ইয়াৰ ভিত্তিত ১৮৬৯ চনত পেৰিছ আৰু জেনেভাৰ Felix Jean Casimir Guyon আৰু Jacques Reverdin নামৰ দুজন ছাৰ্জনে আধুনিক ‘স্কিন গ্ৰাফটিঙ'ৰ ধাৰাটো আৰম্ভ কৰে। অষ্টম শতিকাত শুশ্ৰুতসংহিতা আৰবী ভাষালৈ অনূদিত হয়।

          শুশ্ৰুতেই প্ৰথমবাৰৰ বাবে ছিজাৰিয়ান অপাৰেছন কৰাৰ কথা জনা যায়। ইয়াৰ বাদেও তেওঁ মূত্ৰপাথৰ বাহিৰ  কৰা, কেটেৰেক্ত অপাৰেছন আদিও কৰিছিল। তেওঁ ৰোগীক অপাৰেছনৰ সময়ত সংজ্ঞাহীন কৰিবৰ বাবে সুৰা পান কৰিবলৈ দিছিল। শুশ্ৰুতে এশবিধমান শল্যচিকিৎসা সম্পৰ্কীয় যন্ত্ৰৰ কথা উল্লেখ কৰিছে। এইবোৰ যন্ত্ৰ বা সঁজুলিৰ কিছু পৰিৱৰ্তন হৈ আধুনিক শল্যচিকিৎসাত ব্যৱহাৰ হৈছে। তেওঁ শিষ্যসকলক শিকাইছিল, তাত্ত্বিক আৰু ব্যৱহাৰিক, দুয়োবিধ জ্ঞানৰ ওপৰত দখল থাকিলেহে সুচিকিৎসক হ'ব পৰা যায়। আয়ুৰ্বেদৰপৰা যোগচৰ্চালৈকে বহু বিষয়ত প্ৰাচীন ভাৰতবৰ্ষত চৰ্চা আৰু বিকাশ হৈছিল। পাৰস্য তথা মধ্যপ্ৰাচ্যই এনে বহু বিদ্যা, বিশেষকৈ চিকিৎসাবিজ্ঞানৰ জ্ঞান ভাৰতবৰ্ষৰপৰা প্ৰথমে লাভ কৰিছিল। মধ্যপ্ৰাচ্যৰপৰা এই জ্ঞানৰ ধাৰাটো ইউৰোপলৈ যায়। আনহাতে, চীন তথা দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈও প্ৰাচীন ভাৰতবৰ্ষৰ চিকিৎসাবিজ্ঞানৰ জ্ঞান বিয়পি পৰিছিল।

         বিজ্ঞানৰ বিভিন্ন শাখাত নেতৃত্ব বহন কৰিবলৈ সক্ষম তেতিয়াৰ ভাৰতীয়সকলে সেই খোপনি কিয় এৰিলে, আৰু তাৰ স্থানত বৰ্তমান দেৱতা গণেশৰ কটা ডিঙিত হস্তীমুণ্ড স্থাপনৰ পৌৰাণিক কাহিনীৰদ্বাৰা আধুনিক বিজ্ঞানৰ মেলাত ডম্বৰু বজাই আনৰ নজৰত পৰাৰ বাসনা তেওঁলোকৰ কিয় হ'ল, সেই কথা আমাৰ বাবে গুৰুত্বপূৰ্ণ।

         এই সম্পৰ্কে নেহৰুৱে ‘ডিছক'ভাৰি অব ইণ্ডিয়া'ত আগবঢ়োৱা দৃষ্টিভংগী মন কৰিবলগীয়া। নেহৰুৰ মতে এসময়ত আমাৰ দেশত তাত্ত্বিক আৰু কাৰিকৰী জ্ঞানৰ বিভাজন ঘটিছিল। ইয়াৰ বিপৰীতে ষোল্ল শতিকাত ইউৰোপত বিজ্ঞানৰ তাত্ত্বিক চৰ্চা কৰাসকলে কাৰিকৰী জ্ঞানক মৰ্যাদাৰ আসন দিছিল। কিন্তু তেনে ব্যৱস্থা এটা ভাৰতবৰ্ষত নহ'ল। ইউৰোপৰ নৱজাগৰণৰ সময়ত কাৰিকৰসকলৰ জ্ঞান আৰু বিদ্বানসকলৰ তাত্ত্বিক জ্ঞানৰ সংমিশ্ৰণ হৈছিল আৰু সেইবাবে ভৱিষ্যতে তাত আধুনিক বিজ্ঞানৰ ভিত্তি স্থাপন হৈছিল। কিন্তু ভাৰতবৰ্ষত সেয়া কিয় নহ'ল? ইয়াৰ মূল কাৰণ হ'ল সেই সময়ৰ শিক্ষা ব্যৱস্থা।

         নেহৰুৰ মতে সেই সময়ৰ শিক্ষাব্যৱস্থা ব্যাকৰণ আৰু বৈদিক শাস্ত্ৰসমূহৰ অধ্যয়নতে সীমাবদ্ধ আছিল। শিক্ষা মাথোঁ ব্ৰাহ্মণসকলৰ একচেটিয়া আছিল। ক্ষত্ৰিয় আৰু বৈশ্যসকলেও সীমিত শিক্ষাতে সন্তুষ্ট থাকিবলগা হৈছিল। ফলত শিক্ষাব্যৱস্থা সম্পূৰ্ণভাৱে দুভাগত বিভক্ত হৈ পৰে। ব্ৰাহ্মণসকলৰ হাতত থাকে তাত্ত্বিক শিক্ষা আৰু কাৰিকৰী শিক্ষা থাকে শিক্ষাহীন অথবা কম শিক্ষাৰ কাৰিকৰসকলৰ হাতত। ভাৰতীয় বিজ্ঞান নিশকতীয়া হ'বৰ বাবে এইটো এটা মোক্ষম আঘাত আছিল। কিয়নো সেই সময়ৰ আনুষ্ঠানিক শিক্ষাব্যৱস্থাত তাত্ত্বিক বিষয়সমূহত অধিক গুৰুত্ব দিয়া বাবে এই ব্যৱস্থা, কাৰিকৰী শিক্ষাৰ পৰিপূৰক হিচাপে থিয় দিব নোৱাৰিলে। সেই তাত্ত্বিক শিক্ষাৰ বিষয়সমূহ আছিল ব্যাকৰণ, অলঙ্কাৰশাস্ত্ৰ, গদ্য আৰু পদ্য ৰচনা, লজিক, ‘মেটাফিজিকছ' আৰু চিকিৎসাবিজ্ঞান। চিকিৎসাবিজ্ঞানক তাত্ত্বিক বিষয়সমূহৰ সৈতে সাঙুৰি লোৱা বাবে এই বিষয়টোও লাহে লাহে তাত্ত্বিক হ'বলৈ আৰম্ভ কৰিলে, ফলত চিকিৎসাবিজ্ঞান সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰাও অপ্ৰয়োজনীয় বোধ কৰা হ'ল। গতিকে সময়ত চিকিৎসাবিজ্ঞান অগ্ৰগতিহীন হৈ পৰিল। ইয়াৰ প্ৰমাণ হ'ল, সেই সময়ৰ চিকিৎসাবিজ্ঞানৰ কিতাপসমূহত নতুন কথা সংযোগৰ পৰিৱৰ্তে পূৰ্বৰ কথাকে ঘূৰাই-পকাই লিখি থকা হৈছিল। বৌদ্ধধৰ্মৰ প্ৰভাৱত নালন্দা, তক্ষশীলা আদিত শিক্ষাকেন্দ্ৰ কিছুমান গঢ়ি দিয়া হৈছিল আৰু লগতে বৌদ্ধ মঠসমূহত চিকিৎসাবিজ্ঞানৰ ধাৰা এটা চলি আছিল যদিও বৌদ্ধধৰ্মৰ পতনৰ পিছত সেই কেন্দ্ৰ আৰু চিকিৎসাবিজ্ঞানৰ ধাৰাও ধ্বংস হৈ যায়। চিকিৎসাবিজ্ঞানৰ বিকাশৰদ্বাৰা পৰ্যবেক্ষণ, তথ্য আহৰণ, সাধাৰণ সূত্ৰ উদ্ভাৱন, জ্ঞানৰ প্ৰয়োগ আৰু শাৰীৰিক শ্ৰমৰ মৰ্যাদাৰ দৰে কথাৰ বিকাশ হৈ ভৱিষ্যতে হয়তো ভাৰতবৰ্ষত আধুনিক বিজ্ঞান আৰু বিজ্ঞান মানসিকতাই গঢ় লোৱাৰ সম্ভাৱনা আছিল। কিন্তু সমস্যা হ'ল প্ৰাচীন ভাৰতবৰ্ষত চিকিৎসকসকলকো সামাজিক মৰ্যাদা দিয়া নহৈছিল। আনকি চিকিৎসাবিজ্ঞানৰ দেৱতা অশ্বিনীকুমাৰদ্বয়ক ঋকবেদত প্ৰশংসা কৰা হৈছে যদিও চিকিৎসক হোৱাৰ অজুহাতত যজুৰ্বেদত তেওঁলোকক দেৱতাসকলৰপৰা এঘৰীয়া কৰা হৈছিল বুলি জনা যায়। প্ৰাচীন ভাৰতবৰ্ষত চিকিৎসকসকলক হেয় চকুৰে চোৱাৰ কাৰণ আছিল, তেওঁলোকে কায়িক শ্ৰমেৰে ৰোগীক চিকিৎসা কৰিব লাগিছিল। সেই সময়ত গ্ৰীচৰ দৰে ভাৰতীয়সকলৰ মাজতো কায়িক শ্ৰমবিমুখ সংস্কৃতি এটাই গঢ় লৈ উঠিছিল আৰু ফলত কাৰিকৰী বিদ্যা আৰু চিকিৎসাবিদ্যাই শিক্ষিত সমাজৰপৰা আদৰ নাপাইছিল।

          আৰবৰ সৈতে সংযোগবিহীনতাও প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ পৰৱৰ্তী পৰ্যায়লৈ বিকাশ নোহোৱাৰ অন্যতম কাৰণ আছিল। সেই সময়ত আৰবত ‘এলকেমি'ৰ হাতত ধৰি পৰীক্ষামূলক বিজ্ঞানৰ নতুন ধাৰা এটা আৰম্ভ হৈছিল। আৰবী ভাষাৰপৰা লেটিন ভাষালৈ কৰা অনুবাদৰ যোগে ইউৰোপীয়সকলে পৰীক্ষামূলক বিজ্ঞানৰ ধাৰাটো লাভ কৰি ইয়াৰ ভিত্তিত আধুনিক বিজ্ঞান গঢ় দিবলৈ সময়ত সক্ষম হয়। ইয়াৰ বিপৰীতে মুছলমান আক্ৰমণকাৰীৰ হাতত পৰাস্ত হৈ হিন্দুৱে তেওঁলোকৰ সৈতে ব্যৱধান গঢ়ি তুলি নিজকে এক ব্যুহৰ মাজত আবদ্ধ কৰি ৰাখিবলৈ ধৰিলে। অথচ, এই আক্ৰমণকাৰীসকল অহাৰ পূৰ্বৰেপৰা বিশেষকৈ বৰ্তমানৰ কেৰেলাত বহু থলুৱা লোকেই (মোপলা) নহয়, তেওঁলোকৰ শাসকেও ইছলামধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ বাবে হিন্দুৱে প্ৰতিৰোধ গঢ়ি তোলা নাছিল। সেই সময়ত হিন্দু উদাৰমনা আছিল আৰু ধৰ্ম আৰু ৰাজনীতি একাকাৰ কৰা নাছিল। কিন্তু উত্তৰ-পশিচম দিশৰপৰা অহা মুছলমান আক্ৰমণকাৰীৰ হাতত বাৰে বাৰে পৰাস্ত হোৱাৰ পিছত হিন্দুৰ সেই স্থিতি আৰু নাথাকিল। পূৰ্বৰ উদাৰমনৰ হিন্দুৰ স্থানত আৱিৰ্ভাৱ হ'ল মুছলমানৰ ছাঁ-নগচকা গোড়া হিন্দুৰ। তেনে গোড়া হিন্দুৱে সাগৰযাত্ৰাতো নিষেধাজ্ঞা জাৰি কৰিলে। ইয়াৰ ফলত আৰবৰপৰা পৰীক্ষামূলক বিজ্ঞানৰ ধাৰা নিজৰ দেশলৈ বোৱাই অনা আৰু সম্ভৱ নহ'ল।

           তথাপিও আমাৰ দেশত স্বাধীনতাৰ পূৰ্বৰ জগদীশ বসুৰপৰা ৰামনলৈকে পাশ্চাত্য তথা আধুনিক বিজ্ঞানৰ ধাৰা এটা আৰম্ভ হৈছিল। নেহৰুৰ দিনৰপৰা ৰাষ্ট্ৰয়ো ইয়াত সাৰ-পানী যোগাইছিল।  কিন্তু বৰ্তমানৰ শাসকসকলে, বিজ্ঞানতকৈ পূজা-পাতলত আধিক গুৰুত্ব প্ৰদান কৰি দেখিছে, সমসাময়িক বিশ্বত তেওঁলোকৰ পূজা-পাতলতকৈ তথ্যভিত্তিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সন্মান অধিক। তেওঁলোকে এতিয়া নাক ৰক্ষাৰ বাবে প্লাষ্টিক ছাৰ্জাৰি, ইণ্টাৰনেট, টেলিভিছন, উৰাজাহাজ আদি সকলোকে ধৰ্মীয় কাহিনীৰ ৰসত মথি, আৰু পৰিবেশন কৰি, এই সকলোবোৰ হিন্দুৱে কেতিয়াবাই আৱিষ্কাৰ কৰিছিল বুলি আত্মপ্ৰতাৰিত হোৱা সত্ত্বেও যহাই ফুৰিবলৈ লৈছে; বিশেষকৈ উগ্ৰ হিন্দুত্ববাদী সংস্থা আৰু ৰাজনৈতিক শক্তিয়ে। তেওঁলোকে বুজা উচিত, ধৰ্মৰপৰা প্ৰথমে বিজ্ঞানক পৃথক কৰি ল'ব পাৰিলেহে দেশত বিজ্ঞামনস্ক ধাৰা এটাই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰিব আৰু দেশখনৰ মৰ্যাদা বাঢ়িব।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা আৰু বৰ্তমানৰ পৃথক ব্যাখ্যা-(নলীন বৰঠাকুৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *