প্রাচীন গ্রীচত বিজ্ঞানৰ বিকাশ (দ্বিতীয় ভাগ)-(আৰহান ইনামূল)

যদিও প্রাচীন গ্রীচত ভূমিকম্প, আগ্নেয়গিৰী  উদ্গিৰণ আদিৰ কাৰণ ব্যাখ্যা কৰি বহুজন বিজ্ঞানী বা দার্শনিকে ভিন্ন মত দাঙি ধৰিছিল সেইবোৰ কিন্তু আধুনিক বিজ্ঞানৰ বাবে হাস্যৰ বিষয়হে হ’ব। কিন্তু অতীজৰে পৰা বিজ্ঞানে  সেই বাটেৰেই বাট বুলি আহি আজিৰ এই বিকশিত অৱস্থা পাইছেহি । যেনে সেই সময়ত এৰিষ্টটলে ভূমিকম্প সূর্যৰ তাপশক্তিৰ প্রভাৱত ভূ-গর্ভত সঞ্চিত হৈ থকা বতাহৰ গতিৰ পৰিৱর্তনৰ বাবে আৰু আগ্নেয়গিৰী সেই তাপশক্তিৰ প্রভাৱত থকা বায়ুখিনি ওপৰলৈ ওলাই অহাৰ প্রৱণতাৰ বাবে উদ্গিৰণ হয় বুলি ধাৰণা কৰিছিল ।

আমি জানো যে ভূ-তত্ত্ব বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূর্ণ অধ্যয়ন হ’ল খনিজ দ্রব্য আৰু আকৰৰ অৱস্থান – প্রকৃতি নির্ণয় । আশ্চর্যজনক কথা যে সেই সময়তেই প্রাচীন গ্রীক বিজ্ঞানীসকলে এই বিষয়ত যথেষ্ট ব্যৱহাৰিক জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।

জল-ব্যৱস্থাপনাৰ বিকাশ :

প্রযুক্তিগতভাৱে প্রাচীন গ্রীক সভ্যতাৰ আটাইতকৈ বেছি বিকশিত ক্ষেত্র আছিল – জল-ব্যৱস্থাপনা । তাৰ জল-ব্যৱস্থাপনাৰ মূল অংশসমূহ আছিল –

(ক) নগৰ অঞ্চলত খোৱা-ধোৱা বা আন ব্যৱহাৰৰ বাবে ভূ-গর্ভস্থ পানী ব্যৱহাৰ কৰাৰ ব্যৱস্থাপনা,
(খ) প্রাকৃতিক জলাশয়ৰ পৰা কৃত্রিম নলা খান্দি আনি নগৰত প্রয়োজন মতে পানী যোগানৰ ব্যৱস্থাপনা,
(গ) বৰষুণ আৰু ব্যৱহাৰ কৰা অপৰিষ্কাৰ পানী নগৰৰ পৰা নিষ্কাশন কৰাৰ ব্যৱস্থাপনা, তাৰ বাবে নলা-নর্দমাৰ নির্মাণ,
(ঘ) বানপানী নিয়ন্ত্রণ আৰু বানপানীৰ ফলত নগৰত সোমোৱা পানী নিষ্কাশনৰ ব্যৱস্থাপনা,
(ঙ) নগৰৰ সৌন্দর্য বর্ধনৰ বাবে মনোমোহা পানীৰ ফোৱাৰা নির্মাণ,
(চ) স্নানাগাৰ আৰু অনাময় ব্যৱস্থাৰ বাবে সুচল আৰু পর্যাপ্ত পানীৰ যোগান,
(ছ) খৰাং কালত পানীৰ পুন: পুন: ৱ্যৱহাৰৰ ব্যৱস্থাপনা
ইত্যাদি।

এতিয়া আহো প্রাচীন গ্রীচত ইমান সুন্দৰ জল-ব্যৱস্থাপনাৰ বাবে প্রয়োজন হোৱা প্রযুক্তিৰ কিদৰে বিকাশ হৈছিল, তাৰ আলোচনালৈ –

আর্কিমিডিচ

এইটো সত্য যে যেতিয়াই কোনো সভ্যতাত বস্তু বিজ্ঞানৰ যিকোনো এটা শাখাত যেতিয়া অভূতপূর্ব বিকাশ হয় তেতিয়া তাৰ আঁৰত বহু বিজ্ঞানীৰ শ্রমসিদ্ধ আৱিষ্কাৰ আৰু উদ্ভাৱন জড়িত থাকে । সেই প্রাচীন গ্রীক সভ্যতা মহীয়ান হৈছিল আর্কিমিডিছ, হেৰ’, ইউপেলিনাছ আদি বিজ্ঞানীৰ দ্বাৰা হোৱা বিভিন্ন উদ্ভাৱন আৰু প্রযুক্তিগত আৱিষ্কাৰৰ যোগেদি , তাৰ সুফল আজি সমগ্র বিশ্বই পাইছে । তলত তেনে কেইটামান আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বিষয়ে আলোচনা কৰা হ’ল –

( ক ) আর্কিমিডিছৰ পানী তোলা যন্ত্র (Archimedes' Screw) :- আর্কিমিডিছে সেই যুগতেই নিম্ন স্থানৰ পৰা উচ্চ স্থানলৈ পানী তুলিব পৰা যন্ত্ৰৰ উদ্ভাৱন কৰিছিল । তেওঁ এটা চুঙাসদৃশ সঁজুলিত খাপ কটা স্ক্রীউ লগাইছিল (তলত তাৰ আলোকচিত্র দিয়া হৈছে) । মানুহে হাতেৰে হাতল ঘূৰাই সেই স্ক্রীউকেইটা ঘূৰাইছিল, ফলত পানী ওপৰলৈ উঠিছিল ।

(খ) ইউপেলিনাছৰ পানীৰ সুৰংগ, কৃত্রিম নলা আৰু দলং নির্মাণ প্রযুক্তি : - প্রাচীন গ্রীচৰ লোকসকলে ভাবিছিল যে পানী কেৱল উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ আৰু সমান পৃষ্ঠৰ যোগেদিহে প্রাকৃতিকভাৱে পৰিবহণ কৰিব পাৰি । সেয়ে প্রায় ষষ্ঠ শতিকাত গ্রীচৰ মেগাৰা নামৰ ঠাইৰ ইউপেলিনাছ নামৰ অভিযন্তা এজনে চাম’চ নামৰ ঠাইত পানীৰ সুৰংগ, কৃত্রিম নলা আৰু দলং নির্মাণে কৰোৱাইছিল। এই নলা পাহাৰৰ ওপৰৰ পৰা আৰু পাহাৰৰ মাজে মাজে আহিছিল, যাতে পানী অবিৰাম গতিৰে বৈ থাকে আৰু তাৰ ওপৰত দুয়োফালৰ উচ্চ-সমতল ভূমি সংযোগী দলং নির্মাণ কৰিছিল, এনেকুৱা একোটা নির্মাণ প্রায় এককভাৱে ৩০০০ ফুট দীঘল আছিল ।

চাইফন প্রযুক্তি

(গ) হেৰ’ৰ চাইফন পদ্ধতিৰ উদ্ভাৱন : প্রায় ১৫০ খ্রী:পূ:ৰ আশেপাশে গ্রীচত বাস কৰা হেৰ’ নামৰ বিজ্ঞানীজনেই বোধকৰো বিশ্বৰ প্রথমজন হাইড্র’লিক অভিযন্তা আছিল। তেওঁ চাইফন পদ্ধতিৰ যোগেদি  ইউপেলিনাছৰ কৃত্রিম নলা আৰু পানীৰ সুৰংগ নির্মাণ প্রযুক্তিৰ আসোঁৱাহসমূহ দূৰ কৰিছিল আৰু পআহৰণ ব্যৱস্থাটো আগতকৈ বহু পৰিমাণে সুচল কৰি তুলিছিল। উদাহৰণস্বৰূপে পাৰগামন নামৰ দুর্গলৈ পানী যোগানৰ বাবে চাইফন প্রযুক্তি ব্যৱহাৰ কৰিছিল । সেই দুর্গলৈ পানী সৰবৰাহ কৰিবলৈ নির্মাণ কৰা নলাসমূহ প্রতি বর্গ ইঞ্চিত প্রায় ৩০০ পাউণ্ড চাপ সহিব পৰাকৈ সবল আছিল। সেইসমূহ নলা সম্ভৱতঃ ধাতুৰে তৈয়াৰ কৰা হৈছিল ।

জীৱবিজ্ঞানৰ ক্ষেত্রত হোৱা বিকাশ :

প্রাচীন গ্রীক সভ্যতাত জীৱবিজ্ঞানৰ যি বিকাশ হৈছিল তাত বিশেষভাৱে অৰিহণা যোগাইছিল সেই সময়ৰ কেইবাজনো মহান বিজ্ঞানী আৰু দার্শনিকে । যেনে – হিপ’ক্রেটছ , এৰিষ্টটল, থিঅ’ফ্রেষ্টাছ, ডায়’স্ক’ৰাইডছ, প্লাইনি, গালেন ইত্যাদি । তেওঁলোকে জীৱবিজ্ঞানৰ বহু গুৰুত্বপূর্ণ ধাৰণা, নীতি আৰু আৱিষ্কাৰেৰে বিজ্ঞানৰ ক্ষেত্রখনলৈ প্রভূত বৰঙণি আগ বঢ়াই থৈ গৈছে। এই গুৰুত্বপূর্ণ ধাৰণা, নীতি আৰু আৱিষ্কাৰৰ প্রায়ভাগেই আছিল জীৱসমূহৰ ওপৰত কৰা পর্যবেক্ষণ, ব্যাখ্যা আৰু শ্রেণীবিভাজন বিষয়ক। বিশেষকৈ ভিন্ন প্রকাৰৰ জীৱসমূহক ভিন্ন ভাগত শ্রেণী বিভাজন কৰাৰ উদ্দেশ্য কৰি যথেষ্ট চিন্তা-চর্চা আৰু গৱেষণা সেই সময়ত কৰা হৈছিল। ইয়াৰোপৰি প্রাকৃতিক নির্বাচন আৰু প্রাণী বিজ্ঞানৰ বিষয়েও যথেষ্ট অধ্যয়ন আৰু গৱেষণা আৰম্ভ হৈছিল সেই যুগতেই ।

সেই সময়ত জীৱবিজ্ঞানীসকলে জানিবলৈ চেষ্টা কৰা জীৱকেন্দ্রিক মৌলিক চিন্তাবোৰ আছিল এনেধৰণৰ –

(১)  পৃথিৱীত জীৱৰ আৰম্ভণি কিদৰে হ’ল ?
(২)  জীৱসমূহৰ বিকাশ কিদৰে হ’ল বা হয় ?
(৩)  জীৱদেহ এটাৰ জৈৱিক কার্যসমূহ কিদৰে চালিত হয় ?
(৪)  ভিন্ন জীৱসমূহৰ আবাদী স্থানবোৰৰ কেনেকুৱা ধৰণৰ হয় ?
ইত্যাদি , ইত্যাদি ।

“প্রাকৃতিক নির্বাচন” জীৱবিজ্ঞানৰ এক গুৰুত্বপূর্ণ বিষয়, প্রায় ৩০০ খ্রী:পূ:ৰ সময়ছোৱাত গ্রীক সভ্যতাত জীৱবিজ্ঞানৰ যি অভূতপূর্ব বিকাশ হৈছিল তাৰ প্রেক্ষাপটত জীৱৰ বংশগতি আৰু প্রাকৃতিক নির্বাচন বিষয়ক যথেষ্ট চিন্তা-চর্চা আৰু গৱেষণা কৰা হৈছিল। এনাক্সিমেণ্ডাৰ নামৰ জীৱ বিজ্ঞানীজনে এক ধাৰণা আগ বঢ়াইছিল যে সাগৰতেই জীৱনৰ প্রথম আৰম্ভণি হৈছিল আৰু পৰৱর্তী সময়ত জীৱ শুষ্ক ভূমিলৈ নিজৰ বাসভূমি সলনি কৰাৰ বাবেই জীৱৰ মৌলিক পৰিৱর্তনসমূহৰ আৰম্ভ হৈছিল।

এম্পেডকলছ নামৰ বিজ্ঞানীজনে ধাৰণা আগ বঢ়াইছিল যে যিসমূহ জীৱই পৰিৱর্তিত পৰিবেশৰ লগত খাপ খুৱাই নিজৰ বিকাশ ঘটোৱাব নোৱাৰে সেই জীৱবোৰ পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰে । ইয়াৰ পৰাই হয়তো "survival of the fittest" ধাৰণাৰ উদ্ভৱ হৈছিল ।

এৰিষ্ট’টলে প্রকৃতি বিষয়ক এক গুৰুত্বপূর্ণ মত আগ বঢ়াইছিল, যে প্রকৃতিৰ প্রতিটো কর্মৰ আঁৰত এক কাৰণ থাকে আৰু প্রকৃতিৰো কেতিয়াবা ভুল হয় ।

ক্রমশঃ

Share Button
Print Friendly, PDF & Email

No Comments : "প্রাচীন গ্রীচত বিজ্ঞানৰ বিকাশ (দ্বিতীয় ভাগ)-(আৰহান ইনামূল)"

Leave a Comment

Your email address will not be published. Required fields are marked *